অন্যযুগ/


প্ৰশান্ত কুমাৰ দাসৰ গল্প

 অসীম চুতীয়া


আধুনিক সাহিত্যত কাহিনী বা নেৰেটিভ নিৰ্মাণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷ এই নেৰেটিভ হৈছে মানৱ জীৱন, অভিজ্ঞতা, স্মৃতি আৰু চেতনাৰ এক জটিল বিন্যাস৷ ফৰাচী সাহিত্যতাত্ত্বিক ৰ’লা ৱাৰ্থে নেৰেটিভ নিৰ্মাণৰ প্ৰসংগ বিশ্লেষণ কৰোঁতে যি বিচিত্ৰতা আৰু বহুমুখিতাৰ প্ৰসংগ উল্লেখ কৰিছে, সেই দৃষ্টিভংগীয়ে আধুনিক আৰু উত্তৰ-আধুনিক সাহিত্য বিশ্লেষণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ তাত্ত্বিক আধাৰ প্ৰদান কৰিছে৷ কাহিনীৰ ৰূপ, গঠন, কৌশল আৰু বিষয়বস্তু–এই সকলো মিলিয়েই পাঠৰ অৰ্থ নিৰ্মাণ কৰে৷ কিন্তু বাস্তৱিকতে দেখা যায় যে সাহিত্য আলোচনাত মূলতঃ বিষয়বস্তুকেই প্ৰাধান্য দি আহিছে, আংগিক বা ৰূপগত দিশ বহু সময়ত উপেক্ষিত হৈ পৰিছে৷ অথচ পাঠৰ গভীৰ মৰ্ম উদঘাটনৰ বাবে বিষয় আৰু আংগিক– এই দুয়োটা দিশক সমান গুৰুত্ব দি বিচাৰ কৰাটো একান্তই প্ৰয়োজনীয়৷

এই প্ৰেক্ষাপটত একবিংশ শতিকাৰ অসমীয়া চুটিগল্পৰ ধাৰাত প্ৰশান্ত কুমাৰ দাস এক উল্লেখযোগ্য নাম৷ বিংশ শতিকাৰ শেষ ভাগৰ পৰা সাম্প্ৰতিক সময়লৈকে অসমীয়া চুটিগল্পক নতুন বিষয়বস্তু, নতুন কৌশল আৰু নতুন দৃষ্টিভংগীৰে সমৃদ্ধ কৰা গল্পকাৰসকলৰ ভিতৰত তেওঁ অন্যতম৷ ভবেন্দ্ৰনাথ শইকীয়া সম্পাদিত ‘প্ৰান্তিক’ত প্ৰকাশিত ‘পৰ্যৱসন’ শীৰ্ষক গল্পৰ জৰিয়তে আত্মপ্ৰকাশ কৰা দাসে ইতিমধ্যে একাধিক গল্পসংকলনৰ জৰিয়তে নিজৰ গল্পকাৰ পৰিচয় সুদৃঢ় কৰিছে৷ তেওঁৰ গল্পসমূহে আধুনিক মানুহৰ মনোজগত, নিঃসংগতা, অনি(য়তা, অস্তিত্ববোধ আৰু জীৱনৰ অন্তৰ্নিহিত শূন্যতাক গভীৰভাৱে অনুসন্ধান কৰিছে৷

প্ৰশান্ত কুমাৰ দাসৰ গল্পৰ এটা মুখ্য বৈশিষ্ট্য হ’ল– তেওঁৰ দৃষ্টি বাহ্যিক জগতৰ ঘটনাৰ সলনি চৰিত্ৰৰ আভ্যন্তৰীণ মনোজগতৰ ফালে অধিক নিবদ্ধ৷ বাহ্যিক জগত–অৰ্থাৎ সমাজ, ৰাজনীতি, সময় বা ঘটনা দাসৰ গল্পত প্ৰাসংগিকভাৱেই উপস্থিতি ধৰা পৰে৷ ই চৰিত্ৰৰ মনোজগতত প্ৰৱেশ কৰা এক প্ৰভাৱ বা অভিঘাত মাথোন৷ সেয়েহে দাসৰ গল্পত ঘটনা কি কিয় ক’ত কেনেনৈ ঘটিছে– এইবোৰতকৈ অধিক গুৰুত্ব পাইছে সেই ঘটনাবোৰে চৰিত্ৰৰ মনত সৃষ্টি কৰা প্ৰতিক্ৰিয়াৰ ধৰণ-কৰণবোৰ৷ এই দৃষ্টিকোণৰ পৰা লক্ষ্য কৰিলে দাসৰ গল্পত চৰিত্ৰসমূহ সদায় এক মানসিক দোদুল্যমান অৱস্থাত প্ৰত্যক্ষ কৰা যায়৷ এই চৰিত্ৰসমূহ কেতিয়াও সম্পূৰ্ণৰূপে বৰ্তমানত স্থিৰ হৈ থাকিব নোৱাৰে৷ অতীতৰ স্মৃতি চৰিত্ৰসমূহৰ মনত পুনঃপৌনিকভাৱে উভতি আহে– কেতিয়াবা সুখৰ ৰূপ লৈ, কেতিয়াবা বেদনা বা অনুশোচনাৰ ৰূপ লৈ৷ এই স্মৃতিবোৰ নষ্টালজিক নহয়; ই বৰ্তমানৰ চিন্তা, সিদ্ধান্ত আৰু অনুভৱক নিৰ্ধাৰণ কৰে৷ অৰ্থাৎ, অতীত দাসৰ গল্পত মৃতপ্ৰায় অৱস্থা নহয়; ই বৰ্তমানৰ সৈতে সক্ৰিয়ভাৱে জড়িত অনুষংগিক ঘটনাহে৷

একেদৰে, ভৱিষ্যতৰ কল্পনাও দাসৰ চৰিত্ৰৰ মানসিক জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ৷ এই কল্পনা কেতিয়াবা আশাৰ ৰূপত, কেতিয়াবা পলায়নৰ ৰূপত প্ৰকাশ পায়৷ বৰ্তমানৰ একঘেয়ামি, নিসংগতা আৰু অৰ্থহীনতাৰ পৰা মুক্তি বিচাৰি চৰিত্ৰই কল্পনাৰ পৃথিৱীত আশ্ৰয় লয়৷ এই কল্পনা সদায় বাস্তৱসম্ভৱ বা যুক্তিসংগত হ’বই লাগিব তেনে নহয়; কিন্তু ই মানৱ মনৰ এক প্ৰাকৃতিক প্ৰতিক্ৰিয়া৷ দাসে এই কল্পনাক অসাৰ বুলি নাভাৱে; বৰঞ্চ ই চৰিত্ৰৰ মানসিকতা সন্তুলন ৰখাৰ এক উপায় হিচাপে চিহ্নিত কৰিছে

