অন্যযুগ/


ঐতিহাসিক কালৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাত মথাউৰি নিৰ্মাণ আৰু ইয়াৰ ফলাফল

  ৰক্তিম ৰঞ্জন শইকীয়া

 

নদীৰ গতি আৰু প্ৰকৃতি নিয়ন্ত্ৰণ কৰিবলৈ অতীতৰে পৰা মানুহে প্ৰয়াস কৰি আহিছে৷ এই প্ৰয়াসক বাস্তৱ ৰূপ দিবলৈ কেতিয়াবা মানুহে খাল খান্দিছে, কেতিয়াবা বান্ধ সাজিছে আৰু কেতিয়াবা মথাউৰি বান্ধিছে৷ বান্ধ আৰু মথাউৰিৰ পার্থক্য এটাই৷ বান্ধ একোটা নদীৰ বক্ষৰ ওপৰতে নদীৰ গতিপথৰ লগত ৯০ ডিগ্ৰী কোণ কৰি নিৰ্মাণ কৰা হয় আনহাতে মথাউৰি এটা নদীৰ গতিপথৰ সমান্তৰালকৈ নিৰ্মাণ কৰা হয়৷ বান্ধৰ দৰে মথাউৰিৰো এক বৃহৎ অনালোচিত আর্থসামাজিক প্ৰভাৱ আছে৷ নদীবান্ধৰ আর্থসামাজিক প্ৰভাৱৰ বিষয়ে আলোচনা কৰা হয় যদিও মথাউৰিৰ বিষয়ে তেনেকৈ আলোচনা কৰা নাযায়৷ আমি এই বিষয়ে কিছু আলোচনা আগবঢ়াব খুজিছো৷

     প্ৰাচীন অসমত ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে বিকাশ হোৱা স্তৰীভূত ৰাজ্যসমূহৰ কেন্দ্ৰস্থলবোৰৰ অৱস্থিতিলৈ লক্ষ্য কৰিলে এটা বিশেষ কথা আমি দেখা পাওঁ৷ সেইটো হল প্ৰাচীন অসমৰ নগৰবোৰ সদায় তিনি ঠাইতে কেন্দ্ৰীভূত হৈ আছিল৷ সেই ঠাই কেইডোখৰ হল তেজপুৰ, গুৱাহাটী আৰু গোৱালপাৰা৷ ইয়াৰ কাৰণ হল সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাত এই তিনি ঠাইতেই নদীৰ দাঁতিকাষৰীয়া অঞ্চলবোৰ কঠিন শিলেৰে গঠিত আছিল৷ নগৰ একোখন গঢ়ি তুলিবৰ বাবে প্ৰয়োজন হয় সুস্থিৰ কঠিন শিলেৰে গঠিত এক আধাৰভূমি, যাতে নদীয়ে ইয়াত গতি সলনি কৰি নগৰ বিস্থাপিত কৰিব নোৱাৰে৷ তদুপৰি নগৰীয়া স্থাপত্য নিৰ্মাণৰ বাবেও কঠিন শিলৰ প্ৰয়োজন৷ ব্ৰহ্মপুত্ৰ উপত্যকাত এই তিনি ঠাইক বাদ দি সকলো ঠাইতে মানুহে নদীৰ পৰা দূৰতহে অৱস্থান কৰিছিল৷ আমি যিকোনো পুৰণি সাধু কথাত গাঁৱৰ পৰা নদী ঘাটবোৰলৈ পানী অনিবলৈ যোৱা মহিলাসকলে যথেষ্ট দূৰ অতিক্ৰম কৰাটো লক্ষ্য ৰোঁ৷ প্ৰাচীন অসমৰ কৃষিভূমিবোৰ নদী কাষৰীয়া বুলি ইতিহাসবিদ নয়নজোত লাহিড়ীয়ে যি আর্হি আগ বঢ়াইছে (Pre Ahom Assam, page 95) সেয়া অসমৰ দৰে অস্থিৰ অপৰিপক্ক নদী উপত্যকাত কেতিয়াও সম্ভৱ নহয়৷

