ড০ ৰক্তিম ৰঞ্জন শইকীয়া
লাচিত বৰফুকন অসমৰ ইতিহাসৰ এক অতি গুৰুত্বপূর্ণ চৰিত্ৰ৷ ঐতিহাসিক চৰিত্ৰ হিচাপে লাচিত বৰফুকন যিমান গুৰুত্বপূর্ণ, তাতকৈও অসমৰ জাতীয় জীৱনৰ এক উদ্দীপক হিচাপে তেখেতৰ গুৰুত্ব অধিক৷ কিন্তু আচৰিতভাৱে লাচিত বৰফুকনৰ দৰে এটা গুৰুত্বপূর্ণ ঐতিহাসিক চৰিত্ৰ, অন্ততঃ ১৯১২-১৩ খ্ৰীষ্টাব্দলৈ পাহৰণিৰ গহ্বৰত সোমাই ৰৈছিল বা উদ্দেশ্য প্ৰণোদিতভাৱে সুমুৱাই ৰখা হৈছিল৷ লাচিতক পাহৰি যোৱাটোকে এক বিশেষ চক্ৰই বিচাৰিছিল যেন অনুমান হয়৷ লাচিতৰ মৃত্যুৰ পাছতেই ৰজাঘৰতে এই কাম আৰম্ভ হয় বুলি ধাৰণা হয় আৰু ই ঔপনিৱেশিক যুগলৈকে চলি থাকিল৷
১৭৫৫ খ্ৰীষ্টাব্দত জিন ব্যাপ্টিষ্ট চেভেলিয়াৰ নামৰ এজন ফৰাচী ব্যৱসায়ীয়ে স্বর্গদেউ ৰাজেশ্বৰ সিংহক দেখা কৰিছিল৷ চেভেলিয়াৰে তেখেতৰ টোকাত উল্লেখ কৰা মতে সেই সময়ত মীৰজুমলাৰ আক্ৰমণৰ স্মৃতি সজীৱ হৈ আছিল৷১ আনহাতে চেভেলিয়াৰে শৰাইঘাটৰ ৰণৰ বিষয়ে কোনো কথা শুনা বুলি উল্লেখ কৰা নাই৷ অর্থাৎ শৰাইঘাটৰ ৰণৰ কথা মানুহৰ মানসপটৰ পৰা অদৃশ্য হৈ গ’ল, অথচ তাতকৈ আগৰ মীৰজুমলাৰ আক্ৰমণ মানুহৰ স্মৃতিত জাগ্ৰত হৈয়েই আছিল৷ ৰজাঘৰে নিজে পৰাজিত হোৱা মীৰজুমলাৰ আক্ৰমণৰ বিষয়ে চেভেলিয়াৰক জনালেও জয়ী হোৱা শৰাইঘাটৰ বিষয়ে জনোৱা নাছিল৷ মণিৰাম দেৱানৰ “বুৰঞ্জি বিবেকৰত্ন” গ্ৰন্থখনতো লাচিত বৰফুকনৰ বিষয়ে উল্লেখ নাই৷ ১৮৭২ খ্ৰীষ্টাব্দত ৰাজাৰিণ নামৰ ব্ৰহ্মদেশীয় লিখক এজনে “আৰ্থান-তাইং-প্যি আহ্টোক-পত্তি-ফয়া” (အာသံတိုင်းပြည်အတ္ထုပတိ္တဘုရား) নামৰ এখন অসম বুৰঞ্জী লিখিছিল৷ ৰাজা ৰিণে উল্লেখ কৰামতে তেওঁ অসমীয়া উৎস লৈ বুৰঞ্জীখন লিখিছিল৷ উক্ত বুৰঞ্জীখনতো মীৰজুমলাৰ আক্ৰমণৰ কথা উল্লেখ থাকিলেও লাচিত বৰফুকন আৰু শৰাইঘাটৰ যুদ্ধৰ বিষয়ে কোনো উল্লেখ নাই৷২ ধাৰণা কৰা হয়, কোনো অজ্ঞাত কাৰণত যিমান পাৰি লাচিত বৰফুকনৰ নাম নোহোৱা কৰি দিবলৈ খুউব প্ৰণালীৱদ্ধভাৱে প্ৰাক-ঔপনিৱেশিক কালতে এক প্ৰচেষ্টা চলোৱা হৈছিল৷ তথাপি সকলো বুৰঞ্জীৰ পৰা লাচিত বৰফুকনক সম্পূর্ণ আঁতৰাই পেলোৱাটো সম্ভৱ নহ’ল৷ কোনো কোনো ব্যক্তিগত বুৰঞ্জী পুথিত লাচিত বৰফুকন থাকি গ’ল৷ ঔপনিৱেশিক কালতহে লাচিত নামৰ জুইকুৰাৰ ফিৰিঙতিবোৰ বাহিৰ ওলাবলৈ ধৰিলে৷
প্ৰকাশিত গ্ৰন্থৰ ভিতৰত ১৮২৯ খ্ৰীষ্টাব্দত প্ৰকাশ পোৱা হলিৰাম ঢেকিয়াল ফুকনৰ “আসাম বুরঞ্জি”তে প্ৰথমতে লাচিত বৰফুকনৰ নাম পোহৰলৈ আহে৷ কিন্তু সেয়া আছিল আধাডুখৰীয়া৷ হলিৰাম ঢেকিয়াল ফুকনে লাচিত বৰফুকনে গুৱাহাটী নগৰৰ চাৰিওফালে প্ৰতিৰক্ষা বেষ্টনী উন্নীতকৰণতে লাচিতৰ ভূমিকাৰ সমাপ্তি ঘটাইছে-
