অন্যযুগ/


উত্তৰণৰে জীৱনক মহীয়ান কৰা মানুহৰ কাহিনীৰে উপন্যাস ‘বকুল ফুলৰ দৰে’

গীতিকা শইকীয়া

জীৱনৰ উত্তৰণৰ দিশত শিক্ষাৰ ভূমিকা সৰ্বাধিক। হাজাৰ দুৰ্যোগৰ পাছতো আখৰ লিখিবলৈ, পঢ়িবলৈ থকা দুৰ্বাৰ হাবিয়াসৰ ফলতেই নিজৰ জীৱন গঢ়া বহু সফল ব্যক্তিৰ জীৱন-সংগ্ৰামৰ বিষয়ে পঢ়িবলৈ পোৱা যায়। দৰাচলতে শূন্যৰ পৰা আৰম্ভ কৰি জীৱনটোক উত্তৰণৰ বৰ্ণিল শিখাৰে জিলিকাই তুলিব পৰাটোতেই জীৱনক জিকাৰ মূলমন্ত্ৰ হব পাৰে। অৱশ্যে উত্তৰণৰ এই পথ সহজসাধ্য কেতিয়াও নহয়। কিন্তু কণ্টকময় কষ্টৰ পথেদি খোজ নিদিলে আলাসতে সফলতা পোৱাটো স্বাভাৱিকতেই সম্ভৱ নহয়। যিমান কষ্ট হলেও লক্ষ্যপ্ৰাপ্তিৰ আশাৰে নিজক উজ্জীৱিত কৰি জীৱনৰ যুঁজত আগবঢ়াই নিব পৰাৰ মানসিকতাইহে মানুহক উত্তৰণৰ পথেদি অগ্ৰসৰ কৰি লক্ষ্যপ্ৰাপ্তিত সহায় কৰিব পাৰে।

° মৃণাল কলিতাৰ প্ৰথমখন উপন্যাস বকুল ফুলৰ দৰেত এনে এক সামাজিক বাৰ্তাৰেই প্ৰকাশ দেখা গল। সাধাৰণ দৃষ্টিত এই উপন্যাসখন শৈশৱ-কৈশোৰৰ আলি-দোমোজাত থকা সমাজৰ নতুন প্ৰজন্মক উদ্দেশ্য কৰি লিখা হৈছে যেন লাগে যদিও কাহিনীৰ সাৰ্বজনীনতাই সমাজৰ সকলো বয়সৰ পাঠককে সন্মোহিত কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে ২০১৫ চনৰ নৱেম্বৰত প্ৰথম প্ৰকাশ হোৱা উপন্যাসখনৰ বৰ্তমানলৈকে দহটাকৈ সংস্কৰণ প্ৰকাশিত হৈছে।

এটা কথা অনস্বীকাৰ্য যে লেখকে লিখাৰ অন্তৰালত নিজৰ মন-মগজুৰে কিবা এটা কোৱাৰ এক দুৰ্নিবাৰ তাড়না অনুভৱ কৰে। সেই তাড়নাত পৰি নিজৰ লগতে চাৰিওফালে দেখি থকা সমাজ-ব্যৱস্থা, পৰিৱেশৰ নিখুঁত বৰ্ণনাৰে সাহিত্যিকে সাহিত্যকৰ্মৰ যোগেদি একোটা সময়ক প্ৰতিনিধিত্ব কৰিবলৈ চেষ্টা কৰে। প্ৰকৃততে সেইখিনিকে সাহিত্যিক এগৰাকীৰ সমাজৰ প্ৰতি, মানুহৰ প্ৰতি দায়বদ্ধতা বুলি কব পাৰি। সেই দায়বদ্ধতাৰ কাৰণেই ৰবাৰ্ট লুৱেলীনৰ হাউ গ্ৰীণ ৱাজ মাই ভেলীবিশ্ব সমাদৃত। জ্ঞানপীঠ বঁটা বিজয়ী ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ অমৰ সৃষ্টি মৃত্যুঞ্জয়ৰ সাৰ্বজনীন সমাদৰ আজিও আছে। ভাৰতৰ স্বাধীনতা আন্দোলনৰ ঘটনাৱলীৰ মৰ্মস্পৰ্শী চিত্ৰণেৰে দেশৰ বাবে জীৱন উছৰ্গা কৰিবলৈ প্ৰস্তুত সংগ্ৰামী মানুহক লৈ ৰচিত কাহিনীটোত থকা বিশ্বজনীনতাৰ কাৰণেই মৃত্যুঞ্জয় উপন্যাসখনে পাঠকৰ পৰা সমাদৰ লাভ কৰি আহিবলৈ সক্ষম হৈছে।

মানুহৰ জীৱনৰ এই কঠোৰ সংগ্ৰামৰ কথাকে সাৰোগত কৰি ড° মৃণাল কলিতাই তেখেতৰ প্ৰথমখন উপন্যাস বকুল ফুলৰ দৰেলিখিছে। দৰিদ্ৰতাই গ্ৰাস কৰা এটি কিশোৰৰ শিক্ষাৰ প্ৰতি থকা অদম্য স্পৃহা তথা তাৰ বাবে কৰা অসাধ্য সাধন  আৰু আন এটি ৰোগীয়া কিশোৰৰ নিষ্কলুষ হৃদয় আৰু অদমনীয় মনোবলেৰে নিজকে উত্তৰণৰ দিশলৈ লৈ যোৱাৰ আকৰ্ষণীয় কাহিনীৰে উপন্যাসখনে পাঠকৰ হৃদয়ক আলোড়িত কৰিবলৈ সক্ষম হৈছে। 

