অন্যযুগ/


খোজবোৰ

 অব্যক্ত নিৰ্বাণ ৰাজখোৱা

        এয়া কি! লাহে লাহে মোৰ এনে ভাব হৈছে যেন মই মৃতপ্ৰায় হৈ পৰিছোঁ৷ কিন্তু মোৰ দুখ লগা নাই কিয়? মই আকৌ সেই সেউজীয়া পথাৰবোৰত বহিবলৈ নাপাম, বৰফৰ পুতলা সাজিবলৈ নাপাম, নৈত বৰশী বাবলৈ নাপাম? অৱশ্যে মই সেইবোৰ কিছু বছৰৰ আগৰ পৰা কমাই দিছিলোঁ৷ ভাবিছিলোঁ শিক্ষকতা কৰিম আৰু সেই ধনেৰে এখন সুন্দৰ ফাৰ্মহাউছ আৰম্ভ কৰিম৷ কিন্তু জীৱনত দেখোন সময়েই নাপালোঁ৷ পিছে ৪৭ বছৰীয়া জীৱনত আৰু কি আশা কৰিম? গৱেষণাগাৰৰ নিগনিবোৰৰ গোন্ধৰ বাদে জীৱনত আৰু কিবা সোৱাদ ল’ব পাৰিলোঁ জানো ? অৱশেষত হাস্পিটে‍লৰ বিছনাতহে পৰিলোঁহি৷ চকুৰ আগতে পত্নী এলিজাবেথকো হেৰুৱালোঁ৷ 
        দৈনিক শ শ মানুহৰ মৃত্যু দেখিছোঁ৷
        এনে লাগিছে যেন মৃত্যুপুৰীত বৰ ভিৰ লাগিব৷ মোৰ শৰীৰ ইতিমধ্যেই নিথৰ হৈ পৰিছে৷ জীৱনৰ শেষ অংশত উপস্থিত হৈছোঁহি৷ কেম্ব্ৰিজত নিজৰ ঘৰতো মৰিবলৈ নাপালোঁ৷ কিবা উপায়েৰে এই দুৰ্যোগৰ পৰা জাতিটোক বচাবলৈ দিনে-নিশাই গৱেষণাগাৰত সোমাই পৰিছিলোঁ৷ এটা অচিন ৰোগে মানৱ জাতিটোক এফালৰ পৰা মাৰি নিছে৷ কিন্তু শেষত নিজে তাৰ চিকাৰ হ’লোঁ৷ জীৱনৰ শেষৰ সময়খিনি এলিজাবেথৰ লগত নিজৰ ঘৰখনতো কটাব নোৱাৰিলোঁ৷ মই যদি বাচি যাওঁ তেতিয়া বাৰু মই কি কৰিম? আকৌ শিক্ষকতা কৰিম? নে স্কটলেণ্ডৰ ফালে এখন ফাৰ্ম খুলি জীৱনটো পাৰ কৰি দিম? কিন্তু তেতিয়ালৈকে বাৰু এই জাতিটো জীয়াই থাকিবনে? নে এই জগতখনে পুনৰ প্ৰাকৃতিক ৰূপ ল’ব? য’ত মানুহ নাথাকিব, য’ত নাথাকিব মানুহে সৃষ্টি কৰা বেমাৰ, নাথাকিব চিকাৰ, নেশ্যনেল পাৰ্ক৷ কিন্তু ই জানো সম্ভৱ!