“পরে তাঁহার পিতৃব্যাত্মজ রাজা হইয়া ১৫৮৬ শকে অভিষেকান্তর চক্ৰধ্বজ সিংহ নামে খ্যাত হইলেন৷ তিনি লাচিৎ বড়ফুক্কন দ্বারা গুয়াহাটীর গড় ও প্ৰাকার প্ৰস্তুত করাইলেন ” ৷৩
বোধকৰোঁ হলিৰাম ঢেকিয়াল ফুকনে লাচিত
বৰফুকনৰ বিষয়ে ইমানখিনিয়েই জানিছিল৷ শৰাইঘাটৰ বিষয়ে তেওঁৰ হাতত কোনো তথ্য নাছিল৷ ঔপনিৱেশিক কালত
দিন পাৰ হোৱাৰ লগে লগে লাচিত বৰফুকন সম্পর্কে বিশদভাৱে নহ’লেও এটা-দুটাকৈ আৰু তথ্য
পোহৰলৈ আহিবলৈ ধৰিলে৷ ১৮৪৪ খ্ৰীষ্টাব্দত শিৱসাগৰৰ আমেৰিকান ব্যপ্টিষ্ট মিছন প্ৰেছৰ
পৰা কাশীনাথ তামুলী ফুকনে লিখা এখন বুৰঞ্জী প্ৰকাশ পায়৷ ৪ কাশীনাথ তামুলী ফুকনে
শৰাইঘাটৰ যুদ্ধ আৰু লাচিত বৰফুকনৰ বিষয়ে ক’ৰবাৰ পৰা তথ্য গোটাই কিছু কথা লিখে৷ কিন্তু
কাশীনাথৰ বুৰঞ্জীখন আছিল একেবাৰে ক্ষুদ্ৰকায়৷ তাত সৰহ কথা সন্নিৱিষ্ট কৰাটো সম্ভৱ নাছিল৷
তথাপি তেওঁ হাতী মাৰি ভুৰুকাত ভৰাবলৈ যত্নৰ ক্ৰুটি কৰা নাছিল৷ তেওঁ লিখিছিল—
“পাচে ১৫৯১ সঁকত ৯ লাখ ফৌজেৰে ৰাজা ৰাম্সিংহক জুধলৈ পঠালে; সৰাই ঘাটতে প্ৰধান জুধ ল৷ পাচে মোমাই তামুলি বৰ বৰুআৰ পুত্ৰ লাচিত বৰ ফুকন হৈ গৈ, বঙ্গালৰ ৰন জিকি খেদি নি, মানহাত সিমা কৰি, হাদিৰাত ঐ সঁকতে চকি ঘাট নিবন্ধ কৰিলে৷-”৫
কাশীনাথ
তামুলী ফুকনৰ বুৰঞ্জী প্ৰকাশৰ কিছুকাল পাছতে হৰকান্ত সদৰামিনে যুগুতাই উলিওৱা অসম বুৰঞ্জীখনতো
কাশীনাথ তামুলী ফুকনৰ কথাখিনিয়েই সামান্য সালসলনি কৰি লিখি উলিওৱা হৈছিল৷ হৰকান্ত সদৰামিনে
লিখিছিল—
“গৌহাটীৰ শৰাইঘাটতে প্ৰধান
যুদ্ধ হ’ল৷ এই যুদ্ধতে খাবৰ সামগ্ৰী ঢুকুৱাত কামৰূপী কোন সৈন্য ক্ষুধাতুৰ হৈ ঘোঁৰা
কাটি ওঢেকোৰা কুকুৰ কাটি খালে৷ পাছে মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰ লাচিত বৰফুকন হৈ গৈ
ৰণ কৰাত জিনি খেদি নি মানাহ নদীত সীমা কৰি হাদিৰাত ঐ ১৫৯১ শকতে চকী-ঘাট নিৱন্ধ কৰিলে৷”৬
লাহে লাহে
ঔপনিৱেশিক প্ৰশাসনে নিজৰ উদ্যোগত পুৰণি বুৰঞ্জীসমূহ সংগ্ৰহ কৰা আৰু প্ৰকাশ কৰাৰ কাম
আৰম্ভ কৰাত লুকাই থকা শৰাইঘাটৰ ৰণ আৰু লাচিত বৰফুকনৰ কথাবোৰ বাহিৰ ওলাবলৈ ধৰিলে৷ ঔপনিৱেশিক
শাসনকালত আহোম ৰজা চন্দ্ৰকান্ত সিংহৰ চতুর্থ সন্তান ঘনকান্ত সিংহ যুৱৰাজ সপৰিয়ালে গুৱাহাটীত
বাস কৰিছিল৷ তেওঁৰ তত্ত্বাৱধানত বহুকাল আগৰেপৰা এখন সাঁচিপতীয়া বুৰঞ্জী পুথি সংৰক্ষিত
