ড°
ৰক্তিম ৰঞ্জন শইকীয়া
দিহিং-পাটকাইত বৰ্ষাৰণ্যৰ বুকুত কয়লা খনন অথবা
কোনো কোনো তৈলক্ষেত্ৰ বিক্ৰীৰ বাতৰিয়ে সাম্প্ৰতিক সময়ৰ অসমৰ সংবাদ জগত আৰু
সামাজিক মাধ্যম তোলপাৰ লগাই আছে। ই অসমবাসীৰ সচেতনতাৰ পৰিচয় দিছে যদিও
সমান্তৰালভাৱে এনে সচেতনতাই অসমবাসীৰ মনত আমাৰ সম্পদ সম্পৰ্কে বৰ্তি থকা ভুল
ধাৰণাকো প্ৰতিফলিত কৰিছে৷ আমি অসমবাসীয়ে এতিয়াও অসমক প্ৰকৃতিয়ে উভৈনদীকৈ সম্পদ
দিছে বুলি ভাবি এখন মূৰ্খৰ স্বৰ্গতহে বাস কৰি আছোঁ৷ আমাৰ অশেষ গৌৰৱৰ থল হ’ল
অসমৰ কয়লা আৰু পেট্ৰ’লিয়াম৷ আমি সততে আমাৰ সম্পদ লুটি লৈ যোৱাৰ
শংকাত ভুগি থাকোঁ৷ এনে শংকাৰ মাজতে আমাৰ দুটা মূল্যৱান সম্পদ যে মূল্যহীন হৈ
পৰিবলৈ গৈ আছে তাক উপলব্ধি কৰি বিকল্প অৰ্থনীতিৰ ৰূপৰেখা তৈয়াৰ কৰিবৰ বাবে সময়
হৈ গৈছে।
২০১৪-১৬ চনত সমগ্র বিশ্বজুৰি পেট্ৰ’লিয়ামৰ
মূল্য পতন ঘটাৰ সময়ত তৈল উদ্যোগত মহাসংকটে দেখা দিছিল৷ সেই সংকটৰ পৰা উদ্যোগটোৱে
মূৰ দাঙি উঠাৰ আগতেই ক’ৰ’না মহামাৰীয়ে এই উদ্যোগক পুনৰ মাধমাৰ শোধাইছে। প্ৰকৃততে
বহু বছৰ ধৰি উৎপাদন অতি কঠোৰভাৱে নিয়ন্ত্ৰণ কৰি কৃত্ৰিমভাৱে পেট্র’লিয়ামৰ
মূল্য বঢ়াই ৰাখি পেট্ৰ’লিয়াম উৎপাদনকাৰী দেশসমূহে ইতিমধ্যেই সমগ্ৰ
বিশ্বক অভাৱনীয়ভাৱে শোষণ কৰিলে৷ অৱশেষত এই শোষণ সমাপ্ত হোৱাৰ সময় সমাগত হৈছে৷
এতিয়া কয়লা আৰু পেট্ৰ’লিয়াম উদ্যোগৰ বাবে আন এক সংকটে মূৰ দাঙি
উঠিছে৷ এই আহিব লগা সংকটৰ পৰা কয়লা আৰু পেট্ৰ’লিয়াম উদ্যোগে নিস্তাৰ
পোৱাৰ কোনো সম্ভাৱনা নাই। বোধহয় আগন্তুক দশকটোৱেই হ’ব
অন্তিমটো পেট্র’লিয়ামৰ দশক।
যোৱা ২০১৬ চনৰ ২২ এপ্ৰিলত বিশ্বৰ ১৯৫ খন দেশে
পেৰিছ জলবায়ু চুক্তিত চহী কৰাৰ পৰাই বিশ্বৰ ঔদ্যোগিক জগতত এক প্রকাৰ আভ্যন্তৰীণ
ভূমিকম্পৰ সৃষ্টি হৈছে৷ ইয়াৰ লগে লগে বিশ্বৰ সকলোতকৈ বেছি ধনী উদ্যোগ পেট্ৰ’লিয়াম
