অন্যযুগ/


যোৰহাটৰ কাব্যপ্ৰৱাহৰ গতি-প্ৰগতি: এক চমু অৱলোকন

বাব্‌লু প্ৰসাদ বৰুৱা
চৰ্যাপদ অথবা লোককবিতাৰ প্ৰাকৃত স্তৰটোৰ পৰা উজাই আহি অসমীয়া কাব্যপ্ৰৱাহক মনোযোগেৰে লক্ষ্য কৰিলে দেখা যায় যে বৈষ্ণৱ যুগৰ ভক্তিবাদী কাব্য সাহিত্যৰ যুগৰে পৰা আজিপৰ্যন্ত যোৰহাটৰ কাব্য চৰ্চাৰ ধাৰাটো সণ্ঢালনিকৈ প্ৰৱাহিত হৈ যুগ-কাল-বাজনাৰ পৰশত উহনিৰ পৰা সৰু সুঁতিয়েদি দ বাটলৈ বাট সলাই হলেও ঐতিহাসিক ধাৰাৱাহিকতাৰে প্ৰৱাহিত হৈ আহিছে। প্ৰণিধানযোগ্য যে, আজিৰ যোৰহাট জিলাৰ ভৌগোলিক পৰিসৰৰ অন্তৰ্ভুক্ত ঠাইখণ্ড এসময়ত চেউনি বচাআৰু টোকলাইবাচানামেৰে পৰিচিত আছিল; যাৰ মাজেৰে বৈ যোৱা দিচৈনৈখন (বৰ্তমানৰ ভোগদৈ’) ঠাইখণ্ডৰ প্ৰশাসনিক নগৰ-প্ৰণালীৰ মেৰুদণ্ড আছিল। দৰাচলতে যোৰহাটনামটো মোৱামৰীয়া বিদ্ৰোহ চলি থকা কালতে অহা ইংৰাজ বিষয়া ডাঃ জে. পি. ৱেদ চাহাবৰ বৰ্ণনাতে প্ৰথম কাগজে-কলমে ব্যৱহাৰ হোৱা দেখিবলৈ পোৱা যায়। আহোম সাম্ৰাজ্যৰ অধীনলৈ যোৱাৰ আগতে খ্ৰীষ্টীয় এঘাৰ শতিকাৰো আগৰ পৰাই এই ঠাইখণ্ড কছাৰী সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল। এটা সময়ত ইয়াৰ দক্ষিণ-পূব প্ৰান্তৰত বৌদ্ধ ধৰ্মানুৰাগী কছাৰীসকলে ৰাজধানী পাতিছিল বুলি বিভিন্ন প্ৰত্নতাত্ত্বিক সমল আৰু বুৰঞ্জীসিদ্ধ তথ্যই উনুকিয়াই দিয়ে। আনহাতে এই ঠাইখণ্ড তথা ইয়াৰ আশ-পাশৰ অঞ্চলৰ পৰা আৱিস্কৃত, খ্ৰীষ্টীয় নৱম শতিকাৰ পৰা দ্বাদশ শতিকামানৰ বুলি ঠাৱৰ কৰা শিলালিপি, তাম্ৰলিপি, প্ৰত্নতাত্ত্বিক সমল, ভগ্নাৱশেষ আদিত খোদিত হৈ থকা দোহা আৰু চৰ্যাপদসমূহকো বিৱৰ্তনৰ ঐতিহাসিক কাৰণতে ঠাইখণ্ডৰ কাব্যপ্ৰৱাহৰ সুঁতিটোৰ পৰা নিলগাই থব নিশ্চয়কৈ নোৱাৰি। একেদৰে ঠাইখণ্ডৰ জনসমাজৰ চহা কথ্যভাষাৰ ভংগিমা, ধবনি, ৰূপ আদিৰ সৈতে ওচৰ সম্পৰ্ক থকা উৎপত্তিৰ কাল অনিৰ্ণীত তথা অজান লোককবি ৰচিত চহা কবিতা, লোক গীত-মাত, আনকি তন্ত্ৰ-মন্ত্ৰ আদিও কাব্যপ্ৰৱাহৰ বোঁৱতী সুঁতিটোৰে উহনিৰ তৰঙ্গ। কিন্তু অদ্যাপি ইবিলাকৰ সম্পৰ্কে