বৰ্তমানটো দাসৰ গল্পত এক সংকটময় অৱস্থা ৰূপত ধৰা দিছে৷ এই বৰ্তমান একঘেয়া, স্থবিৰ আৰু নিঃসংগতাৰে ভৰা৷ চৰিত্ৰই যেতিয়া এই বৰ্তমানৰ সৈতে মুখামুখি হয়, তেতিয়া তেওঁলোকৰ মন স্বাভাৱিকভাৱে অতীত বা ভৱিষ্যতৰ দিশে ঢলি পৰে৷ এইখিনিতে স্মৃতি আৰু কল্পনাই দোলা দিছে–এটাই বৰ্তমানক ব্যাখ্যা কৰিছে, আনটোৱে বৰ্তমানৰ পৰা সাময়িক মুক্তিৰ পথ দেখুৱাইছে৷ দাসৰ গল্পৰ কেন্দ্ৰীয় দিশটো ইয়াতেই নিহিত আছে৷ অতীত-বৰ্তমান-ভৱিষ্যত– এই তিনিটাৰ মাজত মানুহে সামঞ্জস্য ৰক্ষা কৰি চলিব পাৰে, নে ৰক্ষা কৰি চলিব নোৱাৰে৷ এই মানসিক দোদুল্যমানতা কোনো ব্যক্তিগত দুৰ্বলতা হিচাপে দাসে উপস্থাপন কৰা নাই৷ বৰঞ্চ আধুনিক মানুহৰ অস্তিত্বগত অৱস্থা হিচাপেই ইয়াক দাঙি ধৰিছে৷ আধুনিক সমাজ ব্যৱস্থাত মানুহ বাহ্যিকভাৱে ব্যস্ত, সংযুক্ত আৰু সচল যেন লাগিলেও আভ্যন্তৰীণ জগতখনত তেওঁ অধিকাংশ সময়তে নিঃসংগ আৰু বিভ্ৰান্ত৷ দাসৰ গল্পত এই অন্তৰ্নিহিত বিভ্ৰান্তিকেই মুখ্য বিষয় হিচাপে আগবঢ়োৱা হৈছে৷

সেইবাবে প্ৰশান্ত কুমাৰ দাসৰ গল্প পঢ়িলে অনুভৱ হয় যে কাহিনীটো বাহ্যিক নহয়, আভ্যন্তৰীণ৷ বাহ্যিক ঘটনা, সমাজ বা সময় কেৱল প্ৰবেশদ্বাৰ; প্ৰকৃত কাহিনী গঢ় লৈ উঠিছে চৰিত্ৰৰ মনোজগতত–স্মৃতি, কল্পনা আৰু বৰ্তমানৰ সংকটৰ টনা-আঁজোৰাৰ মাজত৷ এই মানসিকতাই দাসৰ গল্পক গভীৰ, সংবেদনশীল কৰি তুলিছে৷

এই মননশীল দৃষ্টিভংগীৰ স্বাভাৱিক পৰিণতি হিচাপেই প্ৰশান্ত কুমাৰ দাসৰ গল্পত আংগিকৰ ক্ষেত্ৰত নতুনত্ব দেখা যায়৷ আধুনিকতাবাদী আৰু উত্তৰ-আধুনিকতাবাদী সাহিত্যচেতনাৰে দাসে নিজস্ব সামাজিক-সাংস্কৃতিক প্ৰেক্ষাপটত গল্পৰ ‘নেৰেটিভ’ পুনৰ্নিৰ্মাণ কৰিছে৷ তেওঁ পৰম্পৰাগত কাহিনী কথনৰ পথ এৰি নতুন কৌশল গ্ৰহণ কৰিছে যদিও সেই কৌশল কৃত্ৰিম বা দৃষ্টিনন্দনৰ বাবে ব্যৱহৃত নহয়৷ ‘ফেণ্টাছী’ৰ ব্যৱহাৰ দাসৰ গল্পৰ বিশেষভাৱে উল্লেখযোগ্য দিশ৷ দাসৰ ফেণ্টাছী বাস্তৱৰ পৰা পলায়নবাদী কৌশল নহয়; ই বাস্তৱৰ সৈতে গভীৰভাৱে সংলগ্ন৷ বাস্তৱ জীৱনৰ কঠোৰতা, আৰ্থ-সামাজিক বঞ্চনা, নিসংগতাবোধ আৰু বৈষয়িক অপূৰ্ণতাই মানুহৰ মন যেতিয়া ক্লান্ত আৰু আহত হৈ পৰে, তেতিয়া ফেণ্টাছী এক মানসিক আশ্ৰয় হিচাপে আত্মপ্ৰকাশ কৰে৷ এই ফেণ্টাছীয়ে বাস্তৱক অস্বীকাৰ নকৰে; বৰঞ্চ ই বাস্তৱৰ অসহনীয় দিশবোৰক সহ্য কৰিব পৰাকৈ মানৱ মনক মানসিক শক্তি যোগায়৷

এটা শদিয়াৰ গল্প, আনটো পৃথিৱীৰ’ গল্পটোত এই প্ৰৱণতা স্পষ্ট ৰূপত ধৰা পৰে৷ দাদু চৰিত্ৰটোৰ জীৱন ৰূঢ় বাস্তৱৰ প্ৰতীক– আৰ্থিক অনাটন, সামাজিক অৱহেলা আৰু দৈনন্দিন সংগ্ৰামৰ মাজত বন্দী এক সাধাৰণ নিম্ন মধ্যবিত্ত মানুহ৷ এই বাস্তৱত তেওঁৰ সপোন, প্ৰেম বা মানৱীয় সুখৰ কোনো স্থান নাই৷ কিন্তু একে সময়তে দাদুৰ মনত জন্ম লয় ‘শদিয়া’ নামৰ এক কাল্পনিক চহৰৰ প্ৰসংগই৷ এই শদিয়া কোনো স্বৰ্গীয় অলৌকিক পৃথিৱী নহয়; ই দাদুৰ অপূৰ্ণ আকাংক্ষা, দমন কৰা ইচ্ছা আৰু অবদমিত সুখৰ সমষ্টিগত ৰূপ৷

এইখিনিত দাসে ফেণ্টাছী আৰু বাস্তৱক সমান্তৰালভাৱে আগবঢ়াইছে৷ বাস্তৱ আৰু ফেণ্টাছী পৰস্পৰৰ বিৰোধী নহয়; ইহঁত মানৱ মনৰ দুটা স্তৰ প্ৰতিনিধি৷ বাস্তৱে দাদুক জীয়াই থকাৰ বাবে সংগ্ৰাম কৰিবলৈ বাধ্য কৰে, আৰু ফেণ্টাছীয়ে দাদুক মানসিকভাৱে টিকি থাকিবলৈ সহায় কৰে৷ ‘শদিয়া’ সেইবাবে কেৱল এটা কাল্পনিক স্থান নহয়; ই নিপীড়িত আৰু বঞ্চিত মানুহৰ সমষ্টিগত স্ব›Ÿৰ প্ৰতীক৷ বাস্তৱ জীৱনত যি সুখ, মৰ্যাদা বা স্বীকৃতি সম্ভৱ নহয়, সেইবোৰে ফেণ্টাছীৰ জগতখনত অন্ততঃ কল্পনাৰ ৰূপত হ’লে নিজৰ অস্তিত্ব বৰ্তাই ৰাখে৷

