প্রাঞ্জল বেজবৰা
১৯৪৫ চনৰ ডিচেম্বৰ মাহৰ ৩০ তাৰিখে ‘নিউয়ৰ্ক টাইমছ’ কাকতৰ সম্পাদকীয় পৃষ্ঠাত উইলিয়াম অগডনৰ ‘দ্য আৰ্ট অব হেপীনেছ’ শীৰ্ষক এটি লেখা প্রকাশ পাইছিল৷ সেই লেখাটোৰ মূল কথাখিনি অসমীয়ালৈ অনুবাদ কৰি অন্যযুগৰ পাঠকলৈ আগবঢ়ালোঁ৷
মানুহৰ সুখ-সুবিধা সৃষ্টিৰ বাবে যুগ যুগ ধৰি বিভিন্ন চৰকাৰ, প্ৰশাসন তথা অনুষ্ঠান-প্রতিষ্ঠানে কৰা প্ৰচেষ্টাৰ যেন অন্ত নাই৷ কিন্তু ব্যক্তিয়ে নিজৰ সুখৰ কাৰণে প্রয়োজনীয় ব্যক্তিগত গুণৰাজিৰ বিকাশত প্ৰায়ে মনোযোগ দিয়া দেখা নাযায়৷ মানৱ চৰিত্ৰৰ যিবিলাক গুণে অনেক বিপদ-বিঘিনিৰ মাজতো সুখৰ সন্ধান দিব পাৰে, তেনে চাৰিত্ৰিক গুণাৱলীৰ বিকাশৰ বাবে যেন ব্যক্তিগত দৃঢ়তাৰ অভাৱ৷ আমি সততে অধিক গুৰুত্ব দিয়া বিষয়বোৰ হৈছে - জীৱন নিৰ্বাহ পদ্ধতিৰ সংস্কাৰ, দৰ্মহা-মজুৰি বৃদ্ধি কৰা, অর্থনৈতিক গাঁথনিৰ নিয়ন্ত্ৰণ, চৰকাৰী নীতি আদি৷ কিন্তু মানুহে নিজকে উন্নত কৰাৰ কাৰণে বিশেষ একো নকৰে৷
সুখৰ উপাদনসমূহ তেনেই সৰল আৰু সিবিলাকৰ সংখ্যা আঙুলিৰ মূৰতে গণিব পৰা৷ সুখ ব্যক্তিৰ অন্তৰৰ পৰা আহে, ই সৰল সজগুণ আৰু স্পষ্ট বিৱেকতে নিৰাপদে থাকে৷ সুখ লাভৰ বাবে ধৰ্ম অত্যাৱশ্যকীয় নহয়; কিন্তু নৈতিক নীতি-নিয়ম পৰিহাৰ কৰি কোনেও সুখ লাভ কৰা নাই৷ স্বাৰ্থপৰতা সুখৰ শত্ৰু, আনক সুখী কৰিব পাৰিলে নিজেও সুখী হ'ব পাৰে৷ সুখ অতি শান্ত, হুলস্থূলৰ মাজত সুখ পোৱা নাযায়৷ অকলশৰীয়া নিৰ্জন মুহূৰ্তত সুখ প্ৰতিবিম্বিত হয়৷ সুখ কিনিব নোৱাৰি, ধনৰ লগত সুখৰ সম্পৰ্ক অতি শিথিল৷
নিজৰ ওচৰত সন্তুষ্ট নহ’লে কোনো মানুহ সুখী হ’ব নোৱাৰে৷ উদ্বেগহীন প্ৰশান্ত অৱস্থা লাভৰ যাত্ৰা আৰম্ভ কৰিব লাগিব আত্মবিশ্লেষণেৰে৷ আত্মবিশ্লেষণৰ ফলাফলত অৱশ্যে আমি প্ৰায়ে সন্তুষ্ট নহওঁ৷ ইমানবিলাক কৰণীয় আছে, অথচ তাৰে মাত্ৰ কেইটামানহে কৰিব পৰা হৈছে৷ এই আত্মবিশ্লেষণৰ ফলাফল প্ৰতিজন ব্যক্তিক আনতকৈ পৃথক কৰা তথা অদ্বিতীয় হিচাপে চিহ্নিত কৰা গুণাৱলী আৱিষ্কাৰৰ আধাৰত নিৰ্ভৰশীল আৰু সেইবিলাক গুণৰ বিকাশেই ব্যক্তি একোজনক সন্তোষ প্ৰদান কৰিব পাৰে৷
যুগ যুগ ধৰি সুখ অৰ্জনৰ বাবে আচনি প্রস্তুত কৰা ব্যক্তিসকলৰ ভিতৰত উইলিয়াম হেনৰি স্বান্নিত সফল হোৱা বুলি বিৱেচনা কৰা হয়৷ তেওঁৰ আঁচনিখন এনে ধৰণৰ :
* নিজৰ সীমিত উপাৰ্জনতে
সন্তুষ্ট থকা,
* বিলাসিতাতকৈ ৰুচিবোধত
গুৰুত্ব দিয়া,
* ফেশ্যনৰ পৰিৱৰ্তে
উৎকৃষ্টতা লাভৰ বাবে যত্ন কৰা,
* যোগ্যতা অৰ্জনৰ
বাবে কঠোৰ অধ্যয়ন কৰা,
* শান্তভাৱে চিন্তা
কৰা,
* নম্ৰভাৱে কথা কোৱা
* অকপটভাৱে কাৰ্য কৰা,
* সকলো আনন্দেৰে
গ্ৰহণ কৰা,
* সকলো কাম সাহসেৰে
সম্পাদন কৰা,
* কেতিয়াও লৰালৰি
নকৰা৷
মনত ৰাখিবা যে এইবিলাক
কোনো চৰকাৰ বা প্ৰশাসনে তোমাৰ বাবে কৰি দিব নোৱাৰে, তুমি নিজেই সকলো কৰিব লাগিব৷