অন্যযুগ/


অৰূপা পটঙ্গীয়া কলিতাৰ ইতিহাস চেতনা আৰু ‘টোকোৰা বাহৰ সোণৰ বেজী’

 ° বিৰিঞ্চি কুমাৰ দাস

 

বিশিষ্ট কথা-সাহিত্যিক অৰূপা পটঙ্গীয়া কলিতাৰ উপন্যাস আৰু গল্পসমূহৰ বিশেষভাবে প্ৰণিধানযোগ্য এটা দিশ হৈছে এইবোৰৰ মাজেৰে প্ৰকাশিত তেওঁৰ ইতিহাস চেতনা, যাৰ বাবে তেওঁৰ দেখাত ঐতিহাসিক উপন্যাসবা ঐতিহাসিক গল্পৰ আওতাৰ মাজত নধৰা উপন্যাস বা গল্পৰ মাজতো এক ঐতিহাসিক পটভূমি অনবৰতে বিৰাজমান হৈ থাকে। সামাজিক বাস্তৱতাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰখা সাহিত্যিকগৰাকীয়ে প্ৰতিটো ব্যক্তিগত আৰু সামাজিক ঘটনাকে ইয়াৰ সামাজিক তাৎপৰ্যৰ মাজেৰে বিচাৰ কৰে আৰু ঘটনাবোৰক বিচ্ছিন্ন ৰূপত চাব বিচৰাৰ পৰিৱৰ্তে এইবোৰৰ মাজত ঐতিহাসিক সংযোগ-সূত্ৰৰ সন্ধান কৰে। অৱশ্যে যাদুকৰী বাস্তৱবাদ,  হিষ্টোৰীয়গ্ৰাফিক মেটাফিকশ্যন আদি বিংশ শতিকাৰ ভিন ভিন সাহিত্যিক তত্বই কাহিনী সাহিত্যত ইতিহাসৰ উপস্থাপনৰ ক্ষেত্ৰত যেনে পৃথক পৃথক ধাৰণাৰ পোষকতা কৰিছে, সেইবোৰক অনুসৰণ কৰি ইতিহাসক অনিৰ্ণেয় আৰু বহুত্ববিশিষ্ট ৰূপত তুলি ধৰাৰ পৰিৱৰ্তে তেওঁ মাৰ্ক্সবাদী দৃষ্টিকোণেৰে ইতিহাসৰ এক সুনির্দিষ্ট সৰলৰৈখিক আৰু উৰ্দ্ধমুখী গতিশীলতাকেই কাহিনীৰ মাজেৰে প্ৰকাশ কৰাৰ বাবে সচেষ্ট হোৱা দেখা যায়।

        নিজৰ যিকোনো গল্প-উপন্যাসতে কাহিনীৰ পটভূমিৰ সামাজিক বাস্তৱতাৰ ঐতিহাসিক শিপাক গুৰুত্ব দি অহা অৰূপা পটঙ্গীয়া কলিতাৰ সকলো উপন্যাসকে অৱশ্যে ঐতিহাসিক উপন্যাসবুলি চিহ্নিত ধাৰাটোৰ পৰিসীমাৰ ভিতৰলৈ অনা নহয়।  এইখিনিতে উল্লেখ কৰি থোৱা ভাল হব যে ঐতিহাসিক উপন্যাসৰ ধাৰণাটো সকলো সময়তে কেৱল অতীতত সংঘটিত ঘটনাৰ বিৱৰণতে সীমিত হৈ থকা নাই; বৰং এই ঘটনাবোৰৰ আঁৰৰ ঐতিহাসিক প্ৰক্ৰিয়াৰ বস্তুনিষ্ঠ বিশ্লেষণ আৰু সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত ইয়াৰ ভূমিকাক তুলি ধৰাটোৱো ঐতিহাসিক উপন্যাস  আওতাৰ ভিতৰত পৰা কথা।   অৰূপা পটঙ্গীয়া কলিতাৰ ফেলানীউপন্যাসখনে সামগ্রিক দৃষ্টিত পোনপটীয়াকৈ ঐতিহাসিক উপন্যাসনামৰ ধাৰাটোৰ ওচৰ চাপিছে যদিও  ঐতিহাসিক উপন্যাসৰ ধাৰাৰ আওতাৰ ভিতৰত অধিক  বেছিকৈ সোমাই পৰা তেওঁৰ উপন্যাসখন হৈছে টোকোৰা বাহৰ সোণৰ বেজী। ভূটানৰ দাঁতিকাষৰীয়া, অসমৰ এখন ক্ষুদ্র ঠাইৰ ইতিহাসক তুলি ধৰা এই উপন্যাসখনত দীঘল এছোৱা সময়ৰ ঐতিহাসিক ঘটনাপ্ৰবাহ  তুলি ধৰিবলৈ গৈ মানৱ ইতিহাসৰ মাজত নিহিত কেতবোৰ প্ৰমেয়ৰ সন্ধান কৰাৰ প্ৰচেষ্টা নিহিত আছে । উপন্যাসখনত যদিও ইতিহাসক বহু সময়তে স্থানীয় আৰু ক্ষুদ্র ৰূপতো অনা হৈছে (উত্তৰ-আধুনিকতাবাদী বিচাৰত লিটল নেৰেটিভ’), অৰূপা পটঙ্গীয়া কলিতাই সামগ্ৰিকভাবে ইতিহাসক জঁ ফ্ৰচোঁৱা লিওটাৰ্ডে কোৱা আৰু উত্তৰ-আধুনিকতাবাদে নাকচ কৰিব বিচৰা মেটানেৰেটিভৰ ৰূপতেই  বিচাৰ কৰিছে, ত ইতিহাসৰ গতিপ্ৰবাহ মাৰ্ক্সে কোৱা ধৰণেৰে অৰ্থনৈতিক ব্যৱস্থাৰদ্বাৰা  নিৰ্দ্ধাৰিত  হৈ সামাজিক প্ৰপঞ্চসমূহৰ, আৰু এই প্ৰপঞ্চসমূহে নিৰ্দেশ কৰা সামাজিক পৰিৱৰ্তনৰ অভ্ৰান্ত ব্যাখ্যাত পৰিণত হৈছে।