এই দৃষ্টিভংগীৰে চালে ফেণ্টাছী দাসৰ গল্পত কোনো অলংকাৰিক উপাদান নহয়৷ ই এক মানসিক শক্তি– জীয়াই থকাৰ এক অন্তৰ্নিহিত সম্বল৷ ফেণ্টাছীৰ সহায়তে চৰিত্ৰই নিজৰ অস্তিত্বক সম্পূৰ্ণৰূপে ভাঙি পৰাৰ পৰা ৰক্ষা কৰে৷ এইখিনিতে দাসৰ গল্পশিল্পৰ আধুনিকতা নিহিত– মানুহৰ মনোজগতৰ এই সূক্ষ্ম আত্মৰক্ষামূলক প্ৰতিক্ৰিয়াক তেওঁ অত্যন্ত সংবেদনশীলভাৱে ‘নেৰেটিভ’ ৰূপ দিছে৷

সেইবাবে প্ৰশান্ত কুমাৰ দাসৰ ফেণ্টাছী কোনো বিদেশী সাহিত্যিক প্ৰভাৱৰ অনুকৰণ নহয়৷ ই অসমৰ সমাজ-বাস্তৱতা, নিম্ন মধ্যবিত্ত জীৱনৰ অভিজ্ঞতা আৰু সমকালীন মানৱ-সংকটৰ পৰা জন্ম লোৱা এক স্বাভাৱিক শিল্পীসুলভ প্ৰতিক্ৰিয়া৷ সমাজৰ পৰিৱৰ্তনশীল মূল্যবোধ আৰু সাংস্কৃতিক চেতনাৰ পৰাই  জন্ম– এই উপলব্ধি দাসৰ ফেণ্টাছী প্ৰয়োগত স্পষ্টভাৱে প্ৰতিফলিত হৈছে৷

 দ্য ডাউনটাউন’ আৰু ‘ষ্ট’ৰিজ এবাউট দ্য গ্ৰেট টিপিকে’ দৰে সংলাপহীন, চৰিত্ৰহীন গল্পৰ জৰিয়তে প্ৰশান্ত কুমাৰ দাসে বুদ্ধিদীপ্ততাৰ পৰিচয় দিছে৷ এই গল্প দুটাত গল্পৰ চিৰাচৰিত উপাদান পাবলৈ নাই৷ ইয়াত ব্যক্তি নাই, কিন্তু ব্যক্তিৰ অভিজ্ঞতা আছে; ঘটনা নাই, কিন্তু জীৱনৰ গভীৰ অনুভৱ আছে৷ এই আংগিক এই উপস্থাপন দাসৰ বুদ্ধিদীপ্ততাৰ মূল আধাৰ৷

দ্য ডাউন টাউন’ মূলতঃ আধুনিক মহানাগৰিক মানৱ-চেতনাৰ এক বিমূৰ্ত মানচিত্ৰ৷ ইয়াত ডাউন টাউন কোনো বিশেষ স্থান নহয়; ই একধৰণৰ মানসিক পৰিসৰ৷ মহানগৰৰ ব্যস্ততা, যান্ত্ৰিকতা আৰু অবিৰাম গতিশীলতাৰ মাজত মানুহে যি ক্লান্তি অনুভৱ কৰে, সেই ক্লান্তিৰ লগত মিহলি হৈ থাকে সপোন আৰু আকাংক্ষা৷ একে সময়তে থাকে প্ৰেমৰ আকুলতা আৰু নৈৰাশ্যৰ ভাৰ৷ দাসে এই সকলো অনুভৱক কোনো নিৰ্দিষ্ট চৰিত্ৰৰ ওপৰত আৰোপ নকৰি সমষ্টিগত চেতনাৰ ৰূপ দিছে৷ ফলত ‘দ্য ডাউন টাউন’ একে সময়তে ব্যক্তিগতো আৰু সামূহিকো হৈ উঠিছে– যেন এখন মহানগৰত বাস কৰা প্ৰায় সকলো মানুহৰ ভিতৰত থকা এক অভিন্ন মানসিক অৱস্থা৷ একেদৰে ‘ষ্ট’ৰিজ এবাউট দ্য গ্ৰেট টিপিকে’ত টিপিকে নামৰ চহৰখন বাস্তৱ জগতৰ কোনো মানচিত্ৰত নাই৷ ই মানুহৰ অন্তৰাত্মাত গঢ় লৈ উঠা এক কল্পিত আশ্ৰয়স্থল৷ জীৱনৰ কোনো এটা মুহূৰ্তত মানুহে অনুভৱ কৰে যে তেওঁ থকা ঠাইখন, যিটো জীৱন লৈ তেওঁ জীয়াই আছে, সেইটো সম্পূৰ্ণ নহয়৷ এই অপূৰ্ণতাৰ অনুভৱেই মানুহক ‘নিজৰ ঠাই’ বিচাৰি ফুৰিবলৈ প্ৰেৰণা দিয়ে৷ টিপিকে সেই মানসিক অনুসন্ধানৰ প্ৰতীক৷ ইয়াত মানুহে শান্তি, পূৰ্ণতা বা স্বীকৃতি লাভ কৰিব পাৰিব– এনে এক বিশ্বাস বা আশাই টিপিকেৰ কল্পনাক জীয়াই ৰাখে৷

এই দুয়োটা গল্পত কাহিনী নাথাকিলেও এক ধৰণৰ অন্তৰ্নিহিত গতিশীলতা আছে৷ এই গতিশীলতা বাহ্যিক ঘটনাৰ পৰা নহয়; ই মানৱ মনৰ চলমান শক্তিৰ পৰা জন্ম হয়৷ পাঠক কোনো ঘটনাৰ উত্তৰ বিচাৰি আগবাঢ়িব নোৱাৰে; বৰঞ্চ নিজৰ অভিজ্ঞতা, অনুভৱ আৰু চিন্তাৰ সৈতে এই ‘নেৰেটিভ’বোৰ মিলাই চাবলৈ বাধ্য হয়৷ এইখিনিতেই এই গল্প দুটাৰ দাৰ্শনিক ইংগিত নিহিত৷ মানুহৰ অস্তিত্ব, অপূৰ্ণতা আৰু মানসিক বিচৰণৰ প্ৰশ্নসমূহ এই সংলাপহীন ‘নেৰেটিভ’ৰ মাজেৰে নিঃশব্দে উত্থাপিত হৈছে৷

সেইবাবে ‘দ্য ডাউনটাউন’ আৰু ‘ষ্ট’ৰিজ এবাউট দ্য গ্ৰেট টিপিকে’ কাহিনীহীন হ’লেও অৰ্থহীন নহয়৷ বৰঞ্চ এই গল্প দুটাৰ মাজেৰে দেখুওৱা হৈছে যে আধুনিক সাহিত্যত ‘নেৰেটিভ’ নিৰ্মাণ কেতিয়াবা ঘটনাৰ অনুপস্থিতিতেই অধিক অৰ্থৱহ হৈ উঠিব পাৰে৷ সংলাপ আৰু চৰিত্ৰৰ সলনি চেতনা, অনুভৱ আৰু অন্তৰ্নিহিত দাৰ্শনিক সংকটক কেন্দ্ৰ কৰি দাসে ৰচনা কৰা এইধৰণৰ গল্পবোৰৰ জৰিয়তে অসমীয়া চুটিগল্পক এক নতুন চিন্তনধাৰাৰ দিশে আগবঢ়াই নিছে৷

