প্ৰাক্কথন :
ক’ভিড মহামাৰীৰ
ভয়াৱহতা ক্ৰমে ক্ৰমে পাতলি আহিছে। স্বাভাৱিক হ’বলৈ যত্ন কৰিও পৃথিৱীখন
স্বাভাৱিক হ’ব পৰা নাই, কাৰণ খুব কম সময়তে পৃথিৱীয়ে বহু কিবাকিবি
হেৰুৱাইছে। তথাপি জী থকাবোৰ তেতিয়াও জী আছে, যেন বাধ্য হৈ, উপায়ান্তৰ হৈ...।
তেনে হতাশাগ্ৰস্ত
কোনোবা এটা সন্ধিয়া কোনো প্ৰস্তুতি নথকাকৈ কথা পাতিছিল দুজন কবিয়ে, ফোনৰ যোগেদি।
কবি ৰাজীৱ বৰুৱাৰ প্ৰশ্নৰ উত্তৰ দি গৈছিল কবি অনুভৱ তুলসীয়ে। প্ৰশ্নকৰ্তা আছিল
কাহিলীপাৰাত, উত্তৰ দিওঁতাজন আছিল মালিগাঁৱৰ জয়ানগৰত। কথোপকথনখিনি অনাতাঁৰ যোগে
প্ৰচাৰো হৈ আছিল একে সময়তে।
কবি অনুভৱ তুলসীৰ
আকস্মিক বিয়োগে আমাক জোকাৰি পেলোৱা সময়তে ‘অন্যযুগ’ৰ যোগাযোগৰ ফলত কবি
ৰাজীৱ বৰুৱাৰ হাতত ৰেকৰ্ড হৈ থকা এই মূল্যৱান আলাপখিনিয়ে প্ৰকাশৰ মুখ দেখিব
খুজিছে। বাণীবন্ধিত ৰূপৰ পৰা লিখিত ৰূপলৈ অনা অনুজ কবি অংকুৰ ৰঞ্জন ফুকন বিশেষ
ধন্যবাদৰ পাত্ৰ।-সম্পাদনা কক্ষ। )
প্ৰশ্ন: কি কৰিছে অনুভৱদা ?
উত্তৰ: অলপ আগেয়ে খোজ কাঢ়ি আহিলোঁ। এতিয়া আন্ধাৰৰ সৈতে
মুখামুখিকৈ বহি আছোঁ ।
প্ৰশ্ন: আন্ধাৰৰ সৈতে মুখামুখি
হৈছে, তাৰ মানে পোহৰ আহিব ।
উত্তৰ: ওঁ...পোহৰৰ কামনা নাই ।
প্ৰশ্ন: এই যে অলপ আগেয়ে খোজ
কাঢ়ি আহিলে, খোজ কাঢ়ি থাকোঁতে
নিশ্চয় আপোনাৰ চিন্তাৰ জগতখনত বিভিন্ন ভাবৰ উক্ মুকনি হৈছে ।
উত্তৰ: নাই নাই। খোজ কাঢ়োঁতে বৰ
সাৱধানেৰে খোজ কাঢ়িব লাগে, মই ঘৰৰ ওপৰত কাঢ়োঁ
যে।
প্ৰশ্ন : মানে আপুনি বাহিৰত খোজ কঢ়া নাছিল! ঘৰৰ ছাদত খোজ কাঢ়ে?
উত্তৰ: হয়, নহলে উজুটি খাম আৰু পৰিলে হাড়-মূৰ ভাগি যাব। খোজ কাঢ়োঁতে মই বিশেষ কথা একো নাভাবো।
প্ৰশ্ন: অকল খোজ কাঢ়ে। ঠিক
কবিতাতো এনে ধৰণৰ মনসংযোগ বা অভিনিৱেশৰ প্ৰয়োজন হয়। খোজ কঢ়াৰ দৰে।
উত্তৰ : কবিতাত এই ধৰণৰ
অভিনিৱেশ নিশ্চয় লাগে, কিন্তু কবিতা এটা
দীৰ্ঘদিনীয়া প্ৰস্তুতিৰ পাছত হয়। ক'ব নোৱৰাকৈ কবিতাৰ বীজ ৰোপণ হয়।
প্ৰশ্ন : আপোনাৰ আগতে এনেকুৱাও
হৈছে যে স্কুটাৰখনৰ কিক্ মাৰোতেই কবিতাৰ শাৰী এটা আহি গৈছে। আপুনি স্কুটাৰখনৰ
ষ্টাৰ্ট বন্ধ কৰি শাৰীটো ক'ৰবাত লিখি থয়নে?
উত্তৰ : সেয়া কবিতা এটাৰ
বৰ্হিপ্ৰকাশৰ মুহূৰ্ত। মই স্কুটাৰখন বন্ধ নকৰোঁ, চলাই দিওঁ। সেইটো মই নিয়ন্ত্ৰণত ৰাখিব পাৰোঁ। কাম-বন কৰি উঠি, সেয়া বৈষয়িক বা সামাজিক যিয়েই নহওক, পাছত লিখি ৰাখোঁ।
প্ৰশ্ন : আপুনি পাহৰি নাযায়, এইটো বৰ ভাল গুণ। আমাৰ মনোজগতত বিচিত্ৰ ভাবৰ লীলা-মেলা চলি থাকে। পুৰণিৰ ওপৰত
নতুন ভাবৰ তৰপ পৰে। এই কাৰণেই কিবা শাৰী আহিলেও পাহৰি যোৱা হয়। আপুনি নাপাহৰে।
উত্তৰ : নাপাহৰিব লগা হ'লে মই নাপাহৰো ।
প্ৰশ্ন : আগতে আপুনি ৰাতিপুৱাহে
খোজ কাঢ়িছিল, আজিকালি সন্ধিয়া
কিয় খোজ কাঢ়িবলৈ ল'লে ?
উত্তৰ : পৃথিৱী সূৰ্য্যৰ
সন্তান। আমি মানুহবোৰ
সূৰ্যৰ সন্তান হ'ব পৰা গুণৰ অধিকাৰী হ'ব পৰা নাই। এই
কাৰণে মই হীনমন্যতাত ভোগোঁ। মই উদিত বা উৰন্ত সূৰ্যক মুখ দেখুৱাই খোজ নাকাঢ়োঁ।
প্ৰশ্ন : তাৰ মানে আপুনি
"দিন ৰাতিৰ দুৱৰী"?
উত্তৰ : মই দিন ৰাতিৰ দুৱৰী হ'ব পৰা নাই।
প্ৰশ্ন : "দিন ৰাতিৰ
দুৱৰী" কোন ?
উত্তৰ : মই নহয়।
প্ৰশ্ন : দিন ৰাতিৰ দুৱৰী
আপোনাৰ কবিতাৰ বিষয়ী নেকি ?
উত্তৰ : বিষয়ী হ'ব পাৰে।
প্ৰশ্ন : দুৱৰীজন দেখিবলৈ
কেনেকুৱা ?
উত্তৰ : মনৰ ভিতৰতে আছে, মই ইয়াক আকাৰ দিব পৰা নাই। ই
ৰাজীৱ বৰুৱাও হ'ব পাৰে, মোৰ প্ৰাথমিক বিদ্যালয়ৰ কোনো বিশেষ শিক্ষকো হ'ব পাৰে, চুবুৰীয়াও হ'ব পাৰে, শৈশৱৰ গীত বা বিশেষ অভিজ্ঞতাও হ’ব পাৰে, প্ৰকৃতি জগতৰ, কৰ্মজীৱনৰ অভিজ্ঞতাকো দুৱৰী সজাব পাৰি।
প্ৰশ্ন : মোৰ আকৌ কোনো দুৱাৰেই
নাই। সকলো অনায়াসে অহা-যোৱা কৰিব পাৰে।
উত্তৰ : দুৱাৰহীন সমাজ এখন
সপোনৰ সমাজ। আমি এখন বন্ধ সমাজত বাস
কৰোঁ, দুৱাৰহীন অৱস্থাত বাস কৰিব পৰা নাই।
প্ৰশ্ন : দুৱাৰ নাথাকিলেহে ঘৰৰ
ভিতৰলৈ সতেজ বতাহ চলাচল কৰিব পাৰে। প্ৰাকৃতিক ঘটনা আৰু দৃশ্যাৱলী ভালকৈ দেখা পাব
পাৰি। তেতিয়া আৰু দৃশ্যাৱলী জলমগ্ন হৈ নাথাকে। আপোনাৰ "চিহ্নযাত্ৰাৰ জলমগ্ন
দৃশ্যাৱলী"ত যিবোৰ দৃশ্য আছে, এই দৃশ্যাৱলী কি কি?
উত্তৰ : (হাঁহি) বহুতো দৃশ্যই
জলমগ্ন। আমাৰ মনৰ এটা অৱস্থা, যিটোক সচেতন অৱস্থা বুলি ক'ব নোৱাৰি। তাক
গভীৰতাৰ পৰা তুলি আনিবলৈ প্ৰয়াস কৰা যায়। সেই প্ৰয়াসৰে ফল আছিল জলমগ্ন
দৃশ্যাৱলী। এটা কবিতা আছে নহয়, চিহ্নযাত্ৰাৰ কেইটামান
জলমগ্ন দৃশ্যাৱলী।
প্ৰশ্ন : হয়। তাৰ কথাই কৈছোঁ।
আপুনি ধৰিব পৰিলে। আপুনি দৃশ্যাৱলী বাস্তৱত দেখা পাবলৈ বিচাৰে নে জলমগ্ন অৱস্থাত
দেখা পাব বিচাৰে- এগৰাকী কবি হিচাপে?