          সামগ্ৰিকভাৱে অৰূপা পটঙ্গীয়া কলিতাৰ ইতিহাস সম্পৰ্কীয় দৃষ্টিভঙ্গীৰ ভিতৰুৱা আৰু টোকোৰা বাহৰ সোণৰ বেজীতো বিশেষভাবে পৰিস্ফূত হোৱা আন এটা গুৰুত্বপূৰ্ণ কথা হৈছে এয়ে যে ‘‘মেটানেৰেটিভৰ ধাৰণাৰ মাজতো তেওঁৰ ইতিহাসে প্ৰধানতঃ সাঙুৰি লৈছে প্ৰান্তীয় স্থান আৰু প্ৰান্তীয় লোকসকলৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কাহিনী, যদিও তেওঁৰ উপন্যাসখনৰ ইতিহাসে পোনপটীয়াকৈ নিম্নবৰ্গৰ ইতিহাস চৰ্চাৰ তাত্বিক ধাৰাৰ ভিতৰলৈ আহিব খোজা নাই, আৰু তেওঁৰ কাহিনীত বৰ্ণিত ক্ষুদ্ৰ ক্ষুদ্ৰ ঐতিহাসিকভাবে তাৎপৰ্যপূৰ্ণ কথাবোৰ আহিছে এক বিশাল ঐতিহাসিক প্ৰেক্ষাপটৰ অংশ হৈয়েই । সমাজৰ শ্ৰেণীবিভাজনৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি ক্ষমতাশালী আৰু ক্ষমতাহীনৰ দ্বন্দৰ মাজেৰে আগ বঢ়া এই ইতিহাসৰ পৰিসীমাৰ ভিতৰত আছে ঔপনিবেশিক  শাসনাধীন আৰু স্বৰাজোত্তৰ অসমৰ জটিল  ৰাজনৈতিক ঘটনাপ্রবাহৰ বিশাল এছোৱা।

    উপন্যাসখনত বৰ্ণিত ইতিহাসে প্ৰথমেই সাঙুৰি লৈছে ভূটানৰ কাষ চপা সেই নিৰ্দিষ্ট ভৌগোলিকভাবে আওহতীয়া অঞ্চলত প্ৰচলিত সামন্তবাদৰ স্খলনমুখী অৱস্থাৰ সমান্তৰালভাবে বৃটিছৰ আগমনৰ মাধ্যমেৰে সাম্ৰাজ্যবাদী হাঁতোৰাৰ সম্প্ৰসাৰণৰ ঐতিহাসিক প্ৰক্ৰিয়াৰ বিৱৰণ।  সেই অঞ্চলৰ সাধাৰণ শ্ৰমজীৱী  মানুহৰ জীৱনত ঔপনিবেশিকতাবাদৰ ভয়ঙ্কৰ নিপীড়নকামী প্ৰভাৱ বহুমুখী ৰূপত উপন্যাসখনত উপস্থিত হৈছে আৰু ই কেৱল সাধাৰণ মানুহৰ জীৱন দুৰ্বিসহ কৰি তোলাতেই ক্ষান্ত থকা নাই, সামন্তবাদৰ চৰিত্ৰৰো ই বাৰুকৈয়ে পৰিৱৰ্তন ঘটাইছে। সেই কাৰণে মৌজাদাৰ বনমালী চৌধুৰীৰ দেউতাকৰ সময়ত সামন্তবাদী প্ৰভূত্বৰ মাজতো নিহিত থকা সাধাৰণ মানুহৰ প্ৰতি অনুকম্পামূলক মনোভাৱক ধৰি ৰখাৰ পৰিৱৰ্তে ঔপনিবেশিকতাবাদে ক্ষমতাৰ দিশৰপৰা  নিশকতীয়া কৰি তোলা আৰু এই পৰিস্থিতিতো বৃটিছৰ প্ৰতি এক ধৰণৰ আসক্তি আৰু আনুগত্য অনুভৱ কৰা  বনমালী চৌধুৰীৰ মাজত দেখা গৈছে এক স্বেচ্ছাচাৰী মনোবৃত্তি। বৃটিছসকলৰ শ্ৰেষ্ঠত্বক মানসিকভাবেও গ্ৰহণ কৰি নিজৰ জীৱন-ধাৰণকো সেই ধৰণেৰে গঢ়িবলৈ যত্ন কৰা বনমালী চৌধুৰীয়ে নিজৰ শিপাৰপৰা বিচ্ছিন্ন হৈ যোৱাটোৱে সাম্ৰাজ্যবাদ আৰু সামন্তবাদৰ দ্বন্দৰ অন্য এক ৰূপ দাঙি ধৰিছে। প্ৰকৃতিপ্ৰদত্ত সুগৰীজানৰ দিশ পৰিৱৰ্তন কৰি ইয়াক তেওঁৰ হাউলিৰ ওচৰলৈকে বোৱাই দিয়াৰ ব্যৱস্থা কৰাৰ মাজেৰে  বনমালী চৌধুৰীয়ে নিজৰ সামন্তবাদী ক্ষমতাক ইয়াৰ সৰ্বোচ্চ উচ্চতালৈ লৈ যাব বিচাৰিলেও একে সময়তে বৃটিছৰ প্ৰতাপৰ সম্মুখত তেওঁ অসহায়ো হৈ পৰিছে।

