অন্যযুগ/


ৰেইনাৰ মাৰিয়া ৰিল্কেৰ কালজয়ী গ্ৰন্থ Letters to a Young Poet-অৰ মুকলি অসমীয়া অনুবাদ

 মূল: ৰেইনাৰ মাৰিয়া ৰিল্কে

অনুবাদ: নিকু দুৱৰা


( সম্পাদকীয় টোকা : ৰেইনাৰ মাৰিয়া ৰিল্কেই জাৰ্মান ভাষাত লিখা প্ৰখ্যাত গ্ৰন্থ  Briefe an einen jungen Dichter (1929)-অৰ এম্ জি হাৰ্টাৰ নৰ্টনে কৰা ইংৰাজী অনুবাদ  Letters to a Young Poet (1934)-অৰ ৰমানন্দন বৰাই কৰা অনুবাদ নবীন কবিলৈ চিঠি অন্যযুগৰ ২০২০ চনৰ ছেপ্টম্বৰ সংখ্যাৰ পৰা ধাৰাৱাহিকভাৱে প্ৰকাশ পাইছিল। প্ৰতিটো অনুবাদেই যিহেতু নতুন বিশ্লেষণৰো পথ সেয়ে একেখন পুথিৰে এই নতুন অনুবাদ পুনৰাই আগ্ৰহীসকলৰ উদ্দেশ্যে প্ৰকাশ কৰা হৈছে।)


প্ৰথমখন চিঠি

 

পেৰিছ, ১৭ ফেব্ৰুৱাৰী, ১৯০৩

মহাশয়,

       কেইদিনমানৰ আগেয়ে আপোনাৰ চিঠিখন পালোঁ৷ আপুনি চিঠিখনৰ যোগেদি প্ৰকাশ কৰা নিভাঁজ অন্তৰিকতাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ৷ ধন্যবাদ জনোৱাৰ বাহিৰেনো মই আৰু কি কৰিব পাৰোঁ! আপোনাৰ কবিতাসমূহৰ প্ৰকৃতিৰ সম্পৰ্কে মই সমালোচনাৰ শৈলীত কোনো ধৰণৰ আলোচনা কৰিব নোৱাৰোঁ, কিয়নো সমালোচনা সাহিত্যত মোৰ কোনো দখল নাই৷ সমালোচনাই শিল্পক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে, বৰং সমালোচনাই শিল্পৰ ক্ষেত্ৰত কম-বেছিকৈ জ্ঞাত বা অজ্ঞাতে ভুল বুজাবুজিৰহে সৃষ্টি কৰে৷ ইয়াৰ কাৰণ হৈছে শৈল্পিক কাম এটাক বুজি পোৱা আৰু বুজাই দিয়াৰ কামটো আমি ভবাৰ দৰে ইমান সহজ নহয়; শিল্পৰ সৈতে জড়িত অধিকাংশ ঘটনা-পৰিঘটনাই নৈব্যক্তিৰ্ক আৰু এইসমূহ ঘটনা-পৰিঘটনা এনে স্থানত সৃষ্টি হয়, যিসমূহ স্থানক শব্দই কেতিয়াও ঢুকি পাবই নোৱাৰে৷ শিল্পকলা হৈছে পৃথিৱীৰ আটাইতকৈ নৈৰ্ব্যক্তিক সৃষ্টি আৰু এই নৈৰ্ব্যক্তিকতাৰ মাজতেই বহুখিনি কথা লুকাই থাকে৷ শিল্পকলাসমূহৰ জীৱনৰেখা আমাৰ মানৱ জীৱনৰ সমান্তৰালভাৱেই চলি থাকে, কিন্তু শিল্পকলাৰ তুলনাত আমাৰ মানৱ জীৱন অতি ক্ষণস্থায়ী৷

