অন্যযুগ/


লুট্‌ফা হানুম ছেলিমা বেগমৰ কবিতা

° নিশিগন্ধা তালুকদাৰ



        আধুনিক অসমীয়া কবিতাৰ উন্মেষণৰ পৰা বৰ্তমানলৈ অসমীয়া কবিতাৰ জগতখনে এটি দীঘলীয়া সময় অতিক্ৰম কৰিলে৷ এই কথা অকপটে স্বীকাৰ কৰিব পাৰি যে সাহিত্য অনুৰাগীসকলৰ মাজত গল্প, উপন্যাস তথা নাটকৰ তুলনাত কবিতা অধিক জনপ্ৰিয়৷ কেৱল জনপ্ৰিয়ই নহয়, অনুৰাগীৰ মাজত ই আটাইতকৈ চৰ্চিত বিষয়৷ হেম বৰুৱা, নৱকান্ত বৰুৱাৰ পৰা আৰম্ভ কৰি সাম্প্ৰতিক সময়ৰ প্ৰতিভাৱান নৱপ্ৰজন্মৰ কবিসকলৰ একান্ত প্ৰচেষ্টাত অসমৰ কাব্যজগতখনৰ সৌষ্ঠৱ বৃদ্ধি পাইছে৷ অসমৰ বিভিন্নজন আগশাৰীৰ কবিৰ কবিতাই ইতিমধ্যে ভাৰতৰ বিভিন্ন প্ৰান্তীয় ভাষালৈ অনুবাদ হৈছে৷ এই কথাত কোনো দ্বিমত থাকিব নোৱাৰে যে, আধুনিক অসমীয়া কবিতাৰ জগতখনক সমৃদ্ধিশালী কৰাৰ ক্ষেত্ৰত মহিলা কবিসকলৰ অৰিহণাও কোনো গুণে কম নহয়৷ অৱশ্যে লক্ষণীয় বিষয়টো হল নিৰ্মলপ্ৰভা বৰদলৈৰ পিছৰচাম মহিলা কবিসকলৰ কবিতাৰ বিষয়ে আলোচনাই আজি পৰ্যন্ত সমালোচকৰ কলমত প্ৰাণ পোৱা নাই৷

        কুৰি শতিকাৰ আশী দশকত কবি হিচাপে স্বীকৃতি লাভ কৰা আৰু বৰ্তমান কাব্য অনুৰাগীৰ মনোজগতত কবিতাৰ জৰিয়তে নিজৰ এক সুকীয়া স্থান নিৰূপণ কৰিবলৈ সক্ষম হোৱা অসমৰ এগৰাকী আগশাৰীৰ মহিলা কবি হল লুট্‌ফা হানুম ছেলিমা বেগম৷ যিগৰাকী কবিৰ কবিতাত আমি বিচাৰি পাওঁ প্ৰেম, প্ৰেমহীনতা, একাকীত্ব, বিছিন্নতা, জীৱনৰ প্ৰতি গভীৰ প্ৰত্যাশা আৰু কেতিয়াবা আশা ভংগৰ যন্ত্ৰণা৷ গভীৰ জীৱনবোধ আৰু আনুভূতিক তীব্ৰতাই তেওঁৰ কবিতাক অনন্য মাত্ৰা প্ৰদান কৰিছে৷ কবিতাৰ মাজতেই যেন কবিগৰাকীৰ আত্মা নিহিত হৈ আছে৷ সেয়ে তেওঁ অথন্তৰ ঘটিছেশীৰ্ষক কবিতা সংকলনখনৰ আৰম্ভণিত নেপথ্যৰ কথাত মনৰ ভাব ব্যক্ত কৰি কৈছে -- ‘‘কবিতাৰেই কথা কবলৈ বিচাৰোঁ৷ কবিতাৰ মাজৰেই জীৱন আৰু জগতক উপলব্ধি কৰিবলৈ বিচাৰোঁ৷ কবিতাৰে কবলৈ বিচাৰোঁ -- মোৰ কথা, মোৰ প্ৰিয় জনগণৰ কথা৷’’