বৃটিছ ঔপনিবেশিক শাসনৰ পাৰ্শ্বক্ৰিয়া হিচাপেই  সামন্তবাদক পতনৰ পিনলৈ  ঠেলি দিয়া আন এটা কাৰক হৈছে ঔপনিবেশিকতাবাদে আনি দিয়া পৰিৱৰ্তিত আৰ্থ-সামাজিক প্ৰেক্ষাপটৰ বুকুত গঢ় লৈ উঠা আৰু মূলতঃ বাহিৰৰ জগতখনৰ দ্বাৰা প্ৰভাৱান্বিত এক নতুন বাণিজ্যিক গোষ্ঠীৰ উত্থান আৰু ইয়াৰ মাজেৰে বৃটিছ সাম্ৰাজ্যবাদৰ প্ৰভাৱ হিচাপেই সেই আওহতীয়া গ্ৰাম্যাঞ্চললৈ অপ্ৰত্যাশিতভাবে আহি পৰা নগৰীকৰণ প্ৰক্ৰিয়া । ক্ষমতাশালী মৌজাদাৰ বনমালী চৌধুৰীয়ে বৃটিছ চৰকাৰক পৰিশোধ কৰিবলগীয়া খাজনাৰ ঘাটি পূৰণৰ বাবে এই বাণিজ্যিক শ্ৰেণীৰ শৰণাপন্ন হবলগীয়া হোৱাটোৱে এই শ্ৰেণীটোৰ ক্ৰমবৰ্দ্ধমান শক্তিকে প্ৰতিপন্ন কৰে।  ইয়াৰ লগতে প্ৰচলিত সামাজিক গাঁথনিক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিবলৈ আহি পৰিছে খ্ৰীষ্টধৰ্মৰ প্ৰভাৱো, যাৰ ফলত স্বৰাজোত্তৰ কালৰ বিশেষ সামাজিক-ৰাজনৈতিক পৰিস্থিতিত খ্ৰীষ্ট ধৰ্ম গ্ৰহণ কৰা আৰু নকৰা বড়োসকলৰ মাজত বিভাজনৰ সূত্ৰপাত ঘটাও দেখিবলৈ পোৱা গৈছে।

    উপন্যাসখনত সামাজিক ব্যৱস্থাগত পৰিৱৰ্তনৰ আন এটা ঐতিহাসিক কাৰক হিচাপে আহিছে স্বাধীনতা আন্দোলন আৰু গান্ধীজীৰ সুগভীৰ প্ৰভাৱ । মৌজাদাৰ বনমালী চৌধুৰীৰ দেউতাকে মৌজা চলোৱাৰ সময়ত সাধাৰণ মানুহৰ প্ৰতি দেখুওৱা  সহনশীল মনোবৃত্তিৰ কাৰণ আছিল প্ৰকট শ্ৰেণীবিভাজন সত্বেও মূলতঃ সামন্তবাদে ইয়াৰ পৰিপক্ক ৰূপৰ মাজেৰে আহৰণ কৰা এক ধৰণৰ ভাববাদী আদৰ্শবাদ, যিটো পৰৱৰ্তী পতনমুখী সামন্তবাদৰ মাজত বৰ্তি থকাটো সম্ভৱপৰ নাছিল। আনহাতে মৌজাদাৰ হিচাপে বনমালী চৌধুৰীৰ উত্তৰাধিকাৰী হিচাপে আহি পৰা তেওঁৰ পুত্ৰ প্ৰিয়নাথৰ জনহিতৈষীমূলক মনোভাৱ পিছে তেওঁৰ ককাকৰ সামন্তবাদী আদৰ্শগত অৱস্থানৰপৰা অহাৰ পৰিৱৰ্তে আহিছিল গান্ধীজীৰ ঔপনিবেশিকতাবাদ বিৰোধী চিন্তাধাৰাৰ প্ৰভাৱৰ ফলস্বৰূপে। স্বাধীনতা আন্দোলনৰ সময়ত   সেই প্ৰান্তীয় অঞ্চলৰ প্ৰান্তীয় মানুহখিনিৰ বাবে গান্ধী হৈ পৰিছিল ঈশ্বৰৰ সমাৰ্থক অথবা বিকল্প, আৰু গান্ধীভকতসকলৰ স্থান হৈ পৰিছিল গোঁসাই বা বড়োসকলৰ আহম গুৰুৰ সমপৰ্যায়ৰ, কাৰণ গান্ধীৰ চিন্তা আৰু গান্ধীভকতসকলৰ কাৰ্যৰ মাজেৰেই তেওঁলোকে নিজৰ আৰ্থ-সামাজিক স্থিতিৰ বাবে অনুকূল এক ব্যৱস্থাৰ সম্ভাৱনা দেখিবলৈ পাইছিল। সেই কাৰণেই নিতান্তই সাধাৰণ মানুহৰ প্ৰতিনিধি ফান্দী আৰু ধনদাই বিদেশী বস্ত্ৰ বৰ্জন, কানিৰ প্ৰচলনৰ বিৰোধ, স্বদেশী মনোভাৱৰ প্ৰসাৰ আদিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ ওলাই আহিছিল।  এই গোটেই কথাবোৰে এক ধৰণেৰে প্ৰচলিত ধৰ্মীয় আৰু সামাজিক কৰ্তৃত্ববাদৰ প্ৰতি প্ৰত্যহ্বানৰো সৃষ্টি কৰাৰ মাজেৰে ইতিহাসৰ গতিপ্ৰবাহৰ নিয়ন্ত্ৰকৰ ভূমিকাও লৈছিল, যদিও উত্তৰ-ঔপনিবেশিক কালৰ অস্থিৰতাময় ৰাজনৈতিক পৰিৱেশৰ সৈতে মুখামুখি হব পৰাকৈ ই সবল হৈ থকা নাছিল।