উত্তৰ : আমি যি শিল্পী মন লালন
কৰোঁ, গ্ৰহণ কথাটোৱেই শিল্পীৰ একমাত্ৰ
কথা নহয়। আমি সচেতন মনেৰে সেইবোৰ বাহ্যিক জগতৰ পৰা গ্ৰহণ কৰোঁ। তাৰ পাছত বেলেগ
ধৰণৰ গভীৰত থৈ দিয়া, থৈ পাহৰি যোৱা, তাৰ পাছত স্মৃতি হৈ উঠি অহা, এনে ধৰণৰ এটা
সুদূৰপ্ৰসাৰী, দীৰ্ঘকাল জোৰা
প্ৰক্ৰিয়া থাকে, সৃষ্টিশীল মনৰ। তাৰ পাছতহে স্মৃতিৰ পৰা উঠি আহিব পাৰে
আৰু তেতিয়াহে তাক শিল্পলৈ ৰূপান্তৰ কৰিব লাগে বুলি মই ভাবোঁ। থিতাতেই বাস্তৱ জগতৰ
পৰা এটা অভিজ্ঞতা লৈ, ৰিপ’ৰ্টাৰ এজনে যিটো কৰে, শিল্পীয়ে নকৰে। শিল্পী এজনে, কবি এজনে তাক বহু
ধৰণৰ ৰূপান্তৰ ঘটায়।
প্ৰশ্ন : নহ’লেতো বাতৰি কাকতৰ
প্ৰতিবেদন হৈ পৰিব। এই যে বাস্তৱৰ কথাটো ক'লে, "নাজমা" বাস্তৱৰ
ছবি আছিল ?
উত্তৰ : নাজমাত মই আমাৰ গাঁৱত
দেখা যিখন সমাজ, তাৰেই ছবি আঁকিছিলোX। তাতে মই নাজমা
নামৰ এটা চৰিত্ৰ উপস্থাপন কৰিছিলোঁ।
প্ৰশ্ন : চৰিত্ৰটো মানস প্ৰতিমা
নহয়, বাস্তৱৰ এটা চৰিত্ৰ যিগৰাকী এতিয়া আপোনাৰ জীৱন লগৰী ?
উত্তৰ : এশ শতাংশই শুদ্ধ নহয়।
হয়তো দুই-এটা কবিতাত মোৰ সহধৰ্মিনী আছে, যি তেতিয়া মোৰ
বান্ধৱী আছিল। মই মনেৰে গঢ়ি লোৱা এটা ৰূপ নাজমা।
প্ৰশ্ন : কিন্তু জুমুঠিটো
বাস্তবেই আছিল? আমি সদায় কল্পনাৰ
বাগিচাত থাকিলে নহ’ব। বিশ্বাসযোগ্য হ'বলৈ কোনোবা কবিয়ে
ক'বৰ দৰে কল্পনাৰ বাগিচাত সঁচা ভেকুলীও থাকিব লাগিব।
উত্তৰ: ভেকুলীবিলাক থাকিবই
লাগিব, নহ'লে কল্পনা হয় ক'ৰ পৰা!
প্ৰশ্ন : এটা আৰম্ভণি বিন্দু
লাগিবই?
উত্তৰ : নিশ্চয়, নিশ্চয়। নাজমাত দুই এটা প্ৰেমৰ কবিতা আছে , গোটেইবিলাক প্ৰেমৰ
কবিতা নহয়। তেতিয়া মোৰ প্ৰেয়সী নাছিলে। শ্ৰীমতী তেতিয়া বন্ধুহে আছিল।
প্ৰশ্ন : বাস্তৱত আপোনাৰ প্ৰেম
হোৱা নাছিল নেকি ?
উত্তৰ : প্ৰেম, প্ৰেম, প্ৰেম... খুব এটা হেৰি নহয়।
হৈছিলে প্ৰেম।
প্ৰশ্ন : প্ৰস্ফুটিত নহ’ল?
উত্তৰ : প্ৰস্ফুটিত হৈছিল কিন্তু
সেইবোৰ দীৰ্ঘস্থায়ী নহ'ল ।
প্ৰশ্ন : বৌৰ সৈতে প্ৰেম
হৈছিলনে? প্ৰস্ফুটিত হৈছিল?
উত্তৰ : সেইটো প্ৰস্ফুটিত হোৱাৰ
কথা নহয়। তেওঁলোকৰ পৰিয়ালৰ ফালৰ পৰা আহিল প্ৰস্তাৱটো। তাৰ পাছত ময়ো তেতিয়া
বেয়া নেদেখিলোঁ। গতিকে সম্পৰ্কটো হ'ল।
প্ৰশ্ন : আৰম্ভণি বোধহয় কিতাপ-পত্ৰ
বিনিময়ৰ যোগেদি হৈছিল?
উত্তৰ : হয়, হয়। কিতাপ-পত্ৰৰ বিনিময়
হৈছিল- কমকৈ। বিশেষকৈ ৰবীন্দ্ৰনাথৰ দুই-এখন কিতাপ মই তেওঁৰ পৰা পঢ়িছিলোঁ।
প্ৰশ্ন : কি কিতাপ, মনত আছেনে ?
উত্তৰ : তেওঁ মোক পঢ়িবলৈ দিছিল
ৰবীন্দ্ৰনাথৰ "শেষেৰ কবিতা" বোধহয় । পাছলৈ মই বিশ্বভাৰতীয়ে উলিওৱা
ৰবীন্দ্ৰ ৰচনাৱলীৰ ১৫ টা খণ্ড সংগ্ৰহ কৰিলোঁ।
প্ৰশ্ন: শুনিছোঁ সৰুকালত কোনোবা
জানৰ পানীত ডুবি আপোনাৰ প্ৰাণবায়ু উৰি যোৱা অৱস্থা হৈছিল। কি ঘটিছিল কওকচোন?
উত্তৰ : মোৰ তেতিয়া বয়স ৭/৮
বছৰ। সাঁতোৰ শিকা নাই। স্কুলৰ গৰম বন্ধত ঘৰৰ গৰুকেইটা খেদি ৰঙাগড়া জানৰ সিটো পাৰে
চৰাবলৈ নি আছিলোঁ। লগত অন্য গৰখীয়াও আছিল। জানটো পাৰ হ'বলৈ মই গৰু এটাৰ
নেজত ধৰি লৈছিলোঁ। এপাকত হাত খোলা গ'ল। মই জানৰ পানীত ককবকাই
আছিলোঁ। ওচৰতে জয়ৰাম শইকীয়া নামৰ, আমাতকৈ ডাঙৰ ল'ৰা এজন আছিল। তেওঁ মোক চুলিত
ধৰি পাৰলৈ টানি আনিলে।
প্ৰশ্ন : আপুনি পানী খালে ?
উত্তৰ: নাই।
প্ৰশ্ন : জয়ৰাম শইকীয়াক
ধন্যবাদ। ভৱিষ্যতৰ গুণী কবি এজনৰ প্ৰাণ বচালে। স্কুলৰ পাঠ্যপুথিৰ আপুনি প্ৰথমে কি
কিতাপ পঢ়িছিল?
উত্তৰ: মৌ ৰামায়ণ, মৌ মহাভাৰত আৰু আমাৰ গাঁৱত চৰকাৰৰ ঘৰৰ পৰা এক আলমাৰি
শিশুৰ বাবে কিতাপ দিছিল। সেইবোৰ কিতাপ পঢ়ি শেষ কৰিছিলোঁ কিজানি। তেতিয়া সেই
অঞ্চলত আমাৰ ঘৰতে এটা ৰেডিঅ' আছিল। ৰেডিঅ'ত প্ৰচাৰিত লোকগীতবোৰে মোৰ মনত
ছাপ পেলাইছিল। লোকগীতৰ আৰ্হিত কবিতা লিখিবলৈ আৰম্ভ কৰিছিলোঁ। ভাবিছিলোঁ
লোকগীতবোৰোতো কোনোবাই লিখিব লাগিব। লোকগীতক আৰ্হি কৰি মই কিবা এটা লিখিছিলোঁ।
সেইটো মোৰ প্ৰথম লেখা।
প্ৰশ্ন : আপোনাক কবি কৰাত
তেন্তে ৰেডিঅ'ৰ এটা বিশেষ ভূমিকা আছে।
উত্তৰ : তেতিয়ানো আমাৰ কাম কি
আছিল : কিতাপ-পত্ৰ পঢ়া, ৰেডিঅ' শুনা, খেলাধূলা কৰা, মাছলৈ যোৱা।
প্ৰশ্ন : আপুনি নগাঁও স্কুলৰ
পৰা আহি কটন কলেজত পঢ়িবলৈ ল'লে। প্ৰথমে বিজ্ঞান পঢ়িলে। কলেজৰ দিনবিলাকত কবিতা
চৰ্চা কৰিছিলনে?
উত্তৰ : কলেজৰ দিনবোৰ দুটা ঢাপৰ
আছিল- এটা প্রাক্ স্নাতক। তেতিয়া ছাত্ৰাবাসত শোভেন কাকতি নামৰ এজন জ্যেষ্ঠ আৱাসী
আছিল। তেওঁ ছবি আঁকিছিল। অলপ পাগল ধৰণৰ ল'ৰা আছিল। চিগাৰেট খাইছিল। তেওঁৰ
ব্যক্তিত্বই মোক অলপ আকৰ্ষণ কৰিছিল। তেওঁৰ কোঠাত গৈ বহি থাকোঁগৈ, ছবি অঁকা চাওঁ। তেতিয়া ছবি অঁকাৰ প্ৰতি মোৰো ধাউতি
হৈছিল। ছবি অঁকাত অলপ হাতো আহিছিল। তেতিয়া লিখাৰ প্ৰতি আগ্ৰহ কমিছিল।
প্ৰশ্ন : আপুনি কটনত উদ্ভিদ
বিজ্ঞান পঢ়িছিল। উদ্ভিদ বিজ্ঞান এৰি আপুনি ইংৰাজী সাহিত্য পঢ়িবলৈ ল’লে। উদ্ভিদ বিজ্ঞান
আপুনি কিয় এৰিলে ?
