ড০ ৰক্তিম ৰঞ্জন শইকীয়া
প্ৰথম অসমীয়া অভিধান প্ৰণয়নকৰ্তা কোন আছিল সেই কথাটো লৈ বিতৰ্ক বহুত পুৰণি যদিও আজি আমি ক’ব পৰা হৈছো যে ১৭৯৫ চনত টেঙাই মহনে প্ৰণয়ন কৰা বৰঅম্ৰ আৰু একে বছৰতে অৰ্থাৎ ১৭৯৫ চনতে ৰমাকান্ত মলাঘৰীয়া বৰুৱাই প্ৰণয়ন কৰা লতিঅম্ৰ নামৰ তাই-অসমীয়া দ্বিভাষিক অভিধান দুখন অসমত এতিয়ালৈকে উদ্ধাৰ হোৱা আটাইতকৈ পুৰণি অভিধান গ্ৰন্থ৷ এতিয়ালৈকে উদ্ধাৰ হোৱা আটাইতকৈ পুৰণি অভিধান দুখনে নিশ্চয়কৈ বিশেষ বিদ্যায়তনিক মৰ্যাদা দাবী কৰিব পাৰে৷ টেঙাই পণ্ডিতৰ আগতে তাই ভাষাত বা তাই-অসমীয়া অভিধান প্ৰণয়ন এতিয়ালৈকে উদ্ধাৰ হোৱা নাই৷ ১২২৮ চনত চুকাফা স্বৰ্গদেৱে সৌমাৰত প্ৰৱেশ কৰাৰ সুদীৰ্ঘ ৫৬৭ বছৰৰ পাছত টেঙাই মহন নামৰ আহোম পণ্ডিতজনাই অসমীয়া-তাই ভাষাৰ দ্বিভাষিক অভিধানখনি ৰচনা কৰে। এই অভিধানখনি ৰচনাৰ এক ঐতিহাসিক তাৎপৰ্য আছে।
চুকাফা স্বৰ্গদেউ দিহিং উপত্যকাত প্ৰৱেশ কৰাৰ সময়ত এই উপত্যকাটো আছিল নদীৰ গতি সলনি আৰু ভূমিকম্পত বিধ্বস্ত পিটনি আৰু অৰণ্যৰে পৰিপূৰ্ণ এক মৃত্যু উপত্যকা৷ এনে প্ৰতিকূল পৰিস্থিতিৰ লগত যুদ্ধ কৰি টিকি থকাৰ মূল অস্ত্ৰ আছিল জনসংখ্যা৷ সেই যুগত জনসংখ্যাই আছিল সম্পদ৷ জনসংখ্যাৰ দিশৰ পৰা অতিশয় সংখ্যালঘূ প্ৰাক আহোম শ্বানসকলে সেইকালৰ ৰাজনীতিত এক নোহোৱা-নোপজা পদক্ষেপ গ্ৰহণ কৰি নিজৰ জনসম্পদ বৃদ্ধি কৰিছিল৷ সেই নীতিটো আছিল জাতত তুলি লোৱা প্ৰথা৷ এই জাতত তুলি লোৱা প্ৰথা এনে ব্যাপক আছিল যে অতি সোনকালেই মৰাণ, বৰাহী, মটক, চুতীয়া, ব্ৰাহ্মণ, নগা, ভূঞা, গৰীয়া, গাৰো, মণিপুৰী, মিচিং, নট, কলিতা, কছাৰী আদি সকলো সৰু-বৰ জাতি-জনগোষ্ঠীৰ লোকক জাতত তুলি লোৱা হ’ল (ইতিহাসে সোঁৱৰা ছশটা বছৰ, পৃষ্ঠা-৫২) আৰু আহোম নামৰ সাংস্কৃতিক গোটটোৰ গঠন হ’ল৷ প্ৰকৃততে আহোম এটা সংস্কৃতি, আহোম হ’ল এটা জীৱন যাত্ৰা৷ আহোম আৰু অসমীয়া সমাৰ্থক৷ আহোমসকলৰ জিনীয় মানচিত্ৰ অংকন কৰিলে বৰ অসমৰ সকলো জাতি জনগোষ্ঠীৰে জিন ওলাব৷ শ্বানসকলৰ তাই ভাষাটো পৰৱৰ্তী কালৰ আহোমসকলৰ মাজত অপ্ৰচলিত হৈ পৰাৰ মূল কাৰণটোৱেই হ’ল জাতত তুলি লোৱা বেলেগ বেলেগ জনগোষ্ঠীৰ লোকসকল৷ সকলো একে সংস্কৃতিভুক্ত হৈ পৰা সত্তেও এটা নতুন ভাষা শিকি ভাবৰ আদান প্ৰদান কৰাটো এই নতুন আহোমসকলৰ বাবে সম্ভৱ নহ’ল৷ অথচ এনে আহোমৰ সংখ্যাই বেছি আছিল৷ ফলস্বৰূপে তাই ভাষাটোৰ প্ৰচলন কমি আহি অতি সীমিত সংখ্যক পুৰোহিত শ্ৰেণীৰ লোকৰ মাজতহে বৰ্তি থাকিলগৈ৷ এনে প্ৰতিকূল পৰিৱেশৰ গুৰুত্ব উপলব্ধি কৰিব পাৰিছিল টেঙাই মহন আৰু ৰমাকান্ত মলাঘৰীয়া বৰুৱাৰ দৰে দুৰদৰ্শী লোকসকলে৷ সেয়ে তেওঁলোকে তাই ভাষাটো শিকাৰ সুবিধাৰ বাবেই এই শব্দকোষ দুখন প্ৰণয়ন কৰিছিল।
টেঙাই মহনৰ পূৰ্বে তাই ভাষাত অভিধান প্ৰণয়ন হৈছিল নে নাই তাক জনাটো সম্ভৱ নহয় যদিও
উনবিংশ শতিকাৰ শেষভাগত ৰচিত পদ্মেশ্বৰ
নাওবৈচা ফুকনৰ অসম বুৰঞ্জীত তাই ভাষাত ৰচিত বহু কেইখন অভিধান
থকাৰ কথা উল্লেখ কৰিছে (নাওবৈচা ফুকনৰ অসম বুৰঞ্জী, পৃষ্ঠা ০:১২)। নাওবৈচা ফুকনে উল্লেখ কৰা অভিধান পুথিবোৰ
টেঙাই মহন বা মলাঘৰীয়া বৰুৱাই প্ৰণয়ন কৰা অভিধান দুখনো হ’ব পাৰে অথবা অন্য কোনো অভিধান পুথিও হ’ব পাৰে। নাওবৈচা ফুকনে তাই ভাষা জনা মানুহ নোহোৱা হৈ সংকটৰ
সৃষ্টি হোৱাৰ বাবেই তাই অসমীয়া অভিধান প্ৰণয়ন কৰিবলগীয়া হোৱা বুলিয়েই উল্লেখ
কৰিছে (নাওবৈচা ফুকনৰ অসম বুৰঞ্জী, পৃষ্ঠা ০.-১৫)।
মধ্যযুগৰ অসমৰ যি সীমিত বাণিজ্যৰ ব্যৱস্থা আছিল সেয়া নিয়ন্ত্ৰণ কৰিছিল ঘাইকৈ ভূঞাসকলে৷ নাওবৈচা ফুকনৰ মতে আহোমসকল অসমলৈ অহাৰ পূৰ্বেই বাণিজ্যৰ সূত্ৰেই ভূঞাসকলে ব্যৱহাৰ কৰা ভাষাটো অসমত পূৰ্বৰ পৰা বাস কৰি অহা চুতীয়া, কছাৰী, বৰাহী, মৰাণ আদিয়ে ব্যৱহাৰ কৰি কৰি প্ৰায় দ্বিভাষিক হৈ পৰিছিল৷ নতুনকৈ অহা সংখ্যালঘু তাইসকলেও অৱস্থাৰ বাধ্যবাধকতাৰ বাবে এই ভাষাটোকে গ্ৰহণ কৰিব লগা হৈছিল (নাওবৈচা ফুকনৰ অসম বুৰঞ্জী, পৃষ্ঠা ০-১৬)৷
