অন্যযুগ/


জীয়া শিলৰ সাধু

নিংকু নিশা নেওগ


ই সাধাৰণতে অফিচৰ পৰা আহোঁতেই ঘৰুৱা বজাৰ-সমাৰখিনি কৰি আনো। এইটো মোৰ পুৰণি অভ্যাস। মই বজাৰৰ মোনাখন লৈ যেতিয়া ঘৰ সোমাওঁহি, তেতিয়া কানি-মুনি এন্ধাৰ হয়হি। মোৰ পত্নী মায়াই সেই সময়ত গোসাঁইঘৰত চাকি জ্বলাই ধূনাৰ বাটিলৈ ফুৰাবলৈ বুলি পদূলি পায়হি। মই প্ৰায়েই তাইক পদূলিমুখতে লগ পাওঁ। মায়াই ধূনাৰ বাটিটো লৈ থকা সময়ত মূৰত চাদৰৰ আঁচলখন টানি ওৰণি লৈ থাকে। মোক দেখাৰ লগে লগেই তাই আগ বাঢ়ি আহি গেইটখন খুলি দি মিচিকিয়াই হাঁহে। গাড়ীৰ গ্লাছখন নমাই মই সদায় ধূপ-ধূনাৰ গোন্ধটো দীঘলকৈ উশাহত উজাই লওঁ। মোৰ মা জীয়াই থাকোঁতে মায়াৰ দৰেই ধূনাৰ বাটিটো পদূলিলৈকে এপাক ফুৰাই আনিছিল। ঘৰখনৰ এফালৰ পৰা প্ৰতিটো কোঠাৰ লাইটবোৰ জ্বলাই ধূনাৰ ধোঁৱা দি থৈ গৈছিল। সেই সময়ত বিছনাত এনেই কোনোবাটো বাগৰি থকাটো নহ’লে শুই থকাটো কোনোপধ্যেই সম্ভৱ নহয়। কালসন্ধ্যা শুই থাকিলে বেমাৰ হয় বুলি মাই আইতাৰ মুখত শুনাৰ দৰে মায়ায়েও মাৰ পৰা শুনিয়ে বাক্যফাকি আওৰাবলৈ শিকিলে। কিয় নাজানো! সন্ধিয়াৰ এই ধূনাৰ পৱিত্ৰ পৱিত্ৰ গোন্ধটো আৰু মায়াৰ ওৰণিখন দেখিলে  মায়াৰ প্ৰতি শ্ৰদ্ধাত মোৰ মূৰ দোঁ খাই যায়।


   আজি পদূলিত মায়াক নেদেখিলোঁ। গোসাঁইঘৰলৈ ভুমুকিয়াই চাই তাইক তাতো দেখা নাপালোঁ। আগতে মাহেকীয়া হ’লেহে মায়াই চাকি নিদিয়ে। তেতিয়া অৱশ্যে মোৰ মাই নিজেই গোসাঁইঘৰৰ বাঘজৰী চম্ভালি আছিল। কিন্তু বয়স বঢ়াৰ পাছৰে পৰা মায়াৰ এইবোৰ জঞ্জালো নোহোৱা হ’ল। গতিকে প্ৰতি দিনেই মায়াক পদূলিত নেদেখিলে মই নিজেই অস্থিৰ হৈ পৰোঁ। মায়াৰ যিহেতু বৰ বিশেষ অসুখ-বিসুখো নাই, গতিকে আজি মায়াক নেদেখি মই সঁচাই আচৰিত হ’লোঁ। গাড়ীখন গেৰেজত ভৰাই গেৰেজৰ তলাটো মাৰি ঘৰৰ দৰ্জাখন চালোঁ। দৰ্জাখন খোলা। মায়াই সাধাৰণতে মোক নোসোধাকৈ ক’লৈকো নাযায়। কেতিয়াবা ওচৰ-চুবুৰীয়াৰ ঘৰলৈ হঠাতে যাবলগীয়া হ’লে বাৰু বেলেগ কথা। তেতিয়াও তাই দুৱাৰত তলা লগাইহে ঘৰৰ বাহিৰলৈ ওলায়। আমাৰ ঘৰটোত চোৰে নিবলগাকৈ বৰ বিশেষ সামগ্ৰী একো নাই। পুৰণি টিভিটো, পাকঘৰৰ ফ্ৰিজ, অ’ভেন নহ’লে আলমাৰিত থকা টকা দুই-তিনি হাজাৰতকৈ বেছি চোৰেও একো বিচাৰি নাপাব। তথাপি মায়াই দুৱাৰত তলা নমৰাকৈ যাবলৈ সংকোচ কৰে। অৱশ্যে মাইকী মানুহবোৰে নিজৰ ঘৰখনৰ প্ৰতি মনত বিশেষ মোহ পুহি ৰাখে বুলি মই জানো।