উপন্যাসখনৰ কাহিনীটো অসীম নামৰ এটি কিশোৰৰ সংশয়জড়িত মনৰ দ্বিধা তথা দ্বন্দ্বৰে আৰম্ভ হৈছে। মদপী পিতৃৰ পৰিয়ালৰ প্ৰতি দায়িত্বহীনতাই অসীমক বয়সৰ আগতেই প্ৰাপ্তবয়স্কৰ দৰে চিন্তা-চৰ্চাৰে নিজৰ জীৱনৰ সিদ্ধান্ত লবলৈ বাধ্য কৰোৱায়। পিতৃৰ অমোনযোগিতাৰ বিপৰীতে দুখুনী মাতৃৰ শিক্ষাৰ প্ৰতি হেঁপাহ আছে, কিন্তু দৰিদ্ৰতাই গ্ৰাস কৰা ঘৰখনত আনৰ ঘৰত কাম কৰি পোৱা দুপইচাৰে পেটৰ ভাতমুঠিৰ যোগাৰ কৰাৰ বাহিৰে অসীম আৰু ভনীয়েকক পঢ়ুওৱাটো কোনোপধ্যেই সম্ভৱ নহয়। হাইস্কুলৰ তলৰ শ্ৰেণীতেই নিজৰ মেধাৰে শিক্ষকৰ প্ৰিয়পাত্ৰ হৈ পৰা অসীমে ঘৰখনৰ অভাৱক হৃদয়ংগম কৰি ওপৰৰ শ্ৰেণীলৈ উঠাৰ লগে লগে পঢ়াৰ ক্ষেত্ৰত অমনোযোগী হৈ পৰে। লঘোণীয়া পেটৰ দায়ে অসীমৰ স্কুললৈ যোৱাৰ আগ্ৰহক মষিমূৰ কৰি পেলায়। খাবলৈ এসাজৰ বাবেও চিন্তা কৰি ঘৰখনৰ দায়িত্ব লৈ নিজে নপঢ়ি অন্ততঃ ভনীয়েককে পঢ়ুওৱাৰ আশাৰে অসীমে স্কুল এৰি শিলৰ কুৱেৰীত কাম কৰিবলৈ আৰম্ভ কৰে।

কিন্তু অভাৱত পৰি স্কুল এৰা কথাটো অসীমৰ কোমল হৃদয়ৰ বন্ধু নিৰ্মলে সহ্য কৰিব নোৱাৰে। অসীমৰ পঢ়াৰ প্ৰতি ধাউতি কমি যোৱাৰ ফলত নিৰ্মলেই শ্ৰেণীত প্ৰথম হয় যদিও সেই সফলতাই নিৰ্মলক সন্তুষ্টি দিব নোৱাৰে। কাৰণ নিৰ্মলে জানে যে অসীম অতুলনীয় মেধাৰ অধিকাৰী।

আনহাতে অসীমৰ আৰ্থিক অসুবিধাৰ দৰেই নিৰ্মলৰো শাৰীৰিক অসুস্থতা পঢ়া-শুনাৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ হৈ আহে। তথাপি নিৰ্মলে হাৰ নামানে আৰু সেয়ে অসীমকো হাৰ নামানি আগ বাঢ়ি যোৱাত সহায় কৰিবলৈ বিচাৰে। এই শাৰীৰিক আৰু আৰ্থিক বাধাক নেওচি উত্তৰণৰ দিশে আগবাঢ়ি যোৱাৰ লগতে দুয়োটি কিশোৰৰ ইটোৰ সিটোৰ প্ৰতি নিঃস্বাৰ্থ বন্ধুত্ব কাহিনীটোৰ এটি উল্লেখনীয় দিশ।

যি নহওক, নিৰ্মলৰ লগতে স্কুলৰ শিক্ষক-শিক্ষয়ত্ৰী সকলোৰে অসীমৰ মেধাৰ প্ৰতি বিশ্বাস আছিল। অত্যন্ত কাঢ়া মহেন্দ্ৰ মাষ্টৰেও ভাবিছিল যে ডাঙৰ হৈ অসীমে স্কুলখনলৈ গৌৰৱ কঢ়িয়াই আনি হীৰাৰ দৰেই জিলিকি উঠিব। অসীমে দৰিদ্ৰতাৰ সন্মুখত হাৰ মানিবলগীয়া হোৱাটো তাৰ প্ৰিয়বন্ধু নিৰ্মলে মানি লব নোৱৰালৈকে অসীমৰ পৰিস্থিতি, নিৰ্মলৰ অসীমৰ প্ৰতি বন্ধুত্বৰ দায়বদ্ধতাক সুন্দৰভাৱে প্ৰতিফলিত কৰি ঔপন্যাসিকে এক প্ৰকাৰৰ এটা বাট প্ৰশস্ত কৰিছে, যি বাটেৰে অসীমক, তথা নিৰ্মলকো উত্তৰণৰ বাট দেখুৱাবলৈ অনুভৱ মাষ্টৰৰ ৰূপত এজন দেৱদূতসদৃশ শিক্ষকৰ আগমন ঘটিছে। অনুভৱ মাষ্টৰে অসীমক পুনৰ স্কুললৈ ঘূৰাই আনিবলৈ সক্ষম হয়। দশম মানৰ প্ৰায় তিনিমাহ শ্ৰেণীত অনুপস্থিত থকা অসীমক ঘূৰাই আনি নিৰ্মলৰ সতে পঢ়া-শুনা চোৱাৰ পৰা অসীমৰ আৰ্থিক জোৰা মাৰিবলৈও অনুভৱ মাষ্টৰে বাট দেখুৱাই দিয়ে। পোহৰৰ বাটৰ এই উজ্জ্বলতাই অসীমক বাৰুকৈয়ে মোহিত কৰে। নিৰ্মলৰ লগতে অসীমেও মেট্ৰিকৰ পৰীক্ষাত ৰাজ্যখনৰ ভিতৰতে স্থান লাভ কৰি সকলোকে চমক খুৱাই দিয়ে।