উত্তৰ : বিজ্ঞানত মই যিমান
নম্বৰ পাব লাগিছিলে সিমান নাপালো। মেজৰ পাইছিলোঁ এটা বিষয়ত। সেই বিষয়টো নলৈ মই
ইংৰাজীলৈ আহিলোঁ।
প্ৰশ্ন : আপোনাৰ নৱকান্ত বৰুৱা
ছাৰৰ সৈতে এটা মিল আছে। বৰুৱা ছাৰেও উদ্ভিদ বিজ্ঞান বিষয়টো খুব ভাল পাইছিল।
উত্তৰ : মই উদ্ভিদ বিজ্ঞানত
মেজৰ লৈছিলোঁ কিন্তু কেইদিনমান থাকি বাদ দিলোঁ।
প্ৰশ্ন : এটা প্ৰকল্পিত প্ৰশ্ন
: উদ্ভিদ বিজ্ঞানত থকা হ'লে আপুনি বেছি উপকৃত হ'লহেঁতেন নেকি ?
উত্তৰ : ইংৰাজীয়ে যে মোক
বিশেষভাবে উপকৃত কৰিলে, সেইটো কথা নহয়। সাহিত্যৰ কিছু কথা জানিছোঁ। মনৰ মাজৰ জগতখন গঢ় দিয়াত ইংৰাজী
সাহিত্যই বোধহয় বিশেষ সহায় নকৰে। মনৰ মাজৰ জগত কলাৰে হওক, বিজ্ঞানৰে হওক বা বাণিজ্যৰে হওক- সেইবিলাক প্ৰাথমিক
কথা।
প্ৰশ্ন : কিন্তু ইংৰাজীৰ ছাত্ৰ
এজনে ইংৰাজী সাহিত্য বাধ্যতামূলকভাৱে পঢ়িব লগা হয়।
উত্তৰ : হয়, সেইটো সুবিধা আছে।
প্ৰশ্ন : আপোনাৰ কবিতাৰ
হাতেখড়ি কেতিয়া হৈছিল?
উত্তৰ : ইংৰাজী অনাৰ্ছৰ ছাত্ৰ
হৈ থাকোঁতেই এলিয়টৰ কবিতা পঢ়িছিলোঁ। এলিয়টৰ দৰে লিখিবলৈ মন গ'ল আৰু লিখি গৈছিলোঁ।
পিছে সেই কবিতাখিনি হেৰাই গ'ল। কলেজৰ বহীত লিখাহে। এলিয়টৰ আগতে মই স্কুলত
যজ্ঞেশ্বৰ শৰ্মাই সম্পাদনা কৰা "শতপত্ৰ"খন পঢ়িছিলোঁ আৰু তাৰ গোটেইখিনি
কবিতা পঢ়িছিলোঁ। হাইস্কুলত বিশেষকৈ মোৰ ভাল লাগিছিল ৰঘুনাথ চৌধাৰীৰ কবিতা।
"গোৱাহে এবাৰ প্ৰিয় বিহংগিনী" এই ধৰণৰ কবিতাবিলাকৰ ছন্দ, ভাষাৰ লয়, গতিময়তাৰ বাবে ভাল লাগিছিল। এই
ধৰণৰ কবিতাৰ ছাপ মোৰ ওপৰত পৰিছিল।
প্ৰশ্ন : নাজমা সৃষ্টিৰ
অন্তৰালত এই ধৰণৰ কবিতাৰ ছন্দ, লয়ে ক্ৰিয়া কৰিছিল নেকি?
উত্তৰ : নাজমা সৃষ্টিত বিশেষকৈ
আমাৰ বনগীত, বনঘোষাবোৰেহে সহায়
কৰিছিল। আমাৰ গ্ৰাম্য জীৱনক তেনে ধৰণৰ আঙ্গিকেৰে আনিবলৈ প্ৰয়াস কৰিছোঁ। সেই
সময়তে জাপানী কবিতা পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ। ১৯৮১-ৰ পৰা ১৯৮৫ চনৰ কথা। জাপানী
কবিতাৰ উপৰি চীনা কবিতা, উৰ্দু কবিতা, লোকগীত শুনাৰ উপৰি পঢ়িছিলোঁ- নকুল ভূঞাৰ
"বহাগী", প্ৰফুল্ল দত্ত গোস্বামীৰ কিতাপবোৰ, ভবেন বৰুৱাৰ "জাপানী কবিতা", নীলমণি ফুকনৰ জাপানী, চীনা কবিতাৰ অনুবাদ
পঢ়িছিলোঁ। শ্বেইক্সপীয়েৰৰ
ট্ৰেজেদিবোৰ পঢ়িছিলোঁ। স্নাতক বৰ্ষত পঢ়ি থাকোঁতে যিদৰে মই এলিয়টৰ অন্ধ অনুকৰণ
কৰিবলৈ আৰম্ভ কৰিছিলোঁ পাছলৈ সেইটো নোহোৱা হ'ল।
প্ৰশ্ন : এলিয়টৰ গুৰু ব'ডলেইৰ। ব'ডলেইৰৰ গুৰু আছিল
এডগাৰ এলেন পো। এডগাৰ এলেন পো আৰু ব'ডলেইৰৰ কবিতা আপুনি তেতিয়া
পঢ়িছিলে নে নাই ?
উত্তৰ : ব'ডলেইৰ অলপ
পঢ়িছিলোঁ। এডগাৰ এলেন পো তেনেকৈ পঢ়া নাই।
প্ৰশ্ন : এডগাৰ এলেন পোৰ কবিতা
পঢ়িবৰ বাবেই কেৱল ফৰাচী ভাষা জনা ব'ডলেইৰে ইংৰাজী ভাষা শিকিছিল।
আপুনি ব'ডলেইৰ পঢ়ি ভাল পাইছিল যেতিয়া পোৰ কবিতাও ভাল পাব।
উত্তৰ : হয়। মই হল্ডাৰলীন, লৰকা, নেৰুদাৰ কবিতা পঢ়িছিলোঁ। সেই সময়ত স্নাতকোত্তৰ
পৰ্যায়ত বহুত কবিৰ কবিতা পঢ়িছোঁ বুলি ক'ব নোৱাৰোঁ। অ’, জৰ্জ চেফাৰিছৰ কবিতা পঢ়িছিলোঁ।
প্ৰশ্ন : সেই সময়ত আপুনি
নিশ্চয় য়েটছো পঢ়িছিলে?
উত্তৰ : হয়।
প্ৰশ্ন : সেই সময়তে আপুনি
নিশ্চয় জন ডানৰ কবিতাও পঢ়িছিলে?
উত্তৰ : অ’, জন ডানৰ কবিতাই বিশেষকৈ আকৃষ্ট কৰিছিলে।
প্ৰশ্ন : যি সকলে ইংৰাজী
সাহিত্য পঢ়ে, সেইসকলক জন ডানৰ
কবিতা আৰু শ্বেইক্সপীয়েৰৰ ছনেটে আকৰ্ষণ নকৰাকৈ নাথাকে। বিশেষকৈ চিত্ৰকল্পবোৰে।
উত্তৰ : কবিতাক কেনেকৈ বৌদ্ধিক
স্তৰলৈ নিব পাৰি তাৰ প্ৰকৰণ কৌশল জন ডানৰ পৰা শিকিছোঁ দেই।
প্ৰশ্ন : এতিয়া আচল কথালৈ
আহোঁ। আপুনি কবিতা কেনেকৈ লিখে ? কবিতা লিখে নে কবিতা আহে ?
উত্তৰ : কথাটো অলপ তেনেকুৱাই।
মই কবিতা নিজে নিজে আহে যেন পাওঁ।
প্ৰশ্ন : কোনোবাই শ্ৰুতলিপি দি
থকা যেন লাগে নে কিবা সজীৱ স্মৃতি আহে?
উত্তৰ : শ্ৰুতলিপি দি থকা যেনো
নালাগে আৰু স্মৃতি যেনো নালাগে।
প্ৰশ্ন : কি লাগে?
উত্তৰ : কিবা ধৰণে শব্দ
কেইটামান অহা যেন লাগে। শব্দকেইটাৰ লগত আৰু কিছু যোগ হয়হি।
প্ৰশ্ন : শব্দবোৰ শাৰী পাতি
থিয় হয়হি ?
উত্তৰ : শব্দবিলাকে নিজস্ব ৰূপ
লৈ আহে। আহিলেই মই লিখিত ৰূপলৈ নানো। কিছুদিন ৰাখি থওঁ।
প্ৰশ্ন : এইটোকে শব্দৰে কেনেকে বৰ্ণনা কৰিব পাৰি?
