অন্যযুগ/


কমলা বৰগোহাঁইৰ গল্প : সংবেদনশীলতা আৰু মননশীলতা প্ৰতিনিধি (গল্পচৰ্চা)


অসীম চুতীয়া

 

কমলা বৰগোহাঁই আধুনিক অসমীয়া গল্পসাহিত্যৰ অন্যতম শক্তিশালী গল্পকাৰ৷ তেওঁ সেইসকল লেখকৰ ভিতৰত অন্যতম যিয়ে সমাজৰ বাহ্যিক ঘটনাক মাথোঁ কাহিনীৰ আধাৰ হিচাপে ব্যৱহাৰ কৰি মানুহৰ অন্তৰ্জগত, মানসিক সংকট আৰু নৈতিক দ্বন্দ্বৰ গভীৰ অনুসন্ধান কৰে৷ কমলা বৰগোহাঁইৰ সাহিত্যিক কৃতিত্ব এইখিনিতেই যে তেওঁ গল্পক কাহিনী-কেন্দ্ৰিক ৰূপত সীমাবদ্ধ নৰাখি তাক এক চিন্তনমূলক আৰু দাৰ্শনিক স্তৰলৈ উন্নীত কৰিছে৷

কমলা বৰগোহাঁই মূলতঃ ৰামধেনু যুগৰ গল্পকাৰ৷ বৰগোহাঁয়ে গল্পকাৰ হিচাপে আত্মপ্ৰকাশৰ সময়ছোৱাত ৰাজনৈতিক অস্থিৰতা, সামাজিক বৈষম্য, মূল্যবোধৰ অৱক্ষয় আৰু ব্যক্তি-সমাজৰ সম্পৰ্কত গভীৰ সংকটে দেখা দিছিল৷ এই বাস্তৱতাই তেওঁৰ গল্পসমূহৰ মূল পটভূমি গঢ়ি তুলিছে৷ তেওঁৰ গল্পত দেখা পোৱা চৰিত্ৰসমূহ সাধাৰণ মানুহ৷ কিন্তু এই সাধাৰণ চৰিত্ৰসমূহৰ মাজেৰে তেওঁ অসাধাৰণ মানসিক সংঘাত, নিঃসংগতা আৰু অস্তিত্বমূলক প্ৰশ্ন উত্থাপন কৰিছে৷

তেওঁৰ গল্পৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হ’ল মনস্তাত্ত্বিক গভীৰতা৷ চৰিত্ৰসমূহৰ বাহ্যিক আচৰণতকৈও তেওঁ চৰিত্ৰৰ ভিতৰৰ ভাবনা, ভয়, দুঃখ, অপৰাধবোধ আৰু দ্বন্দ্বক অধিক গুৰুত্ব দিয়ে৷ ‘‘মই এটা সাপ’’ৰ ‘মই’জনৰ আত্মসংকট, ‘‘জন্ম’’ত অশান্ত সমাজৰ মাজতো মানৱীয় বোধৰ সন্ধান, ‘‘লক্ষণ ৰেখাৰ সিপাৰে’’ত আইন আৰু মানৱতাৰ সংঘাত, ‘‘তেজে ধোৱা সপোন’’ত শিশুমনৰ ওপৰত হিংসাৰ প্ৰভাৱ, ‘‘বিপন্ন সময়’’ত সামূহিক উদাসীনতাৰ ভয়াবহতা আৰু ‘‘হদয়ৰ ভাষা’’ত হৃদয়ৰ নিঃশব্দ সংযোগ –এই সকলোবোৰে কমলা বৰগোহাঁইৰ সাহিত্যিক দৃষ্টিৰ ব্যাপ্তি স্পষ্ট কৰে৷

