অন্যযুগ/


মিণ্টুল হাজৰিকাৰ হালধিহাট

 ফাৰহান জাৱেদ

 

কবিতাক কোনোৱে বৌদ্ধিক কছৰৎৰ সংক্ষিপ্তি বুলি কয় আৰু কোনোৱে সৰ্বসাধাৰণৰ হৃদয়ৰ আকূতি বুলিও কব খোজে৷ আমাৰ বাবে কবিতা কেৱল সাময়িক বিলাস নহয়, আমাৰ বাবে কবিতা জীৱন-চৰ্যা৷ আনহাতে কবিতা-পঠনক আমি বুদ্ধিদীপ্ত চিন্তাৰ পৰ্যায়লৈয়ো নিব পৰা নাই৷ অৱশ্যে কবিতা বুজিবৰ বাবে পাঠৰ ধাৰাবাহিকতা ৰাখিবলৈ যত্ন কৰিছোঁ৷ কেতিয়াবা কোনো কবিতা নুবুজাকৈয়ে পাঠ কৰাৰ তৃপ্তি লাভ কৰিছোঁ, অথচ কেতিয়াবা কোনো কবিতা পঢ়ি সহজেই বুজি পোৱাৰ পাছতো ভাল লগাখিনি বিচাৰি নোপোৱাৰ ব্যৰ্থতাও গাত পাতি লৈছোঁ৷ নীলমণি ফুকন ছাৰে এদিন কৈছিল– ‘কবিতা বুজা-নুবুজাৰ মাজৰ অৱস্থা’– যেন ছাঁ আৰু পোহৰৰ মাজৰখিনি৷ কিন্তু সেই বুলি পাঠকৰ মনোযোগ আকৰ্ষণ কৰিবলৈ কোনো কবিয়ে ইচ্ছাকৃতভাৱে কবিতাক জটিলতাৰ মাজলৈ টানি নিয়াৰ প্ৰয়াস কৰাও দেখিছোঁই নিতান্তই দুৰ্ভাগ্যজনক৷

অসমীয়া কবিসকলে কবিতাক সুন্দৰৰ-সাধনা হিচাপে জ্ঞান কৰাৰ সমান্তৰালভাৱে বাস্তৱৰ নৈকট্যলৈয়ো চপাই নিছে, যাদু-বাস্তৱবাদৰ সন্মোহনেৰেও কবিতাক বিস্তৃতি দিছে, উত্তৰ-আধুনিক অভিধাৰণাৰেও কবিতাক সমৃদ্ধ কৰিছে৷ সাম্প্ৰতিক আৰু অতি-সাম্প্ৰতিক কবিসকলে অসমীয়া কবিতাৰ বিশাল বিস্তৃতিক মহিমামণ্ডিত কৰিবলৈ নিতউ নতুন পৰীক্ষা-নিৰীক্ষা কৰি আহিছে৷ সেই কবিসকলৰ মাজৰ এগৰাকী লক্ষণীয় কবি মিণ্টুল হাজৰিকা৷ মিণ্টুলৰ এটি কবিতা পঢ়িছিলোঁ– ‘বৈৰাগ-কথন৷ তেওঁ লিখিছে– ‘ৰাতিৰ আকাশ দুফাল কৰি যতেওঁ আহে//গীতা-কোৰান মিলাই/বিধান দিয়ে//আৰু জুইপৰুৱাৰ বাটেৰে যায়গৈ//স্ফটিকৰ নাক/শইচ-ফুলা চকু//মেঘবৰ্ণ চালত গুজি ৰাখে//কাঁহ বৰণৰ মুখ’– ৰাতিৰ আকাশ দুফাল কৰি কবিৰ ওচৰলৈ প্ৰিয় নাৰী আহে৷ তেওঁৰ অস্থিৰতাক নিদান দি পোহৰৰ বাটেৰে (জুইপৰুৱা) গুচি যায়৷ কবিয়ে তেওঁৰ প্ৰেয়সী অথবা যিগৰাকী অচিনাকি নাৰীৰ কথা কৈছে তেওঁৰ শাৰীৰিক অসুস্থতাৰেও (কাঁহ বৰণৰ মুখ) কবিক পোহৰৰ বাট দেখুওৱাৰ প্ৰয়াসত এটা নীতিকথাও জড়িত হৈ আছে, আদৰ্শ স্থাপন হৈছে৷