উত্তৰ : যদিও বৰ্ণনা কৰা নহয়, ছবিহে অঁকা যায়।
সাধাৰণতে ছবি আঁকি নাজমাত যেতিয়া কবিতাবিলাক লিখোঁ, তাতে একো একোখন ছবিয়েই image বুলিলে যিটো কওঁ (প্ৰতিমাকৰণ)
প্ৰতিমাকৰণ, সেই ধৰণৰ নহ'লেও সাধাৰণভাৱে ছবি এটা থাকে। গতিকে এক ধৰণৰ Depiction, সেই ধৰণৰ অংক। গতিকে এটা image বা চিত্ৰকল্প কি পাছলৈহে বুজি পালোঁ। চিত্ৰকল্প কি প্ৰথম কবিতা লিখোঁতে বুজা
নাই। কিন্তু সাধাৰণ এটা ছবি কবিতাটোৰ মাজত সোমাই থাকিব লাগিব। সেই কথাটো তেতিয়া
আছিলে। ভাষাটো তেনে ধৰণৰ বৰ্ণনাত্মক ভাষা নাছিলে। এইবাৰ গৰিয়সীত কবিতা এটা ওলাইছে মোৰ, সেই
কবিতাটোত মই এটা ঘটনা, যদিও সি আজিৰ পৰা তেৰ-চৈধ্য বছৰ আগতে ঘটিছিলে, ঘটনাটো
যেনেকৈ ঘটিছিলে মই তেনেকৈয়ে লিখিছোঁ। এক ধৰণৰ বিৱৰণাত্মক ধৰণে কবিতা লিখাৰ সচেতন প্ৰয়াস। যদিও কম বেছি পৰিমাণে কল্পনাৰ উপস্থিতি আছে, কিন্তু মূলত তাৰ বাস্তৱ
ঘটনাটোৰ ৰূপটোৱেই মই কবিতাটোত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ এই কাৰণেই যে এই ধৰণেৰে কবিতা লিখিলে প্ৰতিবেদন নহৈ কবিতা
হ'ব নে নহয়। সেইটো মই কৰিব খুজিছোঁ।
প্ৰশ্ন : এইটো খুউব কঠিন কাম কাৰণ কোনো সময়ত সেইখিনি কেতিয়াবা শ্লোগানধৰ্মী বা প্ৰতিবেদনধৰ্মী হৈ পৰিব পাৰে তাত যদি ব্যঞ্জনা
নাথাকে। আৰু এটা কথা আপুনি এই যে কবিতালৈ কিছুমান অনুষংগ আহে; ধৰি লওক কোনো ডাঙৰ কবিয়ে কৈছে পলনস্কিৰ নিচিনা ৰাছিয়ান কবিয়ে কৈছে ৰিডম বা লয়ৰ দিন উকলিলে। লয়বিলাক আমনিদায়ক
হৈছেগৈ। গতিকে এতিয়া অনুষংগৰ দিন। আপুনি এই বিষয়ে কি ভাবে?
উত্তৰ : সদায়ে লয়টো প্ৰধান হৈ নাথাকে বোধহয়। ছাফোৰ কবিতা পঢ়িছোঁ, তাত তেনে ধৰণৰ লয় নাই, কিছুমান অনুষংগই থাকে। গতিকে এতিয়া কিছুমান কবিয়ে, কবিতাক যিহেতু একে ধৰণে ৰাখিব পৰা নাযায়, কবিতাৰ নিজস্ব এটা গতি আছে; আৰু কিছুমান কবিয়ে নিজাকৈ ঠিক কৰি লয় যে
মই এনেকৈ কৰিম।পলনস্কি তেনে ধৰণৰ কবি হ'ব পাৰে। গতিকে কোনো কোনোৱে তেনেদৰে ভাবে, তেনে ধৰণে কাম কৰে। কিন্তু প্ৰতিজন কবিৰ ক্ষেত্ৰত সেই ধৰণৰ কথা কিছুমান থাকে।অনুষংগটো কবিতাত অনুপস্থিত নহয়। মই অনুষংগক অগ্ৰাধিকাৰ দিম বুলি কবিতা নিলিখিলেও অনুষংগ থাকে।
প্ৰশ্ন : কিন্তু অনুষংগবিলাক অচিন হ'লে পাঠকৰ পৰা সুদূৰপৰাহত
থাকিলে সমস্যা হয়গৈ। তেতিয়া কবিতাটোৰ মৰ্মত পাঠকজন বা পঢ়ুৱৈজন প্ৰৱেশ কৰিব নোৱাৰে।
এইধৰণৰ হয় নেকি?
উত্তৰ : পঢ়ুৱৈ সত্তাটোক কবি সত্তাৰ লগত একলগ কৰিব নোৱাৰিলেও কিন্তু ইটো সত্তা
সিটো সত্তাৰ পৰিপূৰক বুলি ভবা হয়। অক্টোভিয় পাজৰ The Double Flame বুলি এখন কিতাপ আছে
তাতে বোধহয় এনে ধৰণৰ তেওঁলোকৰ দেশত কবিতাৰ কিতাপৰ গ্ৰাহক কেনেকৈ কমি
আহিছে সেই কথাটো সেই কিতাপখনৰ এটা প্ৰবন্ধত দেখুৱাইছে। তাহানি ইমান বেছি আছিলে,
লাহে লাহে সেইটো কমি আহিছে। কিয় কমি আহিছে! কবিতাই কি হেৰুৱাইছে যে পঢ়ুৱৈক আকৰ্ষণ
নকৰা হৈছে। গতিকে পঢ়ুৱৈৰ কথাটো... যিহেতু আমি কবিতাটো এতিয়া লিখি তেনেকৈ থৈ নিদিওঁ। যদি তেনেকৈ থৈ দিলোহেঁতেন পঢ়ুৱৈজনৰ কথা ভবাৰ দৰকাৰ নাই। যেতিয়া আমি প্ৰকাশ কৰোঁ, কিতাপ উলিয়াওঁ, এজন প্ৰকাশক জড়িত হৈ
থাকে, প্ৰকাশকৰ ব্যৱসায়ৰ কথা থাকে। প্ৰকাশকে পঢ়ুৱৈৰ ওচৰলৈ লৈ যাব।
আমি পোনপটীয়াকৈ পঢ়ুৱৈলৈ নাযাওঁ। সেই ফালৰ পৰা পঢ়ুৱৈ সত্তাটোক আমি সন্মান কৰিবই লাগিব।
প্ৰশ্ন : ভাল কবিতা এটা সদায় ভাল পঢ়ুৱৈৰ ওপৰত নিৰ্ভৰশীল; দীক্ষিত পাঠক থাকিবই লাগিব, তেতিয়াহে ভাল কবিতা এটা থাকিব।
উত্তৰ : এই দীক্ষিত শব্দটোক সদায় সকলোৱে সমৰ্থন নকৰে। অজিৎ
বৰুৱা, তেখেতৰ কবিতা পঢ়িবলৈ হ'লে দীক্ষিত পাঠক থাকিব লাগিব। এতিয়া আমি মামুদ দাৰউইছৰ
কবিতা পাঠ অনুষ্ঠানত লাখৰ ঘৰত মানুহ হয়, নেৰুদাৰ কবিতাও তেনে ধৰণৰ আছিলে। দীক্ষিত বুলি কথা নহয়, প্ৰাণ স্পৰ্শ কৰে কবিতাই ...
প্ৰশ্ন : কবিতাত কথোপকথন বা কথিত ভাষাৰ কাষ চপাই লৈ যাব
পাৰিলেহে কবিতা বেছিদিন থাকিব আৰু বেছি পাঠক বা মানুহৰ মাজলৈ গুচি যাব।
উত্তৰ : হয়। যিয়ে কবিতাটো শুনে তাৰ অন্তৰত, প্ৰাণত হিল্লোল তুলিব লাগিব কবিতাটোৱে। কবিতাটোৰ ভাষা, তাত থকা ছবি,
অনুষংগই। কিন্তু সকলোৱেই দীক্ষিত পাঠক বুলি কথা নহয়। তাৰ মাজত কিছু দীক্ষিত পাঠক আছে, কিছু সাধাৰণ পাঠক আছে। সকলো ধৰণৰ পাঠক-শ্ৰোতা সোমাই আছে।
প্ৰশ্ন : আমি সকলো ধৰণৰ পাঠক-শ্ৰোতাৰ বাবেই লিখিব লাগিব।
উত্তৰ : হয়। মই সেই বুলিয়েই ভাবোঁ। তেতিয়া এশজন অজিৎ বৰুৱাই কিতাপ প্ৰকাশ
কৰালৈ মই এশজন পাঠক, এশখন কিতাপ উলিয়াম। সেই কথাটো কিন্তু ভৱিষ্যতৰ কথা ভাবি
কবিতাৰ বাবে স্বাস্থ্যসন্মত যেন নালাগে।
প্ৰশ্ন : কবিতাৰ ভৱিষ্যতৰ কথা ভাবি কবিতাক জীয়াই ৰাখিবলৈ হ'লে
কবিতা কথিত ভাষাৰ ওচৰ চাপিবই লাগিব, মানুহে গ্ৰহণ কৰিব পাৰিব লাগিব আৰু আপুনি
যিবিলাক চিত্ৰকল্প গঢ়িব, সেইবিলাক যাতে পাঠকৰ সুদূৰপৰাহত নহয়, পাঠকৰ অচিন নহয়, এই
কথাটোলৈ লক্ষ্য ৰাখিব লাগিব। কাৰণ কবিতা এটাৰ সৈতে একাত্ম হ'ব পাৰিলেহে তাত থকা ভাব-অনুভূতি, বিষয়বস্তুৰ
লগত একাত্ম হ'ব পাৰিলেহে পাঠকে গ্ৰহণ কৰে। আৰু এটা কথা, কোনোবা এগৰাকী বিখ্যাত
কবি, বোধহয় ব’ডলেইৰে কৈছিল যে অস্পষ্টতা কবিতাৰ এটা গুণ। আপুনি কি ভাবে?
আধুনিক কবিতাৰ ক্ষেত্ৰত ...