যাদুকৰী বাস্তৱবাদ প্ৰশান্ত কুমাৰ দাসৰ গল্পশিল্পত কেৱল এটা অলংকাৰিক কৌশল নহয়; ই হৈছে সামাজিক বাস্তৱতাক অধিক গভীৰ আৰু তীক্ষ্ণভাৱে উন্মোচন কৰাৰ একধৰণৰ সংবেদনশীল উপায়৷ বৰ্হেছ বা গাৰ্সিয়া মাৰ্কেজৰ ৰচনাত দেখা পোৱা যাদুকৰী বাস্তৱতাৰ সৈতে দাসৰ গল্পৰ সাদৃশ্য থাকিলেও, দাসে এই কৌশলক কেতিয়াও হুবহু অনুকৰণ কৰা নাই৷ তেওঁ অসমীয়াৰ সামাজিক পৰিৱেশ, মানৱ সম্পৰ্কৰ ক্ষণভংগুৰতা আৰু নৈতিক সংকটৰ সৈতে ইয়াক সংযোগ কৰিছে৷ ফলস্বৰূপে, দাসৰ যাদুকৰী বাস্তৱতা বিদেশী পৰিৱেশৰ অলৌকিকতাৰ দৰে নহয়; ই অসমীয়াৰ চিৰপৰিচিত বাস্তৱতাৰ মাজতেই অদ্ভুত আৰু বিস্ময়কৰ ৰূপ লৈ আত্মপ্ৰকাশ কৰিছে৷

গল্প’ শীৰ্ষক চুটিগল্পটোত উপস্থিত অদ্ভুত জীৱটো প্ৰথম দৃষ্টিত এক অলৌকিক ঘটনা যেন লাগিলেও, ই মূলতঃ সমাজৰ মানৱীয় আচৰণৰ এক কঠোৰ দাপোণ৷ জীৱটোৰ আগমনত সমাজৰ প্ৰথম প্ৰতিক্ৰিয়া হ’ল কৌতূহল আৰু উত্তেজনা৷ কিন্তু সময় বাগৰাৰ লগে লগে সেই কৌতূহল নিস্তেজ হৈ পৰে আৰু দায়িত্ববোধৰ ঠাই লয় উদাসীনতা৷ কোনোবাই সেই জীৱটোৰ দায়িত্ব ল’বলৈ আগ্ৰহ নেদেখুৱায়; সকলোৱে যেন দায়িত্বটো আনৰ ওপৰত ঠেলি দিয়ে৷ এই আচৰণে সমাজৰ স্বাৰ্থপৰ মানসিকতা আৰু মানৱীয় দায়বদ্ধতাৰ অভাৱক উন্মোচিত কৰে৷ ইয়াত অলৌকিক জীৱটোৱে বাস্তৱৰ অন্তনিৰ্হিত নিষ্ঠুৰ সত্যক অধিক স্পষ্ট কৰি তুলিছে৷ একেদৰে ‘পোহন’ গল্পটোত যাদুকৰী বাস্তৱতাৰ প্ৰয়োগ অধিক প্ৰতীকধৰ্মী৷ চৰাইবোৰৰ কাহিনী বাহ্যিকভাৱে অলৌকিক যেন অনুভৱ হ’লেও ইয়াৰ অন্তৰ্নিহিত অৰ্থ সম্পূৰ্ণৰূপে সামাজিক৷ পুহি ৰখা চৰাইবোৰে যেতিয়া নিজৰ ঠাই বিচাৰি উভতি যায় আৰু বন্ধনৰ পৰা মুক্ত হ’ব বিচাৰে, তেতিয়া সেই ঘটনা কেৱল প্ৰাকৃতিক অলৌকিকতা হৈ নাথাকে; ই স্বাধীনতাৰ মৌলিক আকাংক্ষাৰ প্ৰতিফলন হৈ উঠে৷ আধিপত্য আৰু নিয়ন্ত্ৰণৰ মাজত আবদ্ধ হৈ থকা জীৱনে অৱশেষত নিজৰ স্বাভাৱিক মুক্তিৰ পথ বিচাৰে– এই সত্যক দাসে যাদুকৰী বাস্তৱতাৰ সহায়েৰে উপস্থাপন কৰিছে৷

এই গল্পটোত অলৌকিকতা কোনো অচিনাকি বা অবিশ্বাস্য চমক নহয়৷ বৰঞ্চ ই মানুহৰ সামাজিক আচৰণ আৰু ক্ষমতাৰ কাঠামোৰ বিৰুদ্ধে এক নীৰৱ প্ৰতিবাদ৷ চৰাইবোৰে নিজৰ জগতলৈ উভতি যোৱাৰ সিদ্ধান্ত মূলতঃ দমনমূলক ব্যৱস্থাৰ পৰা মুক্তিৰ প্ৰতীক৷ ইয়াত যাদুকৰী বাস্তৱতা বাস্তৱ সমস্যাৰ পৰা আঁতৰি যোৱা নাই; ই সেই সমস্যাক অধিক বোধগম্য আৰু সংবেদনশীল কৰি তোলাত সহায় কৰিছে৷

এইদৰে ‘গল্প’ আৰু ‘পোহন’ত যাদুকৰী বাস্তৱবাদৰ প্ৰয়োগে দেখুৱাইছে যে প্ৰশান্ত কুমাৰ দাসৰ বাবে অলৌকিকতা কোনো পলায়নৰ পথ নহয়৷ বৰঞ্চ বাস্তৱৰ কঠোৰতা, মানৱীয় অৱক্ষয় আৰু স্বাধীনতাৰ সংকটক অধিক তীব্ৰ ৰূপত প্ৰকাশ কৰাৰ এক কাৰ্যকৰী কৌশলহে৷

কল্পবিজ্ঞানভিত্তিক গল্পসমূহত প্ৰশান্ত কুমাৰ দাসৰ লেখকসত্তাই বিশেষকৈ এজন ভৱিষ্যৎ-সচেতন আৰু সতৰ্ক দৃষ্টিসম্পন্ন চিন্তক হিচাপে পৰিচিতি লাভ কৰিছে৷ ‘প্ৰেমৰ টেবলেট’ আৰু ‘ফোনিক্স-ৱান’ গল্প দুটাত তেওঁ বিজ্ঞান-প্ৰযুক্তিৰ সম্ভাৱ্য সুফলতকৈ অধিক গুৰুত্ব দিছে তাৰ অন্তৰালত লুকাই থকা মানৱীয় সংকটলৈ৷ এই গল্পবোৰত বিজ্ঞান কেৱল প্ৰগতিৰ প্ৰতীক নহয়; ই মানুহৰ অস্তিত্ব, অনুভৱ আৰু নৈতিকতাৰ প্ৰতি এক সম্ভাৱ্য হুমকি স্বৰূপে দেখা দিয়ে৷

