কবি আৰু সমালোচক হিচাপে এক
স্বকীয় পৰিচয়ৰ অধিকাৰী আছিল অধ্যাপক কবীন ফুকন। ইফালে সমালোচক আৰু অনুবাদক হিচাপে
বিশেষভাৱে পৰিচিত এজন তীক্ষ্নধী ব্যক্তি অধ্যাপক প্ৰদীপ আচাৰ্য্য৷ কবীন ফুকনৰ ‘এনেকৈয়ে দিন এনেকৈয়ে ৰাতি’,
‘কোনে
কয় নুপুৱায় আউসীৰ ৰাতি’, ‘এই অনুৰাগী এই উদাস’ আদি কাব্যগ্ৰন্থ, ‘কবিতাৰ জুতি বিচাৰি’-ৰ দৰে সমালোচনা গ্ৰন্থ যিদৰে
অসমীয়া সাহিত্যৰ পাঠকৰ আদৰৰ,
সেইদৰেই
অধ্যাপক আচাৰ্য্যই বছা বছা অসমীয়া কবিতাক দিয়া ইংৰাজী ৰূপো বিশেষভাৱে উল্লেখযোগ্য।
অনুবাদ কিমান সৃষ্টিশীল হ’ব পাৰে, সেয়া পাঠকে উপলব্ধি
কৰিব পাৰে কবি হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ তেওঁ কৰা অনূদিত ৰূপৰ সংকলন The Ancient Gongs-ত। এনে দুজন
ব্যক্তিয়ে যদি আধুনিক কবিতাৰ বিষয়ে মুখামুখিকৈ কথা পাতে? পিছে আজি আমাৰ মাজৰ পৰা
শাৰীৰিকভাৱে আঁতৰি গৈছে কবি ফুকন। অধ্যাপক আচাৰ্য্য আৰু কবি ফুকনৰ ‘সাক্ষাৎকাৰভিত্তিক এক কাব্যালোচনা’ প্ৰকাশ পাইছিল অধুনালুপ্ত শ্ৰীময়ী আলোচনীৰ ১৯৯৩ বৰ্ষৰ ১–১৫ জুন সংখ্যাত। উক্ত
কথোপকথনৰ ছপা ৰূপটো আজিও প্ৰাসঙ্গিক বুলি অনুভৱ কৰি অধ্যাপক আচাৰ্য্যৰ অনুমতি
সাপেক্ষে ‘অন্যযুগ’-ৰ পঢ়ুৱৈ সমাজলৈ পুনৰাই আগ বঢ়োৱা হ’ল। সদাশয় পঢ়ুৱৈসকলৰ জ্ঞাতাৰ্থে
জনাওঁ, কথোপকথনৰ প্ৰথম প্ৰসঙ্গ
আছিল সেই বছৰৰে জানুৱাৰি মাহত দিল্লীত অনুষ্ঠিত এখন সৰ্বভাৰতীয় কবি সন্মিলনত কবি
ফুকনে অংশগ্ৰহণ কৰি লাভ কৰা অভিজ্ঞতা।
– সম্পাদনা কক্ষ, ‘অন্যযুগ’
প্ৰদীপ আচাৰ্য্য: প্ৰথমতে আপোনাক এটা কথা সোধোঁ। আপুনিতো সৰ্বভাষা কবি সন্মিলনত যোগ দি তাত অসমীয়াৰ লগতে আমাৰ সংবিধানে স্বীকৃতি দিয়া প্ৰায়বিলাক ভাষাৰেই কবিতা শুনিলে। অনুবাদতেই হওক আৰু, ধ্বনিৰ ফালৰ পৰাতো মূল ভাষাৰ মূল শব্দতো কবিতাকেইটা শুনিছে। গতিকে অসমীয়া কবিতা আৰু আমাৰ ভাৰতীয় পৰম্পৰাতে প্ৰাদেশিকভাষী কবিতাখিনিৰ লগত বিষয়বস্তু বা আঙ্গিক এই দুয়ো বিষয়ত মিল বা অমিল নিজৰ প্ৰত্যক্ষ অভিজ্ঞতাৰে কি দেখিলে সেই বিষয়ে অলপ ক’ব নেকি?
কবীন ফুকন: ভাৰতবৰ্ষৰ সকলো ঠাইৰে, সকলো প্ৰাদেশিক ভাষাৰে কবি
তাত আছিল। আৰু প্ৰত্যেকেই প্ৰথমে নিজ নিজ ভাষাত কবিতা পাঠ কৰি শুনাইছিল। আৰু এটা
ভাষাত কবিতা পাঠ কৰাৰ ঠিক পাছতেই হিন্দী ভাষাত তাৰ অনুবাদ পাঠ কৰি শুনোৱা হৈছিল।
আচাৰ্য্য: আচ্ছা সেই হিন্দী অনুবাদত পাঠ কৰি দিছিল তাতে? আপুনি নিজৰ শব্দখিনি বিচাৰি পাইছিলনে বাৰু নিজ কবিতাটোত?
ফুকন: মই এটা কথা স্বীকাৰ কৰিব লাগিব যে হিন্দী ভাষাৰ জ্ঞান মোৰ খুব ভাল নহয়। কিন্তু শব্দবোৰ মই বুজি পাইছোঁ। আৰু কবিতাৰ যিটো ধ্বনিগুণ আছে সেই গুণটো প্ৰকাশ পাইছিল বুলি মোৰ ধাৰণা হয়। আৰু মানুহজনে কবিতাটোৰ ঠিক ভিতৰলৈ সোমাই গৈ সময়ত আক্ষৰিক অনুবাদ নকৰি অলপ সৃষ্টিশীল অনুবাদ কৰি বোধকৰোঁ মানে মোটামুটিভাৱে মই ক’ব পাৰোঁ যে মোৰ কবিতাটো অনুবাদৰ ক্ষেত্ৰত মোৰ ওজৰ বা আপত্তি একো নাই।
আচাৰ্য্য: আচ্ছা আপুনি এটা কথা ক’লে– হয়তো অকণমান দূৰলৈ গুচি যোৱা হ’ব, সৃষ্টিশীল অনুবাদ বুলি যে আপুনি ক’লে সেই বিষয়টো অলপমান আপুনি বহলাই ক’ব নেকি?