   ঘৰৰ দুৱাৰ খোলা। ভিতৰৰ কোঠালিবোৰ লাইটৰ চুইছ অন নকৰাৰ কাৰণে অন্ধকাৰত বুৰ গৈ আছে। মই এফালৰ পৰা প্ৰতিটো কোঠালিৰ লাইটবোৰ জ্বলাই দি মায়াক বিচাৰিলোঁ। মায়া নাই। এনেতে টপ্ টপ্কৈ পানী পৰি থকা শব্দ শুনি পাকঘৰলৈ গৈ দেখোঁ বেছিনৰ ওপৰৰ টেপটো খুলি থোৱা আছে। লগে লগে মই টেপটো বন্ধ কৰিলোঁ। কিমান সময়ৰ পৰা বা টেপটো খোলা আছে। ৰাতিলৈ বা টেংকীত পানী বাকী ৰৈছেগৈ নাই ভাবি চিন্তিত হৈ পৰিলোঁ। কিন্তু মায়াক বিচাৰি নোপোৱা কথাটোৱেহে মোক বেছি অস্বস্তিত পেলালে। ঘৰৰ প্ৰতিটো কোঠা, পাকঘৰ, বাথৰুম সৱতে বিচাৰিলোঁ। মায়া নাই। পিছফালৰ ষ্ট’ৰৰুমটোতো চাই আহিলোঁ, কিজানি তাতেই তাই কিবা কৰি আছে। মায়াক বিচাৰি থকাৰ সময়খিনিত মই মায়া মায়াকৈ চিঞৰিও থাকিলোঁ জানোচা মোৰ মাত শুনি তাই ক’ৰবাত কিবা কৰি থকাৰ পৰা ওলায়ে আহে।

   মায়াক ক’তো বিচাৰি নাপাই মই বিবুধিত পৰিলোঁ। ল’ৰা-ছোৱালীহালকে ফ’ন কৰাৰ কথা ভাবিলোঁ। মিহিৰ আৰু বোৱাৰী সুনীতি গুৱাহাটীত থাকে। সি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক। মই জানো খবৰটো দিলেও সি উধাতু খাই দৌৰি ওলাবহি নোৱাৰে। মিছাকৈ তাক চিন্তাত পেলোৱাহে হ’ব। এবাৰ ভাবিলোঁ মাজনীকে ফ’ন কৰি খবৰটো দিওঁ। মাজনীৰ বিয়া আমাৰ একেখন চহৰতে হৈছে। মায়া কিজানি বিশেষ প্ৰয়োজনত তালৈও যাব পাৰে। হয়তো লৰালৰিত মোক জনাবলৈ পাহৰি গৈছে। ফ’নটো লৈ বুঢ়া আঙুলিটোৰে ফ’নৰ টাচপেড ঠেলি মাজনীৰ নম্বৰটো বিচাৰি থাকোঁতেই মিহিৰৰ কোঠাৰ পৰা কিছুমান অস্ফুট বিৰবিৰণি ভাহি আহিল। মই গোটেই ঘৰ বিচাৰি চলাথ কৰিলোঁ; কিন্তু মিহিৰ গুৱাহাটীত থাকিবৰ পৰা বন্ধ হৈ থকা তাৰ কোঠাটো এবাৰো নাচালোঁ। সিহঁতে গুৱাহাটীৰ পৰা বিহু-পূজাত আহিলেও এদিন দুদিন থাকিয়ে গুচি যায়। বাকী বছৰৰ বাকীখিনি দিন কোঠাটো অব্যৱহৃত হৈয়ে পৰি থাকে। ঠিক বুঢ়া হৈ অহা আমাৰ হাবিয়াহবোৰৰ দৰে।  মই দৌৰি যোৱাদি গৈ মিহিৰৰ কোঠাৰ লাইটটো জ্বলাই দিলোঁগৈ।