উত্তৰ : অস্পষ্টতা আধুনিক বুলিয়েই নহয়, কবিতাৰ এটা গুণেই। কবিতা সৰল হৈও সহজ যেন
লগা, পঢ়িলেই বুজি পোৱা যেন লগা কবিতা এটাতো অস্পষ্ট কিবা থাকিব পাৰে । আমি যাক ধৰ্মশাস্ত্ৰ বুলি কওঁ, যেতিয়া শংকৰদেৱৰ
ৰচনাৱলী পঢ়োঁ, তাত এখন ছবিহে দেখা পাওঁ, এটা কাহিনী, আৰু সেই কাহিনীৰ চিত্ৰ।
কিন্তু সেইটোৱেই আণ্ডাৰলেয়াৰ নহয়, তাৰ তলতো কথা থাকে। তেৱোঁ বহুত কথা অস্পষ্ট কৰি থৈ গৈছে। আকৰ্ষণৰ বাবে তেওঁ এটা
কাহিনী কৈছে।
প্ৰশ্ন : ৰবাৰ্ট ফ্ৰষ্টৰ কবিতাবোৰো তেনেকুৱাই। দেখাত একেবাৰে
সহজ। কিন্তু তাৰ অন্তৰ্লীন এটা সৌন্দৰ্য বা ভাব আছে, যিটো অস্পষ্ট।
উত্তৰ : অস্পষ্টতাটো কবিতাৰ চিৰলগৰীয়া।
প্ৰশ্ন : আৰু এটা কথা আজিকালি আমি বেছিকৈ পঢ়িবলৈ পাওঁ, সেইটো
হৈছে, কবিতাত যিটো লিপিং কৰা যায়, জাঁপ মৰা যায়, হঠাতে এটা কথা ক'লে আকৌ জাঁপ মাৰিলে, এই জাঁপ মৰা কামটোক আপুনি সমৰ্থন কৰেনে? আমি কিমান দূৰ জাঁপ মাৰিব লাগে?
উত্তৰ : জাপানী কবিতা 'হাইকু'ত জাঁপবিলাক আছে। তিনিটা শাৰীৰ মাত্ৰ সোতৰটা ছিলেবলৰ, শব্দাংশৰ কবিতা হ'লেও তাতো জাঁপ আছে। ভাবৰ বিসংগতি তাতো আছে। অসংলগ্নতা তাতো আছে আৰু দৃশ্যয়ন্তি আধুনিক কবিতাৰ এটা
গুণেই। আধুনিক বুলিয়েই নহয়, পূৰ্বৰ পৰাই আছে।
প্ৰশ্ন : আমাৰ মাতৃভাষাতো জাঁপ আছে ।আমাৰ বহুত লোক কবিতাত, লোকগীতত এই ধৰণৰ জাঁপবিলাপ দেখা পাওঁ। বহুতে কয় কেতিয়াবা ননচেন্স ৰাইম কৰিবলৈও
এনে ধৰণৰ কাৰ্য কৰে বা কৌশল ব্যৱহাৰ কৰে। সেই বস্তুটোৱে
পাঠকক কবিতাৰ পৰা আঁতৰাই লৈ যাব নেকি?
উত্তৰ : নহয়। ওচৰহে চপাব। আঁতৰাই নিনিয়ে। 'বানান কৰি পঢ়া লুইতৰ
পানী' কিতাপখনৰ কবিতা এটাত মই লিখিছিলোঁ,
'মাঘ ফাগুন চ'ত
মোৰ ভৰি দুটা ক'ত
মোৰ ভৰি দুটা খহি
খৰিয়ে মেলিলে পাত'
ইয়াতে প্ৰথমতে মই আমাৰ সমাজত শুনা অভং কথাৰ পৰা আৰম্ভ কৰিছোঁ। মাঘ-ফাগুন-চ'ত, কেইটামান অভং কথা নকৈ মাঘ-ফাগুন-চ'ত বুলি কয়। ইয়াৰে পিছৰখিনি মই সৰস্বতী বন্দনাৰ পৰা লৈছোঁ- 'ভৰি
দুটা খহি খৰিয়ে মেলিলে পাত' ইয়াত জাঁপ আছে। কিন্তু কবিতাটো শুনিবলৈও ভাল হৈছে।
প্ৰশ্ন : হয়, এটা লয় দিছে।
উত্তৰ : হয়। কিন্তু লয়টো ইমান সহজ ভাবত নাই। জাঁপ আছে।
প্ৰশ্ন : কবিতাত আঁৰ-বেৰ থাকিবই লাগিব। আপুনি যে লুইতৰ পানী
পঢ়ি বানান কৰি আছে। এই বানান কাৰ্যৰ পাছত সলসলীয়াকৈ কেতিয়া পঢ়িব পাৰিব?
উত্তৰ : আৰু লাহে লাহে বানান কৰিব নজনাহে হৈ যাম নেকি। সলসলীয়াকৈ পঢ়িব পাৰিম বুলি
মই বিশ্বাস নকৰোঁ।
প্ৰশ্ন : আমি আশাবাদী আপুনি সলসলীয়াকৈ পঢ়িলে আৰু ভাল কবিতা
ওলাব।
উত্তৰ : মইতো কবিতাক বুজি নাপাওঁ বুলিয়েই ভাবোঁ।
প্ৰশ্ন : কবিতা সদায় এগৰাকী ৰহস্যময়ী নাৰীৰ নিচিনা।
উত্তৰ : হয়, মই তেওঁক বুজিবলৈ চেষ্টা কৰোঁ। নাৰীক যেনেকৈ প্ৰেম নিৱেদন কৰে বহুত কুটুৰি
থাকি, মোক অমুকটো দে তমুকটো দে, তেনে ধৰণে কবিতাক কুটুৰি থাকোঁ। মোলৈ আহ, মোলৈ
আহ। মোক অমুকটো দে তমুকটো দে। এতিয়াও কুটুৰি থাকোঁ। মই নিশ্চিত নহওঁ আহিবও যে,
মোৰ ফুচুলনিত ভোল যাবও যে, মই নিশ্চিত নহওঁ।
প্ৰশ্ন : আৰু এটা কথাৰ ওপৰত অভিযোগ কৰা হয়, আপোনাৰ যি
অনুপ্ৰাসপ্ৰীতি, এই অনুপ্ৰাসপ্ৰীতিটো আপুনি বৰ্জন কৰিলেনে এতিয়াও আছে।
উত্তৰ : নাই নাই। এইটো তাহানি নৱকান্ত বৰুৱায়ো কৈছিল, অনুপ্ৰাস বুলিও কৈছিলে, যমক
বুলিও কৈছিলে। সেইটো আছে ক'ৰবাত ক'ৰবাত; মাজে-মাজে থাকে।
প্ৰশ্ন : এইটো স্বাভাৱিকভাৱে আহেনে আপুনি জোৰ কৰি আনে?
উত্তৰ : স্বাভাৱিকভাৱেই আহে। এতিয়া মই যে ক'লোঁ মাঘ-ফাগুন-চ'ত, মোৰ ভৰি দুখন ক'ত- মই কিন্তু ইয়াতে
অনুপ্ৰাস কৰোঁ বুলি কৰা নাই। ই নিজেই এটা নিৰ্মাণ। ৰঘুনাথ চৌধাৰীৰ কবিতাত থকা অনুপ্ৰাস এই কবিতাত নাই।
সেইটো মই কৰা নাই। গতিকে অনুপ্ৰাসটো কেৱল লয় বা ছন্দৰ খাতিৰত আহি গৈছে, সেইটো কথা
নহয়।
প্ৰশ্ন : কবিক দ্ৰষ্টা বুলি কোৱা যায়। কবিসকলে বহুত দূৰলৈকে
দেখা পায়। গতিকে ভৱিষ্যতৰ কবিতাবিলাক কেনেকুৱা হ'ব আপুনি দূৰলৈকে চাই কওকচোন।
উত্তৰ : নীলমণি ফুকনে কবিতা আৰম্ভ কৰিছিলে হিউমহঁতৰ আৰ্হিত। আমাক লোকগীতৰ সম্পদো
সেই ধৰণৰ ঠাঁচত তেখেতে দিছিলে। কিন্তু সেইবিলাক লাহে
লাহে সলনি হৈ গ'ল। তেখেতে যেতিয়া 'অলপ আগতে আমি কি কথা পাতি আছিলোঁ', সেই পূৰ্বৰ
নীলমণি ফুকনজন তাত নাই। নহয় জানো? কিন্তু পূৰ্বৰ হিউমৰ অনুকৰণত কবিতা লিখা নীলমণি
ফুকনজনে জনা নাছিল যে মোৰ বয়স যেতিয়া পয়ষষ্ঠি হ'ব, মই তেতিয়া 'অলপ আগতে আমি কি কথা
পাতি আছিলোঁ'- এনে ধৰণৰ এখন কবিতা পুথি লিখিম, তাত এনে ধৰণৰ শব্দ থাকিব। গতিকে ভৱিষ্যতে কবিতা নিশ্চয় বেলেগ
হ'ব। এই কথাটো মই ক'ব পাৰোঁ। কিন্তু ভৱিষ্যতে কবিতাৰ ৰূপটো এইটোৱেই হ'ব সেই কথাটোৰ
মই ভৱিষ্যত বাণী কৰিব নোৱাৰোঁ। এইটো কৰাটো অসম্ভৱ আৰু এইটো ভৱিষ্যতে যি আমাৰ
পিছৰসকল আহিব, তেওঁলোকে গম পাব যে ভৱিষ্যতটো কেনেকুৱা!
প্ৰশ্ন : আৰু এটা আশংকা প্ৰকাশ কৰা হয়- কবিতা জীয়াই থাকিবনে? কি ভাবে?
