লোকনাথ গোস্বামী
মন দাপোণত-১৫
(১)
টাউনৰ মাটিডোখৰত সৰুকৈ
হ’লেও ঘৰ এটা সজাৰ কথাটোত ময়ো জোৰ দিলোঁ ৷ গাঁৱৰ পৰা সদাই বোকা-পানী খচকি টাউনৰ
স্কুলৰ চাকৰিলৈ আহা-যোৱা কৰা, টাউনৰ কলা-সংস্কৃতিৰ ক্ষেত্ৰখনৰ সৈতে সততে সংযোগ ৰক্ষা কৰি থকাকে ধৰি ইমানবিলাক কাম কৰাটো যথেষ্ট
কষ্টকৰ হৈ পৰিছিল আমাৰ বাবে । সেয়া
সদায়ে বৰ্তাই ৰখাটো সম্ভৱ নহৈছিল । গতিকেই টাউনত সৰুকৈ হ’লেও নিজাববীয়াকৈ ঘৰ এডোখৰ
লাগে । কিন্তু ঘৰ বনাবলৈ হলে মই ঘৰতে থাকি কিবা এটা কৰিব লাগিব । এম এচ চি পঢ়া বাদ
দিব লাগিব । চাকৰি এটা যোগৰ কৰিবই লাগিব ৷ ইতিমধ্যে তেজপুৰ একাডেমীৰ
চাকৰিটো হাতলৈ আহিল । সৰুদাদা(কুমুদ গোস্বামী)য়ে ইতিমধ্যে
’বি এ’ পাচ কৰিছিল যদিও চাকৰি হোৱা নাছিল তেতিয়ালৈকে ৷ গতিকে মই ’এম এচ চি’পঢ়াৰ বাসনা ত্যগ কৰি একাডেমীৰ চাকৰিটোত যোগদান
কৰিলো । একাডেমীৰ চাকৰিটোত সোমাই প্ৰথম দৰ্মহাৰ টকাৰে ইটা-বালি কিনিলো ৷ দ্বিতীয় দৰ্মহাৰে চিমেণ্ট-বালি, কাঠ
আদি কিনি ৰাজমিস্ত্ৰী, কাঠমিস্ত্ৰী লগাই অলপ অলপ কৈ কাম আৰম্ভ কৰি
দিলোঁ ৷ সেইখিনি কৰাৰ আগেয়ে সৰুদা(কুশদা)ৰ সৈতে পুৱাই দেওবাৰ বা বন্ধবাৰত কোৰ, দা
আদি ঘৰৰ পৰা চাইকেলৰ কেৰিয়াৰত
বান্ধি আনি ঘৰ সাজিবলৈ ঠিক কৰা নতুন মাঠিডোখৰৰ
হাবি-বন কাটি কাম কৰাৰ উপযোগী কৰি লওঁ ৷ মাটিডোখৰ সমান কৰি উলিওৱাৰ পিছত বাঁহ আৰু তৰ্জাৰ বেৰদি
জুপুৰি এটা নিজেই সাজি উলিয়াওঁ ৷ খাবৰ বাবে পূৰ্ৱৰ মাটিৰগৰাকী তীৰ্থ শৰ্মাৰ
পৰিয়ালৰ কুঁৱাটোৰ পৰাই পানী আনো ৷ শৌচ-প্ৰস্ৰাবৰ কাৰণে এচুকত মাটিত দ গাঁত এটা
খান্দি শৌচালয় নিজেই বনাই ল’লোঁ ৷ ৰাতি-বিয়লি প্ৰয়োজন সাপেক্ষে ৰান্ধি-বাঢ়ি খাই
শুবৰ কাৰণে দুখন অকাঠি কঠৰ সস্তীয়া বিচনাৰো ব্যৱস্থা কৰিলোঁ ৷ পানীৰ স্থায়ী