        আমি ইমান সোনকালে পৰাস্ত হ’ম য়ে? নে এই প্ৰশ্ন এজন আধা মৰা মানুহে কৰা প্ৰশ্নই হৈ ৰ’ব? মই এতিয়া এই প্ৰশ্ন কৰা উচিত নহ’ব৷ আৰু কিছু সময়ৰ পাছতেই আনুবিছৰ লগত মোৰ মিলন হ’ব৷ যিয়ে মোক অচাইৰিচৰ বিচাৰসভালৈ বাট দেখুৱাই দিব৷ নে মই হেদিছৰ মৃত্যুপুৰী পাম? যদি মই হেলাৰ সৈতে অদিনৰ ভালহালা পাওঁ? বা মই চিত্ৰগুপ্তকো লগ পাব পাৰোঁ৷ কিন্তু যদি এই কিম্বদন্তিবোৰ সঁচা নহয়? মই কি চিৰকালৰ বাবে অন্ধকাৰৰ মাজতেই সোমাই পৰিম নেকি? বা এখন শূন্য মৰুভূমি, যাৰ নাই একো অস্তিত্ব, কেৱল শূন্যতা৷ মোৰ চকুৰ পতা লাহে লাহে মুদ খাই আহিব ধৰিছে৷ মই মানুহৰ চিঞৰ, কান্দোন, যন্ত্ৰণা একো নুশুনা হৈ পৰিছোঁ৷ মনলৈ ভাবো নহা হৈ পৰিছে৷ মই বাৰু এটা ভিডিঅ’ গে’মৰ দৰে এবাৰ মৰাৰ পাছত আকৌ জী উঠিম নেকি? নতুন শৰীৰ, নতুন ভাষা, নতুন ধৰ্ম, নতুন নাগৰিকত্ব? কিম্বদন্তিবোৰৰ কথা ভাবিলে হাঁহিও উঠে৷ মৃত মানুহৰ ভৱিষ্যতৰ কথা হিচাপ কৰে জীৱিত মানুহে, যি কেতিয়াও মৃত্যুৰ মাজেদি গৈ পোৱা নাই৷
        হাস্পিটে‍লৰ বগা দেৱালবোৰ ক্ৰমাৎ ক’লা হ’বলৈ আৰম্ভ কৰিছে৷ দৃষ্টি মোৰ ধোঁৱা ধোঁৱা হ’বলৈ ধৰিছে৷  মই খুব ভয় খাইছোঁ, মই অকলে এখন বিছনাত মৰিব নোৱাৰোঁ৷ মোক মোৰ জীৱন ঘূৰাই লাগে৷ মই আকৌ জীয়াই থাকিব খোজোঁ৷ মই আকৌ মোৰ ঘৰলৈ ঘূৰি যাব খোজোঁ৷ কিন্তু ই জানো সম্ভৱ? মই দেখোন এই বিছনাখনতে আৱদ্ধ হৈ পৰিছোঁ দেখোন৷ অনবৰতে যন্ত্ৰণাৰ চীৎকাৰ আৰু কান্দোনেৰে পৰিপূৰ্ণ এই হস্পিটে‍লখন কিয় ইমান নিস্তব্ধ হৈ পৰিছে? ধক্‌ধকীয়া বগা দেৱালবোৰ কিয় ক’লা হৈ পৰিছে? মই কিয় ভয় খাইছোঁ?
