অন্যযুগ/


মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা

 (জুন, ২০২৫ সংখ্যাৰ পৰৱৰ্তী অংশ)


(২৯)

 

 

 

খিৰিকিৰ আইনাখনত ৰাতি হৈ যোৱা বৰষুণৰ টোপাল পৰি ধূলিৰ চামনিৰ ওপৰত দাগ কাটিছিল। ষ্টেপানে শুকান বুঢ়া আঙুলিটোৰে আইনাখন অলপ মোহাৰি বাহিৰৰ ধূসৰ আকাশখনলৈ চালে। পাতল ডাৱৰ আছে যদিও বৰষুণৰ সম্ভাৱনা একেবাৰে নাই! ঋতুৰ এই পৰিৱৰ্তনক ষ্টেপানে সদায় সূক্ষ্ম দৃষ্টিৰে চায়। আচলতে ঋতুবোৰেই কৈ দিয়ে— সময় সলনি হৈছে!

১৯ বছৰ! দুটা দশকেই হ'বৰ হ'ল। মানুহে কয়— সময় হেনো নদীৰ দৰে বৈ যায়। কিন্তু ষ্টেপানৰ অনুভৱ হয়— মলেঁয়া আৰু ক্লেপেটাঁৰ আগমনৰ পাছৰে পৰা তেওঁৰ ঘড়ীৰ কাঁটাকেইডাল যেন বৰ বেগাই ঘূৰিবলৈ ধৰিলে। ১৯টা বছৰ কেনেকৈ পাৰ হ’ল, তেওঁ গমকে নাপালে। চকুৰ পলকতে যেন ১৯টা মাহহে পাৰ হৈ গ’ল! এই অগতানুগতিক প্ৰেমৰ সাক্ষী হ’বলৈ পোৱাটো কেৱল তেওঁৰ চকুৰ বাবেই নহয়, তেওঁৰ উকা জীৱনটোৰ বাবেও এক পৰম সৌভাগ্য।

কিন্তু আজিকালি এই সৌভাগ্যৰ অনুভৱটোৰ লগতে এটা ক’লা ছায়াই তেওঁৰ মনটোক খেদি ফুৰে। এক অবুজ আশংকা, এক নীৰৱ সন্ত্ৰাস। ষ্টেপানে খিৰিকিৰ কাষৰ পৰা আহি কাঠৰ চকীখনত বহি দীঘলকৈ উশাহ এটা ল’লে। তেওঁৰ বুকুৰ ভিতৰখন কঁপি উঠিল। কিজানি... কিজানি এইবাৰ যোৱা বাটে ক্লেপেটাঁ আৰু কেতিয়াও উভতি নাহে!

চিন্তাৰ ডোলে তেওঁৰ মনটোক মেৰিয়াই ধৰিলে। তাৰোতো বয়স হৈছে। সি এতিয়া আৰু সেই তৰুণ, শক্তিশালী চৰাইটো হৈ থকা নাই। হাজাৰ হাজাৰ মাইল দূৰত্ব, উত্তপ্ত ছাহাৰা মৰুভূমি, নীলা সাগৰ আৰু আকাশৰ ধুমুহা ফালি ক্ৰ'ৱেছিয়াৰ এই সৰু গাঁওখনলৈ উৰি অহাটো তাৰ বাবে এতিয়া প্ৰতি খোজতে মৃত্যুৰ সৈতে যুঁজাৰ দৰে। তাৰ ডেউকাৰ জোৰ কমি আহিছে। উশাহ চুটি হৈ আহিছে। যদি কোনোবা এটা দিনত, কোনোবা এখন অচিনাকি মৰুভূমিত ভাগৰুৱা হৈ ক্লেপেটাঁ চিৰদিনৰ বাবে ঢলি পৰে?

ভাবটো মনলৈ অহাৰ লগে লগে ষ্টেপানৰ বুকুখন চিৰিংকৈ উঠিল। কিন্তু সংঘাত কেৱল ক্লেপেটাঁক লৈয়েই নহয়; আচল সংঘাতটো তেওঁৰ নিজৰ অস্তিত্বক লৈহে।

 ষ্টেপানে নিজৰ দুৰ্বল হাত দুখনলৈ চালে। ছালবোৰ কোঁচ খাই পৰিছে, সিৰাবোৰ স্পষ্ট হৈ উঠিছে। তেওঁ বুজি পাইছে যে তেওঁৰ নিজৰো আয়ুস কমি আহিছে। নিঃসংগ বুঢ়া বয়সত এই চৰাইহালেই তেওঁৰ জীয়াই থকাৰ একমাত্ৰ কাৰণ। সিহঁত কেৱল চৰাই হৈ থকা নাই, তেওঁৰ বুকুৰ কুটুম, তেওঁৰ পোষ্য পুত্ৰ-পুত্ৰী। সিহঁতৰ ওচৰত তেওঁ চিৰদিনৰ বাবে ধৰুৱা।

হঠাৎ যদি কাল ধুমুহাজাক তেওঁৰ ওপৰত আহে? যদি কাইলৈ ৰাতিপুৱা ষ্টেপানে চকু মেলিব নোৱাৰে? ... এক গভীৰ অসহায়তাই ষ্টেপানক গ্ৰাস কৰিলে। তেওঁৰ পাছত কোনে চাব মলেঁয়াক? আঘাতপ্ৰাপ্ত ডেউকাৰে মলেঁয়াইতো উৰিব নোৱাৰে, নিজে চিকাৰ কৰিব নোৱাৰে। কোনে তাইক বুকুৰ মৰমেৰে মাছ খুৱাব? কোনে জাৰৰ দিনত তাইক উমাল আশ্ৰয় দিব?

