অন্যযুগ/


ডাঙৰি ৰণাঙ্গনত মধ্যযুগৰ অসমৰ কৃষক প্ৰজাৰ শেষ প্ৰতিৰোধ

  ৰক্তিম ৰঞ্জন শইকীয়া

 

মধ্যযুগৰ অসমৰ সকলোতকৈ গুৰুত্বপূর্ণ সংঘটন হল মোৱামৰীয়া বিদ্ৰোহ৷ অসমৰ ৰাজনৈতিক আৰু সমাজৰ জীৱনৰ অতি জটিল এই সন্ধিক্ষণটোত সমগ্ৰ আহোম ৰাজ্য হৈ পৰিছিল এখন যুদ্ধক্ষেত্ৰ৷ ৰজাঘৰীয়া আৰু প্ৰজাঘৰীয়াসকলৰ মাজৰ এই ৰক্তক্ষয়ী যুদ্ধবোৰৰ ভিতৰত এখন অতি নির্ণায়ক যুদ্ধ হৈছিল তিনিচুকীয়া জিলাৰ ডাঙৰি অঞ্চলত৷ ১৮০৩ চনৰ শেষ ভাগত হোৱা এই যুদ্ধতে আহোম ৰাজ্যৰ ৰাজধানী ৰংপুৰত এৰা-ধৰাকৈ প্ৰায় ৫ টা বছৰ ৰাজত্ব কৰা মোৱামৰীয়া ৰজা ভৰত সিংহৰ মৃত্যু হয়৷ সেয়ে যুদ্ধনীতি আৰু কূটনীতিৰ দিশৰ পৰা ডাঙৰি যুদ্ধ অতি গুৰুত্বপূর্ণ আছিল৷ এই ডাঙৰি যুদ্ধৰ পটভূমি উপলব্ধি কৰিবলৈ আমি সময়ৰ নদীয়েদি কিছু উজাই যাব লাগিব৷ 

১৭৬৯ খ্ৰীষ্টাব্দত হোৱা মোৱামৰীয়াসকলৰ প্ৰথম বিদ্ৰোহৰ পাত ৰজাঘৰে মোৱামৰীয়া অধিকাৰ অষ্টভূজ দেৱ, ডেকা অধিকাৰ সপ্তভূজ দেৱক (গাগিনী ডেকা) প্ৰমূখ্য কৰি পৰিয়ালৰ সকলো ব্যক্তিকে হত্যা কৰাইছিল৷[1] তাৰপাৰ পৰাই মায়ামৰা সত্ৰৰ অস্তিত্ব নোহোৱাৰ দৰেই হৈছিল৷ ১৭৮২ খ্ৰীষ্টাব্দত হোৱা মোৱামৰীয়া দ্বিতীয় বিদ্ৰোহৰ পাত দেশ জুৰি মোৱামৰীয়া সত্ৰৰ লগত সামান্যতমো সম্পর্ক থকা সকলোকে হত্যা কৰা হৈছিল৷[2] এই সমূহীয়া হত্যাকাণ্ডৰ পাত ৰাজমন্ত্ৰী পূর্ণানন্দ বুঢ়াগোহাঁয়ে মায়ামৰা সত্ৰ আদিগুৰু অনিৰূদ্ধদেৱৰ সৰু পুতেকৰ আজোনাতি পীতাম্বৰ দেৱক বিচাৰ-খোচাৰ কৰাই উত্তৰপাৰৰ ডফলা পর্বতৰ নামনিত পায়গৈ৷[3] তেওঁকে আনি পূর্ণানন্দ বুঢ়াগোহাঁয়ে ১৭৮৪ খ্ৰীষ্টাব্দত মাজুলীৰ অগ্নিচাপৰি নামৰ ঠাইত এখন সত্ৰ পতাই নতুন মোৱামৰীয়া গুৰু হিচাপে সংস্থাপন দিয়ে৷[4] সেইবছৰেই ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে হৰিহৰ তাঁতীৰ নেতৃত্বত ডফলাসকলৰ সহযোগত মোৱামৰীয়াসকলে পুৰ বিদ্ৰোহ আৰম্ভ কৰিলে৷ উত্তৰপাৰে জয়লাভ কৰাৰ পাত বিদ্ৰোহীসকলে হৰিহৰ তাঁতীৰ নেতৃত্বত এটা শক্তিশালী বিদ্ৰোহী বাহিনীয়ে লোহিত সুঁতি অতিক্ৰম কৰি মাজুলীত ভৰি দিলে৷ লগেলগে পীতাম্বৰদেৱে বিদ্ৰোহীৰ লগত যোগ দি উত্তৰপাৰে দিখৌমুখৰ বিপৰীতে অৱস্থান ললে৷[5] তাৰপাত পীতাম্বৰদেৱে এদিন ব্ৰহ্মপুত্ৰ অতিক্ৰম কৰি দিখৌমুখৰ কাষতে কোঠ মাৰিলে৷ ১৭৮৮ খ্ৰীষ্টাব্দৰ প্ৰথম ভাগত বিদ্ৰোহীসকলে ৰাজধানী অধিকাৰ কৰাৰ পাত পীতাম্বৰ দেৱে ৰংপুৰতে অৱস্থান ললে৷ ৰংপুৰত হৰিহৰ তাঁতীয়ে যোগেন্দ্ৰ নাম লৈ ৰাজপাট ললে৷ ১৭৯১ চনত পীতাম্বৰদেৱে যোগেন্দ্ৰক অপসাৰণ কৰি তেওঁৰ সম্পর্কীয় (?) ডেকাঅধিকাৰ ভৰথীক সিংহাসনত বহুৱাবলৈ সক্ষম হৈছিল৷[6] ভৰথী ১৭৯১ খ্ৰীষ্টাব্দৰ ফেব্ৰুৱাৰি-মার্চ মাহত (১৭১৩ শকৰ ফাগুণ মাহত) সিংহাসনত উঠে৷[7] ৰজা হৈ ভৰথীয়ে ভৰত সিংহ নাম লয়৷ কেপ্তেইন হেনেই (Captain S. O. Hannay, 40th Regiment, N.I. Assistant Commissioner in Assam) তেওঁৰ এটা টোকাত মোৱামৰীয়াসকলে পতা কেইবাজনো ৰজাৰ লগত কোনো এক বৰটীয়াৰ কথাও উল্লেখ কৰিছে৷[8] হেনেৰ মতে বৰটীয়াই ৰংপুৰ অধিকাৰ কৰি ৰাজত্ব কৰিছিল আৰু বৃটিছ সৈন্যৰ আগমৰ পাতে ৰংপুৰ এৰি পলায়ন কৰিছিল৷[9] ভৰত সিংহৰ ৰাজত্বকালৰ লগত বৰটীয়াৰ ৰাজত্বকাল মিলি যায়৷ গতিকে বৰটীয়াশব্দটো ভৰথীৰে অপভ্ৰংশ৷ বৰটীয়াই ভৰত সিংহ নাম লৈছিল৷[10]

