অন্যযুগ/


ভূতাত্ত্বিক দৃষ্টিৰে বৈদিক সৰস্বতী নদীৰ উৎপত্তি আৰু পতনৰ কাহিনী

  ৰক্তিম ৰঞ্জন শইকীয়া

 

নদীয়ে সভ্যতাৰ গতি নিৰ্ধাৰণ কৰে৷ একোটা সভ্যতা বৰ্তাই ৰাখিবলৈ সুস্থিৰ আৰু সুস্থ নদীতন্ত্ৰৰ প্ৰয়োজন যুগে যুগে স্বীকৃত হৈছে৷ এখন নদীৰ মৃত্যুৱে পৃথিৱীৰ এক সুপ্ৰাচীন সভ্যতাৰ কেনেকৈ পতন ঘটালে তাৰ কাহিনীয়েই হ’ল বৈদিক সৰস্বতী নদীৰ কাহিনী৷ সৰস্বতী নদী প্ৰাচীন ভাৰতৰ এখন বৃহৎ নদী৷ ভূগৰ্ভত সংঘটিত হোৱা ভূতাত্ত্বিক উত্থান, জলবায়ুৰ পৰিৱৰ্তন আদিৰ ফলত সৰস্বতী নদীৰ মৃত্যু ঘটিল৷ আধুনিক ভূতাত্ত্বিকসকলে সুদূৰ সংবেদন পদ্ধতিৰ ব্যৱহাৰ, ভুস্বকীয় ফলকসমূহৰ গতিৰ অধ্যয়ন, জীৱাশ্মীভূত ফুলৰ ৰেণুৰ অধ্যয়ন আৰু প্ৰাচীন ভূজলৰ বয়স নিৰ্ধাৰণ কৰি সৰস্বতী নদীৰ প্রাচীন গতিপথ আৰু মৃত্যুৰ কাৰণ সঠিকভাৱে নিৰ্ণয় কৰি উলিয়াইছে৷ সৰস্বতী নদীৰ মুত্যুৰ কাহিনী প্ৰতিজন ভূতাত্ত্বিকৰ বাবে অতি প্ৰত্যাহ্বানমূলক আৰু আকৰ্ষণীয় অধ্যয়নৰ বিষয়৷ 

ভাৰতীয় মানুহৰ মাজত সৰস্বতী নদীৰ অৱস্থিতিৰ কাহিনী যুগে যুগে মুখে মুখে চলি আহিছে যদিও ব্ৰিটিছসকলেহে সৰস্বতী নদী সম্পৰ্কে প্ৰথম বিজ্ঞানসন্মত অধ্যয়ন আৰম্ভ কৰে৷ প্ৰায় তিনিশ বছৰ ধৰি এই সম্পৰ্কীয় অধ্যয়ন চলাৰ পাছত আজি বৈদিক সৰস্বতী নদীৰ অস্তিত্ব ভূতাত্ত্বিকভাৱে এক স্বীকৃত সত্য৷ ভাৰতৰ কেইবাজনো আগশাৰীৰ ভূতাত্ত্বিকে সৰস্বতী নদীৰ উৎস আৰু মৃত্যুৰ কাৰণ সম্পৰ্কে বিশদ অধ্যয়ন কৰিছে৷ সৰস্বতী নদী হিমালয়ৰ বান্দৰপুঞ্চ হিমবাহৰ পৰা ওলাই দক্ষিণ পশ্চিম দিশে বৈ গৈ কচ্ছ উপসাগৰত পৰিছিল৷ বহুকাল পূৰ্বে প্ৰথমে সৰস্বতী এখন ক্ষুদ্ৰ নদী আছিল৷ ভূতাত্ত্বিকসকলে “প্রাক সৰস্বতী” বুলি নামাকৰণ কৰা এই ক্ষুদ্ৰ নদীখনৰ অস্তিত্ব প্ৰমাণিত হৈছে (Current Science, v. 97, p. 1634–1643)৷ OSL নামৰ পদ্ধতিৰে সৰস্বতী নদীৰ প্ৰাচীন বালিৰ বয়স নিৰ্ণয় কৰাৰ লগতে উপগ্ৰহৰ পৰা লোৱা ছবিৰ পৰা প্ৰমাণ হৈছে প্ৰায় ৫০,০০০ বছৰৰ আগতেও (মানুহ তেতিয়া নৰবান্দৰৰ পৰ্যায়ত) এই সৰু নদীখনৰ অৱস্থিতি আছিল৷