ফুকন: মোৰ এটা বিশ্বাস আছে যে অনুবাদ কথাটো যথেষ্ট আহুকলীয়া। প্ৰথম কথাটো হ’ল যে যিকোনো কথাৰ আক্ষৰিক অনুবাদ কৰিব পাৰি আৰু কোনো সময়ত অনুবাদ আক্ষৰিক নকৰি সৃষ্টিশীল কৰিব পাৰি। এতিয়া কথাটো হ’ল কি যে, যদি প্ৰকৃততে অনুবাদ আক্ষৰিকো হয় আৰু তাৰ লগে লগে যদি সৃষ্টিশীলো হয়, মই ভাবোঁ যে সেইটোৱে আটাইতকৈ উত্তম বা অনুপম অনুবাদ হ’ব লাগে। কিন্তু সময়ত এনেকুৱা হয় যে দুটা ভাষাৰ কালিকা ইমানেই বেলেগ যে এটা ভাষাৰ পৰা অইন এটা ভাষালৈ কৰা অনুবাদ সম্পূৰ্ণ আক্ষৰিক হ’লে যথেষ্ট অসুবিধা হয়। কবিতাটোৰ ভাবাৰ্থ, ভাববস্তু হয়তো বিকৃত হৈ যোৱাৰ ভয় থাকে। সেইফালৰ পৰা বিশেষকৈ কবিতাৰ অনুবাদৰ ক্ষেত্ৰত যিহেতু অনুবাদ কৰোঁতে আমি অৰ্থৰ অনুবাদ কৰিব লাগে আৰু তাৰ লগতে এটা ভাষাত যিটো ধ্বনিব্যঞ্জনা আছে, সেই ধ্বনিব্যঞ্জনাৰ পৰিৰ্ৱতে অন্য এটা ভাষাত এটা সুকীয়া ধ্বনিব্যঞ্জনাৰ সৃষ্টি কৰিব লাগে। গতিকে এইটো ঠিক অনুবাদৰ কথা নহয়। আক্ষৰিক অনুবাদ কবিতাৰ সম্পূৰ্ণ অৰ্থত সম্ভৱ কেতিয়াও নহয়। কাৰণ অৰ্থ অনুবাদৰ লগতে ধ্বনিব্যঞ্জনাৰো এটা অনুবাদ হ’ব লাগিব আৰু এই ধ্বনিব্যঞ্জনাৰ যিটো অনুবাদ তাতেই মই ভাবোঁ যে অনুবাদকৰ সৃষ্টিশীলতাটো আহিব।
আচাৰ্য্য: আপুনি যিটো কবিতা পঢ়িছিল, মই জনামতে অন্তঃসত্ত্বা।
ফুকন: হয়। অন্তঃসত্ত্বা৷
আচাৰ্য্য: তাৰ এটা স্বকীয় ধ্বনি আছে। সেই ধ্বনিটো
যদি হিন্দী বা আন ভাষালৈ বা ইংৰাজীলৈ স্থানান্তৰিত কৰিব পাৰি, তেতিয়া নিশ্চয়
সাৰ্থক বা আপুনি কোৱাৰ দৰে সৃষ্টিশীল অনুবাদ হ’ব পাৰে। আপুনি আমাক মৌলিক অসমীয়া কবিতাটো এবাৰ পঢ়ি শুনাব
নেকি?
ফুকন: হয় নিশ্চয়। অন্তঃসত্ত্বা। মই এটা কথা ভাবোঁ
যে মই কবিতাটো পঢ়োঁতে তাত দিল্লীত যিসকল শ্ৰোতা পাইছিলোঁ, তেওঁলোকে মোৰ কবিতাৰ শব্দবোৰ বুজা নিশ্চয় নাছিল। মই বুজা
বুলি ধৰিবলৈকো কোনো কাৰণ নাছিল,
কিন্তু
মোৰ ধাৰণা যে মই পঢ়ি যাওঁতে মোৰ ধ্বনিৰ কথাখিনি যি ধৰণৰ, মই পঢ়ি যোৱা ধৰণেৰে মই আঙুলিয়াই দি যাবলৈ যত্ন কৰিছিলোঁ– কণ্ঠৰ স্বৰেৰে বা কণ্ঠৰ
উঠা-নমাৰে– সেইটো তেওঁলোকে কিছু
উপলব্ধি কৰিছিল বা সেইটো তেওঁলোকৰ নজৰলৈ আহিছিল বুলি, মানে কাণত বাজিছিল বুলি মোৰ ধাৰণা। তাৰ পাছত যেতিয়া তাৰ হিন্দী
অনুবাদ পঢ়ি শুনোৱা হয়, যিহেতু মোৰ
ধ্বনিব্যঞ্জনাৰ এটা অনুবাদ তেওঁ কৰিছিল, সেই ধ্বনিব্যঞ্জনা কিন্তু তেওঁলোকে বেছি পোনপটীয়াভাৱে বেছি
তাৎক্ষণিকভাৱে উপভোগ কৰিছিল বুলি মোৰ ধাৰণা হৈছিল।
আপুনি কোৱাৰ ধৰণেৰে মোৰ কবিতাটো পঢ়ি শুনাইছোঁ—
অন্তঃসত্ত্বা
আজি হেনো ধৰিত্ৰী
কঁপিব
নুসুধিবা সোণ,
আজি নিশা, প্ৰলয়ৰ নিশা
জন্মিব কোন
কৃষ্ণ নে কংস
কুন্তী নে কল্কি
নুসুধিবা তুমি
জন্মিবনে কলিৰ
বিকৰ্ণ...