ব্যৱস্থাৰ কথা চিন্তা কৰি পুৱা স্কুললৈ যোৱাৰ আগতে, আবেলি স্কুলৰ পৰা আহি নিজেই
কোৰ লৈ কুঁৱা এটা খান্দিবলৈ অলপ অলপকৈ আৰম্ভ কৰি দিলোঁ ৷ তেনেকৈয়ে কুৱাটো খন্দা
প্ৰায় হৈয়ে গৈছিল যদিও শেষৰফালে অভিজ্ঞ মানুহ মাতি ৰিং বহুৱাৰ কামটো কৰোৱা হৈছিল ৷
(২)
ঘৰটো বনাবৰ সময়ত চিমেণ্টৰ বৰ নাটনি আছিল ৷
তেতিয়া চিমেণ্টৰ প্ৰতি বেগৰ দাম আছিল তেৰ টকা মাত্ৰ ৷ তাকো কণ্ট্ৰোলৰ বজাৰতহে উপলব্ধ আছিল যদিও সময়ত পাবলৈ
নাছিল ৷ তেনেকৈ ইটা-বালিও বহু দূৰৰ পৰা মানে পাচ-ছয় কিলো
মিটাৰমান দূৰৰ মিচন চাৰিআলিৰ সমীপৰ পৰা আনিব লগীয়া হৈছিল । মুঠতে সেই কলেজীয়া
জীৱনৰ পৰা অব্যাহতি লোৱাৰ পিছতেই ভৰ-যৌৱন কালতে চাকৰিৰ দায়িত্ব, ঘৰ
নিৰ্মাণৰ দায়িত্বকে ধৰি ভালেই ঘৰুৱা জঞ্জালত সোমাই পৰিব লগীয়া অৱস্থা এটা হৈছিল ৷
সিফালে চাকৰিৰ পইচাৰে ইটা-বালি-চিমেণ্ট কিনাৰ পৰা আৰম্ভ কৰি ৰাজ-মিস্ত্ৰীৰ, কাঠ-মিস্ত্ৰীৰ
খা-খৰচ যোগোৱালৈকে সকলোখিনি কৰিব লগীয়া হোৱা হেতুকে নিজে চলাটো টান হৈ পৰিছিল ৷
তেতিয়া চাকৰিৰ দৰ্মহাৰ Basic
Pay আছিল ২২৫/-টকা ৷ পিছত অৱশ্যে সেয়া বাঢ়ি
৩৫০/-টকা হৈছিল গৈ ৷ জোৰা-তাপলি মাৰি চলিবৰ কাৰণে পুৱা-গধূলী দুটাকৈ টিউচন যোগাৰ
কৰি লবলৈ বাধ্য হ’লোঁ ৷ এটা কৰিছিলোঁ মাজগাঁৱৰ মৃগেন বৰুৱাৰ ঘৰত, তেখেতৰ
ল’ৰাটোক অংক বিষয়টো চাই দিব লগীয়া হৈছিল, যিহেতু মই অংকৰ ছাত্ৰ আছিলো ৷ অইন এটা টিউচন
কৰিছিলো হজৰাপাৰৰে আমাৰ প্ৰায় ঘৰৰ ওচৰৰে সম্বন্ধীয় দেবেন বৰঠাকুৰৰ
ঘৰত ৷ তেখেতৰ ল’ৰাকো অংক আৰু বিজ্ঞান দুয়োটা বিষয় পঢ়ুৱাব লগীয়া
হৈছিল ৷ দুটা টিউচনৰ পৰা যি সামান্য উপাৰ্জন হৈছিল, তাৰে এটাৰ পইচাৰে শাস্ত্ৰীয়
সংগীতৰ গুৰু এজন ধৰি শাস্ত্ৰীয় সংগীতৰ তালিম ল’বলৈ আৰম্ভ কৰিলোঁ , বাকীখনি
হাত খৰচ ৷
(৩)
শাস্ত্ৰীয় সংগীতৰ গুৰুজন আছিল গণেশ দাস ৷ অৱশ্যে এখেত মোৰ দ্বিতীয় গুৰু আছিল