মাৰ্ক'ৰ মুখখন তেওঁৰ চকুৰ আগত ভাহি উঠিল। মাৰ্ক' তেওঁৰ আপোন; কিন্তু তাৰ নিজৰ এখন পৃথিৱী আছে, ব্যস্ততা আছে, আধুনিক জীৱনৰ কোবাল সোঁত আছে। মাৰ্ক'ই পাৰিব জানো এই অবোধ চৰাইহালৰ মৌন ভাষাক বুজি পাব? সি পাৰিব জানো ষ্টেপানৰ দৰে প্ৰতিটো ঋতুৰ পৰিৱৰ্তনত ব্যাকুল হৈ আকাশলৈ চাই বাট চাবলৈ? নে তেওঁৰ অনুপস্থিতিত এই চৰাইহাল এই ঘৰখনতে অনাদৰ আৰু অৱহেলাত অনাথ হৈ পৰিব?

অতীতৰ মৰম, বৰ্তমানৰ অসহায়তা আৰু ভৱিষ্যতৰ এই ভয়ংকৰ অনিশ্চয়তা— এই তিনিওটাৰ মাজত সোমাই ষ্টেপানৰ মানসিক জগতখন যেন এখন যুদ্ধক্ষেত্ৰ হৈ পৰিল, য’ত তেওঁ নিজেই নিজৰ বিৰুদ্ধে যুঁজিছে, অথচ কোনো সমাধান বিচাৰি পোৱা নাই।

বহাৰ পৰা উঠি গধুৰ খোজেৰে ষ্টেপানে পুৰণি ওক কাঠৰ ড্ৰয়াৰটো খুলিলে। ড্ৰয়াৰটো খোল খাওঁতে হোৱা কেৰকেৰণি শব্দটোৱে নিস্তব্ধ কোঠাটোৰ নিৰৱতা কঁপাই তুলিলে। তেওঁ হাতৰ কঁপনিটো লুকুৱাবলৈ চেষ্টা কৰি ভিতৰৰ পৰা পুৰণি, বুকুৰ কাষত সাঁচি থোৱা ডায়েৰীখন উলিয়াই আনিলে। ডায়েৰীখনৰ চামৰাৰ বেটুপাতটো জৰাজীৰ্ণ হৈ পৰিছে, পাতবোৰ হালধীয়া হৈ ঐতিহাসিক দলিলৰ দৰে গোন্ধাইছে।

এইখন কেৱল এখন ডায়েৰী নহয়, এইখন তেওঁৰ বিগত প্ৰায় তিনিটা দশকৰ জীৱনৰ আটাইতকৈ উমাল আৰু সঁচা পৃষ্ঠাবোৰৰ একাঁজলি দস্তাবেজ।

ষ্টেপানে চকুৰ চশমাযোৰ নাকৰ ওপৰত অলপ উঠাই লৈ ডায়েৰীৰ পাতবোৰ লুটিয়াবলৈ ধৰিলে। প্ৰতিটো পৃষ্ঠাতে তেওঁৰ নিজৰ হাতেৰে লিখা আখৰবোৰ জিলিকি উঠিল। ১৯৯৩ চনৰ সেই বিশেষ দিনটো— যিদিনা তেওঁ পাখি ভগা, তেজৰে লুতুৰি-পুতুৰি হৈ থকা অকলশৰীয়া মলেঁয়াক উদ্ধাৰ কৰি বুটলি আনিছিল। তাৰ পাছত ২০০২ চনৰ সেই অলৌকিক দিনটো, যিদিনা এই ঘৰৰ চালত প্ৰথমবাৰৰ বাবে ডেউকা কোবাই নামি পৰিছিল ক্লেপেটাঁ।

ডায়েৰীখনৰ সুকীয়া সুকীয়া পৃষ্ঠাত বছৰেকীয়া হিচাপৰ দৰে ক্ৰম অনুসৰি লিখা আছে— প্ৰতিবছৰে শীতৰ শেষত ক্লেপেটাঁ কোনটো দিনত, ঠিক কিমান বজাত আকাশ ফালি মলেঁয়াৰ কাষলৈ উভতি আহিছিল আৰু কোনটো দিনত পুনৰ দক্ষিণলৈ উৰা মাৰিছিল। কেৱল অহা-যোৱাৰ তাৰিখেই নহয়, সিহঁতৰ প্ৰেমৰ প্ৰতিটো ঋতুৰ ফচল, অৰ্থাৎ সিহঁতে জন্ম দিয়া পোৱালিবোৰৰ সংখ্যা পৰ্যন্ত তাত নিখুঁতভাৱে লিপিবদ্ধ হৈ আছে।