        কবিতা-কবিতাময় পৰিৱেশত কবিয়ে যেন এপলক জিৰাইছে৷ এহাতে জীৱন আৰু প্ৰেমৰ গভীৰতাত তেওঁৰ মন-প্ৰাণ নিমজ্জিত, আনহাতে চৌদিশৰ বাতাবৰণেও কবিক কৰবাত শংকিত কৰি তুলিছে৷ জীৱনৰ প্ৰতি, সমাজখনৰ প্ৰতি, প্ৰেম আৰু প্ৰকৃতিৰ প্ৰতি থকা কবিৰ চিৰন্তন অনুভূতিয়ে পঢ়ুৱৈক তেওঁৰ কাব্যজগতখনৰ লগত একাত্ম হোৱাত সহায় কৰে৷ অথন্তৰ ঘটিছে’, ‘সেউজীয়া বাট এটা বিচাৰিছে সৰাপাতবোৰে’, ‘হে বিৰ্‌ কমাই বুকু ফালি চোৱাঁহি মোৰ’, ‘উৰণীয়া বাগিচাত তৰাৰ চৰাই’, ‘অকলে থাকিলে কিছুমান কাম কৰিবলৈ ভালআৰু বিষাদত জলতৰংগলুট্‌ফা হানুম ছেলিমা বেগমৰ নিৰ্বাচিত কবিতা সংকলন৷ যত কবিৰ জীৱনজোৰা অভিজ্ঞতাক কবিতাৰ মাজেৰে জীপাল কৰি ৰখাৰ প্ৰয়াস কৰা হৈছে৷

        অথন্তৰ ঘটিছেলুট্‌ফা হানুম ছেলিমা বেগমৰ প্ৰথমখন কবিতা সংকলন৷ ১৯৮৫ চনত প্ৰকাশ পোৱা অথন্তৰ ঘটিছেশীৰ্ষক কবিতা সংকলনখনত কবিগৰাকীৰ মুঠ ওঠৰটা কবিতা সন্নিৱিষ্ট হৈছে৷ সংকলনখনৰ কেইবাটাও কবিতা আঠ অথবা দহশাৰীৰ চুটি কবিতা, চুটি অথচ বেচ ভাবগধুৰ৷ কবিৰ সুৰতে সুৰ মিলাই আমি কব পাৰো -- ‘‘গভীৰ জীৱনবোধ আৰু সূক্ষ্ম কলা-কৌশলৰ অবৰ্তমানত মোৰ অন্বেষণৰ এই সূচনাহে মাথোন৷’’ [অথন্তৰ ঘটিছে ঃ নেপথ্যৰ কথা]৷ এই প্ৰসংগত কবিতা সংকলনখনৰ অনন্যশীৰ্ষক কবিতাটোলৈ আঙুলিয়াব পাৰো --

                উছৱৰ ৰাতিও

                বুকুৰ আকাশেদি উৰি যায়

                ছাঁই বৰণীয়া মেঘ

                খৰিকাজাঁইৰ সুবাসত

                গা-ধুই গা-ধুই

                চুমা খাওঁ ধুমুহাক

                চট্‌ফটাই থাকোঁ শিলৰ দলিচাত

                কাৰ নীলাভ আকুতিত

                দিনে-নিশাই জী থাকোঁ

                নক্ষত্ৰ খচিত বুকুৰ আকাশত

        যথেষ্ট অৰ্থ আৰু তাৎপৰ্য বহন কৰা কবিতাটোত কবিৰ প্ৰতীক-চিত্ৰকল্পৰ প্ৰয়োগ প্ৰশংসনীয়৷ শব্দ ব্যৱহাৰৰ সচেতনতা লুট্‌ফা হানুম ছেলিমা বেগমৰ কবিতাৰ অন্যতম আকৰ্ষণীয় লক্ষণ৷ শব্দৰ প্ৰয়োগত মিতব্যয়ী কবিগৰাকীৰ কবিতাত চিত্ৰকল্প আৰু প্ৰতীকী ব্যঞ্জনাই পঢ়ুৱৈক তেওঁৰ কবিতাৰ প্ৰতি আকৃষ্ট কৰে৷ তাৰে উদাহৰণ --