ভৰথীয়ে ১৭৯৪ খ্ৰীষ্টাব্দত কেপ্তেইন ৱেলচৰ আগমৰ সময়ত সাময়িকভাৱে ৰংপুৰ এৰিবলগীয়া হৈছিল যদিও ৱেলচৰ প্ৰস্থানৰ পাত আহোম ৰাজধানী যোৰহাটলৈ তুলি নিয়া হল৷ সেই সুযোগতে পুৰ ভৰত সিংহই ১৭৯৪ খ্ৰীষ্টাব্দৰ ডিচেম্বৰ বা ১৭৯৫ খ্ৰীষ্টাব্দৰ জানুৱাৰিত ৰংপুৰ অধিকাৰ কৰে৷[11] ১৭৯৫ খ্ৰীষ্টাব্দৰ আগষ্টত ৰজা গৌৰীনাথ সিংহৰ মৃত্যুৰ পাত কমলেশ্বৰ সিংহ পাটত উঠে৷ ১৮০১ খ্ৰীষ্টাব্দত হোৱা যুদ্ধত ৰজাঘৰীয়া সৈন্যই ৰংপুৰ অধিকাৰ কৰে৷ পীতাম্বৰদেৱ বন্দী হয় আৰু ভৰথী ৰজা পলাই যায়৷[12]

 

এইবাৰ ভৰথী ৰজাই বুঢ়ী দিহিঙৰ উজনি অংশত চিংফৌসকলৰ গাঁৱত আশ্ৰয় গ্ৰহ কৰিলে৷ চিংফৌ আৰু মোৱামৰীয়াসকলৰ সন্মিলিত বাহিনীৰ বিৰূদ্ধে স্বর্গদেৱে ১৭২৩ শকত (১৮০১ খ্ৰীষ্টাব্দ) অভিযান পঠাই চিংফৌসকলক পৰাস্ত কৰিলে৷[13] চিংফৌসকলে আহোম স্বর্গদেৱৰ ওচৰত আত্মসমর্পন কৰাত ভৰত সিংহই তেওঁৰ সহযোদ্ধাসকলক লৈ বেংমৰাৰ সর্বানন্দ সিংহৰ ৰাজ্যৰ একেবাৰে উত্তৰ দিশেদি ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে ডিব্ৰু-চৈখোৱাৰ মাজেৰে আগবাঢ়ি গৈ ডাঙৰি নদীৰ পাৰ পালেগৈ৷ তাৰপাত বিদ্ৰোহী বাহিনীটোৱে ডাঙৰি নদীৰ পাৰে পাৰে পূৱদিশে কিছুদূৰ গমন কৰি ডাঙৰি অঞ্চলত এটা শক্তিশালী কোঠ নির্মা কৰিলে৷[14]