প্ৰেমৰ টেবলেট’ত দাসে এনে এখন ভৱিষ্যৎ সমাজ কল্পনা কৰিছে, য’ত বিজ্ঞান-প্ৰযুক্তিৰ উন্নতিয়ে মানুহৰ জীৱন সহজ কৰাৰ লগতে মানুহৰ অন্তৰ্জগতকো যান্ত্ৰিক কৰি তুলিছে৷ প্ৰেম, স্নেহ বা আবেগ যেন স্বাভাৱিক অনুভৱ হৈ নাথাকি এটা কৃত্ৰিমভাৱে প্ৰস্তুত কৰা যন্ত্ৰত পৰিণত হৈছে৷ প্ৰেমৰ টেবলেটৰ ধাৰণাই মানুহৰ অনুভৱবোৰক নিয়ন্ত্ৰণযোগ্য আৰু ব্যৱস্থাপনাযোগ্য কৰি তোলাৰ ভয়ংকৰ সম্ভাৱনাক ইংগিত দিছে৷ এইখিনিতে দাসে দেখুৱাইছে যে প্ৰযুক্তিৰ অতিৰিক্ত আধিপত্যই মানুহক অনুভূতিসম্পন্ন সত্তাৰ পৰা ধীৰে ধীৰে যন্ত্ৰসদৃশ সত্তালৈ ৰূপান্তৰ কৰিব পাৰে৷ সেইদৰে ‘ফোনিক্স-ৱান’ গল্পটোত যন্ত্ৰ-সভ্যতাৰ আগ্ৰাসন অধিক তীব্ৰ ৰূপত ধৰা পৰে৷ ইয়াত যন্ত্ৰ বা কৃত্ৰিম সত্তা কেৱল মানুহৰ সহায়ক নহয়; ই মানুহৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হোৱা এক শক্তিত পৰিণত হয়৷ যন্ত্ৰৰ যুক্তিবাদী, অনুভূতিহীন সিদ্ধান্তই মানৱীয় বিবেচনাক অগ্ৰাহ্য কৰে৷ এই গল্পটোত দাসে ইংগিত দিছে যে যেতিয়া বিজ্ঞান-প্ৰযুক্তি নৈতিকতা আৰু মানৱীয় দায়বদ্ধতাৰ পৰা বিচ্ছিন্ন হয়, তেতিয়া ই সৃষ্টিকৰ্তাকেই নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰে৷

এই দুয়োটা গল্পত অনুভূতিহীনতা এক কেন্দ্ৰীয় বিষয়৷ প্ৰযুক্তিনিৰ্ভৰ সমাজত মানুহে নিজকে যন্ত্ৰৰ দৰে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে সংবেদনশীলতা, সহানুভূতি আৰু মানৱীয় মূল্যবোধৰ দৰে বিষয়বোৰ ধীৰে ধীৰে হেৰাই যাব৷ দাসে এই পৰিৱৰ্তনক বৰ্তমানৰ প্ৰযুক্তিনিৰ্ভৰ জীৱনৰ এক স্বাভাৱিক পৰিণতি হিচাপে আগতীয়াকৈ সৰ্তক দৃষ্টি নিক্ষেপ কৰিছে৷

নাট্যধৰ্মী গাঁথনি আৰু দৃশ্যভাগে এই গল্পবোৰৰ প্ৰভাৱ বৃদ্ধি কৰিছে৷ কাহিনীটো একাধিক দৃশ্যত বিভক্ত হোৱাৰ ফলত ঘটনাবোৰ তীব্ৰ গতিত আগবাঢ়ি গৈছে৷ সংক্ষিপ্ত কিন্তু অৰ্থবহ বৰ্ণনাই চৰিত্ৰৰ মানসিক অৱস্থা আৰু সমাজৰ যান্ত্ৰিকতা স্পষ্ট কৰি তুলিছে৷ গল্প দুটাৰ নাট্যধৰ্মী উপস্থাপনে পাঠকক সম্ভাৱ্য ভবিষ্যতৰ ভয়াবহতাৰ মুখামুখি হ’ব পৰাকৈ সাজু কৰি তুলিছে৷

এইফালৰ পৰা ‘প্ৰেমৰ টেবলেট’ আৰু ‘ফোনিক্স-ৱান’ৰ জৰিয়তে প্ৰশান্ত কুমাৰ দাসে কল্পবিজ্ঞানক কেৱল প্ৰযুক্তিগত কৌতূহলৰ ক্ষেত্ৰ হিচাপে ব্যৱহাৰ কৰা নাই৷ বৰঞ্চ মানুহ আৰু যন্ত্ৰৰ সম্পৰ্ক, অনুভূতিৰ অৱলুপ্তি আৰু মানৱীয়তাৰ সংকটৰ দৰে গভীৰ বিষয়সমূহক উন্মোচন কৰাৰ এক শক্তিশালী সাহিত্যিক মাধ্যম হিচাপেহে কল্পবিজ্ঞানক ব্যৱহাৰ কৰিছে৷

চেতনা-স্ৰোত পদ্ধতি প্ৰশান্ত কুমাৰ দাসৰ মননশীল গল্পসমূহত মানুহৰ অন্তৰ্জগত অনাবৃত কৰাৰ এক মুখ্য মাধ্যম হিচাপে ধৰা দিছে৷ ‘পৰ্যৱসন’ আৰু ‘এটা গল্প কিম্বা জীৱনৰ পুনঃপৌনিক খচৰা’ত এই পদ্ধতিৰ ব্যৱহাৰে দাসৰ আগ্ৰহ বাহ্যিক ঘটনাৰ ক্ৰমবিকাশতকৈ অধিক চৰিত্ৰৰ মনত একেলগে চলি থকা চিন্তা, স্মৃতি আৰু অনুভৱৰ সংঘাতৰ ফালে ঢাল লৈছে৷ এই গল্পবোৰত চৰিত্ৰৰ মনোজগতখন যেন এখন ভাঙি-পৰা, খণ্ডিত পৃথিৱী– য’ত চিন্তা একোটা সহজ পথত নচলে, বৰঞ্চ বাৰে বাৰে ঘূৰি ঘূৰি একে বিন্দুলৈ উভতি আহে৷