                দুখৰ কপিলীত

                এইবাৰো বান আহিল

                ধলত উটি গল বন্ধকী হৃদয়

                ইটোৱে সিটোৰ

                মুখলৈ চকুলৈ হাতলৈ

                চাই আছোঁ

                বুকুৰ ভিতৰত কেনেকৈ

                বাৰিষা-খৰালি হয়

        জন্মৰ দিনাই মৃত্যু হৈ পৰে আমাৰ বাবে চিৰন্তন সত্য, চিৰশাশ্বত৷ সময় সমাগত হলে আমি কায়িক মৃত্যুক সাবটি লওঁ সঁচা; কিন্তু জীৱন সংগ্ৰামত আমি মৃত্যুৰ সম-যাতনাৰ মুখামুখি হওঁ বহুবাৰ৷ আত্মহত্যাকবিৰ এনে এক অনুভূতিৰ মূৰ্ত প্ৰকাশ --

                দিনত

                ৰাতি

                নিৰ্জনতাত

                জন সমাৱেশত

                নিজকে নিজে

                নিহত কৰি চাইছোঁ

                এবাৰ দুবাৰ বহুবাৰ

                হয়, জীৱনে এনেকৈয়ে

                বহুবাৰ মুখামুখি হয়

                মৃত্যুৰ সতে

        এম কামালুদ্দিন আহমেদে মৃত্যু সম্পৰ্কে ৰিল্কেৰ ধাৰণাক দাঙি ধৰিছে এইদৰে -- ‘‘ৰিল্কেৰ মনত বাহ লৈ আছিল সুসম্পন্ন মৃত্যু’ [a well finished death]ৰ ধাৰণা৷ ইয়ে মৃত্যুক সৰ্বাংগ সুন্দৰ কৰে, ‘ফলে বীজ কঢ়িয়াই লৈ ফুৰাৰ দৰেইয়াক আমি কঢ়িয়াই লৈ ফুৰোঁ৷ এনেদৰেই মৃত্যু হৈ পৰিছিল মৃত্যু চিহ্নিত শিল্পৰ নতুন পথৰ এটা মুখ্য অৱক্ষয়ৰ বিষয়৷’’ৰ কবিয়ে যেন অহৰহ বুকুৰ মাজত মৃত্যু চেতনাক কঢ়িয়াই লৈ ফুৰিছে৷ সেয়ে কবিয়ে লিখিছে --

                শৱযাত্ৰী হৈছিলোঁ মই

                যোৱা ৰাতি

                এজাক চৰাই

                এখন নদী

                কেইটামান জোনাকী পৰুৱাইও

                যোগ দিছিল শৱযাত্ৰাত

                শ-টোৰ চকুলৈ সোমাই গৈছিল

                জোনাকী পৰুৱা কেইটা

                নদীখন হৈছিল শ-ঢাকনি

                ডেউকা হেৰুৱাই ব্যাকুল হোৱা

                চৰাইজাকৰ সৈতে

                মই মোৰ শৱযাত্ৰাত যোগ দিছিলোঁ

                যোৱা ৰাতি

        নিৰাশাই ছানি ধৰা আন্ধাৰৰ মাজতো তেওঁ কৰবাত আশাৰ চাকিগছি জ্বলি থকা দেখিছে৷ কিবা এটা অথন্তৰ ঘটিছিলকবিতাত কবিৰ দুহাতত আন্ধাৰৰ লগত পোহৰৰ উত্তৰণৰ ব্যঞ্জনাময় প্ৰকাশ ঘটিছে এইদৰে --

                মৰিশালীবোৰ নগৰ হ

                নগৰবোৰ মৰুভূমি হ

                সাগৰবোৰ নদী হ

                নদীবোৰ মৃতদেহবোৰৰ বুকুৰ ভিতৰেৰে বৈ গ

                এনেকৈয়ে কিবা এটা অথন্তৰ ঘটিছিল

                এনেকুৱা অথন্তৰৰ পাছতো মোৰ সতে ৰৈ থাকিল

                মোৰ ভিতৰত মানুহজনী

                দুয়োখন হাততেই আন্ধাৰ আৰু পোহৰলৈ

        এক বিভীষিকাময় পৰিৱেশ, চাৰিওপিনে নিৰাশাই আৱৰি আছে৷ কিন্তু তাৰ মাজতো আছে আশাৰ ৰেঙণি৷