        আস্‌! এয়া কি! মই আন্ধাৰ দেখিছোঁ কিয়! মই মোৰ শৰীৰটোক অনুভৱ কৰিব পৰা নাই৷ নে মই এতিয়া মৃত? মই এতিয়া মোহনীয় পৃথিৱী এৰিলোঁ৷ য’লৈ মই আৰু কেতিয়াও ঘূৰি যাব নোৱাৰিম? এতিয়া মই আছোঁ এখন শূন্য, কোনো অস্তিত্ব নাইকি‍য়া ঠাইত, য’ৰ পৰা পৰিত্ৰাণৰ কোনো উপায় নাই৷ এতিয়া চাগৈ ডাক্তৰবোৰে মোৰ শৰীৰটোক মৃত বুলি ঘোষণা কৰিছে, লগে লগে মোৰ বিছনাত অন্য এজন ৰোগীক শুবলৈ দিছে, যি বাচিবও পাৰে, মোৰ নিচিনাকৈ মৰিবও পাৰে৷ 
        এই আন্ধাৰৰ মাজতে হঠাৎ এটা পোহৰৰ কিৰণে দেখা দিলে৷ অতি উজ্জ্বল পোহৰ৷ যি এসময়ত মোক চাৰিওফালৰ পৰা গিলি পেলালে৷ এতিয়া মই ক’ত পালোহি? এখন ৰঙা আকাশ, ৰঙা বালি আৰু কেৱল শূন্যতা৷ এয়াই সম্ভৱতঃ মৃত্যুপুৰী৷ হেডিছ। য’ৰপৰা আৰু একো নাই৷ মই এতিয়া নিজৰ শৰীৰত আছোঁ নিজৰ পোছাক পৰিধান কৰি৷ কিন্তু মাটিত মোৰ খোজৰ চিন বহা নাই আৰু মই নিজৰ শৰীৰক অনুভৱ কৰিব পৰা নাই৷ তেতিয়া এটা অশৰীৰী, অদ্ভুত আকৃতি এটা মোৰ সন্মুখত উপস্থিত হৈছেহি৷ সি মোক তাৰ পিছে পিছে যাবলৈ ইঙ্গিত দিছে আৰু ময়ো যাবলৈ আৰম্ভ কৰিছে৷ মাজে মাজে সি মোৰ ফালে ঘূৰি চায়, আকৌ আগ বাঢ়ি যায়৷ মই তাৰ পিছে পিছে খোজ ল’লোঁ৷ 
        এজাক বতাহ বলিবলৈ আৰম্ভ কৰিছে৷ কিন্তু মই সেই বতাহ অনুভৱ কৰিব পৰা নাই৷ বালিবোৰ উৰিব ধৰিছে, মই অলপ দৌৰি সেই আকৃতিটোৰ ওচৰ চাপিলোঁ৷ সি মোৰ ফালে চোৱা নাই৷ মাত্ৰ এটা নিৰ্দিষ্ট পথত গৈহে আছে৷ এবাৰ সন্মুখলৈ চালোঁ, দেখোঁ এটা প্ৰকাণ্ড পাহাৰ, যাৰ শিখৰত ধুমুহা, বিজুলী-গাজনি মাৰি আছে৷ সেয়াই চাগৈ নৰক আৰু স্বৰ্গৰ বাট৷ 
        মই অলপ হতভম্ব হ’লোঁ৷ তাৰ পাছত সেই অশৰীৰীক সুধিবলৈ চেষ্টা কৰিলোঁ— ‘‘এই কি ঠাই?’’  লগে লগে সেই অশৰীৰীয়ে মানুহৰ আকৃতি ল’লে৷ কিন্তু তাক সম্পূৰ্ণকৈ নেদেখি আৰু গাৰ ৰঙো উজ্জ্বল বগা৷ সি ক’বলৈ ধৰিলে— ‘‘যি নাম দিয়াঁ এই ঠায়ে সেই নামকে ল’ব৷ ইয়াৰ নিৰ্দিষ্ট নাম নাই৷ বিভিন্ন জীৱই ইয়াক বিভিন্ন নাম দিয়ে৷’’ 
            তাৰ কথাৰ অৰ্থ মই বুজিলোঁ৷ আৰু জীৱ মানে যে অকল মানুহকে যে বুজোৱা নাই সেয়াও বুজিলোঁ৷ অলপ সময় মনে মনে খোজ ল’লোঁ৷ তাৰ পাছত তাক আকৌ সুধিলোঁ—  ‘‘তুমিনো কোন?’’ সি প্ৰায় একেখিনি কথাকে ক’লে৷ মই নিঃসন্দেহ হ’লোঁ যে এয়াই এলিযিয়াম, ভালহালা বা যমলোক৷ মই নিজকে বাৰে বাৰে চিকুটি চালোঁ, কেনেবাকৈ যদি এয়া এটা সপোন? কিন্তু মই সাৰ নাপালোঁ৷ মই ভয় খালোঁ, অলপ সময় সেই পাহাৰৰ ওপৰৰ ধুমুহাজাকলৈ চালোঁ৷ তেনেতে আকৌ এজাক বতাহ মাৰিলে আৰু গোটেই ঠাইখন ধূলিময় হৈ উঠিল৷ মই সেই অশৰীৰীক আকৌ এটা প্ৰশ্ন কৰিলোঁ—  ‘‘সেই পাহাৰৰ ওপৰত কি আছে বাৰু?’’ 