১০,০০০ বছৰৰ আগতে পৃথিৱীত এটা বৰফৰ যুগৰ (Pleistocene Glaciation) অন্ত পৰিছিল৷ তেতিয়াই হিমালয়ৰ বৰফ গলা পানীৰে পুষ্ট হৈ “প্রাক সৰস্বতী” এখন বৃহৎ সৰস্বতী নদীলৈ পৰিৱৰ্তিত হৈছিল৷ উজনি অংশত ঠায়ে ঠায়ে ২ কিলোমিটাৰ পৰ্যন্ত বহল এই সৰস্বতী নদীখন প্ৰায় ২০০০ বছৰ ধৰি পূৰ্ণ পয়োভৰেৰে বৈ আছিল৷ সেই সময়ত উত্তৰ আৰু পশ্চিম ভাৰতত (আজিৰ ৰাজস্থান, গুজৰাট আৰু উত্তৰ প্ৰদেশ) বিৰাজ কৰিছিল এক সেউজ আৰু শীতল বাতাৱবৰণ৷ জীৱাশ্ম হৈ পৰা ফুলৰ ৰেণুৰ অধ্যয়নে এই সেউজ বাতাৱৰণৰ বিষয়ে আমাক তথ্য প্ৰদান কৰে৷ আজিৰ বিজ্ঞানীসকলে সৰস্বতী নদীৰ মানচিত্ৰও তৈয়াৰ কৰি উলিয়াইছে৷ 

সৰস্বতীৰ মুখ্য উপনদী শতদ্ৰু (চুটলেজ) কৈলাশ পৰ্বতৰ পৰা ওলাই পাটিয়ালাৰ পৰা ২৫ কিলোমিটাৰ দক্ষিণে চাটৰাণা নামৰ ঠাইত সৰস্বতীৰ লগ লাগি তাৰপৰা ৬ কিলোমিটাৰ মান বহল হৈ বৈ গৈছিল৷ দৃশাৱতী নামৰ এখন নদী কুৰুক্ষেত্ৰৰ ওচৰত সৰস্বতীৰ লগ লাগিছিল৷ দৃশাৱতী-সৰস্বতীৰ সঙ্গম স্থলতে তাহানিৰ কুৰুক্ষেত্ৰ যুদ্ধ সংঘটিত হৈছিল৷ আজি দৃশাৱতী চৌতাং নামেৰে জনাজাত এটা শুকান নলা৷

উত্তৰ পশ্চিম ভাৰতৰ এই নদীতন্ত্ৰক আশ্ৰয় কৰিয়েই গঢ় লৈ উঠিছিল এক প্ৰাচীন সভ্যতা, যাক আজি সিন্ধু সভ্যতা বা হৰপ্পা সভ্যতা বুলি জনা যায়৷ তথাকথিত সিন্ধু সভ্যতাৰ যিসমূহ নগৰ আজি আৱিষ্কাৰ হৈছে, তাৰ গৰিষ্ঠ সংখ্যকেই সৰস্বতী নদীৰ তীৰতহে অৱস্থিত৷ অৰ্থাৎ সিন্ধু নহয়, মূলতঃ সৰস্বতী নদীক কেন্দ্ৰ কৰিহে হৰপ্পা সভ্যতাৰ নগৰবোৰ গঢ় লৈ উঠিছিল৷ সিন্ধু বা হৰপ্পা সভ্যতাৰ নগৰবোৰৰ ভিতৰত সিন্ধু উপত্যকাত ১০৮ খনৰ অৱশেষ আৱিষ্কাৰ হৈছে৷ সৰস্বতী উপত্যকাত আৱিষ্কাৰ হৈছে ৩৬০ খন৷ সেয়েহে বৰ্তমান “সিন্ধু- সৰস্বতী” সভ্যতা শব্দটোৰ ব্যৱহাৰ ধীৰে ধীৰে আৰম্ভ হৈছে৷ 