আছিল৷ ঘনকান্ত সিংহ স্বর্গী হোৱাৰ পাছত পুথিখন তেওঁৰ পত্নী মাহিন্দ্ৰী দেৱীৰ হাতত পৰিল৷
১৮৯৪ খ্ৰীষ্টাব্দত অসমৰ চীফ কমিছনাৰ ছাৰ চার্লছ লায়েলে অসমৰ পুৰণি সাঁচিপতীয়া পুথিবোৰ
সংগ্ৰহ কৰি সংৰক্ষণৰ সিদ্ধান্ত লয়৷ সেই সময়ৰ অসমৰ কৃষি আৰু ৰাজস্ব বিভাগৰ অধ্যক্ষ ছাৰ
এডোৱার্ড গেইটৰ নেতৃত্বত এনে পুৰণি পুথি সংগ্ৰহ অভিযানটো চলিছিল৷ আমি উল্লেখ কৰা মাহিন্দ্ৰী দেৱীৰ হাতৰ সাঁচিপতীয়া
পুথিখন ৰায়বাহাদুৰ ভুৱনৰাম দাসে ৰজাঘৰৰ পৰা নি গেইটৰ হাতত দিয়ে৷ ছাৰ গেইটে তেতিয়া কলিকতাত
উচ্চশিক্ষা শেষ কৰি ঘৰলৈ ঘূৰি অহা ডেকা হেমচন্দ্ৰ গোস্বামীক সেই পুথিখনৰ নকল এটা প্ৰস্তুত
কৰাৰ লগতে ইংৰাজীলৈ অনুবাদ কৰিবলৈ দায়িত্ব দিয়ে৷ হেমচন্দ্ৰ গোস্বামীয়ে অতি সোনকালেই
কামটো সমাপণ কৰি পুথিখনৰ নকল আৰু ইংৰাজী অনুবাদটো গেইটৰ হাতত প্ৰদান কৰে৷ উক্ত অনুবাদটোৰ
পৰা গেইটে তেওঁৰ History of Assam গ্ৰন্থ ৰচনাৰ সময়ত প্ৰভূত সহায় পাইছিল বুলি নিজেই
Report on the progress of Historical Research in Assam শীর্ষক টোকাটোত স্পষ্টকৈ উল্লেখ
কৰিছিল৷৭ এইখিনিতে আহি পৰে
আচল ৰহস্যৰ কাহিনী৷ গেইটে এইখন বুৰঞ্জীৰ পৰা তথ্য গ্ৰহণ কৰা বুলি স্বীকাৰ কৰিলেও সেই
তথ্য নির্বাচিত আছিল৷ উক্ত বুৰঞ্জীত লাচিত বৰফুকন আৰু শৰাইঘাটৰ যুদ্ধৰ বিষয়ে ভালেকেইটা
পৃষ্ঠাত সবিশেষ বর্ণনা থাকিলেও ৰহস্যজনক কাৰণত গেইটে সেইখিনি এৰি গ’ল৷ গেইটৰ এই বৌদ্ধিক
অসততাৰ উদ্দেশ্য কি আছিল আজি জনা সম্ভৱ নহয়৷ মাহিন্দ্ৰী দেৱীৰ হাতত থকা বুৰঞ্জীখনৰ
হেমচন্দ্ৰ গোস্বামীয়ে কৰা নকলটো অসম চৰকাৰৰ মহাফেজখানাতে বহুদিন ধৰি পোহৰৰ মুখ নেদেখাকৈ
লাচিতক বুকুত লৈ পৰি থাকিল৷
সময় গৈ থাকিল৷
ইতিমধ্যে হেমচন্দ্ৰ গোস্বামীয়ে সাঁচিপতীয়া পুথিৰ অনুসন্ধান অব্যাহত ৰাখি ১৯১২-১৩ খ্ৰীষ্টাব্দত
উত্তৰ গুৱাহাটীৰ সুকুমাৰ মহন্ত নামৰ লোকজনৰ ঘৰৰ পৰা অন্য এখন সাঁচিপতীয়া পুথি বুৰঞ্জী
আৰু পুৰাতত্ত্ব বিভাগলৈ সংগ্ৰহ কৰি আনিলে৷৮
এই পুথিখনতে শৰাইঘাট আৰু লাচিত বৰফুকনৰ বিষয়ে সকলোতকৈ বিতং বর্ণনা আছে৷ দুর্ভাগ্যজনকভাৱে
সেই সাঁচিপতীয়া পুথিখনো অপ্ৰকাশিতভাৱে ঔপনিৱেশিক চৰকাৰৰ গন্ধীয়া ভঁৰালত পৰি থাকিল৷
হয়তো লাচিত
বৰফুকন আৰু বহুদিন আন্ধাৰতে থাকিলহেঁতেন৷ কিন্তু তেতিয়া নতুনকৈ গঠিত হোৱা বেচৰকাৰী প্ৰতিষ্ঠান
কামৰূপ অনুসন্ধান সমিতিয়ে প্ৰথমবাৰৰ বাবে কোনো বুৰঞ্জী পুথি ছপা আকাৰে প্ৰকাশ কৰিবলৈ
সিদ্ধান্ত কৰিলে৷ সমিতিয়ে প্ৰথম পদক্ষেপ হিচাপে হেমচন্দ্ৰ গোস্বামীয়ে প্ৰস্তুত কৰাৰ