উত্তৰ : হয়। সেইটো আশংকা কৰা হয়। কিন্তু মানৱ জাতি জীয়াই থাকিলে মানুহৰ এই ধৰণৰ কলাসুলভ মনটো থাকিবই। কলাসুলভ মনটোৰ
বিভিন্ন ধৰণৰ অভিযাত্ৰী থাকিব, পদ্য থাকিব, গান
থাকিব, কবিতাও থাকিব। মানুহৰ মনটো যদি ৰবটত ভৰাই দিব পৰা যায়, ৰবটেও কবিতা লিখিব।কিন্তু ৰবটেও বোধহয় আৰু বেলেগ ৰবটৰ মন যোগাব পৰাকৈ সেই ধৰণে সৃষ্টি কৰিব নহয়!
প্ৰশ্ন : ৰবটৰ জগত এখনত। হয়।
উত্তৰ : ৰবটৰ জগতখনতো ৰবটে পাঠক পাব লাগিব নহয়! ৰবট পাঠক হ'ব, ৰবটে পাঠক পাব
লাগিব। গতিকে ৰবটে সেই ধৰণে চিন্তা কৰিব। ৰবটৰ কল্পনা নহ'ব সেই
কথাটো আমি এতিয়াই কব নোৱাৰোঁ।
প্ৰশ্ন : নিশ্চয় হব পাৰে। হয়। এই ধৰণৰ এটা সম্ভাৱনা আছে, নথকা নহয়। আৰু এতিয়া আমি কি কথা পাতিম। বহু কথাই
পাতিলোঁ, এতিয়া…
উত্তৰ : কথাতো বহুতেই হল পতা। (হাঁহি)
প্ৰশ্ন : বহু কথা বাকী ৰ'ল পাতিবলৈ।
উত্তৰ : বাকীতো বহুত ৰ'ল। বাকী বহুত ৰ'ল। আৰু সকলো কথা আমি পাতিব নোৱাৰোঁও। যেনে এতিয়া
ভৱিষ্যতৰ কথাটো মই এতিয়াই পাতিব নোৱাৰোঁ।
প্ৰশ্ন : কিন্তু ভৱিষ্যতটো আহিব।
উত্তৰ : কিন্তু ভৱিষ্যতটো আহিয়েই আছে। ময়োতো ভৱিষ্যতত আছোঁ।
প্ৰশ্ন : মই কিন্তু সদায় বৰ্তমানতেই আছোঁ। মোৰ কাৰণে
বৰ্ত্তমানটোৱে সত্য।
উত্তৰ : নহয়, যিহেতু কবিক দ্ৰষ্টা বুলি কোৱা হ'ল ... কবিক, গতিকে মই আজি কোৱা কথাটোৰ দুবছৰলৈ যে তাৰ স্থায়িত্ব নাই, তাৰ প্ৰাসংগিকতা নাই, সেইটো কথা নহয়। গতিকে মই
থাকি গ'লোঁ নহয়! মোৰ কথাৰ লগত মিলি গল, দুবছৰ পাছত ঘটা ঘটনা এটা।
প্ৰশ্ন : তেতিয়া আপুনি বাস্তৱতে থাকিলে।
উত্তৰ : অ' তেতিয়াও বাস্তৱত থাকিলোঁ।
প্ৰশ্ন : গতিকে আপুনি লিখা-মেলা কৰি থাকক। আৰু এটা কথা জানিবৰ মন
যায়, সেই ৰাবিবেন বৰুৱা কোন? আপোনাৰ কবিতাত আমি এজন ৰাবিবেন বৰুৱাৰ কথা পাওঁ।
উত্তৰ : অ' অ' ৰাবিবেন বৰুৱাক মই কেতিয়া লগ পালোঁ
প্ৰথম! হয়, ৰাবিবেন বৰুৱাক মই প্ৰথম লগ পাইছিলোঁ ১৯৮৫ চনত। সেইদিনা আছিলে ২ জুন। ২ জুন তাৰিখ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ
মাধৱ বেজবৰুৱা ছাত্ৰাবাস, আৰ চি চি ওৱান বুলিও কোৱা হয়। ১৯৮৫ চনৰ ২ জুন তাৰিখটো বিশেষ এইবাবেই আছিল যে সিদিনা মোৰ
"নাজমা" নামৰ কিতাপখন মাধৱ বেজবৰুৱা ছাত্ৰাবাসৰ জিৰণী কোঠাত উন্মোচন
হৈছিল। আৰু সিদিনা সেই ৰাবিবেন বৰুৱা আহিছিলে আৰু চিনাকি হৈছিল। আমি চিনাকি
হৈছিলোঁ। তেতিয়া কিন্তু ৰাবিবেন বৰুৱা বুলি জনা নাছিলোঁ, বৰুৱাটো আছিলে কিন্তু
ৰাবিবেন এই কথাটো মই ব্ৰাউনিঙৰ কবিতাৰ পৰা আনিছোঁ। ৰবাৰ্ট ব্ৰাউনিঙৰ
ৰাবিবেন এজৰা নে তেনেকুৱা কিবা এটা কবিতা আছে, তাৰপৰা আনিছোঁ ৰাবিবেনটো। আৰু
বৰুৱাটো ৰাখিছোঁ। আৰু এই ৰাবিবেন বৰুৱা সেই যে কবিতা লিখে ...
প্ৰশ্ন : ৰাবিবেন বৰুৱায়ো কবিতা লিখে নেকি?
উত্তৰ : "তুমি কি কবি যদিহে তোমাৰ এটা পুখুৰী নাই।" "কিছুমান বোধৰ বৰণ" লিখিছে
যে...
প্ৰশ্ন : মোৰ চিনাকি যেন লাগিছে তেওঁ। অ' হয় হয় তেওঁ ৰাবিবেন বৰুৱা। মই জনা নাছিলোঁ তেৱেঁই ৰাবিবেন বৰুৱা। মই
ভাবিছোঁ ৰাবিবেন বাৰুৱাজন কোন! মই নাজমাক চিনি পাওঁ, জলমগ্নৰ পৃষ্ঠাৱলীও মই চিনি পাওঁ...
উত্তৰ : নাজমাক চিনি নাপাওঁ, ৰাবিবেন বৰুৱাক চিনি পাওঁ, কিন্তু মই তোমাক ৰহস্যময়
কৰি ৰাখিছোঁ ৰাবিবেন বৰুৱা। ৰাবিবেন বৰুৱা সেইজন মানুহ।
প্ৰশ্ন : আৰু মই ইভেন বৰষুণৰ খেতিয়কজনকো চিনি পাওঁ। জলমগ্ন
দৃশ্যাৱলীও মই চাবলৈ শিকিছোঁ যদিও জলমগ্ন হৈ থাকে। মই দৃশ্যাৱলী চাওঁ, দেখোঁ। গতিকে আজি আপুনি ৰহস্য ভেদ
কৰি দিলে। ৰবিবেন বৰুৱাজন সেইজন। তেৱোঁ কবিতা লিখে। ৰাবিবেন বৰুৱাৰ কবিতাবোৰ পঢ়ি আপোনাৰ কি ধাৰণা হয়? ইয়াৰ
ভৱিষ্যত আছে নে, ৰাবিবেন বৰুৱাৰ?
উত্তৰ : ৰাবিবেন বৰুৱা সেই যে বোধৰ বৰণ যে কথা আহিল নহয়! বোধৰ কথা আহিল, বোধৰ
বৰণৰ কথা আহিল আৰু ৰাবিবেন বৰুৱাই সেই ধৰনে কবিতাবিলাক নতুন কৰিব খুজিছে। আৰু
এই ধৰণৰ বহু বহল কবিতাৰ জগত এখনত বিচৰণ কৰিছে। আৰু সেই
বিচৰণ সেই অভিজ্ঞতাৰ নিৰ্যাস কিছুমান নিজৰ মনলে আনিছে। আনি কবিতাক এক ধৰণৰ নতুন প্ৰাণ-জীৱন দিব খুজিছে। গতিকে ৰাবিবেন
বৰুৱাৰ ভৱিষ্যত নাই সেই কথাটো নহয়। কিজানি ইয়াত ৰ’দবাহিনীৰো ৰ’দ পৰিছে।
প্ৰশ্ন : তেতিয়াহ’লে সেইজন ব্যক্তি সেই কবিতা লিখোতাজনৰ, মই
কবি বুলি নকওঁ এতিয়াও কবিতা লিখোতাই হৈ আছে তেওঁ। গতিকে সেই কবিতা লিখোতাজনৰ সৈতে
মই নিশ্চয় পৰিচয় হ’ম। মই তেখেতৰ সৈতে পৰিচিত হ’বলৈ ভাল পাম।ৰাবিবেন বৰুৱাৰ
সমসাময়িক কবি বুলি আপুনি নিজকে ভাবে যিহেতু একে সময়তে ৰাবিবেন বৰুৱাই কবিতা লিখি
আছে, আপুনিও কবিতা লিখি আছে। এই সমসাময়িক যিসকল কবিয়ে লিখি আছে, সেইসকলৰ প্ৰতি
আপোনাৰ কি ধাৰণা?