মূল সৰস্বতীৰ মৃত্যুৰ পাচত নদীৰ সুঁতিটোৰ কি হ’ল তাৰ বিষয়ে প্রাচীন মহাকাব্য, আধুনিক ভূতাত্ত্বিকসকলে নিজৰ নিজৰ মতামত ব্যক্ত কৰিছে৷ মূলতঃ উপগ্ৰহীয় মানচিত্ৰ আৰু প্রাচীন বালিৰ বয়স “OSL সময় নিৰ্ণয়” নামৰ পদ্ধতিৰে নিৰ্ণয় কৰি ভূতাত্ত্বিকসকল পতিয়ন গৈছে যে হাৰিয়ানা আৰু মাৰোৱাৰৰ অস্বাভাৱিকভাৱে বহল অথচ আশ্বৰ্যজনকভাৱে পানী নথকা ঘাগ্গৰ নদীয়েই (যাক পাকিস্তানৰ বাহাৱালপুৰৰ পৰা হাক্‌ৰা নদী আৰু সিন্ধু প্ৰদেশৰ নাৰা নদী বোলা হয়) হ’ল প্ৰাচীন সৰস্বতীৰ অৱশেষ৷ ৬ কিলোমিটাৰ বহল নদী এখন এসময়ত বৈ যোৱাৰ বাবেই সেয়েহে আজি শুকান ঘাগ্গৰ নদীৰ বুকু ইমান বেছিকৈ বহল৷ বৰ্তমান এই নদীখনত কেৱল বাৰিষাহে ক্ষীণ বৰষুণৰ পানী প্ৰৱাহিত হয়৷ 

মধ্য অংশত ৬ কিলোমিটাৰ পৰ্যন্ত বহল সৰস্বতী নদীৰ অকাল মৃত্যু ভূতাত্ত্বিকসকলৰ বাবে এক অতি আকৰ্ষণীয় গৱেষণাৰ বিষয়৷ ভাৰত তথা পৃথিৱীৰ কেইবাজনো আগশাৰীৰ ভূতাত্ত্বিকে এই বিষয়ে গৱেষণাপত্ৰ প্ৰকাশ কৰিছে৷ সৰস্বতী নদীৰ মৃত্যুৰ কাৰণ এতিয়া আৰু অজানা হৈ থকা নাই৷ জন্মৰ সময়তে সৰস্বতীয়ে বহন কৰিছিল মৃত্যুৰ বীজ৷ ই আছিল বৰফৰ যুগৰ অন্তত বৰফ গলা পানীৰে পুষ্ট হোৱা এখন নদী৷ ২ হাজাৰ বছৰ ধৰি প্ৰৱাহিত হোৱাৰ পাছত হিমালয়ত বৰফ যুগৰ অতিৰিক্ত বৰফখিনি গলি নিঃশেষ হৈছিল৷ যাৰ ফলত হিমালয়ৰ পৰা পানীৰ যোগান কিছু হ্ৰাস পাইছিল৷ সিন্ধু-সৰস্বতী সভ্যতাৰ প্ৰাচীনতম নগৰবোৰ সৰস্বতী নদীৰ নামনি অংশৰ (Downstream) ফালে অৱস্থিত আছিল৷ বৰফ গলা পানীৰ পৰিমাণ কমি অহাৰ লগে লগে নিম্নসুঁতিৰ ফালে পানীৰ অভাৱ ঘটিবলৈ আৰম্ভ কৰিলে৷ যাৰ ফলত পুৰণা নগৰবোৰ পৰিত্যক্ত হৈ উজনিৰ ফালে নতুন নতুন নগৰ পট্টন হ’বলৈ আৰম্ভ কৰিলে৷ সেয়ে সিন্ধু-সৰস্বতী সভ্যতাৰ তুলনামূলকভাৱে নতুন নগৰবোৰ সৰস্বতী নদীৰ উজনি অংশত অৱস্থিত৷ তেতিয়া আৰাৱলী পৰ্বতটো আজিৰ দৰে ওখ নাছিল৷ সি আছিল এক সেউজ অঞ্চল৷ এনে সময়তে ভূত্বকীয় ফলকসমূহৰ পৰিৱৰ্তনৰ ফলত ভাৰতৰ ভুত্বকত এনে কিছু উত্থান-পতন হৈছিল যাৰ প্ৰভাৱ সৰস্বতী নদীৰ ওপৰত পোনপটীয়াকৈ পৰিছিল৷ সৰস্বতী নদীৰ মৃত্যুৰ কাৰক এই ভূবৈজ্ঞানিক উত্থান-পতনখিনি ভূতাত্ত্বিকসকলৰ বাবে বহু বছৰ ধৰি আগ্ৰহৰ বিষয় হৈ আহিছিল আৰু এই ভূতাত্ত্বিক সমস্যাটোৰ ইতিমধ্যে গ্ৰহণযোগ্য আৰু প্ৰমাণসিদ্ধ সমাধান পোৱা হৈছে৷ 

