অন্যযুগ/


ডাৰ্ক চকলেট : লিংগ বৈষম্য, সমাজ বাস্তৱতা আৰু নাৰীৰ তন্নিষ্ঠতাৰ পৰা আত্মনিষ্ঠতালৈ এক মুকলি প্ৰতিবাদ

কিশোৰ দাস কোঁৱৰ

 

 ইংৰাজীত ব্যৱহৃত ‘sex’ আৰু ‘Gender’ দুয়োটা শব্দক বুজাবলৈ অসমীয়া ভাষাত ‘লিংগ’ শব্দটো ব্যৱহাৰ কৰা হয়। অৱশ্যে দুয়োটা শব্দই দুটা বিশেষ দিশক সামৰি লয়। ইংৰাজীত ব্যৱহৃত ‘Sex’ শব্দটোৱে ব্যক্তিৰ প্ৰজনন বা বংশ বৃদ্ধিৰ দিশটোক নিৰ্দেশ কৰাৰ বিপৰীতে ‘Gender’ শব্দটো ব্যক্তিৰ সেই সামাজিক আত্মিক পৰিচয় অৰ্থাৎ তেওঁ সমাজত নিজকে কি হিচাপে পৰিচয় দিব সেইটোৰ ওপৰত নিৰ্ভৰশীল। ক’ব পাৰি ‘Sex’ বিষয়টো ব্যক্তিৰ মন-চেতনাৰ লগত জড়িত আৰু আনহাতে ‘Gender’ বিষয়টো ব্যক্তিৰ শৰীৰ-চেতনাৰ লগত বহুত পৰিমাণে নিৰ্ভৰশীল। মাতৃগৰ্ভৰ পৰা ভূমিস্থ হোৱালৈকে সেই মাংসপিণ্ডটোৰ পৰিচয় মাথোঁ এটাই হোৱা উচিত ‘মানৱ সত্ত্বা’ ।যিটো ছাইমন দ্য বিভোৱাৰেও তেওঁৰ ‘The Second Sex’  শীৰ্ষক গ্ৰন্থত উল্লেখ কৰি গৈছে ‘One is not bron a woman, but, rather, becomes one’  অৰ্থাৎ জন্মতে শিশু এটিয়ে কেতিয়াও নাৰী হিচাপে জন্ম গ্ৰহণ নকৰে, নাৰী সজোৱাহে হয়। প্ৰখ্যাত নাৰীবাদী লেখক Marry Wollstone Craft-এ তেওঁৰ নাৰীবাদ বিষয়ক গ্ৰন্থ ‘A Vindication of the Rights of Women’ শীৰ্ষক গ্ৰন্থতো এই কথা উল্লেখ কৰিছে যে নাৰী প্ৰথমতে যৌনসত্তা (sexual being) নহয় মানৱ সত্তাহে (human being)। জন্মৰ পৰৱৰ্তী সময়তহে অৱধাৰিতভাৱে এটি শিশুক ‘লৈংগি’ক সাঁচ এটিত সুমুওৱা হয় আৰু এই বৈষম্যৰে নিৰ্ধাৰণ কৰি দিয়া হয় তেওঁলোকৰ মাজত দায়িত্ব, কৰ্ম, চিন্তা-চেতনাৰ এখন বৃহৎ প্ৰাচীৰ। সেই প্ৰাচীৰৰ পাচচোতালতে লিখা হয় ‘নাৰী’ৰ অনেক অকথিত দস্তাবেজ। যি দস্তাবেজৰ চিয়াঁহীও সেই অৱদমিত নাৰীৰ চকুলো। 