 এইখিনিতে উল্লেখ কৰিব খুজিছোঁ যে ঔপন্যাসিকে অনুভৱ মাষ্টৰৰ জৰিয়তে যি ধৰণেৰে সৰলীকৰণ কৰি অংক কৰাৰ আনন্দ লাভ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক দেখুৱালে সেইখিনি কাহিনীটোৰ আন এটি বিশেষ বৈশিষ্ট্য। বাস্তৱিকতে অংকৰ প্ৰতি ভয় থকা মানুহেও উপন্যাসখনৰ এইখিনি পঢ়ি পূৰামাত্ৰাই আনন্দ লাভ কৰিব পাৰে।

অনুভৱ মাষ্টৰৰ শিক্ষণ পদ্ধতিত নতুনত্ব থকাটোও সময়ৰে দাবী। তেওঁ নতুন ধ্যান-ধাৰণাৰ বাহক। ঔপন্যাসিকে পিছে এই নতুন আৰু পুৰণিৰ সংঘাতক কাহিনীটোত বৰ বেছি গুৰুত্ব দিয়া নাই। তাতকৈ দুয়োটি পদ্ধতিৰ তুলনাতকৈ যে দুয়ো পদ্ধতিতে যে ছাত্ৰৰ উজ্জ্বল ভৱিষ্যতৰ লক্ষ্যহে গুৰুত্বপূৰ্ণ সেইটো পাকে-প্ৰকাৰে দৰ্শোৱা হৈছে। কাৰণ পদ্ধতি ভিন্ন হলেও উদ্দেশ্য একেটাই! ছাত্ৰ-ছাত্ৰীৰ পৰা ভাল ফলাফল আদায় কৰা।

অৱশ্যে কাহিনীৰ আৰম্ভণিতে অসীমৰ অধঃপতন হোৱা বুলি ধৰি লৈ মহেন্দ্ৰ মাষ্টৰে অসীমক শাস্তি দিয়াটোত হয়তো বহুতো পাঠকৰ মনত তেনে কাঠচিতীয়া শিক্ষকৰ প্ৰতি খং উঠাটো স্বাভাৱিক। কিন্তু ঔপন্যাসিকে কাহিনীটোত বৰ্ণিত শিক্ষকৰ কোনো এটা চৰিত্ৰকো বেয়া বুলি কব খোজা নাই। কাৰণ পৰিস্থিতি, পৰিৱেশ আদিৰ ফলতহে শিক্ষক বুলিয়েই নহয়, যিকোনো মানুহৰে স্বভাৱ ভিন্ন হব পাৰে। শেহত অসীম আৰু নিৰ্মলৰ পৰীক্ষাৰ ফলাফলত সেই খঙাল মাষ্টৰৰ আনন্দৰ স্বতঃস্ফূৰ্ত প্ৰকাশ দেখুৱাই উপন্যাসিকে বুজাব বিচাৰিছে যে সকলোৰে নিজে বুজা বা আনক বুজোৱা পদ্ধতি ভিন্ন হোৱাটো স্বাভাৱিক।

সেয়েহে আগতে অধঃপাতে যোৱা বুলি হাতত বেতেৰে কোবাই তেজ উলিয়াই দিয়াৰ অপৰাধত নিজকে দোষী বুলি এক প্ৰকাৰ অপৰাধবোধ বহন কৰি ফুৰা মহেন্দ্ৰ মাষ্টৰে মেট্ৰিক পৰীক্ষাৰ ফলাফল দেখি অসীমক সকলোৰে আগতে সাবটি ধৰি ফেঁকুৰি উঠিছে। এই সকলোখিনিৰে ঔপন্যাসিকে এইটোকে প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে যে ভাল-বেয়া কথাবোৰ পৰিস্থিতিসাপেক্ষহে, চিৰন্তন নহয়।

এইদৰে প্ৰচলিত সমাজ ব্যৱস্থাত অভ্যস্ত হৈ পৰা শিক্ষকৰ চৰিত্ৰৰ পৰা কেৱল শাস্তি দিহে শিক্ষা দিব পাৰি বুলি ভবা শিক্ষক তথা নিজৰ দোষ অনুভৱ কৰিবলৈ সক্ষম হোৱা শিক্ষকৰ পৰা অনুভৱ মাষ্টৰৰ দৰে ছাত্ৰ-ছাত্ৰীৰ প্ৰতি সহনশীল শিক্ষকলৈকে শৈক্ষিক ক্ষেত্ৰৰ এখন সফল ছবি উপন্যাসখনত দেখিবলৈ পোৱা গল।