ষ্টেপানে চকু ফুৰাই হিচাপ কৰিলে। তেওঁৰ আঙুলিৰ মূৰবোৰে ডায়েৰীৰ সংখ্যাবোৰ চুই গ'ল। যোৱা বছৰলৈকে... হয়, যোৱা বছৰলৈকে মুঠ ৬৬টা সন্তানৰ গৰ্বিত পিতৃ-মাতৃ হৈছিল মলেঁয়া আৰু ক্লেপেটাঁ। ৬৬টা জীৱন! ক্ৰ'ৱেছিয়াৰ আকাশত উৰি ফুৰা ৬৬টা মুক্ত হোৱাইট ষ্টৰ্কৰ ধমনীত এই প্ৰেমিক যুগলৰে তেজ বৈ আছে। সিহঁতে কেৱল নিজৰ প্ৰেমক জীয়াই ৰখা নাই, এই দেশৰ প্ৰকৃতি আৰু আকাশখনকো চহকী কৰি তুলিছে।

ডায়েৰীখন বুকুত সাবটি ধৰি ষ্টেপানে আহি খিৰিকিৰ কাষত থিয় দি আকৌ এবাৰ শূন্যলৈ চালে। মনৰ ভিতৰত সংশয় আৰু আশাৰ এক অদ্ভুত বুৰবুৰণি উঠিল। যোৱা ১৯ বছৰে এই হিচাপ কেতিয়াও ভুল হোৱা নাই। কিন্তু এইবাৰ? এইবছৰ বাৰু কেইটা পোৱালি হ'ব সিহঁতৰ? নে এই ৬৬ সংখ্যাটোৱেই সিহঁতৰ জীৱনৰ সৰ্বোচ্চ সংখ্যা হিচাপে ডায়েৰীখনত চিৰদিনৰ বাবে থমকি ৰৈ যাব? ভৱিষ্যতৰ এই প্ৰশ্নটোৱে ডায়েৰীৰ পাতখিলাৰ দৰেই ষ্টেপানৰ অন্তৰখনো কঁপাই তুলিলে।

খিৰিকিৰ আইনাখনৰ সিপাৰে চকু পৰাৰ লগে লগে ষ্টেপানৰ বুকুৰ ভিতৰত চলি থকা ধুমুহাজাক যেন থমকি ৰ’ল। ডায়েৰীখন বুকুত সাবটি ধৰা অৱস্থাতে তেওঁৰ দুচকু থৰ হৈ পৰিল।

বাহিৰত, চোতালৰ সেই পৰিচিত কোণটোত, সিহঁতৰ আটাইতকৈ প্ৰিয় আপেল গছজোপাৰ তলত থিয় হৈ আছে মলেঁয়া। দুপৰৰ কোমল পোহৰে চুই যোৱা আপেলজোপাৰ পাতবোৰৰ ছাঁত মলেঁয়া শান্ত হৈ থিয় দি আছে। আৰু ঠিক তাইৰ কাষতে অতি সযতনে, অতি মৰমেৰে ৰৈ আছে ক্লেপেটাঁ। সি তাৰ দীঘল ঠোঁটটোৰে অতি আলফুলকৈ মলেঁয়াৰ সেই পুৰণি, অচল আৰু আঘাতপ্ৰাপ্ত ডেউকাখনৰ পাখিৰ ভিতৰত বাট কাটি দিছে। যেন সি তাৰ ঠোঁটেৰে মলেঁয়াৰ বিগত ঊনৈছ বছৰৰ সকলো বিষ, সকলো যন্ত্ৰণা বুটলি ল’বহে বিচাৰিছে! 

কিযে এক মনোলোভা, স্বৰ্গীয় দৃশ্য! ষ্টেপানে চকুৰ পলক পেলাবলৈ পাহৰি গ’ল। কিছু সময় আগলৈকে তেওঁৰ মনটোক আৱৰি থকা সকলো ক’লা ডাৱৰ, ভৱিষ্যতৰ অনিশ্চয়তা আৰু মৃত্যুৰ ভয় যেন এই মুহূৰ্ততে ক'ৰবালৈ উৰা মাৰি নোহোৱা হৈ গ’ল। প্ৰকৃতিৰ ইয়াতকৈ ডাঙৰ উত্তৰ আৰু কি হ’ব পাৰে? শব্দহীনভাৱে, কেৱল দুখন পাখিৰ উমেৰে ক্লেপেটাঁই যেন ষ্টেপানৰ সকলো প্ৰশ্নৰ উত্তৰ দি দিলে। সি বুজাই দিলে যে যিয়েই নহওক কিয়, আকাশৰ দূৰত্ব যিমানেই নহওক কিয়, মলেঁয়াৰ এই অচল ডেউকাখনৰ কাষত তাৰ এই সঁচা প্ৰেম সদায় সচল হৈয়েই থাকিব। ষ্টেপানৰ চকুৰ কোণেৰে বৈ অহা চকুলোখিনিত এইবাৰ দুখৰ সলনি এক গভীৰ প্ৰশান্তি জিলিকি উঠিল।

হঠাৎ কলিং বেলটো বাজি উঠিল। দুচকুৰ দুকোণ মচি ষ্টেপানে আহি দুৱাৰ খুলি দিলে। সম্মুখত নিজৰ স্বভাৱজাত হাঁহিটোৰে সৈতে থিয় দি আছে তেওঁৰ অন্তৰঙ্গ বন্ধু মিষ্টাৰ ইগৰ।

