ৰুদ্ৰ সিংহ মটক
মৌচুমী বড়া বৰুৱাৰ পেছা শিক্ষকতা। কিন্তু তেওঁৰ নিচা শব্দ আৰু সত্য। তেওঁৰ সাধনা হ’ল কবিতা আৰু মানৱতাৰ জয়গান। কৈশোৰ বা যৌৱনতে তেওঁ সাহিত্যৰ, কবিতাৰ প্ৰেমত পৰিছিল। এটা সময়ত এই প্ৰেমেই হৈ পৰে কাব্য সৃষ্টিৰ চিৰন্তন আৱেগ আৰু প্ৰেৰণা। অলপতে প্ৰকাশ পালে কবিৰ সৃষ্টিশীল জীৱনৰ প্ৰথমখন গ্ৰন্থ- চেগুন ফুলৰ আবেলিবোৰ। ইয়াত কবিগৰাকীৰ ভিন্ন স্বাদৰ কবিতাৰ লগতে পাঁচটামান কবিতা বিষয়ৰ প্ৰবন্ধও সন্নিৱিষ্ট হৈছে। আমি প্ৰত্যক্ষ কৰিছোঁ যে বয়সত তৰুণ যদিও কবি মৌচুমীৰ জীৱনদৃষ্টি সূক্ষ্ম, সমাজবীক্ষা প্ৰসাৰিত। কবিয়ে হয়তো বুজে জীৱনক নুবুজাকৈ জীৱনৰ কবিতা লিখা নাযায়। সেয়ে আনক অনুকৰণ নকৰি, গড্ডলিকা প্ৰৱাহত উটি নগৈ, কবিয়ে জীৱনটো নিজৰ ধৰণে নিজৰ খিৰিকীৰে চাব খুজিছে। আমাৰ বাবে আনন্দকৰ আৰু আশাব্যঞ্জক কথাটো হ’ল জীৱন আৰু সমাজ সম্পৰ্কে নতুন চিন্তা, নতুন জিজ্ঞাসা কিম্বা উপলব্ধিৰ সততা— এই মৌলিকতাই মৌচুমীৰ কলমৰ গদ্য আৰু কবিতা উভয়কে দান কৰিছে বাস্তৱতাৰ নতুন ৰং, নতুন দৃষ্টিকোণ।
কবিতা কেৱল অনুভূতি বা আৱেগৰ উচ্ছ্বাস নহয়। কবি নীলমণি ফুকনৰ দৃষ্টিত কবিতা একে সময়তে সৃষ্টি আৰু নিৰ্মাণো। সাৰ্থক কবিতাৰ আলঙ্কাৰিক ব্যাকৰণ আৰু নিৰ্মিতিৰ আঁৰৰ এই উজ্জ্বল সত্যটি যেন সততে সচেতনভাৱে কবি মৌচুমীয়েও মনত ৰাখিছে। চেগুন ফুলৰ আবেলিবোৰ সংকলনটিৰ এটি উচ্চমানৰ কবিতা হ’ল- “সীমান্তৰ প্ৰহৰী”। বৰফাবৃত লাডাখ। বৰফেও চেঁচা কৰিব নোৱাৰা সৈনিকৰ ধমনীৰ তপ্ত ৰুধিৰ। কি গভীৰ, জননী পূজাৰ এই নিৰ্মল প্ৰতীতি, উদ্বেল দেশাত্মবোধ! নিৰ্জন সীমান্তৰ— নিষিদ্ধ য’ত সংকীৰ্ণ ব্যক্তিপ্ৰেম, চঞ্চল ভ্ৰমৰৰ মৌ-পিয়াসী গুঞ্জন ! প্ৰতিজন যুদ্ধমগ্ন প্ৰহৰীৰ স্পন্দিত বুকুত কি দীপ্ত, প্ৰজ্জ্বলিত, পৱিত্ৰতম ত্যাগৰ পুণ্য হোমানল !...কবি মৌচুমীৰ দীপ্ত কল্পদৃষ্টি আৰু প্ৰসাৰিত মানৱায়তনে কবিতাটোক গতিশীল এক নতুন বৈচিত্ৰ্য দান কৰিছে। —
তেওঁলোক,...তেওঁলোক যে সীমান্তৰ প্ৰহৰী!