উপন্যাসখনত সমসাময়িক সমাজখনৰো ছবি স্পষ্টকৈ তুলি ধৰিবলৈ উপন্যাসিকে প্ৰয়াস কৰিছে। গাঁওখনত কেৱল অসীমৰ পিতৃয়েই যে একমাত্ৰ মদপী সেইটো নহয়। স্বাধীনতাৰ অত বছৰৰ পিচতো বিকাশ ৰুদ্ধ সমাজখনত মানুহৰ মাজত হতাশাই ছানি ধৰিছে। মদ-ভাঙ, জুৱাৰে দূষিত হৈ পৰা সেই সমাজখনত মানুহে সুবিধা পালেই আনক উদঙাই দিয়াৰ চেষ্টা কৰে। ৰঘূমলাৰ দৰে গাঁৱৰ অলিয়ে গলিয়ে ঠন ধৰি উঠা মদৰ গলিবোৰত অঞ্চলৰ বহুতেই মদ খায়। কিন্তু অসীমৰ দৰিদ্ৰ পিতৃক মদ খোৱাৰ অপৰাধত ধৰি-বান্ধি চুলি খুৰাই দিয়াৰ ঘটনাটো যেন উপন্যাসিকে বিশেষ গুৰুত্ব দি কাহিনীটোত সংলগ্ন কৰিছে। ইয়াৰ জৰিয়তে হয়তো আন কিছু দিশক উনুকিয়াই দিয়াৰ প্ৰয়োজন আছিল। কাৰণ অসীমে শিলৰ কুৱেৰীত শিল ভাঙি ঘৰখনৰ কাৰণে এমুঠি অন্নৰ যোগাৰ কৰা কথাটোত মদপী পিতৃয়ে দুখ বা দোষী অনুভৱ নকৰে। তাৰ বিপৰীতে কিশোৰ পুত্ৰৰ সেই কষ্টৰে ঘটা টকাকেইটা মদ খাবলৈ জোৰ কৰি লৈহে যায়। কিন্তু মদপী পিতৃৰ বাবে মনতে হাজাৰ খং ৰাখিলেও কোনো পুত্ৰই নিজৰ পিতৃক সমজুৱাভাৱে কৰা অপমান সহ্য কৰিব নোৱাৰে। অথচ সেইয়াই অসীমে প্ৰত্যক্ষ কৰিবলগীয়া হয়। সেইসময়ৰ পৰাই ইতিমধ্যেই স্কুল এৰি শিলৰ কুৱেৰীৰ বনুৱা হোৱা অসীমৰ মনত হয়তো স্কুল এৰাৰ সিদ্ধান্তটোৰ ওপৰত সন্দেহ আহিবলৈ ধৰে। কাৰণ অসীমৰ স্কুল এৰাৰ পৰিস্থিতিটো যিদৰে উপন্যাসিকে যুক্তিসংগতভাৱে দেখুৱাইছে, সেইদৰে অসীমৰ স্কুললৈ প্ৰত্যাৱৰ্তনৰ কাৰণে প্ৰয়োজন হোৱা মানসিক, বাহ্যিক পৰিৱেশৰো বিশ্বাসযোগ্য উপস্থাপনৰ প্ৰয়োজন আছিল।

উপন্যাসখনৰ এক গুৰুত্বপূৰ্ণ দিশ হৈছে কাহিনীটোত থকা বাস্তৱবাদী ধাৰাৰ সফল প্ৰয়োগ। প্ৰকৃততে সাহিত্যত বাস্তৱিকতাৰ বিৱৰণৰ ফলত পঠন অভিজ্ঞতা পাঠকৰ বাবে গ্ৰহণযোগ্যতাৰ চাবিকাঠি হৈ পৰে। কাৰণ তেনে সাহিত্যক পাঠকে খুউব সহজতে নিজৰ লগত মিলাই লব পাৰে। জীৱন সংঘাতৰ লগত সাদৃশ্য থকা আৰু স্বভাৱগত মানুহৰ জীৱনৰ দৈনন্দিন দিনপঞ্জীৰ দৰে ঘটনাৰ বিৱৰণে কাহিনীটোৰ লগত পাঠকৰ একাত্মতা বঢ়াই তোলে। উপন্যাসত বৰ্ণিত চৰিত্ৰসমূহৰ মাজত, দৃশ্যসমূহৰ প্ৰতিটো কথাৰ তথা তথ্যৰ সূক্ষ্মাতিসূক্ষ্ম বিৱৰণে কাহিনীটোক পাঠকৰ ওচৰ চপাত সহায় কৰে। সাধাৰণ মানুহৰ জীৱন সংগ্ৰামৰ লগত সাদৃশ্য থকাৰ কাৰণেই এই ধাৰাৰ সাহিত্যই বিপুল জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈ আহিছে।

সাহিত্যত বাস্তৱিকতাৰ অৰ্থ হল কিবা ঘটনা এটা বাস্তৱ জীৱনত কাৰোবাৰ ক্ষেত্ৰত প্ৰকৃতাৰ্থতেই ঘটিছে। এই বাস্তৱত ঘটা ঘটনাটোৰ সত্যসত্য নিৰূপ কৰি সেইয়া সম্পূৰ্ণ শুদ্ধকৈ প্ৰকাশ কৰি সাহিত্যত বাস্তৱৰ প্ৰতিনিধিত্ব কৰিব পৰাটোৱেই সাহিত্য তথা সাহিত্যিকৰ দায়িত্ব। বাস্তৱবাদী ধাৰাৰ সাহিত্যৰ, বিশেষকৈ Social Realism  অৰ্থাৎ সামাজিক বাস্তৱবাদী ধাৰাত বিশ্ববন্দিত উপন্যাসিক চাৰ্লচ ডিকেন্সৰ গ্ৰেট এক্সপেক্টেছন” (Great Expectations)ৰ কথা উল্লেখ কৰিব পাৰি। চাৰ্লচ ডিকেন্সে এই উপন্যাসখনত বাস্তৱ সমাজৰ কেৱল মাথোঁ এটা প্ৰতিনিধিত্বমূলক চৰিত্ৰ সৃষ্টি কৰাতকৈ চৰিত্ৰটোকেই কাহিনীটোৰ গুৰিধৰোঁতা হিচাবে ফুটাই তোলাত গুৰুত্ব দিছিল। কাহিনীৰ লগত পাঠকক জড়িত কৰিবলৈকে ডিকেন্সে মূল চৰিত্ৰৰ দৃষ্টিভংগীৰে পৰিৱেশৰ বৰ্ণনা দিছিল। সমালোচকসকলৰ মতে ডিকেন্সৰ এই উপন্যাসখনত মূল চৰিত্ৰৰ দৃষ্টিভংগীহে দেখুওৱাৰ ফলত সেয়া এখন সমাজৰ নহৈ এগৰাকী ব্যক্তিৰহে দৃষ্টিভংগী বুলি ধৰিব পাৰি। আনহাতে ডিকেন্সৰ মতে বাস্তৱক সম্পূৰ্ণকৈ প্ৰকাশ কৰিবৰ বাবে চৰিত্ৰটোৱে সন্মুখীন হোৱা পৰিৱেশৰ বৰ্ণনা দিয়াটো অত্যন্ত জৰুৰী। তাৰ বিপৰীতে বেলেগ চৰিত্ৰৰ দৃষ্টিভংগীৰে দেখুৱালে সেয়া বাস্তৱ নহৈ লিখিত এক তথ্যহে হৈ পৰিব।

বকুল ফুলৰ দৰেউপন্যাসখন মূলতঃ  কিশোৰ চৰিত্ৰক কেন্দ্ৰ কৰি সেই সমাজখনৰ, তথা নিৰ্মলৰ শাৰীৰিক অসুস্থতা আৰু বিশেষকৈ অসীমে সন্মুখীন হোৱা দৰিদ্ৰতাৰ প্ৰতিকূল পৰিস্থিতিৰ মাজতো কিদৰে উত্তৰণৰ সপোন দেখিব পাৰি, সেই সপোনক সাকাৰ কৰিবলৈ কিদৰে নেৰানেপেৰা চেষ্টা কৰিব পাৰি তাৰ বৰ্ণনাৰে পাঠকক আলোড়িত কৰি গৈছে। এখন বিপৰ্যস্ত সমাজৰ মাজতেই কৈশোৰ মনোজগতৰ যুক্তিসংগত ব্যাখ্যা, সৰল প্ৰকাশভংগী তথা গভীৰ জীৱনবোধ ফুটাই তুলিব পৰা এইখন প্ৰকৃতাৰ্থতেই এখন অনন্য উপন্যাস। অৱশ্যে কৈশোৰ মনোৱস্থাকেই মূলতঃ উপন্যাসখনৰ বিষয়বস্তু বুলি সাধাৰণ দৃষ্টিত ধৰা হয় যদিও অন্যন্য কথনভংগী, বাস্তৱৰ লগত সাদৃশ্য থকা কাহিনী আৰু কাহিনীটোৰ সুষম গতিৰ বাবেই উপন্যাসখনে সকলো বয়সৰ পাঠককেই আপ্লুত কৰিবলৈ সক্ষম হৈছে।

তাৰোপৰি শিশু তথা কিশোৰ অৱস্থাৰ মনোজগতখনৰ যি সৰল ব্যাখ্যা উপন্যাসিকে কাহিনীটোত বৰ্ণনা কৰিলে সেইয়া অকৃত্ৰিম আৰু নিৰ্ভেজাল সৰলতাৰে ভৰা আছিল। উপন্যাসিকৰ দৃষ্টিভংগীৰে চাবলৈ গলে শৈশৱ-কৈশোৰৰ সেই সৰল পৃথিৱীখনক পিতৃ-মাতৃ, শিক্ষক-শিক্ষয়ত্ৰীকে আদি কৰি প্ৰাপ্তবয়স্কৰ বহু কম মানুহেহে বুজিবলৈ চেষ্টা কৰে। অথচ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ডাঙৰৰ দৰেই শিশুসকলেও যন্ত্ৰণাৰ পৃথিৱীখনৰ সন্মুখীন হয়। কিন্তু অভিভাৱক, শিক্ষক তথা প্ৰাপ্তবয়স্কসকলে শিশুৰ এই যন্ত্ৰণা তথা বুজা-নুবুজা বিষয়বোৰৰ ক্ষেত্ৰত কিমান সংবেদনশীল সেইটো ভাৱিবলগীয়া কথা। এইদৰে সংবেদনশীল নোহোৱাৰ কাৰণেই বহু পিতৃ-মাতৃ তথা শিক্ষক আদিৰ দুৰ্ব্যৱহাৰৰ বলী হৈ নিষ্পাপ শিশু তথা কিশোৰে আস্থাহীনতাত ভূগিবলৈ আৰম্ভ কৰে। তেনেকৈয়ে ভৱিষ্যতৰ বাবে কাকো আস্থা, বিশ্বাস কৰিব নোৱাৰা এচাম প্ৰজন্মৰ সৃষ্টি হয়। বকুল ফুলৰ দৰেউপন্যাসখন পঢ়ি যাওঁতে পাঠকে সেয়ে এবাৰলৈ বাবেও হয়তো নিজকে প্ৰশ্ন কৰিবলৈ ধৰে যে নিজৰ তথা চৌপাশে থকা শিশু-কিশোৰবোৰৰ আচৰণৰ প্ৰতি কেনে ব্যৱহাৰ কৰি অহা হৈছে!