ইতিমধ্যেই আৰম্ভণি কালৰেপৰা অসমীয়া উপন্যাসে বিভিন্ন পৰিক্ৰমাৰ মাজেৰে কেইবাটাও পৰ্ব অতিক্ৰমি বিষয়-বৈবিধ্যৰ জগতত আৱিষ্কাৰধৰ্মিতাৰ সন্ধান কৰা পৰিলক্ষিত হৈছে। লগে লগে পূৰ্বৰ কাহিনী কথনশৈলীক সম্বোধন কৰাৰ যি পৰম্পৰা তাৰপৰা আঁতৰি আহি সম্প্ৰতি কথনশৈলীয়ে প্ৰেক্ষাপট অনুযায়ী এক বিকল্প বাস্তৱৰ সন্ধান কৰা যেনো বোধ হয়। সামাজিক, ৰাজনৈতিক মতাদৰ্শই কাটি দিয়া বিভিন্ন বাট আৰু সেই বাটৰ শেষত ওপঙি উঠা এখন বহু বৰ্ণময় জগত, যিখন জগতে পূৰ্বে নিৰ্বাসিত বুলি বহু সময়ত আঁতৰাই থোৱা বিভিন্ন সংবেদনশীল বিষয়লৈ জুমি চোৱাৰ অৱকাশ তৰুণসকলক দিছে। অসমীয়া সাহিত্যত লৈংগিক-বৈষম্যৰ দিশটো, নাৰীৰ অৱদমিত বিষয়টোক কেন্দ্ৰ কৰি নাৰীৰ মনস্তত্ত্বৰ বিভিন্ন দিশ ইতিমধ্যে চন্দ্ৰপ্ৰভা শইকীয়ানী, মামণি ৰয়ছম গোস্বামী, ৰীতা চৌধুৰী, অৰূপা পটংগীয়া কলিতা, অনুৰাধা শৰ্মা পূজাৰীকে প্ৰমুখ্যে কৰি একবিংশ শতিকাৰো ভালেমান তৰুণ কথকৰ উপন্যাসে এই বিষয়টো বিভিন্ন মাত্ৰাত বিশ্লেষণ কৰিছে। ফলস্বৰূপে কেতবোৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে আৰু এই প্ৰতিক্ৰিয়াৰ ফলতেই গঢ় লৈ উঠিছে একো একোটা নতুন বাগ্‌ধাৰাৰ। লক্ষ্য কৰিলে দেখা যায় যে উল্লিখিত অগ্ৰজ লেখকসকলৰ বিভিন্ন উপন্যাসত নাৰীৰ ওপৰত শোষণ, দমন, ভোগৰ সামগ্ৰী, নাৰীৰ অপৰিসীম যন্ত্ৰণা ইত্যাদিক তুলি ধৰি নাৰী মুক্তিৰ এক বিদ্ৰোহ ঘোষণা কৰা হৈছে। নাৰীৰ মানসিক ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ মাজেৰে নাৰীৰ মনস্তত্ত্বৰ বিভিন্ন দিশ সমাজৰ কাঠগড়াত বিচাৰ কৰাৰ এক পৰিৱেশ সৃষ্টি কৰা হৈছে। কিন্তু নাৰীৰ হ’ৰম’নেল দিশটোক কেন্দ্ৰ কৰি, যৌনতাৰ বিষয়টোক একেবাৰে আবুৰহীনভাৱে চিকিৎসা বিজ্ঞানৰ বিভিন্ন যুক্তিৰে বিশ্লেষণ কৰি তৰুণ ঔপন্যাসিক নীলাক্ষী চলিহা গগৈয়ে তেখেতৰ ‘ডাৰ্ক চকলেট’ উপন্যাসৰ মাজেৰে যেন এক বিকল্প বাস্তৱক দাঙি ধৰি এক সাহসিকতাৰ পৰিচয় দিলে। ইয়াৰ আগতে যৌনতাৰ বিষয়টোক ইমান বেছি মুকলিকৈ উপন্যাস এখনৰ মাজেৰে তুলি ধৰাৰ দৃষ্টান্ত অসমীয়া সাহিত্যত বিৰল বুলি ক’ব পাৰি। 