নয়নজোত লাহিড়ীৰ আর্হি

 আমি উল্লেখ কৰা তেজপুৰ, গুৱাহাটী আৰু গোৱালপাৰা অঞ্চল তিনিটাৰ বাহিৰে সমগ্ৰ পলসুৱা উপত্যকাটোৰ সৰহখিনি অংশই বানপানীৰ কাৰণে উন্মুক্ত আছিল৷ ব্ৰহ্মপুত্ৰ উপত্যকা হিমালয়ৰ উত্থানৰ পাত উৎপত্তি হোৱা ভূতাত্ত্বিকভাৱে একেবাৰে নতুন গেদেৰে গঠিত৷ এই উপত্যকাটোৰ ভূ-প্ৰকৃতি অস্থিৰ আৰু নদীসমূহে ইয়াত সঘনাই গতিপথ সলনি কৰি থাকে৷ ঐতিহাসিক কালছোৱাতে অসমৰ নদীবোৰৰ গতিপথ বহুবাৰ সলনি হল৷ বানপানী, খহনীয়া, নদীৰ গতিৰ পৰিৱর্তন, নদীৰ অধিগ্ৰহ, নদীৰ মৃত্যু আদিৰ দৰে সংঘটনসমূহ এনে নদী উপত্যকাত সাধাৰণ ঘটনা৷ নদীয়ে এফালে খহাই নিলেও অন্য কোনো এঠাইত জমা কৰি ক্ষতিপূৰণ কৰে৷

        ব্ৰহ্মপুত্ৰ উপত্যকাৰ বানপানীৰ কাৰণটো হল আমি ইতিমধ্যে উল্লেখ কৰা শিলেৰে গঠিত ৰাজধানী ক্ষেত্ৰ তিনিখন৷ অসমত ব্ৰহ্মপুত্ৰ নদীৰ প্ৰস্থ সকলো ঠাইতে সমান নহয়৷ কামৰূপৰ ওচৰত গোমিৰ ওচৰত ই ১৮ কিলোমিটাৰ বহল৷ ডিব্ৰুগড়ত এই প্ৰস্থ প্ৰায় ৯ কিলোমিটাৰ৷ আনহাতে গুৱাহাটীৰ পাণ্ডুৰ ওচৰত ই ডেৰকিলোমিটাৰ মানহে বহল৷ নদীখন কঠিন শিলেৰে সৃষ্ট ৰাজধানী ক্ষেত্ৰ তিনিখনৰ কাষত বিশ্বনাথ-কলিয়াবৰ-বুঢ়াপাহাৰ-দুইমুনিশিলা; শুক্লেশ্বৰ-অশ্বক্ৰান্ত আৰু যোগীঘোপা-পঞ্চৰত্নত অতি ঠেক হৈ পৰিছে৷ এই ঠেক কঠিন শিলেৰে নির্মিত অংশকেইটাতে কলীয়াভোমোৰা, শৰাইঘাট আৰু নৰনাৰায় সেতু অৱস্থিত৷ কঠিন নিচিক-গ্ৰেণাই শিলেৰে গঠিত হোৱাৰ কাৰণে এই ঠাই কেইখনত বাকী পলসুৱা অঞ্চলবোৰৰ দৰে খহনীয়াৰ যোগেদি নদীৰ প্ৰস্থ প্ৰাকৃতিকভাৱে বৃদ্ধি হোৱাৰ কোনো সুযোগ নাই৷ নিচিক-গ্ৰেণাই শিলেৰে গঠিত এই অতি ঠেক অংশ তিনিটাই প্ৰাকৃতিক নিৰাপত্তা কপাট (Safety Valve) হিচাপে কাম কৰি ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ দ্ৰুতি ইয়াত হঠাতে হ্ৰাস কৰি দিয়ে৷ বিশ্বনাথ-কলিয়াবৰ-বুঢ়াপাহাৰ-দুইমুনিশিলা অঞ্চলৰ প্ৰথমটো প্ৰাকৃতিক নিৰাপত্তা কপাটৰ বাবেই ১৭৫০ চনতে সৃষ্টি হোৱা মাজুলীৰ দৰে খহনীয়াজনিত দ্বীপ ২৭০ বছৰতকৈও অধিক কাল তিষ্ঠি আছে৷ সেইদৰে শুক্লেশ্বৰ-অশ্বক্ৰান্তত অৱস্থিত দ্বিতীয়তো নিৰাপত্তা কপাটৰ উপস্থিতিৰ বাবে ইয়াত পানীৰ দ্ৰুতি কমি গেদ পৰিৱহন কৰিব নোৱাৰি কুৰুৱা-চন্দ্ৰপুৰত বিস্তীর্ণ বালিৰ চাপৰি পেলায়৷ যোগীঘোপা-পঞ্চৰত্নটো ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ দ্ৰুতি পুৰ কম হৈ পৰে যদিও ইয়াত পুনৰ বৃহৎ বালিচাপৰি পেলাবলৈ নদীত ডাঙৰ আকৃতিৰ গেদৰ কণা নাথাকেই- যি আছিল কুৰুৱা-চন্দ্ৰপুৰতে শেষ হৈ যায় (ব্ৰহ্মপুত্ৰ নদৰ বানপানীৰ কাৰিকৰী নিয়ন্ত্ৰণৰ বিভিন্ন পার্শ্ব, আলাপ, দ্বিতীয় সংখ্যা, অক্টোবৰ, ২০১৭-মার্চ ২০১৮)৷ বাৰিষা সমগ্ৰ ব্ৰহ্মপুত্ৰ অৱবাহিকা আৰু কাষৰীয়া পাহাৰবোৰত বৰষুণৰ ফলত গোট খোৱা সমস্ত পানী উপনদীবোৰেদি আহি ব্ৰহ্মপুত্ৰতে পৰেহি৷ এই পানী বৈ গৈ আমি উল্লেখ কৰা ঠেক নিৰাপত্তা কপাটকেইটা পাওঁতে পানীৰ তুলনাত নদীৰ প্ৰস্থ কম হোৱাৰ বাবে পাৰ হব নোৱাৰি ওফন্দি উঠে আৰু বানপানী হয়৷ এই ঠেক অংশকেইটা থকালৈকে বানপানী হবই৷ এই কপাটকেইটা বহল কৰি দিলেই অসমত বানপানী সমস্যা সমাধান হলেও পাৰ বছৰত মাজুলী আৰু কাজিৰঙা খহনীয়াত নোহোৱা হৈ যাব৷

