অনু: ড˚ পোনা মহন্ত
প্ৰকাশক: বান্ধৱ, গুৱাহাটী
মূল্য: ২০০.০০
চুইছ ভাষা বিজ্ঞানী Ferdinand De Saussure (১৮৫৭-১৯১৩)-এ নব্য বৈয়াকৰণ (Neo-grammarians) গোষ্ঠীৰ পৰা ভাষাবিজ্ঞানৰ অধ্যয়ন কৰিছিল। নব্য বৈয়াকৰণ গোষ্ঠী বৈজ্ঞানিক
দৃষ্টি ভংগীৰ অধিকাৰী হ’লেও সেয়া তুলনামূলক আৰু ঐতিহাসিক ব্যাকৰণৰ পৰিধিতিহে তাক
প্ৰয়োগ কৰিছিল। কিন্তু চচ্যুৰে এই বৈজ্ঞানিক পদ্ধতি বৰ্ণনামূলক ভাষাবিজ্ঞানৰ (Descriptive
linguistics) ক্ষেত্ৰখনলৈ আনিলে। চচ্যুৰে জেনেভা বিশ্ববিদ্যালয়ত তুলনামূলক ব্যাকৰণ আৰু
সংস্কৃতৰ অধ্যাপনা কৰিছিল। (১৮৯১-১৯০৭)। তেওঁ হুহটানিৰ সংস্কৃত ব্যাকৰণ পঢ়িছিল, সেয়ে তেওঁ পাণিনিৰ ব্যাকৰণৰ
বৰ্ণনামূলক পদ্ধতিৰ লগত পৰিচয় নিশ্চয় হৈছিল। চচ্যুৰক পাশ্চত্য বৰ্ণনামূলক
ভাষাবিজ্ঞানৰ প্ৰৱৰ্তক বোলা হয়। এওঁৰ যুগান্তকাৰী মতবাদৰ যোগেদিয়েই পাশ্চত্য ভাষা
বিজ্ঞানে আধুনিক যুগত প্ৰৱেশ কৰে। জেনেভা বিশ্ববিদ্যালয়ত পাঠ দান কৰোঁতে নিজস্ব
মতবাদ ব্যাখ্যা কৰে। চচ্যুৰৰ মৃত্যুৰ পিছত তেওঁৰ ছাত্ৰ Charles Bally আৰু Albert Sechehaye-এ Cours de
Linguistique Generale অৰ্থাৎ Course in General
Linguistics প্ৰকাশ কৰে ১৯১৫ চনৰ জুলাই মাহত। উল্লেখযোগ্য চচ্যুৰে শ্ৰেণী কোঠাত দিয়া
বক্তৃতাৰ এয়া গ্ৰন্থ ৰূপ। নিজে তেওঁ গ্ৰন্থখন লিখা নাছিল। ইয়াৰ পিছত বিশ্বৰ
বিভিন্ন ভাষালৈ গ্ৰন্থখন অনূদিত হয় আৰু পাশ্চাত্য, ভাষাবিজ্ঞানত বিপ্লৱৰ সূচনা হয়। কেৱল বৰ্ণনামূলক ভাষা বিজ্ঞানেই ভাষা সম্পৰ্কে
দৃষ্টি ভংগীকে পৰিৱৰ্তন কৰে। চচ্যুৰ পূৰ্বৱতী ভাষাবিজ্ঞানীয়ে ভাষাৰ খণ্ড খণ্ড
উপাদানবোৰ বিশে¡ষণ কৰিছিল। কিন্তু চচ্যুৰে ভাষাৰ উপাদানবোৰৰ অখণ্ডৰূপৰ পাৰস্পৰিক সম্পৰ্ক
তাৎপৰ্যপূৰ্ণ হয় বুলি বিশ্বাস কৰিছিল সেয়ে কোনা কোনো পণ্ডিতে চচ্যুৰে ভাষাবিজ্ঞানৰ
ধাৰণাক অখণ্ড ভাষাবিজ্ঞান বা Macro-linguisties বুলি ধাৰণা কৰিছিল এয়া চচ্যুৰৰ মৌলিক অৱদান। ইয়াৰ আধাৰতেই পৰৱৰ্তী কালত ভাষাৰ
গঠনবাদী (Structuralist) মতবাদ গঢ় লৈ উঠে। তেওঁ নব্য
বৈয়াকৰণ গোষ্ঠীৰ অন্যতম Hermann Osthoff আৰু Leskien আছিল তেওঁৰ শিক্ষক। কিন্তু শিক্ষক সকলৰ দৃষ্টি ভংগীৰ পৰা আঁতৰি আহি নব্য
চিন্তা-চেতনা গঢ় লৈ মৌলিকতাৰ পৰিচয় দিছিল। তেওঁ জাৰ্মানীৰ লেইপৎজিগ বিশ্ববিদ্যালয়ৰ
ছাত্ৰ হৈ থাকোঁতেই ১৮৭৯ চনত Memoire sur le system primitif des voyelles dans les langues