সদা উচৰ্গিত তনু-মন দেশৰ নামত।
হৃদয়ৰ অলিন্দত স্বদেশ প্ৰেমৰ স্পন্দন
অহৰ্নিশ, অনুক্ষণ ।
নিৰ্ভীক অপেক্ষা মাথোঁ শেষ যাত্ৰাৰ স্বাগত ক্ষণলৈ—
কেতিয়াবা ফুলৰ তোৰণেৰে
হয়তোবা, হিম-শীতল কফিনেৰে
কেতিয়াবা হৰ্ষোল্লাসেৰে
কিম্বা...অশ্ৰু মন্দাকিনীৰে
আধুনিকতাৰ নামত হোৱা তথাকথিত পৰিৱৰ্তনৰ কুটিল ধুমুহাই সংবেদনশীল কবিমনতো মেলি দিছে বুজাব নোৱৰা বিষাদ বা-মৰলি। নগৰীকৰণে কালৰূপ ধৰি চকুৰ আগতেই গাঁওবোৰ গিলি পেলাইছে। তাহানিৰ বননি অৰণ্যানিৰ সেউজশোভা সৌন্দৰ্যপ্ৰেমী কবিমনৰ পৰাই অন্তৰ্হিত হৈছে। কুটিল সময়ৰ এই ট্ৰেজিক কাৰুণ্যকো কবিয়ে হৃদয়স্পৰ্শী কাব্যৰূপ দিছে “ক’ত গ’ল সেই গৰখীয়া ল’ৰাবোৰ” শীৰ্ষক কবিতাটিত। ইয়াত প্ৰকাশ পাইছে কবি মৌচুমীৰ সংবেদী মননৰ লগতে কালচেতনা আৰু উদ্ভাসিত অন্তৰ্দৃষ্টি –
আগতে তাত জাৰণি এডৰা আছিল ।
নদীত গা ধুই গাভৰু বোৰে
লাজ লুকুৱাইছিল,
গৰখীয়া ল’ৰাবোৰৰ বাঁহীৰ সুৰে
নিলাজভাৱে চুইছিল
সিহঁতৰ নিৰাভৰণ দেহৰ মাদকতা।
গৰখীয়া ল’ৰাবোৰৰ
লুণীয়া দুপৰীয়াবোৰক ছাঁ দিয়া
জামু জোপাৰ ঠাইত ...
এতিয়া এটা প্ৰকাণ্ড বিল্ডিং হ’ল ।
***
শিলৰ ঘৰ্ষণত প্ৰজ্বলিত জুইৰ ফিৰিঙতি দেখি
আদিম মানৱৰ মুখত হাঁহি বিৰিঙিছিল ;
এতিয়া সেই জুই জ্বলে
মানুহৰ হৃদয়ত... ,
উত্তৰণ —প্ৰতিহিংসাৰ দাবানললৈ
কলংকিত আজি মানৱীয়তাৰ সংজ্ঞা ?
শতাব্দীৰ ঘোঁৰাটোৰ তেজাল কলিজাটো পিন্ধি
আমি কেৱল দৌৰিছোঁ ,
দৌৰি আছোঁ ....
