অন্যযুগ/


নন্দিতা দেৱীৰ ‘বঙল বহু দূৰ’ : এটি আলোচনা

 ভাস্কৰ ভূঞা


ন্দিতা দেৱীৰ প্ৰথমখন উপন্যাসেই ঔপন্যাসিকগৰাকীক অসমীয়া সাহিত্যত সবলভাৱে প্ৰতিষ্ঠা কৰালে৷ এগৰাকী কাহিনী কথক হিচাপে লেখিকাৰ এয়া বৃহৎ কৃতকাৰ্যতা৷ বঙল বহু দূৰউপন্যাসখন প্ৰথম প্ৰকাশ পাইছিল ২০১৯ বৰ্ষত৷ গ্ৰন্থখনে ২০২১ বৰ্ষৰ শেষৰ ফালে অসম প্ৰকাশন পৰিষদৰ বঁটা লাভ কৰে৷ এই উপন্যাসখনৰ জৰিয়তেই অসম চৰকাৰেও বিগত কেইবা বছৰো বন্ধ কৰি ৰখা প্ৰকাশন পৰিষদৰ বঁটাটো পুনৰ প্ৰৱৰ্তন কৰিছে৷ এয়া অসমীয়া সাহিত্যৰ বাবে এটি আশাপ্ৰদ খবৰ৷ নন্দিতা দেৱীয়ে এই উপন্যাসখনৰ পূৰ্বেও দুখন গল্প সংকলন প্ৰকাশ কৰিছে৷ সেই দুখনৰ নাম– ‘বান্দী’ (২০০৫), ‘আকাশ জাল’ (২০১৬)৷ এই দুয়োখন গ্ৰন্থৰ জৰিয়তেও দেৱীয়ে অসমীয়া সাহিত্যত উচ্চস্থান দখল কৰিবলৈ সক্ষম হৈছে৷

বঙল বহু দূৰউপন্যাসখন এখন সামাজিক উপন্যাস৷ উপন্যাসখন অসমৰ কামৰূপ অঞ্চলৰ গ্ৰাম্য জনজীৱনৰ পটভূমিত লিখা হৈছে আৰু তাৰ সমান্তৰালভাৱে বিংশ শতিকাৰ প্ৰথম পাঁচটামান দশকৰ উত্তৰ বংগ আৰু পূৰ্ব বংগৰ মাজৰ সামাজিক-সাংস্কৃতিক-ধৰ্মীয় পৰিৱেশ, যোগসূত্ৰ আদি বিষয়বোৰ হুবহু ৰূপত চিত্ৰিত কৰা হৈছে৷ উপন্যাসখনত অসমৰ লগতে ভাৰতবৰ্ষৰে সেই সময়ছোৱাৰ সমাজ জীৱনৰ এক বাস্তৱ ইতিহাস সংৰক্ষিত হৈছে৷ বংগ বিভাজন আৰু পৰৱৰ্তী সময়ৰ ভাৰত-পাকিস্তানৰ বিভাজন উপন্যাসখনৰ মূল উপজীব্য আৰু এই বিভাজনে সমগ্ৰ বংগ দেশৰ ৰায়গঞ্জ অঞ্চলৰ লগতে কামৰূপ অঞ্চলৰ সমকালীন সমাজখনলৈ কিদৰে পৰিৱৰ্তন আনিছিল বা সেই অঞ্চলৰ জনজীৱনক কেনেদৰে প্ৰভাৱান্বিত কৰিছিল, সেই সম্পৰ্কীয় বিচাৰ-বিশ্লেষণ-বিৱৰণ উপন্যাসখনত আছে৷ বঙল বহু দূৰউপন্যাসখনৰ মূল বৰ্ণনা বংগ বিভাজনক প্ৰতিফলিত কৰোৱা নহয়৷ বৰঞ্চ বংগ বিভাজনৰ পৰৱৰ্তী সময়ত অসমৰ সমাজ ব্যৱস্থালৈ কেনে ধৰণৰ পৰিৱৰ্তন আহিছিল, সেয়া বৰ্ণনা কৰাহে লেখিকাৰ মূল উদ্দেশ্য৷ গ্ৰন্থখনৰ দ্বাৰা ইতিহাসৰ এক নিৰ্দিষ্ট বিষয়ক ৰাজহাড় হিচাপে কেন্দ্ৰ কৰি নিজৰ স্বকীয় সৃষ্টিশীল সাহিত্য প্ৰতিভাৰে সাৰ-পানী যোগাই দেৱীয়ে এখন মঙহাল উপন্যাস অসমীয়া সাহিত্যক প্ৰদান কৰিলে৷ 

লড কাৰ্জনৰ নেতৃত্বত সম্প্ৰদায়ভিত্তিক বংগ বিভাজন আৰম্ভ হয় ১৯০৫ চনত৷ সেই বিভাজন আছিল ব্ৰিটিছ শাসকৰ দ্বাৰা ঘোষিত বৃহত্তৰ বংগ প্ৰদেশৰ এক পুনৰ গঠন পক্ৰিয়া৷ সেই বিভাজনে পূৰ্বীয় সংখ্যাগৰিষ্ঠ মুছলমান অঞ্চলসমূহক পশ্চিমৰ সংখ্যাগৰিষ্ঠ হিন্দু বসতিপ্ৰধান অঞ্চলৰপৰা পৃঠক কৰিছিল৷ ডিভাইড এণ্ড ৰুলৰ বলি হোৱা বংগদেশৰ মূল ঐক্য আৰু সামূহিক শক্তিক ধ্বংস কৰাই সেই বিভাজনৰ মূল উদ্দেশ্য আছিল৷ তাৰ বিৰুদ্ধে সেই সময়ত সমগ্ৰ বংগ দেশতেই প্ৰতিবাদ আন্দোলনৰ সূচনা হৈছিল আৰু সেই আন্দোলনে এসময়ত গৈ স্বদেশী আন্দোলনৰ মাত্ৰা লাভ কৰিছিলগৈ৷