পুৰুষতান্ত্ৰিক সমাজে গঢ়ি দিয়া বৃত্তৰ পৰিধি ভাঙি বৰ্তমান সময়ত নাৰীয়ে নিজৰ প্ৰাপ্য, অধিকাৰ তথা আত্মপ্ৰতিষ্ঠাৰ বাবে যি ধৰণে সচেষ্ট হোৱা পৰিলক্ষিত হৈছে এক কথাত ক’বলৈ হ’লে তাক নাৰীমুক্তি আখ্যা দিয়াৰ যথেষ্ট থল আছে আৰু নাৰীমুক্তিৰ এই বিপ্লৱে প্ৰতিনিয়ত নাৰীদেহৰ ভূগোলৰ প্ৰতি দৃষ্টি দিয়া সেই পুৰুষতান্ত্ৰিক সমাজৰ মূল ভেঁটিত কম্পন তোলাত কেতবোৰ নতুন প্ৰশ্নৰো উদয় হৈছে। যিখন পুৰুষতান্ত্ৰিক সমাজে প্ৰতিনিয়ত নাৰীৰ শৰীৰৰ জোখ বিচাৰি ফুৰে, যেতিয়াই মন তেতিয়াই নাৰীৰ শৰীৰটোক ম্যাদী মাটিৰ পট্টাৰ দৰে ব্যৱহাৰ কৰিব পাৰে সেইখন সমাজতে কিন্তু যৌনতাৰ বিষয়ে মুকলিকৈ আলোচনা কৰাটো আজিও লাজৰ কথা হিচাপে ধৰা হয়। সততে নাৰীৰ হ’ৰম’নৰ বিষয়ে সৰৱ হৈ থকা আমাৰ সামাজিক পৰিকাঠামোটোৱে কেতিয়াও এবাৰৰ বাবেও নাৰীৰ সিপাৰে থকা পৃথিৱীখনলৈ চকু দিয়া নাই যিখন পৃথিৱী অতি যন্ত্ৰণাক্লিষ্ট। এইখন পৃথিৱীৰ বাসিন্দা সেইসকল নাৰী, যিসকল নাৰী মাতৃত্বৰ সোৱাদৰ পৰা বঞ্চিত, কামশীতলতাত ভুক্ত, যৌন হ’ৰম’নহীনতাৰে জীৱন পাৰ কৰা এই নাৰীসকল নাৰীৰ হাততেই যথেষ্ট মানসিক অত্যাচাৰৰ বলি হৈছে। যন্ত্ৰণাই দগ্ধ কৰা অৱহেলিত সেই নাৰীসকলৰ কাষত সাহসেৰে থিয় দিছে ঔপন্যাসিক নীলাক্ষী চলিহা গগৈ। পৰম্পৰাগত ধ্যান-ধাৰণা, সমাজখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰি কলমৰ সংযমেৰে নাৰীৰ ভিতৰচ’ৰা উদঙাই দিবলৈ ঔপন্যাসিকগৰাকীয়ে সংকোচ কৰা নাই। পুৰুষতান্ত্ৰিক সমাজখনত নাৰী যে ভোগৰ সামগ্ৰী নহয় সেয়া ঔপন্যাসিকগৰাকীয়ে যুক্তিৰে ঘোষণা কৰাৰ লগতে চিকিৎসা বিজ্ঞানৰ গভীৰ বিশ্লেষণসহ নাৰীৰ হ’ৰম’নেল দিশটোক বিভিন্ন মাত্ৰাত বিশ্লেষণ কৰি দেখুৱাইছে। সামান্তযুগীয় চিন্তা-চেতনাই আজিও আমাৰ সামাজিক কাঠামোটোত দানা বান্ধি আছে, একবিংশ শতিকাৰ বিজ্ঞানৰ এই জয়যাত্ৰাৰ সময়তো নাৰীক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে গণ্য কৰা লগতে বিভিন্ন সামাজিক ব্যৱস্থাৱলীৰে নাৰীক শোষণ আৰু দমন কৰা হৈছে। এনে কাৰণতে লেখিকা ক্ষুণ্ণ হৈ উঠিছে। নাৰীৰ প্ৰতি যুগে যুগে পুৰুষতান্ত্ৰিক সমাজখনে কৰি অহা এই অবিচাৰৰ বিপৰীত বিন্দুত থিয় হৈ মনঃসমীক্ষাত্মক দৃষ্টিৰে লেখিকাই গোটেই বিষয়টোক উপন্যাসখনৰ মাজেৰে যুকিয়াই চোৱাৰ প্ৰয়াস কৰিছে। তাৰ ইংগিত উপন্যাসখনৰ পাতনিতে লেখিকাই দি থৈছে : 

 “নাৰীৰ আধাফাল যে আৱিষ্কাৰেই হোৱা নাই বুজি পাওঁ। বুজি পাওঁ হ’ৰম’নৰ দৰে জৈৱ-ৰাসায়নিক এই ৰস নিঃসৰণত কেনেকৈ সলনি হয় নাৰীৰ স্বৰূপ। হ’ৰমʼনেল নাৰীৰ পৰা বহুক্ষেত্ৰত সুবিধা আদায় কৰে সমাজে। এই হ’ৰম’নবোৰ বেছিকৈ বা কমকৈও নিঃসৰণ হ’ব পাৰে। অথচ এইবোৰৰ বিষয়ে যিমান চৰ্চা হৈছে, নাৰীৰ বিষয়ে পুৰুষতকৈ কম। এয়া এক অবিচাৰ।”  