অনিশ্চিত প্ৰাপ্তি পূৰণৰ লক্ষ্যত
কবিয়ে জানে— “হৃদয়ত সূৰ্যটো স্থাপি অগ্ৰগামী হোৱা/ বন মানুহবোৰ আজি সভ্য মানৱ!/ অথচ,/ বিভ্ৰম হৈছে ক্ৰান্তিকাৰী পথৰ সঠিক ঠিকনা।” (আকৌ এহাল আদাম ইভৰ প্ৰয়োজন)। মানুহে বিপ্লৱৰ পথ হেৰুওৱা দেখি কবি ভিতৰি ভিতৰি আশাহত বা ব্যথিত হৈছে। কিন্তু সঠিক পথ বিচাৰি নাপাই কবি যেন বাৰে বাৰে বিভ্ৰান্ত হৈছে। কবি হিচাপে মোচুমী বড়া বৰুৱাৰ সমকাল চেতনা নথকা নহয়। কিন্তু সমাজদৰ্শী কবিক ভৱিষ্যতৰ এক সুস্থ ভিজনো লাগিব। ৰূপান্তৰৰ চেতনাৰে চহকী উচ্চমানৰ কবিতা ৰচনাৰ বাবে কবিক লাগিব সূক্ষ্ম এক সামগ্ৰিক জীৱনদৃষ্টি।বহল অৰ্থত ই হ’ব পাৰে মূলতঃ বৈপ্লৱিক। জীৱন আৰু জীৱনৰ চৌপাশ, সমাজ আৰু সমাজ ব্যৱস্থা, দেশ আৰু দেশৰ নাড়ী-নক্ষত্ৰ, ইতিহাস আৰু সভ্যতাৰ গতিধাৰাৰ সৈতেও কবিসকল পৰিচিত হ’ব লাগিব। অসমীয়া কবিতাৰ চহকী ঐতিহ্যৰ জ্ঞানো লাগিব। এনে জ্ঞান বা জিজ্ঞাসা যিমানেই গভীৰ হ’ব সিমানেই মঙ্গল। কবিসকলৰ অন্তৰৰ ধাউতি, শিল্পীসত্তাৰ এই আত্মিক ঐশ্বৰ্যও হ’ব পাৰে কবিৰ প্ৰজ্ঞা, কল্পনা, আৱেগ আৰু অভিজ্ঞতাৰ অভিজ্ঞান। প্ৰথিতযশা কবি-সমালোচক ৰাইনাৰ মাৰিয়া ৰিল্কেৰ উক্তি এই প্ৰসঙ্গতে প্ৰণিধানযোগ্য— “Verses are not, as people imagine, simply feelings; they are experience.” কলাৰ সত্য দৰাচলতে জীৱনৰে সত্য, জীৱনৰে সৌন্দৰ্য। কবিসকলে মনত ৰাখিব লাগিব মানুহৰ সৈতে, সমাজৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থাকিলেহে কবিতাই আহৰণ কৰিব ভাষাৰ অন্তৰ্লীন সৌন্দৰ্য আৰু বৈচিত্ৰময় মানৱায়তন—
বতাহজাকক মই সুধিলোঁ —“আঘোণৰ পথাৰত এতিয়া প্ৰেম আছেনে?”
বতাহজাক নিৰুত্তৰ ।
—“ৰবাব টেঙাৰ ৰসত এতিয়াও মৰম সৰেনে? “
বতাহজাক তেতিয়াও উত্তৰহীন ।
—“আছেনে বাৰু বিৰিয়া গধুৰ কৰা তাহানিৰ সেই
নিভাজ প্ৰেমৰ টোপোলাবোৰ?”
বতাহজাকে ক’লে—
“সেইবোৰ এতিয়া নোখোলা পৃষ্ঠাৰ কাহিনী হ’ল”...
মোৰ বুকুৰ হুমুনিয়া এটাই আৱেগেৰে
আঁকোৱালি ল’লে আঘোণৰ উদঙীয়া দুখ। (এতিয়া আঘোণ)
“কবিতা শুভঙ্কৰ সংগীত অথবা উচ্চতৰ গণিত৷” এয়া উৎকৃষ্ট কবিতা সন্দৰ্ভত কিম্বদন্তি কবি হীৰেন ভট্টাচাৰ্যৰ অভিমত। অসমীয়া মানুহৰ বাবে আঘোণ শুভ সময়ৰ ৰূপকল্প যদিও উদঙীয়া দুখৰ শিল-হুমুনিয়াহ এটাই কবিৰ কলিজাৰ একোণত ঘৰ বান্ধি বহিছে। ভাবৰ স্বতস্ফূৰ্ততা আৰু ভাষাৰ গীতিময়তা (lyrical tone) সত্ত্বেও মৌচুমীৰ কবিতাটোৰ আঙ্গিক