আমি যদি যোৱা ১০০ বছৰৰ অসমৰ গড় বৃষ্টিপাতলৈ মন কৰোঁ তেতিয়া বৰষুণৰ হাৰৰ এটা ক্ৰমহ্ৰাসমান পথ দেখিবলৈ পাম (Deka, Climate Change in Brahmaputra Valley and Impact on Rice and Tea Productivity. p.2)৷ উল্লেখযোগ্য যে বৰষুণৰ পৰিমাণৰ বৃদ্ধি বা হ্ৰাসে নদীৰ জলস্তৰ উচ্চতাৰো সাংঘাতিক হ্ৰাস-বৃদ্ধি কৰিব পাৰে (Sarkar, Singh, and Sharma, Climate Variability and Trends in part of Brahmaputra River Basin)৷ গতিকে ৫০০ বছৰৰ আগলৈকে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ নদীতন্ত্ৰটো অধিক ভয়ংকৰ আৰু অস্থিৰ আছিল বুলি আমি সিদ্ধান্ত লব পাৰোঁ৷ আমি মধ্যযুগত ব্ৰহ্মপুত্ৰ উপত্যকাত হোৱা বানপানী আৰু গৰাখহনীয়াৰ খবৰ অসমলৈ অহা বহিৰাগতসকলৰ টোকাত পাওঁ৷ মিহনাজৰ তাবাকত--নাচিৰিৰ উপৰি ১৬৬২ খ্ৰীষ্টাব্দত অসমলৈ অহা চিহাবুদ্দিন তালিচৰ বিৱৰণীত উজনি অসমৰ বাৰিষাত মিৰজুমলা আৰু তেওঁৰ সৈন্যবাহিনীৰ যি দুর্গতি হৈছিল তাৰ বিস্তৃত বর্ণনা আছে (Tarikh-e-Asham, p. 69, 70,72)৷ ১৭৫৫ খ্ৰীষ্টাব্দত আহোম ৰাজ্যলৈ অহা ফৰাচী ব্যৱসায়ী জ্যাঁ ব্যাপ্তিষ্ট চেভেলিয়াৰে (Jean Baptist Chevalier) ১৯ নৱেম্বৰৰ দিনা তেওঁৰ ডায়েৰীত নগাঁও পাৰ হৈ ব্ৰহ্মপুত্ৰত দেখা ভয়ংকৰ গৰাখহনীয়াৰ কথা উল্লেখ আছে  (Adventures of Jean-Baptiste Chevalier in Eastern India (1755-1765), P. 173)|