‘পুৰুষ’ আৰু ‘নাৰী’ আমাৰ সমাজৰ এই যি দ্বি-মেৰুযুক্ত নিৰ্মিতি সেই নিৰ্মিতিয়ে গঢ়ি দিয়া লক্ষ্মণৰেখাৰ ভিতৰতে এগৰাকী নাৰী অনিচ্ছাকৃতভাৱে কেতবোৰ আচাৰ-ৰীতিৰ মাজত সোমাই পৰিবলৈ আৰম্ভ  কৰে য’ত এগৰাকী নাৰীৰ আশা-আকাংক্ষা, স্বাভিমান, নাৰীৰ অস্তিত্বক তুচ্চজ্ঞান কৰা হয় আৰু সেই লেটাৰ ভিতৰতে এগৰাকী নাৰীয়ে ক্ৰমে নিজকে হেৰুৱালৈ আৰম্ভ কৰে। নাৰী মানেই যেন হ’ৰম’নেল! নাৰী মানেই যেন যৌনসত্ত্বা আৰু ভোগৰ সামগ্ৰী, সন্তান জন্ম দিয়া একো একোটা যন্ত্ৰ মাত্ৰ। যিটোক লৈ সমাজবাদী নাৰীবাদীসকলেও বিদ্ৰোহ ঘোষণা কৰি গৈছে। পৰম্পৰাগত চিন্তা-চেতনাত এগৰাকী ছোৱালীয়ে কন্যাকাল পোৱাটো এটা অতি গুৰুত্বপূৰ্ণ বিষয়। সাধাৰণতে ছোৱালী এজনী ডাঙৰ হৈ অহাৰ লগে লগে মাক দেউতাকতকৈও আত্মীয় আৰু ওচৰ-চুবুৰীয়াৰ বেছি চিন্তা ছোৱালীজনী যৌৱনপ্ৰাপ্তি হোৱাটো। এই বিষয়টোক লৈ তেওঁলোক বিশেষ উদ্বিগ্নতাত ভোগে আৰু সময়তে যৌৱনপ্ৰাপ্তি নহ’লে সেই ছোৱালীজনী মানসিকভাৱে চৰম হতাশাত ভোগে। উপন্যাসখনত মধু যেন তাৰেই প্ৰতিভূ। সময়ত যৌৱনপ্ৰাপ্তি নোহোৱাত মধুৱে আনকি মাকৰ মৰমৰ পৰাও বঞ্চিত হৈছে। অকণি পেহীয়ে মধুক কোৱা “মতা অমিতাজোপাকো মেখেলা পিন্ধালে লমালমে ফল ধৰে। তইনো মেখেলা পিন্ধিলে নফলিয়াবিনে? পিন্ধ পিন্ধ। মেখেলা পিন্ধ” (পৃ. ৩৯)। কথাংশৰ মাজেৰে যেন ‘আদিম সাম্যবাদী সমাজ ব্যৱস্থাৰ পৰা বৰ্তমানলৈকে সমাজত নাৰীৰ স্থান নিৰূপণ কৰিছে। 