   মায়া মিহিৰৰ বিছনাখনতে বহি আছে। তাইৰ কোলাত বগা গিলিপ লগাই থোৱা গাৰু এটা। বিছনাখনৰ ওপৰত মিহিৰ আৰু মাজনীয়ে সৰুতে খেলা পুতলা কিছুমানো পৰি আছে। মিহিৰ আৰু মাজনী ডাঙৰ হৈ অহাৰ পাছত মায়ায়েই আলমাৰি এটাত গোটেইবোৰ খেলনা বস্তু বৰ যত্ন আৰু মৰমেৰে সামৰি ৰাখিছিল। আজি জানো তাইৰ কি মন গ’ল, পুৰণি পুতলাবোৰ উলিয়াই ল’বলৈ। হয়তো বহু দিন লগ নোপোৱাৰ কাৰণে মায়াৰ ল’ৰা-ছোৱালীহাললৈ বৰকৈ মনতো পৰিব পাৰে। হাজাৰ হওক মাকৰ মনহে। মই মায়াৰ ওচৰত ৰ’লোঁগৈ। মোৰ উপস্থিতিক সম্পূৰ্ণ অগ্ৰাহ্য কৰি মায়াই গাৰুটো বুকুত লৈ নিচুকাই থাকিল। মুখত বিৰবিৰকৈ মতা নিচুকণি গীতৰ কলি।