indo-europeennesক্স (Memoire on the orginal system of vowels in
the Indo-European Language) প্ৰকাশ কৰাৰ লগে লগে বিদ্বৎ সমাজৰ লগত পৰিচয হয়þ। জাৰ্মানীৰ পৰা ফ্ৰান্সলৈ ঘূৰি আহি পেৰিছৰ School of Advance Studies-ত সংস্কৃত, গথিক আদি ভাষা অধ্যয়ন কৰাৰ লগে লগে অধ্যাপনাও কৰিছিল (১৮৮১-৯১) ১৮৯১ চনত
চুইজাৰলেণ্ডলৈ ঘূৰি আহি হে জেনেভা বিশ্ববিদ্যালয়ত যোগ দিছিল।
তেওঁ অৰ্থ meaning বাদ দি কেৱল বাহ্যিক গঠন (‘Gestalteinheit’ structure ৰ ওপৰত গুৰুত্ব দিয়ে। সেয়ে এয়া গঠন সৰ্বস্বতাবাদৰ (Structuralism) পূৰ্ব সূচনা বুলি ধৰিব পাৰি। তেওঁ ভাষাৰ বাহ্যিক গঠনৰ এক কালিক (Synchronic) বিশে¡ষণক প্ৰাধান্য দিছে। তেওঁৰ আন এটা মৌলিক সংযোজন হ’ল Langue (ভাষা) আৰু parole লোক কথা বা লোক ভাষা। দ্বিতীয়টো (Parole) দৈনন্দিন জীৱনত ব্যৱহত। এয়া বিমিশ্ৰ (heterogeneous) ব্যক্তিৰ লগতে সমাজৰো এয়া ভাব বিনিময়ৰ মাধ্যম। কিন্তু ইয়াত সংহতি বা সুবিন্যাস নাই। চচ্যুৰৰ এই মতবাদৰ আধাৰতেই নোম্ চম্স্কিৰ T. G. Grammar অৰ্থাৎ Tramformational Generative Grammar. চচ্যুৰৰ Langue আৰু parole ৰ আধাৰতেই চম্স্কিয়ে competence আৰু performance ৰ ধাৰণা হৈছিল। চচ্যুৰ মৌলিকত্ব হ’ল তেওঁ কালক্ৰমিক আৰু ঐতিহাসিক (diachronic) আৰু এককালিক (syncronic) ৰূপে ল’লেও এককালিক ভাষাতহে গুৰুত্ব দিছিল। এইটোৱেই আছিল চচ্যুৰৰ মহৎ কৃতি।
এই গ্ৰন্থখনকে মৰসাাহ কৰি ড˚ পোনা মহন্তই অনুবাদ কৰিছে। অনুবাদ কৰিবলৈ অনুবাদকৰ ভালেখিনি প্ৰস্তুতি লাগে উৎসভাষা (Source Language) আৰু লক্ষ্য ভাষাৰ (Target Language) ধৰ্ম যথাযথভাৱে ৰক্ষা কৰাটো বৰ টান কাম। কিয়নো বিশ্বৰ সকলো ভাষাৰ প্ৰতিটো শব্দৰ লগত সংশ্লিষ্ট ভাষা-ভাষীৰ গাঁথনিক ধৰ্মৰ লগতে সাংস্কতিক ধৰ্মৰ বন্ধন সংযুক্ত হৈ থাকে। কবিতা, গল্প, উপন্যাস অনুবাদ কৰোতে কেতিয়াবা ই অনুসৃষ্টি (transcreation) বা অধিসৃষ্টিলৈ (ড˚ মহেন্দ্ৰ বৰাই trancreation-ক অধিসৃষ্টি বুলিছিল।) হ’ব পাৰে। কিন্তু ভাষাবিজ্ঞানক অনুসৃষ্টি কোনো পধ্যেই কৰিব নোৱাৰি। সেয়ে তত্ত্ব আৰু তথ্যই লক্ষ্য ভাষাত একে সংস্কৃতিক ধৰ্ম পালন কৰিবই লাগিব। বিজ্ঞানৰ তত্ত্বৰ দৰে ভাষা বিজ্ঞানীৰ বৰ্ণনাবোৰ সম্পূৰ্ণ, শুদ্ধ আৰু মিতব্যয়ী। কোনো অতিৰঞ্জিত বা কল্পিত কথা তাত নাথাকে। আন বিজ্ঞানত