পূৰ্বে উনুকিওৱাৰ দৰে বিজ্ঞানসন্মত আৰু প্ৰণালীৱদ্ধ গৱেষণাৰ আধাৰত অধ্যয়ন হোৱা নাই; স্থান-কাল-পাত্ৰৰো সুনিশ্চয়তা ইতিহাসে ৰাখি থৈ যোৱা নাই। সেয়ে কাব্যপ্ৰৱাহৰ ইতিহাসৰ প্ৰামাণিক তথ্যৰ আধাৰত ঠাইখণ্ডৰ কাব্যচৰ্চাৰ ধাৰাটোক বৈষ্ণৱ যুগৰ সময়ৰ পৰাহে আলোচনাৰ মাজলৈ অনা উচিত হব। সেই দিশলৈ লক্ষ্য ৰাখি নিজকে বালিগাঁৱৰ দিচৈগ্ৰামত বসতি কৰা বুলি পৰিচয় দিয়া ষষ্ঠদশ শতিকাৰ কবিবৰ ৰাম মিশ্ৰই হৈছে এই ঠাইখণ্ডৰ প্ৰথমগৰাকী ঐতিহাসিক কবি। কবিবৰ ৰাম মিশ্ৰই আহোম ৰজা জয়ধবজ সিংহৰ দিনত ৰজা-শহুৰ ভদ্ৰসেন ফুকনৰ নিৰ্দেশক্ৰমে বিষু্ণ শৰ্মাৰ হিতোপদেশআৰু মহাভাৰতৰ ভীষ্মপৰ্বৰ পদ্যানুবাদ কৰাৰ লগতে বৃন্দাবনৰ ভূগোল, বুৰঞ্জী আৰু লোক-কথা সংগ্ৰহ কৰি পদ্যত ৰচনা কৰা বৃন্দাবন-চৰিত্ৰনামৰ পুথিখন হৈছে অসমীয়া সাহিত্যৰ প্ৰথম মৌলিক ভ্ৰমণ-বৃত্তান্ত। ৰাম মিশ্ৰক আদিতে ধৰি ঠাইখণ্ডৰ কাব্যপ্ৰৱাহৰ সৈতে জড়িত ব্যক্তি হিচাপে সেই কালৰ গোৱিন্দ মিশ্ৰ, ৰামানন্দ দ্বিজ, পৃথুৰাম দ্বিজ, কৃত্তিবাস পণ্ডিত, বিশ্বেশ্বৰ বৈদ্যাধিপ, দুতিৰাম স্বৰ্ণকাৰ হাজৰিকা আদিৰ নাম আদিপৰ্বতে উল্লেখ কৰিব পাৰি। আহোম স্বৰ্গদেউ গদাধৰ সিংহ(১৬৮১-১৬৯৬)-ই বৈষ্ণৱ মহন্তসকলক নিৰ্যাতন কৰি তেতিয়াৰ চেউনি বচাত ৰাখিছিল। ৰাজাজ্ঞা মানি এই ঠাইতে বসতি স্থাপন কৰি পদ ৰচনাত মনোনিৱেশ কৰা সেই মোৱামৰীয়া মহন্তসকলৰ ভিতৰত হৰিৰামদেৱ আৰু নিত্যানন্দদেৱৰ নাম উল্লেখযোগ্য। ইয়াৰ পৰৱৰ্তী কালত অষ্টাদশ শতিকাৰ শেষভাগৰ পৰা ঊনবিংশ শতিকাৰ শেষভাগলৈকে মহানাগৰিকজীৱনচৰ্যা তথা আধুনিক বিশ্ববিদ্যালয়মুখী শিক্ষা ব্যৱস্থাৰ পশ্চিমীয়া প্ৰভাৱত ৰমন্যাসিক কাব্যপ্ৰৱাহে যোৰহটীয়া কবিৰ কাব্যবাণীক বিশেষ মাত্ৰা প্ৰদান কৰে। এই সময়ৰে পৰাই কাব্যিক প্ৰচেষ্টাৰ আদৰ্শৰূপে অমিতাক্ষৰ ছন্দৰ মুক্ত প্ৰকাশভংগীক আদৰি লোৱা হয়। জাতীয় আৱেগ, উচ্ছ3াস, প্ৰেমানুভূতি, নৈসৰ্গিক সাহচৰ্য আদি কবিতাৰ বিষযÿভুক্ত হয় আৰু কাব্যপ্ৰৱাহৰ সংবেদনশীলতা হৈ উঠে