– “মায়া কি কৰি আছা আন্ধাৰে মুন্ধাৰে?”
   মায়া নিৰ্বিকাৰ। মোৰ মাত যেন তাই শুনাই নাই! মই তাইৰ মূৰত হাত বোলাই আকৌ মাতিলোঁ– “মায়া, একো নামাতিলা যে? কি কৰিছানো তুমি?”
– “শিয়ালী এ নাহিবি ৰাতি
   তোৰে কাণে কাটি লগামে বাতি।
   শিয়ালীৰ মূৰতে মৰুৱা ফুল
   শিয়ালী পালেগৈ ৰতনপুৰ...”
মায়া, কি গাই আছা এইবোৰ?
   মৃদু ধমক দিয়াৰ সুৰত মই মায়ালৈ চাই অলপ ডাঙৰকৈয়ে ক’লোঁ।
চুউউপ..., মাজনীক শুৱাইছোঁ। অলপ মনে মনে থাকক। বৰ কষ্ট কৰি তাইৰ টোপনি অনাইছোঁ। কথা নক’বচোন আপুনি।
   মোৰ ধমকিক অগ্ৰাহ্য কৰি মায়াই ওঁঠত আঙুলি দি মোৰ ফালে চাই অনুৰোধ কৰিলে। তাইৰ দুচকুৰ কাতৰ দৃষ্টিত মই হেন মানুহটো মমৰ নিচিনাকৈ দুৰ্বল হৈ গলি গ’লোঁ।
– “মায়া..., কি হৈছে তোমাৰ?”
  এইবাৰ মোৰ ধৈৰ্যৰ বান্ধোন ছিগি গ’ল। মই মায়াৰ বাহুত ধৰি জোকাৰি দিলোঁ। তাই উচাপ খাই উঠি মোলৈ প্ৰশ্নবোধক দৃষ্টিৰে চাই ৰ’ল। যেন অলপ আগতে কি হৈ আছিল তাইৰ মনতেই নাই।
আপুনি অফিচৰ পৰা কেতিয়া আহিল? মিহিৰৰ ৰুমতনো এই সন্ধিয়াখন কিয় সোমাই থাকিব লাগে? আহক, মই আপোনালৈ চাহ কৰোঁগৈ? আপুনি মুখ-হাত ধুই আহক।
   মোক অবাক কৰি মায়া পাকঘৰ পালেগৈ। মই পাকঘৰলৈ ভুমুকিয়াই চালোঁ। তাই পুৰণি গান এটা গুণগুণাই গেছত চাহৰ ছছ্টো উঠাইছে। অলপ আগতে ধৰা পৰা মায়াৰ অদ্ভুত আচৰণৰ কথা মই তাইক ক’মনে নাই বিপাঙত পৰিলোঁ। অগত্যা তাইৰ ৰঙিয়াল  মুখখন দেখি নোকোৱাটোকে ঠিৰাং কৰি মুখ-হাত ধুই ডাইনিঙত বহিলোঁহি। মায়াই সৰহকৈ গাখীৰ দিয়া চাহ একাপ আৰু জলপানৰ বাটিটো আনি বৰ সাদৰেৰে মোৰ সন্মুখত ৰাখিলেহি। তায়ো নিজৰ কাৰণে চাহ একাপ আৰু ব্ৰিটানিয়া বিস্কুট দুখন লৈ মোৰ সন্মুখত বহিল। এই সময়খিনি মোৰ বৰ ভাল লাগে। মায়া আৰু মই সন্ধিয়াৰ চাহকাপ সদায় একেলগে খাওঁ। চাহ খোৱাৰ সময়খিনিতে আমি দিনটোৰ কথা-বতৰাবোৰ দুয়োজনৰ মাজত ভগাই লওঁ। মায়াই দিনত অহা আলহীৰ পৰা কঁকালৰ বিষটো আগতকৈ অকণমান বাঢ়ি অহাৰ কথা ক’লে। মই মনে মনে ভাবিলোঁ, কাইলৈকে মায়াক এবাৰ ডাক্তৰক দেখুৱাই অনা ভাল হ’ব। কিয় নাজানো, মায়াৰ সামান্য কষ্টও দেখোন মোৰ সহ্যৰ বাহিৰত।