আমি বহু দিন বাট
চালোঁ
সুদীৰ্ঘ প্ৰতীক্ষাত
আমি ভাগৰি পৰিলোঁ।
সময়ৰ শুকুলা ঘোঁৰাত
উঠি
চেঁকুৰিলে অগণন কুচুট
গোমোঠা দশক
সংশয়েৰে, প্ৰতীতিৰে
প্ৰায় যেন প্ৰথম
নিশাৰ হেঁপাহেৰে
আমি সুধিছিলোঁ। আমি
ভাবিছিলোঁ
তোমাৰো আমনিয়েই লাগিব
বুলি,
সুধিছিলো: নাহিবনে
উভতি বাৰু
কুলি কেতেকী বুলবুলি?
এই বেলি পুহৰ উমত
গলিবনে
তেজৰ ঠেৰেঙা নৈ?
প্ৰতীক্ষাৰ ক্লান্তিত
ইমান দিনেচোন
শীতৰ উমেও আমুৱালেগৈ
আমি বহু দিন বাট
চালোঁ
আমাৰ চকুত চিলমিল
আমেজ লাগোঁতে
অজানিতে অহা তোমাৰ খোজৰ
ইমানত
চৰাইবোৰ উৰি আহিল।
সিহঁতকে কোৱাঁচোন
ভাকুটকুটাই আমাক জগাই
দিবলে
এতিয়াই, অচিৰেই এই অনন্ত কালত
আমাক যে কত কি লাগে
অন্ন লাগে,
আগে বস্ত্ৰ,
অস্ত্ৰ লাগে,
লাগে আমাক মহাৰণৰ
মন্ত্ৰ!
হে মাতৃ! জন্মদাতৃ!
আমাক লাগে শীত শৰতৰ
সপোন ৰাগিৰ শেষ,
আমাক লাগে নৱ জন্মৰ
নিৰ্ম্মম নাঙঠ বেশ!
জন্ম মৃত্যু উভয়েই
হেনো তপত তেজৰ অৱশেষ।
দুগালেদি বাগৰিছে গলি
যোৱা সীহ।
নিশ্চয় মাতৃৰ
শুকান আধাৰ চুপি
সেয়াচোন
সেয়াচোন নিয়তিৰ ওঁঠ!
উদং চকু ভাল নেলাগে
বিচক্ষণ মৃত্যুৰ অশ্লীল
ধুনপেচ!
নুসুধিবা তুমি
জন্মিবনে কলিৰ
বিকৰ্ণ...
নুসুধিবা সোণ,
আজি নিশা প্ৰলয়ৰ নিশা
জন্মিব কোন...
আচাৰ্য্য: ইয়াত আপুনি মৃত্যুক বিচক্ষণ বুলি কৈছে। এই ধৰণৰ সমালোচনাত্মক মনোভাব, বিশেষকৈ যিটো আপুনি পৰস্পৰবিৰোধী কিছুমান চিত্ৰকল্পৰে প্ৰকাশ কৰিছে, যেনেকৈ ‘শীতৰ উম’ বা ‘তেজৰ ঠেৰেঙা নৈ’। এই ধৰণৰ কথা বিষয়বস্তু বা আঙ্গিকৰ ফালৰ পৰা আন যিখিনি হিন্দী অনুবাদ বা মৌলিক কবিতা আপুনি শুনিলে, তাত এনে ধৰণৰ ভাব বা আঙ্গিকৰ ব্যৱহাৰ হৈছেনে, নে সেই কবিতাসমূহ সম্পূৰ্ণ সুকীয়া?
ফুকন: মোৰ দিল্লীত যি সীমিত অভিজ্ঞতা হ’ল তাৰ পৰা ধাৰণা হৈছে যে কবিতাৰ এক সৰ্বভাৰতীয় ভাববস্তু গঢ় লৈছে। সেই বিষয়ে ক’ব পাৰি যে ভাববস্তুৰ বেলিকা মিল বেছি। মালায়ালাম, তামিল বা অসমীয়া বা বঙ্গদেশৰ কবিৰ কবিতাত ভাববস্তুৰ বেলিকা মিল যথেষ্ট স্পষ্ট। কাৰণ একে ধৰণৰ আখ্যান-উপাখ্যানৰ ওপৰত ভেঁজা দি আমি আধুনিক কবিতা ৰচিছোঁ। মহাভাৰতৰ কোনো এটা আখ্যান-উপাখ্যান হয়তো লৈছোঁ। ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈ বিয়পি থকা জাতীয় ঐতিহ্য, পৰম্পৰা আৰু অভিজ্ঞতাৰ যি অভিন্নতা সেয়া নিশ্চয় কবিতাত সোমাই পৰিছে। যিহেতু আমাৰ সৰ্বভাৰতীয় সমসাময়িক ভাৰততো (এই ঐতিহ্য) চলি আছে, গতিকে আমাৰ অভিজ্ঞতাৰ প্ৰতি সঁহাৰিও মানৱতাৰ দৃষ্টিকোণৰ পৰা বহু দূৰ একেই।
আচাৰ্য্য: কিছু সমগোত্ৰীয় হ’ব?