উপন্যাসিকে অসীম আৰু নিৰ্মলৰ জীৱন সংগ্ৰামৰ যুঁজ তথা বন্ধুত্বকে দেখুৱায়েই কাহিনীটো সজোৱা নাই। পঢ়ি-শুনি জীৱনক উত্তৰণৰ দিশেৰে আগবঢ়াই লৈ যোৱাত বদ্ধপৰিকৰ অসীম আৰু নিৰ্মলৰ নিভাঁজ বন্ধুত্বৰ লগতে সিহঁতক বাট দেখুৱাবলৈকে অনুভৱ মাষ্টৰৰ দৰে বিবেকবান শিক্ষকৰ চৰিত্ৰটোৰ সুন্দৰ অংকন কৰিছে। কোৱা বাহুল্য যে এই চৰিত্ৰটিক কাহিনীটোৰ মাজৰ সংযোগ সূত্ৰৰূপে দেখুৱাবলৈ গৈ উপন্যাসখনৰ তৃতীয়টো উল্লেখযোগ্য চৰিত্ৰ হিচাবে দেখুৱাইছে। এইক্ষেত্ৰত উপন্যাসিকৰ উদ্দেশ্য স্পষ্ট। অসীম আৰু নিৰ্মলক মুখ্য কৰি যুগুতোৱা কাহিনীটোত অনুভৱ মাষ্টৰৰ দৰে শক্তিশালী তথা যুক্তিবাদী চৰিত্ৰটোৰ প্ৰয়োজনীয়তা আছে। সেয়েহে অনুভৱ মাষ্টৰক অসীম আৰু নিৰ্মলৰ প্ৰতিকূলতাৰ সন্মুখীন হৈ যুঁজ দিয়াৰ দিশত জোনাকী পৰুৱাৰ দৰে পোহৰৰ বাট দেখুৱাবলৈকে খুব সন্তৰ্পনে অংকন কৰা হৈছে।

এটা কথা অনস্বীকাৰ্য যে উপন্যাসিক ড° মৃণাল কলিতা নিজেও শিক্ষাবৃত্তিৰ লগত জড়িত। সেয়েহে উপন্যাসখনত শিক্ষক-শিক্ষয়ত্ৰীৰ অংকনত তেখেতৰ নিজৰ অভিজ্ঞতা স্পষ্টকৈ তুলি ধৰিবলৈ সক্ষম হৈছে। এনে লাগে যেন অনুভৱ মাষ্টৰৰ চৰিত্ৰটোৰ মাজত উপন্যাসিক নিজে কিছু পৰিমাণে উদ্ভাসিত হৈ উঠিছে। অনুভৱ মাষ্টৰ এনে এক চৰিত্ৰ যি শ্ৰেণীকোঠাৰ ভিতৰত কেৱল এগৰাকী শিক্ষক হোৱাতকৈ ছাত্ৰ-ছাত্ৰী তথা সমাজক আগবঢ়াই লৈ যাব পৰা এগৰাকী জীৱনৰ শিক্ষকৰূপে ধৰা দিয়ে। সেয়েহে দৰিদ্ৰতাই কোঙা কৰি পেলোৱাত ঘৰখনৰ ভাত এসাজৰ যোগাৰৰ বাবে স্কুল এৰি শিলৰ কুৱেৰীত শিল ভাঙা অসীমক অনুভৱ মাষ্টৰে বিশ্বাস জন্মাব পাৰে যে একমাত্ৰ শিক্ষাইহে অসীমক এক সোণালী ভৱিষ্যতৰ দিশে অগ্ৰসৰ হোৱাত সহায় কৰিব পাৰে।

অৱশ্যে পঢ়ি যাওঁতে পাঠকৰ এনে অনুভৱো হব পাৰে যে অসীমক অনুভৱ মাষ্টৰ তথা নিৰ্মলে যি পাৰে সহায় কৰিছে, কিন্তু আমাৰ সমাজত এনে বহু অসীম আছে যাৰ প্ৰতিভা থকা স্বত্বেও বিভিন্ন বাধা তথা কাৰোৰে পৰা সহায় নোপোৱাৰ বাবেই পোহৰৰ বাট নেদেখাকৈয়ে ৰৈ গৈছে।