   ৰাতিৰ ভাতসাঁজো মায়াই বৰ আতোল-তোলকৈ ৰান্ধি খুৱালে। আবেলি মই অফিচৰ পৰা আহোঁতেই বজাৰৰ পৰা অনা বৰিয়লা মাছৰ চৰ্চৰি আৰু বেঙেনা পিটিকাৰে ভাতকেইটা তৃপ্তিৰে খাই বিছনাত বাগৰ দিছোঁহে, ভেকেটা-ভেকেট গোন্ধ এটা পাই মই একেজাপে বিছনাৰ পৰা নামি আহিলোঁ। বেডৰুম, ড্ৰয়িংৰুম সৱ তন্ন তন্নকৈ পৰীক্ষা কৰি চালোঁ ক’তো একো নোলালমই অনুমান কৰিলোঁ পাকঘৰতে কিবা গেলিছে চাগৈ! নিগনি, চিকাও হ’ব পাৰে। মেকুৰীজনী নোহোৱা হ’বৰ পৰা ঘৰখনত এইমখাৰ উপদ্ৰৱ দিনে দিনে বাঢ়ি আহিছে। ভোৰভোৰাই মই সেয়ে জাবৰ পেলোৱা দিচখন লৈ পাকঘৰ পালোঁগৈ। কি গেলিছে বুলি চাওঁতেহে মন কৰিলোঁ মায়াই গেছৰ বাৰ্নাৰ খোলাকৈ থৈ গৈছেচিলিণ্ডাৰৰ চুইছো খোলা আছে। মই কিংকৰ্তব্যবিমূঢ় হৈ গেছৰ চুইছটো অফ কৰি বেডৰুম পালোঁহি। মায়ালৈ চালোঁ, তাই নাকৰ মৃদু শব্দ তুলি টোপনিত লালকাল হৈ পৰি আছে। মায়াক জগাই কিবা এষাৰ ক’বলৈ মোৰ আৰু সত্ নগ’ল। শোৱক মানুহজনী। দিনটোৰ কাম আৰু বাঢ়ি অহা বয়সৰ কাৰণে আজি-কালি তাই সোনকালেই ভাগৰি পৰে।
   মায়াৰ এনে ধৰণৰ আচৰণবোৰ ক্ৰমশঃ বাঢ়ি আহিল। কেতিয়াবা দাইলত নিমখ দিবলৈ পাহৰে নহ’লে গেছটো নজ্বলোৱাকৈ চাহৰ ছছ্ বহাই গেছ শেষ হ’ল বুলি মোৰ ওচৰত আপত্তি কৰেহি। কেতিয়াবা ভাবত বিভোৰ হৈ জলকা লাগি দিনৰ দিনটো একে ঠাইতে বহি থাকে। মাজে মাজে উদ্দেশ্যহীনভাৱে ৰাস্তালৈও ওলাই যায়। মাজৰাতি সাৰ পাই মোৰ বুকুত মূৰটো সোমোৱাই উচুপি উচুপি কান্দে নহ’লে মাজনী আৰু মিহিৰৰ সৰুকালৰ কথা কৈ কৈ অনাৱশ্যকভাৱে ডাঙৰকৈ হাঁহে। মায়াক লৈ মই বৰ দোধোৰ-মোধোৰত পৰিলোঁ। তাইক এনেকৈ এৰি থৈ মই অফিচলৈ যাব নোৱৰা হ’লোঁ। ইফালে মোৰ চাকৰিও মাত্ৰ ডেৰ বছৰহে আছে। এনে অৱস্থাত ভিআৰএছ লোৱাৰ বাহিৰে মোৰ সন্মুখত আৰু বেলেগ একো পথেই খোলা নাই।
   মই মিহিৰ আৰু মাজনীক ফ’ন কৰি মায়াৰ কথা জনালোঁ। মাকৰ পৰিৱৰ্তিত আচৰণৰ কথা শুনি সিহঁতো চিন্তিত হৈ পৰিল। মাজনী উধাতু খাই আবেলিয়েই জোঁৱাইক লৈ ওলালহি। মই যিমান পাৰোঁ মায়াৰ আচৰণৰ কথা তাইক বুজালোঁ। মাজনী নিজেও উচ্চশিক্ষিতা ছোৱালী। মাকৰ আচৰণ দেখি তাই নিশ্চয় কিবা বুজিলে। মোৰ কথাবোৰ শুনি তাইৰ চকু চলচলীয়া হ’ল। মোৰো মাতটো থোকা-থুকি হৈ পৰিল। মায়াক লৈ মই অত্যন্ত শংকিত আৰু চিন্তাক্লিষ্ট হৈ পৰিলোঁ। মাজনী যাবলৈ ওলাই যেতিয়া মাকক মাত দিবলৈ আমাৰ শোৱনি কোঠালৈ আহিল, মায়াই মাজনীলৈ এনেকৈ চালে যেন তাইক চিনিয়ে পোৱা নাই।
   “মা, তুমি ভালকৈ থাকিবা। একো চিন্তা কৰি নাথাকিবা দেই।”– মাজনীয়ে মায়াৰ গাত হাত থৈ মৰমেৰে ক’লে। মায়াই মাজনীৰ হাতটো ঠেলা মাৰি আঁতৰাই দি মোলৈ চাই ক’লে– “ক’ৰ ছোৱালী এইজনী? মোক মা বুলি কিয় মাতিছে?”