ভূতাত্ত্বিকসকলে সৰস্বতী নদীৰ মৃত্যুক কেনেদৰে ব্যাখ্যা কৰিছে তাক আলোচনা কৰাৰ আগতে ভাৰতৰ প্ৰাচীন গ্ৰন্থসমূহে এই বিষয়ে কিবা ইংগিত কৰিছে নেকি তাক চোৱা যাওক৷ বিষ্ণুপুৰাণৰ মতে কৃষ্ণ বলৰাম গৈ দ্বাৰকাত থিতাপি লোৱাৰ পাছত এদিন বলৰাম গকুল-বৃন্দাবনলৈ উভতি গৈছিল৷ গকুল-বুন্দাবনত পৰ্যাপ্ত পানীৰ অভাৱলৈ লক্ষ্য কৰি বলৰামে নাঙলেৰে যমুনাৰ গতিপথ সলনি কৰি গকুল-বৃন্দাবনলৈ বোৱাই আনিলে৷ দ্বিতীয় কাহিনী মতে মহাভাৰতৰ যুদ্ধ চলি থকা সময়ত বলৰামে তীৰ্থ ভ্ৰমণ কৰি ফুৰিছিল৷ পৱিত্ৰ সৰস্বতী নদীত স্নান কৰিবলৈ গৈ তেওঁ মন কৰিছিল যে নদীখন শুকাই শীৰ্ণকায় হৈ পৰিছে৷ দ্বাৰকা নগৰ সৰস্বতী নদীৰ পৰা বেছি দূৰত নাছিল৷ কাৰণ মহাভাৰতত বলৰামে প্ৰভাস তীৰ্থৰ পৰা (সোমনাথ) শুকাই যাবলৈ ধৰা সৰস্বতী নদীৰ পাৰে পাৰে মথুৰালৈ যাত্ৰা কৰাৰ কথা উল্লেখ আছে৷ ইয়াৰ অৰ্থ এয়ে যে সৰস্বতী নদী ক্ষুদ্ৰ ৰান (Little Rann) অতিক্ৰমি কচ্ছ উপসাগৰত গৈ পৰিছিলগৈ৷ বলৰামৰ উক্ত কাহিনীকেইটাৰ জৰিয়তে পুৰাণকাৰসকলে জনশ্রুতিত প্ৰচলিত দুটা ভূতাত্ত্বিক সংঘটনৰ কথা লিপিৱদ্ধ কৰি গৈছিল যিকেইটাক আজিৰ ভূতাত্ত্বিকসকলে বৈজ্ঞানিক গৱেষণাৰ মাজেৰে সত্য বুলি প্রতিষ্ঠা কৰিছে৷ 

যমুনা নদীৰ দিশ সলনি হোৱা ঘটনাটোৱেই হ’ল সৰস্বতীৰ মৃত্যুৰ মূল কাৰণ৷ কেৱল বাস্তৱক্ষেত্ৰত কোনো বলৰামে নদীৰ গতি সলনি কৰাৰ পৰিৱৰ্তে “নদী অপহৰণ” (River Piracy) নামৰ এক ভূতাত্ত্বিক সংঘটনৰ ফলত যমুনাৰ দিশ সলনি হৈছিল৷ ঘটনাটোৰ উপলব্ধি কৰিবলৈ আমি যমুনাৰ ইতিহাস জনাটো প্ৰয়োজনীয়৷ যমুনা নদীখন তুলনামূলকভাৱে এখন নতুন নদী৷ ঘটনাটো ঘটিছিল আজিৰ পৰা প্ৰায় ৪৭০০ বছৰৰ আগতে৷ ভাৰত উপমহাদেশৰ উত্তৰ অংশত আৰম্ভ হৈছিল এক বৃহৎ ভূআন্দোলন৷ আৰাৱলী পৰ্বতৰ উচ্চতা বৃদ্ধি হ’বলৈ আৰম্ভ কৰিছিল লগতে হৈছিল কেইবাটাও ভূমিকম্পৰ৷ যাৰ ফলত সৰস্বতীৰ বুকুত প্ৰলয়কাণ্ড ঘটিছিল৷ বহু পুৰণি গ্ৰন্থত এই প্ৰলয়ৰ বিষয়ে আভাস পোৱা যায়৷ মহাভাৰতৰ মতে এই সময়ত সৰস্বতীয়ে সমুদ্ৰলৈ জুই কঢ়িয়াই নিছিল৷ 