সেয়েহে উপন্যাসিকে কেৱল অসীমৰ সমস্যা সমাধানত আলোকপাত কৰি তাৰ যৎসামান্য সমাধান সূত্ৰ দিয়েই ক্ষান্ত থকা নাই, প্ৰচলিত শিক্ষা ব্যৱস্থাক ফঁহিয়াই দেখুৱাই পাঠকসকলক সমাজৰ অংশীদাৰ হিচাবে কি কৰা উচিত সেইবিষয়তো উনুকিয়াই দিছে। কাহিনীটোত অসীমৰ পৰিস্থিতিৰ বৰ্ণনাৰে শিক্ষাক্ষেত্ৰত  অসংগঠিতভাৱে থকা সমাজৰ বহুখিনি শিশুৱেই যে শিক্ষাৰ পৰা বিভিন্ন কাৰণত বঞ্চিত হবলগীয়া হয় সেইটো উপন্যাসিকে স্পষ্টৰূপত প্ৰথমৰ পৰাই দেখুৱাইছে। কাৰণ প্ৰচলিত সমাজ ব্যৱস্থাক জগৰীয়া কৰি সমালোচনা কৰিলেই সমাজৰ অংশ হিচাবে অভিভাৱক, শিক্ষকসকলৰ দায়িত্ব শেষ নহয়। সেইবাবেই অসীমৰ দৰেই দৰিদ্ৰতাৰ বাবেই স্কুল এৰি শিলৰ কুৱেৰীত কাম কৰা আন বহু কিশোৰক পোহৰ দেখুওৱাৰ বাবে অনুভৱ মাষ্টৰক সহযোগ কৰিবলৈ আগবাঢ়ি আহিছে জিলমিলকে আদি কৰি আন বহু শিক্ষক-শিক্ষয়ত্ৰী। এয়া এক যোগাত্মক ইংগিত।

উপন্যাসখনত আৰু দুটামান শুভবোধৰো ইংগিত দিয়া হৈছে। অসীমৰ মদপী পিতৃয়ে পুত্ৰৰ ফলাফলত আনন্দিত হৈ চিৰদিনৰ বাবে মদ ত্যাগ কৰাৰ শপত লয়। কিন্তু পিতৃৰ সেই পৰিৱৰ্তন এদিনতে দেখুওৱা নাই। নিজক শুধৰোৱাৰ মনোভাৱ অসীমৰ পিতৃয়ে পৰীক্ষাৰ আগে আগে অসীমৰ পৰিৱৰ্তে নিজে কাম কৰি দিয়াৰ পৰা অনুভৱ মাষ্টৰৰ আগত তেওঁৰ দোষী দোষী মনোভাৱ প্ৰকাশ কৰি দেখুৱাই অসীমৰ পৰীক্ষাৰ ৰিজাল্টৰ দিনা জীৱনৰ বাবে মদ ত্যাগ কৰাৰ শপত লোৱা দেখুওৱাটো উপন্যাসিকে বিশ্বাসযোগ্যভাৱে উপস্থাপন কৰিছে।

প্ৰচলিত শিক্ষা ব্যৱস্থাত থকা ত্ৰুটি-বিচ্যুতিখিনি স্পষ্টৰূপত ফুটাই তোলাৰ বাহিৰেও শিক্ষক-ছাত্ৰৰ মাজৰ সম্পৰ্ক, শিশুৰ সৰলতা, আৰু হৃদয়বান শিক্ষকৰ আন্তৰিকতাৰে মহীয়ান কাহিনীটোত মুখ্য চৰিত্ৰই শেহান্তৰত সকলো বাধা-বিপদ ফৰাই সফলতাৰ প্ৰথমটো পদক্ষেপত থিয় হবলৈ সক্ষম হয়। বাধাৰ প্ৰাচীৰ, যন্ত্ৰণাৰ মাজতো নিজৰ সপোনক সাকাৰ কৰাৰ স্বপ্নত নিজকে কিদৰে আগুৱাই নিয়াব পাৰি তাৰেই সৰল বৰ্ণনাৰে কাহিনীটোৰ লগত পাঠকক একাত্মতাৰে বান্ধ খুৱাই পেলাবলৈ উপন্যাসিক পূৰামাত্ৰাই সফল হৈছে। শেষত অসীম আৰু নিৰ্মলৰ সফলতাত অনুভৱ মাষ্টৰে কোৱা কথাখিনিৰে দুয়ো বন্ধুৰ মাজৰ স্বাৰ্থহীন বন্ধুত্ব তথা দুয়োৰে সংগ্ৰামৰ বিষয়ে কৈ, সফলতাৰ বাবে যে কঠোৰ সংগ্ৰামৰ প্ৰয়োজন সেই বাৰ্তাকে উপন্যাসিকে দিবলৈ চেষ্টা কৰিছে,-

ষ্টেণ্ড কৰা-নকৰাটো হয়তো খুব ডাঙৰ কথা নহয়। ডাঙৰ কথা হল ইহঁত দুজনৰ সংগ্ৰাম আৰু উত্তৰণৰ কাহিনী। এজনে নিজৰ ঘৰৰ প্ৰতিকূল অৱস্থাৰ বিৰুদ্ধে সংগ্ৰাম কৰিছে আৰু আনজনে নিজৰ শৰীৰত জন্মতে লৈ অহা ক্ৰুটিৰ বিৰুদ্ধে সংগ্ৰাম কৰিছে। ডাঙৰ কথা হসিহঁত বহুত চোকা লৰাৰ দৰে স্বাৰ্থপৰ নহয়। সিহঁতৰ মনোবল যেনে তীব্ৰ, তেনেকৈ সিহঁত খুব স্পৰ্শকাতৰো৷”

লগতে অনুভূতিশীল ব্যক্তিত্বৰ অনুভৱ মাষ্টৰে পৰীক্ষাত বিফল হোৱাজনকো জীৱনৰ পথত আগুৱাই যাবলৈ প্ৰেৰণা যোগাই যাব পাৰে। মেট্ৰিকত ফেইল কৰা অথচ সুন্দৰকৈ বাঁহী বজাব পৰা সীমান্তৰ আত্মবিশ্বাস জগাই তুলিবলৈ অনুভৱ মাষ্টৰে কব পাৰে,-

অকল তুমিহে ইমান ধুনীয়াকৈ বাঁহী বজাব পাৰা সীমান্ত। আমাৰ স্কুলৰ কোনেও তোমাৰ দৰে বাঁহী বজাব নাজানে।