আমাৰ আর্হিমতে আজিৰ তুলনাত প্ৰাচীন অসমত বানপানী আৰু গৰাখহনীয়াৰ প্ৰাৱল্য আৰু অধিক আছিল৷ গতিকে ৰাজধানী অংশটোৰ বাদে বাকী অংশবোৰৰ জীৱনযাত্ৰা অস্থায়ী ধৰণৰ আছিল৷ সেয়ে নদীৰ গৰাখহনীয়া আৰু বানপানীৰ লগত খাপ খোৱাকৈ অসমৰ মানুহে এটি স্বকীয় জীৱনধাৰা গঢ়ি তুলিছিল৷ নদীৰ পাৰবোৰ মুকলি আছিল৷ গাঁও আৰু কৃষিভূমিবোৰ নদীৰ পৰা সদায় দূৰত অৱস্থিত আছিল৷ কাৰণ নদীয়ে সঘনাই দিশ সলনি কৰিছিল৷ নদীবোৰ গতি সলনি কৰি দূৰলৈ আঁতৰি যোৱাৰ পাতেই নদীয়ে এৰি যোৱা মাটিত খেতিপথাৰ গঢ়ি তোলা হৈছিল৷ অস্থিৰ নদী এখনৰ প্লাৱনভূমিত স্থায়ী কৃষকসমাজ এখন গঢ় লৈ উঠা সহজ কাম নহয়৷ সেয়ে অসমত ভাৰতৰ আন ঠাইতকৈ স্থায়ী কৃষকসমাজ এখন পলমকৈহে গঢ় লৈ উঠিছিল৷

ধীৰে ধীৰে ব্ৰহ্মপুত্ৰ উপত্যকাত বানপানী নিয়ন্ত্ৰণ কৰাৰ এটা প্ৰচেষ্টা আৰম্ভ হল৷ অৱশ্যে এই প্ৰচেষ্টাবোৰ নগৰসমূহৰ কাষৰীয়া প্লাৱনভূমিতে সীমাৱদ্ধ আছিল৷ এই বানপানী নিয়ন্ত্ৰণৰ প্ৰচেষ্টাবোৰ আছিল আজিৰ দৰেই নদীৰ পাৰে পাৰে সমান্তৰাল বান্ধ মাৰি বাঢ়নি পানীক ভেটাৰ ব্যৱস্থা৷ এনে প্ৰচেষ্টাৰ সকলোতকৈ পুৰণি নথিভুক্ত তথ্য পোৱা যায় দৈয়াং উপত্যকাত৷ দৈয়াং উপত্যকাত পোৱা খ্ৰীষ্টীয় পঞ্চম শতিকাৰ বসুন্ধৰ বর্মনৰদুবৰণি শৈলপৃষ্ঠ লিপি” (Dubarani Stone Slab inscription) মাত্ৰ এশৰীয়া যদিও ই এটা অতি গুৰুত্বপূর্ণ দিশলৈ ইংগিত কৰে৷ শিলালিপিখনত লিখা আছে—“অক্ষয়দত্তি উত্তস্বৃষ্ট শ্ৰীবসুন্ধৰবর্মন৷ ডঃ হেমেন্দ্ৰনাথ দত্তই ইয়াৰ অর্থশ্ৰীবসুন্ধৰ বর্মনে অবিনাশী নদীৰ পাৰ এটা নিৰ্মাণ কৰোৱালে বুলি নির্ণয় কৰিছে (History, Art and Archaeology of Doiyang Dhansiri Valley, Assam, page 47)| এই অবিনাশী নদীৰ পাৰ অর্থাৎ বৃহৎ মথাউৰি নিৰ্মাণৰ যোগেদি বানপানী নিয়ন্ত্ৰণ কৰি এখন স্থায়ী কৃষক সমাজ গঠনৰ প্ৰচেষ্টাৰ আৰম্ভণি বুলিব পাৰি৷ মিহনাজে লিখাতাবাকত--নাচিৰিত আমি প্ৰথমবাৰৰ বাবে ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ তথ্য পাওঁ৷ ১২৫৪ খ্ৰীষ্টাব্দত মালিক উজবেগ টুঘ্ৰিল খানে কামৰূপ আক্ৰমণ কৰি অধিকাৰ কৰিছিল৷ কিন্তু বাৰিষা অহাৰ পাতে কামৰূপৰ সৈন্যবোৰে মথাউৰি কাটি নগৰত পানী ভৰাই দিলে৷ খাদ্যৰ অভাৱ আৰু বেমাৰত মালিক উজবেগ টুঘ্ৰিল খানে সৈন্যবাহিনী নগৰৰ পৰা উলিয়াই উভতি যাবলৈ বাধ্য হল৷ সেইকালত অসমলৈ অহাৰ সহজ পথ আছিল ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰেদি৷ কিন্তু এই অঞ্চলবোৰ পানীত ডুব যোৱাত উপায়বিহীন হৈ টুঘ্ৰিল খানৰ বাহিনীটোৱে দক্ষিণ পাৰে খাচী আৰু গাৰো পাহাৰৰ কাষে কাষে ফুলবাৰী-তিক্ৰিকিল্লা-মৈমনসিঙৰ পথেৰে যাব বিচাৰিছিল যদিও এই ঠেক পথতে কামৰূপী সৈন্যই টুঘ্ৰিল খানৰ বাহিনীটোক ধ্বংস কৰি মালিক উজবেগক হত্যা কৰিছিল (Baruah, K. L, Early History of Kamrupa, p.232)|