: খবৰ নিদিয়াকৈ আহিলা যে!— হাঁহি এটা মাৰি সুধিলে ষ্টেপানে।

: খবৰ দি অহাহ'লে মাছ-মঙহ যোগাৰ কৰিলাহেঁতেন নেকি!— ধেকধেকাই হাঁহিলে মিষ্টাৰ ইগৰে।

মিষ্টাৰ ইগৰৰ সেই পৰিচিত খোলা হাঁহিটোৱে কোঠাটোৰ গধুৰ হৈ থকা বতাহজাক নিমিষতে পাতল কৰি পেলালে। বন্ধু ইগৰৰ স্পষ্টবাদী কথা আৰু মুখৰ সৰল হাঁহিটো যেন ষ্টেপানৰ বাবে সদায় একো একোটা মুকলি বতাহৰ জিলিকি অহা পোহৰৰ দৰে।

: সোমাই আহাঁ, সোমাই আহাঁ...। —ষ্টেপানে দুৱাৰখন আৰু অলপ বহলকৈ মেলি দি ক’লে। তেওঁৰ মনৰ ভিতৰৰ সংশয়ৰ ডাৱৰবোৰ যেন ইগৰৰ উপস্থিতিত মুহূৰ্ততে আঁতৰি গ’ল।

ইগৰে হাতৰ বেগটো টেবুলখনত থৈ কোঠাটোৰ চাৰিওফালে এবাৰ চকু ফুৰালে। তেওঁৰ তীক্ষ্ণ চকু দুটাই লক্ষ্য কৰিলে টেবুলত মেল খাই থকা সেই পুৰণি ডায়েৰীখন আৰু খোলা দুৱাৰেদি দেখা আপেলজোপাৰ তলত থকা মলেঁয়াহঁতৰ দৃশ্যটো। তেওঁ বুজি পালে, তেওঁ অহাৰ আগ মুহূৰ্তলৈকে ষ্টেপানে আকৌ সেই পুৰণি ভাবনাৰ সাগৰত বুৰ গৈ আছিল।

: যোগাৰ কৰিবলৈ জানো বাকী থৈছোঁ?  মলেঁয়া আৰু ক্লেপোৰ কাৰণেচোন সদায় তাজা মাছ আনিবই লাগে। তুমি আহিবা বুলি জনা হ'লে বজাৰৰ পৰা তোমাৰ প্ৰিয় হ্ৰদৰ মাছো লৈ আনিলোহেঁতেন! —ষ্টেপানেও হাঁহিটো ধৰি ৰাখিবলৈ চেষ্টা কৰি উত্তৰ দিলে। 

ইগৰে ষ্টেপানৰ কান্ধত হাতখন থৈ অলপ সজোৰে হেঁচি দিলে। সেই স্পৰ্শত আছিল বহুদিনীয়া বন্ধুত্বৰ এক গভীৰ আশ্বাস।

: মই জানো নহয়, তুমি সিহঁতৰ কাৰণে কিমান কৰাঁ। চোৱাঁচোন সিহঁতলৈ... ঊনৈছটা বছৰ কেনেকৈ যে পাৰ হৈ গ’ল। সিহঁতৰ এই মৰম দেখিলে এতিয়াও মোৰ আচৰিত লাগে।

ইগৰৰ কথাত ষ্টেপানে আকৌ এবাৰ বাহিৰলৈ চালে। ক্লেপেটাঁই তেতিয়াও অতি আলফুলকৈ মলেঁয়াৰ পাখি খুচৰি আছে। বন্ধুৰ আগমন আৰু এই আপুৰুগীয়া দৃশ্যই ষ্টেপানৰ ভাগৰুৱা বুকুলৈ যেন এক নতুন শক্তি কঢ়িয়াই আনিলে।

: খোৱা-লোৱানো কি কথা আৰু তোমাৰ-মোৰ বাবে। ডেকা বয়সত কম খালোঁনে! এতিয়া আমাৰ স্মৃতি পাগুলি থকাৰ দিনহে।— মিষ্টাৰ ইগৰে ক'লে।

: কেৱল যদি স্মৃতিৰে পেট ভৰিলহেঁতেন, তেতিয়া মই বেলেগ খাদ্য নোখোৱাকৈয়ে জী থাকিব পাৰিলোহেঁতেন।— এইবাৰ ষ্টেপানে হাঁহিলে।

: তোমাৰ ইয়ালৈ মই মানসিক খাদ্য বিচাৰি আহোঁ। তোমাৰ সতে কথা পতা আৰু মলেঁয়াৰ সান্নিধ্যই মোক এই বুঢ়া কালতো ডেকা ডেকা অনুভৱ কৰায়।— মিষ্টাৰ ইগৰ সশব্দে হাঁহি উঠিল।

মিষ্টাৰ ইগৰৰ কথাত যেন নিস্তব্ধ কোঠাটো আকৌ এবাৰ প্ৰাণৱন্ত হৈ উঠিল। দুয়ো বুঢ়া বন্ধুৰ এই সহজ-সৰল ৰসিকতাই যেন সময়ৰ চকৰিটো বহু বছৰ পাছলৈ ঘূৰাই লৈ গ’ল।

ইগৰে টেবুলৰ কাষৰ চকীখন টানি বহি ল’লে আৰু নিজৰ দীঘল চোলাটোৰ বুটামকেইটা খুলি দিলে। তেওঁৰ দুচকুত জিলিকি উঠিল অতীতৰ সেই সোণালী দিনবোৰৰ পোহৰ।

