অন্যযুগ/


জাহ্নৱীৰ এটা গল্প

 পুলিন কলিতা

 

আৰু তাৰ পাছত ভগীৰথ গৈ গৈ হিমগিৰি পৰ্বত পালেগৈ৷ হিমগিৰিৰ বুকু খান্দি কল্কলাই বৈ আছে জাহ্নৱী নৈ৷ জাহ্নৱী নৈৰ পাৰত, এটা আটোমটোকাৰি পৰ্যটন নিবাসৰ এটা সৰু কোঠাক নিজৰ অনিৰ্দিষ্টকালীন ঠিকনা কৰি লৈছে ভগীৰথে৷ জাহ্নৱীক বুজিবলৈ জাহ্নৱী নৈৰ পাৰলৈ আহিছে ভগীৰথ৷ বুকুৰ মাজত হাহাকাৰ কৰি কৰি বাজি আছে জাহ্নৱীৰ কণ্ঠৰ গীত

My heart flows like a river

To the sea

May it always be

May it always be

A river of grace flows through me …

জাহ্নৱীৰ হিয়াত কত আছে এই দয়াৰ নদীখন, তাকেই বিচাৰি জাহ্নৱীৰ পাৰত উপস্থিত হৈছে ভগীৰথ৷ একবিংশ শতিকাৰ ভগীৰথ৷

অযোধ্যাপতি ভগীৰথ এদিন এই হিমগিৰিৰ বুকুত সাধনাত বহিছিল৷ হাজাৰ বছৰজোৰা সাধনাৰ ফচল আছিল জাহ্নৱী গংগা৷ জাহ্নৱী আছিল ৰজা ভগীৰথৰ একান্ত অনুসৰণকাৰিণী : ভগীৰথে দেখুওৱা বাটেৰেই হিমগিৰিৰ বুকু খান্দি বাট উলিয়াইছিল; ভগীৰথৰ সন্মতিতে অলকানন্দাৰ লগ হৈ গংগাৰূপে ভৈয়ামলৈ বৈছিল৷ ভগীৰথৰ ইচ্ছানুসৰিয়েই পাতাল প্ৰৱেশ কৰি উদ্ধাৰ কৰিছিল ভগীৰথৰ পূৰ্বপুৰুষক৷

আচ্ছা, ৰজা ভগীৰথৰ সেই সাধনাকতোভাৰ্চুৱেলবুলিব পাৰি! 

গংগা আছিল সৰগত, ভগীৰথ আছিল মৰতত৷

দুয়োৰে সাক্ষাৎ-সেতু আছিল ব্ৰহ্মা৷

একৈছ শতিকাৰ জাহ্নৱীক ভগীৰথে লগ পাইছিল ফে’চবুকত৷ দুয়োৰে সাক্ষাৎ-সেতু আছিল জুকাৰবাৰ্গ!

মাজত হিচাপ কৰিব নোৱৰা সময়৷ সাক্ষাতৰ পদ্ধতি একেই ভাৰ্চুৱেল ৷ অপাৰ্থিৱ৷

০০০          ০০০          ০০০

এটা বিশেষ ভংগিমাত হাঁহে জাহ্নৱীয়ে৷ শব্দ নকৰাকৈ প্ৰথমে তলৰ ওঁঠটো তলফালে সামান্য ভাঁজ লগাই দিয়ে। ফলত গালত এটা ঢৌ উঠে৷ তেতিয়াই দুচকু তিৰবিৰাই উঠে৷ তাৰ পাছত সৰুকৈখিকধৰণৰ এটা শব্দ হয়৷ সেয়াই জাহ্নৱীৰ হাঁহি৷ ব্ৰহ্মাৰ অনুমতিত হিমগিৰি পৰ্বতত সৰগৰ পৰা সৰি পৰা প্ৰথম টোপাল পানীৰ শব্দটোও চাগৈ এনেকুৱাই আছিল!

সেই শব্দই ৰজা ভগীৰথৰ বুকুত আলোড়ন তুলিছিল নে আজিৰ ভগীৰথে নাজানে৷ কিন্তু একৈছ শতিকাৰ জাহ্নৱীৰ হাঁহিৰ এই শব্দই, গালৰ ঢৌৱে, দুচকুৰ তিৰবিৰণিয়ে আজিৰ ভগীৰথে বুকুত ঢৌ তুলিছিল৷ ভিডিঅকল কৰিলেই ভগীৰথে দেখে এই হাঁহিটো৷ দৰাচলতে এই হাঁহিটো চাবলৈকে সি ভিডিঅকল কৰে৷ জাহ্নৱীৰ হাঁহিত মুগ্ধ হব বিচাৰে ভগীৰথ৷ বাৰে বাৰে৷ প্ৰতিদিনে৷ জাহ্নৱীয়ে জানে কথাটো৷ সেই বাবেই জাহ্নৱীয়ে তালৈ ভিডিঅকল কৰে ৰাতি, কোঠাৰ বিজুলী চাকি নুমুৱাই৷ তাৰ খং উঠে৷ তেতিয়া জাহ্নৱীয়ে গায় মেঘমল্লাৰ ৰাগাশ্ৰিত সেই গান : My heart flows like a river …

ফে’চবুকৰএড ফ্ৰেইণ্ডৰ জপনাইদি সোমাই গৈ সি এদিন ওচৰ চাপিছিল দহোটা সংখ্যাৰ৷ সেই দহোটা সংখ্যাই তাৰ কাণলৈ বোৱাই আনিছিল কিছু শব্দ৷ শব্দবোৰে তাক দিছিল সান্নিধ্য৷ ভাৰ্চুৱেল সান্নিধ্য৷ পৰস্পৰে চকুলৈ চাইছিল, হাঁহি চাইচিল, কথা শুনিছিল কাণ পাতি৷ আৰু তিৰবিৰাই থকা চকুহালিৰ গৰাকী জাহ্নৱীৰ ওঁঠত উঠিছিল সুৰৰ ঢৌ৷ হিমগিৰিৰ শিলাময় বুকুত জাহ্নৱীয়ে তোলা ঢৌৰ দৰেই এটি গান হৈ পৰিছিল সেই ঢৌবোৰ

At night when the stars

Light up my room

I sit by myself

Talking to the moon

In hopes you are on the other side …

গান শুনি হোহোৱাই হাঁহি উঠিছিল সি৷

: হাঁহিবলৈ কি হ? সুধিছিল জাহ্নৱীয়ে৷ ফোনৰ সিপাৰেই৷

: মোক সঁচাকৈয়ে বিচৰানে তোমাৰ বিছনাৰ এদাঁতিত?

: Yes, I want you on the other side of my bed. … কৈছিল জাহ্নৱীয়ে৷

: কিন্তু তোমাৰ পৰিয়াল?