৷ প্ৰথম গুৰু আছিল তেজপুৰৰ সমীপৱৰ্তী মাজগাঁৱৰ ডম্বৰু শইকিয়া
৷ তেখেতৰ পৰা শাস্ত্ৰীয় সংগীতৰ প্ৰথম জ্ঞানখিনি লৈছিলো
হাইস্কুলত থাকোতেই ৷ কিন্তু সেয়া তেনেই প্ৰাথমিক অৱস্থাতেই থাকিল ৷ হ’লেও
সেইখিনি জ্ঞানেই মোক শাস্ত্ৰীয় সংগীতৰ প্ৰতি গভীৰ অনুৰাগ জগাই তুলিছিল ৷ দ্বিতীয়জন গুৰু গণেশ দাসৰ ঘৰ আছিল তেজপুৰ টাউনৰে
পূৱপ্ৰান্তৰৰ ’নতুন পাৰা’ত , বাঙালী সম্প্ৰদায়ৰ লোকৰ বসতি অঞ্চল । আবেলি আবেলি স্কুল ছুটীৰ পিছত নতুবা বন্ধৰ দিনত গাঁৱৰ পৰা
পুনৰ চাইকেল মাৰি গৈ তেখেতৰ ওচৰত শাস্ত্ৰীয় সংগীতৰ শিক্ষা লবলৈ আৰম্ভ কৰিছিলো ৷ এই গৰাকী গুৰু গণেশ দাসৰ ওচৰত গ্ৰহণ
কৰা সেই সংগীত শিক্ষাই মোক শাস্ত্ৰীয় সংগীতৰ জগতখনৰ প্ৰতি এনেদৰে প্ৰগাঢ় ধাউতি
বঢ়াই তুলিছিল যে সিয়ে মোৰ সংগীত যাত্ৰাক পাছলৈ এক নতুন মাত্ৰা আৰু গতি প্ৰদান
কৰিছিল ৷
শাস্ত্ৰীয় সংগীতৰ চৰ্চ্চাও মোৰ কাৰণে বৰ সহজ
নাছিল ৷ তেতিয়া টাউনৰ জুপুৰিটোত মাজে মাজে থকা হৈছিল ৷ টিউচন,ফাংচন
ইত্যাদি কামৰ লগতে নতুন ঘৰৰ বাবে কিছুমান কাম কৰিবৰ বাবে নিশা তাতে কটাব লগীয়া
হৈছিল ৷ ৰিয়াজ কৰিবলৈ হাৰমোনিয়াম নাছিল টাইনৰ জুপুৰিত ৷ গাঁৱৰ ঘৰৰ হাৰমোনিয়ামখন
আনিবও নোৱাৰি, সকলোকে লাগে ৷ সেইখনো আকৌ ময়ে এম ই বৃত্তি পাওঁতে প্ৰথম
কিনিছিলো ৷ চিন্তা কৰি এটা সময়ত উপায় এটা বিচাৰি পালো ৷ বাৰহলিয়াৰ
মহেন্দ্ৰ ফুকন(ডাঙৰ বৌৰ মামাৱক)ৰ ঘৰখন কলেজত পঢ়াৰ সময়খিনিত আমাৰ একমাত্ৰ আশ্ৰয় থল
আছিল পুৱা গধূলি ৷ সেইখন ঘৰতে পুৰণি চিংগ’ল হাৰমনিয়াম এখন দেখিছিলো ৷ কাম চলিব
বুলি মাক আৰু পুতেক পূৰ্ৱক কৈ আমাৰ পজাঘৰটিলৈ আনিলো ৰিয়াজ কৰিবৰ কাৰণে৷ সেইখনকে লৈ
পুৱা-ঘধূলি সময় পালেই ৰিয়াজ কৰিবলৈ আৰম্ভ কৰিলো৷ ওচৰ-চুবুৰিয়াই মোৰ সেই ধৰণৰ