কমলা বৰগোহাঁইৰ ‘মই এটা সাপ’ অসমীয়া সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ গল্প৷ গল্পটো আধুনিক অসমীয়া গল্পসাহিত্যৰ এক গুৰুত্বপূৰ্ণ মনস্তাত্ত্বিক আৰু সমাজ-সমালোচনামূলক সৃষ্টি৷ ওপৰুৱা দৃষ্টিৰে চালে ই এটা ব্যক্তিগত আত্মসংকটৰ কাহিনী যেন লাগিলেও প্ৰকৃততে ই আধুনিক মধ্যবিত্ত সমাজৰ ভণ্ডামি, নৈতিক দ্বিচাৰিতা, ক্ষমতাৰ অপব্যৱহাৰ আৰু ব্যক্তিৰ পৰিচয়-সংকটক তীক্ষ্ণভাৱে উন্মোচন কৰে৷ তাত্ত্বিক দৃষ্টিকোণৰ পৰা এই গল্পটো মনস্তাত্ত্বিক সমালোচনা, অস্তিত্ববাদী দৰ্শন আৰু সামাজিক বাস্তৱবাদৰ সৈতে গভীৰভাৱে সংযুক্ত৷

মনস্তাত্ত্বিক দৃষ্টিকোণেৰ চালে গল্পটোৰ ‘‘মই’’ৰ চেতন-অচেতন মনৰ সংঘাতৰ এক দীঘলীয়া স্বীকাৰোক্তি৷ শৈশৱৰ পৰা আৰম্ভ কৰি যৌৱনলৈকে এই ‘মই’জনক বিভিন্নজনৰ দ্বাৰা বিভিন্ন পশুৰ সৈতে তুলনা কৰা হৈছে– বান্দৰ, মেকুৰী, গৰু, গাধ, বাঘ, সিংহ আৰু শেষত সাপ৷ এইবোৰ সমাজে ‘মই’জনক আৰোপ কৰা একো একোটা লেবেল৷ ফ্ৰয়েডীয় মনস্তত্ত্বৰ দৃষ্টিত এইবোৰ ‘‘চুপাৰ ইগো’’ৰ সামাজিক নিয়ম আৰু মূল্যবোধে ‘‘ইগো’’ক দমন কৰাৰ ফল৷ গল্পটোত নায়কৰ নিজস্ব কোনো স্থিৰ আত্ম-পৰিচয় গঢ় লৈ উঠা নাই; সমাজে যি কয় বা কৈছে, সেয়াই ধীৰে ধীৰে তাৰ আত্মধাৰণালৈ ৰূপান্তৰিত হৈছে৷ শেষত যেতিয়া সমাজে একমুখে তাক ‘‘সাপ’’ বুলি ঘোষণা কৰিছে, তেতিয়া সেয়া আত্ম-স্বীকৃতি [self-identification] হৈ পৰিছে৷

অস্তিত্ববাদী দৃষ্টিকোণৰ পৰা গল্পটো ‘‘মই কোন?’’ আৰু ‘‘সমাজত মোৰ স্থান কি?’’ এই মৌলিক প্ৰশ্ন দুটাৰ ওপৰত গঢ় লৈ উঠিছে৷ ‘মই’জনে বাৰে বাৰে নিজৰ অস্তিত্বৰ অৰ্থ বিচাৰে– পঢ়া-শুনা কৰে, নৈতিকতাক আঁকোৱালি ধৰে, অনুগ্ৰহ ল’ব নিবিচাৰে, কিন্তু প্ৰতিটো ক্ষেত্ৰতে ব্যৰ্থ হয়৷ ছাত্ৰেৰ্ৰ অস্তিত্ববাদী ধাৰণাৰ মতে মানুহে প্ৰথমে অস্তিত্ব লাভ কৰে, তাৰ পাছতহে নিজে নিজৰ সাৰ [essence] গঢ়ে৷ কিন্তু এই ‘মই’জনৰ ক্ষেত্ৰত সমাজে তাৰ সাৰ নিৰ্ধাৰণ কৰি দিছে৷ সি নিজে নিজৰ জীৱনৰ অৰ্থ নিৰ্মাণ কৰিব পৰা নাই৷ সেয়েহে শেষত সি গাঁতত সোমাই পৰিছে –এইটো সমাজৰ পৰা আত্ম-বহিষ্কাৰ [self-exile] আৰু অস্তিত্বৰ পৰা পলায়নৰ প্ৰতীক৷