ঔপন্যাসিক চলিহাই উপন্যাসখনত মনজিতৰ বৌৱেক ডাক্তৰ সন্ধ্যা আৰু মনজিতৰ কথোপকথনৰ মাজেৰে বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে নাৰীৰ হ’ৰমʼনেল জগতখনৰ বিভিন্ন দিশ পাঠকৰ আগত উপস্থাপন কৰিছে। নাৰীৰ শৰীৰটোৰ ওপৰত এগৰাকী নাৰীৰ যেন নিজৰেই অধিকাৰ নাই, বিশেষকৈ এগৰাকী নাৰীয়ে নিজৰ শৰীৰটোৰ বিষয়ে নিজেই বহুত কমকৈ জানে। যাৰ সুবিধা লয় সেই পুৰুষসকলে। যিসকল পুৰুষে মন গ’লেই বাসনা চৰিতাৰ্থ কৰিব পাৰে, ভ্ৰূণ হত্যাৰ দৰে নিৰ্ঘাত বাস্তৱ একোটাৰ মুখামুখি হ’বলৈ নাৰীক আদেশ দিব পাৰে। হয়তো সেয়েহে উপন্যাসখনত মনজিতে কৈছে – “পৃথিৱীত যিমান সংখ্যাক নাৰী গৰ্ভৱতী হৈছে সোণালী সপোনেৰে, তাতোকৈ বহু বেছি সংখ্যক নাৰীৰ ৰক্তপাত হৈছে অনাকাংক্ষিত ভ্ৰূণ হত্যাৰে। পৃথিৱীত পুৰুষৰ যৌন উত্তেজনাৰ বাবে যিমান বেছি ভায়েগ্ৰা উৎপাদন হৈছে, তাতোকৈ অনেক বেছি নাৰী জন্মনিৰোধক বড়ি খাই চিৰদিনলৈ ঘূণীয়া হৈছে, কোনে খবৰ ৰাখিছে? কোনোবা খাটাত আছেনে এই হিচাপ (পৃ. ১১৬)।

আমাৰ সমাজত এগৰাকী বিধৱা নাৰীৰ পদে পদে ভয়-তুচ্চ-তাচ্ছিল্য, লোকনিন্দা তথা ‘নাপায়’ নামৰ শিকলিডালেৰে মেৰিয়াই এগৰাকী বিধৱাক সমাজৰ শুভ কামবোৰৰ পৰা আঁতৰাই ৰখা হয়। মন কৰিবলগীয়া কথা এইটোৱে যে এই কামবোৰত কেতিয়াও পুৰুষে হস্তক্ষেপ কৰা নাই, এই ডেওনাখন নাৰীয়ে নিজেই গঢ়ি লৈছে। মৌমনৰ পুষ্পিতাৰ সময়ত বিধৱা পেহীয়েকে শান্তি পানী ছটিয়াবলৈ যোৱাৰ মূহুৰ্তত আয়তী এগৰাকীয়ে চিঞৰি কোৱা - 

“কি কৰা? কি কৰা? থোৱাচোন আমডালিটো।” 

... তুমি যোৱা বাহিৰৰ কামবোৰ কৰাগৈ।” 

“কিয়নো পেহী বিধৱা। বিধৱা মানুহে শান্তিপানী ছটিয়াব নাপায়। সেইটো কাম সধৱা মানুহৰ কাম। বিধৱা মানুহে সেইটো কাম কৰিলে কইনাজনীৰ কপালৰ সেন্দূৰ সোনকালে মচ খায়। কইনাজনী সোনকালে বিধৱা হয়(পৃ. ২৮-২৯)। আমাৰ বিশেষকৈ গ্ৰাম্যাঞ্চলত এই ছবি আজিও বিদ্যমান। 