: তোমাৰোতো আছে এটা পৰিয়াল? দুয়োৰো পৰিয়ালক নিজৰ ধৰণে থাকিবলৈ দি, প্ৰাপ্য সকলো দিওতো অলপ সময় আমি ৰাহি কৰিব পাৰোঁ৷ আমাৰ বাবে৷ আৰু, মোৰ বিছনাৰ এফালতো শূন্যই হৈ পৰি আছে৷ কাৰোবাৰ অপেক্ষাত৷ একে লেঠাৰিয়ে কৈছিল জাহ্নৱীয়ে৷

: কিন্তু

: চোৱা, বন্ধ পুখুৰী এটাত আছিলোঁ মই৷ গতিহীন৷ স্থবিৰ৷ নৈৰাশ্যৰ আন্ধাৰ কাটি তুমি মোক ববলৈ শিকাইছা৷ এতিয়া মই বৈ যাব খোজোঁ৷ মই নদী হব বিচাৰোঁ৷ তুমি মোৰ ভগীৰথ হোৱাঁ৷ তোমাৰ দুবাহুক দুপাৰ কৰি তোমাৰ মাজলৈ মোক ববলৈ দিয়াঁ৷

হিমবাহ এটা গলি নদী হব বিচাৰিলে পৰ্বতে জানো বাধা দিব পাৰে? কোনোবা যদি বৈ আহিব খোজে কাৰোবাৰ হিয়ালৈ, বাধা জানো দিব পাৰে? ভগীৰথেও পৰা নাছিল৷ সভ্যতাৰ আচ্ছাদন খুলি এদিন গিৰি-কন্দৰ, নৈ-নিজৰা খান্দি দুয়োৱে বিচাৰিছিল দুয়োৰে হিয়া৷

হিমগিৰিৰ বুকু খান্দি কলকলাই বৈ আছে জাহ্নৱী৷ বহু তলৰ, এটা অজান ঘাটত তাইৰ বাবে অপেক্ষা কৰি আছে অলকানন্দাই৷ দুয়ো লগ হ, আৰু নাম লব গংগা৷ তাৰ পাছত পাতাললোকত ভষ্ম ৰূপ লৈ পৰি থকা সগৰ ৰজাৰ ষাঠি হাজাৰ পুত্ৰৰ উদ্ধাৰৰ অভিযান চলাব৷

সময় পুৱতি নিশা৷

তাৰ নাম জাহ্নৱীয়ে কেতিয়াবাই ভগীৰথ কৰিছিল৷ সেই ভগীৰথ এই পুৱতি নিশা ৰৈ আছে হিমগিৰিৰ বুকুত, জাহ্নৱীৰ পাৰত৷ পাহাৰৰ বুকু খান্দি কলকলাই বৈ আছে জাহ্নৱী৷

উত্তৰাখণ্ড চৰকাৰে পৰ্যটন ৰাজহ অৰ্জনৰ বাবে প্ৰকৃতিয়ে দিয়া সকলো সুবিধা পূৰ্ণমাত্ৰাতে ব্যৱহাৰ কৰিছে৷ জাহ্নৱীৰ দুপাৰৰ পাৰ ওপচা সৌন্দৰ্য উপভোগ কৰিবলৈ হিমগিৰিলৈ আহে অলেখ পৰ্যটক৷ তেনে লোকৰ বাবে চৰকাৰে সজি দিছে বহুতো পৰ্যটক নিৱাস৷ জাহ্নৱী-পুলিনৰ এটা আটোমটোকাৰি পৰ্যটন নিবাসত অনিৰ্দিষ্ট কালৰ বাসিন্দা হৈছেহি ভগীৰথ৷ গান এটাৰ প্ৰৰোচনাত এই পুৱতি নিশা শয্যা ত্যাগ কৰি ভগীৰথ থিয় হৈছেহি জাহ্নৱী-পুলিনত৷ জাহ্নৱীৰ পাৰত চৰকাৰে সাজি দিয়া মসৃণ পকী ৰাস্তা৷ ৰাস্তাৰ ওপৰত ওলমি আছে এশাৰী হালধীয়া জোন৷ কুঁৱলীৰ সৈতে মৰণ পণ যুঁজত নামিছে জোনৰ লানিটো৷ কুঁৱলীয়ে কৈছেমই আন্ধাৰ কৰিমেই জাহ্নৱীৰ পাৰ৷ কাৰণ ভগীৰথৰ সৈতে আন্ধাৰ কোঠাত সদায় মিলিত হয় জাহ্নৱী৷ হালধীয়া জোনে কয়, সেইটো হব নোৱাৰিছে৷ আলোকময় এই বন্ধনমুক্ত কোঠালিত ভগীৰথে পান কৰিব জাহ্নৱীৰ সৌন্দৰ্য৷ যুঁজ চলি আছে৷ এই ৰণথলীতে, মসৃণ পকী ৰাস্তাত খোজ কাঢ়িছে ভগীৰথে৷

তাৰ টোপনি অহা নাছিল৷

মনৰ ভিতৰত আন্ধাৰ আৰু পোহৰৰ আৱেগ আৰু যুক্তিৰ এখন মহাৰণ চলি আছিল৷ গাৰু দুটাই যুঁজখন বন্ধ কৰিব পৰা নাছিল৷ ঠিক তেতিয়াই, হয়, ঠিক তেতিয়াই তাৰ কাণত পৰিছিল এটা গান৷

গান নহয় এটা সুৰ৷ দূৰণিৰ পৰা ভাহি অহা

My heart flows like a river to the sea

May it always be, may it always be

A river of grace flows through me.

এই গান তাক শুনাইছিল জাহ্নৱীয়ে৷ বহুদিনৰ আগতে৷ গানটো তাৰ বুকুত শুই আছিল৷ আজি সাৰ পালে৷ গুণগুণালে তাৰ হৃদয়ত৷ ভাৰ্চুৱেল পৃথিৱীৰ পৰা ওলাই আহি এখন অৰণ্যৰ মাজৰ এটা সৰু পৰ্যটন পঁজাত দুয়ো আচ্ছাদনবিহীন হৈ পৰিছিল সেই ৰাতিটোতে৷ দুয়োৰে দেহত দৌৰি আছিল হাজাৰটা ৰণুৱা ঘোঁৰা৷ তেতিয়াই জাহ্নৱীয়ে গাইছিল এই গান৷

নদী? জাহ্নৱীতো নিজেই নদী৷

River of Grace? দয়াৰ নদী?