প্ৰত্যক্ষ আৰু প্ৰাঞ্জল। পাশ্চাত্যৰ আৰ্হিৰ চতুৰ্দশপদী কবিতাৰ অসমীয়াকৰণৰ উদ্যোগেও যোৰহটীয়া কবি হিতেশ্বৰ বৰবৰুৱাৰ প্ৰচেষ্টাতে বিশেষ মাত্ৰা লাভ কৰে। এইক্ষেত্ৰত বৰবৰুৱাৰ চনেটধৰ্মী কবিতাত ঘাইকৈ শ্যেইক্সপীয়েৰসুলভ ৰমন্যাসিক ইংৰাজী সাহিত্যৰ প্ৰতিমুখে অনুৰণিত হোৱা ইটালীয়সুলভ (স্বৰকাৰান্ত) ধবনিতাত্ত্বিক দিশটো আছিল অভিনৱ আৰু মূল্যবান দিশ; এই দিশটোৰ সম্পৰ্কে আজিলৈকে অসমীয়া সাহিত্যত চৰ্চা হোৱাই নাই। আকৌ, নৈসৰ্গিক আৰু ব্ৰহ্মতত্ত্বৰ মন্থিত ইন্দ্ৰিয়ানুভূতিৰে আধিভৌতিক (metaphysical) কাব্যভাবৰ উন্মেষ ঘটাই দুৰ্গেশ্বৰ শৰ্মাই এলানি অতীব প্ৰভাৱশালী কবিতা ৰচিছিল। সেইদৰে আধুনিক লীৰিকেল (গীতল) কবিতাৰ প্ৰাথমিক পৰ্যায়ৰ বিস্ময়কৰ আৰু প্ৰকাশসাৰ্থক উন্মেষ ঘটে সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱা, পাপৰিৰ কবি গণেশ চন্দ্ৰ গগৈ, সাহিত্যাচাৰ্য্য মিত্ৰদেৱ মহন্ত,  ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱা, নিৰলাৰ কবি ভৱপ্ৰসাদ ৰাজখোৱাৰ কবিতাত; একেদৰে আধুনিক গদ্যছন্দৰ সুৰ প্ৰথম ধবনিত হয় বকুলবনৰ কবি আনন্দ চন্দ্ৰ বৰুৱা, ডিম্বেশ্বৰ নেওগ, পণ্ডিতপ্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈ আদিৰ কবিতাত। প্ৰথম বিশ্বযুদ্ধই কঢ়িয়াই অনা মানসিক পট পৰিৱৰ্তনৰ বতাহছাটিৰ পৰশত বিজুলী’, ‘জোনাকী’, ‘আৱাহনআৰু বাঁহীৰ পাতত আৰম্ভ হোৱা নতুন অসমীয়া কবিতাত ৰবীন্দ্ৰনাথৰ কথা-কবিতাসুলভ আৰু ভিক্টোৰিয়ান নাগৰিক মধ্যবিত্তীয় মনক প্ৰতিনিধিত্ব কৰা ভাব-ভাষা প্ৰত্যক্ষ কৰিব পাৰি। বৈচিত্ৰ্যময় ভাৱ, গাম্ভীৰ্যপূৰ্ণ অনুভূতি আৰু ভাষাৰ চপলতাৰে এক নতুন সুৰৰ অসমীয়া কবিতাই পছোৱা’, ‘জয়ন্তী’, ‘আমাৰ প্ৰতিনিধি’, ‘বৰদৈচিলাআদি আলোচনীৰ মাজেদি আধুনিক চৰিত্ৰ পৰিগ্ৰহ কৰে। অসমীয়া কবিতাৰ মণি-মুকুতাৰ এনে সকলো বৈশিষ্ট্যৰে ঐশ্চৰ্যশালী যোৰহটীয়া কাব্য প্ৰৱাহৰ এক বিশেষ তৰঙ্গ (চুফীসুলভ সংশয়বাদী, বিলাপধৰ্মী ধাৰা)ৰ ধাৰাৱাহিকতা