পৰ্যৱসন’ত দেখা পোৱা মানসিক দোদুল্যমানতা আধুনিক মানুহৰ এক মৌলিক অস্তিত্বগত সমস্যাৰ প্ৰতিফলন৷ চৰিত্ৰটোৱে বাহ্যিকভাৱে জীৱনৰ বহু ভূমিকা পালন কৰিছে, কিন্তু ভিতৰত এক গভীৰ শূন্যতা অনুভৱ কৰে৷ এই শূন্যতাৰ উৎস তেওঁ নিজেও স্পষ্টকৈ বুজি নাপায়৷ ফলস্বৰূপে চিন্তা, স্মৃতি আৰু অনুভৱবোৰ একেটা ৰৈখিক যুক্তিত আগবঢ়া নাই; কেতিয়াবা অতীতৰ স্মৃতি উভতি আহে, কেতিয়াবা বৰ্তমানৰ ক্লান্তিয়ে মনক ভাৰাক্ৰান্ত কৰে, কেতিয়াবা আকৌ অৰ্থহীন কিছুমান প্ৰশ্নই মনটোক আৱৰি ধৰে৷ চেতনা-স্ৰোতৰ খণ্ডিত বাক্য আৰু আত্মকথনৰ জৰিয়তে দাসে এই মানসিক অস্থিৰতাক অতি সূক্ষ্মভাৱে দাঙি ধৰিছে৷ ‘এটা গল্প কিম্বা জীৱনৰ পুনঃপৌনিক খচৰা’ত চেতনা-স্ৰোত পদ্ধতি চৰিত্ৰৰ স্ব-বিৰোধী চিন্তাৰ প্ৰকাশৰ এক মুখ্য উপায়৷ ইয়াত চৰিত্ৰটোৱে নিজকে নিজেই প্ৰশ্ন কৰে, সমালোচনা কৰে, আৰু একে সময়তে নিজে লোৱা সিদ্ধান্তসমূহকেই সন্দেহৰ চকুৰে চায়৷ এই স্ব-বিৰোধী চিন্তাধাৰা আধুনিক মানুহৰ অস্তিত্ববাদী সংকটৰ সৈতে গভীৰভাৱে জড়িত৷ জীৱনৰ কোনো স্থায়ী অৰ্থ বা চূড়ান্ত লক্ষ্য নেদেখি মানুহে নিজকে নিজেই এক পুনঃপৌনিক প্ৰশ্নোত্তৰৰ মাজত আবদ্ধ কৰি পেলায়– এই সত্যক দাসে চেতনা-স্ৰোতৰ সহায়েৰে মূৰ্ত ৰূপ দিছে৷

এই গল্পবোৰত আলবেয়াৰ কাম্যুৰ অস্তিত্ববাদী চিন্তাধাৰাৰ সামঞ্জস্য স্পষ্ট৷ কাম্যুৰ দৰে দাসেও মানুহক এক অৰ্থহীন, উদাসীন পৃথিৱীত বিক্ষিপ্ত সত্তা হিচাপে চাইছে– য’ত মানুহে নিজে নিজেই অৰ্থ নিৰ্মাণ কৰিব লাগে, যদিও সেই প্ৰয়াস প্ৰায়েই ব্যৰ্থ হয়৷ এই ব্যৰ্থতাৰ অনুভৱেই জন্ম দিয়ে নিঃসংগতা, বিৰক্তি আৰু একধৰণ গভীৰ মানসিক ক্লান্তি৷ চেতনা-স্ৰোত পদ্ধতিয়ে এই অনুভৱবোৰক কোনো দাৰ্শনিক ব্যাখ্যাৰ মাজেৰে নহয়, বৰঞ্চ জীৱন্ত মানসিক অভিজ্ঞতা হিচাপে উপস্থাপন কৰিছে৷

স্মৃতিচাৰণ এই পদ্ধতিৰ এক গুৰুত্বপূৰ্ণ অংশ৷ অতীতৰ স্মৃতি কেতিয়াও শান্ত বা সুসংগঠিত ৰূপত উভতি নাহে; ই হঠাৎ, অসংলগ্নভাৱে মনত উদয় হয় আৰু বৰ্তমানৰ চিন্তাৰ সৈতে সংঘাত সৃষ্টি কৰে৷ এই সংঘাতেই চৰিত্ৰৰ নিঃসংগতা অধিক তীব্ৰতৰ কৰি তোলে৷ দাসে খণ্ডিত বাক্য, অন্তৰ্মুখী স্বগতোক্তি আৰু আত্মকথনৰ জৰিয়তে এই মানসিক অৱস্থাক অতি সূক্ষ্মভাৱে ৰূপায়িত কৰিছে৷

এইদৰে চেতনা-স্ৰোত পদ্ধতিৰ সফল প্ৰয়োগে ‘পৰ্যৱসন’ আৰু ‘এটা গল্প কিম্বা জীৱনৰ পুনঃপৌনিক খচৰা’ত আধুনিক মানুহৰ অস্তিত্ববাদী যন্ত্ৰণা, স্ব-বিৰোধী চিন্তা আৰু অন্তহীন আত্মঅনুসন্ধানক গভীৰ সাহিত্যিক মাত্ৰা প্ৰদান কৰিছে৷

সমাজ-সচেতন লেখক হিচাপে প্ৰশান্ত কুমাৰ দাসে অসমৰ উগ্ৰপন্থী সমস্যাৰ সময়ছোৱাক কেৱল ৰাজনৈতিক ঘটনাৰ ৰূপত নেদেখি সাধাৰণ মানুহৰ দৈনন্দিন জীৱনত তাৰ কু-প্ৰভাৱ কেনেকৈ পৰিছিল, সেই দিশটোকেই মুখ্য কৰি তুলিছে৷ ‘এপ্ৰিল,’৯৯’ গল্পটোত তেওঁ সন্ত্ৰাস, ভয় আৰু সন্দেহে গঢ়ি তোলা এখন অদৃশ্য কিন্তু শক্তিশালী সামাজিক পৰিৱেশ অতি সংবেদনশীলভাৱে উপস্থাপন কৰিছে৷ ইয়াত উগ্ৰপন্থা কোনো বীৰত্বগাথা বা ৰোমাণ্টিক ৰাজনৈতিক আন্দোলন নহয়; ই হৈছে মানুহৰ স্বাভাৱিক জীৱন-প্ৰবাহ ভাঙি পেলোৱা এক নিষ্ঠুৰ বাস্তৱ৷

গল্পটোত এজন সাধাৰণ, নিতান্তই নিৰ্দোষ মানুহ আকস্মিকভাৱে সন্দেহৰ আৱৰ্ত সোমাই পৰে৷ এই সন্দেহ কোনো প্ৰমাণৰ ওপৰত নিৰ্ভৰশীল নহয়; বৰঞ্চ সময়ৰ ৰাজনৈতিক পৰিৱেশ আৰু ভয়াৰ্ত মানসিকতাৰ ফল৷ চৰকাৰী ব্যৱস্থা আৰু আৰক্ষীৰ সন্দেহপ্ৰবণ দৃষ্টিভংগীয়ে মানুহজনক সম্ভাৱ্য অপৰাধী হিচাপে গণ্য কৰিছে৷ এইখিনিতে দাসে দেখুৱাইছে যে সন্ত্ৰাসৰ সময়ছোৱাত সন্দেহ নিজেই এক প্ৰকাৰৰ শাস্তি হৈ উঠিছিল– যাৰ কোনো আইনগত সীমা বা নৈতিক বাধা নাথাকে৷