        জন্মগতভাবেই নাৰী পুৰুষতকৈ অধিক সংবেদনশীল৷ এই সংবেদনশীলতাৰ বাবেই মহিলা কবিসকলৰ কবিতাসমূহত আনুভূতিক তীব্ৰতা অধিক দেখিবলৈ পোৱা যায়৷ কৰবী ডেকা হাজৰিকাই এই বিষয়ে উল্লেখ কৰিছে এনেদৰে -- ‘‘কবিতাৰ পৃথিৱীত নাৰী মনৰ কোমল অনুভূতি আৰু সুগভীৰ চিন্তা, দুয়োটাৰে মূল্য আছে৷ এই দুয়ো দিশত নাৰী হল পুৰুষতকৈ অধিক সংবেদনশীল৷ গতিকে তেওঁলোকৰ কবিতাৰ আবেদনো প্ৰায়ে অন্তৰপৰশা হয়৷’’

        আকৌ হৰেকৃষ্ণ ডেকাই কবিৰ নাৰীৰ বিষয়ীৰ অভিপ্ৰায়ক দাঙি ধৰিছে এইদৰে -- ‘‘লুট্‌ফাক মহিলা কবি বুলি চিহ্নিত কৰি দিব খোজা নাই, তথাপি লুট্‌ফাৰ কবিতাত যি বিষয়ীৰ ক_স্বৰ শুনো, সেই ক_স্বৰত নাৰী ক_ই বিচাৰি পাওঁ৷ তেওঁৰ ভালেমান কবিতা সম্পৰ্কৰ কবিতা, সেই সম্পৰ্কৰ স্বৰূপ অনুসন্ধানৰ কবিতা, অপেক্ষাৰ কবিতা, অভাৱক অভিনৱ ধৰণে পূৰণ কৰাৰ প্ৰয়াস কৰাৰ কবিতা৷ এই সকলো ক্ষেত্ৰতেই তেওঁৰ কবিতাৰ বিষয়ী এগৰাকী নাৰী, কেৱল বেলেগ বেলেগ কবিতাত সেই নাৰী বিষয়ীৰ ইচ্চা, আকাংক্ষাৰ স্বৰূপ বেলেগ বেলেগ ধৰণৰ৷’’

        নিৰ্মলপ্ৰভা বৰদলৈৰ নাৰী মনৰ সংবেদনশীলতাই তেওঁৰ কবিতাসমূহ পঠনীয় আৰু আনন্দদায়ক কৰি তোলাৰ দৰে লুট্‌ফা হানুম ছেলিমা বেগমৰ কবিতাৰ আনুভূতিক তীব্ৰতাইও পঢ়ুৱৈৰ মনত অনুৰূপ ভাবৰ সঞ্চাৰ কৰে৷ গতিকে অগ্ৰজ কবিগৰাকীৰ কবিতাই আমাৰ কবিগৰাকীৰ অবচেতন মনত ক্ৰিয়া কৰাটো তেনেই স্বাভাৱিক আছিল৷ কবিয়ে উৰ্ছগাকবিতাত লিখিছে --

                দেউতাকো নাপালো

                মাকো নাপালো

                বন্ধুকো নাপালো

                কাৰ হাতত মই মোক দি থৈ উভতিলো

        উৰ্ছগাকবিতাটোৰ শেষ স্তৱকটোৱে আমাক নিৰ্মলপ্ৰভা বৰদলৈৰ কৰুণতমকবিতাটোলৈ সোঁৱৰাই           দিয়ে --

                আহিনৰ পথাৰৰ গোন্ধ

                কেনেবাকে নাকত আহি লাগিলে

                মই হেৰা পাওঁ মোৰ দেউতাক৷

               

                দোকানৰ জাপ ভাঙা

                গামোচাৰ সুবাসত

                মই হেৰা পাওঁ মোৰ আইক

 

                মই মোক

                মোৰ সন্তানৰ কাৰণে

                ত থৈ যাম

                        ??