কাৰবাৰ দেখি তাজ্জুপ মানিছিল৷
সিফালে গাঁৱৰ ঘৰত ই এক নাভূত-নাশ্ৰুত ঘটনাৰ দৰে
আছিল৷ পুৱা পাঁচমান
বজাত উঠি ’সা ৰে গা মা’ ৰাগ টানিবলৈ ললেই সৰুদাদা জকজকাই উঠে পুৱাই পুৱাই টোপনি
ক্ষতি কৰাৰ কাৰণে ৷ কিয়নো সৰু দাদা ৰাতি সদায় পলমকৈ আহি ঘৰ সোমাইহি৷ আবেলি হ’লেই
পৰ্বতীয়া পায় গৈ৷ পৰ্বতীয়াৰ পুখুৰি পাৰৰ ছোৱালীবিলাক তেতিয়া জুম বান্ধি ওলাই আহে৷ সৰু দাদা যয় সেই জুমতে একেলগে যোৱা বেদানন্দ শৰ্মাৰ জীয়ৰী
ভাৰতী শৰ্মাক লগ পাবলৈ৷ তেনেকৈয়ে চিনাকি হৈ এটা সময়ত দু্য়ো বিৱাহ
পাশত আৱদ্ধ
হৈছিল(সেই দাদা আজি নাই)৷ সেইজন দাদা ৰাতি আহি দেৰিলৈকে শুবলৈ বিচাৰিছিল৷ সেইখিনি
সময়তে মোৰ ৰিয়াজ কৰাৰ পাল পৰে৷ ৰিয়াজ কৰি উঠি গৰু-গাই এৰাল দি, নতুবা
দোকানৰ বস্তু-বেহানী আনি থৈ ,মাক পাকঘৰত খৰি-খেৰ যোগান দি চাকৰিলৈ যাব লাগে৷ সেইখিনি সময়
উলিয়াই আগৰ Lesion আয়ত্ত কৰি পাছৰবাৰ গুৰুক শুনাব নোৱাৰিলে নিজৰে বেয়া লাগে।
সৰু দাদাই বিচনাতে ভোৰ-ভোৰাই থাকে টোপনি ক্ষতি কৰা বুলি। মোৰ
উপায় নাছিল। ৰিয়াজ কৰি থকাৰ সময়ত সমূখৰ বাটেদি বোকা-পানী খচকি গৰু-ম’হৰ জাক লৈ দুই-তিনিখন গাঁৱৰ মানুহ খেতি-বাতি কৰিবলৈ
অহা-যোৱা কৰে৷ আহোঁতে যাওঁতে গৰখীয়া, মহগুৱাল,হালোৱা-হজুৱা, ৰোৱনী-ডাৱনীৰ মুখত সদায়েই
ভাওনাৰ বিলাপ-পয়াৰ,গৰখীয়াৰ বাঁহীৰ সুৰ,দিহা নামৰ সুৰ আদি
নিয়মিত শুনিবলৈ পাওঁ। সেইখিনি মানুহৰ বাবে শাস্ত্ৰীয় সংগীত একেবাৰে আচহুৱা আছিল৷
গতিকে সকলোৱে মোৰ ৰিয়াজ শুনি ঠাট্টা-মস্কৰা কৰাও কাণত পৰিছিল।
ইফালে আমাৰ ঘৰখনতো সংগীতৰ চৰ্চ্চ অহৰ্নিশে
চলিছিল যদিও শাস্ত্ৰীয় সংগীতৰ চৰ্চ্চা একাবাৰে অপ্ৰাসংগিক আছিল তেতিয়ালৈকে ৷ ৰেডিঅ’টোত খেৱাল, ঠুংৰি আদি বাজিবলৈ ধৰিলে সকলোফালৰ পৰা
চিঞৰ-বাখৰ আৰম্ভ হয়-’হেৰৌ সেইটো বন্ধ কৰ, এনেয়ে বেটেৰীসোপা খাই আছে৷’ তেনেকুৱা পৰিৱেশ