    টোকোৰা বাহৰ সোণৰ বেজীত ঔপন্যাসিকে বৰ্ণিত অঞ্চলত বৃটিছ ঔপনিবেশিকতাবাদৰ ইতিহাস দাঙি ধৰিবলৈ গৈ ইয়াৰ অন্তৰালৰ  ৰাজনৈতিক প্ৰক্ৰিয়াসমূহৰ স্বৰূপ উদঘাটন কৰিবলৈ বিভিন্ন দিশৰপৰা প্ৰয়াস কৰিছে।  ঔপনিবেশিকতাবাদৰ স্বৰূপ হিচাপে কাহিনীলৈ আহি গৈছে বৃটিছে  সাধাৰণ গ্ৰাম্য ৰাইজে বব নোৱৰাকৈ  খাজনা বৃদ্ধি কৰাৰ ঘটনা, যাৰ অন্তৰালৰ এটা কাৰণ হৈছে নিজস্ব পুঁজিবাদী লাভৰ বাবে গঢ়ি তোলা জলবিদ্যুৎ প্ৰকল্পৰ বাবে সস্তীয়া বনুৱাৰ সৃষ্টি। এপিনে বৃটিছে চাহ বাগিছা গঢ়ি তুলি নিজৰ প্ৰভূত্বকাৰী অৱস্থানৰ সম্প্ৰসাৰণ ঘটাইছে, আনহাতে কাপোৰৰ কৰ, জল কৰ আদি বিভিন্ন কৰকাটলৰ মাধ্যমেৰে গ্ৰাম্য অৰ্থনীতিত মাধমাৰ সোধাইছে একেই বৃহৎ পুঁজিৰ স্বাৰ্থত  যুগ যুগ ধৰি  ক্ষমতাৰ দ্বন্দৰ অন্তৰালত নিহিত হৈ থকা ভয়ঙ্কৰ অমানৱীয়তাৰ স্মাৰক হিচাপে অহা ডফলা পোতা টিলাটো উপন্যাসখনৰ কাহিনীৰ বিস্তাৰত বিভিন্ন সময়ত উপস্থিত হৈ এই অমানৱীয়তাৰ ধাৰাবাহিকতাৰ কথাকে প্ৰকাশ কৰিছে। ক্ষমতাশালী চক্ৰৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ চিৰস্থায়ী জমিদাৰী আদি ব্যৱস্থাৰ সৃষ্টি কৰাৰ লগতে ভাটিয়া লোকক আনি এই  ভিতৰুৱা ঠাইখনত স্থাপন কৰাৰ জৰিয়তে স্থানীয় শ্ৰমজীৱী মানুহখিনিৰ অস্তিত্বৰ প্ৰতি সংকট অনাৰ লগতে জনগোষ্ঠীগত সংঘাতৰো দুৱাৰ মুকলি কৰা হৈছে। বৃটিছ শাসকসকলে নিজৰ ঔপনিবেশিক স্বাৰ্থৰ কথা আগত ৰাখিয়েই সাধাৰণ মানুহৰ সম্ভাব্য প্ৰতিৰোধমুখী প্ৰৱণতাক প্ৰতিহত কৰাৰ উপায় উলিয়াই লৈছে, আৰু সেই বাবেই কাৱা শ্ৰমিকসকলৰ মাজত থকা গভীৰ একতাৰ শক্তিৰ বিৰুদ্ধে সক্ৰিয় হৈছে, গণহত্যাৰ মাজেৰে ৰাইজৰ মাজত গঢ়ি উঠা খাজনাবিৰোধী মনোভাৱক প্ৰতিহত কৰাৰ চেষ্টা কৰা হৈছে। 