আৰু কয়লা উদ্যোগৰ মৃত্যু ঘণ্টা বাজিবলৈ আৰম্ভ কৰিছে৷ পেৰিছ জলবায়ু চুক্তিমতে
২০২০ চনৰ পৰা দেশসমূহে পৰ্যায়ক্ৰমে কাৰ্বন নিৰ্গমণ কৰা কয়লা, পেট্ৰ’লিয়ামৰ
দৰে ইন্ধনসমূহৰ ব্যৱহাৰ কমাই আনিব আৰু ২০৫০ চনৰ ভিতৰত কাৰ্বন-ডাই-অক্সাইডৰ নিৰ্গমন
বৰ্তমানৰ ৮০% পৰ্যন্ত হ্ৰাস কৰিব৷ ইয়াৰ লগে লগে বৃহৎ বৃহৎ তেল কোম্পানী যেনে ‘ব্ৰিটিছ
পেট্ৰ’লিয়াম’, ‘ৰয়েল ডাচ্চ শ্বেল’, ‘ষ্টেট
অইল’ লগ হৈ পৰাৱৰ্তনীয় শক্তি প্ৰযুক্তি বিকাশৰ বাবে এটা বিনিয়োগ পুঁজি গঠন
কৰিছে৷ অৰ্থাৎ এই কোম্পানীকেইটাই বাচি থাকিবৰ বাবে কৌশলগত পদক্ষেপ হাতত ল’লেই।
পেৰিছ জলবায়ু চুক্তিৰ পাছত কয়লা আৰু পেট্ৰ’লিয়ামৰ উদ্যোগৰ মৃত্যুঘণ্টা
বাজিছে যদিও প্ৰাকৃতিক গেছৰ উদ্যোগে ইয়াৰ আপেক্ষিকভাৱে কম প্ৰদূষক গুণটোৰ বাবে
কিছু দিনলৈ বৰ্তি থাকিব বুলি আশা কৰা হৈছে। সেয়ে কেইবাটাও তেল উৎপাদনকাৰী প্ৰতিষ্ঠানে খাৰুৱা তেলত কম আৰু
প্ৰাকৃতিক গেছত বেছি বিনিয়োগ কৰাৰ সিদ্ধান্ত লৈছে৷ কিছুৱে পৰাৱৰ্তনীয় শক্তি আৰু বিদ্যুৎকোষৰ
ব্যৱসায়ত বিনিয়োগ কৰাৰ কথা চিন্তা কৰিছে। বিশ্বৰ অন্যতম বৃহৎ খাৰুৱা তেল
উৎপাদনকাৰী প্ৰতিষ্ঠান ‘ৰয়েল ডাচ্চ শ্বেল’ (Royal Dutch Shell)-এ যোৱা ২১ জুনত ঘোষণা কৰিছে যে
২০২০ চনৰ পৰা ই পৰাৱৰ্তনীয় শক্তিখণ্ডত বিনিয়োগ আৰম্ভ কৰিব৷ তাৰ বাবে ই ইতিমধ্যে
পৃথককৈ সেউজ শক্তি বিভাগ এটা স্থাপন কৰা হৈছে।
পেৰিছ জলবায়ু চুক্তিৰ পাছত তেল কয়লা উদ্যোগৰ
বাবে ইটোৰ পাছত সিটোকৈ বেয়া খবৰ আহি আছে৷ যোৱা ২৯ এপ্ৰিলত নতুন দিল্লীত অনুষ্ঠিত ‘কনফেডাৰেচন
অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰি-২০১৭’-ৰ মূল সভাত কেন্দ্ৰীয়
শক্তিমন্ত্ৰী পীয়ুষ গোৱেলে ঘোষণা কৰে এক অভিলাসী আঁচনি৷ এই আঁচনি মতে ২০৩০ চনৰ
পাছত ভাৰতৰ ৰাজপথত এখনো পেট্র’ল আৰু ডিজেল চালিত গাড়ী
থাকিব নোৱাৰিব। পেট্ৰ’ল আৰু ডিজেলচালিত গাড়ীৰ ঠাই ল’ব