: একদম সঁচা কথা কৈছা ষ্টেপান— স্মৃতিবোৰ সঁচাকৈয়ে বৰ আচৰিত বস্তু। কেতিয়াবা ভাবোঁ, আমাৰ দৰে অকলশৰীয়া বুঢ়া মানুহবোৰৰ বাবে এই স্মৃতিবোৰেই আচলতে একোখন উমাল কম্বলৰ দৰে। বিশেষকৈ শীতৰ দীঘল ৰাতিবোৰত এইবোৰেই আমাক উম দি ৰাখে।— ইগৰে হাঁহি সামৰি ক’লে।

ষ্টেপান পাকঘৰৰ ফালে খোজ ল’লে দুয়োৰে বাবে দুকাপ কফি কৰিবলৈ। কিন্তু ইগৰে অলপ আগতে কোৱা কথাই তেওঁক খন্তেকৰ বাবে থমকি ৰ’বলৈ বাধ্য কৰিলে। 'মানসিক খাদ্য' আৰু 'মলেঁয়াৰ সান্নিধ্য'। সঁচাকৈয়ে, কেৱল ইগৰেই নহয়, এই গাঁৱৰ, আনকি সমগ্ৰ ক্ৰ'ৱেছিয়াৰ বহু মানুহৰ বাবে এই ঘৰখন আৰু এই চৰাইহাল এক আশাৰ প্ৰতীক, জীয়াই থকাৰ অনুপ্ৰেৰণা। পাকঘৰলৈ সোমায়েই সেয়ে ষ্টেপানে সঁহাৰি জনালে—

: তুমি ঠিকেই কৈছা ইগৰ। মলেঁয়া আৰু ক্লেপোৱে আমাক কেৱল প্ৰেমৰ পাঠেই শিকোৱা নাই, সিহঁতে আমাক দেখুৱাই দিছে যে শৰীৰটো দুৰ্বল হ’লেও বা ডেউকাখন অচল হ’লেও মনৰ জোৰেৰে কেনেকৈ জীৱনৰ আটাইতকৈ ডাঙৰ ধুমুহাজাককো নেওচিব পাৰি। তোমাক ডেকা অনুভৱ কৰোৱাটোত সিহঁতৰ অৱদান মোতকৈ বহুত বেছি!

কাপ দুটাত কফি ঢালি থকাৰ মাজতে ষ্টেপানে খিৰিকিৰে চোতালৰ কোণটোলৈ চালে। কফিৰ পৰা ওলোৱা ধোঁৱাৰ মাজেৰে আপেলজোপাৰ তলৰ মলেঁয়াহঁতক এতিয়া আৰু বেছি মায়াৱী যেন লাগিল। ইগৰৰ উপস্থিতিয়ে ষ্টেপানৰ মনৰ ভিতৰৰ অকলশৰীয়া ভয়টোক বহুখিনি পাতল কৰি পেলালে। তেওঁ বুজি পালে, জীৱনত ধুমুহা আহিবই; কিন্তু যিমান দিন লগত এনেকুৱা অন্তৰঙ্গ বন্ধু আৰু চোতালত মলেঁয়া-ক্লেপেটাঁৰ দৰে পৱিত্ৰ প্ৰেম থাকিব, সিমান দিন বিষাদৰ কোনো স্থান নাই। ... তেওঁ কফিৰ কাপ দুটা লৈ লিভিং ৰূমলৈ সোমাই আহিল।

: কথা এটা ভাবিছোঁ!— কফিৰ কাপত চুমুক দি ষ্টেপানে ক'লে।

: কি কথা?— মিষ্টাৰ ইগৰে উৎসুকতাৰে সুধিলে।

: মলেঁয়া আৰু ক্লেপেটাঁৰ নামেৰে এটা ফাউণ্ডেচন কৰাৰ কথা।— ষ্টেপানে শান্ত স্বৰেৰে ক'লে।

মিষ্টাৰ ইগৰে কফিৰ কাপটো ওঁঠৰ ওচৰলৈ নিব খুজিও নিব নোৱাৰিলে। তেওঁৰ চকু দুটা ডাঙৰ হৈ পৰিল। ষ্টেপানৰ মুখলৈ তেওঁ এনেকৈ চালে যেন তেওঁ কোনোবা নতুন মানুহকহে প্ৰথমবাৰৰ বাবে আৱিষ্কাৰ কৰিছে। কোঠাটোত কফিৰ সুবাসৰ মাজত এক গম্ভীৰ অথচ আকৰ্ষণীয় নিৰৱতা বিয়পি পৰিল।

: ফাউণ্ডেচন? মলেঁয়া আৰু ক্লেপেটাঁৰ নামেৰে?—ইগৰে কাপটো টেবুলত থৈ অলপ হালি আহি সুধিলে। তেওঁৰ কণ্ঠত আচৰিত হোৱাৰ ভাব স্পষ্ট; কিন্তু তাতোকৈ বেছি আছিল এক সন্মতিৰ উম।

ষ্টেপানে কফিৰ কাপটো দুহাতেৰে খামোচ মাৰি ধৰিলে, যেন সেই কাপটোৰ উত্তাপৰ পৰাই তেওঁ নিজৰ সপোনটোক বাস্তৱ ৰূপ দিয়াৰ সাহস বিচাৰি পাইছে! তেওঁ খোলা দুৱাৰেদি সিপাৰৰ আপেলজোপাৰ তললৈ চালে, য’ত ঊনৈছ বছৰীয়া ইতিহাস জিলিকি আছে।