    অৰূপা পটঙ্গীয়া কলিতাৰ ইতিহাস চেতনাৰ ভিতৰুৱা হৈ আহিছে প্ৰচলিত ক্ষমতা-সম্পৰ্কৰ সৈতে সংলগ্ন আন কেতবোৰ দিশ, যিবোৰ সাধাৰণতে পৰম্পৰাগত ইতিহাস চৰ্চাৰ পৰিসীমাৰ বাহিৰত ৰৈ যায়। তাৰে এটা হৈছে সামাজিক শোষণৰ ঐতিহাসিক প্ৰক্ৰিয়াটোৰ প্ৰেক্ষাপটত   প্ৰকৃতিৰ অৱস্থান। সাধাৰণ শোষিত শ্ৰমজীৱী লোকৰ সাধাৰণতে প্ৰকৃতিৰ সৈতে এক নিবিড় সম্পৰ্ক থাকে, আৰু ক্ষমতাশালীসকলৰ ক্ষমতা বিস্তাৰৰ প্ৰক্ৰিয়াটোৰ এটা গুৰুত্বপূৰ্ণ দিশ হৈছে মানুহৰ লগতে প্ৰকৃতিৰ ওপৰতো নিজৰ কৰ্তৃত্ববাদ প্ৰতিষ্ঠা কৰা। টোকোৰা বাহৰ সোণৰ বেজীৰ কাহিনীৰ কেন্দ্ৰস্থল মৌসৰা মৌজা আৰু তাৰ দাঁতিকাষৰীয়া অঞ্চলৰ সাধাৰণ মানুহখিনিৰ জীৱনযাত্ৰাত প্ৰকৃতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু এইসকল মানুহৰ ওপৰত চলা ঔপনিবেশিকতাবাদী দমনৰ প্ৰতিৰূপ হিচাপেই আহিছে  প্ৰকৃতিৰ ওপৰতো চলা ঔপনিবেশিকতাবাদী দমন। মৌজাদাৰ বনমালী চৌধুৰীৰ সামন্ততান্ত্ৰিক কৰ্তৃত্ববাদৰ প্ৰতীক হিচাপে যেনেকৈ আহি পৰিছে তেওঁ কৰা চিকাৰ কাৰ্য,  তেনেদৰে মৌজাদাৰৰ সহযোগতেই বৃটিছ চৰকাৰে গঢ়ি তোলা হাতী মহলবোৰ হৈ পৰিছে বৃটিছ সাম্ৰাজ্যবাদৰ সম্প্ৰসাৰণৰ প্ৰতীক। হাতী মহলৰ বাবে বনৰীয়া হাতীৰ ঘৰচীয়াকৰণে প্ৰতীকী ধৰণেৰে শ্ৰমজীৱী মানুহখিনিৰ বৃটিছৰদ্বাৰা বশীভূতকৰণৰ কথাকো প্ৰকাশ কৰিছে। প্ৰকৃতিৰ বুকুত সাম্ৰাজ্যবাদৰ আঘাতৰ চিন হিচাপেই আহিছে নদীক বশ কৰি ইয়াক ইয়াৰ প্ৰাচুৰ্যৰপৰা বঞ্চিত কৰা জলবিদ্যুৎ প্ৰকল্প; একেই কথাকে প্ৰকাশ কৰিছে নাচনডুবিত উৰাজাহাজৰ আগমনেও। প্ৰকৃতি আৰু সাধাৰণ মানুহৰ নিবিড় সম্পৰ্কৰ ওপৰত সমাজৰ প্ৰভূত্বকাৰী শক্তিৰ কঠোৰ আঘাত হিচাপেই আহিছে ফান্দীৰ হত্যাৰ ঘটনাটো।

    কিন্তু অৰূপা পটঙ্গীয়া কলিতাই এইটোৱো দেখুৱাইছে যে কেৱল ঔপনিবেশিকতাবাদৰ পৰিসমাপ্তিতেই ক্ষমতাশালী আৰু ক্ষমতাহীনৰ চিৰন্তন দ্বন্দৰ ইতিহাসৰ সামৰণি পৰা নাই; অৰ্থাৎ উত্তৰ-ঔপনিবেশিক ইতিহাসেও ঔপনিবেশিকতাবাদৰ সময়ছোৱাৰ সংকট আৰু উৎকণ্ঠাৰ ধাৰাবাহিকতাকে পুনৰ দোহাৰিছে। উত্তৰ-ঔপনিবেশিক ইতিহাসৰ তাৎক্ষণিক ৰূপ হিচাপে আহিছে দেশ বিভাজনৰ পাছৰ ভয়াবহ অস্থিৰ অৱস্থাৰ কথা, যাৰ ফলস্বৰূপে সাধাৰণ মানুহৰ মাজত পৰস্পৰৰ প্ৰতি ভয়ৰ জন্ম হৈছে। এই উত্তৰ-ঔপনিৱেশিক অস্থিৰতা আৰু সংকটে মানুহৰ মাজনৈ আনি দিয়া বিচ্ছিন্নতা আৰু গোষ্ঠী-সম্প্ৰদায়গত বিভাজন পৰৱৰ্তী সময়ছোৱাত অধিক প্ৰৱল হৈ উঠিছে আৰু ইয়াৰ প্ৰকাশ ঘটিছে চীনা আক্ৰমণ, ভাষা আন্দোলন, অবৈধ বিদেশী বিতাড়ন আন্দোলন, আলফা-ছালফাৰ উত্থান, বড়ো আন্দোলন  আদি বিভিন্ন ঐতিহাসক ঘটনাৰ মাজত।   অবৈধ বিদেশী বিতাড়ন আন্দোলনৰ সময়ত আন্দোলনবিৰোধীৰ ওপৰত চলা নিপীড়ন, সমাজত বাঢ়ি অহা প্ৰকট শ্ৰেণী বিভাজনৰ লগতে ভাষা-গোষ্ঠীগত বিভাজন, সন্ত্ৰাসবাদৰ উত্থানৰ পৰিণতিত ভুটীয়াৰ সৈতে থকা স্থানীয় মানুহৰ অতি পুৰণি সম্পৰ্কৰ পৰিসমাপ্তি,  এফালে বড়োসকলৰ উত্থান আৰু আনফালে ধৰ্মীয় আৰু ৰাজনৈতিক কাৰণত বড়ো সমাজত আহি পৰা বিভাজন, ছালফাৰ দৌৰাত্ম, পিতৃ প্ৰিয়নাথৰ আদৰ্শ অনুসৰণ কৰি জনহিতৈষী কামত নিজক ঘনিষ্ঠভাবে জড়িত কৰা আলোকক নিতান্তই ৰাজনৈতিক আদৰ্শগত কাৰণতে হত্যা কৰা, একে কাৰণতেই ফান্দীৰো নিধন,  সন্ত্ৰাসবাদৰ সৈতে ৰাজনৈতিক দলৰ অনুচিত সম্পৰ্ক  আদি ঐতিহাসিকভাবে তাৎপৰ্যপূৰ্ণ কথাবোৰে উত্তৰ-ঔপনিবেশিক পটভূমিত আহি পৰা ৰাজনৈতিক অস্থিৰতা আৰু সংকটৰ মাজত থাকি যোৱা সামাজিক ব্যৱস্থাগত কেতবোৰ প্ৰশ্নক অধিক গভীৰলৈ লৈ গৈছে।