বৈদ্যুতিক গাড়ীয়ে৷ ২০১৭ চনৰ জুলাই মাহত ফ্ৰান্সৰ পৰিৱেশ মন্ত্ৰীয়ে ২০২০ চনৰ
পৰা আৰম্ভ কৰি ২০২২ চনত কয়লাৰ ব্যৱহাৰ আৰু ২০৪০ চনৰ ভিতৰত সকলো পেট্ৰ’ল-ডিজেলৰ ব্যৱহাৰ
সমাপ্ত কৰাৰ কথা ঘোষণা কৰিছে। এইদৰে বিভিন্ন দেশৰ ঘোষণাবোৰ আহি আছে৷ প্ৰকৃততে মানৱ
জাতি বৰ্তি থকাৰ স্বাৰ্থতে এনে পদক্ষেপ জৰুৰী হৈ পৰিছিল।
ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় বজাৰো বৈদ্যুতিক গাড়ীৰ
বাবে সাজু হৈ উঠিছে৷ ২০১৬ চনৰ বছৰটোত বৈদ্যুতিক গাড়ীত ব্যৱহাৰ হোৱা কোষৰ মূল্য
৩৫% কমিছে। ৰাজসাহায্য অবিহনেও বৈদ্যুতিক গাড়ী নিৰ্মাণ কৰিব পৰা পৰ্যায় এটা আহি
পৰিছে৷ ২০২২ চনৰ ভিতৰত বৈদ্যুতিক গাড়ীৰ মূল্য পেট্ৰ’ল
আৰু ডিজেলচালিত গাড়ীৰ সমান হৈ পৰিব বুলি ভবা হৈছে৷ আমাৰ ভাৰততো কেইবাটাও
কোম্পানীয়ে বৈদ্যুতিক গাড়ীৰ বাণিজ্যিক উৎপাদন আৰম্ভ কৰিছে৷ বাইকৰ বজাৰো অতি
উৎসাহজনক। ইতিমধ্যে অসমৰো কেইবাখনো নগৰৰ ৰাজপথত ই-ৰিক্সাই ছানি ধৰিছে৷ প্ৰকৃততে ই
শুভ লক্ষণহে। কেইবাখনো কাকতে ই-ৰিক্সাৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰা দেখা গৈছে যদিও
ইয়াৰ প্ৰচলনক আমি উৎসাহিত কৰা উচিত।
‘কুৱেইট’ আৰু ‘সংযুক্ত
আৰব এমিৰেট’-ৰ দৰে পেট্ৰ’লিয়াম
অর্থনীতিৰ দেশে পেট্ৰ’লিয়াম উদ্যোগৰ পতন হ’লে
পাছত ভৱিষ্যৎ প্ৰজন্ম বৰ্তি থাকিবলৈ এটি বিশেষ পুঁজি গঠন কৰিছে (Karoui, H, 2006, When oil runs out,WSN, www.ssrn.com/abstract=942854)৷ ছৌদি আৰবে ইতিমধ্যেই সেই দেশৰ অৰ্থনীতি খাৰুৱা তেল
নিৰ্ভৰশীলতাৰ পৰা আঁতৰাই অনিবৰ বাবে আঁচনি প্ৰস্তুত কৰিছে৷ ভৱিষ্যতে তেওঁলোকে
ধৰ্মীয় পৰ্যটন ভিত্তিক এক অৰ্থনীতিৰ ৰূপৰেখা প্ৰস্তুত কৰিছে৷ ছৌদি আৰবে তেওঁলোকৰ
ৰাষ্ট্ৰীয় তেল উৎপাদনকাৰী প্ৰতিষ্ঠান ‘ছৌদি আৰ্মকো’-ক
আংশিকভাৱে ব্যক্তিগত খণ্ডলৈ হস্তান্তৰকৰণৰ কথা ঘোষণা কৰিছে৷ মধ্যপ্ৰাচ্যৰ বহুতো খাৰুৱা