এতিয়ালৈকে প্ৰাচীন অসমত এইকেইটা উদাহৰণৰ বাহিৰে মথাউৰি নিৰ্মাণৰ কোনো প্ৰচেষ্টাৰ বিষয়ে এতিয়ালৈকে জানিব পৰা হোৱা নাই৷ মধ্যযুগৰ উজনি অসমৰ আহোম ৰাজ্য প্ৰতিষ্ঠাৰ প্ৰথম ৩০০ বছৰ কঠিন শিলাবিহীন পলসুৱা উপত্যকাত বিকাশ হৈছিল৷ সেইবাবে প্ৰথম অৱস্থাত বানপানীৰ বাবে সঘনাই আহোম ৰাজ্যৰ ৰাজধানী পৰির্তন কৰি থাকিবলগীয়া হৈছিল৷ এই প্ৰথম ৩০০ বছৰ আহোম ৰাজ্য জনজাতীয় পর্যায়তে থকাৰ মূল কাৰণ হল বানপানীৰ বাবে স্থায়ী কৃষক সমাজ বিকাশ নোহোৱাটো৷ কৃষকসকলে সঘনাই ঠাই সলাই ফুৰিবলগীয়াত পৰিছিল৷ স্বর্গদেউ প্ৰতাপ সিংহৰ দিনত (১৬০৩-১৬৪১ খ্ৰীষ্টাব্দ) মোমাই তামুলিয়ে উজনি অসমত প্ৰথমবাৰৰ বাবে মথাউৰি বান্ধি বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিছিল—“তেৱেঁ বৰবৰা হৈ দিহিঙ্গ মথাৰী বন্ধালে৷….এই আপাহতে বৰবৰা নাম গুচাই সুকটি তামুলিক বৰবৰুৱা পাতিলে ”-(সাতসৰী অসম বুৰঞ্জী, পৃষ্ঠা ৪০)৷ মোমাই তামুলিয়ে দিহিঙৰ পাৰে পাৰে গড়গাঁৱৰ পৰা দেৰগাঁৱলৈবৰআলিনামৰ মথাউৰিটো নিৰ্মাণ কৰি প্ৰথমবাৰৰ বাবে উজনিত প্লাৱনভূমিত মানৱ বসতি আৰু কৃষিকর্মৰ বাবে ঠাই উলিয়াই দিলে৷ বর্ধিত পাইকক দিয়াৰ বাবে অতিৰিক্ত মাটিৰ প্ৰয়োজন হৈছিল বাবেই মথাউৰি নিৰ্মাণৰ যোগে মাটিৰ সমস্যাটো সমাধান কৰা হৈছিল৷ সেই সময়ত দিহিং নদীখন বৰ্তমানৰ ব্ৰহ্মপুত্ৰৰ স্থানত আছিল আৰু ই ব্ৰহ্মপুত্ৰৰ সমান্তৰালকৈ বৈ গৈ বোকাখাটৰ ওচৰৰ লখৌত ব্ৰহ্মপু্ত্ৰত পৰিছিলগৈ৷