পৰিলক্ষিত হয় কুৰি শতিকাৰ মাজ দশকত, তিতাবৰীয়া কবি আনাৰৰ অসমীয়া শ্যেৰ আৰু শ্বায়েৰীৰ মাজেৰে। এনেদৰেই প্ৰতিটো যুগতে ৰূপ সলাই অহা কাব্যবাণীৰ সকলো ধৰণৰ বৈচিত্ৰ্য আৰু তাৎপৰ্যৰ আত্মীকৰণেৰে অসমীয়া কাব্যপ্ৰৱাহৰ উচ্ছ3ল বোঁৱতী সুঁতিটোৰ প্ৰাণৱন্ত ধাৰা হিচাপে যোৰহটীয়া কবি সমাজে বিশেষ গতি প্ৰদান কৰি আহিছে। বৈষ্ণৱ আৰু ৰোমাণ্টিক যুগৰ দৰে দ্বিতীয় যুদ্ধোMৰ যুগৰ আধুনিক অসমীয়া কবিতাৰো প্ৰাণপ্ৰতিষ্ঠাতা হিচাপে যোৰহাটৰে অমূল্য বৰুৱা আৰু হেম বৰুৱা প্ৰমুখ্যে যতিনাৰায়ণ শৰ্মা, ভবানন্দ দত্ত, পদ্ম বৰকটকী, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আদিক অগ্ৰদূতৰ ভূমিকাত প্ৰত্যক্ষ কৰোঁ। পৰৱৰ্তী কালতো আধুনিক অসমীয়া কবিতাৰ এক প্ৰধান স্তম্ভ হিচাপে চিহ্নিত হোৱা হীৰেন ভট্টাচাৰ্য, নলিনীধৰ ভট্টাচাৰ্য, জ্ঞানানন্দ শৰ্মা পাঠক আৰু হীৰেন্দ্ৰনাথ দM, ৰাম গোস্বামী, ড০ কবীন ফুকন আদিৰ পৰা আজিৰ নবীনতম কবিজনলৈকে সামৰিলে স্পষ্ট হৈ পৰে যে যোৰহাটৰ কবিসকলৰ বহুমাত্ৰিক কাব্যচৰ্চাৰ জীপাল বাতাৱৰণে অসমীয়া কবিতাক বৈশ্বিক মৰ্যাদা দান কৰিবলৈ সক্ষম হৈছে। মিশ্ৰ চক্ৰৱৰ্ত্তীৰ পৰা একবিংশ শতিকাৰ দ্বিতীয় দশকৰ কবিতালৈকে বিপুল বিস্তাৰ। আলোচনাৰ পৰা এই কথা নিশ্চয় অনুভৱ কৰিব পাৰি যে কেনেদৰে ঐশিকৰপৰা ঐহিক, মৌখিকৰপৰা মান্য, বিজতুৱাৰপৰা জতুৱা, ৰমন্যাসধৰ্মীৰপৰা আধুনিক বাস্তৱধৰ্মী বিষয় সাঙুৰি অসমীয়া কাব্যপ্ৰৱাহৰ দীঘলীয়া বুৰঞ্জীৰ এক বিশাল আয়তন যোৰহটীয়া কাব্যবাণীয়ে অধিকাৰ কৰি আছে। কিন্তু, আক্ষেপৰ কথা, যোৰহটীয়া কবিৰ এই বৰ্ণাঢ্য কাব্যপ্ৰৱাহৰ বিষয়ে অসমীয়া সাহিত্যৰ পণ্ডিত-সমালোচকসকলৰ আলোচনা গ্ৰন্থ, কবিতাৰ সংকলন আদিত বিস্তাৰিত ৰূপত আলোচনা কৰা হোৱা নাই। আনকি, ইতিপূৰ্বে প্ৰকাশিত অসমীয়া কবিতাৰ কোনো সংকলনতে আব্দুছ ছাত্তাৰ, বাপচন্দ্ৰ মহন্ত, পদ্ম বৰকটকী, মুনীন বৰকটকী, যতীন্দ্ৰ কুমাৰ বৰগোহাঞি, আনন্দেশ্বৰ শৰ্মা, ড০ কবীন ফুকন, ড০ যতীন মিপুন, ড০ চন্দ্ৰ কটকী আদি যোৰহাটৰ বহুকেইগৰাকী গুৰুত্বপূৰ্ণ কবিৰ কবিতা সংকলিত হোৱা নাই। সেইদৰে ইংৰাজী ভাষা-সাহিত্যত অসাধাৰণ ব্যুৎপত্তি থকা সত্যেন বৰকটকী, বিজয়কৃষ্ণ সন্দিকৈ আদিৰো কাব্য প্ৰতিভা উপেক্ষা কৰিব নোৱাৰি। এইক্ষেত্ৰত বহু সাহিত্য-সমালোচকে তুলনামূলকভাৱে গদ্য ৰচনা অথবা অন্য বিষয়ত অধিক পাৰঙ্গত হোৱাৰ হেতু উল্লিখিত কবিসকলৰ বাবে কাব্যচৰ্চা জিৰণিৰ মাজুলীমাত্ৰ বুলি জ্ঞান কৰি এওঁলোকক উপেক্ষা কৰিব খোজে; বিষয়ৰ গভীৰলৈ যাব পৰাকৈ মৌলিক আৰু সামুদায়িক দৃষ্টিভঙ্গীৰ সীমাৱদ্ধতাইও বহুতৰে সাহিত্য সমালোচনাক খণ্ডিত, এচকুৱা বাগ্ধাৰাৰ পৌনঃপুনিক অভ্যসনত পৰিণত কৰিছে। কিন্তু অসমীয়া কবিতাৰ বিভিন্ন পৰ্বৰ বিৱMÇন-অনুৱMÇন-পৰিৱMÇনৰ অবিচ্ছিন্ন প্ৰৱাহৰ উন্মুচ্যমান (unfolding) গতি-প্ৰকৃতিৰ প্ৰতিমুখে এনে ফাঁক-ডেমা নিৰ্বচনে কবিতাৰ ইতিহাস পূৰ্ণাঙ্গ ৰূপত তুলি ধৰিব নোৱাৰে বুলিয়েই আমি দৃঢ়তাৰে ভাবোঁ।
সংযোজন:
এইখিনিতে উল্লেখ কৰাটো নিশ্চয় অযুগুত নহব যে কাব্যবাণীক সংঘৱদ্ধ প্ৰয়াসেৰে সমৃদ্ধিশালী কৰি তোলাৰ আনুষ্ঠানিক প্ৰয়াসো যোৰহাটত বিভিন্ন সময়ত চলি আহিছে। বকুলবনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাৰ উদ্যোগত ঊনবিংশ শতিকাত গঢ় লৈ উঠা বাণী সন্মিলন, যোৱা শতিকাৰ পঞ্চম দশকত কবি কমলেশ্বৰ চলিহা আৰু গল্পকাৰ প্ৰফুল্ল চন্দ্ৰ বৰদলৈৰ উদ্যোগত গঢ় লৈ উঠা দালি সভা’, ড০ চন্দ্ৰ কটকীৰ উদ্যোগত অষ্টম দশকত গঢ় লোৱা কবিতাপ্ৰেমী সংঘআদিক এইক্ষেত্ৰত বাটকটীয়া বুলি লব পাৰি। কাব্যপ্ৰৱাহৰ ধাৰকস্বৰূপ ক্ষুদ্ৰ কাকত-পত্ৰিকাৰ সণ্ঢালনি প্ৰকাশনো এটা মন কৰিবলগীয়া কথা। ইয়াৰ লগতে আনুষ্ঠানিক পৰ্যায়ত অসম সাহিত্য সভাৰ বিভিন্ন শাখাসমূহ, যোৰহাট  লেখিকা সংস্থা, লেখিকা সমাৰোহ সমিতিৰ যোৰহাট শাখা, বাণী সন্মিলন, কাব্যশ্ৰী গোষ্ঠী, সুবাসিত সান্নিধ্য, চিন্তামণি চৰা, শিল্প, পাঞ্চজন্য, ঐক্যতান, এনাজৰী, গতি, যোৰহাট জিলা সাহিত্য সভা, যোৰহাট জিলা সাহিত্য