অন্যযুগ/


গছ

ইছমাইল হোছেইন

 

প্ৰতিজন মানুহেই গছৰ দৰে জীয়াই থাকিব খোজে,

গছ হ’ব নোৱাৰে;

প্ৰতিজন মানুহেই গছৰ দৰে সেউজীয়া হ’ব খোজে,

সেউজীয়া হ’ব নোৱাৰে; গছ হ’ব

নোৱৰাৰ দুঃখত মৃত্যুৱে গচকে চোতাল৷

 

ধৰ্মীয় বিশ্বাসত আতুৰ মানুহবোৰে ভাবে‍—

সৃষ্টিকৰ্তাৰ ইচ্ছাত জীয়াই থাকে প্ৰাণী আৰু উদ্ভিদ জগত;

ভাবনাৰ সৃষ্টিকৰ্তাজনেই কাৰোবাৰ বাবে ভগৱান,

কাৰোবাৰ বাবে আল্লাহ আৰু কাৰোবাৰ বাবে গড্৷

 

গছৰ দৰে সেউজীয়া হ’ব পৰা হ’লে

মৃত্যুঞ্জয়ী হ’লহেঁতেন মানুহবোৰ;

কাৰণ, প্ৰতিডাল গছেই জীৱনদায়িনী মন্দিৰ,

য’ত বিশ্বাসৰ ভগৱান থাকে;

প্ৰতিডাল গছেই জীৱনৰ সুৰক্ষক মছজিদ,

য’ত বিশ্বাসৰ আল্লাই আশ্ৰয় লয়;

প্ৰতিডাল গছেই জীৱনৰ প্ৰশান্তিস্থল গীৰ্জা,

য’ত বিশ্বাসৰ গডে বিশ্ৰাম লয়৷

 

গছে গীত গায়, কথা পাতে সূৰ্যৰ স’তে— আপুনি নুশুনে;

গছে নৃত্য কৰে, খোজকাঢ়ে বতাহৰ স’তে— আপুনি নেদেখে;

কাৰণ, আপুনি গছৰ সৈতে কোনোকালেই কথা নপতা মানুহ৷

 

গছৰ সৈতে কথা পাতিব জানিলে

গছ হ’ব পাৰে আপোনাৰ একান্ত বিশ্বস্ত;

তেতিয়া গছে গুপুত কথাৰে জিনিব পাৰে আপোনাৰ হৃদয়,

নানাসুৰী গীতেৰে উজলাই তুলিব পাৰে আপোনাৰ মনৰ দিগন্ত৷

 

শংকৰদেৱে শুনিছিল গছৰ গীত, গছৰ ভাষা,

সেইবাবেই তেওঁ ক’ব পাৰিছিল— এক বৃক্ষ দশ পুত্ৰসম;

তেতিয়াৰে পৰাই তেওঁৰ বুকুৰ পথাৰে পথাৰে শিপাইছিল

কথা কোৱা গছৰ নানাৰঙী শিপা৷

 

গছৰ স’তে প্ৰেম কৰিব জানিলে

অপোনাৰ বুকুতো শিপাব পাৰে শিপা;

আপুনিও গছৰ দৰে সেউজীয়া হৈ উঠিব পাৰে,

ঠিকনা হ’ব পাৰে চৰাই-চিৰিকটিৰ

অশ্ৰয় হ’ব পাৰে ভাগৰুৱা পথিকৰ;

ফুল হৈ ফুলিব পাৰে, ফল হৈ পকিব পাৰে,

অম্লজান বিলাব পাৰে মানুহৰ হৃদয়ত৷

 

গছ আৰু প্ৰকৃতিক জীয়াই ৰাখিব জানিলে

গছেও মানুহক জীয়াই ৰাখিব অনন্তকাল;

গছ হ’ব পাৰে ভগৱানৰ বিকল্প, গছ হ’ব পাৰে আল্লা,

গছ হ’ব পাৰে গডৰ অন্য নাম৷

 

গছক ভাল পালেও গছৰ দৰে হোৱাটো বৰ টান কাম,

গছে শুনাই থাকে কল্যাণ খৰমান ৰাগ;

বুকু পাতি ল’ব লাগে কুঠাৰৰ অনেক দাগ৷

 

ঠিকনা :

জ্যেষ্ঠ প্ৰবক্তা, পাৱেট,

যোৰহাট— ১

ভ্ৰাম্যভাষ— ৭০০২১০৪৭


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