ফুকন: সমগোত্ৰীয় নিশ্চয় হয়। গতিকে ভাববস্তুৰ বিষয়ত মই আচলতে মিলহে বেছি দেখিলোঁ। অৱশ্যে মই এইখিনি সীমিত অভিজ্ঞতাৰ পৰাহে কৈছোঁ। আঙ্গিকৰ বেলিকা আধুনিক কবিতাত শ্লেষৰ ব্যৱহাৰ যথেষ্ট বাঢ়িছে আৰু প্ৰায়বিলাক কবিতাত মই যিমান দূৰ বুজিব পাৰিলোঁ— শ্লেষৰ ব্যৱহাৰ। অৰ্থাৎ কথাটো ঠিক পোনপটীয়াকৈ কৈ নিদি অলপ আওপকীয়াকৈ কোৱা আৰু তাৰ জৰিয়তে ৰসৰ সৃষ্টি কৰাৰ প্ৰৱণতা প্ৰাদেশিক কবিতাৰ ভাষাতো বা কাব্যতো সোমাই পৰিছে। কিন্তু পাৰ্থক্যও আছে। আৰু পাৰ্থক্য বিশেষতঃ মোৰ চকুত পৰিল যে কবিতা আচলতে কথন কিন্তু কবিতা অকল কথানো নহয়, কবিতা পঠনো। ভাল পাঠ নহ’লে কবিতা কেতিয়াও পূৰ্ণ নহয়। আমাৰ কবি হীৰেন ভট্টাচাৰ্যই বোধকৰোঁ এই কথাটো এবাৰ ক’ৰবাত লিখিছিল। পাঠেহে কবিতাক পূৰ্ণ কৰে— এনে ধৰণে। এই কথাত মই সম্পূৰ্ণ বিশ্বাসী। বোধকৰো কোনো কবিয়েই এই বিষয়ত দ্বিমত নহ’ব। যোৱা ২৩ জানুৱাৰিত দিল্লীত শুনা কবিতা অনুষ্ঠানটিৰ পৰা মোৰ অভিজ্ঞতা হ’ল যে শ্ৰোতাৰ সমুখত কবিতা পৰিৱেশন কৰাৰ বেলিকা প্ৰাদেশিক পৰম্পৰাবোৰৰ মাজতো পাৰ্থক্য আছে।
আচাৰ্য্য: এই সৰ্বভাৰতীয় পৰম্পৰাৰ পৰা আমি আপোনাৰ কবিতাৰ দুটামান কথালৈ আহোঁ। শ্লেষৰ কথা আপুনি ক’লেই– সেয়া আপুনিও যথেষ্ট ব্যৱহাৰ কৰিছে। বিশেষকৈ আপোনাৰ এটা কবিতাৰ শ্লেষে মোক আকৃষ্ট কৰিছিল। আপোনাৰ প্ৰথমখন সংকলনৰ ‘এনেকৈয়ে দিন এনেকৈয়ে ৰাতি’ৰ ‘মায়া’ কবিতাটিয়ে। ‘মায়া’ কবিতাটিত থকা শ্লেষ আৰু তাৰ লগতে আপোনাৰ ইতিহাসচেতনা— এই দুয়োটা বস্তুক একেলগে চাব পাৰি নেকি?
ফুকন: নিশ্চয় পাৰি।
আচাৰ্য্য: ‘মায়া’ কবিতাটি পঢ়ি দিব নেকি?
ফুকন: কিছু নিশ্চয় পাৰি। মই প্ৰথমতে এটা কথা ক’ব বিচাৰিছোঁ যে কবি হিচাপে মই কেতিয়াও দাৰ্শনিক হ’ব নোৱাৰোঁ বা বুৰঞ্জীকাৰ হ’ব নোৱাৰোঁ। কিন্তু কবিতাত মই দৰ্শনৰ অনুভূতিক প্ৰকাশ কৰিব পাৰোঁ বা তাত দাৰ্শনিক জ্ঞানৰ কাব্যিক অনুভূতিক প্ৰকাশ কৰিব পাৰোঁ। ঠিক তেনেকৈ ইতিহাস হিচাপে মই ইতিহাসৰ চৰ্চা কৰিব নোৱাৰোঁ। কিন্তু ইতিহাসৰ কাব্যৰূপ মই দিব পাৰোঁ, মানে ইতিহাসৰ দৰ্শনৰ যিটো কাব্য ৰূপ, তাক দিয়াৰ মই চেষ্টা কৰি আছোঁ। মোৰ বাবে ইতিহাস আচলতে অতি গুৰুত্বপূৰ্ণ। মানে ব্যক্তিগত চিন্তা পদ্ধতি মই এতিয়ালৈকে যি ধৰণে শিকি-বুজি লৈছোঁ বা আহৰণ কৰিছোঁ, তাৰ ভিত্তিত ক’ব পাৰোঁ যে ইতিহাসৰ সম্পৰ্কে ধ্যান বা ধাৰণা মোৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। অভিজ্ঞতা বঢ়াৰ লগে লগে বা বয়স বঢ়াৰ লগে লগে এনেকুৱা এটা সিদ্ধান্তত উপনীত হ’বলৈ বাধ্য হৈছোঁ বুলিয়ে কওঁ যে ইতিহাসে আচলতে কেতিয়াও আমাক গা এৰা নিদিয়ে। ইতিহাস এটা অতীতৰ টোপোলা নহয়— ক’ৰবাত পৰি আছে আমি সহজতে বুটলি ল’ব পাৰোঁ, পঢ়িব পাৰোঁ, চিন্তা কৰিব পাৰোঁ, তাৰ পৰা শিকিব পাৰোঁ। ইতিহাস আচলতে ছাঁৰ দৰে বৰ্তমান আমাৰ গাতেই লাগি আছে আৰু সদায় ভৱিষ্যতৰ ফালে টোঁৱাই আছে। গতিকে আজি এনেকুৱা এটা সময়ত আমি উপনীত হৈছোঁ, য’ত আমাৰ উপৰিপুৰুষৰ দৰে সহজভাৱে আমি ঈশ্বৰবিশ্বাসী হ’ব নোৱাৰোঁ। ইতিহাসত বিশ্বাস কৰাটো ঈশ্বৰবিশ্বাসৰ এটা বিকল্প হিচাপে মোৰ আগত উপস্থিত হৈছে।
আচাৰ্য্য: তাৰমানে ঈশ্বৰৰ মৃত্যু হোৱাৰ পাছত নতুনকৈ ঈশ্বৰ
সৃষ্টি কৰিবলগীয়া হয়। আধুনিক কবিৰ কাৰণে বা সাহিত্যিকৰ কাৰণে আপোনাৰ ইতিহাসচেতনাৰ
বিষয়ে সুধিম আৰু আপুনি কোৱা কথাৰ পৰা আৰু দুটা কথা সুধিম। ইতিহাসৰ চৰ্চা কবিতাত
কৰিব নোৱাৰে বা আপুনি দৰ্শন পঢ়িছে তাৰ প্ৰতিক্ৰিয়াৰ চৰ্চাও ইয়াত নহয়। কিন্তু আপুনি
যি ধৰণে কৈছে তাৰ কাব্যিক প্ৰকাশ অৰ্থাৎ কবিতাত মননশীলতা। কিন্তু আপুনি ইংৰাজী
সাহিত্যৰ অধ্যাপক আৰু মই জনামতেতো এলিয়টৰ বিষয়ে আপুনি গৱেষণা কৰিছে। তাৰ সূত্ৰ
টানি এটা কথা সোধোঁ এলিয়টে কৈছিল যে আপুনি প্ৰেমতে পৰক বা স্পিন’জাই পঢ়ক বা জোতাৰ ফিটাই মাৰক
(পিছৰ কথাটো মই সংযোজন কৰি দিছোঁ আমাৰ বাস্তৱৰ পৰা)— এই গোটেইখিনি সংশ্লেষণত যি সৃষ্টি হয়, সেয়ে হয়তো সাৰ্থক কবিতা হ’ব আৰু এজন উৎকৃষ্ট পাঠকৰ
কাৰণে প্ৰতিটো অভিজ্ঞতা আছুতীয়া অভিজ্ঞতা হৈ নাথাকে গোটেইখিনি স্ৰষ্টাৰ alchemy-ৰ যোগেদি নতুন এক অভিজ্ঞতাৰ
ৰূপ লয়।
ফুকন: সংশ্লেষণ হয়।
আচাৰ্য্য: সংশ্লেষণ হয়। সেই বিষয়বোৰক
আলম কৰিহে মই এই দুটা একেলগে চোৱাৰ কথা কৈছিলোঁ। আপোনাৰ ‘ইতিহাস আৰাধনা’ আৰু ‘মায়া’ শ্লেষ আৰু ইতিহাস। সেই কথাখিনি আকৌ
অকণমান ক’ব নেকি?