দেখা যায় যে চলিহাৰ ‘ডাৰ্ক চকলেট’ পৰম্পৰাগত ভোগবাদী আৰু পুৰুষতান্ত্ৰিক সমাজখনৰ বিৰুদ্ধে এক জ্বলন্ত স্ফুলিংগ আৰু মৌনতাৰ বিপৰীতে এক মুকলি প্ৰতিবাদ। মুকলিকৈ ক’বলৈ কোনেও সাহ নকৰা অনেক কথা, নাৰী হৃদয়ৰ ক্ষোভ, যন্ত্ৰণা চলিহাই ইয়াত নগ্নতাৰে অংকন কৰিছে সমাজ বাস্তৱৰ ভেটিত। উপন্যাসখনত ‘ৰঙা ৰঙ’ৰ প্ৰসংগটো বাৰে বাৰে ধ্বনিত হৈছে। ৰঙা ৰংটোক ঔপন্যাসিকগৰাকীয়ে প্ৰতিবাদৰ দ্যোতনা হিচাপে ব্যৱহাৰ কৰিছে। জবাফুলৰ দৰে ৰঙা তেজেৰে মধুৰ অন্তৰ্বাস চপচপীয়া নোহোৱা বাবেই সকলোৰে পৰা এলাগী হৈ পৰে মধুৱে শেষত অন্তৰৰ সমস্ত ক্ষোভ উজাৰি মাকক কোৱা– “মই ৰঙা ৰং ঘিণ কৰোঁ মা (পৃ. ১৭৩)! কথাংশৰ মাজেৰে নাৰীৰ হৃদয়বৃত্তিৰ মুক্তিৰ যেন এটি নতুন সম্ভেদ ঘোষিত হৈছে। উপন্যাসখনত উল্লেখিত মধু পৰম্পৰাগত শাৰীৰিক গঠনৰ নাৰী চৰিত্ৰৰ অধিকৰী নহয়। যাৰ বাবে মধু সকলোৰে পৰা নিঃসংগ হৈ পৰিছে আৰু শেষত সেই সমাজখনৰ প্ৰতি অতিষ্ঠ হৈ কৃত্ৰিমভাৱে ৰঙা ৰঙেৰে নিজৰ অন্তৰ্বাস জবা ফুলৰ দৰে চপচপীয়া কৰিছে। এয়া যেন অক্ষমণীয় অপৰাধ! ৰঙা ৰঙক উপহাস কৰাৰ অপৰাধ। যাৰ পৰিণতিত মধুক মাকে শাৰীৰিকভাৱে অকথ্য নিৰ্যাতন কৰিবলৈয়ো কুণ্ঠাবোধ কৰা নাই– “ঘৰৰ ভিতৰলৈ নি মধুৰ শৰীৰৰ সকলো কাপোৰ খহাই পেলোৱা হ’ল। শুকান, কৰ্কশ শৰীৰ প্ৰকট কৰি মধু নাঙঠ হ’ল। উভালি অনা জেওৰা খুটিৰে মধুক খুউৱ মাৰিলে মাকে। ফালি দিলে তাইৰ পিঠি। ফালি দিলে হাত-ভৰি আৰু এটা সময়ত নাঙঠ মধুক নাৰী কৰি তোলাৰ বাসনাত পিন্ধাই দিলে এখন তেজৰঙা কপাহী মেখেলা। উদং বুকুত মেথনি মাৰি তাইক পিছফালৰ পিৰালিলৈ টানি টানি লৈ যোৱা হ’ল আৰু পিৰালিৰ এটা বাঁহৰ খুটাত আঁটি আঁটি বান্ধি পেলোৱা হ’ল (পৃ. ১৭৬)।  চলিহাৰ এই বৰ্ণনাই পাঠকৰ মনলৈ অৰূপা পটংগীয়া কলিতাৰ ‘অয়নান্ত’ত ৰুমাক শিকলিৰে বান্ধি থোৱা, শ্বালৰ্ট ব্ৰণ্টেৰ উপন্যাস Jane Eyre-ত বাৰ্থাক বান্ধি থোৱা দৃশ্যলৈ খন্তেকৰ বাবে মনত পেলায়। যদিও তিনিওখন উপন্যাস একে পৰ্যায়ৰ নহয় তৎসত্ত্বেও কিন্তু তাৰ সুৰ একেটাই বুলিব পাৰি। কিয়নো তিনিওটা মুহূৰ্তই শোষিত, নিস্পেষিত তথা বন্দিনী নাৰীৰ চিত্ৰই ৰূপায়ণ কৰিছে। 

উপন্যাসখনত জিত চৰিত্ৰটো পুৰুষতান্ত্ৰিকতাৰ বিদ্ৰোহ ঘোষণা কৰি ভৱিষ্যতে পুৰুষ-নাৰীৰ সমৰূপতা সম্পৰ্কে মাত মাতিব পৰা এক ভাবি প্ৰতিনিধি স্বৰূপ হিচাপে ৰূপায়িত হৈছে। যʼত লেখিকাই সমাজবাদী নাৰীবাদৰ প্ৰতিনিধি এংগেলছৰ ধাৰণা পুৰুষ চৰিত্ৰ জিতৰ মাজেৰে কোৱাইছে– “তথাপি বৌ, সন্তান উৎপাদনৰ জৈৱিক দায়িত্বৰ পৰা সমাজে যেতিয়ালৈকে নাৰীক মুক্তি নিদিব, যৌনতাৰ অন্য কোনো ৰূপ কাহানিও গ্ৰহণযোগ্য নহ’ব (পৃ. ১৬৪)।