বঙল বহু দূৰউপন্যাসখনত বংগ বিভাজনৰ পাছৰ সময়ছোৱাৰ অসমৰ নামনি অসমৰ কামৰূপ অঞ্চলৰ সমাজ জীৱন পূৰ্ণৰূপত প্ৰতিফলিত হৈছে৷ ভাৱ-ভাষা, সামাজিক-সাংস্কৃতিক, ধৰ্মীয়, অৰ্থনীতি-ৰাজনীতি, শৈক্ষিক আদি বিষয়ৰ লগতে লোক-পৰম্পৰা, বিশ্বাস-অন্ধবিশ্বাস, উৎসৱ-পাৰ্ৱণ, যাতায়াত, কৃষি-পদ্ধতি, বিৱাহ, লোকভাষা, লোক-খাদ্য, লোক-ঔষধ, চাল-চলন, মান-মৰ্যাদা আদি প্ৰতিটো বিষয়েই বৰ্ণিত আৰু সংৰক্ষিত হৈছে৷ লেখিকাৰ ইতিহাস চেতনা ইমানেই প্ৰৱল আৰু ঐতিহাসিক বিষয় এটাক বৰ্তমানৰ দৃষ্টিভঙ্গীৰে পৰ্যবেক্ষণ কৰাত তেওঁ এনেদৰে সফল হৈছে যে উপন্যাসখনত অতীতহৈ পৰিছে বাস্তৱসদৃশ জীৱন্ত ঘটনাৰ দৰে৷ লেখিকাই যেন নিজৰ চাক্ষুস অভিজ্ঞতাৰেহে উপন্যাসখন লিখি উলিয়াইছে৷ কাহিনীৰ যি চিনেমেটিক বৰ্ণনা আৰু বিৱৰণ, সেয়াও অতি চকুত লগা আৰু বিষয়ক পাঠকৰ মাজলৈ পুংখানুপংখভাৱে লৈ যোৱাত লেখিকা সফল হৈছে৷ উপন্যাসখনত দুই-এটা চৰিত্ৰৰ বাদে বাকীবোৰ চৰিত্ৰক গৌণ চৰিত্ৰ হিচাপেই উপস্থাপন কৰা হৈছে৷ সেইদৰে কাহিনীৰ বিচিত্ৰতাতকৈ এটা সময়ক প্ৰতিনিধিত্ব কৰিব পৰাকৈহে উচ্চ-নিম্ন, গুৰুত্বপূৰ্ণ, গুৰুত্বহীন প্ৰায়বিলাক চৰিত্ৰকে স্থান আৰু মান অনুসৰি উপন্যাসখনত প্ৰতিষ্ঠা কৰা হৈছে৷ সমকালীন সমাজৰ বৰ্ণনা দিওঁতে তেওঁ হুবহুভাৱে সেইকালৰ কথা-বতৰাবোৰকে আঁৰ-বেৰ নিদিয়াকৈ বৰ্ণনা কৰিছে৷ বিষয়ৰ বিশ্লেষণ বা ইতিবাচক-নেতিবাচক দিশ সম্পৰ্কে আলোকপাত কৰোঁতে ঔপন্যাসিকৰ নিজা দৃষ্টিভঙ্গী প্ৰতিফলিত হোৱা নাই৷ উপন্যাসখনত তদানীন্তন সমাজৰ গোড়া পৰম্পৰা, অন্ধবিশ্বাস আদি বিষয়বোৰক হুবহু ৰূপতেই উপস্থাপন কৰা হৈছে৷ কৃষিজীৱি নামনি অসমৰ সমাজখনৰ কথা আৰু ধৰ্মীয় কৰ্ম-কাণ্ডত অতিকৈ বিশ্বাসী বংগৰ হিন্দুসকলৰ জীৱন পদ্ধতিৰ কথা উপন্যাসখনত প্ৰধানভাৱে বৰ্ণিত হৈছে৷ কালিন্দী, বঙলা পিতে, যজ্ঞু, উদ্ধৱ, পঞ্চৰ কাহিনীৰ পাতনিৰে আৰম্ভ কৰা উপন্যাসখনত বিষয়ৰ পৰা বিষয়ান্তৰলৈ গতি কৰোঁতে একাধিক কেন্দ্ৰীয় আৰু পাৰ্শ্ব চৰিত্ৰৰ আগমন ঘটিছে৷ বৰ্ণিত কাহিনীবোৰো তদানীন্তন সময়ছোৱাক প্ৰতিনিধিত্ব কৰিব পৰাকৈ সক্ষম৷ কাহিনীৰ গাতে ভেজা দি নতুন নতুন উপ কাহিনীয়ে উপন্যাসখনত স্থান লাভ কৰিছে যদিও বঙলা পিতে আৰু তেওঁক আগুৰি থকা সমাজখনে উপন্যাসখনত বিশেষভাৱে ঠাই দখল কৰিছে৷ উপন্যাসখনৰ শেষৰ ফালে বঙলা পিতেৰ পুত্ৰ চন্দ্ৰনাথেৰ চৰিত্ৰটোৱেও প্ৰধান চৰিত্ৰৰ দৰেই বিকাশ লাভ কৰিছে৷