আৰাৱলীৰ এই ভূতাত্ত্বিক উত্থানৰ চিন ইতিমধ্যে আৱিষ্কাৰ কৰা হৈছে৷ আৰাৱলীৰ উচ্চতা বৃদ্ধিৰ লগে লগে সৰস্বতীও কিছু পূৱৰ ফালে স্থানান্তৰ হ’বলৈ আৰম্ভ কৰিলে৷ সেই সময়ত চম্বল নদীখন গংগাত পৰিছিল (এতিয়া যমুনাৰ উপনদী)৷ আৰাৱলীৰ উচ্চতা বৃদ্ধিৰ লগে লগে চম্বলৰ এখন সৰু উপনদীয়ে অতি দ্ৰুত শীৰ্ষখনন (Head Erosion) কৰিবলৈ আৰম্ভ কৰিলে৷ এই সৰু নদীখনৰ গভীৰতা সৰস্বতীতকৈও বেছি আছিল৷ অতি দ্ৰুত শীৰ্ষখনন কৰি কৰি নদীখন এদিন সৰস্বতীত লাগি গ’ল৷ এই নদীখনৰ গভীৰতা সৰস্বতীতকৈ বেছি বাবে সৰস্বতীৰ পানীভাগ এই নদীখনেদি ববলৈ আৰম্ভ কৰিলে৷ এই নতুন নদীখনেই হ’ল যমুনা (চিত্ৰ নং: ১, ২, ৩)৷ 

চিত্ৰ নং ১

চিত্ৰ নং ২


চিত্ৰ নং ৩: যমুনাৰ দ্বাৰা সৰস্বতী অপহৰণ

সৰস্বতীৰ পানীৰে পুষ্ট যমুনাই চম্বলক উপনদী কৰি আহি গংগাত পৰিলহি৷ বলৰামে যমুনাক গকুল-বৃন্দাবনলৈ লৈ অহা ঘটনাটো এয়েই৷ এনে ঘটনাক ভূতাত্ত্বিক ভাষাত “নদী অপহৰণ” ((River piracy) বোলা হয়৷ হয়তো বলৰামে “নদী অপহৰণ” ঘটনাটো প্ৰত্যক্ষ কৰি প্ৰথম মানুহক জনাইছিল বাবে বলৰামৰ নামত কাহিনীটোৰ প্ৰচলন হৈছিল৷ আৰাৱলীৰ ক্ৰমাগত উত্থানৰ ফলত শতদ্ৰু (চুটলেজ) নদীখনেও সৰস্বতীৰ অপহৰণৰ পাছত ৰোপাৰৰ ওচৰত ৯০% ঘুৰি বৰ্তমানৰ পথেৰে গৈ সিন্ধুত পৰিলগৈ৷ শতদ্ৰুৰ পানীৰ পৰাও বঞ্চিত হৈ সৰস্বতীৰ মৃত্যু সম্পূৰ্ণ হ’ল৷ আৰাৱলীৰ উখানে উত্তৰ পশ্চিম ভাৰতৰ সিন্ধু আৰু ইয়াৰ উপনদীসমূহক পশ্চিমলৈ আৰু কিছু নদীক পূৱলৈ ঠেলি দিলে, যাৰ ফলত থৰ মৰুভুমিৰ উৎপত্তি হ’ল৷ 

উৎসৰ পৰা পানী যোগান বন্ধ হোৱাৰ পাছত সৰস্বতীৰ বুকুত কিছুমান খণ্ডিত বিচ্ছিন্ন জলাধাৰ বা বিলহে অৱশিষ্ট ৰ’লগৈ৷ সৰস্বতীৰ এই অৱস্থাটোও এক ৰূপকৰ জৰিয়তে প্ৰাচীন গ্ৰন্থসমূহত বৰ্ণিত হৈছে৷ মহাভাৰতৰ মতে ঋষি উতথ্যৰ পত্নীয়ে যমুনাত গা ধুবলৈ যাওঁতে বৰুণ দেৱতাই অপহৰণ কৰে৷ বৰুণৰ ওপৰত প্ৰতিশোধ ল’বৰ বাবে উতথ্যই সৰস্বতীক ৬ লাখ সৰোবৰলৈ ৰূপান্তৰিত কৰিলে আৰু মৰুভূমিলৈ গৈ অদৃশ্য হ’বলৈ আদেশ দিলে৷ আচৰিতভাৱে থৰ মৰুভূমিৰ বুকুত পশ্চিম ৰাজস্থানৰ বহু গাঁও আৰু নগৰৰ নাম “সৰ” শব্দৰে শেষ হৈছে৷ “সৰ” শব্দটো সংস্কৃত “সৰস” শব্দৰ পৰা আহিছে৷ সৰস মানে সৰোবৰ৷ এই সকলো নাম সৰস্বতীৰ মৃত্যুৰ পাছত কিছুদিনলৈ বৰ্তি থকা বিভিন্ন সৰোবৰৰ পৰাই যে আহিছে সেইটো নিঃসন্দেহ৷ 