ভাৰতীয় সমাজ ব্যৱস্থাত ‘নাৰী’ সদায় দানৰ কাৰণেই জন্ম হয়, বৈবাহিক বান্ধোনেৰে নাৰীক এজন পুৰুষৰ হাতত দান কৰা হয়। পিতৃতান্ত্ৰিক আমাৰ সমাজ ব্যৱস্থাত পুত্ৰ সন্তানেহে বংশ ৰক্ষা কৰে, কন্যা সন্তানে নহয়। সেয়েহে ভাৰতীয় সমাজ ব্যৱস্থাত ‘পুত্ৰাৰ্থে ক্ৰিয়তে ভাৰ্য্যা’ বুলি কোৱা হয়। যিটো মনুৱেও স্বীকাৰ কৰি গৈছে। সেয়ে বংশ ৰক্ষাৰ এই হাবিয়াসে প্ৰতি মুহূৰ্তত পৰিয়াল, আত্মীয় সকলোকে খেদি ফুৰে। এই উপন্যাসখনতো জিতৰ বৌৱেক ডাঃ সন্ধ্যা সেই একেই অৱস্থাৰ মুখামুখি হৈছে। গিৰীয়েক বন্দিতৰ ইচ্ছা অবিহনে কেৱল কন্যা সন্তান জন্ম হোৱাৰ বাবেই চাকৰিৰ ছুটী নোপোৱা অজুহাত দেখুৱাই নিজৰ ঘৈণীয়েকৰ জীৱন-মৃত্যুৰ এই সময়খিনিৰ পৰাও বন্দিত আঁতৰি থাকিল। আকৌ শাহুৱেকে দেৱশিশুটিক প্ৰথম কোলাত লৈয়ে কোৱা– “তোক কি নামেৰে মাতিম অʼ মাজনী? আমি আকৌ ল’ৰাৰ নামহে ঠিক কৰি থৈছিলো (পৃ. ১৩৩)। কথাষাৰৰ মাজেৰে ভাৰতীয় সমাজব্যৱস্থাত নাৰীৰ তুচ্ছ স্থানকে নিৰ্দেশ কৰিছে। পুত্ৰ সন্তানেহে যেন এগৰাকী পিতৃক পূৰ্ণতা আনি দিয়ে। চৈধ্য পুৰুষক পিণ্ড দি উদ্ধাৰ কৰে পুত্ৰ সন্তানেহে। যাৰ বাবে বন্দিতৰ পুত্ৰ সন্তানৰ আকাংক্ষা দুহাত সুদূৰ প্ৰসাৰী গৈছে। যাৰ বাবে এটি কন্যা সন্তান জন্ম দি শাৰীৰিক মানসিক স্বাস্থ্যৰ উন্নতি নহওঁতেই বন্দিতে পুনঃ ঘৈণীয়েক সন্ধ্যাক কৈছে – “আমি এইবাৰ এটা পুত্ৰ সন্তান কামনা কৰোঁ আহাঁ। মোৰ বৰ ইচ্ছা আছিল। মোৰেই নহয়। মোৰ লগতে মাৰো বৰ আশা আছিল এটা ল’ৰা সন্তান পাবলৈ।” ..... কন্যাই লক্ষী লৈ যায়, পুত্ৰই লক্ষী আনে (পৃ. ১৩৬)। 