সন্মিলনী, পাঞ্চজন্য সাহিত্য গোষ্ঠী,  নীলাক্ষি তামুলী সোঁৱৰণী কবিতা কানন, শব্দ, মহাৰথী, অভিনৱ, সেউজ কবি মঞ্চ, আলাপ কবি চক্ৰ, পাৰিজাত, প্ৰজ্ঞানুসন্ধান, মণিকাঞ্চন, যোৰহাট জিলা কবি সন্মিলনৰ বিভিন্ন শাখা আদিয়েও কাব্যচৰ্চাৰ বাতাৱৰণটোক বিশেষ সাৰ-পানী যোগাইছে বুলিলে অত্যুক্তি কৰা নহয়। আকৌ পাদপ্ৰদীপৰ অন্ধকাৰ তলত লুকাই থকা কবিসকলক একেখন পতাকাৰ তলত সমবেত কৰাই এক সু-সংহত কাব্য আন্দোলনৰ সূচনা কৰাৰ লক্ষ্যৰে প্ৰথিতযশা কবি ৰাম গগৈ আৰু আনন্দ চন্দ্ৰ দত্তৰ সবল নেতত্বত ১৯৮৭ চনৰ ৬ ছেপ্তেম্বৰ তাৰিখে প্ৰতিষ্ঠা লাভ কৰা সদৌ অসম কবি সন্মিলনেসমগ্ৰ অসমৰ লগতে যোৰহাটতো সাংগাঠনিক উদ্যোগ গ্ৰহণ কৰে। একে চনৰে ২৫ জানুৱাৰীত যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ত্ৰৈলোক্য শৰ্মা, দীপক ৰাজখোৱা, ওমপ্ৰকাশ বৰা আদিৰ উদ্যমিতা আৰু সেই মহাবিদ্যালয়ৰ অধ্যাপক ড০ চন্দ্ৰ কটকী আৰু যতীন্দ্ৰ কুমাৰ বৰগোহাঞি তথা সাহিত্যিক আব্দুছ ছাত্তাৰৰ উৎসাহৰ বলত গঠন হোৱা যোৰহাট কবি সংঘইও যোৰহাটৰ নবীন-প্ৰবীণ কবিসকলক একত্ৰিত কৰাৰ উদ্যোগ গ্ৰহণ কৰিছিল। যোৰহাট কবি সংঘৰ সভাপতি আছিল পুৰুষোত্তম দলে আৰু সম্পাদক আছিল ত্ৰৈলোক্য শৰ্মা। ইয়াৰ পৰৱৰ্তী সময়ত প্ৰথিতযশা চিন্তাবিদ, কবি, অধ্যাপক যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ পৃষ্ঠপোষকতাত আৰু নৰেন্দ্ৰ নাথ দত্ত, নগেন বৰা, ডাঃ নবীন বৰদলৈ, তিলক চন্দ্ৰ দত্ত, ৰিপুঞ্জয় গগৈ, কুকি পূজাৰী আদিৰ উদ্যোগত ১৯৮৯ চনৰ ২ জুলাই তাৰিখে যোৰহাট কবি সন্মিলনেপ্ৰতিষ্ঠা লাভ কৰে। জন্মলগ্নৰে পৰা যোৰহাট কবি সন্মিলনে জিলাখনৰ গাঁৱে-ভূঞে, অঞ্চলে-অঞ্চলে কবিতাৰ সভা, কৰ্মশালা, আলাপ-আলোচনা, আবত্তিৰ অনুষ্ঠান আদি অনুষ্ঠিত কৰি কাব্যপ্ৰবাহক এক বিশেষ গতি প্ৰদানত উৎসাহ যোগাবলৈ সক্ষম হৈছে। সমান্তৰালভাবে গত তিনিটা দশকজুৰি নিৰৱচ্ছিন্নভাবে প্ৰকাশ পাই অহা সন্মিলনৰ মুখপত্ৰ গাণ্ডীৱৰ জৰিয়তে নতুন কবি-প্ৰতিভাৰ আত্মপ্ৰকাশৰ ক্ষেত্ৰতো অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে। সেইদৰে সন্মিলনে বিভিন্ন অঞ্চলত ইয়াৰ শাখা গঠন কৰি কাব্য আন্দোলনটোক সু-সংৱদ্ধ ৰূপত আগবঢ়াই নিছে। সম্প্ৰতি যোৰহাট জিলা কবি সন্মিলনহিচাপে পৰিচিতি লাভ কৰা এই অনুষ্ঠানটোৰ মজিয়া গছকি, ইয়াৰ উমাল সাহচৰ্যৰে বহু কবি প্ৰতিভাই অসমৰ লগতে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সমাদৰ বুটলিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, অন্যত্ৰ বিৰল কাব্যপ্ৰবাহৰ বিপুল বৈভৱৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰয়াত যোৰহটীয়া কবিসকলৰ স্মতিত যোৰহাট জিলা কবি সন্মিলনে বছৰি অনুষ্ঠিত কৰি অহা একক আৰু অনন্য অনুষ্ঠান শ্ৰদ্ধাৰ্ঘ্য দিৱসএই অনুষ্ঠানটোৰ অন্যতম লেখত লবলগীয়া কাৰ্যসূচী। যোৰহাট জিলা কবি সন্মিলনে জন্মলগ্নৰে পৰা সদৌ অসম কবি সন্মিলনৰ সৈতে সহযোগিতা ৰক্ষা কৰি আহিছে আৰু ৰাজ্যিক পৰ্যায়ত জিলা সন্মিলনৰ পৰাই বহুকেইজন পদাধিকাৰীয়ে সৰ্বোচ্চ আসনত অধিষ্ঠিত হৈছে। বৰ্তমানৰ ৰাজ্যিক সমিতিৰ প্ৰধান সম্পাদকো যোৰহাট জিলা কবি সন্মিলনৰ প্ৰাক্তন সম্পাদক। এনেদৰেই যোৰহাটত সময়ে সময়ে কাব্যচৰ্চাৰ সাংগাঠনিক বা সংঘৱদ্ধ প্ৰয়াস চলি আহিছে। সম্প্ৰতি যোৰহাট জিলা কবি সন্মিলনে প্ৰতিষ্ঠাৰ গৌৰৱোজ্জ্বল তিনিটা দশক অতিক্ৰম কৰিছে। এই শুভক্ষণত অনুষ্ঠানটোৰ প্ৰতিষ্ঠালগ্নৰে পৰা জড়িত থাকি এক বিশেষ মাত্ৰা প্ৰদান কৰা যিসকল মহানুভৱে এই ধৰাৰ পৰা বিদায় মাগিলে, তেখেতসকলৰ পবিত্ৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে এক পৰিয়ালৰ দৰে সন্মিলনক আবৰি ৰখা অগ্ৰজ আৰু অনুজ প্ৰতিগৰাকী কবি-সতীৰ্থলৈ অভিনন্দন জনাই এই লেখা ইমানতে সামৰিলোঁ।
.......................................
(লেখক শ্ৰীবৰুৱা বৰ্তমান যোৰহাট জিলা কবি সন্মিলনৰ সম্পাদক তথা সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক।)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