 

       ডাঙৰি অঞ্চলৰ বিদ্ৰোহীৰ শিৱিৰটোৰ বিষয়ে ৰাজকীয় চোৰাংচোৱাই সেইসময়ৰ আহোম ৰাজ্যৰ ৰাজধানী যোৰহাটত খবৰ দিলেগৈ৷ গতিকে ব্ৰহ্মপুত্ৰ নদীয়েদি ডেকাফুকনৰ নেতৃত্বত এটা সৈন্যবাহিনী ডাঙৰি অভিমুখে ৰাওনা কৰি দিয়া হল৷ এই বাহিনীটো উজাই গৈ ধলা অঞ্চলত অৱতৰণ কৰি তাৰ পৰা স্থলপথেদি ডাঙৰিৰ ফালে আগবাঢ়িল৷ ডাঙৰি নদীৰ পাৰত মোৱামৰীয়াসকলে প্ৰতিৰোধ আৰম্ভ কৰিলে৷ কিন্তু ইংৰাজৰ পৰা আহৰণ কৰা উন্নত আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰি প্ৰথমৰ পৰাই ডেকাফুকনৰ সৈন্যবাহিনীয়ে যুদ্ধত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হল৷ প্ৰচণ্ড যুদ্ধৰ পাত বিস্তৰ ক্ষতিৰ সন্মূখীন হৈ ৰজা ভৰত সিংহই তেওঁৰ অৱশিষ্ট বাহিনীটো লৈ ডাঙৰিৰ গভীৰ অৰণ্যলৈ সোমাই গল৷ সেই কালত ডাঙৰিৰ অৰণ্য ডাঙৰি অঞ্চলত আৰম্ভ হৈ বর্তমানৰ অৰুণাচলৰ পাহাৰলৈকে বিস্তৃত আছিল৷[15]

       বোধহয় ভৰত সিংহই ডাঙৰিৰ অৰণ্যৰ মাজেৰে গৈ অৰুণাচলৰ পাহাৰত আশ্ৰয় লোৱাৰ পৰিকল্পনা কৰিছিল৷ কিন্তু ৰাজকীয় সৈন্যদলেও অৰণ্যৰ মাজেৰে বিদ্ৰোহীসকলক অনুসৰণ কৰি এঠাইত তেওঁলোকক ঘেৰি ধৰিলে৷ অৱৰুদ্ধ হৈছে বুলি জানিব পাৰি ভৰত সিংহই নিজেই ওলাই আহি অৱৰোধত অংশ লোৱা সেনানায়ক নচিপ সিংহৰ দলটোক আক্ৰমণ কৰি এজন চিপাহীক যাঠীৰে আঘাত কৰিলে৷ সেই সময়তে আহোম সেনাদলটোৰ যোগী সিংহ নামৰ চিপাহীজনে ভৰত সিংহলৈ লক্ষ্য কৰি গুলীচালনা কৰাত গুলীয়ে গৈ ভৰত সিংহৰ কৰঙণত আঘাত কৰিলে৷ বীৰ ভৰত সিংহই কিন্তু আঘাতলৈ ভ্ৰুক্ষেপ নকৰি বন্দুকধাৰী চিপাহীজনৰ বন্দুকটোৰ নলীডালত ধৰি কাঢ়ি লবলৈ যত্ন কৰিলে৷ সেই সময়তে আন দুজন চিপাহীয়ে সঙ্গীনেৰে খুঁচি ভৰত সিংহক হত্যা কৰিলে৷[16]