        আনহাতে নিৰ্মলপ্ৰভা বৰদলৈৰ মৰ্মান্তিকআৰু লুট্‌ফা হানুম ছেলিমা বেগমৰ সোণালী সময়কবিতা দুটিৰ কথাও আমি এই প্ৰসংগত কব পাৰো --

                তেওঁক মই যোৱাগৈ দেখিছিলোঁ

                বেলি লহিওৱাৰ পৰত

                পথাৰৰ কঁকিয়াইদি৷

                মূৰত জাপি

                কান্ধত মেটমৰা দুটা ডাঙৰিৰ

                জিৰিক্‌ জিৰিক মাত৷ -- [মৰ্মান্তিক]

        ঠিক সেইদৰে --

                চোৱাঁচোন

                তেওঁ কেনেকৈ তুলি লৈছে কান্ধত

                মোৰ সপোনৰ ডাঙৰিবোৰ

                পথাৰখনৰ ওপৰেদি বৈ আছে

                আবেলি বতাহ -- [সোণালী সময়]

        নিঃসন্দেহে দুটা ভিন্ন পৰিৱেশত, ভিন্ন চিন্তাধাৰালৈ কবি দুয়োগৰাকীয়ে কবিতা দুটা সজাই তুলিছে৷ তথাপি দুয়োগৰাকী কবিৰ অনুৰূপ কাব্যশৈলীক আমি পোনছাটে অস্বীকাৰ কৰিব নোৱাৰো৷

        কবি-সাহিত্যিকসকলৰ সৃষ্টিৰ পথাৰখন লাস্যময় কৰি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে প্ৰকৃতিৰ মনোমোহা পৰিৱেশে৷ প্ৰকৃতিৰ অনাবিল সৌন্দৰ্যৰ মাজত ডুব গৈ থাকিব বিচৰা আমাৰ কবিও এইক্ষেত্ৰত ব্যতিক্ৰম নহয়৷ সোণবৰণীয়া ধাননি পথাৰ, সৰাপাত, সাগৰ-নদীৰ লগতে আকাশৰ বিশালতা, পৰ্বত-অৰণ্যৰ গভীৰতাৰ প্ৰতি কবিৰ আকলুৱা মন বাৰুকৈ দুৰ্বল৷ উল্লেখযোগ্য যে, তেওঁৰ কেইবাটাও কবিতাত যেনে -- কোন তুমি’, ‘নিজান দুপৰীয়াটো’, ‘অন্বেষণ’, ‘স্ৰোতস্বিনী নৈ’, ‘কিবা এটা অথন্তৰ ঘটিছিল’, ‘এখন নাও সাজিছিলো’, ‘সোঁৱৰণীৰ সুৰআদিত নদী অথবা নৈৰ কথা সঘনাই উচ্ছাৰিত হৈছে৷ লগতে গ্ৰাম্য সমাজ জীৱনৰ এখন নিভাঁজ ছবি আমি তেওঁৰ কবিতাত বিচাৰি পাওঁ --

                চোতালে চোতালে মৰণা মাৰিছে মানুহবোৰে৷

                খেৰৰ পৰা সৰা নাই চকুলো৷ তুলসীৰ তলত নুমাই গৈছে চাকি৷

        লুট্‌ফা হানুম ছেলিমা বেগমৰ কবিতাত আছে প্ৰেমৰ এক অনন্য অনুভূতি৷ প্ৰেমৰ প্ৰাপ্তি-অপ্ৰাপ্তি অথবা কব পাৰো স্বপ্নভংগৰ বেদনাত সিক্ত কবিৰ কবিতাসমূহে পাঠকৰ মনসাগৰত আৱেগৰ জোৱাৰ তোলে৷ কবিয়ে অহৰহ তেওঁক বিচাৰি ফুৰিছে৷ কেতিয়াবা নৈৰ পাৰত, কেতিয়াবা সোণবৰণীয়া ধাননি পথাৰখনত নতুবা ডাকোৱালে দি যোৱা উকা খামৰ চিঠিত --

                কঁপি উঠিছে ঘৰ-দুৱাৰ৷ মোৰো হৃদয় কঁপিছে৷ ডাকোৱালে ঘৰে ঘৰে দি গৈছে উকা খামৰ চিঠি                            কোনেও কাৰো খবৰ পোৱা নাই৷ ময়ো পোৱা নাই তেওঁৰ খবৰ৷