বা নিৰ্মিতি খুব বেছি নিটোল বুলিব নোৱাৰি। নব্য ৰোমাণ্টিক ভাৱোচ্ছ্বাসক মননশীলতাৰে আৰু কিছু নিয়ন্ত্ৰিত কৰিব পৰাহ’লে ই নিতান্তই এটা ৰসঘন, জীয়া কবিতালৈ উন্নীত হোৱাৰ থল আছিল। কিন্তু কবিতাৰ দৰে শব্দশিল্পৰ ক্ষেত্ৰত অৰ্থোজ্জ্বল শব্দচয়ন, ধ্বনিবৈভৱ আৰু ভাষাৰ সচেতন প্ৰয়োগৰ কলাগত দিশবোৰো আমি উলাই কৰিব নোৱাৰোঁ। ই যে নতুন কবিগৰাকীৰ ভাষিক স্বাভিমান আৰু বৌদ্ধিক কৃতিৰে পৰিচয়।
মৌচুমী বড়া বৰুৱাৰ পঠনযোগ্য কবিতাৰ সংখ্যা কম নহয় যদিও আমি তিনি-চাৰিটামানহে আমাৰ প্ৰাসঙ্গিক আলোচনাৰ আওতালৈ আনিছোঁ। আধুনিক মানুহৰ যি দ্বিধা-শঙ্কা, হতাশা-অস্থিৰতা, সেইবোৰৰ পৰা কবিমনো মুক্ত নহয়। কিন্তু তেওঁৰ অপাপ প্ৰেমবোধ আৰু আশাৰ সুৰটোৰ বাবেই আমি বাৰে বাৰে তেওঁৰ কবিতাৰ প্ৰতি আকৰ্ষিত হওঁ– “কলিংগ বিজয়ৰ উল্লাসত আতংকিত অশোক/ যুগে যুগে হৈ ৰ’ব পৃথিৱীৰ প্ৰেমৰ সম্ৰাট!” (ৰজা আৰু যুদ্ধ)। এই কবিতাৰে আন দুটা পংক্তি এনে— “বাৰুদৰ ধোঁৱাই ছানিব পাৰিব জানো সূৰ্যৰ পোহৰ!/ এজন দুৰ্যোধনে, কিম্বা শতাধিক হিটলাৰে/ পাৰিবনে পৃথিৱী কৰিব নিপাত?”... যেতিয়া “পৃথিৱীৰ বক্ষত অসূৰ্যস্পৰ্শা সেউজীয়া বেদনাই কান্দে” আমাৰ কবিও বুজাব নোৱাৰা দুখত ভাগি পৰে; কেতিয়াবা এপৃথিৱী ক্ষোভত ভিতৰি ভিতৰি গুমৰি উঠে। এয়াইতো কবিতা, ৱৰ্ডছৱৰ্থে কোৱা—“the still, sad music of humanity.”
শেহত কওঁ, কবিতা বা মহাকাব্য কোনো এটা জাতি
বা গোষ্ঠীৰ নহয়, সমগ্ৰ মানৱ জাতিৰে ই হ’ল মাতৃভাষা। যুগে যুগে ই চিৰসুন্দৰ
সংস্কৃতি আৰু সভ্যতাৰ স্তনামৃতা। মানুহৰ অন্তহীন সম্ভাৱনাৰ ওপৰত, কবিতাৰ ৰূপান্তৰৰ
শক্তিৰ ওপৰত কবি মোচুমীৰ আছে অবিচল আস্থা। অধ্যয়ন, অনুশীলনৰ লগতে নিৰৱচ্ছিন্ন
সাধনাৰ ওপৰত কবিৰ আছে গভীৰ বিশ্বাস। সেয়ে তেওঁৰ বুকুৰ পথাৰৰ কলাপকা দিয়া ধান
আঘোণৰ ৰ’দ-নিয়ৰ পাই সোণালী হ’ব। আমি আশা ৰাখিম পাঠকে হেঁপাহেৰে হাতত তুলি ল’ব
কবিৰ কাপৰ আটকীয়া শইচৰ এদোণ—চেগুন ফুলৰ
আবেলিবোৰ। পাঠকৰ অন্তৰৰ মৰম-ভালপোৱাই হ’ব মৌচুমীৰ ভৱিষ্যতৰ সৃষ্টিৰ বাটৰ
অফুৰন্ত প্ৰেৰণা আৰু শক্তি। আমি পাহৰিলে নচলিব যে কাব্যপ্ৰেমীৰ বৌদ্ধিক, সাংস্কৃতিক
পৰিমণ্ডল এটাইহে মৌচুমীহঁতৰ দৰে সমাজ চেতনাৰে সমুজ্জ্বল প্ৰতিশ্ৰুতিসম্পন্ন কবি
প্ৰতিভাৰ জন্ম দিব পাৰে।
০০০
ঠিকনা
লাৰিকা গ্ৰীনভেলী, আজাৰা,
হাটখোৱাপাৰা, পিন-৭৮১০১৭,
ফোন- ৭০০২৩০৩৮৮২,
গুৱাহাটী, কামৰূপ (মেট্ৰো)