ফুকন: ‘মায়া’ কবিতাটো...।
আচাৰ্য্য: কবিতাটো গাই দিলে আমাৰ পাঠকৰ সুবিধা হ’ব।
ফুকন: ‘মায়া’ কবিতাটো লিখোঁতে, মই ভাবোঁ যে আমাৰ অসমীয়া সাম্প্ৰতিক জীৱনত দেখা দিয়া কিছু ব্যৰ্থতাৰ কথা মোৰ মনত আছিল। এই ব্যৰ্থতা— সাম্প্ৰতিক আমাৰ জাতীয় জীৱনৰ ব্যৰ্থতা— ইয়াৰ পম খেদি আচলতে আমি ইতিহাসলৈ চাব লাগিব। আমাৰ পৰম্পৰাত কিছু বস্তুৰ অভাৱ মোৰ চকুত পৰে যেনে– চিন্তাৰ পৰম্পৰা, দাৰ্শনিক চিন্তাৰ পৰম্পৰাৰ অভাৱ। আমাৰ বুৰঞ্জী সাহিত্য আছিল কিন্তু ইতিহাসৰো এটা দৰ্শন আছে। সকলোৰে কাৰণে ইতিহাস একে বস্তু নহয়, এজন মাৰ্ক্সবাদীৰ কাৰণে ই এক ধৰণৰ, অনা-মাৰ্ক্সবাদীৰ কাৰণে ভিন্ন ধৰণৰ। ইতিহাস আচলতে এক কালিকা লগা ৰহস্যময় বিষয়। মানে কোনো সময়ত এনেকুৱা লাগে যেন ইতিহাস বৰ ক্ষমাশীল, দয়াশীল। কেতিয়াবা আমাৰ এনেকুৱা লাগিব পাৰে যে ইতিহাস বৰ নিৰ্দয়। অসমৰ সাম্প্ৰতিক জীৱনৰ কথা ভাবিলে মাজে মাজে অসমৰ ইতিহাসক মোৰ বৰ নিৰ্দয় যেন লাগে। ‘মায়া’ কবিতাটোত মই ঠিক তেনেকুৱা ধৰণৰ এটা কথাই ক’ব বিচাৰিছোঁ। যেন মায়াৰ বিভ্ৰমে আমাক বাস্তৱজ্ঞানবৰ্জিত কৰি ৰাখিলে। তাৰ কাৰণেই যেন আমাৰ বৰ্তমানৰ জাতীয় জীৱনলৈ বৰ বিপৰ্যয় নামি আহিল। তাৰ বাবে মই আনক দোষ দিব খোজা নাই। সেই ইতিহাসৰ চৌকাঠত মই মোক নিজক আৱিষ্কাৰ কৰিবলৈ বিচাৰোঁ। গতিকে এয়া আত্মানুসন্ধানৰ কথা ক’ব পাৰি। মোক নিজক বুজি পাবৰ কাৰণে মই মোৰ জাতিৰ ইতিহাস বুজিব লাগিব। আৰু ইতিহাস আচলতে সম্পূৰ্ণ নিৰ্দয়ভাৱে শ্লেষপূৰ্ণ আৰু তেনেকুৱা এটা ধাৰণা প্ৰায়ে মোৰ মনলৈ আহে আৰু ‘মায়া’ কবিতাটোত তেনেকুৱা ধৰণৰ এটা অনুভূতি আছিল বুলি মোৰ ধাৰণা হয়। কবিতাটো পঢ়ি শুনাইছোঁ—
মায়া
ক’ত জানো কেনেবাকৈ কিবা এটা ভুল হৈ গ’ল,
কি জানো বিপাঙত মননশূন্য হ’ল আৱেগ জঠৰ,
প্ৰাণৰ প্ৰাচুৰ্যক ফন্দিৰে নিলগাই মায়াসনা মৃত্যুকে
কৰিলা সাদৰ!
চকু মেলি থাকোঁতেই নাজানো কেনেকৈ দিঠক
সপোন হ’ল সপোন দিঠক,
ভ্ৰম ভুল-ভ্ৰান্তিৰ ধুঁৱলিত পাতিলাহি
অযুক্তি আৱেগৰ দীঘল বৈঠক!
মোহান্ধ দৃষ্টিত তেজীমলা মাহী আই মাহী আই তেজীমলা
হ’ল,
সোণ গুচি সীহ হ’ল, মাটিক কৰিলে মৰু অৱতাৰীসৱে, নকমালে সোণ,
পলৰীয়া পোহৰত আকাশত ওলমিল নিশ্চল দায়হীন দুপৰৰ
জোন!