    সামন্তবাদী আৰু  ঔপনিবেশিক তথা উত্তৰ-ঔপনিবেশিক পুঁজিবাদী সমাজ-ব্যৱস্থাৰ চিৰাচৰিত ক্ষমতা-সম্পৰ্কৰ পটভূমিত নাৰীৰ অৱস্থিতিক দাঙি ধৰিবলৈ গৈ উপন্যাসখনে  ইকফেমিনিষ্টদৃষ্টিভংগীৰো ওচৰ চাপিছে, ত শান্তিপ্ৰিয়া, শাওণী, মালতী আদি নাৰীৰ ওপৰত চলা পুৰুষতান্ত্ৰিক কৰ্তৃত্ববাদী অৱদমনৰ সৈতে মিলি গৈছে আমি ইতিমধ্যে উল্লেখ কৰা প্ৰকৃতিৰ ওপৰত চলা একেই পুৰুষতান্ত্ৰিকতাবিশিষ্ট কৰ্তৃত্ববাদী অৱদমন।  শান্তিপ্ৰিয়া প্ৰকৃতিৰ দৰেই নিজৰ ওপৰত চলা অৱদমনৰ প্ৰতি নিৰ্বিকাৰ অথচ মানসিকভাবে স্বকীয়তাবিশিষ্ট; প্ৰকৃতিৰ দৰেই তেওঁ নিপীড়ত লোকৰ আবেগিক আশ্ৰয়স্থল। বয়সস্থ মৌজাদাৰক নিজেই বাচি লোৱাৰ সাহস দেখুওৱা মালতীও পুৰুষতান্ত্ৰিকতাৰ অৱদমনৰ অধীনত পিষ্ট প্ৰকৃতিৰ দৰেই। আনহাতে এক স্বতন্ত্ৰ মানসিকতাৰ পৰিচয় দি এখন পুৰুষতান্ত্ৰিক সমাজতো নিজৰ সবল অস্তিত্ব প্ৰতিপন্ন কৰিছে ধনদাই, যিয়ে সাম্প্ৰতিক সমাজ-ব্যৱস্থাত নাৰীৰ অৱস্থিতিৰ প্ৰশ্নটোক আন এক মাত্ৰালৈ লৈ আনিছে।

    পৰিচয় আৰু অস্তিত্বৰ প্ৰশ্নবোৰৰ সৈতে ঘনিষ্ঠভাবে যুক্ত প্ৰব্ৰজনআৰু  গৃহৰ ধাৰণাও উপন্যাসখনে সীমিত পৰিসৰত ইয়াৰ কাহিনীৰ পৰিসীমাৰ ভিতৰত সাঙুৰি লৈছে।  কাহিনীৰ পৃষ্ঠভূমি হিচাপে থকা ভূটানৰ কাষত অৱস্থিত সেই  অঞ্চলটোলৈ বিভিন্ন সময়ত বিভিন্ন আৰ্থ-সামাজিক-ৰাজনৈতিক কাৰণত বিভিন্ন ঠাইৰ মানুহৰ আভ্যন্তৰীণ প্ৰব্ৰজন ঘটিছে আৰু এই প্ৰব্ৰজনে অঞ্চলটোৰ জনগাঁঠনিগত পৰিৱৰ্তন ঘটাইছে । এই প্ৰসংগতে উল্লেখনীয় প্ৰব্ৰজনৰ উদাহৰণ হৈছে ক্ষমতাশালী শ্ৰেণীয়ে নিজৰ স্বাৰ্থত ভাটিয়া লোকক এই অঞ্চলত সংস্থাপিত কৰাটো, যিয়ে  কেতবোৰ নতুন জটিল আৰ্থ-সামাজিক-ৰাজনৈতিক প্ৰশ্নৰো জন্ম দিছে। অৱশ্যে বহিঃপ্ৰব্ৰজনৰো উদাহৰণ হিচাপে  এমং বুঢ়াৰ পিতৃয়ে সুদুৰ চীনদেশৰপৰা অসমলৈ চাহ কৰ্মী হিচাপে অহাৰ কাহিনী আহি পৰিছে ।  এনেদৰে মূলতঃ জীৱিকাৰ প্ৰয়োজনত স্থানচ্যুত হোৱা মানুহখিনিৰ শিপাৰ প্ৰতি মনোভাৱৰ মাজতেই নিহিত আছে গৃহ  সম্পৰ্কীয় ধাৰণাৰ সৈতে যুক্ত প্ৰশ্নবোৰ। অসমতে জন্ম গ্ৰহণ কৰি অসমৰ মাটি-পানীৰ সৈতে একাত্ম হৈ পৰা আৰু নিজৰ শিপা নিহিত থকা চীনদেশৰ সৈতে কোনো ধৰণেৰেই সংযুক্ত হৈ নথকা  এমং বুঢ়াৰ মনঃস্তত্বত এতিয়াও সেই দেশখনৰ প্ৰতি এটা তাড়না লুকাই থকাটো উল্লেখনীয়। প্ৰব্ৰজনৰ আওতাৰ ভিতৰত নপৰিলেও শিপা প্ৰশ্নৰ উন্মোচন ঘটিছে  মৌজাদাৰৰ কৰ্তৃত্ববাদী ইচ্ছাত আৰু জীৱিকাৰ স্বাৰ্থত হাতী ধৰাৰ কামত যুক্ত হবলৈ ঘৰৰপৰা দীৰ্ঘদিনৰ বাবে আঁতৰি থাকিবলগীয়া হোৱা ফান্দীসকলৰ স্ব-গৃহৰ প্ৰতি তাড়নাৰ মাজতো।   উপন্যাসখনৰ কাহিনীয়ে বিভিন্ন ধৰণেৰে হাতী আৰু সাধাৰণ শ্ৰমজীৱী মানুহৰ গৃহহাৰা অৱস্থাৰ এটা সমান্তৰাল ৰূপ দাঙি ধৰিছে এক অনন্য ৰূপকধৰ্মিতাৰে।