২০১৭ চনমানৰ পৰা প্ৰকাশ, যাত্ৰা, কথাশিল্প, অন্যযুগৰ পাতত তেওঁৰ কেইবাটাও কবিতা পঢ়িবলৈ পাইছোঁ৷ তাৰে ধাৰণা কৰিব পাৰি যে মিণ্টুলৰ কবিতাৰ বাবে সমৰ্পণ আছে৷ কিন্তু কবিতাৰ সৈতে নিজক লৈ যোৱাৰ ধৈৰ্য আৰু একাগ্ৰতা লাগিব৷ বহু কবি এসময়ত হতাশ হয়, বীতশ্ৰদ্ধ হয়সৌন্দৰ্যৰ সংশ্ৰৱত যিদৰে লাভ-লোকচানৰ কথা বিবেচনা কৰা নহয়, শিল্প-চৰ্চাৰ পূৰ্বাপৰত যিদৰে সৌন্দৰ্যচৰ্চাৰ প্ৰতি উন্মুখ কৰে আৰু জাগতিক মানুহৰ মুকুতিৰ প্ৰতি সমৰ্পিত চেতনা জাগ্ৰত কৰে৷

কবিতা কল্পনাআশ্ৰিত হলেও তাৰ ভিত্তি সমসাময়িক সমাজখন৷ সামাজিক ভাৰসাম্য ৰাখিবলৈ, অনৈক্যৰ মাজত সংহতি স্থাপন কৰিবলৈ বুঢ়া-মেথাসকলে বিভিন্ন কাহিনী, সাধু, নীতি-কথা স্ৰজন কৰি মানুহক মুক্তিৰ পথ দেখুৱাই গৈছিল৷ কবিতাক সাধনা হিচাপে লোৱা মিণ্টুল হাজৰিকায়ো লোককথা, সাধু, আখ্যানবোৰৰ প্ৰসংগ-অনুষংগৰ গাত ভেজা দি নিজৰ লিখাৰ ভেটি গঢ়িছে৷ তেওঁৰ পঠনবাদকবিতাটি পঢ়িলে সেই কথা অনুমান কৰিব পাৰি৷ বহুমাত্ৰিক কবিতাটিৰ বিষয়বস্তু উপস্থাপন কৰোঁতে তেওঁ বাংলাত প্ৰচলিত এটি জনশ্ৰুতি চম্পাফুলৰ মালিনী উপাখ্যানক প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছে৷ বাংলা জনশ্ৰুতি অনুসৰি সৰুৰাণীয়ে জন্ম দিয়া সাতোটাকৈ সন্তান ছয় সতিনীয়ে ঈৰ্ষাৰ প্ৰকোপত প্ৰতাৰণা কৰি মাটি টেকেলিত পুতি থৈছিল৷ শেষত চম্পাফুলৰ ৰূপত মালিনীৰ ফুলনিত ফুলি থকা অৱস্থাত দৈৱবাণী অনুসৰি পুনৰ সাতোটি সন্তান লাভ কৰিছিল৷ কবিতাটিত প্ৰতীকাত্মকভাৱে বহুকেইটা প্ৰসংগ উত্থাপন হৈছে– ‘প্ৰতাৰকৰ এখন বুৰঞ্জী থকা হলে/মোৰ উত্তৰ পুৰুষে জানিলেহেঁতেন ফুল নুফুলোতে/মৰহি যোৱা চম্পাফুলৰ মালিনী উপাখ্যানপ্ৰতাৰকৰ বুৰঞ্জীৰে তেওঁ অতিক্ৰান্ত বেয়া সময়খিনিক চিত্ৰিত কৰিব বিচাৰিছে, আনহাতে চম্পাফুলৰ বিশেষত্ব এয়ে যে এই গছবিধ অতি সহজতে ডাল কাটি আন ঠাইত ৰুব পাৰি অৰ্থাৎ দুৰ্ভাৱনাৰ পৰা সম্ভাৱনালৈ গতি কৰাৰ অৰ্থ এটিও অন্তৰ্নিহিত হৈ আছে৷ নিজৰ কপাল নিজে খোৱাৰ দৰে নিজৰ দিনবোৰ সলনি কৰাৰ সক্ষমতা নথকা উত্তৰপুৰুষৰ বাবে তেওঁ আক্ষেপো কৰিছে৷ লাঙীজালত ওলমাই থয় পানীকেঁচুৱাচিত্ৰ গ্ৰামীণ সমাজৰ সৈতে সংপৃক্ত৷ আমাৰ তেনেই চিনাকি৷