বঙলা পিতেই পুৰোহিতালি (ঔপন্যাসিকৰ ভাষাত- যজমান) কৰিবলৈ বঙললৈ (বংগলৈ) যোৱাৰ কথাৰে উপন্যাসখন আৰম্ভ হৈছে৷ শুনা যায় কামৰূপৰ দৈৱজ্ঞসকলৰ পদজল পৰ্যন্ত উত্তৰ বংগৰ, পূৰ্ব বংগৰ যজমানসকলে মুখত আৰু শিৰত লয়৷ আহোম ৰজাই কনৌজৰপৰা আনি স্থাপন কৰা বেলশৰ, গন্ধীয়া, দিনাজপুৰ, ৰায়গঞ্জ, আমদহ, পিপলান, পাটপিশু আদি অঞ্চললৈ আহ-যাহ কৰিছিল৷’ (পৃষ্ঠা-৭) বঙলা পিতে অৰ্থাৎ অনন্ত ঠাকুৰ তেনে এজন পুৰোহিতেই আছিল৷ এই বঙলা পিতেৰ দৃষ্টিৰেই ঔপন্যাসিকে সমকালীন সমাজ জীৱনৰ বহু কথা পাঠকক অৱগত কৰোৱাইছে৷ বঙলা পিতে যেন আমাৰ সমাজখনৰে এক জীৱন্ত প্ৰতিভূ৷ সেইদৰে বিভাজিত হৈ পৰা উত্তৰ বংগ, পূব বংগৰ সামাজিক-সাংস্কৃতিক, অৰ্থনৈতিক, ৰাজনৈতিক, ধৰ্মীয় দিশবোৰ উপন্যাসখনত বিস্তৃত ৰূপত প্ৰতিফলিত হৈছে৷ বঙলা পিতে বংগৰপৰা কামৰূপলৈ উভতি আহোঁতে তেওঁলোকৰ গাঁওখনত সৃষ্টি হোৱা পৰিৱেশটোৰ কথা উপন্যাসখনৰ প্ৰথম পৰ্যায়ত বিস্তৃত ৰূপত আছে৷ বঙলা পিতেৰ পত্নী কালিন্দী চৰিত্ৰটোৰ জৰিয়তেও উপন্যাসখনত কামৰূপ অঞ্চলৰ গ্ৰাম্য জনজীৱন আৰু সেই সময়ৰ নাৰী সমাজৰ বাস্তৱিক ছবি এখন তুলি ধৰা হৈছে৷ সূতা কটা টাকুৰীৰপৰা আৰম্ভ কৰি গৰু-গাই, হাঁহ-পাৰ, বজাৰ-সমাৰ আদিকে ধৰি সকলো পৰিস্থিতি যে এগৰাকী মাইকী মানুহে অনাহকে চম্ভালি থাকিব পাৰে, কালিন্দী ইয়াৰ অন্যতম উদাহৰণ৷ নাৰীমনৰ গভীৰ অনুধাৱন এই চৰিত্ৰটোৰ মাজৰে প্ৰতিফলিত হৈছে৷

উপন্যাসখন সেই সময়ৰ অসমীয়া গ্ৰাম্য জনজীৱনৰ সমল সংৰক্ষণৰ ক্ষেত্ৰতো এখন দলিলৰ দৰে৷ গ্ৰাম্য অঞ্চলত সততে ব্যৱহাৰ কৰা বনদৰৱৰ ব্যৱহাৰ উপন্যাসখনত আছে৷ আনকি স্থানীয় ৰাইজে বনদৰৱৰ সংৰক্ষণ কৰাৰ অন্তৰালৰ প্ৰসংগবোৰৰ কথাও উপন্যাসখনত আছে৷ কামৰূপ তন্ত্ৰ-মন্ত্ৰৰ দেশ, যোনি পূজাৰ দেশ, কামাখ্যা মাৰ দেশএই কামৰূপৰ প্ৰতি বংগৰ লোকসকলৰ অপাৰ আগ্ৰহ৷ উপন্যাসখনতো এই দিশটোৰ সাৰ্থক প্ৰতিফলন ঘটিছে৷ বংগৰ জমিদাৰী প্ৰথাৰ প্ৰসংগ, ৰায়তৰ প্ৰসংগ, ঠাকুৰৰ প্ৰসংগৰ লগতে কামৰূপৰ মৌজাদাৰী প্ৰথাৰ প্ৰসংগ উপন্যাসখনত আছে৷ জমিদাৰী প্ৰথাই সেই সময়ৰ সমাজখনকে কেনেদৰে অৰ্থনৈতিকভাৱে কোঙা কৰি পেলাইছিল, তাৰ নিদৰ্শনো উপন্যাসখনত সাৰ্থকভাৱেই দেখুওৱা হৈছে৷