    ক্ষমতাশালী আৰু ক্ষমতাহীনৰ চিৰাচৰিত দ্বন্দ আৰু ক্ষমতাশালীৰদ্বাৰা  ক্ষমতাহীনৰ শোষণৰ দীৰ্ঘ ইতিহাস দাঙি ধৰা উপন্যাসখনে ক্ষমতাহীনৰ প্ৰতিৰোধৰ প্ৰচেষ্টাৰ ইংগিতো নিদিয়াকৈ থকা নাই, যাৰ এটা সৰু উদাহৰণ হৈছে কাৱা শ্ৰমিকসকলৰ ঐকবদ্ধ ৰূপ।  ধনীৰাম ফান্দীয়ে হাতী লৈ পলায়ন কৰা কাৰ্যৰ জৰিয়তে  কৰ্তৃত্ববাদৰ  বিৰুদ্ধে এক ধৰণৰ বিদ্ৰোহৰেই প্ৰকাশ ঘটাইছে। বাহিৰৰপৰা অহা বাণিজ্যিক গোষ্ঠীৰ প্ৰতিনিধি পৱন কেঞাৰ প্ৰতি ৰাইজৰ ক্ষোভ আৰু ৰাইজৰ স্বাৰ্থৰ বিৰুদ্ধে কৰা তেওঁৰ দুষ্কাৰ্যৰ ৰাইজৰ দ্বাৰা হিংসাত্মক প্ৰতিৰোধো এনেকুৱা বিদ্ৰোহৰ মনোভাৱৰেই প্ৰকাশ।

    উপন্যাসখনত ইতিহাসৰ উপস্থাপনে বাস্তৱ জগতৰপৰাও চৰিত্ৰ লৈ আনিছে বিষ্ণু ৰাভাৰ ৰূপত।  অৱশ্যে বিষ্ণু ৰাভাৰ চৰিত্ৰটোৰ নাম ইয়াত উল্লেখ কৰা হোৱা নাই,   কিন্তু চৰিত্ৰটোৰ উপস্থাপনৰ ধৰণে স্বাভাৱিকতেই পঢ়ুৱৈক বিষ্ণু ৰাভাৰ ওচৰলৈ টানি নিব। বিষ্ণু ৰাভাৰ এই উপস্থাপনে ইতিহাস আৰু কল্পনাৰ মাজত এক ধৰণৰ যোগসূত্ৰ হিচাপে কাম কৰিছে। চৰিত্ৰটোৰ নামোল্লেখ নকৰাটোৱে কাহিনীৰ বিৱৰণত বিৱৰকৰ কণ্ঠৰ উপৰিও অন্য কণ্ঠৰ উপস্থিতি (মিখাইল বাখটিনৰ পলীফনীৰ ধাৰণা!) সম্পৰ্কেও আমাৰ দৃষ্টি আকৰ্ষণ কৰে, কাৰণ বিষ্ণু ৰাভাক ইয়াত উপস্থাপিত কৰা হৈছে বিৱৰকৰ দৃষ্টিৰে নহয়, সেই অঞ্চলৰ সাধাৰণ মানুহখিনিৰ দৃষ্টিৰেহে, যাৰ ওচৰত তেওঁৰ শাৰীৰিক উপস্থিতিৰ প্ৰভাৱশালিতা আৰু ৰহস্যময়তাৰ মাজত তেওঁৰ নামটো হেৰাই গৈছে।

