(পূৰ্ণাংগ নাটক)
ড০ জ্যোতি প্ৰসাদ শইকীয়া
দশম দৃশ্য
(মঞ্চত সুৰজিৎ আৰু পলী৷ পৰিচালকে পৰিৱেশ নিৰ্মাণ কৰি ল’ব।)
সুৰজিৎ
– তুমি এতিয়াও কথাবোৰ বুজি পোৱা নাই?
পলী
– কি বুজিম?
সুৰজিৎ
– কি বুজিম মানে? নুবুজিবলৈ তুমিতো অশিক্ষিত ছোৱালী নহয়!
পলী
– শিক্ষিত হোৱাৰ বাবেইতো বুজিবলগীয়াবোৰ বুজোঁ আৰু বুজি পাব নলগীয়াবোৰ বুজিবলৈ নিবিচাৰোঁ!
সুৰজিৎ
– দেৱীৰ যে কিবা এটা হৈছে বুজি পোৱা নাই?
পলী – বেমাৰ-আজাৰ কাৰনো নহয়? ডাক্তৰে চাইছে, ভাল হ’ব৷
সুৰজিৎ
– কিন্তু ডাক্তৰে কি ক’লে তুমি জানো শুনা নাই? তাইৰ Anxiety আৰু stress -ৰ level বাঢ়িছে৷
তাই ভয় খাইছে৷ Anxiety Disorder. এইখিনি সময়ত তাইক ভালদৰে care ল’ব লাগিব ৷ (Music)
তাইক মৰম কৰিব লাগিব৷
পলী
– কিন্তু তুমি এইবোৰ কথা মোক কিয় কৈছা?
সুৰজিৎ
– কাৰণ এই Anxiety আৰু stress -ৰ কাৰণ তুমি! (Music)
পলী
– কি? কি কথা কৈছা! (খঙত) মোক তুমি blame দিব বিচাৰিছা? মই কি কৰিলোঁ?
সুৰজিৎ – তাই তোমালৈ ভয় কৰে৷ তুমি পিন্ধিবলৈ কোৱা ফটা চোলাটো পিন্ধিবলৈ ক’লেই তাই ভয় আৰু শংকাত কঁপি উঠে (Music) ... কিয় কৰাঁ এনেকুৱা? তাইক তুমি অকণমান মৰম কৰিব নোৱাৰা কিয়? (Music) নিজৰ বুলি আদৰি ল’ব পৰা নাই কিয়? তুমি তাইক নিজৰ সন্তান বুলি ভাবিব নোৱাৰাঁ কিয়?
পলী
– (খঙ আৰু ক্ষোভত) অঁ মই নোৱাৰোঁ৷ তাই মোৰ সন্তান নহয়৷ কাৰণ তাই মোৰ গৰ্ভত ন-মাহ দহদিন
স্থিতি লোৱা নাছিল৷
সুৰজিৎ
– তুমি ইমান নিৰ্দয়!
পলী
– অঁ মই নিৰ্দয়! মই কাকো ভাল পাব নোৱাৰোঁ৷ মই মাথোঁ লাহে লাহে নিজক ভাল পাবলৈ লৈছোঁ!
সুৰজিৎ
– কি?
পলী
– অঁ, I love myself only. No one I like, no one I love. (উত্তেজিত হৈ) মই দেৱীকো
ভাল পাব নোৱাৰোঁ৷ দেৱীক ভাল পোৱা মানুহবোৰকো মই বেয়া পাওঁ৷ I hate, I hate
everybody. (Music)
সুৰজিৎ
– তুমি এইবোৰ কি কৈছা?
পলী
– (উত্তেজিত হৈ) তুমি কৈছা নহয়, দেৱীয়ে মই পিন্ধিবলৈ কোৱা ফটা চোলাটোলৈ ভয় কৰে৷
Yes, তাই এই ভয়টোকে লগত লৈ ফুৰিব লাগিব৷ তাই এই ফটা ফ্ৰকটোকেই পিন্ধিব লাগিব ৷ (Music)
সুৰজিৎ
- তুমি কি কৈছা? সকলোবোৰ জানি-বুজিয়েই তুমি দেৱীৰ মাক হ’বৰ বাবেই মোৰ সৈতে বিয়া হোৱাৰ
সিদ্ধান্ত লৈছিলা৷ (Music) তুমি নিজেই এই সিদ্ধান্ত লৈছিলা? এতিয়া …?