উপন্যাসখনৰ তৃতীয় খণ্ডত বৰুৱাণী মৌজাদাৰে ব্যক্তিগতভাৱে পোহা হাতীটো, মকবুল নামৰ ব্যক্তিজনৰ টেমি চুৰুণী হাতীটোৰ লগতে বিহামপুৰ সত্ৰৰ গোসাঁইৰ হাতীটোৰ প্ৰসংগ আছে৷ সেই সময়ৰ সমাজ ব্যৱস্থাত হাতীৰ গুৰুত্ব আৰু আভিজাত্যৰ লগতে দৈনন্দিন কাম-কাজত হাতীৰ গুৰুত্ব উপন্যাসখনত বৰ্ণনা কৰা হৈছে৷ মধ্যবিত্ত শ্ৰেণীটোৰ দম্ভ, আভিজাত্যৰ দিশটো এইটো খণ্ডত বৰ্ণনা কৰা হৈছে৷ চতুৰ্থ খণ্ডত কালিন্দীৰ দৈহিক ৰূপ-বৰ্ণনা আছে৷ উদ্ধৱে বহু সময়ত কালিন্দী চৰিত্ৰটোৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিছে৷ বঙলা পিতে কালিন্দীৰ স্বামী যদিও তেওঁ বছৰটোৰ বেছিভাগ সময়ত পুৰুহিতালি [যজমানি] কৰিবলৈ বংগতে থাকেগৈ৷ তেনে সময়ত উদ্ধৱেই কালিন্দীৰ হৰ্তা-কৰ্তা হৈ পৰিছে৷ এইটো অধ্যায়ত কালিন্দীৰ জীৱন সংগ্ৰামৰ ছবিখনো সুন্দৰকৈ প্ৰতিফলিত হৈছে৷ উপন্যাসখনত আছে, ‘মাহৰ পাছত মাহ জুৰি অভাৱ-অনাটনৰ সংসাৰ এখন কোনোমতে জোৰা-টাপলি মাৰি বহু কষ্টেৰে চলাই নি এই গাভৰু মানুহজনী শৰীৰৰ বুভুক্ষাৰ প্ৰতি যেন উদাসীন হৈ পৰিছে৷ আজিকালি মানুহজনী ধৰ্মকথাৰ প্ৰতিহে অত্যন্ত আগ্ৰহী৷ (পৃষ্ঠা-২৮) এই অধ্যায়টোতে বঙলা পিতেইৰ উপদশে মৰ্মে মৌজাদাৰৰ মৃত্যুৰ পাছত মৌজাদাৰণীয়ে চলোৱা অঞ্চলটোৰ বিভিন্ন কাম-কাজ চোৱা চিতাৰ বাবে উদ্ধৱে মৌজাদাৰণীৰ ঘৰলৈ বুলি অহা-যোৱা কৰিছে আৰু শেষলৈ উদ্ধৱেই মৌজাৰ গোটেই কাম-কাজবোৰ চোৱা-চিতা কৰিছেগৈ৷ অধ্যায়টোত মৌজাদাৰৰ দুই পুত্ৰৰ স্বভাৱ-চৰিত্ৰ সম্পৰ্কেও বিশ্লেষণ আছে৷ উদ্ধৱ চৰিত্ৰটোৰ মনস্তত্ত্ব আৰু তাৰ ব্যক্তিগত সুখ-দুখ, দ্বন্দ্বৰ কথা-বাৰ্তা এইটো অধ্যায়ৰ অন্যতম গুৰুত্বপূৰ্ণ বিষয়৷ মহখুঁটিৰ প্ৰসংগ আনি কৃষিকেন্দ্ৰিক গ্ৰাম্য জনজীৱনৰ বিষয়ে এইটো অধ্যায়ত বিস্তাৰিতভাৱে বৰ্ণনা কৰা হৈছে৷

পঞ্চম খণ্ডত ছমাহ-বছৰেকৰ পাছত ভাৰে-ভেটীয়ে বঙলা পিতে কামৰূপলৈ অহাৰ বিষয়ে বিস্তাৰিতভাৱে আছে৷ এই খণ্ডত বংগৰ সমাজ-সংস্কৃতিৰ দিশটোও প্ৰতিফলিত হৈছে৷ বঙলা পিতেৰ প্ৰতি অঞ্চলটোৰ মৰম-চেনেহ প্ৰকাশৰ মাধ্যমেৰে ঔপন্যাসিকাই গ্ৰাম্য অঞ্চলৰ মানুহৰ মৰম-আন্তৰিকতা, সৌহাদ্যপূৰ্ণ মনোভাৱ, সম্প্ৰীতি আদি দিশবোৰৰ বিষয়ে বৰ্ণনা দিছে৷ বঙলা পিতে মানুহটোও আপোনভোলা৷ সেয়েহে তেওঁ বংগৰপৰা ঘটি অনা সম্পদসমূহো এপদ এপদকৈ গাঁৱৰ মানুহক দি দিবলৈ কুণ্ঠাবোধ নকৰে৷ সেই সময়ৰ সামাজিক যোগাযোগৰ বাবে পোষ্টকাৰ্ডৰ প্ৰচলন আৰু চিঠি লিখাৰ প্ৰসংগ উপন্যাসখনত আছে৷ 