       এনেদৰেই ডাঙৰিৰ ৰণাঙ্গণত শেষ প্ৰতিৰোধ আগবঢ়াই ৰংপুৰৰ মোৱামৰীয়া ৰজা বীৰ ভৰত সিংহ বীৰগতি প্ৰাপ্তি হল৷ ভৰত সিংহৰ মৃতদেহ যোৰহাটলৈ আনি খুটিয়াপোতাৰ মোৱামৰীয়া গাঁৱৰ মাজত পিঙত দি থোৱা হল৷ ডাঙৰিত মোৱামৰীয়াসকল পৰাস্ত হল যদিও ডাঙৰিৰ ৰণাঙ্গণৰ বাতৰিয়ে সদায়েই মুক্তিকামী কৃষক পাইক খাতিখোৱা জনতাক উদ্বুদ্ধ কৰি আহিছে৷ ডাঙৰি পৱিত্ৰভূমিত ভৰত সিংহৰ শেষ প্ৰতিৰোধৰ স্থানক চিনাক্ত কৰি সেই যুদ্ধৰ স্মৃতিক সংৰক্ষণ কৰাতো উত্তৰ পুৰুষৰ দায়িত্ব৷

তথ্যসূত্ৰ:

. বৰা, ডাঃ ধ্ৰৱজ্যোতি (২০২২): কৃষক বিদ্ৰোহী সৈনিক ৰাজন, বনলতা, পানবজাৰ, গুৱাহাটী-

. ভূঞা, ডঃ সূর্য্য কুমাৰ (২০১৪): স্বর্গদেউ ৰাজেশ্বৰ সিংহ, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী অসম৷

. ভূঞা, সূর্য্য কুমাৰ (সম্পা)(১৯৯০): তুংখুঙ্গীয়া বুৰঞ্জী,, বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, অসম চৰকাৰ, গুৱাহাটী

. শইকীয়া, ডঃ নগেন (সম্পা)(২০১৪): বেণুধৰ শর্মা ৰচনাৱলী, (দ্বিতীয় খণ্ড), অসম প্ৰকাশন পৰিষদ, গুৱাহাটী-২১

. Hannay, Captain S.O. (1838): A short account of the Moa Month sect, and of the country at present occupied by the Bor Senaputtee, Journal of the Asiatic Society of Bengal, Vol. No. 80. pp. 671-679

. S K Bhuyan (1974): Anglo Assamese Relations 1771-1826, Lawyers Book Stall, Panbazar, Guwahati, 1974

 

লেখকৰ ঠিকনা:

মূৰব্বী অধ্যাপক, ভূতত্ত্ব বিভাগ

জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়

 

 

 



[1]পাচে ডাঙ্গৰীয়াই ফন্দ-ফান্দ কৰি মহন্তক উলিয়াই আনি ধৰিলে৷ পাচে বাপেক-পুতেক দুইকো কাপৰৰ টোপোলা বান্ধি হাতীৰ ওপৰত দুফালকৈ দুটাক পেলাই দিবসৰ এক পৰ থকাত খুটীয়াপোতাৰ পৰা ৰাতিয়ে-দিনে আহি পৰদিনা তিনি পৰ মৰাত ৰংপুৰ পালেহি৷ পাচে ৺ত যোগালে, ৺ও মহাজনত সোধালে৷ পাচে মহাজনেও দায় বুলি গাত ললে৷ ৺ও দোষী হেন জানি বাপেক-পুতেক দুইকো ন-দুৱাৰৰ মুখৰ হাতীশালৰ মুৰৰ খলাত মৰালে”-ভূঞা (সম্পা), তুংখুঙ্গীয়া বুৰঞ্জী, অনুচ্ছেদ ১৩৯, পৃষ্ঠা ৭১

[2]এই আলচ হৈ সেই দিনাই বৰচৌৰাত ৺ৰ আজ্ঞা সকলোতো শুনাই কলে বোলে-মোৱামৰীয়াক যতে যেয়ে পায় ধৰি ধৰি সপুত্ৰা-বান্ধৱক মাৰক৷……………..৺ৰ এই ৰূপ প্ৰচণ্ড আজ্ঞা শুনি চহৰে চহৰে মোৱামৰীয়াক পুত্ৰ-ভার্যা সমন্বিতে ধৰি ধৰি মাৰিলে৷”-ভূঞা (সম্পা), তুংখুঙ্গীয়া বুৰঞ্জী, অনুচ্ছেদ ১৭৫, পৃষ্ঠা ৯০