প্ৰতিলিপিটোকে প্ৰকাশৰ দিহা কৰে৷ অৱশেষত ১৯২২ খ্ৰীষ্টাব্দত মাহিন্দ্ৰী দেৱীৰ হাতত থকা
সাঁচিপতীয়া পুথিখনে “পুৰণি অসম বুৰঞ্জী” নামেৰে
ছপাৰূপ পালে৷৯ এইখনেই
হ’ল কোনো মধ্যযুগীয়া বুৰঞ্জীৰ প্ৰথমটো ছপাৰূপ৷
দীর্ঘদিনৰ অজ্ঞাতবাসৰ পাছত অৱশেষত “পুৰণি অসম বুৰঞ্জী”ৰ ছপাৰূপৰ যোগেদি পাহৰণিৰ
গর্ভৰ পৰা লাচিত বৰফুকন পোহৰলৈ আহে৷ কিন্তু সেই সময়ত অসমত বৌদ্ধিক সমাজ বুলিবলৈ বিশেষ
একো নাছিলেই৷ গতিকে লাচিতৰ পুনৰাৱিষ্কাৰত কোনো বিশেষ খলকনিৰ সৃ্ষ্টি নহ’ল৷
লাচিতৰ এই
পুনৰাৱিষ্কাৰত উৎফুল্লিত হৈ ড০ সূর্যকুমাৰ ভূঞাই এক বিশেষ বৌদ্ধিক পদক্ষেপ
গ্ৰহণ কৰিলে৷ ১৯৩৫ খ্ৰীষ্টাব্দত পুণেত অনুষ্ঠিত
Indian History Congress ৰ অধিৱেশনত “Lachit Barphukan: A great Assamese
Contemporary of Shivaji Maharaja and the successful ontagonist of the Mughal
General Raja Ram Singha of Amber” শীর্ষক এখন গৱেষণাপত্ৰ পাঠ কৰিলে৷ অসমৰ বাহিৰত সেয়াই
লাচিত বৰফুকন আৰু শৰাইঘাটৰ যুদ্ধ সম্পর্কে প্ৰচাৰৰ প্ৰথম প্ৰয়াস৷ কিন্তু সেইখন আছিল
এক সৰু বৌদ্ধিক সন্মিলন৷ গতিকে লাচিত বৰফুকনে সর্বভাৰতীয় পর্যায়ত বিশেষ প্ৰভাৱ পেলাব
নোৱাৰিলে৷
লাহে লাহে
লাচিত বৰফুকনৰ সম্পর্কে আৰু নতুন তথ্য ওলাবলৈ ধৰিলে৷ আনন্দৰাম গোহাঁই নামৰ ব্যক্তিজনৰ
পৰা সংগ্ৰহ কৰা এখন মধ্যযুগীয়া সাঁচিপতীয়া পুথি গুৱাহাটীৰ আমেৰিকান ব্যেপ্টিষ্ট মিছনত
সংৰক্ষিত আছিল৷ শৰাইঘাটৰ যুদ্ধ আৰু লাচিত বৰফুকনৰ বিষয়ে সবিশেষ বর্ণনা থকা উক্ত পুথিখন
শৰৎ কুমাৰ দত্তৰ সম্পাদনাত ১৯৩৮ খ্ৰীষ্টাব্দত প্ৰকাশ পায়৷১০ তাৰ পাছত
১৯৪৫ খ্ৰীষ্টাব্দত ড০ সূর্য্যকুমাৰ ভূঞাৰ সম্পাদনাত সুকুমাৰ মহন্তৰ ঘৰত
পোৱা বুৰঞ্জীখন প্ৰকাশ পায়৷ সুকুমাৰ মহন্তৰ ঘৰত পোৱা বুৰঞ্জীখনতে সকলোতকৈ বিস্তৃতভাৱে
লাচিত বৰফুকন আৰু শৰাইঘাটৰ যুদ্ধৰ বর্ণনা আছে৷১১ এই তিনিখন বুৰঞ্জী প্ৰকাশ হোৱাৰ পাছতহে অসমৰ চালুকীয়া বৌদ্ধিক
সমাজ আৰু সর্বসাধাৰণ ৰাইজে শৰাইঘাটৰ যুদ্ধ আৰু লাচিত বৰফুকনৰ বিষয়ে জানিবলৈ সক্ষম হয়৷
সেই সময়লৈকে প্ৰকাশিত সকলো তথ্যপাতি গোটাই ড০ সূর্য্যকুমাৰ ভূঞাই ১৯৪৭ খ্ৰীষ্টাব্দত
ভাৰত স্বাধীন হোৱাৰ বছৰতে লাচিত বৰফুকন সম্পর্কীয় প্ৰথমখন বিশদ বিশ্লেষণমূলক গ্ৰন্থ
Lachit Barphukan and His Times লিখি উলিয়ায়৷ ১২
ড০
ভূঞাৰ প্ৰচেষ্টাত থকা আন্তৰিকতাৰ সত্ত্বেও ই আছিল এক ব্যক্তিগত বৌদ্ধিক প্ৰচেষ্টা৷