: মোক সাগৰ নালাগে৷ সাগৰ মই ভাল নাপাওঁ৷ পৰ্যটন পঁজাৰ কাষ্ঠ-পালংকত ইতিমধ্যেই বলি গৈছিল প্ৰচণ্ড ধুমুহা এজাক৷ উত্তাল নদীৰ সোঁত এটা কোনোবা সাগৰত বিলীন হৈ গৈছিল৷ তাৰ পাছত শান্ত হৈছিল সকলো৷ তেতিয়াও শান্ত কণ্ঠৰে কৈছিল জাহ্নৱীয়ে৷

: তুমিচোন নদী৷ নদীৰ শেষ ঠিকনা দেখোন সদায় সাগৰেই হয়৷ সি কৈছিল৷

: এয়া সগৰ ৰজাৰ ষাঠি হাজাৰ পুত্ৰৰ ভুল৷ ইন্দ্ৰৰ চালাকি ধৰিব নোৱাৰি পিতৃৰ অশ্বমেধ যজ্ঞৰ ঘোঁৰা বিচাৰি পাতাল প্ৰৱেশৰ সুৰঙ্গ খন্দাৰ পৰিণতি৷ জাহ্নৱীয়ে কৈছিল৷

গুগল চাৰ্ছ কৰিলেই জানিব পৰা কাহিনী এটা জানিবলৈকে সি হিমগিৰি বগাইছিল৷ জাহ্নৱী-পুলিনৰ এখন অতিথিশালাত অনিৰ্দিষ্ট দিনৰ কাৰণে আলহী হৈছিল৷

সাগৰত বিলীন হব নিবিচৰা জাহ্নৱী এতিয়া তাৰ ওচৰত নাই৷ এখন দুৰ্দান্ত সাগৰে সামৰি লৈছে জাহ্নৱীক৷ নে জাহ্নৱীয়ে নিজেই বুৰ মাৰিছে সাগৰত?

সগৰ আছিল অযোধ্যাৰ ৰজা৷ ইন্দ্ৰত্ব লাভৰ আকাংক্ষাৰে তেওঁ কৰি গৈছিল ইটোৰ পাৰত সিটো অশ্বমেধ যজ্ঞ৷ শততম অশ্বমেধ যজ্ঞৰ বাবে অশ্ব যেতিয়া তেওঁ জগত পৰিক্ৰমাৰ বাবে মুকলি কৰি দিলে, স্বৰ্গাধিপতি ইন্দ্ৰ শংকিত হল৷ ৰজা সগৰে শততম অশ্বমেধ যজ্ঞ সম্পন্ন কৰা মানেই ইন্দ্ৰৰ সিংহাসনলৈ সংকট অহা৷ তেনে হবলৈ দিব নোৱাৰে ইন্দ্ৰই৷ তেওঁ যজ্ঞাশ্ব অপহৰণ কৰিলে, আৰু পাতালত নি কপিল মুনিৰ আশ্ৰমত বান্ধি থৈ আহিল৷ সময়ত সুৰংগ খান্দি পাতালত উপস্থিত হল সগৰৰ ষাঠি হাজাৰ পুত্ৰ, আৰু যজ্ঞাশ্ব অপহৰণৰ অভিযোগত কপিল মুনিক অপদস্থ কৰিলে৷ ক্ৰুদ্ধ মুনিয়ে সকলোকে ভষ্ম কৰি পেলালে৷ পাতালত পৰি ৰল অযোধ্যাৰ ষাঠিহাজাৰ ৰাজপুত্ৰৰ ছাই হৈ পৰা দেহ৷ তিনিটা প্ৰজন্মৰ পাছত ৰজা ভগীৰথে গংগাস্নান কৰাই উদ্ধাৰ কৰিলে তেওঁৰ পূৰ্বজসকলক৷

জাহ্নৱী-পুলিনত বহি ভাৰ্চুৱেল পুথিভঁৰালৰ পৰা এই কাহিনী নিজৰ মগজুলৈ ট্ৰেন্সফাৰ কৰিছিল ভগীৰথে৷

কিন্তু জাহ্নৱী? পুত্ৰ আৰু বিলাসী গাড়ী আছিল জাহ্নৱীৰ সেই যজ্ঞাশ্ব!

: মই জানো যে আমাৰ সম্পৰ্কৰ কোনো নাম নাই৷ মই জানো যে আমাৰ সম্পৰ্কক কিবা এটা নাম দিয়া সম্ভৱ নহয়৷ আমাৰ সম্পৰ্ক নিৰাকাৰ৷ জাহ্নৱীয়ে কৈছিল৷

: নিৰাকাৰ নে নিৰাধাৰ? সুধিছিল ভগীৰথে৷

: নিৰাধাৰ কেলেই হ? আমাৰ সম্পৰ্কৰ আধাৰ ভালপোৱা৷ আমাৰ সম্পৰ্কৰ আধাৰ পাৰস্পৰিক বিশ্বাস৷ এই সম্পৰ্ক কোনো কাৰণতেই নিৰাধাৰ নহয়, ই নিৰাকাৰহে৷

: ঈশ্বৰৰ দৰে?

: ঈশ্বৰত জানো বিশ্বাস আছে তোমাৰ? মোৰতো নাই! লে জাহ্নৱীয়ে৷

ঈশ্বৰত বিশ্বাস নকৰিছিল দুয়ো৷ এখন অন্ধবিশ্বাসহীন, যুক্তিৰ আধাৰত গঢ়া সমাজ দুয়োৰে স্বপ্ন আছিল৷ এনে বহু সপোনেই আছিল দুয়োৰে ভালপোৱাৰ উদ্গাতা৷ এনে সপোনৰ পম খেদিয়েই ভাৰ্চুৱেল পৃথিৱীৰ অদৃশ্য জাল ফালি এদিন ৰিয়েল পৃথিৱীত ভৰি দিছিল দুয়ো৷

জাহ্নৱীক বাস্তৱৰ পৃথিৱীত প্ৰথম দেখাৰ মুহূৰ্তটো আজিও মনত আছে ভগীৰথৰ৷ হালধীয়া জোনে প্ৰবল সংগ্ৰামেৰে পোহৰাই ৰখা কলা ৰাস্তাটোত পায়চাৰি কৰি কৰি সেই মুহূৰ্তটোলৈ ঘূৰি চালে সি৷

বাছষ্টেণ্ডৰ বাহিৰত গাড়ীত হেলান দি ৰৈ আছিল সি৷ এহাতেৰে ট্ৰলী বেগটো আৰু আনখন হাতেৰে শিশু সন্তানটিক টানি টানি বাছষ্টেণ্ডৰ পৰা ওলাই আহিছিল জাহ্নৱী৷ বাছষ্টেণ্ডৰ পৰা ওলালেই দেখা পোৱাকৈ, সদৰ ৰাস্তাতে গাড়ী পাৰ্ক কৰি তাতেই হেলান দি ৰৈ আছিল সি৷ তাক দেখাৰ লগে লগে ইমানদিনে ভাৰ্চুৱেলিহে দেখি থকা জাহ্নৱীৰ হাঁহিটো ভূমিস্থ হল৷ সদায় হোৱাৰ দৰে আজিও সেই হাঁহিত মুগ্ধ হল ভগীৰথ ৷    

সি মুগ্ধ হল বুলি কলেই সকলোখিনি কোৱা নহ; ব পাৰি জাহ্নৱীৰ হাঁহিৰ সমুদ্ৰত জলসমাধি ঘটিল তাৰ৷

: জাহ্নৱী আহি পোৱাৰ পাছত ভগীৰথ ধ্যানত বহা নাছিল; জাহ্নৱীক পাবৰ বাবেহে বহিছিল৷ তাৰ কাণৰ কাষতে কৈছিলহি জাহ্নৱীয়ে৷ উচপ খাই উঠিছিল ভগীৰথ৷

: অলপ আগবাঢ়ি বেগটোতো নানিলাই, ময়েই আনিলোঁ৷ এতিয়া তোমাৰ পৰা চাবি কাঢ়ি আনি গাড়ীৰ ডিকিও খুলিব লাগিব নেকি মই?