পলী
– লৈছিলোঁ৷ কিন্তু ইয়াৰ লগতে কাৰোবাৰ পত্নী হ’ম বুলি, কাৰোবাৰ বোৱাৰী হ’ম বুলিও সিদ্ধান্ত
লৈছিলোঁ৷
সুৰজিৎ
- তেন্তে তুমি এইবোৰ কি কৈছা? দেৱীৰ এই অৱস্থাতো অকণমানো বুজিবলৈ চেষ্টা কৰা নাই কিয়?
(খঙত) ইমান নিৰ্দয় কিয়? এগৰাকী নাৰী হৈ ফুল কুমলীয়া ছোৱালীজনীক অকণমান মৰম দিব নোৱৰা
হ’লা? তুমি আচলতে নাৰীৰ নামত কলংক৷ (Music) নাৰীক মমতাময়ী বুলি কয়, কিন্তু তুমি আচলতে
এজনী নিৰ্দয় বাঘিনী! (Music)
পলী
– (খং আৰু ক্ষোভত উত্তেজিত হৈ) অঁ, মই নিৰ্দয়৷ কাৰণ ময়ো আনক বুজাৰ দৰে মোকো আনে বুজিবলৈ বিচৰাটো বিচাৰোঁ৷ (Music) মই কোনোবাই
মোৰ অস্তিত্বটোৰ কথা ভবাটোও বিচাৰোঁ ৷ (Music) ময়ো মোৰ অধিকাৰ বিচাৰোঁ!
সুৰজিৎ - তোমাক কি অধিকাৰ লাগে? এই ঘৰখনত তুমি তোমাৰ মতেই সকলো কৰিছা৷ কোনেও নিবিচৰা কামবোৰ কৰি আছা! (Music) মন গ’ল পদূলিৰ শেৱালিজোপা কটোৱাই পেলালা! মন গ’ল আলমাৰিত সযত্নে থোৱা জয়াৰ কাপোৰবোৰ বেপাৰীক বিক্ৰী কৰি দিলা! মন গ’ল, দেৱীৰ দৰে কণমানিজনীক বাৰে বাৰে ফটা চোলা এটা পিন্ধাবৰ বাবে বাধ্য কৰিলা, মন গ’ল …
পলী
– অঁ মন গ’লে মই ঘৰখনকে জ্বলাই দিম (Music)
সুৰজিৎ
- (খঙত) পলী!
পলী
– মোৰ বুকুৰ ভিতৰত জ্বলি থকা জুইকুৰা নুমুৱাবৰ বাবে কেতিয়াবা এই ঘৰখনেই জ্বলাই দিব
লাগিব৷
সুৰজিৎ
- (উচ্চস্বৰত) পলী!
(ভিতৰৰ পৰা বেদনাথ বৰুৱা আৰু নিৰদা ওলাই আহে।)
বেদনাথ
– ঘৰখন জানো জ্বলিবলৈ কিবা বাকী আছে পলী?
নিৰদা
– এইবোৰ কি হৈছে তোমালোকৰ? ইমান চিঞৰি চিঞৰি কাজিয়া কৰিছা! কাষৰ মানুহে শুনিলে কি ভাবিব?
সুৰজিৎ
- পলী পাগল হৈছে মা!
পলী
– ঠিকেই, মই পাগল হৈছোঁ৷ নিজৰ কথাবোৰ কোৱাৰ বাবেই যদি মই পাগল হৈছোঁ, সেই পাগলামীৰ বাবেই
মই সাজু হৈছোঁ!
বেদনাথ
– তুমি কি ক’ব বিচাৰিছা?
পলী
– মোৰ Right, Power আৰু Previledge.