বানপানী আৰু গৰাখহনীয়া হল এই পলসুৱা উপত্যকাৰ এক সাধাৰণ বৈশিষ্ট্য৷ আশ্চর্যকৰভাৱে আমি কোনো অসমীয়াই লিখা এখনো বুৰঞ্জীত বানপানীৰ ভয়াৱহতা আৰু খহনীয়াৰ বিষয়ে বিশেষ উল্লেখ নাপাওঁ৷ কিন্তু আমি ইতিমধ্যেই উল্লেখ কৰিছোঁ যে বহিৰাগতসকলৰ টোকাৰ পৰা প্ৰাচীন অসমতো আজিৰ দৰেই বানপানী আৰু খহনীয়াৰ প্ৰৱলতা আছিল বুলি জানিব পাৰোঁ৷ কিন্তু অসমৰ মানুহে এই বানপানী আৰু খহনীয়াক স্বাভাৱিক প্ৰক্ৰিয়া বুলিহে গ্ৰহ কৰিছিল৷ নদীৰ বানপানীৰ লগত খাপ খোৱাকৈ অসমৰ মানুহে জীৱনধাৰাটো গঢ়ি তুলিছিল৷ বৰআলি নিৰ্মাণ কৰি প্ৰথমবাৰৰ বাবে মথাউৰিৰ যোগেদি মাটি উলিয়াই প্লাৱনভূমিত মানৱ বসতি আৰম্ভ কৰা হৈছিল যদিও তেতিয়া বৰআলি ব্ৰহ্মপুত্ৰৰ পৰা বহু দূৰত আছিল আৰু নদীখনৰ পার্শ্বীয় (lateral) গতিৰ বাবে সৃষ্ট গৰাখহনীয়াই জীৱনযাত্ৰাত কোনো প্ৰভাৱ পেলাব নোৱাৰিছিল৷

প্ৰাক-ঔপনিৱেশিক কালত অসমত মাটিৰ জৰীপ আৰু আৰু লোকপিয়ল কৰা হৈছিল যদিও মাটিৰ কোনো পট্টা নাছিল৷ পট্টা নাথাকিলে জনসমষ্টি এটাৰ গতিশীলতা বৃদ্ধি পায়৷ বানপানী খহনীয়াৰ উপদ্ৰৱ বৃদ্ধি পালেই মানুহ উঠি গৈ নতুন ঠাইত হাবি ভাঙি নতুন মাটি উলিয়াইছিল৷ ৰজাঘৰেও এনে নতুন মাটি উলিওৱা প্ৰক্ৰিয়াক উৎসাহ যোগাইছিল৷

ঔপনিৱেশিক যুগত অসমৰ মানুহৰ জীৱন শৈলীৰ সাংঘাতিক পৰির্তন ঘটিল৷ ঔপনিৱেশিক প্ৰশাসনে মানুহক মাটিৰ পট্টা প্ৰদান কৰি মানুহৰ গতিশীলতা নাশ কৰি মাটিৰ সৈতে বান্ধি পেলালে৷ অধিক উৎপাদনৰ কাৰণে প্লাৱনভূমিবোৰত মানুহক বসতি স্থাপন কৰিবলৈ উৎসাহ দিয়া আৰম্ভ হল৷ ১৮৮১ খ্ৰীষ্টাব্দত অসমলৈ ৰেলআলি অহাৰ লগে লগে সমগ্ৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰথমবাৰৰ বাবে নদীৰ বানপানীৰ স্বাভাৱিক গতিক বাধা দিবলৈ কৃত্ৰিম প্ৰাচীৰৰ সৃষ্টি হল৷ তাৰ পাতো প্লাৱনভূমিবোৰ বানপানীৰ পৰা ৰক্ষা কৰিবলৈ ব্ৰিটিছসকলে ব্ৰহ্মপুত্ৰৰ সকলো প্লাৱনভূমিত মথাউৰিৰ জালিকা তৈয়াৰ কৰি বানপানীৰ স্বাভাৱিক গতিক বাধাগ্ৰস্ত কৰি তুলিলে৷ মানৱ বসতি নদীৰ ওচৰ চাপি গৈ গৈ একেবাৰে পাৰ পালেগৈ৷ এইদৰেই আমি লাহে লাহে আমাৰ স্বকীয় জীৱনশৈলী হেৰুৱাই পেলালোঁ আৰু নদীবোৰ সম্পদৰ পৰির্তে আপদ বুলি আমাৰ মনত এটা ধাৰণা গঢ় লৈ উঠিল৷ বানপানী এক প্ৰাকৃতিক দুর্যোগ বুলি আমি তাহানিয়েই যি ৰচনা লিখিবলৈ আৰম্ভ কৰিলোঁ তাক আজিও চলাই আছোঁ৷ যাৰ ফলত আজি থলুৱা লোকসকল বানপানীক লৈ চিন্তিত যদিও অভিবাসী লোকসকলে ইমান চিন্তিত নহয়৷ কাৰণ অভিবাসীসকলে তেওঁলোকৰ জীৱনশৈলীক নদীতন্ত্ৰটোৰ লগত খাপ খোৱাকৈ বহু পৰিমাণে অভিযোজিত কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ উপৰি মাটিৰ পট্টাহীনতাই তেওঁলোকক অধিক গতিশীলতা প্ৰদান কৰিছে৷