জাহ্নৱীৰ সকীয়নিসিক্ত আব্দাৰত চমক ভাগিছিল তাৰ৷ সি খপজপাই জেপৰ পৰা চাবি উলিয়াইছিল আৰু ডিকি খুলি ভৰাইছিল জাহ্নৱীৰ বেগ৷ ডিকিৰ তলা মাৰি ড্ৰাইভিং ছিটত সি বহাৰ আগতেই বাওঁফালৰ সমুখৰ ছিটটো অধিকাৰ কৰিছিল জাহ্নৱীয়ে৷ কোঁচত বহুৱাই লৈছিল লৰাটোক৷

: বৌৱে খেদি নিদিয়েতো মোক? মোক অৱশ্যে নেখেদে, তোমাকেই খেদিব৷ সি গাড়ীৰ চাবি ষ্টাৰ্টিং হলত সুমুৱাওঁতেই কৈ উঠিল জাহ্নৱীয়েই৷ হঠাতেই অগনিত পুষ্পৰ এখন বাগিচা অকস্মাতে গজি উঠিছিল তাৰ ঘৰত৷ মিঠা পানীৰ নদী এখন বৈ আহিছিল তাৰ সংসাৰখনলৈ৷ সেই নৈত সাঁতুৰি, সেই ফুলৰ বাগিচাত নৃত্য কৰি উদ্বাউল হৈছিল সি৷ সেই নৈত স্নান কৰি উষ্ণ হৈ সি৷ সেই ফুলৰ সুগন্ধত উতল হৈছিল সি৷

: মই তোমাৰ ঘৰলৈ গৈ ভুল কৰিলোঁ ভগীৰথ৷ উভতি যোৱাৰ পাছত ফোন কৰি কৈছিল জাহ্নৱীয়ে৷

: কি ভুল?

: মোৰ যে তোমাৰ বুকুত আচাৰ খাই মৰিবলৈ মন গৈছে৷ সাগৰৰ ঢৌবোৰ যেনেকৈ পাৰত আচাৰ খাই মৰি যায়৷ জাহ্নৱীয়ে কবিতাৰ লেখীয়াকৈ কলে৷

: কিন্তু সাগৰৰ ঢৌবোৰচোন পাৰত মৰি নাযায়, সাগৰৰ বূকুলৈ উভতিহে যায়৷

: …

: কিন্তু তুমি জাহ্নৱী আৰু মই ভগীৰথ৷ জাহ্নৱী আৰু ভগীৰথ সম্পৰ্কটো পিতৃ আৰু কন্যাৰহে৷

: মুঠেই নহয়৷ জাহ্নৱী জহ্নু মুনিৰহে কন্যাস্বৰূপ৷ কাৰণ, তেওঁৰ কৰ্ণনিগৰিত জলধাৰাৰ নামেই জাহ্নৱী৷ ভগীৰথে জহ্নু মুনিৰ ওচৰত জাহ্নৱীৰ মুক্তিৰ প্ৰাৰ্থনাহে কৰিছিল৷ জাহ্নৱীয়ে কৈছিল৷

পূৰ্বপুৰুষৰ শাপমুক্তিৰ বাবে ভগীৰথক প্ৰয়োজন হৈছিল পৱিত্ৰ জলৰ৷ ষাঠি হাজাৰ লোকৰ শৰীৰ দগ্ধ হোৱা ছায়ে পৰ্বতাকাৰ ধাৰণ কৰিছিল পাতালত৷ সমগ্ৰ ভষ্মৰাশিকে জলস্পৰ্শ দিবলৈ হলে লাগিব এটা ডাঙৰ জলভাণ্ডাৰ৷ গংগাৰ বাহিৰে কাৰেইবা ক্ষমতা আছে এই পৰ্বত ঢৌৱাই পেলোৱাৰ! গতিকেই ভগীৰথে ব্ৰহ্মাক আৰাধনা কৰিছিল যাতে সৰগৰ পৰা গংগাক মৰ্ত্য অৱতৰণৰ অনুমতি দিয়ে৷ ব্ৰহ্মা সন্মত হৈছিল৷ শিৱৰ জঁটাত ভৰ দি মৰ্ত্যত নামি গংগাই যাত্ৰা কৰিছিল পাতাল অভিমুখে৷ আগে আগে দৌৰি দৌৰি বাট দেখুৱাই আগ বাঢ়িছিল ভগীৰথ৷

হঠাতেই অঘটনটো ঘটি গৈছিল৷ নামি অহাৰ বাটত পৰা জহ্নু মুনিৰ আশ্ৰমখন গংগাৰ পানীৰে প্লাৱিত হৈছিল৷ আনহাতে গংগাৰ অৱতৰণ ধ্বনিত বিঘ্নিত হৈছিল জহ্নু মুনিৰ ধ্যান৷ খঙতে তেওঁ গোটেই জলস্ৰোতটোকে উদৰস্থ কৰি পেলাইছিল৷

আকৌ এবাৰ ভগীৰথৰ কাম বাঢ়িছিল৷ তেওঁ জহ্নু মুনিক সন্তুষ্ট কৰিবলগীয়া হৈছিল৷ কঠিন আছিল জহ্নু মুনিৰ হিয়া৷ বিনয় বচনেৰে সেই শিলা-হিয়া গলাইছিল ভগীৰথে৷ তেওঁ জলস্ৰোতক মুক্তি দিছিল৷ ভাগিৰথী হৈ পৰিছিল জাহ্নৱী৷

শিলা-হিয়া জহ্নু মুনিৰ নে জাহ্নৱীৰ?

সভা এখনত সি বিশেষভাৱে অংশ লবলগীয়া আছিল৷ আয়োজকে তাক গাড়ী আৰু চালক দিব৷ সি সাজু হৈছিল৷ তেতিয়াই আহিছিল জাহ্নৱীৰ ফোন: কাইলৈৰ ৰাতিটো আমাৰ হ, পদূলিৰ কামিনী কুসুমজোপা ফুলাৰ সময়ত তোমাক আদৰিম মই

: তুমি যে প্ৰস্তাৱ দিছিলা মোৰ শৰীৰৰ ৰং আৰু ঢৌবোৰ চোৱাৰ? কাইলৈ আহিবা, আৰু লাইভ চাবা সকলোবোৰ৷ পুনৰ জাহ্নৱীয়ে কৈছিল৷

জাহ্নৱীৰ আহ্বানআওকাণ সি কৰে কেনেকৈ ? সি যে ভগীৰথ! তাৰ দুবাহুক দুপাৰ কৰি তাইক প্ৰৱহমান হোৱাত সহায় কৰি থাকিবলৈ দায়বদ্ধ সি৷