উত্তৰ : আমাৰ সময়ত সমীৰ তাঁতীয়ে লিখিছে, সনন্ত তাঁতীয়ে লিখিছে, আনিছ উজ জামানে
লিখি আছে, হৰেকৃষ্ণ ডেকায়ো এতিয়া লিখি আছে, আমাৰ পিছতো বহুতেই লিখি আছে, অংকুৰ ৰঞ্জন ফুকনৰ পিছতো আৰু কবিয়ে কবিয়ে কবিতা লিখিবলৈ আৰম্ভ কৰিছে। আৰু কথা হ’ল যে আমাৰ ভাষাটো জীয়াই থাকিব লাগিব, আৰু ভাষাৰ
প্ৰাণটো, ভাষাৰ কালিকাটো কবিতাৰ মাজত থাকিব লাগিব।গতিকে এজন কবিয়ে এটা ভাষা
জীয়াই ৰাখিব নোৱাৰে। এজন কবি এটা ভাষাৰ, সাহিত্যৰ ইতিহাস হ’ব নোৱাৰে। এজন কবি এখন
সমাজ নহয়, এটা ভাষিক গোষ্ঠী নহয়। গতিকে আৰু সেই ভাষিক গোষ্ঠী সেই সমাজৰ ভিন্ন
ভিন্ন যিবিলাক ৰূপ ভিন্নতৰ ৰূপত প্ৰকাশ কৰিবলৈ, প্ৰকাশভংগী দিবলৈ আমাক ভিন ভিন কবি
লাগিব। বেলেগ বেলেগ কবি লাগিব।
প্ৰশ্ন : আৰু একে সময়তে কোনোবাই ভাল লিখি থাকিলেহে ভাল
লিখিবলৈ মন যায়, বা ভাল লিখাৰ প্ৰয়াস কৰা যায়।
উত্তৰ : সেইটো এটা ডাঙৰ প্ৰেৰণা। এজন ভাল কবি আন সকলোৰে বাবে এক
ডাঙৰ প্ৰেৰণা।
প্ৰশ্ন : হয়, মই বিশ্বাস কৰোঁ। হয়।
উত্তৰ : আৰু কবি যদি নোহোৱা হৈ যায়, কোনো কবি নাথাকে, ৰাবিবেন বৰুৱা আছে বা অনুভৱ তুলসী
আছে, এওঁলোক কাইলেকে মৰি যাব।
প্ৰশ্ন : হয় হয় আপুনি সঠিক কথা কৈছে। মোৰ মনৰ কথা কৈছে।
গতিকে আপুনি ৰাবিবেন বৰুৱা, নীলিম কুমাৰ, সমীৰ তাঁতী, হৰেকৃষ্ণ ডেকা, অনিছ উজ্
জামান বা আমাৰ কোকিল শইকীয়া বা অংকুৰ ৰঞ্জন ফুকন এইসকলে লিখি থকা উচিত। তেতিয়াহে অনুভৱ তুলসীয়ে লিখি থাকিব
পাৰিব। আৰু এজন কবি আছে তেওঁ পকা ধানৰ কীৰিতি পিন্ধি ফুৰে। তেঁওৰ বিষয়ে আপোনাৰ কি
ধাৰণা?
উত্তৰ : ইলেকট্ৰনিক চৰাই পঢ়িয়েই মই বুজিছিলোঁ আৰু কিছুদূৰ
আমাৰ ওচৰৰে তেওঁৰ কবিসত্তা। আমাৰ ওচৰৰে সত্তা। আমি তেনে ধৰণৰ গাম্য সমাজৰ পৰা উঠি আহিছোঁ। আৰু এতিয়া একেলগে নগৰীয়া জীৱন-যাপন কৰিছোঁ। কেতিয়াবা এবচিন্থ্ ক্লাবৰ সদস্য
হৈছোঁ। কিন্তু তেওঁ সেই পকাধানৰ কিৰীতি নাইবা ইলেকট্ৰনিক চৰাইজনো নিজকে সেই ধৰণে প্ৰকাশ কৰিছে।
প্ৰশ্ন : বা টোকোৰা চৰাইৰ বাহ বিচাৰি ফুৰে।
উত্তৰ : হয়, জ্ঞানী গৰখীয়াই চৰাইৰ বাহ নাভাঙে। নামটো ঠিক মই
পাহৰিছোঁ... উমনিত বহা চৰাইৰ বাহ ভাঙিব নালাগে বুলি....
নামটো পাহৰি গৈছোঁ দীঘল নাম।
প্ৰশ্ন : হয় জ্ঞানী গৰখীয়াই জানে... তেখেত জ্ঞানী, তেতিয়াহে
গৰু ঘূৰি আহিব। গতিকে আৰু এগৰাকী আপোনাৰ বিশ্ববিদ্যালয় দিনৰে সংগী, আপোনাৰ
দুগৰাকী কবি সংগী আছিলে, লুটফা হানুম ছেলিমা বেগম আৰু নীলিম কুমাৰ। এই দুগৰাকী কবিৰ কবিতা সম্বন্ধে আপোনাৰ কি
ধাৰণা?
উত্তৰ : ধাৰণা ক’বলৈ ইমান কম কথাতে বৰ টান। কিন্তু লুটফা আমাৰ
বিশ্ববিদ্যালয়ত আছিলে নীলিম আছিলে সেই সময়ত আয়ুৰ্বেদিক কলেজত। যদিও মোৰ কোঠাত
আমি আটাই কেইজনকে লগ পাইছিলোঁ। বিশ্ববিদ্যালয়ৰ মাধৱ বেজবৰুৱা
ছাত্ৰাবাসৰ ১৪ নং কোঠাত আমি সমবেত হৈছিলোঁ। নীলিম, লুটফা, তাৰ পাছত অনুপমা বসুমতাৰী আৰু দুই এক আহিছিলে। গতিকে আমি
সমবেত হৈছিলোঁ। আমাৰ অনুপম কুমাৰো আছিলে। আমি সমবেত হৈছিলোঁ। নীলিম আৰু লুটফাৰ
একেলগে কিতাপ ওলাইছিলে। লুটফা কিছু দূৰলে কিছু দিনলে সেই সজীৱতাটো লেখনিৰ মাজেৰে
চলাই নিছিলে। কিন্তু পাছলৈ তেওঁ কি কাৰণে অলপ কমকৈ লিখা হল। লেখা বহুত কমি গ’ল। এতিয়া বোধহয়
বিদ্যায়তনিক কাম-কাজত বেছিকৈ জড়িত হৈ পৰিছে। লিখা অলপ কমি গৈছে। কিন্তু তেওঁৰ সংবেদনশীলতা আৰু যিটো আনুভূতিৰ ওপৰত দখল,
নিয়ন্ত্ৰণ আৰু সেই অনুপাতে ভাষা, সেইটো বোধহয় সমসাময়িক কোনো কবিৰে নাই।
নিৰ্মলপ্ৰভা বৰদলৈৰ পাছত কোনো কবিৰে সেয়া নাই। কিন্তু কিয় লুটফাই কমকৈ লিখিছে সেইটো বোধহয়
লুটফাই... আমি নীলমণি ফুকনকো কমকৈ কবিতা লিখাৰ বাবে জগৰীয়া কৰোঁ, ৰবীন্দ্ৰনাথক
আকৌ বেছিকৈ কবিতা লিখা বুলি কওঁ। বহুত বেছি লিখিলেও আমাৰ কেতিয়াবা জগৰ লাগে আৰু
বহুত কম লিখিলেও কৃপণালি কৰিলেও আমাৰ বেয়া লাগে। লুটফায়ো তেনেকুৱা অলপ কৃপণালি কৰিছে। পঢ়ুৱৈ সকলৰ
দৰে, আমাৰ দৰে পঢ়ুৱৈ সকল আগ্ৰহী হৈ থাকোঁ, লুটফাৰ এটা কবিতা তাৰ যি অনুভূতিক
গভীৰতা, ভাৱৰ সংপৃক্ত যি ৰূপ আৰু পঢ়ুৱৈক বান্ধি পেলাব পাৰে, সেইটো বহু কবিৰে নাই।
আৰু নীলিমৰ কিছুমান নিজস্ব ধৰণেৰে ছবি আঁকি সেই ছবিবিলাকেৰে বিশেষকৈ
নীলিমৰ কথাখিনি বহুক্ষেত্ৰত বৰ্ণনাধৰ্মী কিন্তু, হ’লেও সামগ্ৰিকভাবে এনে ধৰণৰ এখন ছবি আঁকিব পাৰে, অংকন কৰিব পাৰে যিটোৱে পাঠকক বান্ধি পেলায়।
কেতিয়াবা বহু আচহুৱাকৰণ কৰি তেনে ধৰণে নতুন ধৰণৰ কবিতা নীলিমেও লিখিবও পাৰে। আৰু নীলিমে কিছুমান নলগা জেঙত লাগি থকা
বুলিও মই ভাবোঁ। শুনো মাজে মাজে তেনে কাম কিছুমানে কৰি আছে। সেইটোৱে কিজানি নীলিমৰ
যিটো কবি প্ৰতিভা মই সাধু কিতাপ এখন পঢ়িছিলোঁ "মুৰাকামি" আৰু
"ওজাৱা" বুলি সংগীতৰ এজন মানুহ মাজত কথা হৈছিল...
প্ৰশ্ন : মুৰাকামি মানে... আপুনি জাপানী ঔপন্যাসিকজনৰ কথা কৈছে?
উত্তৰ : হয়। তেখেতে লিখিছিলে যে, মই এটা বস্তুৰ ওপৰতহে মই হৈ
আছোঁ। সেই বস্তুটো হল Concentration.
প্ৰশ্ন: মন:সংযোগ!