তেল উৎপাদনকাৰী দেশে ব্যাপক ৰূপত সৌৰশক্তি ব্যৱহাৰ আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে।
ইতিমধ্যে খাৰুৱা তেল উৎপাদনকাৰী প্ৰতিষ্ঠানবোৰৰ
আমেৰিকা আৰু য়ুৰোপৰ অংশীদাৰসকলে খাৰুৱা তেলৰ ব্যৱসায়ৰ পৰা আঁতৰি অহাৰ পাছত
প্ৰতিষ্ঠানবোৰ কেনেকৈ বৰ্তি থাকিব, তাৰ আঁচনি বিচাৰি ইতিমধ্যে প্ৰৱল হেঁচা দিবলৈ
আৰম্ভ কৰিছে৷ বেংক অৱ ইংলেণ্ডৰ গৱৰ্নৰ মাৰ্ক কাৰ্নিয়ে (Mark Carney) ইতিমধ্যে সতৰ্কবাণী দিছে যে শক্তিৰ উৎসৰ এই
পৰিৱৰ্তনে অৰ্থনৈতিক সুস্থিৰতাত গম্ভীৰ প্রভাৱ পেলাব আৰু ৮০% জীৱাশ্ম ইন্ধনৰ
ভাণ্ডাৰ ব্যৱহাৰ নোহোৱাকৈ মাটিৰ তলতে থাকি যাব৷ ২০২০ চনৰ পৰা পেৰিছ জলবায়ু চুক্তি
দেশসমূহে পৰ্যায়ক্ৰমে ৰূপায়ণ কৰি যাব৷ গতিকে খাৰুৱা তেল উৎপাদনকাৰী
প্ৰতিষ্ঠানবোৰে আজিৰ তাৰিখত মূলতঃ সহজে পাব পৰা হৈ থকা তৈলভাণ্ডাৰ যেনে
মধ্যপ্ৰাচ্য আৰু আমেৰিকাৰ শ্বেল ক্ষেত্ৰসমূহৰ পৰা যিমান পাৰে সিমান তেল আহৰণত
মনোনিৱেশ কৰিছে। উত্তৰ মেৰুসাগৰ, গভীৰ সমুদ্ৰ বা কানাডাৰ তৈল সংপৃক্ত বালিৰ পৰা
তেল আহৰণ প্ৰকল্পবোৰ বন্ধ হৈ পৰিছে। কাৰণ এই প্ৰকল্পবোৰত ধনৰ বিনিয়োগ বহুত বেছি
আৰু দীৰ্ঘ দিনৰ পাছতহে লাভ আহিবলৈ আৰম্ভ কৰে৷ খাৰুৱা তেল উৎপাদনকাৰী
প্ৰতিষ্ঠানবোৰে সঠিকভাৱেই গণনা কৰি উলিয়াইছে যে এনে প্ৰকল্পই লাভ দিবলৈ আৰম্ভ
কৰাৰ আগতেই খাৰুৱা তেলৰ ব্যৱহাৰ সমাপ্ত হ’ব৷
২০২০ চনৰ পৰা পেৰিছ জলবায়ু চুক্তিয়ে জীৱাশ্ম
ইন্ধন প্ৰতিষ্ঠানবোৰৰ ওপৰত আঘাত কৰিবলৈ আৰম্ভ কৰিব৷ তেতিয়া সমগ্ৰ পৃথিৱীৰ
অর্থনৈতিক বাতাৱৰণ খেলিমেলি হোৱাৰ এটা বিশেষ কাৰণ হ’ব ‘মৃত
সম্পদ’ (stranded assets)-ৰ প্রাচুৰ্য। বিভিন্ন তেল
উৎপাদনকাৰী প্ৰতিষ্ঠানে তেওঁলোকৰ হাতৰ তৈলক্ষেত্ৰত জমা থকা তৈল সম্পদক তেওঁলোকৰ
সম্পত্তি হিচাপে দেখুৱায়৷ কিন্তু এইবোৰৰ কেতিয়াও খনন নহ’ব
আৰু মূল্যহীন হৈ পৰিব৷ যাৰ ফলত শ্বেয়াৰ বজাৰত এইসমূহৰ মূল্যৰ পতন হ’ব৷