মিণ্টুলৰ কবিতাৰ বিষয়বস্তু বৈচিত্ৰ্যপূৰ্ণ৷ তেওঁৰ গদ্য লিখাৰ অভ্যাস আছে, এয়া কিন্তু প্ৰস্তুতিপৰ্বহে৷ ধৈৰ্য আৰু একাগ্ৰতাৰে আগুৱাব লাগিব৷ কমদিনীয়া পৰিচিতিয়েও বহুতকে বিপথে লৈ যায়৷ সেয়াও মনত ৰাখিব লাগিব৷ নতুন কবিৰ প্ৰতি দেখুৱাই অহা বিৰাগ অন্তত মিণ্টুলৰ দৰে সম্ভাৱনা লৈ অহা কেইগৰাকীমান কবিয়ে নোহোৱা কৰিছে৷ মিণ্টুলৰ বিচক্ষণতা আছে, অধ্যয়ন আৰু পৰ্যবেক্ষণ কবিতাবোৰত পৰিস্ফূত হয়– ‘বামুণকুঁৱৰীত লিখিছে– ‘হাউলি পৰিছিল গছজোপা/তিৰোতাজনীৰ পেটত ৰৈ আছিল বাগী কুঠাৰ//যিজোপা গছৰ পাতত বহে সুমথিৰা বেলি/ৰাতি দুপৰত নাচে সেউজীয়া জোন//মাটিমুখ হৈ আঘোণ অনা পিতাইৰ/বাওঁপিঠিত সেইজোপা গছ হৈ গজিম//ফুলক বা নুফুলক বগৰী ফুল/মেঘে বান্ধিলে খোপা/মৈথুনৰ শেষত লালটিনৰ লেম্প লৈ নামি আহে তৰা//এচোতাল সোণফুল লৈ আহে নীলা চৰাই/ঠোঁটে ঠোঁটে বাজে ৰাগ গান্ধাৰ//শিশুৰ দৰে ওমলোঁ/নিজে নিজৰ আই হৈ নিচুকনি গীত গাওঁ//অকপটে কওঁ তোমাকঃ/যদিও মিচিলত আগত থিয় হওঁ/গুপ্তাংগ চুই পৃথিৱীৰ বয়স জুখিবলৈ কাহানিও বিচৰা নাই//আন্ধাৰ ঘৰত বিচাৰিছোঁ দুৱাৰ/পশ্চিম দিশৰ দুৱাৰখন যদিও এপাত খোলা/সেইপথে ওলাই গল মেঘৰ শিল্পীজন//চিত্ৰপটত পৰি ৰল অসম্পূৰ্ণ ঘোঁৰা//ত মোৰ ৰাজপ্ৰসাদ তাতে শুনিছানে/দ নপৰা পুখুৰীৰ পুণীৰ তলত বিৰহত মৰা/মাছৰ পুৰাকথা//মেঘৰ অন্তেষপুৰত কৰ বৰাগী তই /কিয় বাৰু নুফুটালি মেটেকাৰ ফুলপাহ/মোৰ সীয়া ওঁঠৰ পানীযুঁৱলিত//পুৱতিৰ বতাহে গাখীৰতী ধানৰ গোন্ধ হৈ আহিযলৈ গল জীউটো সামৰি খোলাটো কাললৈ এৰি/

ছবি এখনৰ কল্পনা কৰা আৰু তাক ৰূপক-অলংকাৰেৰে দৃশ্যমান কৰাতো নিশ্চয়কৈ সহজ কাম নহয়৷ বহুতকে উজুটি খুৱাও দেখিছোঁ৷ ভাৱাবেগ সন্তুলিতভাৱে কঢ়িয়াই নি ইমেজ সৃষ্টি কৰিব পৰাতেই কবিৰ কৃতিত্ব৷ কবি এগৰাকী বিচক্ষণ, অন্তদৃৰ্ষ্টিসম্পন্ন, তীক্ষ্ণধী আৰু দূৰদৰ্শীব লাগিব৷ আনহাতে নিজা লেখন-ৰীতি আয়ত্ত কৰিব লাগিব৷ বহুতে কবিতাক কৌশল বুলিও কয়৷ নিৰ্মাণত কৌশলৰ কাম থাকিবই৷ নিৰ্মাণত ভঙা-গঢ়াৰ প্ৰক্ৰিয়া থাকিবই৷ ভঙা-গঢ়াৰ এই প্ৰক্ৰিয়াটোৰ প্ৰতি যিসকল অবিশ্বাসী তেনে লোকেই কবিতা হৃদয়ৰ স্বতঃস্ফূৰ্ত অনুভৱবুলি কৈ কাৰিকৰী কামৰ প্ৰতি বিৰাগ প্ৰকাশ কৰে৷ বহুকেইগৰাকী কবি, সমালোচকে নিৰ্মাণৰ প্ৰয়োজন আছে বুলি কৈ কবিতা নিৰ্মাণ শিল্পবুলিও এটা ধাৰণা দিব বিচাৰিছে৷

মিণ্টুলৰ কবিতাৰ শৰীৰ নিৰ্মাণ, শব্দ প্ৰয়োগৰ অপূৰ্ব শৈলী, চমকলগা চুটি বাক্যই কবিতাবোৰক এটা নিপোটল গঢ় দিছে– ‘মাটিমুখ হৈ আঘোণ অনা পিতাইৰ/বাওঁপিঠিত সেইজোপা গছ হৈ গজিম

মাটিমুখ, বাওঁপিঠি প্ৰভৃতি শব্দবোৰৰ উত্থান সঁচাকৈ ভাললগা৷ মিণ্টুলৰ সমুখত দীঘল এছোৱা পথ আছে৷ আশা কৰিম নিৰৱচ্ছিন্নভাৱে মিণ্টুল গৈ থাকিব৷


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