সি পৰিকল্পনা সলালে৷ আয়োজকৰ গাড়ী ওভতাই দিলে৷ সভাৰ স্থানলৈ ছঘণ্টা নিজে গাড়ী চলালে৷ তাৰ পাছৰ ছটা ঘণ্টা সভাক দিলে। তাৰ পাছত পুনৰ আঠ ঘণ্টা গাড়ী চলাই কামিনীকুসুম ফুলাৰ পৰত উপস্থিত হল গৈ জাহ্নৱীৰ পদূলিত৷

জাহ্নৱী উচ্ছ্বল নদী৷ হিমগিৰিৰ কঠিন বুকু খান্দি নিজৰ পথ উলিয়াই লোৱা নদী৷ এই নদীক দুবাহুৰ দুপাৰত বন্দী কৰি ৰখা কঠিন কাম৷ সেই ৰাতিটোত জাহ্নৱীৰ শৰীৰত উঠিছিল দোকোলটকা বান৷ বহু প্ৰতীক্ষাৰ পাছত ভগীৰথক প্ৰথম লগ পোৱাৰ বান ৷ এই প্ৰবল বান নিয়ন্ত্ৰণ কৰা কঠিন হৈ পৰিছিল ভগীৰথৰ বাবে৷

এৰা, ভগীৰথ হোৱা ইমান সহজ নহয়৷

পথ-পৰিক্ৰমাৰ ক্লান্তি আঁতৰাবলৈকে গা-ধুবলৈ সি সোমাইছিল জাহ্নৱীৰ বাথৰূমত৷ বাথৰূমৰ পৰা ওলাওঁতেই তাক সাবটি ধৰিছিল জাহ্নৱীয়ে৷ দুবাহুৰ শকতিৰে পিহি পেলাব বিচাৰিছিল তাক৷ দুটি সিক্ত উষ্ণ ওঁঠে শুহি লব বিচাৰিছিল তাক; বুকুৰ দুটি কঠিন জীয়া শিলে ভাঙি পেলাব বিচাৰিছিল তাৰ অস্থি-পঞ্জৰ৷ কৰবাত পৰ্বত নে পাহাৰ এখন খহি পৰিব ধৰিছিল; ৰবাত হিমবাহ গলিবলৈ আৰম্ভ কৰিছিল৷

: ‘চাহ খাই মোৰ বিছনাতে দীঘল দিয়াঁগৈ৷সিক্ত ওঁঠ দুটিৰ মাজেৰে শব্দৰ সৰু ঢৌ এটা ওলাই আহিছিল৷ৰাতিটো আমাৰ৷ দুয়ো দুয়োৰে ভিতৰত প্ৰৱেশৰ এই ৰাতিটোৰ পদূলিত তোমাক এনেদৰেই স্বাগতম জনালোঁ প্ৰিয়তম৷জাহ্নৱীৰ অনুচ্চ কণ্ঠত শব্দৰ গুঞ্জন৷ সেই গুঞ্জন এটি গান হৈ পৰিল তেতিয়া, খন্তেক পাছতে যেতিয়া ডাইনিং টেবুললৈ চাহ-নাস্তাৰ ট্ৰেখন লৈ মধুৰ পদছন্দৰে আগবাঢ়ি আহিল জাহ্নৱী

Give me love

Give me love

Give me peace on earth

Give me light

Give me life

জাহ্নৱীৰ পাৰে পাৰে তেতিয়াও খোজকাঢ়ি আছিল ভগীৰথে৷ হালধীয়া জোন আৰু কুঁৱলীৰ যুঁজখনো চলি আাছিল৷ কোনেও হাৰ মনা নাছিল, কাৰো জয় হোৱা নাছিল৷ ভগীৰথ ৰৈ দিলে৷ চাৰিওফালে চালে৷ এইখিনি এটা তিনিআালি৷ মসৃণ ৰাস্তা৷ তীব্ৰগতিত গাড়ী দৌৰাবলৈ ভাল৷ জাহ্নৱীয়ে গাড়ী আৰু তীব্ৰগতি দুয়োটাই ভাল পায়৷ কৰ্মথলীলৈকে কেৱল নহয়, লৈ তলৈও নিজে গাড়ী চলাই গৈ ভাল পায় জাহ্নৱীয়ে৷ নতুন মডেল, নতুন গাড়ীৰ প্ৰতি তীব্ৰ আকৰ্ষণ জাহ্নৱীৰ৷ তাৰ চহৰলৈ প্ৰথমবাৰ আহিয়েই তাক জাহ্নৱীয়ে দিয়া প্ৰথম প্ৰস্তাৱটো আছিল গাড়ী চাবলৈ যোৱাৰ৷ একেদিনাই তিনিটা বেলেগ বেলেগ কোম্পানীৰ গাড়ীৰ শ্বৰূমলৈ সি জাহ্নৱীক লৈ গৈছিল৷ যাবলৈ সি বাধ্য হৈছিল৷ মাৰুতি-ছুজুকি, টাটা আৰু শেষত ফক্সৱাগনৰ শ্বৰূমলৈ জাহ্নৱীক লৈ গৈছিল সি৷ শ্বৰূমৰ এটেণ্ডেণ্টৰ সৈতে মডেল, ইঞ্জিনৰ কেপেবিলিটি, স্পী, মাইলে, ছেফ্টি কাভাৰেজ আদিৰ কথা সলসলীয়াকৈ পাতিছিল জাহ্নৱীয়ে৷ এটেণ্ডেণ্টে প্ৰথমে ছাৰ সম্বোধনেৰে তাৰ লগতেই কথা আৰম্ভ কৰিছিল৷ পিছে খন্তেকতে সেইজনে বুজি পাইছিল যে সম্ভাব্য কাষ্টমাৰ কাষৰলেডীগৰাকীহে; সি মাথোঁ ড্ৰাইভাৰহে৷

পাহাৰীয়া হলেও এই ধৰণৰ মসৃণ ৰাস্তাত গাড়ী চলাবলৈ ভাল৷ জাহ্নৱীয়েলং ড্ৰাইভভাল পায়৷ পিছে অসমতলং ড্ৰাইভকৰিব পৰা ভাল, নিৰিবিলি ৰাস্তা নাই! এই ৰাস্তাটো বৰ ভাল পালেহেঁতেন জাহ্নৱীয়ে৷ তাক কাষৰ ছিটত বহুৱাই স্পীডমিটাৰত শতকৰ ঘৰ দূৰতে ৰাখি গাড়ী চলালেহেঁতেন জাহ্নৱীয়ে৷

নৈৰ পাৰৰ ৰাস্তাটোৰেই আগ বাঢ়িল ভগীৰথ৷ তিনি আলিটোৰ পৰা অলপ আগ বাঢ়ি ৰাস্তাটোৱে এটা ভাঁজ লৈছে৷ নৈৰ ভাঁজৰ লগত মিলাইহে ৰাস্তাৰ ভাঁজটো কৰা হৈছে৷

ভাঁজ? জাহ্নৱী নৈৰ ভাঁজ?