ষষ্ঠ খণ্ডত বঙলা পিতেই বঙললৈ উভতি যাবলৈ চলোৱা প্ৰস্তুতিৰ কথা-বাৰ্তা আছে৷ দিন বাগৰি যোৱাৰ লগে-লগে তেওঁৰ হাতৰ সাঁচতীয়াখিনিও শেষ হৈ আহিবলৈ ধৰে৷ গতিকে উপাৰ্জনৰ বাবে তেওঁ পুনৰ ঘূৰি যোৱাৰ প্ৰসংগ আহি পৰিছে৷ সেইদৰে গাঁৱলৈ মহামাৰীৰ দৰে মৰংবেমাৰ অহাৰ প্ৰসংগ আৰু এই বেমাৰৰ ফলত বমি, পায়খানা, শৌচ আদিৰ ফলত অঞ্চলটোৰ মানুহখিনিৰ শাৰীৰিক অৱস্থাটোৰ কেনে বিপৰ্যয় হৈছে, সেই বিষয়ে বৰ্ণনা আছে৷ বহুতো লোকে এই মাহামাৰীত প্ৰাণ পৰ্যন্ত দিবলগীয়া হৈছে৷ এনে প্ৰাক্‌ক্ষণত মৌজাদাৰণীৰ ভূমিকায়ো উপন্যাসখনত গুৰুত্ব পাইছে৷ এই বেমাৰৰ লগত মানুহৰ অন্ধবিশ্বাস জড়িত হৈ থকা, ভূত নাইবা জৰা-ফুকাৰ প্ৰসংগও উপন্যাসখনত আছে৷ কৃষিকেন্দ্ৰিক অসমীয়া সমাজখনৰ বিভিন্ন লোকাচাৰ, ন-খোৱা আদি বিষয়বোৰো এইটো অধ্যায়ত আছে৷

সপ্তম খণ্ডত গদা অধ্যাপক আৰু তেওঁৰ পত্নী মালিনীৰ ব্যক্তিগত আৰু সামাজিক জীৱনটোৰ প্ৰতিফলন ঘটিছে৷ তাহানিৰ দিনত গুৰু-আৰু ছাত্ৰৰ সম্পৰ্ক এইটো খণ্ডত প্ৰতিফলিত হৈছে৷ গদা অধ্যাপকৰ মৃত্যুৰ পাছত সংস্কৃত টোলত শিক্ষাৰ্থীৰ অভাৱে দেখা দিলে৷ কাণু নামৰ চৰিত্ৰটোৱে বঙালত যজমানি কৰিবলৈ গৈ বঙলতে বিয়া কৰাইছে৷ বঙলত আঘোণৰ পূৰ্ণিমাত ভাল্‌ভোল্‌কা উৎসৱ আয়োজন কৰে৷ উপন্যাসখনত এই উৎসৱ সম্পৰ্কেও যথেষ্ট বিস্তৃতভাৱে বৰ্ণনা কৰা হৈছে৷ সেইদৰে কালিন্দী বঙলা পিতেৰ লগত নিজেও বঙললৈ যাবলৈ মন মেলাৰ প্ৰসংগও এইটো খণ্ডত আন এক গুৰুত্বপূৰ্ণ বিষয়৷ কালিন্দী চৰিত্ৰটোৰ মানসিক দ্বন্দ্ব আৰু এগৰাকী নাৰী হিচাপে স্বামীৰ প্ৰতি থকা দায়িত্ববোধ, আপোনত্ব ভাৱ, মনস্তাত্ত্বিক কাৰক আদি এই খণ্ডত ফুটি উঠিছে৷

অষ্টমটো খণ্ডত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰসংগ আছে৷ স্বাধীনতা সংগ্ৰামৰ সমকালীন সময়ছোৱাত অসমৰ জনসাধাৰণৰ ভূমিকা আৰু কাৰ্যপদ্ধতিৰ উমান এইটো খণ্ডত পোৱা যায়৷ নৱম খণ্ডত উদ্ধৱক মৌজাদাৰণীয়ে স্থায়ী কৰ্মচাৰী হিচাপে নিযুক্তি দিয়া, বঙলা পিতে আহি কালিন্দীৰ সহিতে পৰিয়ালটোকেই বঙললৈ লৈ যোৱাৰ বৰ্ণনা, বঙলা পিতে অৰ্থাৎ অনন্ত ঠাকুৰ পৰিবাৰসহ বঙললৈ উঠি অহাত এই অঞ্চলৰ মানুহে তেওঁক কৰা আদৰ-যত্নৰ কথা, বঙলা পিতেই যজমানি কৰা বিভিন্ন কাৰণ তথা উৎসৱ-অনুষ্ঠানবোৰৰ প্ৰসংগ, গাঁৱৰ বিভিন্ন সা-সমস্যা সমাধানৰ বাবে বহা ৰবি সভা’ (গ্ৰাম্য সভা) আদিৰ বিষয়ে এইটো খণ্ডত আছে৷ দহ নম্বৰ খণ্ডটোত বঙলা পিতেইৰ দৈনন্দিন কাৰ্য-কলাপ সম্পৰ্কে বিস্তৃতভাৱে বৰ্ণনা কৰা হৈছে৷ উদ্ধৱৰ প্ৰসংগ এইটো খণ্ডত পুনৰ আহিছে৷ উদ্ধৱৰ বঙলখন এবাৰ চাই আহিবলৈ মন৷ কিন্তু তাৰ দায়ৱদ্ধতাও অনেক৷ তাৰ মাজতে উদ্ধৱ গৈ বঙল পাইছেগৈ৷ বঙলত উদ্ধৱৰ চলন-ফুৰন, তাৰ কাৰ্যকলাপ, বিয়াৰ প্ৰসংগ আদিৰ বিষয়ে এইটো খণ্ডত আছে৷