মায়াই মোহাৰি থ’লে অসম্ভৱ স্বপ্নোদ্ভৱ
সিযুগৰে আশা,
বহাগৰ বাকৰিত গহৰা গজিল প্ৰতাৰিত দশকৰ দাৰুণ
হতাশা।
বিপ্ৰলব্ধা নায়িকাৰ নতুন নায়ক নিমাতে নিখোজ হ’ল,
কুঁৱলিৰ ওলোম-ধোলোমে ক’লেহি কাণত কোন দায়ী কৃষ্ণ নে কংস?
মুষলেৰে বাৰুণীৰে বাট হেৰুৱাই সৰ্বক্ষয়ী যদুকুল
হৈছে নিবংশ!
আচাৰ্য্য: বিপ্ৰলব্ধা নায়িকা, মননশূন্য, এই গোটেইখিনি কথাৰ পৰা আধুনিক
অসমীয়া কবিতাৰ বেলিকা মননশীল ধাৰা যে একেবাৰেই চালুকীয়া সেই কথা আপুনি উপলব্ধি
কৰিছে যেন লাগিছে। দেখা যায় এক ধৰণৰ মননশীল ধাৰা ১৯৫০ চন মানৰ পৰা আৰম্ভ হৈছিল আৰু
তাক কিছু টনকিয়াল কৰিছে কেইজনমান কবিয়ে আৰু এক ধৰণৰ গীতিধৰ্মী এক ধাৰা আছিল— তাৰো এক ধৰণৰ পৰিসমাপ্তি
ঘটিছে,
কিন্তু মননশীলতা আৰু গীতিধৰ্মিতাৰ মাজত কিবা বিৰোধ আছে নেকি?
ফুকন: মোৰ মতে থাকিব নালাগে। কবিতা আচলতে কবিতা হ’বলৈ হ’লে পদ্য হ’ব লাগিব। আৰু পদ্যই হ’ল গীতিধৰ্মিতাৰ ভেঁটি। গতিকে আধুনিক জীৱনৰ অভিজ্ঞতা— তাতো সঙ্গীত, গীতধ্বনি সম্ভৱ। মই ভাবোঁ যে ইংৰাজী সাহিত্যৰ বুৰঞ্জীত এলিয়ট বা য়েট্ছৰ মূল্য ঠিক সেইখিনিতে যে আধুনিক জীৱন কবিতাৰ বিষয়বস্তু হিচাপে সম্ভৱপৰ হয়নে নহয় ঠিক এনেকুৱা ধৰণৰ এটা প্ৰত্যাহ্বানৰ তেওঁলোক সন্মুখীন হ’বলগীয়া হৈছিল। এলিয়টৰ নিচিনা কবিয়ে আধুনিক জীৱনৰ অভিজ্ঞতাক কবিতাৰ মাজলৈ আনিলে। তাৰ লগে লগে কিন্তু সেই কবিতাক এক গীতিধৰ্মিতা, ধ্বনিময়তা দিলে— অন্ত্যমিলৰ যোগেদিয়ে হওক বা বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ যোগেদিয়ে হওক। বিৰোধ নিশ্চয় কিছু আছে কিন্তু এই বিৰোধৰ সংশ্লেষণেই আচলতে কবিতাৰ ধৰ্ম— বিপৰীতক একাকাৰ কৰি দিব পৰাটো; একেবাৰে অসংলগ্ন, একেবাৰে সম্পৰ্ক নোহোৱা অভিজ্ঞতা দুটাক লৈ একেটা পোহৰত চাব পৰাটো, ঠিক আঙ্গিকৰ বেলিকাও দুটা বিভিন্ন সূচনা কিন্তু দুটাৰ মাজত মিল একো নাই— সেই অমিলৰ মাজত মিলৰ সূচনা কৰিব পৰাটো মই ভাবোঁ যে কাব্যিক সৃষ্টিশীলতাৰ বাবে সদায় এক ডাঙৰ প্ৰত্যাহ্বান। ক’ল্ৰিজৰ পৰা আৰম্ভ কৰি সকলো তাত্ত্বিকে সেই কথা কৈ গৈছে।
আচাৰ্য্য: সেই কাৰণেই বোধকৰোঁ আপোনাৰ বেছিভাগ কবিতা
অন্ততঃ প্ৰথমখন সংকলনেৰে সকলো কবিতাই অন্ত্যমিল থকা— অন্ত্যমিল নথকাও আছে। তাৰ লগতে আপুনি ক’লে সাৰ্থক কবিতা হ’বলৈ হ’লে হয়তো ই প্ৰথমতে পদ্য হ’ব লাগিব— গীতিধৰ্মিতাৰ খাতিৰত, এলিয়টেও এই ধৰণৰ এটা কথা কৈছে
(আপুনি ভালকৈ ক’ব পাৰিব) হয়তো সাৰ্থক
কবিতা প্ৰথমতে সাৰ্থক গদ্য হ’ব লাগিব। সেই
গদ্যময়তাৰ লগততো সাঙ্গীতিক লয়ৰ যথেষ্ট দূৰত্ব। পদ্য সঙ্গীতৰ ওচৰ চাপে কিন্তু গদ্য
সেই সঙ্গীতৰ ওচৰ নাচাপে। গতিকে গদ্য হ’ব লাগিব এই কথাটো কিয় ক’লে?