            সি প্ৰশ্নটোৰ উত্তৰ নিদিলে৷ অলপ সময় তলমূৰ কৰিলে আৰু আকৌ খোজ ল’লে৷ তেতিয়া মই সেই প্ৰশ্ন আকৌ কৰিলোঁ৷ কিন্তু সি এইবাৰো উত্তৰ নিদিলে৷ মই প্ৰশ্নৰ উত্তৰ জানিবলৈ আৰু চেষ্টা নকৰিলোঁ৷ অলপ দূৰ আগুৱাই গৈ দেখিলোঁ এখন নদী৷ এখন বেঙুনীয়া ৰঙৰ নদী, যাৰ পানী বৈ যোৱা নাই৷ মোৰ খোজ অলপ ধীৰ হ’ল, কিন্তু সেই অশৰীৰী পূৰ্ণগতিত আগুৱাই গৈ থাকিল৷ নদীখনৰ একেবাৰে কাষ পোৱাৰ পাছত সি ৰ’ল৷ এবাৰ মোৰ ফালে চালে, তাৰ পাছত সি পাহাৰটোলৈ আঙুলিয়াই ক’লে— ‘‘সেয়া মৃত্যু।’’ আৰু লগে লগে সি নদীখনত জাঁপ দিলে৷ এইবাৰ মই সঁচাকৈ ভয় খালোঁ, মই নিজকে আৰু ৰখাব নোৱাৰিলোঁ৷ এই অনন্ত মৰুভূমি পাৰ হোৱাৰ আশাত মই শূন্যলৈ লৰ মাৰিলোঁ৷ কিন্তু এসময়ত মই এঠাইত এখন অদৃশ্য দেৱালত খুন্দা খাই ৰৈ গ’লোঁ৷ সেইখনকো সঠিকভাৱে এখন দেৱাল বুলিব নোৱাৰি৷ সি এক ধৰণৰ শক্তি, যি মোক আগলৈ যোৱাৰ পৰা বাধা দিছে৷ মই সেই শক্তিক নেওচি যাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু শৰীৰৰ যি অংশ সেই দেৱালৰ বাহিৰ ওলায়, সেই অংশ লগে লগে জ্বলি ছাই হৈ যায়৷ গতিকে সেই অশৰীৰীৰ ওচৰলৈ ঘূৰি যোৱাৰ বাহিৰে মোৰ আৰু একো উপায় নাই৷ পিছলৈ মূৰ কৰি দেখোঁ, সি দূৰৈৰ পৰা মোলৈ ট টকৈ চাই আছে, যেন সি মোক ঘূৰি আহিবলৈ নিৰ্দেশহে দিছে৷ মই আৰু পলম নকৰি আকৌ উভতি যাবলৈ ধৰিলোঁ৷ 
        পলম? এই ঠাইত জানো সময় আছে? এই ঠাইত সময় এটা অৱয়ব থকা বস্তুৰ দৰে৷ সময় এই ঠাইৰ ৰঙা বালি, যি মই ভৰিৰে গচকি আগবাঢ়িছোঁ, য’ত মোৰ খোজৰ চিন বহা নাই, যাক এজাক বতাহে সহজতে উৰুৱাই লৈ যায়৷
        সেই অশৰীৰীৰ ওচৰ পালোগৈ৷ সি একো নোকোৱাকৈয়ে খোজ ল’লে, ময়ো খোজ ল’লোঁ৷ প্ৰতিটো খোজে সেই পাহাৰখনক ওচৰ চপাই আহিছে৷ মানে মৃত্যু ওচৰ চাপি আহিছে৷ এই জনপ্ৰাণীহীন ৰঙা বালিৰ মৰুভূমিত খোজকাঢ়ি গৈ থাকোঁতেই সেই শৰীৰক আকৌ এঠাইত পাহাৰটোলৈ আঙুলিয়াই প্ৰশ্ন কৰিলোঁ— ‘‘তাত  আমাৰ ভাল কাম আৰু বেয়া কামবোৰ জোখা হয় নেকি? এইবাৰো সি উত্তৰ নিদিলে৷             অলপ সময়ৰ পাছত সি মোক ক’লে, ‘‘তুমি জীৱিত অৱস্থাত কি কৰিছিলা?’’ 