প্ৰশ্ন : ই হে মোৰ জীৱন গঢ়িছে। ই যদি মোৰ
নাথাকিলহেঁতেন তেনেহলে মুৰাকামি নাথাকিলহেঁতেন। গতিকে সেই মনসংযোগটো আমি সকলো
কবিয়েই ৰাখিব লাগে। আৰু ইয়াৰ পৰা আঁতৰি যাবলৈ কেতিয়াও চেষ্টা কৰিব নালাগে।
নীলিমে আকৌ কেতিয়াবা কেতিয়াবা বিতৰ্ক ভাল পায়। গতিকে বিতৰ্কৰ বাবে কিছু কিছু
কাম কৰে। আৰু সেইবিলাকে তেওঁৰ যিটো কবিসত্তাক যিধৰণে চহকী কৰিব লগে সেইবিলাকে
বোধহয় সেইধৰণে চহকী নকৰে। গতিকে সেই নীলিমেও সেই ধৰণৰ কাম নকৰি কবিতাৰ ওপৰত যদি পূৰ্ণ মনোসংযোগ দি কবিতা লেখে। আমাৰ সাহিত্যই
তেওঁৰ মাজত এজন আমাৰ সাহিত্যত আগতে নথকা ধৰণৰ কবি পাইছিল। সেই কবিজনক হেৰুৱাব নোখোজে। নীলিমেও সেই কথাটো বুজে কিন্তু মাজে মাজে কামত লাগি
থাকে। গতিকে আমাৰ পঢ়ুৱৈক সেই কবিজনক পোৱাৰ পৰা আকৌ মাজে মাজে বঞ্চিত কৰে। সেইটো
কৰিব নালাগে। সেইবোৰ কথাত কমকৈ লাগি কবিতাৰ প্ৰতি মন:সংযোগটো বেছিকে বঢ়াব লাগে।
প্ৰশ্ন: হয়। আৰু এজন কবি আছে তেখেতে সেই পকাধানৰ
গোন্ধ লৈ ফুৰে! সেই কবিজনৰ বিষয়ে, কবিজনৰ বিষয়ে আপুনি কি ভাবে?
উত্তৰ : 'তুমি পকাধানৰ দৰে গোন্ধাইছা' সেই সময়ত সেই এজাক
সজীৱ বতাহ, এক জনজীৱনৰ যিটো ৰং, যিটো ৰূপ আৰু যিটো গীত-মাত, জীৱনৰ ৰহস্য-কালিকা,
কবিতাৰ মাজেৰে লৈ আহিছিলে। জীৱন নৰহ সেই কবিজন। জীৱন নৰহৰ পৰাও আমাৰ পঢ়ুৱৈয়ে বহু
আশা কৰে। কিন্তু জীৱন নৰহৰ সম্প্ৰতি বিশেষকৈ সামাজিক সংগঠক হিচাপে কাম কৰাত
লাগিছে। আমাৰ বহু লেখক সেইধৰণৰ এক্টিভিষ্ট লেখক আছে। অৰুন্ধতী ৰয় এক্টিভিষ্ট হয়, মহাশ্বেতা দেৱী তেখেত এগৰাকী এক্তিভিষ্ট আছিলে। জীৱনেও সেইধৰণে এটা জীৱন লব খুজিছে যদি কব
নোৱাৰোঁ, ই কিবা কিবি ধৰণৰ কাম কৰি আছে। চিনেমাও কৰিছে। ছুটিচিত্ৰও কৰিছে, মোক
চাবলৈও দিছে। কবিতাও বোধহয় মাজে মাজে লিখি আছে। উপন্যাসো লিখিছে। আৰু এই ধৰণৰ সামাজিক কামতো.... তাৰ পাছত এই 'অসমীয়া ভাষাত শিক্ষা' এই কথাটো জীৱনে যথেষ্ট নিজৰ শক্তি খৰচ কৰিছে, সময় খৰচ কৰিছে। বেজবৰুৱাৰ কথাতো যথেষ্ট লাগিছিলে, গতিকে
কেতিয়াবা কেতিয়াবা কবিতাৰ প্ৰতি সময় জীৱনৰ কম হৈছে, কিন্তু অন্যান্য সামাজিক
কামৰ প্ৰতি জীৱনৰ মনটো বেছি হৈছে। তাৰ মাজতে জীৱনৰ শিল্পীমনটো এতিয়াও বাছি
আছে। জীৱনৰ পৰাও আমি এতিয়া বহুত পাব লগা আছে।
প্ৰশ্ন : সেইটো ভাল কথা। আৰু এজন কবি আছে, তেখেতে
খুব অশোকাষ্টমী দেখা পাই থাকে। কবিতাৰ দেও এতিয়াও তেওঁৰ গাত আছে নে?
উত্তৰ : তেওঁৰ সেই দেওটো আছে। আছে। কেতিয়াবা দুই-এটা শাৰীতে তেওঁৰ সেই দেওটো ধৰা পৰা
দেখিছোঁ। সেই যে খাদটোত জুই লাগিছে বাঘজানত... সেই তাতে তিনিশাৰী মান লিখি ভূতটো
যে আছে সেইটো প্ৰকাশ কৰিছে।
প্ৰশ্ন : আমি বিজয়শংকৰ বৰ্মনৰ কথা পাতিছোঁ।
এতিয়া ধৰি লওক আপোনাৰ চকুত পৰা আপোনাৰ দৃষ্টিলে অহা এগৰাকী কবি হিচাপে আপোনাৰ
দৃষ্টিলৈ অহা তৰুণ-তৰুণী যিসকল আছে, নবীন যিসকল কবি আছে, সেই সকলৰ আপোনাৰ চকুত
পৰাকৈ কোনোবা আছে নে?
উত্তৰ : চকুত পৰাকৈ কেবাজনো বোধহয় আছে। কেবাজনো আছে। অলকেশ
কলিতা, মাজতে বিজু ডেকা নামৰ এজনৰ কবিতা পঢ়িছিলোঁ, তাৰ পাছত পঢ়া নাই অৱশ্যে।
নামবিলাক সততে মনলৈ নাহে নহয়।
প্ৰশ্ন : কোকিল শইকীয়া, আমাৰ অংকুৰ ৰঞ্জন ফুকন ?
উত্তৰ : অংকুৰৰ কথাটো অলপ বেলেগ। অংকুৰৰতো একদম আমাৰ কোনো কবিৰ লগতে, আমাৰ ভৱিষ্যতৰ কাৰোবাৰ লগত
মিলিব নে নিমিলিব ক’ব নোৱাৰোঁ, অতীজৰতো কাৰো লগত মিল নাই। এনে ধৰণৰ এক কবিতালৈ
জীৱন আনিব খুজিছে অংকুৰ ৰঞ্জন ফুকনে। কোকিল শইকীয়াৰ মাজে মাজে সেই ধৰণৰ বিজুলীৰ
যিটো পোহৰ সেইটো দেখা পাওঁ। কিন্তু কোকিল শইকীয়াৰ সেই নিয়ন্ত্ৰণটো নাই। কবিতা এক
কলাবস্তু হিচাপে কবিয়ে যি নিয়ন্ত্ৰণ কৰিব লাগে সেইটো বোধহয় কোকিল শইকীয়াই আয়ত্তলৈ এতিয়ালৈ অনা নাই। সময় আছে সি সৰু
লৰা। কিন্তু তেওঁলোকৰ বয়সত যেনেকৈ কবিতা লেখিছে, অংকুৰ হওক, কোকিল হওক, আমি সেই বয়সত তেনে ভাল কবিতা লিখিব পৰা নাছিলোঁ।
প্ৰশ্ন: হয় এইটো ঠিক কথা কৈছে। সঠিক। মোৰ ক্ষেত্ৰতো
মোৰো কথা সেইটো। মই ভাবোঁ যে এই বয়সত তেওঁলোক যি ধৰণৰ কবিতা লিখিছে সেই বয়সত আমি
এই ধৰণৰ কবিতা লিখিব পৰা নাছিলোঁ। এই কথাটো স্বীকাৰ কৰিবই লাগিব।
উত্তৰ : কিন্তু এটা কথা আমাৰ কবিসকলৰ ক্ষেত্ৰত বিশেষকে কথাটো
কোৱাটো খুব এটা সঁচা, সদায় সৰহ সংখ্যক লেখক
আমাৰ সাহিত্যত পুৰুষ লেখক। পুৰুষ-মহিলা বুলি লেখকক কোৱা নাযায় সেয়েতো আমি সেই আগৰ
পৰা বেছি লেখক পোৱা নাই। বহু দীৰ্ঘদিনীয়া চৰ্চা কৰি থকা লেখক পোৱা নাই, সেইটো এটা
মোৰ কিন্তু আক্ষেপ নহয়, মই দুখ পাওঁ। মোক কষ্ট দিয়ে।
প্ৰশ্ন: ধাৰাবাহিকতা ৰক্ষা কৰা সঁচাকে টান কাম?
আচলতে এই গোটেই লিখা প্ৰক্ৰিয়াটোৱে ঠিক আপুনি জানি শুনি বিষ পান কৰাৰ নিচিনা।
"আমি যেনে চিনি কৰেছি বিষপান" ৰবীন্দ্ৰনাথ ঠাকুৰে কোৱাৰ দৰে। এই ধৰণৰ বেদনাই যেন বৰণ কৰি আছে লেখকে। যিসকলে
ধাৰাবাহিকভাৱে লিখি আছে অকল কবি সাহিত্যিকে যেন বেদনা বৰণ কৰি আছে এনেকুৱা লাগে মোৰ।
তেনেহ’লে আমি বেদনা বৰণ কৰি থাকোঁ, লিখি থাকোঁ, কাৰণ "The sweetest songs are
those that tell of saddest thought." গতিকে, এইষাৰেই সত্য। আমি আজিলে
সামৰোঁ। আকৌ ভৱিষ্যতলৈ আপোনাক লগ পাম। আপুনি বহুখিনি কথা মুকলিকৈ ক’লে।
উত্তৰ : বহু কথা নোকোৱাকৈ থাকি গ’ল।
প্ৰশ্ন: বহু কথা নোকোৱাকৈ থাকক। আমি আকৌ পাতিম।
আমাৰ শ্ৰোতাসকলেও আপোনাৰ এই কথাখিনি শুনি নিশ্চয় ভাল
পাইছে, উপকৃত হৈছে, সেই বিশ্বাসেৰে আজিৰ আমাৰ কথোপকথন সমাৰিছোঁ। ধন্যবাদ।