অন্যযুগ/


মীন বিজ্ঞান (Fishery Science)

 ° বুলজিৎ বুঢ়াগোহাঁই    

 

মীন বিজ্ঞান হৈছে এক বহুমুখী পাঠ্যক্ৰম যিয়ে মীন পালনৰ ব্যৱস্থাপনা আৰু বুজাৰ অনুশাসনৰ বিষয়ে শিকায়। মীন বিজ্ঞান পাঠ্যক্ৰমত জলজ পালনৰ বিভিন্ন শাখা যেনে- প্ৰজনন, আনুবংশিক, জৈৱ প্ৰযুক্তি, পুষ্টি শিকায়।  লগতে মাছ প্ৰক্ৰিয়াকৰণৰ বিষয়েও শিকায়  যত আৰোগ্য, কেনিং, ফ্ৰীজিং, আৰু উপ-উৎপাদন আদি অন্তৰ্ভুক্ত কৰা হয়। মীন বিজ্ঞান পাঠ্যক্ৰমত  প্ৰযুক্তিৰ বিষয়ে শিকায় যত নেভিগেচন আৰু চিমেনশ্বিপ, গিয়াৰ আৰু ক্ৰাফ্ট ইঞ্জিনিয়াৰিং, মেৰাইন ইঞ্জিন আদি অন্তৰ্ভুক্ত থাকে। মীন অৰ্থনীতি আৰু ব্যৱস্থাপনা আৰু মীন পালন বিজ্ঞান সম্প্ৰসাৰণ আদি বিষয় অন্তৰ্ভুক্ত থাকে। মীন সম্পদ ব্যৱস্থাপনা অধ্যয়ন কৰা এজন ব্যক্তিক জীৱবিজ্ঞান, শৰীৰবিজ্ঞান, শ্ৰেণী বিভাজন, শৰীৰবিজ্ঞানৰ লগতে মীনপালনৰ পৰিৱেশ শিকোৱা হয় যত সামুদ্ৰিক বিজ্ঞান, জীৱবিজ্ঞান, পৰিস্থিতিবিজ্ঞান, জৈৱ বৈচিত্ৰ্য  আদি অন্তৰ্ভুক্ত কৰা হয়।

মীন বিজ্ঞান (Fishery Science) পঢ়ি ছাত্র-ছাত্রীসকলে উন্নত কেৰিয়াৰ গঢ়িব পাৰে। ইয়াৰ বাবে ছাত্র-ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত জীৱ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞান বিষয়সহ উত্তীৰ্ণ হোৱা বা এম. এইচ. আৰ. ডি.-ৰ দ্বাৰা প্ৰস্তুত কৰা এন. ভি. ই. কিউ. এফ. (নেশ্বনেল  ভোকেশ্বনেল এডুকেশ্বনেল কুয়েলিফাইকেশ্বন ফ্ৰেমৱৰ্ক) অনুসৰি কৃষি আৰু আনুষঙ্গিক শাখাত বৃত্তিমূলক শাখাৰ অধীনত সমতুল্য প্ৰমাণপত্ৰ লাভ কৰাৰ পিছত মীন বিজ্ঞানৰ স্নাতক পাঠ্যক্রমত নাম ভৰ্তি কৰিব পাৰে। এজন প্ৰাৰ্থীয়ে যোগ্যতা অৰ্জনকাৰী পৰীক্ষাত নিম্নতম ৫০% নম্বৰ (অনুসূচীত জাতি/অনুসূচীত জনজাতি/ডি. এ. চি. প্ৰাৰ্থীৰ বাবে ৪০%) লাভ কৰিব লাগিব । প্ৰাৰ্থীৰ বয়স ১৬ বছৰৰ কম হব নালাগে। ইয়াৰ উপৰিও মীন বিজ্ঞানত চাৰ্টিফিকেট, ডিপ্লমা, স্নাতকোত্তৰ আৰু পি. এইচ. ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে ।

দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো মীন বিজ্ঞানত শিক্ষা গ্রহণ কৰিব পৰা শিক্ষানুষ্ঠান আছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন মীন মহাবিদ্যালয় (https://cofaau.org) ৰহাত অৱস্থিত। অসম কৃষি বিশ্ববিদ্যালয়ৰ (http://www.aau.ac.in) অধীনস্থ মীন মহাবিদ্যালয়খনত মীন বিজ্ঞানৰ স্নাতক পাঠ্যক্রম (Bachelor of Fisheries Science, B.F.Sc.), স্নাতকোত্তৰ (Master of Fisheries Science, M.F.Sc.) আৰু পি. এইচ. ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে।