এতিয়াৰ পৰা তৈলক্ষেত্ৰসমূহত বিকাশমূলক খনন (Development drilling) হ’লেও
অনুসন্ধানমূলক খনন (exploratory drilling) হোৱাৰ সম্ভাৱনা একেবাৰে কম৷
ফ্ৰান্সৰ সৰ্ববৃহৎ তেল কোম্পানী ‘টোটেল’-ৰ
উপসভাপতি জেৰাৰ্ড মৌটেট (Gérard Moutet)-এ
কৈছে, “আজিৰ
দিনটো কালিৰ নিচিনা নহয়৷ এইটো খাটাং যে বৃহৎ পৰিমাণৰ জীৱাশ্ম ইন্ধন কেতিয়াও দহন
নোহোৱাকৈয়ে থাকি যাব৷ আমি নতুন পৰিৱেশত খাপ খোৱাকৈ চিন্তা কৰিব লাগিব (Fortune, 17th December, 2015)৷
পেট্ৰ’লিয়াম উদ্যোগৰ পতনে সমগ্ৰ
বিশ্বৰ ভূ-ৰাজনীতি সলনি কৰি দিব৷ মধ্যপ্ৰাচ্যৰ ৰাজনৈতিক গুৰুত্ব শূন্য
হৈ পৰিব৷ সন্ত্ৰাসবাদ আৰু ইছলামিক মৌলবাদৰ অভিকেন্দ্ৰ সলনি হ’ব৷
ইৰান, চৌদি আৰব, সংযুক্ত আৰব আমীৰশ্বাহীয়ে ইতিমধ্যে তেওঁলোকৰ
অৰ্থনীতিক তৈল নিৰ্ভৰশীলতাৰ পৰা আঁতৰাই আনিবলৈ সক্ষম বুলি দাবী কৰিছে৷ কিন্ত
কেইখনমান আৰব দেশ হয়তো পুনৰ বেদুইন যুগলৈ ঘূৰি নগ’লেও প্ৰাচুৰ্য আৰু ভোগৰ ইতি
পৰিব বুলি ক’ব পাৰি৷ পৰাৱৰ্তনীয় শক্তিকেন্দ্রিক পৃথিৱীত
নতুন ভূ-ৰাজনৈতিক
শক্তিকেন্দ্ৰ কিছুমানৰ সৃষ্টি হ’ব যদিও খাৰুৱা তেলৰ দৰে বেছি
প্ৰভাৱশালী নহ’ব, কাৰণ পৰাৱৰ্তনীয় শক্তি উৎসসমূহ প্ৰায় গোটেই
পৃথিৱীতে সিঁচৰতি হৈ আছে। তথাপি বিদ্যুৎকোষ নিৰ্মাণ কৰা লিথিয়াম উৎপাদনকাৰী
দেশসমূহে আজিৰ মধ্যপ্ৰাচ্যৰ দৰে বিশ্ব অর্থনীতিক কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰিব।
এতিয়ালৈকে জনা তথ্যমতে পৃথিৱীৰ সমস্ত লিথিয়ামৰ ৭৫% ই জমা আছে দক্ষিণ আমেৰিকাৰ
দেশ বলিভিয়া, চিলি আৰু আৰ্জেণ্টিনাত। এই তিনিখন দেশ জুৰি আল্টিপ্লানো
(Altiplano) নামে জনাজাত উচ্চ মালভূমি
এখন আছে। অনবৰতে বতাহে কোবাই থকা এই মালভূমিৰ হ্ৰদবোৰৰ নিমখীয়া পানীত লিথিয়াম
জমা হয়৷ বতাহে কোবাই থকা বাবে এই ঠাইত পানী অতি সোনকালে বাষ্প হৈ যায়৷ হ্ৰদৰ
নিমখীয়া পানীবোৰ মুকলি চেপেটা থালত ৰাখি বাষ্প হ’বলৈ