যমুনাই সৰস্বতীক অপহৰণ কৰা ঘটনাটো শেহতীয়াভাৱে “জিৰকণ মণিক সময় নিৰূপণ” পদ্ধতিৰে পুনৰবাৰ প্ৰতিষ্ঠিত হৈছে৷ এই বিষয়ে ““Geology” নামৰ আন্তঃৰাষ্ট্ৰীয় পৱেষণা পত্ৰিকা খনিত এখনি গৱেষণাপত্ৰ প্ৰকাশ হৈছে (Clift et al, 2012)৷ 

দ্বাৰকা নগৰ প্ৰতিষ্ঠাৰ পাছতে এই নদী অপহৰণৰ ঘটনাটো ঘটিছিল৷ ইয়াৰ পাছত কি ঘটিছিল তাকো তেওঁৰ তীৰ্থ ভ্ৰমণৰ সময়ত বলৰামেই প্ৰত্যক্ষ কৰিছিল৷ মহাভাৰতৰ শৈল্য পৰ্বত এই বিষয়ে উল্লেখ আছে৷ উত্তৰ ভাৰতৰ সকলো তেতিয়া মহাভাৰতৰ যুদ্ধত ব্যস্ত৷ যুদ্ধত অংশ নোলোৱা বলৰামে তীৰ্থই তীৰ্থই ভ্ৰমণ কৰি কৰি এনে এটুকুৰা ঠাই পাইছিলগৈ য’ত তেওঁৰ মতে সৰস্বতী হেৰাই যোৱা যেন লাগিলেও তৰু-তৃণ আৰু মাটিৰ শীতল অৱস্থাই পৃথিৱীৰ অভ্যন্তৰেদি সৰস্বতী প্ৰৱাহিত হোৱাটো নিৰ্দেশ কৰে৷ প্ৰকৃততে মৰা নদীবোৰৰ গৰ্ভত ভূজল বেছিকৈ থাকে বাবে তাত উদ্ভিদৰ আধিক্য হয় আৰু শীতল হয়৷ উপগ্ৰহৰ পৰা ভূপৃষ্ঠৰ উষ্ণতা নিৰূপণ কৰি ভূজলৰ অৱস্থান নিৰ্ধাৰণ কৰাৰ এক পদ্ধতিও আছে৷ মাৰ্কণ্ডেয় পুৰাণ, বৰাহ পুৰাণ, মহাভাৰতৰ বনপৰ্ব আৰু সিদ্ধান্ত শিৰোমণিতো সৰস্বতী হেৰাই যোৱা ঘটনাটো বিভিন্ন কাহিনীৰ যোগেদি বৰ্ণিত হৈছে৷ 