– “মায়া... এইজনী আমাৰ মাজনী।”

মই মায়ালৈ চাই অলপ ডাঙৰকৈ কিন্তু মৰমেৰে ক’লোঁ। মই জানো, মায়া এতিয়া আগৰ মায়া হৈ থকা নাই।

– “আমাৰ মাজনী...”

   নাই, মায়াই কোনোপধ্যেই মাজনীক মনত পেলাব নোৱাৰিলে। মাজনীয়ে মাকৰ মুখলৈ কিছু সময় ভেবা লাগি চাই থাকি কোঠাটোৰ পৰা ওলাই আহিল। মই জানিছিলোঁ, মাজনীয়ে এতিয়া কান্দোনত ভাগি পৰিব। মাজনীক বুজাবলৈ মই তাইৰ মূৰত হাত থ’লোঁ। তাই কান্দি কান্দি মোৰ বুকুলৈ সোমাই আহিল। মাজনীৰ চকুপানী আৰু মায়াৰ স্মৃতিবিভ্ৰমে মোক ভাবুক আৰু অস্থিৰ কৰি তুলিলে। মাজনীয়ে লগে লগেই মিহিৰক ফ’ন কৰি মাকৰ খবৰ দিলে। সি মোৰ পৰা মাকৰ কথাবোৰ জানি আছিল যদিও অৱস্থা এইটো পৰ্যায় পাবহি বুলি কল্পনাই কৰা নাছিল। ময়ো মায়াক ডাক্তৰক দেখুৱাওঁতে ভিটামিন আৰু প্ৰেছাৰৰ দৰৱহে দিছিল বুলি তাক জনালোঁ। কি কৰোঁ কি নকৰোঁ ভাবি মই বিবুধিত পৰিলোঁ। মায়া আচলতে কি ৰোগত আক্ৰান্ত হৈছে মই অনুমানেই কৰিব নোৱৰা হ’লোঁ।

   মাজনী আৰু মিহিৰে ফ’নতেই আলোচনা কৰি মায়াক ছায়ক্ৰাইটিষ্টৰ ওচৰলৈ এবাৰ লৈ যোৱাৰ কথা ক’লে। সিহঁতৰ কথা শুনি মোৰ মূৰত আকাশী সৰগ ভাগি পৰাৰ দৰে হ’ল। মোৰ মায়া পাগলী হ’ল। মই কেনেকৈ বিশ্বাস কৰিব পাৰোঁ! নোৱাৰে, নোৱাৰে, মোৰ মায়া পাগলী হ’ব নোৱাৰে। এয়া মই কেতিয়াও মানি নলওঁ। শিশুৰ দৰে কোমল মানুহজনীৰ মনটোত বেমাৰে চানি ধৰাৰ কথা মই কিদৰে মানি ল’ব পাৰোঁ! মোৰ ভালকৈ মনত আছে মায়াক এইখন ঘৰলৈ আদৰি অনা দিনাৰ কথা। মায়াৰ হাতত প্ৰাণ পাই উঠা মোৰ ঘৰখন, য’ত প্ৰতিটো বস্তুতে মায়াৰ নিপুণ হাতৰ পৰশ লাগি আছে। এই পৰশবোৰ কি মায়াৰ ৰুগীয়া মনটোৰ দৰেই ৰুগীয়া হৈ পৰিব নেকি?