ভগীৰথৰ ভাব হসিয়েই এই ৰাস্তাটো৷ জাহ্নৱীয়ে ভাঁজ ললে সিও ভাঁজ লবলৈ বাধ্য৷

কিছুদিনৰ আগতে জাহ্নৱীয়েও এটা ভাঁজ ললে৷ সি অতদিনে আগে আগে গৈ আছিল, জাহ্নৱীয়ে তাক অনুসৰণ কৰিছিল মাত্ৰ৷ শোকৰ পুখুৰী এটাৰ পৰা সি জাহ্নৱীক তুলি আনিছিল৷ জহ্নু মুনিৰ উদৰৰ দৰে আন্ধাৰ আছিল সেই পুখুৰীটো৷ যুক্তিৰে মুক্তি আৰু পোহৰৰ বাট দেখুৱাইছিল৷

ফে’চবুকৰ প্ৰফাইল পিকচাৰৰ সেই গালত হাঁহিৰ ঢৌ উঠা ফটোখন আৰু প্ৰফাইল পৰিচয়ৰ সৈতে প্ৰথম দিনা ফোনত সি লগ পোৱা জাহ্নৱীৰ অকণো মিল নাছিল৷ জাহ্নৱীৰ প্ৰফাইল পিকচাৰখন যিমান জীৱন্ত, ফোনৰ তৰংগই আনি দিয়া মানুহজনী আছিল, সিমানেই মৃত৷ একমাত্ৰ পুত্ৰৰ বাবে থকা দায়িত্বৰ বাবে মৰিব নোৱাৰি জীয়াই থকা এগৰাকী মানুহক সি লগ পাইছিল ফোনত৷ কব পাৰিজাহ্নৱী আছিল এটা উশাহ লৈ থকা মৃতদেহ আছিল মাত্ৰ৷ লাহে লাহে সি জাহ্নৱীক খুৱাবলৈ লৈছিল কথাৰ সুধা৷ সেই সুধা জাহ্নৱীয়ে পান কৰিছিল বিনা প্ৰশ্নে; বিনা দ্বিধাই৷ জাহ্নৱী উঠিবলৈ আৰম্ভ কৰিছিল৷ সি আগে আগে গৈছিল, জাহ্নৱীয়ে তাক অনুসৰণ কৰিছিল৷

তেনেতেই আবিৰ্ভাৱ হৈছিল অলকৰ৷

তাৰ জীৱনত এইজনৰ ভূমিকা জহ্নু মুনিৰ নে অলকানন্দাৰ সি এতিয়াও বুজি উঠা নাই৷ কিন্তু অলক জাহ্নৱীৰ বাবে অলকানন্দা হৈ পৰিল৷ জাহ্নৱী উচ্ছ্বল হৈ উঠিল৷ গাড়ীৰ ব্যৱসায় কৰে অলকে৷ কেইবা ঠাইতো শ্ব’ৰূম আছে৷ সৰু এখন নিস্তৰংগ চহৰৰ প্ৰাণহীন গলি এটাৰ বাসিন্দা জাহ্নৱীক গতিশীল কৰি ৰাখে গাড়ীয়েই৷ জাহ্নৱীৰ অকলশৰীয়া জীৱনটোত গাড়ীয়েই গতি৷ সেই জাহ্নৱীয়েই আকস্মিকভাৱে লগ পালে গাড়ীৰ ব্যৱসায়ী অলকক৷

: চোৱাঁ, তেওঁতো গুচি গ’ল তিনিবছৰ আগতেই৷ তুমিতো আহিলা এতিয়া৷ তুমি আছাও, নায়ো৷ দূৰণিবটীয়া এখন চহৰত তুমি থাকাঁ পত্নী আৰু সন্তানৰ সৈতে৷ গাড়ীৰ গতিৰেই নিজক চলমান কৰি ৰখাৰ বাহিৰে মোৰতো আন একো উপায় নাই! জাহ্নৱীৰ মন্তব্য৷

সেই জাহ্নৱীয়ে হঠাতেই লগ পাই গ’ল অলকক৷ কৰ্মস্থলীৰ পৰা ওভতাৰ বাটত জাহ্নৱীৰ গাড়ীখনৰ কিবা এটা বিজুতি ঘটিছিল৷ পথৰ দাঁতিৰ গেৰেজ এটাত গাড়ীখন সুমুৱাই দিছিল জাহ্নৱীয়ে৷ ‘এঘণ্টামান সময় লাগিব বাইদেউ’– বনেট খুলি, গাড়ীৰ তলত সোমাই কিবাকিবি চাই উঠি মেকানিকজনে কৈছিল৷ 

হাতৰ ঘড়ীটোলৈ চালে জাহ্নৱীয়ে৷ ল’ৰাটো খুড়ীয়েকৰ লগত আছে বাৰু, এক-ডেৰ ঘণ্টা আৰু থাকিব পাৰিব৷ তথাপি ফোন এটা কৰি খুড়ীয়েকক কথাটো জনালে জাহ্নৱীয়ে৷ গাড়ীখন এৰি থৈ যাব নোৱাৰি৷ মবাইল ফোন নহ’লে যেনেকৈ এক ছেকেণ্ডো নচলে, গেৰেজত গাড়ী এৰি ইফালে-সিফালে চালে জাহ্নৱীয়ে৷ কৰ্মথলীৰ পৰা উভতিছে৷ কিবা অলপ খাব লাগিব৷ গেৰেজৰ মালিকে ঠিকনা দিলে৷ গেৰেজৰ পৰা ওলাই আহিল তাই৷ সোঁৱে-বাঁৱে চালে৷ সদায় অহা-যোৱা কৰা ৰাস্তা৷ পিছে গাড়ী চলালে অকল ৰাস্তাতহে চকু থাকে, দুফালে চাবলৈ আহৰি নাথাকে৷ ঠাইখন এসময়ত হাবি আছিল৷ এতিয়া ব্যৱসায়িক কেন্দ্ৰ হৈ পৰিল৷ ৰেস্তোঁৰা, হাৰ্ডৱেৰ দোকান, আনকি এখন বিউটি পাৰ্লাৰো হৈ উঠিল৷ ৰেস্তোৰাঁ বুলি খোজ দিওঁতেই জাহ্নৱীৰ চকুত পৰিল গাড়ীৰ শ্ব’ৰূমটোত৷ এইখিনিতে ইমান ডাঙৰ শ্ব’ৰূম এটা হৈছে, অথচ তাই গম নাপায়৷ খোৱাৰ চিন্তা বাদ দি শ্ব’ৰূমলৈকে সোমাই গ’ল জাহ্নৱী৷ ইয়াত বেছিভাগেই বিদেশী কাৰ৷ নান তৰহৰ মডেল৷ ইখনতকৈ সিখন চৰা৷ এফালৰ পৰা গাড়ীবোৰ চাবলৈ ধৰিলে জাহ্নৱীয়ে৷ খুব মনোযোগেৰে৷ জাহ্নৱীয়ে ইমানেই মনোযোগেৰে গাড়ী চাইছিল যে নিচেই ওচৰত যে এজন সুদৰ্শন ডেকা থিয় হৈছে, গমেই পোৱা নাছিল৷