[3] ভূঞা, স্বর্গদেউ ৰাজেশ্বৰ সিংহ, পৃষ্ঠা ১৯২

[4] ভূঞা, স্বর্গদেউ ৰাজেশ্বৰ সিংহ, পৃষ্ঠা ১৯২

[5] ভূঞা, স্বর্গদেউ ৰাজেশ্বৰ সিংহ, পৃষ্ঠা ১৯৩

[6] বৰা, কৃষক বিদ্ৰোহী সৈনিক ৰাজন, পৃষ্ঠা ২৯০

[7]  Bhuyan, Anglo Assamese Relation, p. 163

[8]Their names were as follows, Duffla Bohoteea, Boora Phokan, his son Ugnee Kumwar and lastly Baroteea, who got rid of his predecessor by a by a trick of rather a ludicrous nature”--Hannay, 1838, A short account of the Moa Morah sect and of the country at present occupied by the Bor Senaputtee, P. 672

 

[9]During the time that Baroteea had established himself at Rungpore, Gaureenath Sing, received the assistance of the British Government, and the Moa Mureeahs were dispersed”-- Hannay, 1838, A short account of the Moa Morah sect and of the country at present occupied by the Bor Senaputtee, P. 673

[10] শইকীয়া (সম্পা), ৰঙ্গিলী কুঁৱৰী, বুৰঞ্জীৰ সঁফুৰা, বেণুধৰ শর্মা ৰচনাৱলী, দ্বিতীয় খণ্ড, পৃ. ১৪৬৪

[11]  বৰা, কৃষক বিদ্ৰোহী সৈনিক ৰাজন, পৃ. ৩৯২

[12] ভূঞা (সম্পা), তুংখুঙ্গীয়া বুৰঞ্জী, পৃষ্ঠা ১৪১

[13] -“আতেপাচে ১৭২৩ শকত ৺এ বুঢ়াগোহাঁই-ফৈদীয়া ডেকাফুকনক উজনিৰ জঞ্জাল ভাঞ্গিবৰ নিমিত্তে আজ্ঞা কৰিলে৷ পাচে ফুকনে পাঁচ কোম্পানি চিপাহী লগত লৈ ৺ক সেৱা কৰি গৈ বেংমৰাতে মোৱামৰীয়াক খেদি ধৰিলে৷ তাতে মোৱামৰীয়া সৈতে কিছু ৰণ৷ পাচে মৰাণে ঠাওৰিব নোৱাৰি ভাগি উজাই গৈ নামৰূপত ৰৈ মটকত চিংফৌৰ সৈতে মিলি ৰল৷ পাচে আমাৰবোৰে পুনৰ তাতে খেদি ধৰিলে৷ তাতে মৰাণ-চিংফৌ সৈতে প্ৰধান ৰণ হল৷ আমাৰ চিপাহী পোন্ধৰটা পৰিল৷ পাচে আমাৰবোৰে টানকৈ ধৰিলে৷ পাচে মৰাণ-চিংফৌ দুই দুফৌজ হৈ দুফাললৈ ভাগিল৷ সেই ৰণত পালে মানুহ, আহিলা, , গৰু, তাম, পিত্তল, কাপৰ৷ সেইবেলা চিংফৌ বৰাভাও হল৷”—ভূঞা, তুংখুঙ্গীয়া বুৰঞ্জী, পৃষ্ঠা ১৪৪৷

[14] বৰা, কৃষক বিদ্ৰোহী সৈনিক ৰাজন, পৃষ্ঠা ৪৩০

[15] বৰা, কৃষক বিদ্ৰোহী সৈনিক ৰাজন, পৃষ্ঠা ৪৩১

[16] পাচে ফুকনে ছয় কোম্পানি চিপাহী সৈতে গৈ ডাঙ্গৰীকোখতে মৰাণক খদি ধৰিলে, পাচে মৰাণে ঘৰ-বাৰী এৰি হাবি সোমাল৷ আমাৰ মানুহে বিচাৰি সেই হাবিতে লগ পালেগৈ৷ পাচে আমাৰ চিপাহীয়ে মৰাণক বেঢ়ি ধৰিলে৷ পাচে মৰাণৰ ৰজা ভৰথিয়ে পাঁচোটা মৰাণ লগত লৈ নচিপসিঙ্গৰ কোম্পানিত হাউহি মাৰি ধৰি চিপাহী এটা যাঠিএৰে খুঁচিলে৷ এনেতে যোগীসিং চিপাহীয়ে গুলী দিলে৷ ভৰথিৰ ৰকঙ্গনত লাগিল৷ তথাপি পাঁচমুখ নকৰি আহি হিলৈত খামোচ মাৰি ধৰিলে৷ এনেতে দুই চিপাহীয়ে চঙ্গিনেৰে খুঁচি মাৰিলে৷- ভূঞা (সম্পা), তুংখুঙ্গীয়া বুৰঞ্জী, পৃষ্ঠা ১৪৫

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