সামাজিক বাস্তৱবাদী দৃষ্টিত গল্পটো অসমীয়া মধ্যবিত্ত সমাজৰ এক তীক্ষ্ণ ব্যংগ৷ মোমায়েকহঁতে ভুৱা জাতিগত চাৰ্টিফিকেট যোগাৰ কৰিব বিচৰা, মদৰ মহলত দুৰ্নীতি, ব্লেক মাৰ্কেটিং, ক্ষমতাশালীৰ সৈতে ‘‘বন্দৱস্ত’’–এই সকলোবোৰে সমাজৰ নৈতিক অধঃপতনক সূচায়৷ ‘মই’জনে ইয়াৰ বিৰুদ্ধে থিয় দিব খোজে, কিন্তু সমাজে তাক ‘‘সাপ’’ বুলি চিহ্নিত কৰে৷ ইয়াতে স্পষ্ট হৈ উঠে যে সমাজে নৈতিক মানুহক বিপজ্জনক বুলি ভাবে, কাৰণ সি প্ৰচলিত ব্যৱস্থাটোক প্ৰশ্ন কৰে৷ সাপ ইয়াত প্ৰতীক– ভয়, অবিশ্বাস আৰু ধবংসৰ৷ অথচ প্ৰকৃত বিষ সমাজৰ ভিতৰতে নিৰ্হিত হৈ আছে৷

গল্পটোত নাৰী চৰিত্ৰ বাসবীৰ ঘটনাটো বিশেষভাৱে তাৎপৰ্যপূৰ্ণ৷ বাসবীৰ মুখেৰে উচ্ছাৰিত ‘‘তুমি এটা সাপ’’ বাক্যই ‘মই’জনৰ জীৱনৰ গতি সলাই দিয়ে৷ ইয়াত ‘মই’জনৰ নৈতিক সীমা আৰু সামাজিক সন্দেহৰ সংঘাত দেখা যায়৷ সি নিজকে নিৰ্দোষী¸ বুলি ভাবিলেও সমাজৰ দৃষ্টিত সি অতি বিপজ্জনক৷ এইখিনিতে গল্পকাৰে স্পষ্ট কৰি দিছে যে ‘‘উদ্দেশ্য’’ নহয়, ‘‘ধাৰণা’’হে সমাজত সত্য হৈ পৰে৷

প্ৰতীকবাদ এই গল্পটোৰ অন্যতম শক্তিশালী দিশ৷ সাপ, বাঁহী, গাঁত, ফোঁচ-ফোঁচ শব্দ –এই সকলোবোৰ মানসিক অৱক্ষয় আৰু সমাজ-বিচ্ছিন্নতাৰ প্ৰতীক৷ গল্পটোৰ শেষৰ ফালে ‘মই’টোৱে নিজকে সাপ বুলি স্বীকাৰ কৰি ‘‘ফোঁচ ফোঁচ’’ কৰা মুহূৰ্তটো মানুহৰ পৰা জন্তুলৈ ৰূপান্তৰৰ চূড়ান্ত ৰূপ৷ ই সামাজিক নিঃসংগতাৰ এক ভয়ংকৰ ছবি৷

মূলতঃ ‘‘মই এটা সাপ’’ গল্পটো গভীৰভাবে হতাশাবাদী কিন্তু তীক্ষ্ণ সত্যবোধসম্পন্ন গল্প৷ গল্পটোৰ মূল দৰ্শনটো হ’ল যেতিয়া সমাজে কোনো ব্যক্তিক বাৰে বাৰে অস্বীকাৰ কৰে, তেতিয়া সি নিজেই সেই অস্বীকৃত ৰূপটো গ্ৰহণ কৰিবলৈ বাধ্য হয়৷ এই গল্পটো কেৱল এজন মানুহৰ উত্থান-পতনৰ কাহিনী নহয়; ই এক নিষ্ঠুৰ সমাজ ব্যৱস্থাৰ সমালোচনা৷ এই দৃষ্টিৰে ‘‘মই এটা সাপ’’ আধুনিক অসমীয়া গল্প সাহিত্যত এক শক্তিশালী মনস্তাত্ত্বিক-অস্তিত্ববাদী দলিল হিচাপে বিবেচিত হৈছে৷