: ‘গুড্‌ ইভিনিং মা’ম৷ ডু য়ু ৱাণ্ট টু বাই ডিছ কাৰ?’ কনভেণ্টসুৰীয়া সপ্ৰতিভ পুৰুষালি কণ্ঠ এটাই প্ৰশ্ন কৰিলে জাহ্নৱীক৷ চক খাই উঠিল জাহ্নৱী৷ কণ্ঠৰ অধিকাৰীলৈ চালে জাহ্নৱীয়ে৷ উজ্জ্বল মুখৰ এজন স্বাস্থ্যৱান মানুহ৷ বয়স পঞ্চাছৰ ওচৰা-উচৰি হ’ব৷

: আ’ম দা অ’নাৰ অব ডিছ শ্ব’ৰূম৷ মাই ছেলছ্‌ এক্সিকিউটিভছ আৰ অল আউট অন ডিউটি৷ ছ’ আ’ম এপ্ৰ’ছিং য়ু৷ ক’লে সেই কণ্ঠৰ অধিকাৰীয়ে৷

জাহ্নৱীৰ হাতত সময় আছিল৷ শ্ব’ৰূমত গৰাকীৰ সুসজ্জিত কোঠাত কিছু সময় আড্ডা দিয়াত অসুবিধা নাছিল৷ একাপ কফি, কিছু স্নেকছ্‌ আৰু সৰস আড্ডাৰ মাজেৰে ধুনীয়াকৈ এঘণ্টা সময় গুচি গৈছিল জাহ্নৱীৰ৷ শ্ব’ৰূম আৰু গেৰেজ এৰি ওভতনি বাটত গাড়ীৰ গতি ধীৰ হৈ গৈছিল জাহ্নৱীৰ৷ গুণ-গুনাইছিল সেই গান, যি গানে এদিন উতলা কৰিছিল ভগীৰথকো –

My heart flows like a river to the sea

May it always be

May it always be

A river of grace flows through me.

গোটেই আবেলিটো, সম্পূৰ্ণ সন্ধিয়াটো গানৰ কলিটো গুণগুণাই থাকিল জাহ্নৱীয়ে৷ বজাৰ কৰোঁতে, ভাত ৰান্ধোতে, আনকি পুত্ৰৰ পঢ়া চাই দিওঁতেও হৃদয়ত গুঞ্জৰিত হৈ থাকিল একেটাই কলি৷

পাছৰ চাৰিটা দিনত কেৱল একেটা কলিকে দিনটোৰ ২৪ ঘণ্টাই গুণগুণাই থাকিল জাহ্নৱীয়ে৷ কৰ্মথলীলৈ যোৱা আৰু অহাৰ বাটত প্ৰতিদিনেই গাড়ীৰ গতি ধীৰ হৈ গ’ল নিৰ্দিষ্ট এখন ঠাইত৷

পঞ্চম দিনা শ্ব’ৰূমৰ চৌহদলৈ সোমাই গ’ল জাহ্নৱীৰ গাড়ী৷ পাৰ্কিং স্পটত গাড়ী ৰখাই শ্ব’ৰূমৰ কাঁচৰ দুৱাৰৰ মুখত থিয় দিলে জাহ্নৱীয়ে৷ হৃদয়ে গাই আছে একেটাই গান৷ দুৱাৰ ঠেলি প্ৰথম খোজ ভিতৰত দিওঁ নিদিওঁতেই সন্মুখত হাজিৰ সেই পুৰুষালি কণ্ঠ৷

: আহাঁ৷ অলকৰ আহ্বান৷

: অপুনিৰ পৰা তুমিলৈ নামিল যে সম্বোধন? অলকৰ কোঠাত আলহীৰ বাবে নিৰ্ধাৰিত চকীত বহোঁ বহোঁকৈ প্ৰশ্ন এৰিলে জাহ্নৱীয়ে৷

: এই সম্বোধনটো শুনিবলৈকেই তুমি আজি অহা নাই জানো? আজিতো সময় কটাবলৈ গাড়ী চাবলৈ অহা নাই? ব্যৱসায়ী অলকৰ বুদ্ধিদীপ্ত প্ৰতিক্ৰিয়া৷

: তোমাৰ বুদ্ধিদীপ্ততা মোৰ ভাল লাগিছে৷ জাহ্নৱীৰ উত্তৰ৷

: যোৱা চাৰিটা দিন তুমি এইবাবেই শ্ব’ৰূমৰ পোনে পোনে দিনে দুবাৰকৈ গাড়ী ৰখাইছিলা নে?

: …

: তোমাৰ হৃদয়ত নিশ্চয় এটা গান বাজিছে! মোৰো বাজিছে৷ মই গান গাব নাজানো৷ কিন্তু সুৰ এটা বাজিছে৷

: …

: সিদিনা তুমি ওলাই যোৱাৰ পাছত শ্ব’ৰূমত থাকিবলৈ মন নগ’ল৷ ক’ৰবাৰ নিৰ্জন ঠাইত বহিবলৈ মন গ’ল৷ তেনেকুৱা হয় কেতিয়াবা৷ সেয়ে গুচি গ’লোঁ৷ নৈৰ পাৰত বহিলোঁ৷ নৈৰ সৈতে কথা পাতিলোঁ৷ পাছদিনা তুমি অফিচলৈ যোৱাৰ সময়ত দাৰোৱান বহা কোঠাটোত সোমাই ৰাস্তাত চকু ৰাখিলোঁ৷ দেখিলোঁ– তুমি আহিলা, শ্ব’ৰূম চৌহদ এৰি গাড়ী ৰখালা৷ দুই মিনিটৰ পাছত গুচি গ’লা৷ আবেলি তুমি ওভতাৰ সময়তো দাৰোৱানৰ কোঠাৰ পৰা আকৌ ৰাস্তাত চকু থ’লোঁ৷ দেখিলোঁ তুমি আহিলা আৰু আমাৰ চৌহদ পাৰ হৈ গাড়ী ৰখালা৷ পুৱাৰ দৰেই দুই মিনিট ৰৈয়েই গুচি গ’লা৷ তাৰ পাছত তিনিটা দিন, আনকি আজি পুৱাও একেখিনিৰেই পুনৰাবৃত্তি হ’ল৷ আৰু এতিয়া তুমি মোৰ কোঠাত৷ একেৰাহে আৱেগজড়িত কণ্ঠৰে ক’লে অলকে৷

: লাভ এট ফাৰ্ষ্ট ছাইট য়ু থিংক? প্ৰশ্ন জাহ্নৱীৰ৷

: তেন্তে আজি কিয় দাৰোৱানৰ কোঠাত নৰ’লা? আজি কিয় মোৰ গাড়ীৰ বাবে ৰাস্তাত চকু নথ’লা? জাহ্নৱীৰ পুনৰ প্ৰশ্ন৷