নিৰদা
– কি?
সুৰজিৎ
- এই পাগল হৈছে৷ সঁচাকৈয়ে পাগল হৈছে৷ (Music) এইৰ লগত মই আৰু সময় পাৰ কৰিব নোৱাৰোঁ!
(সুৰজিৎ উচাট মাৰি ভিতৰলৈ সোমাই যায়)
নিৰদা
– সুৰজিৎ! তই অকৌ আঁতৰি গৈছ কিয়?
বেদনাথ
– A bond once strong, now frayed and worn. কেৱল দেৱীৰ চোলাটোৱেই ফটা নাই, আমাৰ মনবোৰো
ফাটিছে, চেতনাবোৰ ফাটিছে, মৰম-স্নেহবোৰ ফাটি-চিটি উঁৱলি যাবলৈ লৈছে৷ A torn shirt …
[বেদনাথ
আৰু নিৰদা দুয়ো পলীৰ কাষ চাপি আহে৷ কৰুণ সংগীতৰ সিৰ ভাঁহি আহিব৷ (Direction)]
বেদনাথ
– পলী
নিৰদা
– তোমাৰ কি হৈছে পলী?
বেদনাথ
– কথাবোৰ মুকলিকৈ কোৱাঁ৷ তোমাৰ কথাবোৰ শুনিবলৈ মানুহ আছে নহয়৷ তুমি এইখন ঘৰৰ বোৱাৰী!
(Music) ঘৰখনত আমি মানুহনো আছো কেইজন! দৰ্জা-খিৰিকীবোৰ বন্ধ কৰি কথাবোৰ পাতিলেই হ’ল৷
নিৰদা
– তুমি জানো দুখত থাকিলে আমি ভাল পাম? তাতে আমিনো কিমান দিন থাকিম? বয়সে ভটিয়ালে৷ এইকেইদিন
তোমালোক ভালকৈ থকাটোকে বিচাৰোঁ৷
বেদনাথ
– কিন্তু তুমি সেইখিনি কথাকে বুজিবলৈ চেষ্টা কৰা নাই৷ ঘৰখনৰ চাবি-কাঠি তোমাৰ হাতত৷
ইয়াৰ ঐতিহ্য, পৰম্পৰা, সংস্কৃতি সকলো তুমিয়েই ধৰি ৰাখিব লাগিব৷
নিৰদা
– তুমিয়েই জানো ঘৰখনৰ মূল মানুহগৰাকী নহয়? তুমি জানো আমাৰ সকলোৰে আপোন নহয়?
পলী
– (আৱেগত কান্দি উঠি) নহয়৷ মই কাৰো আপোন নহয়৷ মোক কোনেও বুজিবলৈ চেষ্টা নকৰে৷ সকলোৱে
মাথোঁ ঐতিহ্য, পৰম্পৰাৰ কথা কয়৷ কিন্তু মইতো বৰ্তমান৷ এই বৰ্তমানটোৰ জানো ভৱিষ্যত নাই?
নিৰদা
– পলী!
পলী
– (উচুপি উচুপি) এইখন ঘৰত মই কোন? Who am I?
বেদনাথ – পলী!
পলী
– সকলোৱে মাথোঁ এটাই শব্দ চিনি পায় – দেৱী (ক্ষোভত) ৷ এইখন ঘৰত দেৱীৰ আগে-পিছে যে অন্য
কোনোবাও থাকিব পাৰে তাক ভাবিবলৈ কোনোবা আছেনে?
নিৰদা
– দেৱী, অকণমানি ছোৱালী৷ তুমি এই সৰু ছোৱালীজনীৰ বিষয়ে এনেদৰে কিয় ভাবিছা পলী!
পলী
– সৰু ছোৱালীজনীক ঘৰখনত সকলোৱে মৰম কৰক, মোৰ কিয় আপত্তি থাকিব? সকলোৱে তাইৰ যত্ন লওক,
কিন্তু…
বেদনাথ
– কিন্তু মানে? তুমি কি ক’ব বিচাৰিছা পলী?