        তেওঁতেই লুকাই আছে কবিৰ সমগ্ৰ সত্তা; প্ৰেমৰ প্ৰাপ্তিৰ মাদকতা --

                মোৰ উকা সেওঁতালৈ তেওঁ

                নমাই আনিছে আজি

                এখন শীতল ঢাকনি

        অপ্ৰাপ্তিৰ বেদনাকো কবিয়ে তেওঁৰ আগত এইদৰে ব্যক্ত কৰিছে --

                মনত পৰে তোমাৰ সতে

                নাও নাও খেলাৰ কথা

                এতিয়া মইয়েই নাও হৈ

                হেৰুৱালোঁ বঠা

                তুমি গমেই নোপোৱা

        নিঃসঙ্গতা, একাকীত্ব, প্ৰেমহীনতাক অতি সুন্দৰ ৰূপত কবিয়ে উপস্থাপন কৰিছে৷ ভঙা কলিজাত বিচ্চেদৰ যন্ত্ৰণা, ই অভিমান নে আত্মবিৰোধ --

                তুমি মোৰ হৃদয় পুৰি নিছা
                পুৰি নিছা পুৰি নিছা
                তথাপি তুমি জুই নহয়৷

        তেওঁৰ সন্ধানত বিলীন মইগৰাকীৰ আত্ম অৱগাহনত চিত্ৰকল্পৰ প্ৰয়োগ মন কৰিবলগীয়া --

                কি এক গোপন গহন বননিৰ ছায়াত
                তোমাক বিচাৰি ফুৰিছোঁ
                তোমাৰ শৰীৰৰ মৌন ভাস্কৰ্যৰ পোহৰত
                মই  মোক লগ পাব বিচাৰিছোঁ

        বিষাদত জলতৰংগশীৰ্ষক কবিতা সংকলনখনৰ বিষয়ে আনন্দ বৰমুদৈয়ে মন্তব্য কৰিছে এইদৰে -- ‘‘সংকলনখনৰ সকলো কবিতাই বিভিন্ন ধৰণেৰে আনন্দদায়ক৷ বিভিন্ন ঘটনা, পৰিৱেশ, পৰিস্থিতিক কেন্দ্ৰ কৰি কবিতাসমূহ ৰচনা কৰা হৈছে, কিন্তু কবিৰ কৰুণ জীৱনবোধ, বুদ্ধিদ্বীপ্ততা আৰু শব্দৰ অৰ্থ ব্যঞ্জনাই কবিতাসমূহক এক ঐক্য সূত্ৰ প্ৰদান কৰিছে৷’’চ্ছ্ৰ

        অকলে থাকিলে কিছুমান কাম কৰিবলৈ ভাল’ -- এই আকৰ্ষণীয় শিৰোনামটোৱে পঢ়ুৱৈক কবিতা সংকলনখনৰ প্ৰতি অধিক আগ্ৰহী কৰি তোলে৷ লুট্‌ফা হানুম ছেলিমা বেগমৰ আন কবিতা সংকলন কেইখনৰ তুলনাত এই কবিতা সংকলনখনত কবিগৰাকীক আমি কিছু পৃথক ৰূপত বিচাৰি পাওঁ৷ সংকলনখনত কবিৰ নতুন চিন্তা, সম্পৰীক্ষা, চিত্ৰকল্প তথা ৰূপকৰ ন-প্ৰয়োগ দেখিবলৈ পোৱা যায়৷ যান্ত্ৰিক সভ্যতাৰ দ্ৰুত পৰিৱৰ্তনে আমাৰ জীৱন শৈলীলৈ অগোচৰে যথেষ্ট পৰিৱৰ্তন নমাই আনিছে৷ আপুনি কিমান ব্যস্তশীৰ্ষক কবিতাটোত কবিয়ে লিখিছে --