এনে প্ৰচেষ্টাৰ ব্যাপকতা অতি সীমিত৷ সেয়ে লাচিত বৰফুকন স্বাধীনোত্তৰ কালতো এক সীমিত
বৌদ্ধিক পৰিসৰত আৱদ্ধ থাকিল৷ অসমত জাতীয়তাবাদী ধাৰাবোৰ বিকাশ হোৱাৰ সময়তে
অসমীয়া মানুহে জাতীয় চেতনাক উজ্জীৱিত কৰিব পৰা কিছুমান সৱল প্ৰতীকৰ প্ৰয়োজনবোধ কৰিছিল৷ শৰাইঘাটৰ ৰণ আৰু লাচিত বৰফুকনক অসমীয়া জাতীয়তাবাদৰ সৱল প্ৰতীক হিচাপে দাঙি ধৰাৰ কেইবাটাও সুবিধা আছিল৷ লাচিতৰ প্ৰতিপক্ষ কোনো স্থানীয় লোক হোৱাৰ পৰিৱর্তে আছিল সুদূৰ দিল্লীৰ মোগল বাদশ্বাহৰ প্ৰতিনিধি৷ গতিকে নতুনকৈ গঠন হ’বলৈ ধৰা অসমীয়া জাতিৰ একতাৰ প্ৰতীকৰূপে সহজেই লাচিত বৰফুকনে নিজৰ সঠিক স্থান পালে৷ কিন্তু এই স্থান ব্ৰহ্মপুত্ৰৰ দুইপাৰেই আৱদ্ধ থাকিল৷
লাচিত বৰফুকনৰ পুনৰাৱিষ্কাৰৰ দিন ধৰি বহুখিনি ইতিহাসৰ আগ্ৰহী লোকৰ মাজত উঠা প্ৰশ্নটো আছিল শৰাইঘাটৰ যুদ্ধ আৰু লাচিতৰ সেইকালত প্ৰকৃততে কিবা প্ৰাসঙ্গিকতা আছিলনে? নে অসমীয়া জাতীয়তাবাদৰ স্বার্থত শৰাইঘাট আৰু লাচিতক মহিমামণ্ডিত কৰা হৈছে৷ কাৰণ সুদুৰপ্ৰসাৰী প্ৰাসঙ্গিকতা থাকিবলৈ হ’লে ব্যক্তিজন লিখিত ইতিহাসৰ পাতৰ পৰা ওলাই লোককথা, কিম্বদন্তী আৰু অনাঐতিহাসিক নথিপত্ৰত স্থান পাব লাগিব৷ আমি লাচিতৰ ক্ষেত্ৰত সেয়া বিচাৰি নাপাওঁ৷
আজিৰ পৰা
কুৰি বছৰ মান আগতেই প্ৰয়াত ড০ প্ৰণৱজ্যোতি ডেকাৰ লগত কথা পাতি থাকোঁতে বুৰঞ্জীৰ
বাহিৰত লাচিতৰ কোনো অৱস্থান বিচাৰি নোপোৱাৰ প্ৰসঙ্গটো টানি আনি লাচিত আৰু শৰাইঘাটৰ
প্ৰকৃত গুৰুত্ব সম্পর্কে প্ৰশ্ন তুলিছিলোঁ৷ ড০ ডেকাই তেখেতৰ চিৰাচৰিত শ্লেষৰ
হাঁহিটো মাৰি কৈছিল—“বিচাৰিছিলি জানো?” কথাটো মিছা নহয়৷ তেতিয়ালৈকে বুৰঞ্জীৰ বাহিৰত
লাচিতক নিজে বিচাৰি চোৱা নাছিলোঁ৷ গতিকে বিচাৰিবলৈ সিদ্ধান্ত ল’লোঁ৷ এতিয়া আমি ক’ব
পৰা হৈছোঁ যে লাচিত বৰফুকন আৰু শৰাইঘাটৰ অৱস্থিতি বুৰঞ্জীৰ বাহিৰতো আছিল৷ সেই অৱস্থিতি
কিংবদন্তী, লোককথা বা ধর্মীয় সাহিত্যত আমি বিচাৰি পাওঁ৷ এই কথাই প্ৰমাণ কৰে তদানীন্তন
সময়ত লাচিত বৰফুকনৰ গুৰুত্ব অসীম আছিল, কিন্তু প্ৰণালীৱদ্ধভাৱে লাচিতৰ নাম নোহোৱা কৰি
দিবলৈ লাচিতৰ মৃত্যুৰ পাছতে কোনো কোনো সক্ৰিয় হৈ উঠিছিল৷ বুৰঞ্জীৰ পাতৰ বাহিৰত লাচিতৰ
উপস্থিতিৰ আমাৰ হাতত আহি পৰা প্ৰমাণবোৰ দাঙি ধৰিবলৈ প্ৰয়াস কৰা হ’ল৷
২০০৩ চন
মানৰ কথা৷ নাজিৰাৰ ওচৰৰ ন-মাটি সত্ৰৰ সত্ৰাধিকাৰ অচ্যুত চন্দ্ৰ গোস্বামীক ডাঙৰীয়াক
(বর্তমান প্ৰয়াত) লগ ধৰিছিলোঁ৷ আমি খবৰ পাইছিলোঁ তেখতৰ হাতত এবিধ পুৰণি সম্পদ সংৰক্ষিত