সৰস্বতী নদীৰ মৃত্যুৰ ৰহস্য উন্মোচনে মুকলি কৰিছে অন্য এটা বিতৰ্কৰ দুৱাৰ৷ দুখৰ বিষয় এই বিতৰ্কই বিদ্যায়তনিক ক্ষেত্ৰত সীমাৱদ্ধ নাথাকি ৰাজনীতি আৰু আদৰ্শগত ক্ষেত্ৰও সাঙুৰিলৈছেগৈ৷ যাৰ ফলত অষ্টমীৰ বলি হৈছে সত্য৷ বহু বছৰ ধৰি বিশ্বাস কৰি অহা হৈছিল যে আৰ্যসকলে সিন্ধু সভ্যতাৰ ধ্বংস কৰি বৈদিক সভ্যতাৰ পাতনি মেলিছিল৷ কিন্তু সিন্ধু সভ্যতা বুলি চিনাক্ত হোৱা কোনো নগৰতে ধ্বংসকাণ্ড বা হত্যাকাণ্ডৰ চিন পোৱা হোৱা নাই (মার্ডিমাৰ হুইলাৰৰ মৃতদেহ তত্ত্বৰ বাহিৰে)৷ মাৰ্ডিমাৰ হুইলাৰে মহেঞ্জোদাৰোৰ বিভিন্ন ঠাইত পোৱা ৩৭ টা মানুহৰ কংকাল মহেঞ্জোদাৰো পৰিত্যক্ত হোৱাৰ বহুকাল পাছৰ বুলি প্ৰমাণিত হৈছে৷ কেনেথ কেনেডিয়ে Kenneth Kennedy) ১৯৯৪ চনত পুনৰ কংকালকেইটাৰ ওপৰত চলোৱা পৰীক্ষাৰ পৰা জনা গৈছে যে এই লোকসকলৰ মৃত্যু অস্ত্ৰাঘাতৰ দ্বাৰা হোৱা নাছিল (The Quest for the Origins of Vedic Culture. pp. 159–60)| ৰেণু জীৱাশ্ম বিজ্ঞান, নদীবিজ্ঞান, ভূতত্ত্ব আদিৰ মতে সিন্ধু সভ্যতাৰ এই নগৰবোৰ ধীৰে ধীৰে পানীৰ অভাৱত পৰিত্যক্তহে হৈছিল৷ কিন্তু ঋকবেদত বাৰে বাৰে উল্লেখ হোৱা সৰস্বতী নদীৰ মৃত্যুৰ বাবেই যদি সিন্ধু সভ্যতাৰ পতন হৈছিল তেনে বেদ আৰু সিন্ধু সভ্যতাৰ মাজত এক গভীৰ সম্পৰ্ক থাকিব লাগিব৷ তদুপৰি সিন্ধু সভ্যতাৰ পতন হোৱাটো লৈও পুৰাতাত্ত্বিকসকলৰ মাজত গভীৰ মতভেদ আছে৷ পানীৰ অভাৱত সিন্ধু সভ্যতাৰ বেছিভাগ নগৰেই পৰিত্যক্ত হ’লেও কিছুমান ঠাইত ই বহু পাছলৈও বৰ্তি আছিল৷ আনকি পিৰাক নামৰ ঠাইত আলেকজেণ্ডাৰৰ ভাৰত আক্ৰমণৰ (খ্ৰী:পূ:৩২৫) সময়লৈকে সিন্ধু সভ্যতাৰ শেষ নগৰখন বৰ্তি আছিল "Indus Collapse: The End or the Beginning of an Asian Culture?". Science Magazine 320: 1282–3. 6 June 2008.)৷ আজিৰ বহু ইতিহাসবিদ আৰু পুৰাতাত্ত্বিকৰ মতে সিন্ধু সভ্যতা আৰু বৈদিক সভ্যতা গভীৰভাৱে সম্পৰ্কিত (White, David Gordon, 2003. Kiss of the Yogini p. 28)৷ সিন্ধু সভ্যতাৰ বন্দৰ নগৰী লোথালত যিবোৰ ওজন আৰু জোখ-মাখ ব্যৱহাৰ হৈছিল সেইবোৰ কৌটিল্যৰ অৰ্থশাস্ত্ৰতো ব্যৱহাৰ হৈছে (Genesis of India, 1997) গংগা উপত্যকাত বৈদিক যুগক প্ৰতিনিধিত্ব কৰে “ৰং সনা মটীয়াপাত্ৰ সংস্কৃতি” ((Painted Grey Ware Culture) নামৰ বিশেষ মাটিৰ পাত্ৰ নিৰ্মাণ শৈলীটোৱে৷ এই শৈলীটো শেষ হৰপ্পা যুগতো আছিল৷ আকৌ শেহতীয়া তথ্যপাতিয়ে প্ৰমাণ কৰে যে গংগা উপত্যকাত নাগৰিক সভ্যতাৰ পাতনি খ্ৰীষ্টপূৰ্ব ১২০০ চনমানৰ পৰা আৰম্ভ হৈছিল (Indus Collapse: The End or the Beginning of an Asian Culture? Science Magazine 320, pp 1282–3. 6 June 2008.)৷ এই সময় আকৌ হৰপ্পা সভ্যতাৰ পতনৰো সময়৷ সেয়েহে বহু গৱেষকে ভাবে যে সৰস্বতীৰ মৃত্যুৰ পাছত হৰপ্পা সভ্যতাৰ অধিবাসীসকলেই প্ৰব্ৰজন কৰি গৈ গংগা উপত্যকাত সভ্যতাৰ পাতনি মেলিছিল যাক পাছত বৈদিক সভ্যতা বুলি নামাকৰণ কৰা হ’ল৷ হৰপ্পাৰ অধিবাসীসকলে গংগা উপত্যকালৈ “ৰং সনা মটীয়াপাত্ৰ সংস্কৃতি’ৰ উপৰি লৈ আহিছিল সৰস্বতীৰ কাহিনীও৷ সহস্ৰ বছৰ ধৰি সৰস্বতীৰ দ্বাৰা প্ৰতিপালিত শেষ হৰপ্পা সভ্যতাৰ অধিবাসীসকল অকৃতজ্ঞ নাছিল৷ তেওঁলোকে গংগাক পাই সৰস্বতীক পাহৰি নগ’ল আৰু গংগা যমুনাৰ সংগমস্থলতে অদৃশ্যৰূপত সৰস্বতীকো স্থান দিলে৷ কাৰণ তেওঁলোকে জানিছিল সৰস্বতীৰ পানীকেই যমুনাই বহন কৰি আনিছে৷ এই দৰেই মৃত সৰস্বতীৰ পুনৰ জনম হ’ল৷ 