একাদশ আৰু দ্বাদশ খণ্ডত উদ্ধৱৰ বিয়াৰ প্ৰসংগ আছে৷ বিয়াৰ বাবে কালিন্দীহঁত কামৰূপলৈ ঘূৰি আহিছে৷ বঙলা পিতেইৰ ককায়েক-ভায়েকহঁতৰ মাজত মাটি-বাৰী ভাগ-বতোৱাৰা হৈছে৷ বৰপুত্ৰ ইন্দ্ৰনাথক তৰ্কবাগীশ ব্যাকৰণশাস্ত্ৰী পঢ়াবৰ বাবে বেনাৰসলৈ পঠিওৱাৰ প্ৰসংগ, শান্তি হোৱাৰ আগতে নিজৰ ছোৱালী নাজিতৰাক ইন্দ্ৰনাথলৈ বিয়া দিবলৈ কৰা চিন্তা-চৰ্চা, কালিন্দীয়ে মনৰ অস্থিৰতাৰ পৰা ৰক্ষা পাবলৈ ধৰ্মপুথি পঢ়াৰ প্ৰসংগ এইটো অধ্যায়ত আছে৷

ত্ৰয়োদশ খণ্ডত জমিদাৰ আৰু পুৰোহিতৰ মাজৰ কেতবোৰ বাক-বিতণ্ডাৰ বিষয়ে আছে৷ এইখিনিত মাটিক কেন্দ্ৰ কৰি কেতবোৰ সংঘাত সৃষ্টি হৈছে৷ কমিউনিচ নেতা সৌমে ঠাকুৰ আৰু তেওঁৰ লগৰবোৰে বংগত কৰা আন্দোলন প্ৰতিবাদ, কৃষকৰ মাটিৰ বাবে কৰা বিভিন্ন কাৰ্যাৱলী, ৰায়গঞ্জ পিপলান পাটপিশু এৰি বঙলা পিতেই  ৰবালৈ গুচি যাবলৈ ওলোৱাৰ প্ৰসংগও এইটো খণ্ডত আছে৷ চতুৰ্দশ খণ্ডত বঙলা পিতেৰ জীয়েক নাজিতৰাৰ বিয়া হৈ যোৱা, গাঁৱৰ মূল ঘৰখনৰ প্ৰিয়ম্বদাৰ বেমাৰ আৰু বঙলা পিতে খবৰ লবলৈ বুলি কামৰূপলৈ অহা, প্ৰিয়ম্বদাৰ মৃত্যু, বঙলা পিতে পুনৰ বঙললৈ ঘূৰি অহা আৰু সেই স্থান একেবাৰে এৰি যাবলৈ জো-যা চলোৱা, কোচবিহাৰৰ ৰজাৰ ৰাজকুমাৰী গায়ত্ৰী দেৱীৰ বিয়া, বঙলা পিতেই মন্দিৰৰ কৰ্ম এৰি দি মুক্তি হোৱা আদি বিভিন্ন প্ৰসংগ আছে৷

পঞ্চদশ খণ্ডত পিতেৰ বাল্যবন্ধু নিত্যহৰিৰ বিয়াৰ সময়ত পৰুৱাই পোৱা ঘটনাৰ প্ৰসংগ আছে৷ সেইদৰে বঙলা পিতে এসময়ত ৰাজবাৰীৰ জমিদাৰৰ ঘৰৰ ব্ৰাহ্মণ আছিল বুলিও এই খণ্ডত স্মৰণ কৰা হৈছে৷ বঙলা পিতে নিজৰ যজমানি বৃত্তি এৰি নিত্যহৰিৰ ঘৰত থাকিবলৈ লোৱা, বাঁওপণ্ঠী আন্দোলন, ৰসিক ভাটৰ দৰে বিপ্লৱী কমুনিচ লৰাৰ প্ৰসংগ,  ৰসিকৰ লগত বঙলা পিতেৰ কথা-বাৰ্তা আদি বিষয়বোৰ আছে৷ আনকি কমুনিচ লৰাবোৰে কৃষক সভা কুঁহিয়াৰণিৰ মাজত, পথাৰৰ মাজতহে অনুষ্ঠিত কৰিছিল৷ স্বাধীনতাৰ বাবে কৰা আন্দোলন আৰু গান্ধীৰ প্ৰসংগও এই খণ্ডত আছে৷