জন্ম’ এটা সংবেদনশীল আৰু বহুমাত্ৰিক গল্প৷ গল্পটোত একে সময়ত সংঘটিত দুটা বিপৰীত বাস্তৱতাক গল্পকাৰে পঢ়ুৱৈ সন্মুখত উন্মোচিত কৰিছে৷ এফালে নগৰখনত হিংসা, ভয় আৰু অনি(য়তাৰ পৰিৱেশ সৃষ্টি হৈছে; আনফালে মাতৃত্ব আৰু নতুন জীৱনৰ জন্মৰ আনন্দৰ বৰ্হিপ্ৰকাশ ঘটিছে৷ এই দ্বৈত বাস্তৱতাৰ সংঘাতে গল্পটোক এক শক্তিশালী সামাজিক-মানসিক দলিলত পৰিণত কৰিছে৷

গল্পটোৰ পটভূমিত থকা বিদেশী বহিষ্কাৰ আন্দোলন আৰু তাৰ ফলত জাৰি হোৱা সান্ধ্য আইন কেৱল ঐতিহাসিক প্ৰেক্ষাপট নহয়; ই সমগ্ৰ কাহিনীৰ মানসিক আৱহ সৃষ্টি কৰিছে৷ বাহ্যিকভাৱে সমাজখন অশান্ত, আতংকিত আৰু বিভক্ত৷ ৰাস্তা-ঘাট জনশূন্য, মানুহ সন্দেহপ্ৰবণ, সকলোতে মাথোন মৃত্যুৰ আশংকা৷ এই অস্থিৰ পৰিবেশে নায়কৰ মনত ভয়-ভীতি, উৎকণ্ঠা আৰু অসহায়তাৰ জন্ম দিছে৷ কিন্তু এই একে সময়তেই হস্পিতালৰ ভিতৰত নতুন জীৱনৰ আগমনৰ প্ৰস্তুতি প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ এই বৈপৰীত্যই গল্পটোৰ মূল বক্তব্যটো স্পষ্ট কৰি দিছে–মানুহে যিমানেই হিংসা আৰু ধবংসৰ পথ বাছি নলওক কিয়, জীৱনৰ ধাৰাবাহিকতা কেতিয়াও থমকি নৰয়৷

গল্পটোৰ বৰ্ণনাশৈলী অত্যন্ত সূক্ষ্ম আৰু মনস্তাত্ত্বিক৷ কাহিনীটো প্ৰধানকৈ নায়কৰ অন্তৰ্জগতৰ মাজেৰে আগবাঢ়িছে৷ অণিমাৰ প্ৰসৱ বেদনাৰ লগে লগে নায়কৰ মনতো এক গভীৰ মানসিক যন্ত্ৰণা আৰম্ভ হৈছে৷ বাহিৰৰ গণ্ডগোল, চুৰি-হত্যাৰ আশংকা, অচিনাকি মানুহৰ উপস্থিতি –এই সকলোবোৰে নায়কক মুহূৰ্তে মুহূৰ্তে সন্দেহপ্ৰবণ কৰি তুলিছে৷ কিন্তু একে সময়তে তেওঁ উপলব্ধি কৰিছে যে এই অচিনাকি মানুহবোৰো তাৰ দৰেই উদ্বিগ্ন পিতৃ৷ এই উপলব্ধিয়েই নায়কৰ মানসিক ৰূপান্তৰৰ সূচনা কৰে৷