   মিহিৰে কোৱা মতেই পাছদিনা মাজনী আৰু জোঁৱাইৰ লগত মায়াক লৈ মই চহৰৰ নামজ্বলা ছাইক্ৰিয়াটিষ্ট ডা০ অনিমেষ দুৱৰাৰ ওচৰ পালোঁগৈ। ডাক্তৰে মায়াক বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰা সময়খিনি মই কেবল মায়াৰ মুখলৈ চাই বহি থাকিলো। মায়াই সৰু ছোৱালীৰ দৰে ডাক্তৰলৈ ভয় কৰিছে। ডাক্তৰে মৰমেৰে মায়াক সময়মতে ঔষধ খাবলৈ বুজাই দিছে। মায়াক জোৱাইৰ লগত বাহিৰলৈ পঠাই দি তেওঁ মোলৈ আৰু মাজনীলৈ চাই মায়াৰ বেমাৰৰ বিষয়ে সৱ বুজাই দিলে। আমি কি কি ধৰণে সাৱধানতা ৰাখিব লাগিব, মায়াৰ ভাল পোৱা, বেয়া পোৱাৰ ওপৰতে যে আমাৰ প্ৰতিজনৰে আচাৰ-আচৰণ হোৱা উচিত, সেয়াও ক’লে। ৰেগুলাৰ খাবলগীয়া ঔষধ আৰু ভিটামিন, প্ৰেছাৰৰ ঔষধৰ নাম লিখা প্ৰিছক্ৰিপ্শ্বনখন মই ডাক্তৰৰ হাতৰ পৰা লওঁতে মোৰ এনেকুৱা লাগিছিল, ময়েই যেন পৃথিৱীৰ আটাইতকৈ দুৰ্বল প্ৰাণী!

   মায়া ডিমেনচিয়া নামৰ মানসিক ৰোগত আক্ৰান্ত। মাজনী আৰু মিহিৰ কলেজ পাছ কৰিয়ে ঘৰ এৰি বাহিৰত পঢ়িবলৈ ওলাই গৈছিল, ইফালে দিনৰ দিনতোতো মই নাথাকোঁৱেই। উদং ঘৰখনত নিজক অকলশৰে আবদ্ধ ৰাখি ৰাখি মায়াই লাহে লাহে নিসংগতাত ভুগিবলৈ ধৰিছিল। অত্যধিক মানসিক চাপ আৰু একাকিত্বই মায়াক পৰিৱেশ আৰু পৰিস্থিতিৰ বিদ্ৰোহী কৰি তুলিলে। ইচ্ছা থাকিলেও ঘৰখনৰ পৰা ক’ৰবালৈ ওলাই যোৱাৰ কোনো এটা অজুহাত বিচাৰি নোপোৱা মায়াই ফুল গছৰ গুৰি খুঁচৰি, ধোৱা কাপোৰকে আলমাৰিৰ পৰা উলিয়াই আকৌ ধুই জাপি, সৰা ঘৰকে আকৌ সাৰি-মচি সময় পাৰ কৰিবলৈ ধৰিলে। দিনে দিনে মায়াৰ একেবোৰ কামৰ পুনৰাবৃত্তি বাঢ়ি গৈ থাকিল। দিনত অফিচৰ কামৰ ব্যস্ততা আৰু আবেলি ঘৰলৈ ঘূৰি আহি অৱসাদ-ভাগৰত ময়ো মায়াৰ পৰিৱৰ্তিত আচৰণৰ বিষয়ে কোনোদিন মন নিদিলোঁ। কেতিয়াবা মায়াই চাহত ভুলতে নিমখ দিয়ে, কেতিয়াবা গেছত তুলি ৰখা ভাজিখন তেনেই দেয়াই পেলায়, নহ’লে বাথৰুমৰ টেপ খুলি বন্ধ কৰিবলৈ পাহৰি থাকে... এইবোৰ কিবা চিন্তা কৰিবলগীয়া কথা বুলি মই কোনোদিন গণ্যই কৰা নাছিলোঁ। অথচ সেইবোৰেই মায়াৰ ভিতৰৰ কোমল মনটোক খুলি খুলি খাবলৈ আৰম্ভ কৰিলে।

