অন্যযুগ/


অনুভৱ তুলসী সোঁৱৰণ

 হৰেকৃষ্ণ ডেকা

 

মগজুৰ ৰক্তক্ষৰণ হৈ অচেতন হোৱাৰ দিনটোৰ নিচেই ৰাতিপুৱা ... তেওঁৰ সৈতে মোৰ যোগাযোগ হৈছিল৷ বহু আগৰে পৰা সেই দিনটোলৈকে তেওঁৰ সৈতে মোৰ এই ধৰণৰ যোগাযোগ অবিচ্ছিন্নভাৱে হৈ আছিল৷ ‘নাজমা’ নামৰ তেওঁৰ প্ৰথম সংকলনখন বাণীপ্ৰকাশে প্ৰকাশ কৰাৰ সময়ৰ পৰাই অনুভৱ তুলসীৰ লগত মোৰ চিনাকি৷ অনুভৱ তুলসী তেওঁৰ পিতৃদত্ত নাম নহয়৷ অনুভৱ তুলসী নামটোৱে তেওঁৰ কবিসত্তাকহে প্ৰতিনিধিত্ব কৰে৷ তেওঁৰ কবিসত্তা ৰাজহুৱা সত্তা হ’লেও তেওঁৰ আন এটা ব্যৱহাৰিক– বাস্তৱ জগতৰ পৰিচিত নাম আছিল৷ মই জানিছিলোঁ, কিন্তু সেই পৰিচয়টোৰ মাজতে তেওঁক মই কোনোদিন চোৱা নাছিলোঁ৷ মোৰ চকুৰ আগত এজন কবি আছিল – যি ভাবুক আছিল, মানৱ দৰদী আছিল, অধ্যয়নশীল আছিল, সমাহিত আছিল, প্ৰচাৰ-বিমুখ আছিল আৰু যাৰ মানৱ-দৰদী হৃদয় তেওঁৰ লেখাৰ মাজেৰে সঘনাই প্ৰকাশ হৈছিল৷ ‘নাজমা’ৰ দিনৰ পৰাই তেওঁৰ আকস্মিক প্ৰস্থানৰ সময়লৈকে তেওঁৰ কবিসত্তাৰ ক্ৰম উত্তৰণ মই মনোযোগেৰে লক্ষ্য কৰিছিলোঁ আৰু নিশ্চিত হৈছিলোঁ যে এজন তীক্ষ্ণ সংবেদনশীল কবিসত্তাই অসমীয়া কবিতাৰ জগতলৈ অতি মূল্যৱান অৱদান আগবঢ়াই আছে আৰু কেইবাটাও পৰ্বৰ মাজেদি তেওঁৰ কবিসত্তাই নতুন নতুন দিগন্ত আৱিষ্কাৰ কৰি আহিছে৷ অসমীয়া সাহিত্যলৈ দিয়া তেওঁৰ অৱদানৰ বিষয়ে মই আগতেও লিখিছোঁ, বিশেষকৈ তৰুণ প্ৰজন্মৰ কবিতাত, তেওঁৰ নিৰ্বাচিত কবিতাৰ পাতনিত আৰু দুবছৰমান আগতে তেওঁৰ নতুন সংকলন এখন পঢ়ি অনুভৱ কৰা নান্দনিক আনন্দৰ পাছত তেওঁলৈ ব্যক্তিগতভাৱে লিখা চিঠি এখনত৷ চিঠিখন বোধহয় তেওঁ ফে’চবুকত প্ৰকাশো কৰিছিল৷ মোৰ ব্যক্তিগত সংযোগ তেওঁৰ লগত বহুদিনৰ পৰা নিয়মীয়াকৈ হৈ আছিল৷

ৱাট্চ্ছএপত মোলৈ পঠিওৱা কবিতা পঢ়ি মই প্ৰায়েই মোৰ তাৎক্ষণিক অনুভৱ দুই এটা শব্দ বা চুটি একোটা বাক্যৰ মাজেৰে জনাইছিলোঁ৷ জুন মাহৰ ২৮ তাৰিখেও নিচেই পুৱা গতানুগতিকভাৱে তেওঁৰ লগত ৱাট্চ্ছএপত মোৰ প্ৰভাতী সম্ভাষণ বিনিময় হৈছিল৷ সেই যোগাযোগটোৱেই তেওঁৰ লগত মোৰ শেষ যোগাযোগ হ’ব বুলি ভবা নাছিলোঁ৷ কেইঘণ্টামানৰ পাছতেই আমাৰ দুয়োৰে পৰিচিত কোনোৱে ফোনেৰে জনালে যে অনুভৱ তুলসী হঠাতে অসুস্থ হৈ অচেতন হৈ পৰি গৈছে৷ তাৰ অলপ পাছতেই খবৰ আহিল যে তেওঁৰ মগজুৰ ৰক্তক্ষৰণ হৈছে আৰু অৱস্থা গুৰুতৰ৷ তথাপি নভবাটোৱেই সঁচা হ’ল৷ অনুভব তুলসীয়ে আমাৰ পৰা চিৰ বিদায় ল’লে৷ অসমীয়া কবিতালৈ অনৱদ্য বৰঙণি আগবঢ়োৱা এজন কবিয়ে তেওঁৰ সাধনাৰ পূৰ্ণ সিদ্ধি লাভ কৰাৰ আগতেই বিদায় ল’লে৷