দিয়া হয়। পানীবোৰ বাষ্প হৈ গ’লে থালবোৰত নিমখৰ তৰপ
উৎপত্তি হয়৷ এই নিমখবোৰৰ পৰাই বিভিন্ন ৰাসায়নিক প্ৰক্ৰিয়াৰ জৰিয়তে লিথিয়াম
সংগ্ৰহ কৰা হয়৷ এই তিনিখন দেশৰ সমগ্র লিথিয়ামৰ আধাই জমা আছে বলিভিয়াত।
বলিভিয়াৰ সৰহখিনি লিথিয়াম পোৱা যায় ‘ছালাৰ দে য়ুনি’ (Salar de Uyuni) নামৰ ১০,০০০
বৰ্গ কিল’মিটাৰৰ নিমখৰ স্তৰেৰে পৰিপূৰ্ণ অঞ্চলটোত। কিন্তু আল্টিপ্লানো অঞ্চলৰ
পৰিৱেশতন্ত্ৰটো অতিকে সংবেদনশীল তথা ভংগুৰ৷ বলিভিয়াৰ চৰকাৰে এই অঞ্চলত বিশাল উদ্যোগীকৰণৰ
জৰিয়তে সংবেদনশীল পৰিৱেশতন্ত্ৰটোৰ ক্ষতি কৰিব বিচৰা নাই৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ
দেশবোৰে ভৱিষ্যতৰ পৃথিৱীৰ শক্তিকেন্দ্ৰৰূপে বলিভিয়াক নিবিচাৰে৷ সেয়েহে
আমেৰিকাপন্থী দেশসমূহে লিথিয়ামৰ নতুন উৎসৰ সন্ধানত উঠি-পৰি লাগিছে।
পেৰিছ জলবায়ু চুক্তিত সকলোৱে চহী কৰাৰ পাছত
যোৱা ১/০৬/২০১৭ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ loevrvdlv ৰাষ্ট্ৰপতি ড’নাল্ড
ট্ৰাম্পে পেৰিছ জলবায়ু চুক্তিৰ পৰা ওলাই আহিব বুলি ঘোষণা কৰা ঘটনাটোৰ অন্তৰালত
বৃহৎ তৈল আৰু কয়লা উৎপাদনকাৰী প্ৰতিষ্ঠানসমূহৰ জীয়াই থাকিবলৈ চলোৱা শেষ
প্ৰচেষ্টাৰ অংশবিশেষৰ বাহিৰে একো নহয়৷ ৰিপাব্লিকানসকলে ৰাষ্ট্ৰপতি নিৰ্বাচনত তেল
উৎপাদনকাৰী প্ৰতিষ্ঠানসমূহৰ পৰা বৃহৎ পৰিমাণৰ ধন দান হিচাপে গ্ৰহণ কৰাটো এক মুক্ত
গোপনীয়তা (The Guardian, 1st June,
2016)৷ কিন্তু এই পদক্ষেপে ড’নাল্ড ট্ৰাম্পক নিজৰ দেশতে চূড়ান্ত অজনপ্ৰিয় কৰি
তুলিলে৷ যাৰ ফলত ট্ৰাম্পে দ্বিতীয়বাৰ নিৰ্বাচিত হৈ এই ঘোষণা কাৰ্যকৰী কৰিবলৈ
নাপালে৷ তদুপৰি ট্ৰাম্পৰ ঘোষণাক পৃথিৱীত কোনেও বিশেষ গুৰুত্ব প্ৰদানো নকৰিলে। আনকি
কেইবাটাও তেল কোম্পানীয়ে সেই ঘোষণাৰ বিৰুদ্ধাচৰণহে কৰিলে৷ কাৰণ কোম্পানীবোৰে