আৰক্ষীৰ জেৰাৰ প্ৰক্ৰিয়া, চৰকাৰী ব্যৱস্থাৰ কঠোৰতা আৰু যান্ত্ৰিক আচৰণে গল্পটোৰ চৰিত্ৰটোক ধীৰে ধীৰে সামাজিকভাৱে বিচ্ছিন্ন কৰি তোলে৷ তেওঁ কেতিয়াও দোষী প্ৰমাণিত নহয়; তথাপিও সমাজে তেওঁক স্বাভাৱিকভাৱে গ্ৰহণ কৰিব নোৱাৰে৷ চুবুৰীয়া, আত্মীয় বা পৰিচিত মানুহৰ দৃষ্টিত তেওঁ সন্দেহজনক ব্যক্তি হৈ পৰে৷ এই সামাজিক সন্দেহ আৰু দূৰত্বই চৰিত্ৰটোক নিঃসংগতালৈ ঠেলি দিয়ে– যি নিঃসংগতা শাৰীৰিক পৰ্যায়তকৈ অধিক পৰিমাণে মানসিক৷

এই গল্পটোত দাসে ভয়াৰ্ত সমাজৰ মানসিকতাকো উন্মোচন কৰিছে৷ সন্ত্ৰাসজনিত পৰিৱেশত মানুহে নিজৰ সুৰক্ষাৰ স্বাৰ্থত নীৰৱতা অৱলম্বন কৰে, আনৰ দুখ-দুৰ্দশাৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰে৷ এই নীৰৱতাই অন্যায়ৰ প্ৰতি একপ্ৰকাৰৰ মৌন সমৰ্থনত পৰিণত হয়৷ ‘এপ্ৰিল,’৯৯’ত এই সামাজিক নীৰৱতা স্পষ্ট– য’ত কোনোবাই পোনে পোনে অত্যাচাৰ নকৰিলেও, কোনেও অন্যায়ৰ বিৰুদ্ধে মাত মাতিব নোখোজে৷ এইদৰে ‘এপ্ৰিল, ‘৯৯’ গল্পটোত প্ৰশান্ত কুমাৰ দাসে দেখুৱাইছে যে সন্ত্ৰাস কেৱল বোমা, গুলি বা সশস্ত্ৰ সংঘাতৰ মাজতেই সীমাবদ্ধ নহয়৷ ই সন্দেহ, ভয় আৰু নিঃসংগতাৰ ৰূপ লৈ সাধাৰণ মানুহৰ জীৱনটোক ছেদেলি-ভেদেলি কৰি পেলাব পাৰে৷ গল্পটো এই দিশৰ পৰাই এক গভীৰ সামাজিক দলিল হৈ উঠিছে৷

ব্যংগ আৰু প্ৰতীকৰ সচেতন ব্যৱহাৰে প্ৰশান্ত কুমাৰ দাসৰ গল্পশিল্পক অধিক তীক্ষ্ণ আৰু প্ৰভাৱশালী কৰি তুলিছে৷ দাসৰ ব্যংগ সস্তীয়া হাস্যৰসৰ স্তৰত সীমাবদ্ধ নহয়; ই গভীৰ সামাজিক সচেতনতা আৰু নৈতিক উদ্বেগৰ পৰা জন্ম লোৱা এক গম্ভীৰ শিল্পীসুলভ অস্ত্ৰ৷ ‘ঈশ্বৰ আৰু মন্ত্ৰী’ গল্পটোত এই ব্যংগ বিশেষভাৱে তীব্ৰ৷ ইয়াত দাসে ৰাজনৈতিক ক্ষমতা, ধৰ্মীয় ভাবাবেগ আৰু ব্যক্তিগত স্বাৰ্থৰ মাজৰ অসংলগ্ন সম্পৰ্কক উন্মোচিত কৰিছে৷ মন্ত্ৰী চৰিত্ৰটোৰ আচৰণত ধৰ্ম, নৈতিকতা আৰু ঈশ্বৰ-ভক্তিৰ কথা থাকিলেও বাস্তৱত সেইবোৰ কেৱল সুবিধাবাদৰ নামান্তৰ মাথোন৷ ব্যংগৰ জৰিয়তে দাসে দেখুৱাইছে যে আধুনিক ৰাজনীতিত ঈশ্বৰো কেতিয়াবা ক্ষমতা আৰু স্বাৰ্থৰ হাতৰ পুতলা হৈ পৰে৷ গল্পটোৰে মাধ্যমেৰে পাঠকক চিন্তা কৰিবলৈ বাধ্য কৰা গল্পকাৰে ব্যংগক এক সূক্ষ্ম কৌশল হিচাপে ব্যৱহাৰ কৰিছে৷৷

প্ৰতীকৰ ব্যৱহাৰো দাসৰ গল্পৰ এক শক্তিশালী দিশ৷ ‘বগ আৰু বকুল’ গল্পটোত বগ আৰু বকুল কেৱল জীৱ-জন্তু বা চৰিত্ৰ নহয়; ই সমাজৰ বিভিন্ন শ্ৰেণী আৰু ক্ষমতা বিভাজনৰ প্ৰতীক৷ বগ শক্তি, আধিপত্য আৰু শোষণৰ প্ৰতিনিধি, আনহাতে বকুল নিষ্পাপ, দুৰ্বল আৰু বঞ্চিত শ্ৰেণীৰ প্ৰতীক৷ এই সহজ প্ৰতীকৰ জৰিয়তে দাসে সামাজিক বৈষম্যৰ এক গভীৰ ছবি আঁকিছে– য’ত ক্ষমতাশালী শ্ৰেণীয়ে স্বাভাৱিকভাৱে দুৰ্বলীক দমনৰ অধিকাৰ নিজৰ বুলি ভাবি লয়৷ একেদৰে ‘কাগজৰ পখিলা’ গল্পটোত পখিলাটো এক সূক্ষ্ম কিন্তু অত্যন্ত অৰ্থবহ প্ৰতীক৷ কাগজৰ পখিলা দেখাত সুন্দৰ, হালধীয়া আৰু উৰন্ত যেন লাগিলেও ই স্থায়ী নহয়, অতি সহজে উৰি যাব পৰা৷ এই পখিলাই আধুনিক সমাজত মানুহৰ দায়িত্ববোধ, সহানুভূতি আৰু নৈতিক প্ৰতিশ্ৰুতিৰ ক্ষণস্থায়ী ৰূপটোক ইংগিত দিছে৷ মানুহে দুখ, অন্যায় বা দুৰ্ঘটনাৰ মুখামুখি হ’লে ক্ষণিকৰ অনুভৱ প্ৰকাশ কৰে, কিন্তু দায়বদ্ধতাৰে বাস্তৱিক দায়িত্ব ল’বলৈ আগবাঢ়ি নাহে– এই মানসিকতাক কাগজৰ পখিলাই অত্যন্ত সংবেদনশীলভাৱে প্ৰতিনিধিত্ব কৰিছে৷

