অন্যযুগ/


জীৱন দ্বিঘাত সমীকৰণ

চুনা কুমাৰ পাঠৰী

 

কেতিয়াবা সহজ বুলি ভবা সৰলৰেখা এডালো খেলিমেলি

সপোনৰ বাট ইমান সৰলৰৈখিক নহয় 

 

কোনো ভালপোৱাতে পূৰ্ণতা নাই

জীৱনৰ জটিল ভগ্নাংশৰ সঠিক সমাধানো নাই 

 

ভালপোৱানো কি ! সম্পৰ্কবোৰ ক্ষুদ্ৰতৰ ভগ্নাংশৰ

একোটা নিঃকিন অংশহে মাথোঁ,

সকলো শূন্য আৰু দশমিকৰ দোমোজাত

 

গণিতৰ এটা সমস্যাৰ সমাধান কৰিবলৈ যিমান চৰ্তৰ প্ৰয়োজন

জীৱন আৰু প্ৰেমত তাতোকৈ বেছি

বিয়োগ, হৰণ-পূৰণ 

 

কিনো কম -

সেয়ে কত কবি এনেকৈ ডাংবৰলা

আজিকালি কবিতা পঢ়ি কোনোবা ছোৱালী

আহিব হবলা !

 

আচৰিত ! কোনোদিনে অঙ্কছাৰৰ

ৰঙা চকুৰ প্ৰিয় ৰং হব নোৱাৰিলোঁ

তথাপি কঠিন সময়ৰ সাগৰত বুৰ গৈ

নিজে অংকৰ অনুশীলন চলাই আছোঁ

ভুল-শুদ্ধকটাকটি বিচ্ছেদৰ

 

ত সুখ-দুখ সমীকৰণৰ বৰ্গক্ষেত্ৰ

বাৰে বাৰে সমাধান কৰি একেটাই উত্তৰ পাওঁ -

জীৱনটোৱেই দ্বিঘাত সমীকৰণ

ভালপোৱাক কৰিব নাৱাৰি সৰলীকৰণ...।

 

 ভ্ৰাম্যভাষ: ৭০০২৫৯৪৭৬৮

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