আছে৷ কথা-বতৰাৰ অন্তত তেখেতে আমাৰ আগত অতি সুন্দৰ সূক্ষ্ম কাৰুকার্য কৰা হাতীদাঁতেৰে
নির্মিত এখন পিঠি খজুৱাবলৈ ব্যৱহাৰ কৰা ৩০ ছেণ্টিমিটাৰ মান দৈর্ঘ্যৰ হাত আৰু এটা আহোম
ৰাজ্যৰ প্ৰতীক উৰণীয়া সিংহ খোদিত থকা এটা ৰূপৰ আঙঠি প্ৰদর্শন কৰিলে৷ ৰূপৰ আঙুঠিটো
অস্বাভাৱিকভাৱে ডাঙৰ আছিল৷ ইমান ডাঙৰ আঙুলি থকাটো কল্পনা কৰাটো টান৷ অচ্যুত চন্দ্ৰ
গোস্বামীয়ে দাবী কৰামতে লাচিত বৰফুকনে সত্ৰলৈ বুলি উক্ত হাতখন আৰু নিজে পিন্ধি থকা
ৰূপৰ আঙঠিটো দান কৰিছিল৷ অচ্যুত চন্দ্ৰ গোস্বামীৰ দাবীটোৰ কিমান সত্যতা আছে আমি নাজানো৷
কিন্তু ৩৫০ বছৰ জুৰি প্ৰচলিত হৈ থকা কাহিনীটোৱে বুৰঞ্জীৰ বাহিৰত লাচিতৰ উপস্থিতিৰ এক
সবল প্ৰমাণ দাবী কৰে৷
উনবিংশ শতিকাৰ গুৱাহাটীৰ ফটাশিল অঞ্চলত লাচিত বৰফুকনৰ ৰণজয়ৰ শিলালিপি উদ্ধাৰ
হৈছিল৷ লাচিত বৰফুকনৰ ৰণজয়ৰ শিলালিপিৰ ড০ মহেশ্বৰ নেওগে উদ্ধাৰ কৰা পাঠ
হ’ল-
“স্বস্তি সকল কলাপালিঙ্গিত কলেৱৰ ৱিৱিধ ৱিদ্যা ৱিদ্যোতিতাস্তৰণ কলি-কলুষ-ৱিনিৰ্মু১০ক্ত-কমনীয়-গুণ-গ্ৰামাভিৰাম-প্ৰতাপোজ্জল গজ ৱাজি সেনাধিপঃ পৰম ধৈৰ্য্য মৰ্যাদা শৌৰ্য্য গাম্ভীৰ্য্য পৰাৱাৰঃ শ্ৰীবড়বড়ুৱাত্মজ নামজানি শ্ৰীবৃহৎফুক্কনঃ জিত্বা যৱন সংগ্ৰামং ৱিৱিধ শস্ত্ৰাদি গজ ৱাজি সেনাপতি প্ৰাৰম্ভিম্বিৰেজ ৰন্ধ্ৰ ৱজ্ৰ ৱাণ চন্দ্ৰ শক্কালযুতং গত বৰষাণি৷৷” ১৩
বহুতৰ দৰে
লাচিত বৰফুকনৰ ৰণজয়ৰ এই শিলালিপিখন শৰাইঘাটৰ যুদ্ধৰ বুলি আমিও ভাবিলেও এইখন তাৰ আগৰ
ইটাখুলিৰ ৰণৰ শিলালিপি হোৱাৰ সম্ভাৱনা অধিক বুলি আমি ভাবোঁ৷ তথাপি এইখন লাচিত বৰফুকনৰ
শিলালিপিয়ে বুৰঞ্জীৰ বাহিৰত লাচিতৰ উপস্থিতিৰ এক সবল প্ৰমাণ দিয়ে৷
তাৰ পাছতো শৰাইঘাটৰ যুদ্ধ আৰু লাচিত বৰফুকক মালিতা, গীত
বা অন্য কোনো সাহিত্যত উল্লেখ বিচাৰি আমাৰ অভিযান চলি থাকিল৷ বহু নথি-পত্ৰ চলাথ কৰাৰ পাছত বুৰঞ্জী সাহিত্যৰ বাহিৰত লাচিত বৰফুকনৰ বিষয়ে আমি জনা প্ৰথমটো উল্লেখ চকুত পৰিল৷ ১৭২১
খ্ৰীষ্টাব্দ মানত ৰচিত হোৱা “গুৰু চৰিত কথা”ত লাচিত বৰফুকনৰ বিষয়ে আছে এনেদৰে-
“লাচিতক বৰফুকন পাতি বঙ্গাল খেদি গুৱাহাটি পাতিছে”—গুৰু চৰিত কথা, পৃষ্ঠা ৩০৷১৪
শৰাইঘাটৰ যুদ্ধ হৈছিল ১৬৭১ খ্ৰীষ্টাব্দত৷ শৰাইঘাটৰ যুদ্ধৰ প্ৰায় ৫০ বছৰৰ ১৭২১ পাছত চক্ৰপাণি আতৈয়ে লাচিত বৰফুকনৰ বিষয়ে এই শাৰীটো লিখিছিল৷ অর্থাৎ ৫০ বছৰীয়া ব্যৱধানেও
লাচিতৰ স্মৃতিক ম্লান কৰিব পৰা নাছিল৷
শৰাইঘাটৰ যুদ্ধৰ ১২৮ বছৰৰ পাছত ১৭৯৯ খ্ৰীষ্টাব্দ মানত জয়নাৰায়ণ বিৰচিত “ৰামগোপাল চৰিত”ত লিখিলে-