: ঘড়ীলৈ চোৱাঁ৷ ক’লে অলকে৷

ঘড়ীলৈ চালে জা্নৱীয়ে সদায় ওভতাৰ সময় হ’বলৈ তেতিয়াও পাঁচ মিনিট বাকী৷ হাঁহি পেলালে জাহ্নৱীয়ে৷ সেই হাঁহি : তলৰ ওঁঠটো অলপ তললৈ নমাই দিলে, গালত এটা ঢৌ উঠিল; দুচকু উঠিল তিৰবিৰাই৷ এটা, দুটা, তিনিটা সৰু শব্দ৷

সিদিনা আনদিনাতকৈ সোনকালেই কৰ্মথলী এৰিছিল জাহ্নৱীয়ে৷ গাড়ীৰ গতিও আছিল তীব্ৰ৷ সময়তকৈ আগতেই উপস্থিত হৈছিলহি শ্ব’ৰূমৰ গেটত৷ যেন সদায়েই আহে এই চৌহদলৈ, তেনে ভাবতেই গাড়ী সুমুৱাই দিছিল৷ পাৰ্কিং লটত এখনেই আছিল গাড়ী৷ নিশ্চয় অলকৰ৷ বিলাসী গাড়ীৰ প্ৰতি দুৰ্বলতা আছিল জাহ্নৱীৰ৷ অলকৰ গাড়ীখন চুই চালে তাই৷ তাৰ পাছত শ্ব’ৰূমৰ আয়নাৰ দুৱাৰৰ মুখত থিয় দিলে৷ দুৱাৰখন ঠেলি দিওঁতেই সন্মুখত অলক৷

: দাৰোৱানৰ কোঠাত বহি ৰাস্তাত চকু ৰাখিবলৈকে ওলাইছিলোঁ মই৷ তেনেতে সোমাই আহিলা তুমি৷ মই বুজিলোঁ– একেটা গানকে বাজিছে তোমাৰো হৃদয়ত৷ ‘তুমি’ সম্বোধন আহি গ’ল মোৰ অজানিতেই৷ কাৰণ এই চাৰিটা দিনতে আপোন হৈ পৰিলা তুমি৷ বহলকৈ ব্যাখ্যা কৰিলে অলকে৷

: কিন্তু মই স্বামীহীনা৷ এটি সন্তান আছে মোৰ৷ ক’লে জাহ্নৱীয়ে৷

: ক্ষমা কৰিবা৷ ব্যৱসায়ী মানুহ মই৷ সকলো খা-খবৰ ভালকৈ লৈহে ‘ডীল’ কৰাৰ অভ্যাস৷ তোমাৰ বিষয়েও সকলো খা-খবৰ লৈছোঁ মই৷ মই তোমাক এই ৰূপতে, এই অৱস্থাতে গ্ৰহণ কৰিবলৈ সাজু৷ যদিহে তুমি সাজু৷

: তোমাৰ বিষয়েতো মই একো নাজানো৷

: চাৰি ঠাইত চাৰিটা শ্ব’ৰূম, এইবোৰৰ কৰ্মচাৰীসকল– এয়েই মোৰ পৰিয়াল৷ আৰু কোনো নাই৷

মাজ নিশা তাৰ ফোন ৰিং হৈছিল৷ জাহ্নৱীৰ নম্বৰত ছাইণ্ড কৰি থোৱা কলাৰ টিউন ‘গিভ মি লাভ’৷ ফোন উঠাইছিল সি৷ পৰিচিত সৰু শব্দটো নহয়, শব্দৰ এলানি উচ্ছ্বল তৰংগ হৈ আহিছিল ফোনটোৰ মাজেৰে৷ একো লুকুওৱা নাছিল জাহ্নৱীয়ে৷

: তেন্তে মোৰ ঠাই ক’ত তোমাৰ জীৱনত? সকলো শুনি প্ৰশ্ন কৰিছিল ভগীৰথে৷

: জাহ্নৱী হিমগিৰিৰ বুকু খান্দি বৈ আহে, ভগীৰথে বাট দেখুৱায়৷ জাহ্নৱী অলকানন্দাৰ লগ লাগে৷ সেই মিলনৰ আনন্দ উপভোগ কৰে ভগীৰথে৷ অলকানন্দাৰ লগ হৈ জাহ্নৱীয়ে গংগা নাম লয়৷ তাৰ পাছত, সেই গংগা ভগীৰথে দেখুৱাই দিয়া বাটেৰেই আগবাঢ়ে পাতাল অভিমুখে৷ ভগীৰথৰ পূৰ্বপুৰুষক উদ্ধাৰ কৰিবলৈ৷ পাতালমুখী যাত্ৰাপথত গংগাই, ভৈয়ামবাসীক দি আছে সঞ্জীৱনী সুধা, সেউজীয়া কৰিছে দুপাৰ৷ উৰ্বৰা কৰিছে পথাৰ৷ তুমিওতো ভগীৰথ৷ ভগীৰথ নিজৰ উদ্দেশ্য পূৰ্তিত আনন্দিত হৈছিল৷ নিজৰ সাম্ৰাজ্যলৈ উভতি গৈছিল৷ ৰাজত্ব কৰিছিল দীৰ্ঘকাল৷ কৈছিল জাহ্নৱীয়ে৷

: তুমি ভগীৰথ৷ প্ৰয়োজনত আৰু এখন নৈ খান্দিবা৷ ভগীৰথৰ কাম সকলোৰে বাবে নৈ খন্দাই, এখন নৈৰ পাৰতে চিৰদিন ৰৈ থকা নহয়৷ কিছু বিৰতিত কৈছিল জাহ্নৱীয়ে৷

আৰু তাৰ পাছত এয়া হিমগিৰিৰ বুকুত, জাহ্নৱী নৈৰ পাৰত, জাহ্নৱীৰ শীতলতা স্পৰ্শ কৰি এছটা কঠিন শিলত বহি আছে ভগীৰথ৷ তাৰ স্পৰ্শত আৰু কেতিয়াও উষ্ণ হৈ নুঠে জাহ্নৱী৷ জাহ্নৱীক আৰু নালাগে তাৰ বাকসুধা৷ সেই সুধা পান কৰি জাহ্নৱী জী উঠিছে৷ বন্ধ পুখুৰীটো প্ৰৱহমান নৈ হৈ বৈ গৈছে৷ নৈয়ে একেটা পাৰতে থাকি ভাল নাপায়, নৈক লাগে নতুন নৈৰ পাৰ৷ জাহ্নৱী এতিয়া নতুন পাৰৰ মাজৰ নতুন নৈ৷

জাহ্নৱীৰ বুকুৰ শিলে তাৰ কামিহাড় ভাঙিবৰ দিনা শুনা গানটোৰ অৰ্থ কি আছিল– তাকেই ভাবিবলৈ ধৰিলে ভগীৰথে৷ জাহ্নৱীৰ শীতলতাত বুৰ দি৷

(গল্পটোত ব্যৱহৃত গীতৰ কলিকেইটি লোৱা হৈছে Bruno Mars আৰু Jahnavi Harrison-ৰ গানৰ পৰা)

ভ্ৰাম্যভাষ : ৮৬৩৮৪৫৮৭৪৮

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