   সৌৱা, মায়াই মাজনীৰ আলমাৰিৰ পৰা তাইৰ সৰুকালত খেলা বাৰ্বি পুতলাজনী উলিয়াই লৈ আপোনমনে খেলি আছে। মই হৰলিক্স্ একাপ আৰু ব্ৰিটানিয়া বিস্কুট দুখন লৈ মায়াক খাবলৈ দি থৈ আহিছিলোঁ। সেয়া এতিয়াও মায়াৰ ওচৰতে চেঁচা হৈ পৰি আছে। বিস্কুট দুখনো সেমেকি গৈছে। মই বুজি উঠিছোঁ, এতিয়াৰ পৰা মায়াক মই খুৱায়ো দিব লাগিব। ডাক্তৰে কৈছে মায়া এতিয়াও শেষ পৰ্যায় পোৱাগৈ নাই। কেতিয়াবা ডিমেনচিয়াৰ শেষ পৰ্যায় পোৱা ৰোগীয়ে আত্মহত্যাও কৰিব পাৰে, নহ’লে ঘৰৰ পৰা হঠাতে ক’ৰবালৈ ওলাই গুচিও যাব পাৰে। সেয়ে বহুতো ৰোগীক ঘৰতে বান্ধি থোৱাও দেখা যায়। মই মায়াক সেইটো অৱস্থাত কল্পনাও কৰিব নোৱাৰোঁ। হাতত টান হৈ খুলিব নোৱৰা হোৱা খাৰুপাট খোলোঁতেও চাবোন অকণ সানি লোৱা আলসুৱা মায়াক হাতত ৰছীৰে বান্ধি থোৱা কথাটো ভবাটোও যে কিমান কষ্টকৰ!

   মই ভিআৰএছৰ দৰ্খাস্তখন লিখি শেষ কৰি চহীটো কৰি মায়াৰ ওচৰ পালোঁগৈ। হৰলিক্সৰ কাপটো হাতত লওঁতেই তাই বিস্কুট দুখন দেখি খাবলৈ মুখ মেলিলে। মই সেই দুখন সেমেকি যোৱাৰ কাৰণে টেমাৰ পৰা নতুন বিস্কুট আনিবলৈ উঠিলোঁ। মোক উঠা দেখি মায়াই ফেঁকুৰি উঠিল। মই বুজিলোঁ, মায়াৰ বয়স আৰু দুবছৰমান কমিল। এতিয়া মায়া এটা শিশু। আৰু মই মায়াক পিতৃৰ দৰে মৰমেৰে আলপৈচান ধৰিব লাগিব। মায়াই এয়া থেন্থেনাই মোৰ হাতৰ পৰা বিস্কুট খাই আছে, যেন মাজনীয়েহে সৰুতে থুপুক-থাপাককৈ আহি মোৰ হাতৰ পৰা বিস্কুট খাইছেহি! মই মায়াৰ মূৰত হাত বুলাই দিলোঁ। মায়াই মূৰ তুলি এবাৰ মোৰ মুখলৈ চালে, আকৌ তাই আপোনমনে বিস্কুট খোৱাত লাগিল। মোৰ চকুৰ পৰা অজানিতে দুটোপাল চকুপানী বাগৰি আহি মায়াৰ মূৰতে পৰিল। ঠিক সেই দিনা ভাগৱতৰ ওচৰত মই মায়াৰ শিৰত মোৰ নামৰ সেন্দূৰ পিন্ধাই দিয়াৰ দৰে। “আজিৰ পৰা তোমাৰ দেহ মোৰ দেহৰ লগত... আজিৰ পৰা তোমাৰ মন মোৰ মনৰ লগত...” – মোৰ ভাব হৈছে ভাগৱতৰ সন্মুখত জ্বলি ৰোৱা মাটিচাকিগছ যেন এতিয়াও ঢিমিক-ঢামাককৈ জ্বলিয়েই আছে... জ্বলিয়েই আছে।

সহ: শিক্ষয়িত্ৰী
যুগল উচ্চ মাধ্যমিক বিদ্যালয়
২নং বামুণপুখুৰী, ঘটুৱা– 784149
তেজপুৰ
ভ্ৰম্যভাষ: 6002948925


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