মীন বিজ্ঞান (Fishery Science)ৰ বিভিন্ন পাঠ্যক্রমত নামভৰ্তি কৰিব পৰা অসমৰ বাহিৰৰ কেইখনমান শিক্ষানুষ্ঠান হল - উৰিষ্যা কৃষি আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় (https://www.ouat.nic.in); আচাৰ্য নৰেন্দ্ৰ দেৱকৃষি আৰু প্ৰযুক্তি বিদ্যা বিশ্ববিদ্যালয়, কুমাৰগঞ্জ, ফৈজাবাদ, ইউ.পি (https://www.nduat.org); কৰ্ণাটক পশু চিকিৎসা, পশু আৰু মীন বিজ্ঞান বিশ্ববিদ্যালয় (https://www.kvafsu.edu.in); কামধেনু বিশ্ববিদ্যালয়, গান্ধীনগৰ (https://www.kamdhenuuni.edu.in); কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়, ইম্ফল, মণিপুৰ (https://cau.ac.in); কেন্দ্ৰীয় মীন শিক্ষা প্ৰতিষ্ঠান, মুম্বাই (https://www.cife.edu.in);  কেৰেলা ইউনিভাৰ্চিটি অৱ ফিশ্বাৰিজ এণ্ড অচেন ষ্টাডিজ (http://kufos.ac.in); গুৰু অঙ্গদ  দেৱ পশু চিকিৎসা আৰু পশু বিজ্ঞান বিশ্ববিদ্যালয় (https://www.gadvasu.in); গোবিন্দ বল্লভ পন্ত কৃষি আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় (https://www.gbpuat.ac.in); চন্দ্ৰ আজাদ কৃষি আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়, কানপুৰ (https://csauk.ac.in); জুনাগড় কৃষি বিশ্ববিদ্যালয় (http://www.jau.in); ° জে. জয়াললিতা মীন বিশ্ববিদ্যালয় (https://www.tnjfu.ac.in); ° বালাচাহেব সাৱন্ত কঙ্কন কৃষি বিদ্যাপীঠ (https://dbskkv.org); ° ৰাজেন্দ্ৰ প্ৰসাদ কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয় (https://www.rpcau.ac.in); তামিলনাডু ড° জে জয়াললিতা মীন বিশ্ববিদ্যালয়, নাগাপট্টিনাম (https://www.tnjfu.ac.in); দৌ শ্ৰী বাসুদেৱ চন্দ্ৰকাৰ কামধেনু বিশ্ববিদ্যালয় (https://cgkv.ac.in); নৱসাৰী কৃষি বিশ্ববিদ্যালয়, নৱসাৰী (https://nau.in);

নৰেন্দ্ৰ দেৱ কৃষি আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়, কুমাৰগঞ্জ, ফৈজাবাদ, ইউ. পি. (https://www.nduat.org); নানাজী দেশমুখ পশু চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়, জবলপুৰ (https://www.ndvsu.org); পশ্চিম বংগ পশু আৰু মীন বিজ্ঞান বিশ্ববিদ্যালয় (http://wbuafscl.ac.in); পি.ভি. নৰসিংহ ৰাও তেলেংগানা পশু চিকিৎসা বিশ্ববিদ্যালয় (https://tsvu.nic.in); বীৰছা কৃষি বিশ্ববিদ্যালয়, ৰাঁচী (https://www.bauranchi.org); মহাৰাণা প্ৰতাপ কৃষি আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়, উদয়পুৰ (https://www.mpuat.ac.in); মহাৰাষ্ট্ৰ পশু আৰু মীন বিজ্ঞান বিশ্ববিদ্যালয়, নাগপুৰ (https://www.mafsu.in); শ্বেৰ-ই-কাশ্মীৰ কাশ্মীৰৰ কৃষি বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় (https://skuastkashmir.co.in);  আইচিএৰ-চেণ্ট্ৰেল মেৰাইন ফিশ্বাৰিছ ৰিছাৰ্চ ইনষ্টিটিউট (https://www.cmfri.org.in); আইচিএৰ - চেণ্ট্ৰেল ইনলেন্ড ফিশ্বাৰিছ ৰিছাৰ্চ ইনষ্টিটিউট (http://www.cifri.res.in); আইচিএৰ চেণ্ট্ৰেল  ইনষ্টিটিউট অৱ ফিশ্বাৰিছ টেকনলজী (https://www.cift.res.in); আইচিএৰ-চেণ্ট্ৰেল ইনষ্টিটিউট অৱ ফিশ্বাৰিছ এডুকেশ্যন (https://www.cife.edu.in); আইচিএৰ নেশ্বনেল  বুৰেও অৱ ফিছ জেনেটিক ৰিছাৰ্চ (https://www.nbfgr.res.in); আইচিএৰ -চেণ্ট্ৰেল ইনষ্টিটিউট অৱ ফ্ৰেশ্বেটাৰ একুৱাকালচাৰ (https://cifa.nic.in); আইচিএৰ- চেণ্ট্ৰেল ইনষ্টিটিউট অৱ ব্ৰেকিশ্বেটাৰ একুৱাকালচাৰ (https://ciba.icar.gov.in);  আইচিএৰ ডিৰেক্টৰেট অৱ কল্ডৱেটাৰ ফিশ্বাৰিছ ৰিছাৰ্চ (https://www.dcfr.res.in) আদি। ৰাষ্ট্রীয় বৃত্তিমূলক আৰু গৱেষণা প্ৰশিক্ষণ পৰিষদে (http://ncvrtindia.org) মীন বিজ্ঞানৰ  বিভিন্ন বৃত্তিমূলক প্ৰশিক্ষণ প্ৰদান কৰে । এই সমূহ শিক্ষানুষ্ঠানৰ মীন বিজ্ঞানৰ বিভিন্ন পাঠ্যক্রমত নাম ভৰ্তিৰ বাবে প্রয়োজন হোৱা ন্যূনতম নম্বৰ তথা শিক্ষাগত অৰ্হতা শিক্ষানুষ্ঠান অনুযায়ী ভিন ভিন হয় । এই শিক্ষানুষ্ঠানবোৰত বিভিন্ন পাঠ্যক্রমত নাম ভৰ্তি কৰিব বাবে প্রয়োজন হোৱা সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইটত চাব পাৰে ।