ইতিমধ্যেই পৰাৱৰ্তনীয় শক্তিৰ ক্ষেত্ৰলৈ ব্যৱসায় সলনিৰ বাবে তেওঁলোকৰ নতুন
কাৰ্যপন্থা নিৰ্ধাৰণ কৰি ল’লে৷
পেৰিছ জলবায়ু চুক্তিৰ প্ৰভাৱৰ পৰা অসমৰ
অর্থনীতিও সাৰি যাব নোৱাৰে যদিও এই বিষয়ে অসমে যেনেদৰে চিন্তা-চৰ্চা কৰি সাজু হ’ব
লাগিছিল, তেনেকৈ হোৱা পৰিলক্ষিত হোৱা নাই। আমাৰ অসমৰ অৰ্থনীতিত খাৰুৱা তেলৰ এক মহত্ত্বপূৰ্ণ
ভূমিকা আছে৷ অসমৰ দৰে তেল উৎপাদনকাৰী ৰাজ্যবোৰ পেৰিছ জলবায়ু চুক্তিৰ বাবে
গভীৰভাৱে ক্ষতিগ্ৰস্ত হ’ব৷ সেয়ে খাৰুৱা তেলৰ অবিহনে হ’ব
পৰা অৰ্থনৈতিক বিপৰ্যয়ৰ খুন্দাটো চম্ভালিবলৈ এতিয়াৰ পৰাই সঠিক আঁচনি যুগুতাই
উলিওৱাটো প্ৰয়োজনীয়৷ ৰয়েল্টিৰ উপৰি অসমৰ তৈলক্ষেত্ৰ আৰু শোধনাগাৰসমূহত
প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে নিযুক্ত হৈ আছে অসংখ্য লোক৷ অসংখ্য অসমীয়া লোক বিশ্বৰ
বিভিন্ন তৈলক্ষেত্ৰত কৰ্মৰত হৈ আছে৷ এইসকল লোক একেদিনাই কৰ্মচ্যুত নহ’লেও
তৈলক্ষেত্ৰসমূহত নতুন নিযুক্তি ক্ৰমাৎ হ্ৰাস হৈ আহিব৷ অসমত নতুনকৈ স্থাপন হোৱা ‘ৰাজীৱ
গান্ধী পেট্ৰ’লিয়াম প্ৰতিষ্ঠান’-ৰ ভৱিষ্যৎ ধূসৰ বুলিহে আমি
গণ্য কৰিছোঁ৷ উল্লেখযোগ্য যে ২০১৬ চনৰ জুনত ভাৰত চৰকাৰে অসমৰ ১২ খন উপান্ত
তৈলক্ষেত্ৰ নিলাম কৰাৰ চেষ্টা চলাওঁতে বিভিন্ন সংগঠনে অসমৰ ৰাজপথ উত্তাল কৰিছিল।
তেতিয়া আমি ‘আমাৰ
অসম’ কাকতত এটা সৰু প্ৰবন্ধত ঘোষণা কৰিছিলোঁ যে কেইদিনমানৰ পাছত এইসমূহৰ বাবে কোনেও
ধন বিনিয়োগ কৰিবৰ বাবে ইচ্ছা নকৰিব৷ এতিয়া বাস্তৱ ক্ষেত্ৰত সেইটোৱেই হ’বলৈ
গৈছে৷ তৈলক্ষেত্ৰলৈ আহি থকা সংকটৰ পৰা কোনো তেল উৎপাদনকাৰী প্ৰতিষ্ঠান সাৰিব
নোৱাৰে৷ কিন্তু যিহেতু পেৰিছ চুক্তি পৰ্যায়ক্ৰমেহে ৰূপায়ণ হ’ব, গতিকে তেল উৎপাদনকাৰী
প্ৰতিষ্ঠানসমূহে ইহঁতৰ মৃত্যু যথাসম্ভৱ পলম কৰিবলৈ বিভিন্ন ব্যৱস্থা হাতত লৈছে।
তাৰ ভিতৰত উৎপাদন আৰু পৰিচালনা ব্যয় কমাবলৈ প্ৰতিষ্ঠানসমূহৰ একত্ৰীকৰণ হৈছে৷ এনে