: হয় ইগৰ, মলেঁয়া আৰু ক্লেপেটাঁৰ নামেৰে।—ষ্টেপানৰ কণ্ঠস্বৰত এইবাৰ কোনো কঁপনি নাই, বৰং আছে এক গভীৰ দৃঢ়তা।

: বৰ ভাল চিন্তা।— মিষ্টাৰ ইগৰে ক'লে।

: মই যোৱা কিছুদিন ধৰি এটাই কথা ভাবি আছোঁ। মই কাইলৈ নাথাকিব পাৰোঁ; কিন্তু সিহঁতৰ এই প্ৰেম, সিহঁতৰ এই সংগ্ৰাম কেৱল মোৰ ডায়েৰীৰ হালধীয়া পাতবোৰতে আৱদ্ধ হৈ থাকিবনে? এইখন দেশৰ আকাশত হাজাৰ হাজাৰ ষ্টৰ্ক উৰি ফুৰে। প্ৰতি বছৰে কিমান যে মলেঁয়া ধুমুহাত পৰে, চিকাৰীৰ গুলীত আঘাতপ্ৰাপ্ত হয়! সিহঁতক কোনে চাব?— কফিত চুমুক দি দি ষ্টেপানে ক'লে।

ইগৰে কোনো কথা নকৈ একাগ্ৰ চিত্তে বন্ধুৰ কথা শুনি গ’ল। ষ্টেপানৰ চকুৰ উজ্জ্বলতা বহুত দিনৰ পিছত ঘূৰি অহা তেওঁ লক্ষ্য কৰিলে।

: এই ফাউণ্ডেচনে কেৱল আমাৰ ইহঁতহাল প্ৰেমকে অমৰ কৰি নাৰাখে, ই ক্ৰ'ৱেছিয়াৰ প্ৰতিটো আঘাতপ্ৰাপ্ত, আশ্ৰয়হীন পক্ষীক সুৰক্ষা দিব। পক্ষী সংৰক্ষণ আৰু সিহঁতৰ বাসস্থানৰ বাবে কাম কৰিব। মই গুচি যোৱাৰ পিছতো যাতে মলেঁয়াৰ দৰে কোনো পখী ইয়াত অনাথ হৈ নপৰে, তাৰ বাবে ই এক অনুষ্ঠান হ’ব। মাৰ্ক' বা আমাৰ দৰে মানুহবোৰে ইয়াৰ দায়িত্ব ল’ব পাৰিব।—ষ্টেপানে নিজৰ মনৰ উশাহখিনি যেন একেলগে এৰি দিলে।

মিষ্টাৰ ইগৰ বহাৰ পৰা উঠিল। তেওঁ লাহে লাহে খোজকাঢ়ি গৈ ষ্টেপানৰ সোঁ কান্ধত হাতখন থ’লে। এইবাৰ তেওঁৰ মুখত সেই সদায় থকা খোলা হাঁহিটো নাই, তাৰ পৰিৱৰ্তে আছে এক গভীৰ সন্মান আৰু বন্ধুত্বৰ গৌৰৱ।

: ষ্টেপান... তুমি সঁচাকৈয়ে এক বিৰল মানুহ। তুমি কেৱল সিহঁতক আশ্ৰয় দিয়া নাই, তুমি সিহঁতক এটা অমৰ পৰিচয় দিছা। এইটো বৰ সুন্দৰ চিন্তা। কোৱা, কেতিয়াৰ পৰা আৰম্ভ কৰিব লাগে? এই বুঢ়া ইগৰ তোমাৰ এই যাত্ৰাত সদায় কাষত থাকিব।

: ভাবিছোঁ, মলেঁয়াক উদ্ধাৰ কৰা তাৰিখতে আৰম্ভ কৰিম।— ষ্টেপানে ক'লে।

: ১৯৯৩ চনৰ সেইটো দিন...! —ইগৰে মৃদু স্বৰেৰে আওৰালে। তেওঁৰ দুচকুৰ আগত যেন ভাহি উঠিল সেই বিশেষ দিনটো, যিদিনা ষ্টেপানে তেজত লুতুৰি-পুতুৰি হৈ পৰি থকা কণমানি মলেঁয়াক উদ্ধাৰ কৰি নিজৰ জীৱনৰ অংগ কৰি লৈছিল।

ষ্টেপানে দুৱাৰৰ সিপাৰৰ আপেল গছজোপাৰ ফালে চালে। এতিয়াও মলেঁয়া নিৰুদ্বেগে থিয় হৈ আছে। তেওঁৰ ওঁঠত এটি তৃপ্তিৰ হাঁহি বিৰিঙি উঠিল।

: হয়, ইগৰ। ১৯৯৩ চনত মই তাইক এটা নতুন জীৱন দিছিলোঁ। আৰু এতিয়া, এই ফাউণ্ডেচনটোৱে মলেঁয়াৰ দৰে অগণন চৰাইৰ বাবে এক নতুন আশাৰ দুৱাৰ মুকলি কৰিব। সিহঁতৰ এই প্ৰেম কাহিনীয়ে কেৱল আমাৰ বুকুতে নহয়, এই দেশৰ প্ৰতিটো চুক-কোণৰ মানুহৰ হৃদয়ত চিৰদিনৰ বাবে এক শ্ৰদ্ধাৰ স্থান দখল কৰিব। —ষ্টেপানে ক’লে।