       আপোনাৰ কবিতাসমূহৰ ক্ষেত্ৰত মই প্ৰথমতেই আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিম এইবুলি যে আপোনাৰ কবিতাসমূহৰ কোনো নিজা বিশেষ স্বৰূপ নথকাৰ পাছতো কবিতাসমূহে আপোনত্বৰ প্ৰতি এক ধৰণৰ নীৰৱ আৰু আভ্যন্তৰীণ প্ৰৱণতা কঢ়িয়াই ফুৰিছে৷ আপোনাৰ কবিতাৰ মাজত থকা এই গুণটো মই “My Soul” নামৰ কবিতাটোত আটাইতকৈ বেছিকৈ অনুভৱ কৰিলোঁ৷ আপোনাৰ মাজত এনেকুৱা কিবা এটা আছে, যিটো শব্দ আৰু সুৰৰ মাজেৰে প্ৰকাশিত হ’বলৈ বিচাৰি ফুৰিছে৷ সেইদৰে আপোনাৰ আৰু এটা সুন্দৰ কবিতা “To Leopardi”-ৰ মাজেৰে মই ভাবোঁ যে এজন মানুহে পাৰ কৰি অহা একাকিত্বৰ সৈতে মানুহজনৰ যি গভীৰ সম্পৰ্ক সেয়া প্ৰকাশ পাইছে৷ কিন্তু তাৰ পাছতো আপোনাৰ কবিতাসমূহ, আনকি শেষৰ কবিতাটো আৰু To Leopardi-টোৰ মাজতো নিজাকৈ, স্বাধীনভাৱে একোৱেই বিচাৰি নাপালোঁ৷ আপুনি প্ৰেৰণ কৰা চিঠিখন আৰু সংলগ্ন হৈ থকা কবিতাসমূহ পঢ়ি যাওঁতে মই বহুতো দুৰ্বলতা দেখা পালোঁ, যিসমূহ দুৰ্বলতাক মই এতিয়াই নামাংকিত কৰিব পৰা নাই৷