ভাষা প্ৰশান্ত কুমাৰ দাসৰ গল্প শিল্পৰ এক মৌলিক প্ৰকাশ৷ তেওঁৰ গল্পৰ ভাষাত এক সূক্ষ্ম কাব্যিকতা অনুভৱ কৰা হয়৷ উপমা, চিত্ৰকল্প আৰু লয়যুক্ত বাক্যগাঁথনিয়ে দাসৰ ভাষাক সংবেদনশীল কৰি তুলিছে আৰু ইয়ে পাঠকক কাহিনীৰ চৰিত্ৰৰ মনোজগতৰ আভ্যন্তৰত প্ৰৱেশৰ বাট মুকলি কৰি দিয়ে৷ এই কাব্যিকতা কোনো অলংকাৰিক আড়ম্বৰপূৰ্ণ নহয়; ই ভাববস্তুক অধিক গভীৰ আৰু অন্তৰ্মুখী ৰূপত প্ৰকাশ কৰাৰ এক স্বাভাৱিক প্ৰয়াস মাথো৷

দাসৰ উপমাবোৰে কেৱল বাহ্যিক সৌন্দৰ্যই প্ৰদৰ্শন নকৰে; ই চৰিত্ৰৰ মানসিক অৱস্থা, নিঃসংগতা, ক্লান্তি বা দোদুল্যমানতা প্ৰকাশতো অন্যতম ভূমিকা পালন কৰে৷ চিত্ৰকল্পৰ সহায়েৰে তেওঁ পৰিৱেশ আৰু অনুভৱৰ মাজত এক সূক্ষ্ম সেতুবন্ধন গঢ়ি তোলে৷ ফলত পৰিৱেশ বৰ্ণনা কেৱল দৃশ্যগত অৱস্থাতে নাথাকি মানসিক অনুভৱৰ প্ৰতিফলন হৈ উঠে৷ এই লয়যুক্ত গদ্যই গল্পৰ ভাষাত এক অন্তৰ্নিহিত সংগীতৰ সৃষ্টি কৰে, যিয়ে পাঠকক ধীৰে ধীৰে কাহিনীৰ আৱহমান জগতত নিমজ্জিত হোৱাত সহায় কৰে৷

কথন ৰীতিৰ ক্ষেত্ৰতো দাস অত্যন্ত সচেতন৷ তৃতীয় পুৰুষৰ কথনে তেওঁ বহু সময়ত নিৰপেক্ষ দৃষ্টিভংগী গ্ৰহণ কৰি চৰিত্ৰ আৰু পৰিস্থিতিক দূৰৰ পৰা চাবলৈ সুবিধা কৰি দিয়ে৷ একেদৰে প্ৰথম পুৰুষৰ কথনে চৰিত্ৰৰ ব্যক্তিগত অনুভৱ, আত্মকথন আৰু মানসিক সংঘাতক অধিক ঘনিষ্ঠভাৱে প্ৰকাশ কৰে৷ বহুবচনাত্মক ‘আমি’ৰ ব্যৱহাৰে ব্যক্তিগত অভিজ্ঞতাক সামূহিক চেতনালৈ উন্নীত কৰে, যাৰ ফলত এটা চৰিত্ৰৰ অনুভৱেই বহুজনৰ মনত অভিন্ন অনুভৱ হৈ উঠে৷

ফ্লেছবেক্‌ আৰু দৃশ্যভাগৰ ব্যৱহাৰো দাসৰ কথন কৌশলৰ আন এক গুৰুত্বপূৰ্ণ দিশ৷ ফ্লেছবেকৰ জৰিয়তে অতীত আৰু বৰ্তমান একোটা ‘নেৰেটিভ’ক একেটা পৰিসৰত সহাৱস্থান কৰায়, যাৰ ফলত স্মৃতি আৰু বাস্তৱৰ সংঘাত স্পষ্ট হয়৷ দৃশ্যভাগে গল্পক নাট্যধৰ্মী গতি প্ৰদান কৰে; কাহিনী একোটা  নাটকৰ দৃশ্যৰ দৰে আগবাঢ়ে আৰু পাঠকে সজীৱ যেন লগা ঘটনাবোৰ চকুৰ সন্মুখত দেখিবলৈ পায়৷ এই সকলো কৌশল দাসে বিষয়বস্তুৰ প্ৰয়োজন অনুসাৰেই ব্যৱহাৰ কৰিছে৷

কাব্যিক ভাষা আৰু বহুমুখী কথন কৌশলৰ সচেতন প্ৰয়োগে প্ৰশান্ত কুমাৰ দাসৰ গল্পক সংবেদনশীল, গভীৰ আৰু কলাসুলভ মাত্ৰা প্ৰদান কৰিছে৷

প্ৰশান্ত কুমাৰ দাস আধুনিক অসমীয়া চুটিগল্পৰ এক দৃঢ় আৰু স্বতন্ত্ৰ কণ্ঠস্বৰ৷ বিশ্বসাহিত্যৰ বিভিন্ন ধাৰাৰ সৈতে তেওঁ গল্পৰ বিষয়বস্তুয়ে সম্পৰ্ক স্থাপন কৰিছে ঠিকেই, কিন্তু সেই সম্পৰ্ক কেতিয়াও অনুকৰণত সীমাবদ্ধ হৈ থকা নাই৷ বৰঞ্চ সেই আন্তঃসম্পৰ্কৰ মাজেৰেই দাসে নিজস্ব আংগিক চেতনাক বিকশিত কৰিছে আৰু এক স্বকীয় গল্পৰ এখন জগত গঢ়ি তুলিবলৈ সক্ষম হৈছে৷ তেওঁৰ গল্পসমূহত ব্যৱহৃত কৌশলসমূহ বাহ্যিক নহয়; ই গল্পকাৰ দাসৰ ভাষা, অভিজ্ঞতা আৰু সময়-চেতনাৰ পৰা স্বাভাৱিকভাৱে উদ্ভাসিত হোৱা৷

ফেণ্টাছী, যাদুকৰী বাস্তৱতা, কল্পবিজ্ঞান, চেতনা-স্ৰোত, প্ৰতীক আৰু ব্যংগ– এই সকলোবোৰ কৌশল দাসৰ গল্পত আন্তঃসংলগ্ন ৰূপত সংযোজিত হৈছে৷ এই সংমিশ্ৰণৰ ফলতেই তেওঁৰ গল্পসমূহে কেৱল কাহিনী কথনতকৈ গল্পকাৰৰ চিন্তাই বহু প্ৰশ্ন উত্থাপন কৰিছে আৰু সেইবোৰে পাঠকক ভাবনাৰ এখন জগতৰ সন্ধান দিছে৷ কৌশলসমূহে গল্পৰ বাহ্যিক পৰিকাঠামোক জটিল কৰি তুলিলেও তাৰ অন্তৰ্নিহিত লক্ষ্য পৃথক, একক আৰু অনন্য৷ এইবোৰত আধুনিক মানুহৰ মানসিক অৱস্থা আৰু সময়ৰ সংকটক কলাসুলভভাৱে প্ৰকাশ কৰিছে৷

এইদৰে দাসে অসমীয়া চুটিগল্পক কেৱল বিষয়গত দিশতেই নহয়, আংগিক আৰু বৌদ্ধিক দিশতো সমৃদ্ধ কৰিছে৷ তেওঁৰ গল্পই আধুনিক অসমীয়া সাহিত্যক এক নতুন চিন্তনশীলতা আৰু কলাসুলভ মূল্যবোধ প্ৰদান কৰিছে৷

ফোন ঃ ৭০০২৯-৬৬১৯৯

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