“ৰামগোপালৰ আতি আনন্দিত মন৷
ভৃতয় কর্ম্মক কৈলা শ্ৰীৰাম নন্দন ৷২১৯৷৷
অনন্তৰে শুনিয়োক কৰি একমন৷
জেনমতে ভক্ত ভৈল লাচিত ফুকন৷৷
কলিয়া বৰত থাকৈ মহাসুদ্ধ মতি৷
সমস্ত লোকৰ উয়া সিটো অধিপতি৷৷২২০৷৷
ফুকন সকলে জাৰ আজ্ঞাক পালয়৷
বৃহত ফুকন বুলি জগত কহয়৷৷
… …
তাৰ মন পুৰিলাহা প্ৰভূ ৰামানন্দ৷
বৰফুকনৰ মনে মিলিল আনন্দ৷৷
… …
আতপৰে সজাইলাহা লাচিত ফুকন৷
ভেদেলি ভণ্ডাৰে সত্ৰ কৰি বিতোপন৷৷”-১৫
শ্ৰীশ্ৰী আহঁতগুৰি সত্ৰৰ ৰামানন্দদেৱৰ ওচৰত লাচিত বৰফুকনে শৰণ লৈছিল বুলি জয়নাৰায়ণ ৰচিত ৰামগোপালৰ চৰিতত উল্লেখ আছে৷ লাচিত বৰফুকনে শ্ৰীশ্ৰী আহঁতগুৰি সত্ৰৰ ৰামানন্দদেৱৰ ওচৰত শৰণ ল’বও পাৰে, নল’বও পাৰে৷ কিন্তু গুৰুত্বপূর্ণ কথা হ’ল শৰাইঘাট যুদ্ধৰ ১২৮ বছৰৰ পাছতো ৰজাঘৰৰ বাহিৰত লাচিতৰ নাম লৈ গৌৰৱ কৰা লোক সমাজত আছিল৷
যোৱা ২০২৪
চনত প্ৰকাশিত “লাইধন খাঁ” নামৰ উপন্যাসখনৰ চালিকা শক্তিও আছিল নতুনকৈ আৱিষ্কৃত এটা
মালিতা৷ শৰাইঘাটৰ যুদ্ধ সম্পর্কীয় মালিতাটোৰ
অধিকাংশই সময়ৰ সোঁতত লোপ পালে৷ উদ্ধাৰ হোৱা অংশটো হ’ল এনে ধৰণৰ-
“লাইধন বোপাটি মূৰতে কিৰিটী
বঙালক বধিলি ৰণত
বাছুৱৈ ফৈদৰ নাম উজলালি
সর্গদেউ খুছি হ’ল মনত”১৬
মালিতাত
শৰাইঘাটৰ ৰণৰ কাহিনীয়ে ইয়াৰ ব্যাপকতা আৰু প্ৰভাৱ সূচায় যদিও ইতিমধ্যে বর্ণিত ঘটনাক্ৰমৰ
পৰা কেইবাটিও দিশ পোহৰলৈ আহে৷
শৰাইঘাটৰ
যুদ্ধৰ ৮৪ বছৰৰ পাচত ১৭৫৫ খ্ৰীষ্টাব্দত জিন ব্যাপ্টিষ্ট চেভেলিয়াৰে স্বর্গদেউ ৰাজেশ্বৰ সিংহক লগ কৰাৰ সময়ত তেওঁক মীৰজুমলাৰ আক্ৰমণৰ
বিষয়ে জনালে
কিন্তু শৰাইঘাটৰ ৰণৰ বিষয়ে একো নজনালে৷ অথচ শৰাইঘাটৰ যুদ্ধৰ
১২৮ বছৰৰ পাছতো বুৰঞ্জীৰ বাহিৰত কোনো কোনোৱে লাচিতৰ নামৰ ঐতিহ্যৰ উত্তৰাধিকাৰ দাবী
কৰি আছিল৷ গেইটৰ হাতত লাচিত বৰফুকন আৰু শৰাইঘাটৰ যুদ্ধ সম্পর্কীয় সকলো তথ্য হেমচন্দ্ৰ
গোস্বামীয়ে যুগুতাই দিছিল৷ অথচ গেইটে তেওঁৰ ইতিহাসখনত লাচিত আৰু শৰাইঘাটক ইচ্ছাকৃতভাৱে
উপেক্ষা কৰিলে৷ লাচিতক নোহোৱা কৰাৰ এই প্ৰচেষ্টাবোৰৰ
গুৰি উদ্ধাৰ কৰা এতিয়া আৰু সম্ভৱ নহয়৷ সুখৰ খবৰ, কেইবা শ বছৰীয়া বছৰীয়া উপেক্ষা-অপেক্ষাৰ
অন্ত পেলাই ২০২২ খ্ৰীষ্টাব্দত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ উদযাপনে লাচিতক
এটা সর্বভাৰতীয় চিনাকী দিলে৷ কিন্তু এনে প্ৰচেষ্টাবোৰ ধাৰাবাহিক হোৱাৰ লগতে বিদ্যায়তনিক
আৰু জনপ্ৰিয় দুইদিশতে চলি থকাটো বাঞ্ছনীয়৷
তথ্যসূত্ৰ :