    পূৰ্বৰ বহু গল্প-উপন্যাসত  কৰাৰ দৰে এই উপন্যাসখনৰ কাহিনীতো ইতিহাসৰ উপস্থাপনৰ ক্ষেত্ৰত অৰূপা পটঙ্গীয়া কলিতাই কিংবদন্তী, সাধুকথা, লোকবিশ্বাস আদি কিছু অপৰম্পৰাগত উৎসকো আধাৰ হিচাপে লৈছে । ইয়ে দুটা উদ্দেশ্য সাধন কৰিছে। যিবোৰ বিষয়ত প্ৰচলিত আৰু মান্য ইতিহাস একেবাৰে নিমাত বা অসম্পূৰ্ণ, সেইবোৰ বিষয়ৰ আঁৰৰ ইতিহাসৰ উদঘাটন কৰাটো এনেদৰে সম্ভৱ হৈ উঠিছে। আকৌ ইয়াৰ জৰিয়তে ইতিহাস চৰ্চাত প্ৰায়েই অৱহেলিত সমাজৰ নিম্নবৰ্গৰ মানুহখিনিক  ইতিহাসৰ ভিতৰুৱা কৰা হৈছে আৰু তেওঁলোকৰ জীৱন-চৰ্যাৰ গভীৰত প্ৰৱেশ কৰাৰ পথ ৰচনা কৰা হৈছে।  সেয়ে চাহ গছৰ উৎপত্তি সম্পৰ্কীয় কিংবদন্তী, সাধাৰণ মানুহৰ মাজত প্ৰচলিত থকা বিভিন্ন কাহিনী, গ্ৰাম্য মানুহৰ মাজত প্ৰচলিত বিশ্বাস, ফান্দীৰ আদি গুৰু হিচাপে আল্লা ৰছুলৰ কাহিনী আদি উপন্যাসখনৰ কাহিনীৰ বিৱৰণৰ অন্তৰ্ভূক্ত  হৈছে।  সাধাৰণ মানুহৰ মাজত প্ৰচলিত গীতৰ উপস্থাপনে আমাক বুজিবলৈ দিয়ে সেইসকল মানুহে কেনেকৈ গীতৰ মাজত তেওঁলোকৰ ইতিহাসক ধৰি ৰাখিবলৈ যত্ন কৰিছিল।   ফান্দীসকলৰ মাজত প্ৰচলিত গীতে ক্ষমতাকেন্দ্ৰৰ ঐতিহাসিক পৰিৱৰ্তনক কেনেদৰে প্ৰকাশ কৰিছে তাক বুজিব পাৰি এই কথাটোৰে পৰাই যে পূৰ্বৰ সামন্তবাদী যুগত যি বস্তুক তেওঁলোকে  মহাজনৰ মালবুলি গীতত উল্লেখ কৰিছিল, সেই বস্তুক বৃটিছ শাসনৰ দিনত বুজাবলৈ তেওঁলোকে  ৰজাৰ মালকথাটো তেওঁলোকৰ গীতলৈ আনিছে। খাজনাৰ বিৰুদ্ধে অৱস্থান কৰা গঞা ৰাইজক দমন কৰিবলৈ বৃটিছ শাসকসকলৰ দ্বাৰা চলা গণহত্যাৰ ইতিহাসো উপন্যাসখনলৈ আহিছে গীতৰ মাধ্যমেৰেই  । আঞ্চলিক ইতিহাসে এক বিশাল ঐতিহাসিক প্ৰেক্ষাপটৰ নিৰ্মাণৰ ক্ষেত্ৰত কেনে ভূমিকা লয় তাৰ প্ৰকাশ ঘটিছে ঔপন্যাসিকৰ দ্বাৰা সৰু ঠাইৰ নামৰ ইতিহাসৰ সন্ধানৰ প্ৰচেষ্টাৰ মাজত। কুনটাং নামৰ ঠাইখনৰ নামটোৰ ইতিহাস বিচাৰিবলৈ গৈ তেওঁ প্ৰচলিত কথাবোৰৰ ওপৰত ভিত্তি কৰি এই সিদ্ধান্তলৈ আহিছে যে কুনটাং শব্দটো আহিছে কোৱাৰেণ্টাইন শব্দৰপৰা আৰু শ্ৰমিকৰ ওপৰত বৃটিছসকলৰ নিৰ্যাতনৰ কাহিনীকে এই নামটোৱে প্ৰকাশ কৰে।

    ক্ষমতা-সম্পৰ্কই নিৰ্দ্ধাৰণ কৰা ঐতিহাসিক পৰিৱৰ্তনৰ এক বৃহৎ অংশৰ সাক্ষী হৈ ৰৈছে প্ৰিয়নাথৰ চৰিত্ৰটো।  তেওঁ পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ বলি মাক শান্তিপ্ৰিয়াৰ মাজত  নীৰৱ প্ৰতিৰোধৰ দৃঢ়তা দেখিছে। নিজে গান্ধীবাদৰ অনুগত হোৱা বাবে সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত ধনাত্মক ভূমিকা গ্ৰহণ কৰিবলৈ সততে চেষ্টা কৰা প্ৰিয়নাথে এটা সময়ত নিজৰ পৰিয়ালৰ গণ্ডীৰ ভিতৰতে নিসংগতাবোধৰ বলি হৈছে যদিও তেওঁৰ নিজৰ পুত্ৰ আলোকৰ মাজত তেওঁৰ চিন্তাৰ ধাৰাবাহিকতাৰ প্ৰতিফলন দেখা পাই আশাবাদীও হৈছে। তেওঁৰ প্ৰগতিশীল চিন্তাৰ উমান পোৱা যায় বড়ো আন্দোলনৰ মাজত গা কৰি উঠা হিংসাৰ প্ৰতি সমৰ্থন নাথাকিলেও বড়োসকলৰ উত্থানক তেওঁ সমৰ্থন কৰা কথাটোত। অৱশ্যে তেওঁৰ আশাৰ বিপৰীতে সমাজত গা কৰি উঠা অসূয়া-অপ্ৰীতিসমূহে তেওঁক ব্যথিত কৰিছে আৰু এনে অসূয়াৰ পৰিণতিতেই পুত্ৰ আলোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱা কথাটোৱে তেওঁক বেয়াকৈ জোকাৰি গৈছে আৰু তেওঁ অতীতমুখী হৈছে। কিন্তু ইমানৰ পাছতো আশাবাদে তেওঁক এৰা নাই; বড়ো আৰু ইছলাম ধৰ্মী লোকসকলৰ সংঘাতৰ সময়ত পথাৰতে কেঁচুৱা এটা জন্ম দিয়া আৰু সেই সময়ত মিঞা মাইকীবোৰেসুৰক্ষা দিয়া বড়ো মহিলাগৰাকীৰ তেওঁ সন্ধান লৈছে আৰু সেই কেঁচুৱাটোৰ মাজতেই তেওঁ ভৱিষ্যতৰ সম্ভাৱনা দেখা পাইছে । উপন্যাসখনৰ সামৰণি পৰিছে এই শাৰীটোৰে, “খুদ খুদ গোলাপী ওঁঠখনত হাঁহিটো অলপ সময় লাগি থাকিল।

 

লেখকৰ ঠিকনাঃ

অধ্যক্ষ, ভৱানীপুৰ হস্তিনাপুৰ বিজনী মহাবিদ্যালয়

সৰুপেটা

জিলা - বৰপেটা

পিন - ৭৮১৩১৮

ভ্ৰাম্যভাষ : ৭০০২১৪৩৩২৫

 

 

 

 

 

 

 

 

   

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