ষোল নম্বৰ খণ্ডত ভানুবিল নামৰ ঠাইত হোৱা বিখ্যাত মানকাৰ বিদ্ৰোহৰ বৰ্ণনা আছে৷ এই খণ্ডত কমুনিচ লৰাবোৰে বঙলা পিতেৰ চোতালতো কৃষক সভা পাতিছেহি৷ বঙলা পিতেও তেওঁলোকৰ দৃষ্টিভঙ্গী আৰু কাম-কাজৰ লগত এক হৈ পৰিছে৷ চৰডাঙা, চাপৰিগংগা আদি অঞ্চলৰ দুখ-দৰিদ্ৰতাৰ প্ৰসংগ, বঙলা পিতেৰ ঘৰখনৰ সৈতে সেই অঞ্চলৰ মানুহখিনিৰ সম্পৰ্ক, ৰসিক ভাট পুলিচৰ নজৰলৈ অহাৰ প্ৰসংগ, চন্দ্ৰনাথক কোচবিহাৰৰ জেললৈ নিয়াৰ প্ৰসংগ, সময়ৰ পাকচক্ৰত পৰি কালিন্দীহঁতৰ পৰিয়ালটো পুনৰ দুখীয়া হৈ পৰাৰ প্ৰসংগ এইটো খণ্ডত আছে৷ সোতৰ নম্বৰ খণ্ডত মহাত্মা গান্ধীৰ প্ৰভাৱৰপৰা মুক্ত হৈ একাংশ মুছলমান লোকে কিদৰে মুছলীম লীগৰ সৈতে একাত্ম হৈ পৰিছিল, সেই সম্পৰ্কে আছে৷ ভাৰত বিভাজনৰ সময়ছোৱাত অসমৰ একাংশ মুছলমান লোকে কেনে ধৰণৰ ভূমিকা লৈছিল, তাৰ আভাস এইটো খণ্ডত দিয়া হৈছে৷ সেই সময়তে লড়কে লেংগে পাকিস্থানধ্বনি অসমতো আনকি শুনিবলৈ পোৱা গৈছিল৷ জমিদাৰী প্ৰথাৰ বিলুপ্তিৰ বাবে ৰাইজক সজাগ কৰিবলৈ বিপ্লৱী মৌলানা হাচানী অসমলৈ অহাৰ প্ৰসংগ এইটো খণ্ডত আছে৷

ওঠৰ নম্বৰ খণ্ডত চন্দ্ৰনাথক বিচাৰি বঙলা পিতে জে'ললৈ যোৱাৰ প্ৰসংগ আছে৷ ঘটনাৰ পাকচক্ৰত পৰি চন্দ্ৰনাথক ৰাজশাহী জে'ললৈ স্থানান্তৰ কৰা, বঙলা পিতেই সেই জে'ললৈ যাবলৈ কৰা পৰিকল্পনাৰ বিষয়ে এইটো অধ্যায়ত আছে৷ দিন বাগৰি যোৱাৰ লগে লগে ভাৰতবৰ্ষৰ কোনো কোনো ঠাইত গান্ধীৰ জনপ্ৰিয়তা কমি অহাৰ কথা-বতৰা ৰসিক ভাটৰ মুখেৰে বঙলা পিতেই শুনিবলৈ পাইছে৷ চন্দ্ৰনাথক জে'লৰপৰা উদ্ধাৰ কৰিবৰ বাবে বঙলা পিতেই গৈ ইটাহাৰৰ জমিদাৰৰ কাষ পাইছেগৈ৷ জমিদাৰেও বঙলা পিতেই অসহায় অৱস্থাটো দেখি সহায় কৰিবলৈ মন মেলিছে৷ বিজনী অঞ্চলৰ জমিদাৰৰ হতুৱাই কোচবিহাৰৰ মহাৰাজ জগৎ দীপেন্দ্ৰ নাৰায়ণদেৱৰ কাণ চোৱাবলৈ বুলি আশা বান্ধিছে তেওঁ৷ সেইদৰে হিন্দু-মুছলিমৰ মাজত হোৱা সাম্প্ৰদায়িত সংঘৰ্ষৰ প্ৰসংগও এইটো খণ্ডৰ শেষৰ ফালে আছে৷ 

ঊনৈছ নম্বৰ খণ্ডত পুনৰবাৰ দেশ বিভাজনৰ কথা অৱতাৰণা কৰা হৈছে৷ আকৌ এবাৰ দেশ বিভাজন হব বুলি জানি একাংশ মানুহে ভাৰতৰ ফালে মাটি-বাৰী কিনি ঘৰ সাজিছেহি৷ উদ্ধৱৰ মানসিক স্থিতি আৰু অৱস্থাটোৰ কথাও এইটো খণ্ডৰ আন এক গুৰুত্বপূৰ্ণ বিষয়৷ ইতিমধ্যেই মৌজাদাৰণীৰ গা বেয়া হৈ আহিছে৷ উদ্ধৱে মৌজাৰ সমস্ত দায়িত্ব চম্ভালি ল’ লগা হৈছে৷ এই খণ্ডতে ভাৰত-পাকিস্তান ৰাষ্ট্ৰ দুখনে স্বাধীনতা লাভ কৰিছে৷ বিছ নম্বৰ খণ্ডত ভাৰতৰ স্বাধীনতা লাভৰ পাছত ক্ষমতাৰ বাবে হোৱা খোৱা-কামোৰা, নেহৰুৰ ঐতিহাসিক ভাষণৰ কথা আছে৷ ৰিফিউজি লন লৈ ভাৰতলৈ হিন্দুসকল আহিছে৷ সেইদৰে কামৰূপৰপৰা উদ্ধৱ আহি বঙলা পিতেৰ কাষ পাইছেহি৷ ৰাজনৈতিক কাৰণৰ বাবে চন্দ্ৰনাথৰ মুক্তি হোৱাৰ আশা ক্ৰমান্বয়ে ক্ষীণ হৈ আহিছে৷ মুঠতে ৰাজনীতিৰ ভাগ-বাটোৱাৰাই ভাৰত-পাকিস্তানক অশান্ত কৰি তুলিছে৷ এই ধৰণৰ কথা-বতৰাবোৰ এই খণ্ডত মৰ্মস্পৰ্শীভাৱে বৰ্ণনা কৰা হৈছে৷ একৈছ নম্বৰ খণ্ডত মৌজাদাৰণীৰ মৃত্যু হৈছে৷ বাইছ নম্বৰ খণ্ডত উদ্ধৱৰ পত্নী মণিয়ে মৌজাদাৰৰ ঘৰৰ দায়িত্বৰপৰা উদ্ধৱক আঁতৰি আহিবলৈ বুজনি দিছে৷ মৌজাৰ চোৱা-চিতা মৌজাদাৰণীৰ বোৱাৰীয়েক দীপা আইদেৱে কৰিবলৈ লৈছে৷ চন্দ্ৰনাথক উদ্ধাৰ কৰিব পাৰিলেই বঙলা পিতেৰ পৰিয়ালটো বঙলৰপৰা কামৰূপলৈ গুচি অহাৰ আলচ চলিছে৷ 