১. Caroline Dutta-Baruah, Adventures of of Jean-Baptist Chevalier in Eastern India
(1752-1765), LBS Publications, Guwahati, 2008, p. 32
২. Parabaik
M.S, No.955, National Library of Myanmar
৩. লক্ষ্মীনাথ
তামুলী (সম্পা), হলিৰাম ঢেকিয়াল ফুকন ৰচনাৱলী, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী, ২০০৫, পৃষ্ঠা ২৭,
৪. ড০
সূর্য্য কুমাৰ
ভূঞা (সম্পা), হৰকান্ত বৰুৱা সদৰামিনৰ অসম
বুৰঞ্জী,
বুৰঞ্জী আৰু
পুৰাতত্ত্ব বিভাগ, অসম
চৰকাৰ, গুৱাহাটী, ২০১০, চতুর্থ সংস্কৰণ, পৃষ্ঠা ১
৫. কাসিনাথ তামুলি ফুকন, আসাম বুৰন্জি পুথি, ইন্দ্ৰবংসি আসাম মহাৰজা সকলৰ
বিবৰন,
reprinted and published by Authority, Calcutta, Printed at the Majumdar Press,
155, Bow Bazar Street, ১৯০৬, পৃষ্ঠা ৪০
৬. ড০
সূর্য্যকুমাৰ
ভূঞা (সম্পা), হৰকান্ত বৰুৱা সদৰামিনৰ অসম
বুৰঞ্জী, পূর্বোক্ত, পৃষ্ঠা ৪৯
৭. পণ্ডিত শ্ৰীহেমচন্দ্ৰ (গোস্বামী, (সম্পা)(১৯৭৭)পুৰণি অসম বুৰঞ্জী, লয়ার্চ বুক ষ্টল, পাণবজাৰ, গুৱাহাটী, ১৯৭৭, পৃষ্ঠা ৵
৮. শ্ৰী সূর্য্যকুমাৰ ভূঞাঁ (সম্পা): অসম বুৰঞ্জী (সুকুমাৰ মহন্তৰ ঘৰত
পোৱা), বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, অসম চৰকাৰ, গুৱাহাটী, ১৯৮৮, পৃষ্ঠা III
৯. পণ্ডিত শ্ৰীহেমচন্দ্ৰ (গোস্বামী, (সম্পা), পুৰণি অসম বুৰঞ্জী, পূর্বোক্ত, পৃষ্ঠা ৵৽
১০. শৰৎ কুমাৰ
দত্ত (সম্পা), অসম বুৰঞ্জী, বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, গুৱাহাটী, ১৯৯১, পৃষ্ঠা
XIII
১১. শ্ৰী সূর্য্যকুমাৰ ভূঞাঁ (সম্পা): অসম বুৰঞ্জী (সুকুমাৰ মহন্তৰ ঘৰত
পোৱা), বুৰঞ্জী আৰু পুৰাতত্ত্ব
বিভাগ, অসম চৰকাৰ, গুৱাহাটী, ১৯৮৮, পৃষ্ঠা ১০০-১০৩
১২. S.
K. Bhuyan, Lachit Barphukan and His Times, Department of History and
Antiquarian Studies, Guwhati, 1947
১৩. ড০ মহেশ্বৰ নেওগ (সম্পা), প্ৰাচ্য শাসনাৱলী, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী-৩, ১৯৭৪, পৃষ্ঠা ২১
১৪. নেওগ, ড০ মহেশ্বৰ (সম্পা), গুৰুচৰিত কথা, বিশ্ববিদ্যালয় প্ৰকাশন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়,
২০০৩, পৃষ্ঠা
৩০
১৫. দুগ্ধচন্দ্ৰ গোস্বামী (সম্পা),
জয়নাৰায়ণ কৃত ৰামগোপাল চৰিত, শ্ৰীশ্ৰী আঁহতগুৰি বৰসত্ৰ, মাজুলী, ফাকুৱা গাঁও, ২০১৬, পৃষ্ঠা, ৫৭, ৫৮
১৬. পুলিন কলিতা, ২০২২, লাইধন খাঁ, বনলতা, পানবজাৰ, গুৱাহাটী-১
.jpg)