অনুমান, প্ৰমাণ, নিৰীক্ষণ আদিৰে আৰোহী সিদ্ধান্ত গ্ৰহণ কৰে ভাষাবিজ্ঞানীয়েও নিৰীক্ষণ অনুমান গঠন ( hypothesis formation) পৰীক্ষাৰ দ্বাৰা সিদ্ধান্ত লয়। তদুপৰি পৰিভাষাৰ সমস্যা আছেই। ভাষাৰ অধ্যয়নৰ কাৰণে যিবোৰ যন্ত্ৰ ওলাইছে তাৰ অসমীয়া পৰিভাষা এতিয়ালৈকে যুগুত হোৱাই নাই। উদাহৰণস্বৰূপে kymograph, chromograph, mingograph ইয়াৰ অসমীয়া কি হ’ব। সম্প্ৰতি কম বেছি পৰিমাণে প্ৰায়বোৰ বিষয়ৰে পৰিভাষা ওলাইছে। কিন্তু ভাষাবিজ্ঞানৰ পৰিভাষাৰ কোনো কিতাপ ওলোৱা নাই। অৱশ্যে ড˚ গোলোক চন্দ্ৰ গোস্বামীয়ে ‘ধ্বনিবিজ্ঞানৰ ভূমিকা’ গ্ৰন্থ যুগুতাই প্ৰমাণ কৰিলে যে অসমীয়া ভাষাত পৰিভাষা নাথাকিলেও এনে গ্ৰন্থ ৰচনা কৰিব পাৰি। অৱশ্যে সেইখন গ্ৰন্থত কিছুমান শব্দৰ পৰিভাষা দিয়া হৈছে। গ্ৰন্থখন ফৰাছী ভাষাত লিখা ১৯৫৯ চনত আমেৰিকাত ইংৰাজী ভাষালৈ অনুবাদ হয়। তাৰ এবছৰৰ (১৯৬০) পিছত ইংলেণ্ডত প্ৰকাশ হয়। ড˚ মহন্তই তলত দিয়াৰ দৰে পৰিভাষা যুগুতাই লৈছে— signted— সূচিত, signifier— সূচক, semiology— সংকেত তত্ত্ব, teratological study— ভাষা-বিকৃতি অধ্যয়ন, ideographicsystem— ভাব লেখন পদ্ধতি ইত্যাদি। অনুবাদকে এই গ্ৰন্থখন অসমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মূল ইংৰাজীৰ পৰা অনুবাদ কৰিবলৈ যাওঁতে বহুত অসুবিধাৰ সন্মুখীন হোৱা দেখা যায়। গ্ৰন্থখনৰ (প্ৰথম খণ্ড) “ধ্বনি বৈজ্ঞানিক আৰু সংকেতৰ প্ৰকৃতি” এই অংশটো অনুবাদ কৰিছিলোঁ। প্ৰতিটো বাক্যৰ প্ৰতিটো শব্দ গভীৰ অনুধ্যান নকৰিলে এইখন অনুবাদ অসম্ভৱ অৱশ্যে মহন্তই ব্যৱহাৰ কৰা দুই এটা শব্দৰ প্ৰতিশব্দ বিশেষকৈ চিহ্ন (sign) চিহ্নিত (signified) চিহ্নক (signifier) কৰা হৈছিল যদিও ড˚ মহন্তৰ অনুবাদ আমাতকৈ ওখ।
গ্ৰন্থখন অনুবাদ কৰি ড˚ মহন্তই অসমীয়া ভাষা আৰু ছাত্ৰ-ছাত্ৰীৰ মহৎ উপকাৰ সাধিলে। এতিয়া চচ্যুৰৰ ব্যাকৰণ পঢ়িবলৈ কোনো অধ্যাপকে ঘণ্টাৰ পিছত ঘণ্টা এটা শব্দৰ অৰ্থ নিষ্পত্তি কৰিবলৈ ধ্যানমগ্ন হ’ব নালাগে। এই পূৰ্ব অভিজ্ঞতা শিক্ষকৰূপে আমাৰ হৈছিল। অনুবাদত লেখকৰ ভাষাবিজ্ঞানৰ ক্ষেত্ৰখনত বিচৰণ কৰা মানুহজন প্ৰজ্ঞা, জ্ঞানৰ সূষম সমন্বয় সাধিত হৈছে। প্ৰতিজন ভাষাবিজ্ঞানৰ ছাত্ৰই গ্ৰন্থখন অনিবাৰ্য্যভাৱে পঢ়া উচিত তেতিয়াহে ড˚ মহন্তই সাধনাৰ সিদ্ধিবস্তু লাভ কৰিব পাৰিব। ড˚ মহন্ত এনে মহতো মহীয়ান কৰ্মযজ্ঞৰে আগবাঢ়ি গৈ থাকক।