    মই ক’লোঁ— ‘‘শিক্ষকতা৷’’ তেতিয়া সি ক’লে— ‘‘মানুহ পঢ়োৱা?’’ মই ক’লো— ‘‘নিঃসন্দেহে৷’’ তেতিয়া সি ক’লে— ‘‘তুমি নিজৰ পত্নীৰ বেমাৰৰ সময়ত তেওঁৰ লগত থাকিব নোৱাৰিলা?’’ মই একো উত্তৰ নিদিলোঁ৷ তলমূৰ কৰিলোঁ৷ এলিজায়ো চাগৈ এই অশৰীৰীৰ সৈতে ভয়ে ভয়ে সেই পাহাৰলৈ খোজ লৈছিল৷ য’ত চাগৈ তাইৰ বাবে ৰৈ আছিল মৃত্যু৷ তাই যদি এই পথেৰেই আগবাঢ়িছে, তেতিয়াহ’লে মইনো যাব কিয় নোৱাৰিম? সাহসেৰে এই পথেৰে ময়ো আগ বাঢ়িম৷
        অলপ দূৰ গৈ দেখোঁ৷ এটা মন্দিৰৰ দৰে বস্তু৷ দেখাত ভাৰতীয় যেন লাগে৷ য’ত একুৰা জুই জ্বলি আছে৷ জুইকুৰা ক্ৰমাৎ ডাঙৰ হৈ হৈ এসময়ত ধপ্‌কৈ শব্দ কৰি নুমাই যায়৷ কি? ইয়াৰ অৰ্থ কি? এই ঠাইবোৰো ক্ৰমাৎ অদ্ভুত হৈ আহিবলৈ ধৰিছে৷ মোক এতিয়া কিছুমান আচৰিত ধৰণে ঘিণ লগা জীৱই আগুৰি ধৰিছে৷ মোক আগ বাঢ়িবলৈ  বাধা দিছে৷ মই অলপ দূৰ দৌৰি আগুৱাই গ’লোঁ৷ পিছলৈ মূ কৰি দেখোঁ সেই জীৱকেইটাই মোলৈকে চাই আছে৷ সিহঁতৰ ডাঙৰ ডাঙৰ চকুকেইটা দেখি মই অলপ ভয় খালোঁ৷ আৰু দুখোজমান আগবাঢ়ি গ’লোঁ৷ সেই ৰহস্যময় ঠাইবোৰ পাৰ হৈ এসময়ত পাহাৰৰ দাঁতি পালোঁহি৷ কিন্তু দূৰৈৰ পৰা দেখাতকৈ এই পাহাৰ নিচেই সৰু৷ কেৱল সাতচল্লিছটা চিৰিয়ে এই পাহাৰটোৰ শিখৰ পোৱায়গৈ৷ মূৰৰ ওপৰত ধুমুহাজাক লৈ চিৰিকেইটাত প্ৰথম খোজ দিওঁতেই দেখোঁ যে সেই  অশৰীৰী মোৰ লগত আগ বঢ়া নাই৷ সি চিৰিকেইটাৰ সন্মুখত থৰ লাগি ৰৈ আছে৷ অলপ সময়ৰ পাছত যি নোহোৱা হৈ গ’ল৷ এতিয়া মই বুজিলোঁ যে বাকী বাটছোৱা মই অকলশৰেই যাব লাগিব৷ খোজ ল’বলৈ আৰম্ভ কৰিলোঁ৷ প্ৰথমছোৱাৰ চিৰিবোৰ সুন্দৰ৷ কিন্তু লাহে লাহে সেই চিৰিবোৰ পিছল হ’বলৈ ধৰিলে৷ শিখৰৰ ধুমুহাজাক ডাঙৰ হ’বলৈ ধৰিছে৷ মই ভয় খাবলৈ ধৰিছোঁ, মৃত্যুক মূৰৰ আগত লৈ খোজ দিছোঁ৷ এতিয়া শেষৰ কেইখোজমান বাকী৷ মই ইতিমধ্যে ধুমুহাজাকত সোমাই পৰিছোঁ৷ মই ক্ৰমাৎ পিছল খাব ধৰিছোঁ৷