তেইছ নম্বৰ খণ্ডত চন্দ্ৰনাথৰ খালাচৰ বাতৰি আহি পাইছে আৰু চৌবি নম্বৰ খণ্ডত সি মুক্তি পাই ঘৰলৈ আহিছে৷ ইতিমধ্যেই ভাৰত-পাকিস্তানৰ বিভাজনৰ কথা শুনি চন্দ্ৰনাথ আচৰিত হৈ পৰিছে৷ চন্দ্ৰনাথ অহাৰ পাছতেই  বঙলা পিতেই বঙল এৰিবলৈ যো-জা কৰিছে৷ পঁচিছ নম্বৰ খণ্ডত বঙলা পিতেই বঙল এৰিছে আৰু গোবিন্দ ঠাকুৰৰ ঘৰত এৰাটি কটাই পুনৰ ভাৰত-পাকিস্থানৰ বৰ্ডাৰলৈ বাট লৈছে৷ অৱশ্যে বাটতেই শাৰিৰীক কাৰণত বঙলা পিতে অৰ্থাৎ অনন্ত ঠাকুৰৰ মৃত্যু হৈছে৷ ছাবিছ নম্বৰ খণ্ডত বঙলা পিতেৰ মৃত শৰীৰটো নিজৰ ঘৰলৈ লৈ যোৱাৰ বাবে কথা-বতৰা চলিছে৷ বিভিন্ন কাৰণত প্ৰথমতে মৃত শৰীৰটো নিবলৈ বাধা অহা স্বতেও অৱশেষত চন্দ্ৰনাথে বুঢ়াদিয়া নৈৰ পাৰলৈ বঙলা পিতেৰ শৰীৰটো লৈ গৈছে আৰু তাতেই উপন্যাসখনৰ কাহিনীৰ অন্ত পৰিছে৷

উপন্যাসখনৰ প্ৰায়বিলাক খণ্ডতেই কামৰূপ অঞ্চলৰ কথিত ভাষা প্ৰয়োগ কৰা হৈছে৷ চৰিত্ৰসমূহৰ মুখত কথিত শব্দৰ ব্যৱহাৰে উপন্যাসখনকে এক সুকীয়া মাধুৰ্য আৰু গতিশীলতা প্ৰদান কৰিছে৷ দুই-এটি চৰিত্ৰৰ বাহিৰে বাকী প্ৰত্যেকটো চৰিত্ৰকে নামমাত্ৰ উপস্থাপনৰ দ্বাৰাই ঔপন্যাসিকে সমসাময়িক সমাজখনৰ বিষয়ে ধাৰণা দিবলৈ যত্ন কৰিছে৷ উপন্যাসখনৰ শেষৰফালে দেশ বিভাজনৰ ফলশ্ৰুতিত বংগত হোৱা অন্যায়, অনিয়ম, হত্যা, প্ৰতিবাদ আদিৰ বৰ্ণনাৰ লগতে নতুনকৈ দেশ হিচাপে স্বীকৃতি পোৱা ভাৰতবৰ্ষৰ পুলিচৰ শাসন ব্যৱস্থাটোৰ প্ৰসংগও আহি পৰিছে৷ 

ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ যুগক ধৰি ৰাখিবলৈ উপন্যাসখনৰ কাহিনীভাগ সক্ষম হৈছে৷ বিষয়ৰ পুংখানুপুংখ বিৱৰণ বহু সময়ত আমনিদায়ক হৈ পৰিছে যদিও এই বিৱৰণ সামাজিক উপন্যাসৰ এটি মূল বৈশিষ্ট্যও৷ অতীতৰ সমাজ এখন বৰ্তমানৰ পাঠক সমাজৰ মাজলৈ বাস্তৱতাৰ ভিত্তিত উপস্থাপন কৰিবলৈ বিৱৰণধৰ্মিতাই যে মুখ্য সমল হৈ পৰিব পাৰে; ‘বঙল বহু দূৰউপন্যাসখন ইয়াৰ উৎকৃষ্ট উদাহৰণ৷

ঠিকনা :

গৱেষক ছাত্ৰ,

গুৱাহাটী বিশ্ববিদ্যালয়,

ভ্ৰাম্যভাষ : ৮৭৫১৯৪৩৩৮৭ 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