       আপুনি মোক সুধিছে যে আপোনাৰ কবিতাসমূহ ভাল হৈছে নে হোৱা নাই৷ এই কথাটো আপুনি মোৰ বাহিৰেও আনকো সুধিছে৷ আপুনি কবিতাসমূহ বিভিন্ন আলোচনীলৈ প্ৰেৰণ কৰিছে আৰু যেতিয়া দুই-এক সম্পাদকে আপোনাৰ কষ্টক নস্যাৎ কৰিছে তেতিয়া আপুনি আনৰ কবিতাৰ সৈতে নিজৰ কবিতাসমূহক তুলনা কৰিছে৷ আপুনি যিহেতু মোক পৰামৰ্শ দিবলৈ অধিকাৰ প্ৰদান কৰিছেই, সেইসূত্ৰে মই আপোনাক অনুৰোধ কৰিছোঁ যে এইবোৰ কাম কৰিবলৈ এৰি দিয়ক৷ আপুনি এতিয়া কৰি থকা কামবোৰ চূড়ান্তভাৱে বাহ্যিক আৰু এই বাহ্যিক কামসমূহেই আপুনি এই মুহূৰ্তত মুঠেই কৰিব নালাগে৷ আপোনাক আপোনাৰ কবিতাৰ ক্ষেত্ৰত কোনেও সহায় কৰিব নোৱাৰে, কোনেও আপোনাক পৰামৰ্শ দিব নোৱাৰে৷ এইক্ষেত্ৰত আপোনাৰ হাতত কেৱল এটাই উপায় আছে— আপুনি নিজৰ ভিতৰলৈ সোমাই যাওক৷ আপুনি প্ৰথমতেই সেই কাৰণটো বিচাৰি উলিয়াওক যিটো কাৰণৰ বাবে আপুনি লিখে, আপুনি বিচাৰ কৰক যে এই কাৰণটোৱে আপোনাৰ হৃদয়ৰ গভীৰলৈ শিপাই আছে নে নাই; আপুনি নিজৰ সম্মুখত স্বীকাৰ কৰক যে যদিহে আপোনাক লিখিবলৈ দিয়া নহয় আপোনাৰ মৃত্যু হ’ব নে নহয়৷ আৰু আপুনি কৰিবলগীয়া আটাইতকৈ ডাঙৰ কামটো হৈছে, একেবাৰে নিৰ্জন সময়ছোৱাত আপুনি নিজকে সোধক যে, “মই লিখিবই লাগিব নে?” উত্তৰটো লাভ কৰিবলৈ আপুনি নিজকে খান্দি পোলাওক৷ যদিহে উত্তৰটো ইতিবাচক হয়, তেন্তে আপুনি নিজকে উত্তৰ দিয়ক “মই লিখিবই লাগিব” আৰু তাৰ পাছত আপোনাৰ জীৱনটোক এই প্ৰয়োজনীয়তাটো অনুসৰি সজাই তোলক৷ আপোনাৰ জীৱনৰ আটাইতকৈ নিৰস আৰু গুৰুত্বহীন সময়বোৰতো লিখাৰ প্ৰতি থকা এই বাধ্যতামূলক প্ৰৱণতাটো উজ্জীৱিত হৈ থাকিব লাগিব৷ তাৰ পাছত আপুনি ক্ৰমে প্ৰকৃতিৰ মাজলৈ সোমাই যাওক৷ আপুনি প্ৰকৃতিৰ মাজত কি দেখিছে, কি অনুভৱ কৰিছে, কাৰ প্ৰেমত পৰিছে আৰু কাক হেৰুৱাই পেলাইছে সেইসমূহ এনেকৈ প্ৰকাশ কৰিবলৈ চেষ্টা কৰক যেন পৃথিৱীখনৰ আপুনি একমাত্ৰ জীৱিত মানুহজনহে হৈ পৰিছে৷ প্ৰথমতেই প্ৰেমৰ কবিতা নিলিখিব৷ সেইসমূহ শৈলী এৰাই চলক যিসমূহ শৈলীত নতুনত্ব নাই আৰু নিতান্তই সাধাৰণ, কিয়নো সেইসমূহ শৈলী যথেষ্ট কঠিন আৰু সেইসমূহ শৈলীৰ ক্ষেত্ৰত ইতিমধ্যেই যথেষ্ট পৰিমাণে এটাৰ ওপৰত আন এটা উন্নত মানৰ সৃষ্টি ৰচনা হৈ গৈছে আৰু এই পৰিস্থিতিত কোনোবাই নিজাকৈ এটা ভাল ৰচনা কৰিবলৈ যাওঁতে যথেষ্ট অভিজ্ঞতাৰ প্ৰয়োজন হৈ পৰে৷ সেইবাবে নিজকে এই ধৰণৰ সাধাৰণ বিষয়বোৰৰ পৰা আঁতৰাই ৰাখক৷ তাৰ পৰিৱৰ্তে আপুনি আপোনাৰ ব্যক্তিগত আশা-প্ৰত্যাশা, মনৰ মাজেৰে পাৰ হৈ যোৱা চিন্তা আৰু সুন্দৰতাৰ ওপৰত থকা আপোনাৰ বিশ্বাসক অংকণ কৰিবলৈ চেষ্টা কৰক৷