               অৱশেষত মই  সাতচল্লিছ নম্বৰৰ চিৰিটোত পিছল খালোঁ৷ ওপৰলৈ যোৱাৰ আশা ধূলিস্যাৎ কৰি মই পাহাৰৰ তললৈ প্ৰচণ্ড বেগত সৰি পৰিব ধৰিছোঁ৷ এয়াই মৃত্যু নেকি! পাহাৰৰ দাঁতিৰ পৰা মই মানে আকৌ এটা নতুন জীৱন আৰম্ভ কৰিব পাৰিম? মোৰ শৰীৰত প্ৰচণ্ড বিষ আৰম্ভ হোৱাৰ উপক্ৰম কৰিছে৷ কিছুমান বিকট শব্দই মোক আগুৰি ধৰিছে৷ এই বিষ আৰু শব্দ ক্ৰমাৎ বাঢ়িবলৈ ধৰিছে৷ আৰু শব্দ? এয়াচোন মোৰ এলাৰ্ম৷ মই ক’ত আছোঁ? এয়া কি সপোন আছিল নেকি? আৰু এলিজা, মোৰ এলিজাবেথ? তেওঁ মোৰ চকুৰ সন্মুখতে থিয় হৈ আছে৷ তোওঁ খঙেৰে ক’লে—  ‘‘ইমান বেয়াকৈ শুইছা কিয়? পিঠিৰ বিষ হ’ব৷’’ 
            তেতিয়া মই ক’লো— ‘‘তুমি কি বুজিবা এলিজা!’’ বাহিৰত ছাইৰেনৰ শব্দ শুনিলোঁ৷ আৰু এজন ক’ভিড ৰোগী হাস্পটেললৈ নি আছে এম্বুলেঞ্চখনে৷ 
                কেতিয়াকৈ যে এই বেমাৰটো ভাল হ’ব!

টোকা  :
আনুবিছ : ইজিপ্সীয়ান মানুহৰ বিশ্বাস অনুসৰি মৃত্যুৰ হিচাপ ৰখা দেৱতা৷
অচাইৰিচ : ইজিপ্সীয়ান বিশ্বাস মতে মৃত্যুপুৰীৰ মূল দেৱতা৷
হেদিছ : ইজিপ্সীয়ান বিশ্বাস আৰু গ্ৰীক পুৰাণৰ মতে মৃত্যুপুৰীৰ মূল দেৱতা৷
হেলা : নৰৱেৰ মানুহৰ বিশ্বাসত মৃত্যুৰ দেৱী৷
অদিন : হেলাৰ দেউতাক৷
ভালহালা : যুদ্ধত মৃত্য়ু হোৱা মানুহৰ আত্মা থকা ঠাই৷
এলিজি‍য়াম : গ্ৰীকসকলৰ লোকবিশ্বাস মতে মৃত্যুপুৰী৷

ঠিকনা  : সপ্তম শ্ৰেণী
ছেণ্ট মেৰীজ হাইস্কুল
চাবতি, লখিমপুৰ

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