একৈছ শতিকাত প্ৰচেষ্টা আৰম্ভ হৈছে সৰস্বতীক পুনৰ জীয়াই তোলাৰ৷ পূৰ্বৰ স্থানত সৰস্বতীক পুনৰ জীৱিত কৰি তুলিব পাৰিলে থৰ মৰুভূমিকে ধৰি উত্তৰ পশ্চিম ভাৰতৰ শুকান অঞ্চলবোৰ পুনৰ শস্য-শ্যামলা হৈ উঠিলহেঁতেন৷ কিন্ত উত্তৰ ভাৰতৰ ভূতাত্ত্বিক গঠন সম্পূৰ্ণ সলনি হৈ গৈছে৷ সৰস্বতী উপত্যকাৰ পূৰ্বৰ প্ৰাকৃতিক তাল এতিয়া আৰু নাই৷ আৰাৱলী পৰ্বতে মূৰ দাঙি উঠি আক্ষৰিক অৰ্থতে পৰ্বতপ্ৰমাণ বাধাৰ সৃষ্টি কৰিছে৷ গতিকে এনে অভিলাসী প্ৰকল্প কিমান দূৰ সফল হ’ব তাক সময়েহে ক’ব৷

 

তথ্যসূত্ৰ : 

1. Andrew Lawler (6 June 2008): Indus Collapse: The End or the Beginning of an Asian Culture? Science, 320

2. Danino, Michel (2010): The Lost River, On the Trails of the River Sarasvati, Penguin Books India Pvt. Limited, 7th Floor, Infinity Tower C, DLF Cyber City, Gurgaon, 122002, Haryana, India.

3. Edwin Bryant (2001): The Quest for the Origins of Vedic Culture, Oxford University Press, Oxford.

 4. Peter D. Clift, Andrew Carter, Liviu Giosan, Julie Durcan, Geoff A.T. Duller, Mark G. Macklin, Anwar Alizai, Ali R. Tabrez, Mohammed Danish, Sam VanLaningham, and Dorian Q. Fuller (2012): U-Pb zircon dating evidence for a Pleistocene Sarasvati River and capture of the Yamuna River, Geology, Geological Society of America.

5. Saini, H.S., Tandon, S.K., Mujtaba, S.A.I., Pant, N.C., and Khorana, R.K., (2009) Reconstruction of buried channel-floodplain systems of the northwestern Haryana Plains and their relation to the “Vedic” Saraswati: Current Science, v. 97, p. 1634 1643.

6. Sergent, Bernard (1997): Genesis of India, Payot, Paris.

7. Sharma, Dr. J. R. and Bhadra, Dr. B. K (2004): Vedic Saraswati River Network in the Late Quaternary Period from Mansarovar to Dwaraka: Perceived through Satellite Remote Sensing, Regional Remote Sensing Centre – West NRSC/ISRO, Department of Space, Govt. of India, CAZRI Campus, Jodhpur, Rajasthan.

8. Valdiya, K S (May, 1996): River Piracy, Saraswati that Disappeared, Resonance

9. Valdia, K S (January 2013): The River Saraswati was a Himalayan-born river, Current Science, VOL. 104, NO. 1,  

10. White, David Gordon (2003): Kiss of the Yogini, University of Chicago Press, Chicago.

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