       এইসমূহ অংকণ কৰোঁতে মনত ৰাখিব যাতে আপোনাৰ নিৰৱতা আৰু একান্তই দায়ৱদ্ধতা সম্পূৰ্ণৰূপে ফুটি উঠে; আৰু আপুনি যেতিয়া নিজক আপোনাৰ সৃষ্টিসমূহৰ মাজেৰে প্ৰকাশ কৰিব সেই ক্ষেত্ৰত আপুনি আপোনাৰ চাৰিওফালৰ পৰিৱেশটোক আৰু আপোনাৰ সপোন আৰু চৌপাশৰ পৰা আপুনি সংগ্ৰহ কৰা বস্তুসমূহকহে ব্যৱহাৰ কৰিব৷ যেতিয়া আপোনাৰ অনুভৱ হ’ব যে আপোনাৰ জীৱনটো দেখোন নিৰস হৈ পৰিছে, আপুনি জীৱনটোক দোষাৰোপ নকৰিব, তাৰ পৰিৱৰ্তে আপুনি নিজকে দোষাৰোপ কৰক আৰু আত্মোপলব্ধি কৰক যে আপুনি আপোনাৰ এই নিৰস জীৱনটোৰ মাজতো ৰস বিচাৰি উলিয়াব পৰাকৈ কবি হৈ উঠা নাই। মনত ৰাখিব যে এগৰাকী সৃষ্টিশীল ব্যক্তিৰ বাবে কোনো স্থানেই কেতিয়াও নিৰস হ’বই নোৱাৰে৷ আনকি যদিহে আপুনি কাৰাগাৰতো আছে, যাৰ বাবে আপুনি চৌপাশৰ পৰিৱেশ দেখা পোৱা নাই, তাৰ পাছতো আপোনাৰ হাতত আপোনাৰ শৈশৱৰ স্মৃতিসমূহ নাই জানো? স্মৃতিৰ পৃথিৱীখন বহুত চহকী আৰু মণি-মুকুতাৰে ভৰপূৰ৷ আপুনি সেইসমূহ স্মৃতিক মনত পেলাওক; আপোনাৰ ব্যক্তিত্ব নিজে নিজেই শক্তিশালী হৈ উঠিব, আপোনাৰ একাকিত্বই আপোনাক চাৰিওফালৰ কোলাহলৰ পৰা আঁতৰাই ৰাখিব আৰু এই একাকিত্বৰ মাজতেই আপুনি আপোনাৰ ঘৰখন বিচাৰি পাব৷ যেতিয়া আপুনি এইদৰে নিজৰ মাজলৈ সোমাই যাবলৈ সক্ষম হৈ উঠিব তেতিয়া আপোনাৰ ভিতৰৰ পৰা যিসমূহ কবিতা স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব, সেইসমূহ কবিতা ভাল হৈছে নে হোৱা নাই সেয়া আপুনি আৰু কাকো সুধিব লগা নহ’ব৷ এটা শিল্পকৰ্ম তেতিয়াহে সুন্দৰ হৈ উঠিব যেতিয়া সেই শিল্পকৰ্মটো এটা তাগিদাৰ পৰা জন্ম হ’ব৷ এইদৰে এটা শিল্পকৰ্মৰ বিচাৰৰ ক্ষেত্ৰত শিল্পকলাটো কিদৰে সৃষ্টি হৈছে সেয়া নিহিত হৈ থাকে৷ গতিকে মই আপোনাক মাত্ৰ এটাই পৰামৰ্শ দিব বিচাৰিম— আপুনি নিজৰ মাজলৈ গুচি যাওক আৰু আপোনাৰ জীৱনৰ মৌলিকতাৰ গভীৰতম অংশলৈ সোমাই পৰক৷ নিজৰ মাজলৈ কৰা এই যাত্ৰাটোতেই আপুনি এইটো প্ৰশ্নৰ উত্তৰ পাই যাব যে আপুনি সঁচাকৈ লিখাটো উচিত হয় নে নহয়৷ আপুনি যিটো উত্তৰ অন্তৰৰ ভিতৰৰ পৰা লাভ কৰিব সেই উত্তৰটোক কোনো ধৰণৰ অধিক ব্যাখ্যা নকৰাকৈ গ্ৰহণ কৰক৷ বোধহয় এনেকুৱাও হ’ব পাৰে যে আপুনি নিজৰ ভিতৰলৈ সোমাই অনুভৱ কৰিলে যে আপুনি দৰাচলতে এগৰাকী কবি নহয় চিত্ৰকৰ হোৱাটোহে উচিত৷ যেতিয়াই আপুনি উত্তৰটো লাভ কৰিব সেই উত্তৰটোক আৰু উত্তৰটোৰ সৈতে অহা সকলো বোজা তথা মহানতাক কোনো ধৰণৰ খ্যাতি বা যশস্যাৰ আকাংক্ষা নথকাকৈ সকাতৰে গ্ৰহণ কৰক৷ এগৰাকী সৃষ্টিশীল ব্যক্তিৰ বাবে নিজৰ মাজত এখন পৃথিৱী থকাটো অত্যন্ত আৱশ্যক আৰু তেওঁ সকলোখিনি বস্তু নিজৰ মাজত আৰু তেওঁৰ চৌপাশৰ সৈতে সংলগ্ন প্ৰকৃতিৰ মাজতেই বিচাৰি পাব লাগিব৷