 মীন বিজ্ঞানৰ শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি চৰকাৰী আৰু বেচৰকাৰী বিভিন্ন খণ্ডত নিযুক্তি লাভ কৰিব পাৰে। আই. চি. এ. আৰ. (ICAR)ৰ এ. আৰ. এছ.  (Agricultural Research Service, https://www.asrb.org.in) পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কেন্দ্ৰীয় মীন প্ৰতিষ্ঠান (যেনে- চেণ্ট্ৰেল মেৰাইন ফিশ্বাৰিছ ৰিছাৰ্চ ইনষ্টিটিউটচেণ্ট্ৰেল ইনলেন্ড ফিশ্বাৰিছ ৰিছাৰ্চ ইনষ্টিটিউট, চেণ্ট্ৰেল  ইনষ্টিটিউট অৱ ফিশ্বাৰিজ টেকনলজী, চেণ্ট্ৰেল ইনষ্টিটিউট অৱ ফিশ্বাৰিছ এডুকেশ্যন, নেশ্বনেল  বুৰেও অৱ ফিচ জেনেটিক ৰিছাৰ্চ, চেণ্ট্ৰেল ইনষ্টিটিউট অৱ ফ্ৰেশ্বেটাৰ একুৱাকালচাৰ,চেণ্ট্ৰেল ইনষ্টিটিউট অৱ ব্ৰেকিশ্বেটাৰ একুৱাকালচাৰ,ডিৰেক্টৰেট অৱ কল্ডৱেটাৰ ফিশ্বাৰিছ ৰিছাৰ্চ আদি)ৰ বিজ্ঞানী হব পাৰে । মেৰিন প্ৰডাক্টছ এক্সপোৰ্ট ডেভেলপমেণ্ট অথৰিটি (https://mpeda.gov.in), ফিচাৰী চাৰ্ভে অৱ ইণ্ডিয়া (https://fsi.gov.in), নেশ্বনেল  ইনষ্টিটিউট অৱ অচেনগ্রাফী (https://www.nio.res.in), ফুড চাফেটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অৱ ইণ্ডিয়া (https://www.fssai.gov.in), ষ্টেল একুৱাকালচাৰ অথৰিটি অৱ ইণ্ডিয়া (https://caa.gov.in), ইণ্ডিয়ান নেশ্বনেল  চেণ্ট্ৰাৰ ফৰ ওচেন এণ্ড ইনফৰমেশ্যন ছাৰ্ভিচেছ (https://incois.gov.in) আদিতো নিযুক্তি লাভ কৰিব পাৰে। মহাবিদ্যালয়/বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে। মীন বিজ্ঞানগৱেষণাও এটা কেৰিয়াৰ হব পাৰে। সাংবাদিক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে। ইয়াৰ উপৰিও নিজা মীন পালন সম্পৰ্কীয় ব্যৱসায়ত উদ্যোগবান বা স্ব-নিয়োজিত হব পাৰে।

 

° বুলজিৎ বুঢ়াগোহাঁই

কেৰিয়াৰ পৰামৰ্শদাতা   তথা

মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,

অসম ডন বস্কবিশ্ববিদ্যালয়

ভ্ৰাম্যভাষ : ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com

 

 বি.দ্র. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