                আপুনি কিমান ব্যস্ত
                আপুনি নিজেই নাজানে
                সেয়ে এদিন সন্ধ্যা কাকো নোকোৱাকৈ
                শূন্যতাৰ পাৰ্কখনত বহিবলৈ যাবচোন
                ব্যস্ততাৰ ব্ৰেণ্ডেডচোলাটো নিপিন্ধি সেইদিনা
                কৰুণ কুৰ্তা - পায়জামাযোৰকে পিন্ধি আহিব
                স্মৃতিৰ চানাচুৰ গলিয়াই গলিয়াই
                বৰ্তমানৰ বেঞ্চিখনতে খন্তেক বহি চাবচোন
                কেনে লাগে
 
                সেইদিনা আপুনি ভুলতে
                বাইলটো কিন্তু ঘৰত এৰি থৈ আহিবলৈ নাপাহৰিব
        কবিৰ চিন্তা আৰু অনুভূতিৰ ভাৰসাম্য অতি সুন্দৰকৈ ৰক্ষা হোৱা পৰিলক্ষিত হৈছে অকলে থাকিলে অকলে ফুৰিলে কিছুমান কাম কৰিবলৈ ভালশীৰ্ষক কবিতাটোত --
                অকলে থাকিলে অকলে ফুৰিলে কিছুমান কাম কৰিবলৈ ভাল
                মনে মনে দুখবোৰ বিচাৰি আনি সুখত জুবুৰিয়াই চাবলৈ
                পুৰণি সপোনবোৰক নতুন নতুন কাপোৰ-কানি পিন্ধাই চাবলৈ
                বুকুৰ আলমাৰীৰ পৰা স্মৃতিবোৰ উলিয়াই আনি সজাই থবলৈ ভাল

        লুট্‌ফা হানুম ছেলিমা বেগম সাম্প্ৰতিক সময়ৰ কেৱল এগৰাকী আগশাৰীৰ কবিয়েই নহয়, সময়ে সময়ে কবিতাৰ জৰিয়তে চমক সৃষ্টি কৰা এগৰাকী শক্তিশালী কবিও৷ কবিতাৰ মাজতেই যেন কবিগৰাকীৰ সমগ্ৰ সত্তা লুকাই আছে৷ সেয়ে হয়তো কবিয়ে কৈছে -- ‘‘কবিতা নহলে মই জীয়াই নাথাকিলোহেতেঁন আজিলৈকে৷ এতিয়াও যে আছোঁ কেৱল কবিতাতহে৷’’ [অকলে থাকিলে কিছুমান কাম কৰিবলৈ ভাল ঃ অন্তৰালৰ কথা] লক্ষণীয় বিষয়টো হ, প্ৰাৰম্ভিক সময়ছোৱাৰ কবিতাতকৈ পৰৱত¹ সময়ত জীৱন-জগত সম্পক¹য় ভাবগধুৰ চিন্তা তথা অভিজ্ঞতাই লুট্‌ফা হানুম ছেলিমা বেগমৰ কবিতাসমূহ পঢ়ুৱৈৰ বাবে অধিক উপভোগ্য কৰি তুলিছে৷ এক কথাত কবলৈ হলে, তেওঁৰ কিছুসংখ্যক কবিতাই পাঠকৰ মন-মগজু এনেকৈ জোকাৰি যায় যে বহু সময়লৈ পঢ়ুৱৈয়ে কবিতাৰ সেই জগতখনৰ পৰা ওলাই আহিবলৈকে কঠিন হৈ পৰে৷ কিন্তু অতি পৰিতাপৰ বিষয়টো হল কাব্য চৰ্চাৰ চাৰি দশক পিছতো আজিও এইগৰাকী কবিৰ কবিতা সম্পক¹য় আলোচনাৰ অভাৱ আলোচনীৰ পাতত৷

পাদটীকা:

১. এম কামালুদ্দিন আহমেদ, আধুনিক অসমীয়া কবিতা, পৃষ্ঠা ৩৮

২. কৰবী ডেকা হাজৰিকা,অসমীয়া কবিতা, পৃষ্ঠা ১৬৭

৩. লুট্‌ফা হানুম ছেলিমা বেগম, বিষাদত জলতৰংগ, পৃষ্ঠা ১২-১৩

৪. আনন্দ বৰমুদৈ, ‘‘লুট্‌ফা হানুম ছেলিমা বেগমৰ কবিতা’’, গৰীয়সী, লক্ষ্মীনন্দন বৰা, সম্পা., পৃষ্ঠা ১০৮


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