প্ৰচেষ্টাৰ অংশস্বৰূপে ভাৰতৰো বিভিন্ন তেল উৎপাদনকাৰী প্ৰতিষ্ঠানৰ একত্ৰীকৰণ
কৰিবলৈ আঁচনি লোৱা হৈছিল যদিও অসমৰ সৰ্বজান্তাসকলে ইতিমধ্যেই ইয়াৰ বিৰুদ্ধে
আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা দেখিবলৈ পাইছোঁ। এনে আন্দোলনে তথাকথিত জাতীয়
উদ্যোগৰ মৃত্যু কেইদিনমান সোনকাল কৰি দিয়াৰ বাহিৰে একো উদ্দেশ্য সাধন নকৰে৷
উল্লেখযোগ্য যে আৱেগত ব্যৱসায় নচলে, ইয়াৰ বাবে ব্যৱসায়িক বুদ্ধিৰহে প্ৰয়োজন৷
পেৰিছ জলবায়ু চুক্তিৰ দৰে পৃথিৱীৰ সকলো চুক
চুই যাব পৰা এখন চুক্তিৰ বিষয়ে বিশেষভাৱে প্ৰভাৱিত হ’বলগীয়া
ৰাজ্য হিচাপে অসমত যেনেদৰে আলোচনা, বিতৰ্ক আৰু পৰিকল্পনা হ’ব
লাগিছিল তাৰ চিন-চাবো আমি দেখা নাই। আজিৰ তাৰিখত অসমৰ ৰাইজ আৰু চৰকাৰৰ কৰণীয় হ’ল
খাৰুৱা তেল আৰু কয়লা অবিহনে অসমৰ অৰ্থনীতি কেনেকৈ চালিত হ’ব
তাৰ আঁচনি যুগুতাই উলিওৱা। অসমত ভবিষ্যতৰ উদ্যোগ হিচাপে জৈৱিক চাহ আৰু পৰ্যটনক
গঢ়ি তোলাটো চৰকাৰ আৰু জনসাধাৰণৰ কৰ্তব্য৷। বিকল্প শক্তিৰ উৎসৰ বাবে অসমত
জলবিদ্যুতৰ বিকল্প নাই৷ অসমৰ ভৌগোলিক পৰিস্থিতিত বতাহ শক্তি আৰু সৌৰশক্তি উৎপাদনৰ
সম্ভাৱনা কম৷ ভৱিষ্যতে উন্নত প্ৰযুক্তিৰ বিকাশ হ’লে
হয়তো সৌৰশক্তি হয়তো কিছু পৰিমাণে উৎপাদন হ’ব পাৰে৷ এইসমূহ দিশ তন্ন তন্নকৈ
বিচাৰ কৰাৰ সময় সমাগত৷ ভাৰতৰ উৎপাদনকাৰী প্ৰতিষ্ঠানবোৰৰ কোনো বিকল্প আঁচনি আমাৰ
চকুত পৰা নাই। এই প্ৰতিষ্ঠানবোৰে পৰম্পৰাগত ক্ষেত্ৰত বিনিয়োগ কমাই নতুন ক্ষেত্ৰলৈ
যোৱাৰ বাবে চিন্তা কৰাৰ সময়ো সমাগত৷ মৰা ঘোঁৰাৰ কাৰণে ৰাজহুৱা ধন বিনিয়োগ কৰাৰ
কোনো অৰ্থ নাই। এতিয়া কয়লা আৰু খাৰুৱা তেলৰ অনুসন্ধানমূলক খনন বন্ধ কৰি কেৱল
বিকাশমূলক খনন কৰাৰ সময়৷ ৰাজহুৱা খণ্ডৰ কয়লা আৰু পেট্ৰ’লিয়াম
খনন প্ৰতিষ্ঠানসমূহে সময় থাকোঁতেই পৰিকল্পনা কৰা উচিত৷ অসমৰ ৰাইজৰ বাবেও এতিয়া
আৱেগ পৰিহাৰ কৰি বাস্তৱক উপলব্ধি কৰাৰ সময়৷