এটাত মই উপজি পুৱাতে উঠি ’সাসা-ৰেৰে-গাগা-মামা’ কৈ চিঞৰি থাকিলে কোনে ভাল পাব বাৰু
? মই কিন্তু নাচোৰ-বান্দা
আছিলো, সা-ৰে-গা-মা নিশিকাকৈ, নোগোৱাকৈ
আগলৈ কেনেকৈ গান গাম? হেজাৰ বিপদ-বিঘিনি,আলৈ-আহুকাল নেওচি মই শস্ত্ৰীয় সংগীতৰ চৰ্চ্চা
যিমান পাৰো অব্যাহত ৰাখিলো৷
সাধাৰণতে স্কুল ছুটীৰ পাছত মই বাহিৰে বাহিৰে
গানৰ ক্লাচলৈ যাওঁ৷ ঘৰত কথাটো কোনেও নজনাকৈয়ে৷ এদিন বন্ধ বাৰ এটাত ক্লাচলৈ যাব
লগীয়া হ’ল৷ সেইদিনা আকৌ ঘৰত সত্যনাৰায়ণ পূজা আছিল৷ ৰাতিপুৱাৰে পৰা যো-জা চলিছে৷
ময়ো যিমান পাৰো ইটো-সিটো কৰি দিছোঁ,যদিও মোৰ পূজা-পাতলৰ প্ৰতি ধাউতি মুঠেও নাছিল৷
ভাত-পানী খাই সকলো জিৰণি লৈ থাকোতেই মই চাইকেলখন লৈ টাউনলৈ মানে সংগীতৰ ছাৰৰ ঘৰলৈ
গুচি গ’লো৷ কিয়নো সপ্তাহত এটা ক্লাচ হয়,কেনেকৈ নকৰাকৈ থাকো? টিউচনৰ
পইচা কেইটা এনেয়ে যাবলৈ দিব নোৱাৰি৷ সেই বুলি মই গুচি গ’লো৷ ভাবিলো, সোনকলে
ক্লাচ কৰি গুচি আহিম, ঘৰত কোনেও গমেই নাপাব৷
ক্লাচ কৰিবৰ সময়ত চাইকেলখন দুৱাৰ মুখতে সদায়
থওঁ৷ সিদিনা ক্লাচৰ পৰা ওলাই আহি দেখো চাইকেলখন জেগাত নাই৷ সকলোকে সুধি জানিব
পাৰিলো যে পাট্লুদা(গণেশ দাসৰ ভাগিনীয়েক, তেৱোঁ ভাল গান গাইছিল, এতিয়া
নাই)ই চাইকেলখন লৈ কৰবালৈ গৈছে৷ মোৰ ইফালে সময় গৈ আছে৷ বহুত সময়ৰ পাছত পাট্লুদা
আহি পালেহি৷ মোমায়েকে বৰ খং কৰিলে৷ মই একো কব নোৱাৰিলো বেচি৷ চাইকেলখন আহি পোৱাৰ
লগে লগে মই ততাতৈয়াকৈ ঘৰমুৱা হ’লো৷ আহি পাওঁতে সন্ধিয়া হ’ল৷ সিফালে মাজুদাদাই মোক
বিচাৰি চলাথ কৰি আছে৷ সি জানিছিল যে মোৰ পূজা-পাতলৰ প্ৰতি অলপো আগ্ৰহ নথকাৰ কথাটো৷
সেই কাৰণে সি মই পলালো বুলি ভাবিছিল৷ সি সদায়েও মোৰ পাছত এইবিলাক কথা লৈ লাগি থকাৰ
কাৰণে বৰ বেয়া পাইছিলো তাক (এতিয়া সেই দাদাও নাই)।