মগজুৰ ৰক্তক্ষৰণ হৈ অচেতন হৈ পৰাৰ দিনাই সেইদিনা পুৱা মোলৈ পঠিওৱা কবিতাটোলৈ মোৰ মনত পৰিছিল৷ মই কবিতাটো পঢ়ি উঠি তেওঁলৈ লিখিছিলোঁ, ‘মৃত্যু-চেতনা৷ এই চেতনা আপোনাৰ ইমান বাঢ়িছেনে!’ তেওঁ উত্তৰত মাথোন এষাৰ লিখিছিল, ‘কিয় এনে হৈছে, নাজানো চাৰ৷’

সেই কবিতাটোৰ কেইটামান শাৰী আছিল এই ধৰণৰ,

‘মৃত্যুৱে হয়তো জুখি চাইছে মই কিমান পানীৰ মাছ/

মাছ নে ব্ৰোঞ্জৰ পুতলা পানীত খলবলাই থকা/

পৰিস্থিতি পৰিৱেশৰ বৰশীৰে মৃত্যুয়ে মোক ধৰিছে/

নে পৰিৱেশ পৰিস্থতিও মোৰ লগতে/

মৃত্যুৱে পতা জালত পৰিছে/

ইমানৰ পিছতো মই বুজা নাই/

নিজ হাতেৰে মই মৃত্যুক ধৰিম/

নে মৃত্যুৰ হাততহে মই ধৰা পৰিম/

যি সময়ত মোক সকলোৱে এৰিছে/

সেই সময়ত মৃত্যুৱে মোক কিয় ধৰিছে/

যিমান দূৰ মনত পৰে মৃত্যুক মই ভাল পাওঁ বুলি কোৱা নাই/

মোৰ আৰু মৃত্যুৰ মাজত বিনিময় হোৱা নাই কোনো প্ৰেম বাৰ্তা/

তাৰ পিছতো পৰস্পৰ পৰস্পৰৰ এই ওচৰা ওচৰি/

ইত্যাদি ইত্যাদি ...

শেষৰফালে সামান্য কৌতুক আছে৷ কিন্তু সেই কৌতুকত কবিতাৰ মৃত্যু-চেতনাক চেৰাই যোৱা নাই৷

সেইদিনা পুৱাৰ এই বিনিময়ৰ পাছতো মই তেওঁৰ ব্যক্তিগত বিপদৰ বিষয়ে শংকিত হোৱা নাছিলোঁ৷ মই পৃথিৱীৰ সাম্প্ৰতিক পৰিস্থিতিৰ পটভূমিৰ পৰিপেক্ষিতত কবিতাটোক চাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু কিয় জানো কবিতাটোৰ মাজত তেওঁৰ চৌপাশৰ পৰিৱেশ পৰিস্থিতিৰহে ছাঁ দেখিবলৈ আৰম্ভ কৰিছিলোঁ৷ তাৰ পাছতেই খবৰ পালোঁ, তেওঁৰ চিন্তা-জগত আগুৰি ধৰা মৃত্যু-চেতনাক লৈয়েই তেওঁ আমাৰ পৰা বিদায় ল’লে৷ তেওঁৰ আত্মাৰ শানচতি হওক, এয়েই কামনা কৰিলোঁ৷

তেওঁৰ কবিতাৰ বিষয়ে এই মুহূৰ্তত মই বিশেষ কথা লিখিব নোৱাৰিলোঁ৷ মই এতিয়া অসমৰ বাহিৰত আছোঁ৷ কিন্তু এটা কথা নিৰ্দ্বিধাই কওঁ যে, যোৱা শতিকাৰ আশীৰ দশকৰ পৰা এতিয়ালৈ অসমীয়া সাহিত্যক সমৃদ্ধ কৰা কবিসকলৰ ভিতৰত তেওঁৰ স্থান প্ৰথম ... অসমীয়া ভাষাৰ কালিকাৰ সৃষ্টিশীল দিশটোৰ ওপৰত তেওঁ বহুত ধৰণৰ সফল পৰীক্ষা কৰিছে আৰু এই পৰীক্ষাই অসমীয়া ভাষাৰ যশ-সমৃদ্ধিৰ বিভিন্ন দিশ উন্মোচন কৰিছে৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