টেঙাই মহনৰ বৰঅম্ৰ পুথিখনৰ কেইবাটাও পাঠ পোৱা যায় যদিও প্ৰথম বাৰৰ বাবে অসম চৰকাৰৰ “বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ”ৰ বাবে কোচবিহাৰৰ বাবু কৈলাশচন্দ্ৰ সেনৰ পৰা পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে ইয়াৰ সাঁচিপতীয়া পুথিখন সংগ্ৰহ কৰিছিল৷ লতিঅম্ৰ পুথিখনৰ সাঁচিপতীয়া পাণ্ডুলিপিটো শিৱসাগৰৰ অখৈয়া দেওধাই গাঁৱৰ তাই পণ্ডিত নন্দনাথ ফুকনদেৱে “বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ”ত দান কৰিছিল৷ সংগ্ৰহৰ বহুদিন পাছত ১৯৬৪ চনত নন্দনাথ ফুকন আৰু বিমলাকান্ত বৰুৱাৰ সম্পাদনাত Ahom Lexicons নামেৰে ছপাৰূপত প্ৰকাশ পায়৷ ২০১০ চনত বৰঅম্ৰৰ এটা নতুন সংস্কৰণ সম্পূৰ্ণ নতুন পাঠৰ পৰা বিনন্দ মহনৰ সম্পাদনাত প্ৰকাশ পায়।
টেঙাই মহন আৰু ৰমাকান্ত মলাঘৰীয়াৰ দ্বিভাষিক অভিধান প্ৰণয়নৰ ১২৫ বছৰৰ পাছত ১৯২০ চনতহে পুনৰ তাই-অসমীয়া অভিধান প্ৰণয়ন হয়। এইখন ত্ৰিভাষিক আহোম-অসমীয়া-ইংৰাজী অভিধান প্ৰণয়ন কৰি উলিয়ায় অসম উপত্যকাৰ বিদ্যালয়সমূহৰ সহকাৰী পৰিদৰ্শক ৰায়চাহাব গোলাপ চন্দ্ৰ বৰুৱাই। গোলাপ চন্দ্ৰ বৰুৱাৰ এই বিদ্যায়তনিক আগ্ৰহ মন কৰিবলগীয়া৷ তেখেতে বহু পলমকৈ তাই ভাষা শিকি তাই বুৰঞ্জী ইংৰাজীলৈ অনুবাদ কৰাৰ উপৰি অভিধান প্ৰণয়নৰ দৰে কষ্টসাধ্য কাম সম্পুৰ্ণ কৰি তোলে৷
১৯৯৪ চন আৰু ১৯৯৮ চনত পোনাৰাম মহনে তাই অসমীয়া শব্দকোষ আৰু তাই অহোম শব্দকোষ
প্ৰণয়ন কৰি অসমত প্ৰচলিত তাই অসমীয়া দ্বিভাষিক অভিধান প্ৰণয়নৰ ধাৰাটো সচল কৰি
ৰাখে৷ ২০০৭ চনত ড০ পুষ্প গগৈয়ে অন্য এখন সুবৃহৎ ত্ৰিভাষিক আহোম-অসমীয়া-ইংৰাজী অভিধান
প্ৰণয়ন কৰি তিনিশ বছৰীয়া ধাৰাটোক এক নতুন মাত্ৰা প্ৰদান কৰিছে।
ঠিকনা :
সহকাৰী অধ্যাপক, ভূতত্ত্ব বিভাগ
জগন্নাথ বৰুৱা মহাবিদ্যালয়
যোৰহাট -৭৮৫০০১