ফুকন: গদ্যৰ এটা শৃঙ্খলা আছে। গদ্য বহু দূৰ আৱেগবৰ্জিত হোৱাৰ থল আছে। কিন্তু গদ্য যে সদায়ে যুক্তিবাদী তাৰ কোনো মানে নাই। গদ্যৰ বাক্যগাঁথনিৰ বেলিকা নিশ্চয় এটা শৃঙ্খলা আছে আৰু সভ্যতা আগ বঢ়াৰ লগে লগে গদ্যৰ বিকাশ অতি চকুত পৰা ধৰণে হৈ আহিছে।
আচাৰ্য্য: মই বিচাৰি ফুৰা কথা এটা ক’লে আপুনি। আপোনাৰ কবিতাই
বাক্যগাঁথনিৰ শৃঙ্খলা মানি চলে। এতিয়া দুই-এজন আমাৰ প্ৰতিষ্ঠিত কবিৰ
কবিতাত দেখিছোঁ তেওঁলোক আকৌ বাক্যগাঁথনিৰ
শৃঙ্খলালৈ ঘূৰি আহিছে। ডব্লিউ বি য়েট্ছৰ কথা ক’লে আপুনি। ইফালে এজ্ৰা পাউণ্ড বা টি এছ এলিয়ট
সকলোৱে বাক্যগাঁথনিৰ শৃঙ্খলা মানি চলে। এই মানি চলাটো খুবেই দৰ্কাৰী নেকি?
ফুকন: মই খুবেই দৰ্কাৰী বুলি ভাবোঁ। সেই কাৰণে আচলতে ফৰাচী প্ৰতীকবাদী প্ৰভাৱত— হয়তো প্ৰতীকবাদৰ তত্ত্বকথা ভালকৈ নুবুজাকৈ বাক্যগাঁথনিৰ এটা কিছু দূৰ চিন্তিত খেলি-মেলি অসমীয়া কবিতাৰ সূচনা এটা সময়ত হয়তো হৈছিল। হয়তো তাৰ পৰা কবিতাত এক ধৰণৰ সাঙ্গীতিক মূৰ্ছনা সোমাই পৰিছিল। পিছে কবিতা সাঙ্গীতিক হ’ব পাৰে, কিন্তু সঙ্গীত হ’ব নোৱাৰে। কবিতাত আচলতে পাঠকে অনুধাৱন কৰিব পৰা এটা ভাববস্তু থকাটো উচিত বুলি ভাবোঁ। কবিতাৰ কাৰণে সেইটো লাগতিয়াল বুনিয়াদ। যিহেতু কবিতা সভ্যতাৰ মাধ্যম আৰু সভ্যতাৰ এটা প্ৰকাশ— সভ্যতা যিহেতু গদ্য নিৰ্ভৰ, বিজ্ঞান (আৰু) যুক্তিবাদী চিন্তা যিহেতু গদ্যনিৰ্ভৰ আৰু আজি আমি পূৰ্বৰ মানুহৰ দৰে, উপৰিপুৰুষৰ দৰে কেতিয়াও সম্পূৰ্ণ আৱেগময় হ’ব নোৱাৰোঁ। আমি আচলতে এক ধৰণৰ অভিজ্ঞতাৰ মাজেদি সৰকি গৈছোঁ, এক ধৰণৰ দৈহিক-মানসিক পূৰ্ণতা আমি আহৰণ কৰিছোঁ আৰু এই কথাটোৰ পোহৰত আমি আচলতে এটা কথা খুউব ভালকৈ উপলব্ধি কৰোঁ— গদ্যৰ ঐশ্বৰ্যকো কাব্যৰ মাজলৈ অনাটো কাব্যৰ কাৰণে ভাল কথা। আচলতে কাব্য আৰু গদ্য— পদ্য আৰু গদ্য— এই দুয়োটাৰ আন্তঃক্ৰিয়া সদায় সকলো সময়তে এটা ভাষাত চলি থাকে। গতিকে এজন কবিয়ে আগৰ যুগৰ বা এতিয়াৰ কবিৰ পৰা শিকিব পাৰে সেইটো নহয়। আমাৰ কবিসকলে যদি আমাৰ গদ্যৰ পৰা শিকিবলৈ লয় বা গদ্যৰ শৃঙ্খলাক কবিতাৰ মাজলৈ আনে তেনেহ’লে কাব্য আৰু কবি উভয়ে উপকৃত হ’ব। ঠিক তেনেকৈ আমি ক’ব পাৰোঁ যে গদ্য কাব্যিকতাৰ ফল। কাব্যিকতাৰ সূচনা গদ্যতো কৰিব পাৰি। ইংৰাজ কবি ব্লে’কৰ কথা মই বিশেষকৈ ভাবোঁ বা অষ্টাদশ শতিকাৰ আলেকজেণ্ডাৰ পোপ বা ড্ৰাইডেন আদিৰ কবিতাক এসময়ত মানুহে কবিতা নহয় বুলি কৈছিল। তেওঁলোক আচলতে আমাৰ ডাঙৰ গদ্য লেখক– সমালোচনাৰ জৰিয়তে আমি বুজিব পাৰিছোঁ যে আলেকজেণ্ডাৰ পোপ কোনোগুণে কম কবি নহয়। কিন্তু তেওঁৰ কবিতা ক’লৰিজৰ কবিতাৰ নিচিনা নহয়। কাৰণ কবিতাটো এবিধ নহয়। আচলতে অসমীয়া সাহিত্যত বিশেষকৈ কাব্য সাহিত্যত এই উপলব্ধি কবিসকলৰ বা পাঠকসকলৰ যিমানে বাঢ়ে যে কবিতা আচলতে ভিন্ন ভিন্ন তেতিয়াহে মই ভাবোঁ যে গদ্য আৰু পদ্যৰ ফালৰ আন্তঃক্ৰিয়া আহি পৰিব আৰু কবিতা আৰু কবিসকল তাৰ পৰা উপকৃত হ’ব।
আচাৰ্য্য: দ্বিতীয় সংকলন ‘কোনে কয় নুপুৱায় আউসীৰ ৰাতি’-ৰ আগকথাত আপুনি লিখিছিল যে
কবিতা এক ধৰণৰ উৎকৃষ্ট চুপতি। মই সেই কথাটোলৈ আহিবৰ কাৰণে মননশীলতা আৰু গদ্যৰ
শৃঙ্খলাৰ পৰা আহিব বিছাৰিছোঁ। কথাষাৰ বহলাই ক’ব নেকি?