(৪)
এই ধৰণৰ বিচিত্ৰ ,অনন্য অভিজ্ঞতাৰ মাজেৰে তেজপুৰত থকাৰ সময়খিনি পাৰ
কৰি আছিলো ৷ এটা সময়ত তেজপুৰত ল কলেজ(Law College) এখন
আৰম্ভ কৰা দেখিলো ৷ তেজপুৰ একাডেমীতে পোণ প্ৰথম অস্থায়ী ভাৱে কলেজখন আৰম্ভ কৰা হৈছিল ৷ মোৰ ডাঙৰ দাদায়ো কলেজত নাম
লগাইছিল ৷ ময়ো এনেয়ে থকাত কৈ ল কলেজত নামটো লগাই লৈছিলো ৷ এমাহ নে দুমাহমান ক্লাচো
কৰিছিলো ৷ উকীল হোৱাৰ ইচ্ছাও মোৰ নাছিল ৷ দাদা কিন্তু তেনেকৈ পঢ়িয়েই উকীল হৈছিল
পাছত ৷
নামৰূপৰ চাকৰিৰ খবৰটো অহাৰ পাছৰে পৰা মোৰ মনটো
উগুল-থুগুল লাগি আছিল৷ মনতে ভাবিবলৈ আৰম্ভ কৰিলো যে তেজপুৰীয়া জীৱনটোৰ গতি সলনিৰ
সময় আহি উপস্থিত হ’লহি৷ যাবলৈ প্ৰস্তুত হ’লো৷ যোৱাৰ আগে আগে আমাৰ সমীপৰে
কুমাৰগাঁৱৰ ভাড়া ঘৰত থকা সহপাঠী ভাৰত বৰা(বৰ্তমান প্ৰয়াত)ৰ ওচৰ পালোগৈ৷ ভাৰত বৰা আছিল বিষ্ণু ৰাভা দিৱস উদযাপন সমিতিৰ
কোষাধ্যক্ষ৷ তেওঁক লগ ধৰি বিষ্ণু ৰাভা দিৱস উদযাপন সমিতিৰ সাংস্কৃতিক সম্পাদকৰ
খা-খৰচৰ হিচাবটো দাখিল কৰিলোগৈ৷ যোৱাৰ আগতে নতুন ঘৰটোৰ দুটাৰুম কোনোমতে থিয় কৰাবলৈ
সক্ষম হৈছিলো৷ ডাঙৰ দাদাই যাতে প্ৰয়োজন হ’লে মাজে মাজে গাঁৱৰ পৰা আহি নতুন ঘৰটোৰ
এটা ৰুমত থাকি অফিচলৈ অহা-যোৱা কৰাৰ লগতে এম এ পঢ়াৰ সময় অকণ উলিয়াই লবলৈ সুবইধাকণ
হয়৷ সেই মতে ৰূম দুটা সাজু কৰিছিলো৷ সেইখিন কৰি মনত অলপ শান্তিও পাইছিলো, দাদাই
অন্ততঃ ভাল পাব বুলি৷ কিয়নো দাদা সেই সময়ত যথেষ্ট অসুস্থ আছিল। সেই সময়ত ভাই-ককাইৰ
মাজৰ টান কিমান আন্তৰিক আছিল সেয়া হয়তো সকলোৱে নুবুজিব, ভাবি আজিও আচৰিত হওঁ। একেদৰে বিয়া-বাৰু হোৱাৰ পাছৰ পৰিয়ালৰ
মাজত কিদৰে সেই বান্ধ ক্ৰমশঃ ছিগিবলৈ আৰম্ভ কৰে, সেই দুখজনক পৰিণতি পৰিণতিও
কিমান বেদনাদয়ক হ’ব পাৰে কল্পনা কৰাও টান৷
(ক্ৰমশঃ)