ইগৰে কফিৰ কাপটো টেবুলত থৈ ষ্টেপানৰ ফালে চালে। তেওঁৰ দৃষ্টিত বন্ধুৰ প্ৰতি থকা গভীৰ বিশ্বাস।

: তুমি সঁচাকৈয়ে এটা মহৎ কামৰ পাতনি মেলিছা। ফাউণ্ডেচনৰ বাবে আমাক প্ৰয়োজন হ'ব এটা পৰিকল্পনা, এটা সৰু ট্ৰাষ্ট আৰু কিছুমান মানুহৰ সহযোগিতা। মই আছোঁ নহয় তোমাৰ লগতে! কালিলৈয়ে আমি ইভানক মাতি পঠিয়াম। ল’ৰাটোৰ মনটো ভাল, সি এই কামত নিশ্চয় উৎসাহী হ’ব। সি বুজিব পাৰিব যে ষ্টেপানে কেৱল এহাল চৰাইৰ যত্ন লোৱা নাই, ষ্টেপানে এক ইতিহাস ৰচিছে।

ইগৰৰ কথাখিনি শুনি ষ্টেপানৰ বুকুখন এতিয়া পাতল পাতল লাগিল। এক অভূতপূৰ্ব প্ৰশান্তি অনুভৱ হ’ল তেওঁৰ। ডায়েৰীৰ পাতবোৰত থকা অংকবোৰ এতিয়া যেন সজীৱ হৈ উঠিছে— ৬৬টা সন্তান, ১৯ বছৰৰ প্ৰেম আৰু এতিয়া এক চিৰস্থায়ী প্ৰতিষ্ঠান।

: মই আজি ৰাতিয়েই ফাউণ্ডেচনৰ খচৰা সাজু কৰিম। ইগৰ, তুমি জানানে, মই এতিয়া আৰু ভয় নাখাওঁ। মই জানো যে মই নাথাকিলেও মোৰ এই প্ৰিয় মলেঁয়া আৰু ক্লেপেটাঁৰ অস্তিত্ব আৰু সিহঁতৰ এই অমৰ প্ৰেম কাহিনী এই ফাউণ্ডেচনৰ জৰিয়তে চিৰকাল জীয়াই থাকিব।

কোঠাটোত পৰা দুপৰৰ পোহৰত ষ্টেপানৰ মুখখন যেন এক নতুন তেজত জিলিকি উঠিল। দুই বন্ধুৰ এই কথোপকথনৰ মাজেৰেই যেন এটা নতুন বিপ্লৱৰ আৰম্ভণি ঘটিল— মলেঁয়াহঁতৰ বাবে, প্ৰকৃতিৰ বাবে, আৰু মানুহৰ মৰমৰ বাবে।

কথা পাতি থকাৰ মাজতে হঠাৎ দুই বন্ধু উদ্বিগ্ন হৈ উঠিল। বাহিৰত ক্লেপেটাঁৰ অস্বাভাৱিক চিঞৰ। মলেঁয়াৰ মাতটো সৰু। দুয়ো বিম্বাশৱদে বাহিৰলৈ ওলাই গ'ল।

কোঠাটোৰ পৰা বাহিৰলৈ ওলাই আহি ষ্টেপানৰ হৃদস্পন্দন যেন স্তব্ধ হৈ গ’ল। বতাহত ভাহি অহা ক্লেপেটাঁৰ সেই অৰ্থপূৰ্ণ আৰু আতংকিত চিঞৰটো ষ্টেপানৰ কাণত শিল পৰাৰ দৰে পৰিল। যিটো শব্দত সদায় এক প্ৰণয়ৰ সুৰ আছিল, আজি তাত ভাঁহি আহিছে এক মৰ্মান্তিক বিষাদ। 

আপেল গছজোপাৰ তলত পাতৰ ছাঁত এক ভয়ংকৰ দৃশ্য উন্মোচিত হ’ল। অলপ আগলৈকে যি গৰ্বিতা মলেঁয়াক তেওঁ দেখিছিল, তাই এতিয়া মাটিত পৰি ছটফটাইছে। তাইৰ অচল ডেউকাখন দুৰ্বলভাৱে মাটিত ঘঁহনি খাইছে, আৰু তাই বাৰে বাৰে থিয় হ’বলৈ চেষ্টা কৰিও পৰি গৈছে। তাইৰ দৃষ্টিত যেন এতিয়া জীৱনৰ শেষ প্ৰাৰ্থনা।

ইগৰ দৌৰি গৈ ষ্টেপানৰ ওচৰত থিয় হ’ল। তেওঁৰ মুখৰ মাত যেন হেৰাই গৈছে।

: ষ্টেপান... এয়া কি হৈছে? তাইৰ কি হৈছে?— মিষ্টাৰ ইগৰে কম্পিত কণ্ঠেৰে সুধিলে।

ষ্টেপানে একো নক’লে। তেওঁৰ ভৰি দুখন যেন মাটিৰ লগত শিপা হৈ মিলি পৰিছে। তেওঁৰ চকুৰ আগত ভাহি উঠিল ১৯ বছৰৰ সেই একেটা কাহিনী— প্ৰতিটো বসন্ত, প্ৰতিটো অহা-যোৱা, আৰু ৬৬টা সন্তানৰ ইতিহাস। ক্লেপেটাঁই নিজৰ চুটি আৰু খৰগতিৰ চিঞৰৰ মাজত যেন কিবা এটা বুজাবলৈ চেষ্টা কৰিছে। সি মলেঁয়াৰ চাৰিওফালে ঘূৰিছে, কেতিয়াবা তাইৰ ঠোঁটত নিজৰ ঠোঁটটো, যেন তাইক সি ক’ব বিচাৰিছে— "আৰু অলপ চেষ্টা কৰাঁ, মই আছোঁ নহয়!"