ফুকন: মানে কবিতা এক ধৰণৰ উৎকৃষ্ট চুপতি। আচলতে
কথাষাৰত এলিয়টৰ poetry is
a superior amusement-ৰ অকণমান প্ৰভাৱ আছে। এই কথাষাৰ এলিয়েটে কওঁতে মোৰ বোধেৰে কবিতাৰ
স্বাভাৱিক গুণতকৈও বৰ্তমান সমাজত সভ্যতাৰ বৰ্তমান স্তৰত কবিতাৰ প্ৰতি মানুহৰ যি
সঁহাৰি সেই বিষয়েহে বেছিকৈ ভবা যেন লাগে। আজি অসমত কবিতাৰ আদৰ নোহোৱা নহয়। হয়তো
কবিতাতকৈ কবিৰ আদৰ অলপ বেছি যিটো বৰ ভাল কথা নহয়। আজি অসমত কবিতাৰ আদৰ যি পৰ্যায়ৰ
বা মানৰ হ’ব লাগিছিল সেইটো ঠিক
হোৱা নাই বুলি মোৰ ধাৰণা। সেই কাৰণে মই ভাবোঁ যে এনে এক ক্ষেত্ৰত কবিতাৰ বিষয়ে
খুউব বেছি দাবী কৰিলে ভালতকৈ বেয়া হোৱাৰ ভয় বেছি। সেই কাৰণে প্ৰথম কথা মই নিজে
কবিতাৰ কাৰণে খুউব বেছি দাবী নিবিচাৰোঁ আৰু এলিয়টৰ ভঙ্গীৰে ঠিক মই ক’বলৈ বিচাৰিছোঁ যে কবিতা হৈছে
এটা উৎকৃষ্ট চুপতি। কবিতা কিছু চুপতি নোহোৱা নহয়, কাৰণ শব্দৰে আমি ধেমালি কৰোঁ আৰু শব্দৰে ধেমালি কৰাৰ গুণটো
কবিয়ে যদি পাহৰি যায় আৰু কবিয়ে যদি খুউব গভীৰ দাৰ্শনিক বিমূৰ্ত চিন্তাৰে কবিতা
লিখিবলৈ বিচাৰে মানুহে আমনি পাব। আমি বেজবৰুৱাৰ কথাকে
সুঁৱৰিছোঁ। আমাৰ অসমীয়া ভাষাত ভেৰাকুটীয়া সৃষ্টিৰ এটা পৰম্পৰা আছিল। কিন্তু আজি
অসমীয়া কবিতাত ধেমেলীয়া গুণটোৰ কিছু দৈন্য দেখা যায়। গতিকে কোনোবা কবিয়ে যাতে
চুপতিৰ জৰিয়তে আকৌ আমাক গভীৰ চিন্তাৰ মাজলৈ লৈ যায়। কাৰণ মই আগতে কোৱা কথাৰ লগত
সাঙুৰিব খুজিছোঁ যে বিপৰীতৰ মাজত এটা সংশ্লেষণ কবিতাৰ কাৰণে নিতান্তই প্ৰয়োজনীয়। কাৰণ চুপতি
কেতিয়াবা আচলতে অতি গহীন-গম্ভীৰ কথাতকৈও বেছি গহীন-গম্ভীৰ হ’ব পাৰে। কেতিয়াবা অতি
গহীন-গম্ভীৰ কথাও চুপতিতকৈও পাতল আৰু হাস্যৰসসম্পন্ন হ’ব পাৰে। চুপতিৰ কথা কওঁতে মোৰ শ্লেষপূৰ্ণতাৰ কথাটোও আছে। লগতে মই
বৰ্তমান অসমত কবিতাৰ অৱস্থানৰ বিষয়েও ভাবিছোঁ। কবিতাৰ জৰিয়তে যদি মানুহক কিছু
ধেমালি কৰিবলৈ দিব পাৰি— শব্দৰ ধেমালি বা
জীৱনৰ অন্য ধৰণৰ ধেমালি, তেতিয়া হয়তো মানুহ
কবিতাৰ প্ৰতি আৰু আকৰ্ষিত হ’ব। কাৰণ কবিতাৰ প্ৰতি
অসমীয়া পাঠক আৰু বেছি আকৰ্ষিত হোৱাটোত মোৰ নিজৰ এটা স্বাৰ্থ আছে। কেৱল কবি হিচাপেই
নহয়— অসমীয়া জাতীয়
পৰম্পৰাৰ লগত সংশ্লিষ্ট আৰু অসমীয়া জাতি, ভাষা-সাহিত্যক ভাল পোৱা
মানুহ হিচাপে মোৰ এটা স্বাৰ্থ আছে। অসমীয়া কবিতাৰ আদৰ বঢ়া মানে আচলতে অসমীয়া
পৰম্পৰাৰ প্ৰতি আদৰ বঢ়া। আচলতে (জাতীয়তাবোধৰ নামত) মানুহে হৈ-চৈ কৰাতকৈ জাতীয়তাবোধ
কামে-কাজে প্ৰকাশ পালে ভাল হয়। গতিকে অসমীয়া সাহিত্যৰ বিশেষকৈ কাব্যৰ উৎকৰ্ষ সাধন
হোৱাৰ বাবে এই ধৰণৰ এটা ধেমেলীয়া পৰম্পৰা অসমীয়া কবিতালৈ অহা উচিত। যিটো সৃষ্টি
কৰাত এতিয়ালৈকে মই নিজকে সাৰ্থক বুলি নাভাবোঁ। কিন্তু সেইটো মোৰ এটা লক্ষ্য। গতিকে
মই ভাবোঁ যে কবিসকলৰ মাজত যদি এটা সহৃদয় সংযোগ স্থাপিত হয়— বয়সীয়া কবিৰ ডেকা কবিৰ লগত বা ডেকা কবিৰ নিজৰ মাজত আৰু
অসমীয়া কাব্য পৰম্পৰাক লৈ যদি এটা সহদয় অধ্যয়ন হয় তেনেহ’লে অসমীয়া কাব্যজগত এতিয়া যি ধৰণে উৎসাহজনক— মই ভাবোঁ যে ভৱিষ্যতে অসমীয়া
কাব্যই আচলতে সকলো ভাৰতীয় কাব্য পৰম্পৰাৰ লগতে ফেৰ মাৰিবগৈ পাৰিব।