পলী
– (ক্ষোভত উচুপি উচুপি) কিন্তু ময়ো বিচাৰোঁ, মোকো ঘৰখনে আদৰি লওক৷ ময়ো পত্নী হিচাপে,
বোৱাৰী হিচাপে মৰম বিচাৰোঁ৷ (কান্দি) কিন্তু এই ঘৰখনত সকলো দেৱীক লৈ ব্যস্ত, তাইৰ মাকক
লৈ ব্যস্ত! জয়াই এৰি থৈ যোৱা কাপোৰবোৰক লৈ যিমান ব্যস্ত, এই পলী নামৰ ছোৱালীজনীক লৈ
কোনো ব্যস্ত নহয়৷ যদি জয়াৰ স্মৃতি লৈ সকলো জীয়াই থাকিব পাৰে, মোৰ প্ৰয়োজন ক’ত? (কান্দে)
বেদনাথ
– তুমি ভুল বুজিছা পলী৷ আমি তোমাক অৱজ্ঞা নকৰোঁ৷ মাথোঁ অতীত এটা পাহৰিব নোৱাৰোঁ৷
পলী
– (উচুপি) সেইবাবেই মই মোৰ বৰ্তমানটো নিজেই গঢ় দিব বিচাৰোঁ৷ যি অতীতে মোৰ অস্তিত্বটোক
শেষ কৰিব বিচাৰে, সেই অতীতক মই মানি ল’ব নোৱাৰোঁ৷
নিৰদা
– পলী!
পলী
– ময়ো এজনী ছোৱালী! মোৰো এটা সপোন আছে৷ মোৰো নিজৰ ৰুচি-অভিৰুচি আছে৷ ঘৰখনত মোৰো গুৰুত্ব
থাকিব লাগে৷
বেদনাথ
– (কোমল সুৰত) পলী! আজিৰ তাৰিখত এইখন ঘৰত মাথোঁ তুমিয়েই আমাৰ একমাত্ৰ বোৱাৰী৷ [Music,
(sad)] … জয়াক মনত ৰখা মানে তোমাক অৱজ্ঞা কৰাটো নুবুজায় পলী! দেৱীক মৰম কৰা মানে তোমাক
ঘৃণা কৰাটোও নুবুজায়! (Music) ঐতিহ্য, পৰম্পৰাবোৰক পাহৰি নোযোৱা মানে বৰ্তমানটোক আওকাণ
কৰাও নুবুজায়৷ তুমি ভুল নুবুজিবা৷ আমাৰ মনবোৰো বুজিবলৈ চেষ্টা কৰাঁ৷
(বেদনাথ
বৰুৱা ভিতৰলৈ সোমায় যায়৷) (Music)
নিৰদা
– পলী! তুমি ভুল নুবুজিবা! দেৱী আমাৰ যিমান আপোন, তুমিও সিমানেই আপোন৷ (Music) জয়া আজি আমাৰ মাজত নাই৷ তুমি আছা৷ তোমাক আমি অৱহেলা কিয় কৰিম? মাথোঁ তুমি এই ঘৰখনৰ কথাও
ভাবিব লাগিব৷ চোৱাঁচোন শেৱালিজোপা কাটি পেলোৱাত পদূলিটো কিমান উকা হৈ পৰিল? (Music)
দেৱীয়ে জানো ফটা চোলাটো পিন্ধি ভাল পাব? (Mood Change) নিৰদাই পলীৰ চুলিখিনিত হাত বুলাই
মৰম কৰি উচুপি উঠে) তুমিও মোৰেই ছোৱালী৷ তুমি মা বুলি মাতিলে মই মোৰ পেটটো স্পৰ্শ কৰোঁ৷
বুকুত ভাললগা সুৰ এটা শুনো!
পলী
– মা!
(দুয়ো
অৱেগিক হয়৷ পলীক নিৰদাই সাবটি ধৰে৷ দুয়ো একেটা ফ্ৰেমতে Freeze হয়৷ লাইট ক্ৰমাগতভাৱে
কমি আহিব৷ (Music)