        অসমৰ অধিক সংখ্যক খিলঞ্জীয়া মানুহে সহস্ৰ বছৰ ধৰি উপত্যকাটোত বাস কৰি অর্জন কৰা জীৱনযুদ্ধৰ কৌশল আৰু ভূপ্ৰকৃতিৰ জ্ঞান ইতিমধ্যে হেৰুৱাই পেলাইছে৷ সেয়ে বাৰিষাৰ আগমণৰ লগে লগে অসমৰ ৰাইজৰ কাকতপত্ৰ, সামাজিক মাধ্যমত অসমত বানপানী আৰু গৰাখহনীয়াৰ এটা স্থায়ী সমাধানৰ দাবী উঠে৷ লগে লগে মথাউৰিবোৰৰ ওপৰত নতুনকৈ মাটি পেলাই কিছু মেৰামতি কৰা হয়৷ দীর্ঘদিন ধৰি মথাউৰিবোৰৰ আঁৰত বাস কৰাৰ কাৰণে আমি কেৱল এই পৰিৱেশত জীয়াই থকাৰ দক্ষতা হেৰুৱাই পেলালোঁ৷ গতিকে ব্ৰহ্মপুত্ৰৰ নদী আৰু ইয়াৰ নদীতন্ত্ৰটোত থকা মথাউৰিৰ জালিকাটো এতিয়া আমাৰ বাবে এটা প্ৰয়োজনীয় আপদ৷ সৌভাগ্যক্ৰমে বৰষুণৰ পৰিমাণৰ সামগ্ৰিক হ্ৰাসে এতিয়া আমাক তিষ্ঠি থকাত সহায় কৰিছে৷

তথ্যসূত্ৰ :

() Baruah, Rai Bahadur K. L. (1933): Early History of Kamrupa, Published by the Author, Shillong.

() Deka, Rajib Lochan (2013): Climate Change in Brahmaputra Valley and Impact on Rice and Tea Productivity, Unpublished Ph.D  thesis, Submitted to IIT Guwahati.

() Dutta, H.N. (2012): History, Art and Archaeology of Doiyang Dhansiri Valley, Assam, LBS Publication, Panbazar, Guwahati-781001.

() Lahiri, Nayanjot (1991): Pre Ahom Assam, Studies in the Inscriptions of Assam between the Fifth and the Thirteenth Centuries AD, Munshiram Manoharlal Publishers Pvt Ltd., New Delhi-110055.

() Sarkar, Archana, Singh, R D, and Sharma, Nayan (10-14 April 2012): Climate Variability and Trends in part of Brahmaputra River Basin, Paper presented in India Water Week 2012- Water, Energy and Food Security : Call for Solutions, New Delhi.

() Talesh, Shehabuddin, Tarikh-e-Aasham, Translated by Mhzhar Asif, (2009): Deperatment of Historical and Antiquarian Studies & Raushanara Foundation, Guwahati.

() ডেকা, ডঃ প্ৰণৱজ্যোতি (অক্টোবৰ ২০১৭-মার্চ ২০২৮): ব্ৰহ্মপুত্ৰ নদৰ বানপানীৰ কাৰিকৰী নিয়ন্ত্ৰণৰ বিভিন্ন পার্শ্ব, আলাপ, দ্বিতীয় সংখ্যা৷

() ভূঞা, সূর্য্যকুমাৰ (সম্পা)(চতুর্থ মুদ্ৰণ ২০০৯): সাতসৰী অসম বুৰঞ্জী, বাণীমন্দিৰ, গুৱাহাটী

 

ঠিকনা :

ৰক্তিম ৰঞ্জন শইকীয়া

জগন্নাথ বৰুৱা মহাবিদ্যালয় (স্বায়ত্তশাসিত)

যোৰহাট

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