মলেঁয়াই ডিঙিটো পোন কৰিবলৈ চেষ্টা কৰিলে; কিন্তু তাইৰ দেহৰ ভাৰসাম্য হেৰাই গ’ল। তাইৰ মাতটো এতিয়া একেবাৰে ক্ষীণ।

ষ্টেপানৰ চকুৰ পানী সৰি পৰিল। তেওঁৰ হাতখন মলেঁয়াৰ ফালে আগবাঢ়ি গ’ল; কিন্তু ঠিক তেনেকুৱা এটা মুহূৰ্তত ক্লেপেটাঁই তেওঁৰ ফালে তীক্ষ্ণ দৃষ্টিৰে চালে। সি যেন ষ্টেপানকো অনুভৱ কৰিবলৈ দিলে যে এয়া কেৱল অসুস্থতা নহয়, এয়া হয়তো এক অপৰিহাৰ্য বিদায়ৰ ক্ষণ।

: ষ্টেপান তাইক তুলি ধৰাঁ। সোনকালে ইয়াৰ পৰা ভিতৰলৈ লৈ যাব লাগিব। তাইৰ শৰীৰটো ঠাণ্ডা হৈ আহিছে চাগে।

দুয়ো বন্ধুৱে অতি সাৱধানে, অতি আলফুলকৈ মলেঁয়াক বুকুৰ মাজত ল’লে। একালৰ চঞ্চল, অভিমানী মলেঁয়া এতিয়া নিথৰ, তাইৰ দেহৰ পাখিৰ উম লাহে লাহে হেৰাই যাব ধৰিছে। ক্লেপেটাঁই তেওঁলোকৰ পিছে পিছে কোনো শব্দ নকৰাকৈ, এক কৰুণ নিৰৱতাৰে খোজ ল’লে। তাৰ সেই সদায় দৃঢ় হৈ থকা খোজবোৰলৈ এতিয়া যেন ক্লান্তি আৰু এক গভীৰ শূন্যতা নামি আহিছে। ক্ৰ'ৱেছিয়াৰ আকাশখন সেই মুহূৰ্তত যেন বিষাদৰ ক'লীয়া ডাৱৰে আৱৰি ধৰিলে। ১৯ বছৰীয়া এক মহাকাব্যিক, অলৌকিক প্ৰেমৰ কাহিনীৰ সামৰণিৰ শেষ পৃষ্ঠাখন যেন প্ৰকৃতিয়ে এই নিস্তব্ধ দুপৰীয়াটোতেই লিখিবলৈ আৰম্ভ কৰিছে।

মিষ্টাৰ ইগৰ খৰখেদাকৈ ভিতৰলৈ সোমাই গ’ল। কোঠাটোৰ গধুৰ বতাহজাক ফালি তেওঁ কঁপা কঁপা হাতেৰে টেলিফোনৰ ৰিচিভাৰটো তুলি ল’লে আৰু ঘৰলৈ বুলি নম্বৰটো ডায়েল কৰিলে। ইফালে মলেঁয়াক বুকুৰ মাজত সাবটি ধৰি থকা ষ্টেপানৰ অনুভৱ হ’ল— সময় যেন একেবাৰে থমকি ৰৈছে।

ইগৰৰ কণ্ঠস্বৰ টেলিফোনৰ কাষৰ পৰা ভাহি আহিল, য’ত তেওঁ ঘৰৰ মানুহক যিমান পাৰি সোনকালে তেওঁৰ জৰুৰীকালীন ডাক্তৰী বেগটো লৈ ইয়ালে ততাতৈয়াকৈ আহিবলৈ নিৰ্দেশ দিছে।

লিভিং ৰূমৰ টেবুলত তেতিয়াও ধোঁৱা ওলাই আছে দুয়ো বন্ধুৰ আধাপিয়া কফিৰ কাপ দুটাত। কফিৰ সেই উমাল সুবাস এতিয়া বাহিৰৰ চোতালৰ ধুমুহাজাকৰ মাজত বিলীন হৈ গৈছে। দুৱাৰমুখত থিয় হৈ ক্লেপেটাঁই চকুৰ পলক নেপেলোৱাকৈ ষ্টেপানৰ বুকুৰ মাজত থকা মলেঁয়াৰ অচল দেহটোলৈ চাই ৰৈছে— যেন সি তাৰ চকুৰ ভাষাৰেই ভগৱানক প্ৰাৰ্থনা জনাইছে, এই যাত্ৰা যেন সিহঁতৰ শেষ যাত্ৰা হৈ নপৰে!

(আগলৈ)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