উপন্যাসখনত নাৰীৰ হ’ৰম’নেল দিশটোক মূল উপজীৱ্য বিষয় হিচাপে ল’লেও উপন্যাসখনত কিন্তু কোনো এটা নিৰ্দিষ্ট কাহিনী নিৰ্মাণ কৰা হোৱা নাই। এটি নিদিষ্ট পেটাৰ্নৰ ভিতৰত থাকি কাহিনী কোৱাত কৈ ঔপন্যাসিক চলিহাই নাৰীৰ বিভিন্ন সমস্যা পাঠকৰ আগত তুলি ধৰাতহে জোৰ দিছে। যাৰ বাবে অন্য এক দৃষ্টিভংগীৰে ‘ডাৰ্ক চকলেট’ক এখন সমস্যাকেন্দ্ৰিক উপন্যাস হিচাপেও অভিহিত কৰিব পাৰি। সৃষ্টিশীল লেখক তথা সামাজিকভাৱে দায়ৱদ্ধ লেখক এজনৰ বাবে সমাজৰ বিভিন্ন সমস্যাসমূহ উত্থাপন কৰাটো যিমান গুৰুত্বপূৰ্ণ তাতকৈ বেছি গুৰুত্বপূৰ্ণ কথাটো হ’ল সেই সমস্যাসমূহৰ পথ নিৰ্দেশ কৰাটো। এই ক্ষেত্ৰত ঔপন্যাসিক আংক্ষিভাৱে সফল বুলিয়ে ক’ব পাৰি। চিৰাচৰিত ৰীতি-নীতি আৰু এলান্ধুকলীয়া চিন্তা-বোধৰ বিৰুদ্ধে লেখিকাৰ কলম যেন কাটি-ৰেপি গৈছে। তথাপিও উপন্যাসখনৰ শেষৰ ফালে একে সময়তে অনুচ্চাৰিত হৈছে লেখিকাৰ এক গভীৰ আশাবাদ। তেওঁ আশা কৰিছে অনাগত সময়ত সামাজিক এই পৰিকাঠামোবোৰৰ বিমোক্ষণ হ’ব, নাৰীয়ে নিজৰ মতে মুকলি আকাশ চাব পাৰিব, য’ত এগৰাকী নাৰীয়ে নিজকে এক স্বকীয় সত্বা হিচাপে ভাবিব পাৰিব। এনে এক আশাবাদেই উপন্যাস খনত ঘোষিত হৈছে - 

“যদি গংগাৰ হৃদয়ত্মাই মোক স্নান কৰিবলৈ উদ্বুদ্ধ কৰিব পাৰে, মই আনন্দৰে স্নান কৰিম। অন্যথা মই স্নান নকৰোঁ মা। মই বুজি পাম গংগাইহে স্নান কৰিব বিচাৰিছে। গংগাক গা ধুৱাবলৈ এজাক বৰষুণ লাগে। সেই বৰষুণলৈ আমি হাঁহি হাঁহি বাট চাম। এদিন নহয় এদিন আমাৰ হেঁপাহৰ বৰষুণজাক আহিব। আমি আটায়ে মিলি-জুলি গা ধুম আৰু গংগাক গা ধুৱাম (পৃ. ১২৩)। যি গংগাত এবাৰ স্নান কৰাটোৱেই মানুহৰ বহু আকাংক্ষাৰ ফল সেই গংগাকে গা ধুৱাব বিচৰাটোতেই লেখিকাৰ সাৰ্থকতা নিহিত হৈ আছে। এগৰাকী চিকিৎসক হিচাপে চিকিৎসা বিজ্ঞানৰ প্ৰামাণিক তথ্যৰে লেখিকাই উপন্যাসখনৰ গৈদ্যশৈলীকো এক সাৱলীল ৰূপ দিছে। ঔপন্যাসিকজনাই অতি সূক্ষ্মভাৱে নাৰীৰ তন্নিষ্ঠতাৰ পৰা আত্মনিষ্ঠতালৈ যেন এক যাত্ৰা কৰিছে,  যি যাত্ৰাই কঢ়িয়াই নিছে নাৰীৰ জীৱনৰ উত্তৰণৰ অনেক কথা,  প্ৰশস্ত কৰিছে নাৰী মুক্তিৰ অনেক পথ।

 

      

প্ৰসংগ সূত্ৰ :

১. ঠাকুৰ, নগেন ( সম্পা.), এশ বছৰৰ অসমীয়া উপন্যাস, জ্যোতি প্ৰকাশন, প্ৰথম প্ৰকাশ নৱেম্বৰ,২০০০, পৃ. ২৭২ 

 

সহায়ক গ্ৰন্থপঞ্জী :

শৰ্মা, গোবিন্দ প্ৰসাদ , উপন্যাস আৰু অসমীয়া উপন্যাস, ষ্টুডেণ্টচ  ষ্টৰচ, তৃতীয় সংশোধিত সংস্কৰণ, অক্টোবৰ, ২০১২

ঠাকুৰ, নগেন (সম্পা.) এশ বছৰৰ অসমীয়া উপন্যাস, জ্যোতি প্ৰকাশন, প্ৰথম প্ৰকাশ নৱেম্বৰ, ২০০০ 

             

      

ঠিকনা  :

গাঁও - ঔবাৰী 

জিলা -তামুলপুৰ 

ডাক - সুৱাগপুৰ 

ডাক সূচক - ৭৮১৩৬৪

ভ্ৰাম্যভাষ - ৯৩৯৫৬৪৪৫১৩ 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