কাহিনীৰ একেবাৰে শেষৰফালে অনুভৱ মাষ্টৰ আৰু ছাত্ৰ সীমান্তৰ মাজৰ এই কথোপকথনেৰে উপন্যাসিকে এইটো ইংগিত দিব বিচাৰিছে যে কেৱল অসীম আৰু নিৰ্মলৰ উত্তৰণতে অনুভৱ মাষ্টৰৰ দায়িত্ব শেষ নহয়। প্ৰকৃততে অনুভৱ মাষ্টৰক শিক্ষকসমাজৰ প্ৰতিনিধি হিচাবে ৰাখি দিয়া হৈছে। পৰীক্ষাত বিফল অথচ বাঁহী বাদনৰ দৰে এটি বিশেষ বৈশিষ্টৰে জিলিকি উঠা সীমান্তৰ দৰেই আন বহু ছাত্ৰ-ছাত্ৰীৰ পঢ়াৰ বাহিৰেও আন কোনো দিশত সুন্দৰ ভৱিষ্যত থাকিব পাৰে। সেয়েহে ছাত্ৰ-ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যতৰ সম্ভাৱনাৰ দিক নিৰ্ধাৰণৰ দায়িত্ব আমাৰ শিক্ষকসমাজৰ থাকিবই লাগিব বুলি কাহিনীটোক সমাপ্তিৰ দিশেৰে লৈ যোৱা হৈছে।

অৱশ্যে উপন্যাসিকে অনুভৱ মাষ্টৰৰ শিক্ষকৰ ভাৱমূৰ্তিটোক অধিক গুৰুত্ব দিয়া যেন লাগিল। কাহিনীটোৰ তৃতীয়টো মুখ্য তথা একমাত্ৰ প্ৰাপ্তবয়স্ক চৰিত্ৰ হিচাবে ডেকা শিক্ষকজনৰ ব্যক্তিগত জীৱনক কেৱল ইংগিতধৰ্মী দিশেৰেহে বৰ্ণনা কৰা দেখা গল। অতীতৰ কিবা এক দুখৰ বোজাৰে অনুভৱ মাষ্টৰ ভাৰাক্ৰান্ত বুলিও উপন্যাসিকে উল্লেখ কৰি গৈছে। লগতে সহকৰ্মী শিক্ষয়ত্ৰী জিলমিলৰ অনুভৱ মাষ্টৰৰ প্ৰতি হোৱা অন্তৰৰ বিশেষ অনুভৱক সামান্যভাৱে দেখুৱাবলৈও চেষ্টা কৰিছে। কিন্তু প্ৰেম-ভালপোৱাৰ বিষয়ত অনুভৱ মাষ্টৰ অতীতৰ পৃথিৱীখনতে ৰৈ গৈছে।

অৱশ্যে এনেদৰেও ভাৱিব পাৰি যে অসীম আৰু নিৰ্মলৰ কাহিনীটো আগবঢ়াই লৈ যোৱাৰ নিমিত্তেহে অনুভৱ মাষ্টৰ চৰিত্ৰটোৰ সৃষ্টি। সেয়ে হয়তো উপন্যাসিকে চৰিত্ৰটোৰ ব্যক্তিগত দিশখিনিক ইংগিতধৰ্মী বিৱৰণতে সীমাবদ্ধ ৰাখিলে।

যি নহওক, কাহিনীটোৰ শেষলৈ লেখকে ইংগিত দিছে যে দুৰ্লংঘ্য প্ৰাচীৰ সদৃশ প্ৰতিকূলতাৰ মাজতো যিহেতু অসীম-নিৰ্মলে সফলতাৰ বাটত খোজ দিবলৈ লৈছে, গতিকে তাৰ পিছৰখিনিও সেই একেই মনোবলেৰে আগুৱাই যাবলৈ সক্ষম হব। কাৰণ অসীম-নিৰ্মলৰ লগত অনুভৱ মাষ্টৰৰ সাহস আছে।

উপন্যাসখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে সৰল, ব্যঞ্জনাময় বৰ্ণনা। ঘটনাৰ বিৱৰণত কতো অযথা আৱেগ তথা শব্দ-বাক্যৰ প্ৰয়োগ নাই। যিখিনি লাগে, নিতান্তই সাধাৰণভাৱে প্ৰকাশ কৰা হৈছে। বাস্তৱবাদী ধাৰাৰ উপন্যাসৰ এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট। সাধাৰণ মানুহৰ কথা তথা ঘটনাক এনেদৰে সাধাৰণভাৱেই উপস্থাপন কৰা হয়  আৰু সেইয়া স্বতঃস্ফূৰ্তভাৱেই পাঠকৰ লগত একাত্ম হৈ পৰে।

হৃদয় জোঁকাৰি যোৱা কাহিনীৰ আলমত প্ৰাঞ্জল বৰ্ণনাৰে গল্পকাৰ তথা উপন্যাসিক ড° মৃণাল কলিতাৰ ৰচিত এই উপন্যাস বকুল ফুলৰ দৰেউপন্যাসখন অসমীয়া সাহিত্যজগতত নিশ্চিতভাৱেই এক সুন্দৰ সংযোজন।

00000


লেখিকাৰ ঠিকনা:
Gitika Saikia,
H-006, Gopalan Grandeur Apartment,
Hoodi Circle, Mahadevapura,
Whitefield road, Bangalore,
Karnataka-560048

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