       কিন্তু এয়াও অসম্ভৱ নহয় যে নিজৰ মাজলৈ সোমাই যোৱাৰ পাছত আৰু একাকিত্বক গ্ৰহণ কৰাৰ পাছত আপুনি কবি হোৱাৰ বাসনাই ত্যাগ কৰি পেলাব৷ মই আগতেই কৈছো যে এগৰাকী ব্যক্তিয়ে নিলিখাকৈ থকাতকৈ মৃত্যুৱেই শ্ৰেয়ঃ হয়নে নহয় প্ৰশ্নটোৰে আন এটা উত্তৰ কিন্তু নিলিখাকৈ থকাও হ’বগৈ পাৰে৷ কিন্তু ইয়াৰ পাছতো মই আপোনাক অনুৰোধ কৰা এই নিজৰ মাজলৈ কৰা যাত্ৰাটো কেতিয়াও অথলে নাযায়৷ যিকোনো পৰিস্থিতিতেই এই যাত্ৰাটোৰ পাছত আপোনাৰ জীৱনটো সলনি হৈ পৰাটো খাটাং আৰু মই আপোনাৰ ক্ষেত্ৰত আশা কৰিম যাতে এই পৰিৱৰ্তন ভালৰ বাবেই হয়, যাৰ পৰা আপুনি বৰ্ণাঢ্য হৈ পৰিব৷

       আপোনাৰ পত্ৰখনত অধ্যাপক হৰজেকৰ নামটো দেখা পাই আনন্দিত হৈছোঁ৷ এইগৰাকী মৰমিয়াল গৱেষকৰ প্ৰতি মই অতবছৰে সন্মান আৰু শ্ৰদ্ধা কঢ়িয়াই ফুৰিছোঁ৷ অনুগ্ৰহ কৰি আপুনি তেওঁক তেওঁৰ প্ৰতি থকা মোৰ এই শ্ৰদ্ধা আৰু সন্মানৰ কথা ক’ব৷ এতিয়াও তেওঁ মোক মনত পেলোৱাটো মোৰ বাবে সৌভাগ্যৰ কথা আৰু সেই সৌভাগ্যক কিদৰে গ্ৰহণ কৰিব লাগে সেয়া মই উপলব্ধি কৰিছোঁ৷

       সদৌ শেষত মই আপোনালৈ আপুনি অতি বিশ্বাসেৰে পঠোৱা কবিতাকেইটা ঘূৰাই পঠিয়াইছোঁ আৰু আপুনি মোৰ প্ৰতি ৰখা এই বিশ্বাসৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ৷ এই উত্তৰটোৰ যোগেদি মই ভাবো যে মই সঁচাকৈ আপোনাৰ বাবে এগৰাকী অচিনাকি হোৱা স্বত্বেও মোৰ সকলো সামৰ্থৰ উৰ্ধ্বলৈ যাবলৈ চেষ্টা কৰিলোঁ৷

শ্ৰদ্ধা আৰু মৰমেৰে—

 

ৰেইনাৰ মাৰিয়া ৰিল্কে

 

*** 


ঠিকনা 

এম. টি. বি চ’চিয়েল চাইন্স থট্‌ ফ’ৰাম

ভ্ৰাম্যভাষ - ৬৯০১৫০৪০৫২

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