গল্পটোত উল্লিখিত হস্পিতালৰ বাৰাণ্ডাখন অত্যন্ত তাৎপৰ্যপূৰ্ণ স্থান৷ এই স্থানটো সমাজৰ বাহিৰ আৰু ভিতৰৰ মাজৰ এক সীমান্ত৷ বাহিৰত হিংসা, বিভাজন আৰু আতংক; ভিতৰত বেদনা, আশাবাদ আৰু জন্ম৷ এই বাৰাণ্ডাত বহি থকা তিনিজন পুৰুষ বৰ্ণ, ভাষা বা সামাজিক পৰিচয়ৰ দৃষ্টিত ভিন্ন হ’লেও একেটা অনুভৱেৰে একত্ৰিত হৈছে৷ সন্তানৰ জন্মৰ প্ৰত্যাশাই তেওঁলোকক একে স্তৰত বান্ধি ৰাখিছে৷ ইয়াতেই গল্পটোৰ শক্তিশালী মানৱতাবাদী দৃষ্টিভংগী প্ৰকাশ পাইছে৷ সংকটৰ মুহূৰ্তত মানুহৰ মাজৰ কৃত্ৰিম বিভাজন অৰ্থহীন হৈ পৰে৷

সময়ক কেন্দ্ৰ কৰি গল্পকাৰে বিশেষ দাৰ্শনিক দৃষ্টিভংগী প্ৰদৰ্শন কৰিছে৷ কেঁচুৱাৰ জন্মৰ সময়ছোৱাৰ কথাটো নায়কৰ মনলৈ আহিলেও শেষত তেওঁ উপলব্ধি কৰিছে যে সময় দেখোন নিজেই এক আপেক্ষিক ধাৰণা৷ বাহিৰত সময়ে ইতিহাস ৰচিছে– আন্দোলন, সান্ধ্য আইন, হিংসা; ভিতৰত সময়ে সৃষ্টি কৰিছে নতুন জীৱনৰ৷ এই দুই ধৰণৰ সময় একেলগে চলি থাকিলেও মানৱীয় দৃষ্টিত জন্মেই অধিক প্ৰাধান্য পাইছে৷

গল্পটোৰ শেষ অংশটো বিশেষভাৱে মৰ্মস্পৰ্শী৷ তিনিটা সদ্যজাত কেঁচুৱাৰ ভিতৰত কোনটো নিজৰ সন্তান চিনাক্ত কৰিব নোৱাৰাৰ অভিজ্ঞতাই নায়কক এক গভীৰ বোধ প্ৰদান কৰিছে৷ এই মুহূৰ্তত ব্যক্তিগত অধিকাৰ আৰু ব্যক্তিগত অহংকাৰ লুপ্ত হৈ যায়৷ যিকোনো কেঁচুৱাই নিজৰ সন্তান হ’ব পাৰে –এই অনুভৱে নায়কৰ মনত এক বিশ্বজনীন পিতৃত্ববোধ জাগ্ৰত কৰিছে৷ ঘোষ আৰু আগৰৱালাৰ দৰে অচিনাকি মানুহে নিজৰ সন্তানৰ দুখৰ লগতে আন কেঁচুৱাৰ দুখো অনুভৱ কৰাটোৱে এই বোধক অধিক গভীৰ কৰি তোলে৷

মূলতঃ ‘‘জন্ম’’ গল্পটো কেৱল এগৰাকী প্ৰসূতিৰ কাহিনী নহয়৷ ই অস্থিৰ সমাজত মানৱীয় মূল্যবোধৰ সন্ধান৷ হিংসা, বিভাজন আৰু আতংকগ্ৰস্ততাৰ মাজতো সহানুভূতি, সহমৰ্মিতা আৰু জীৱনৰ প্ৰতি দায়িত্ববোধ যে শেষ নহয়, সেই কথাই গল্পটোৱে প্ৰতিপন্ন কৰিছে৷ নতুন জীৱনৰ কান্দোনে বাহিৰৰ গুলীৰ শব্দকো অতিক্ৰম কৰিছে৷ এই দৃষ্টিৰে ‘‘জন্ম’’ গল্পটো এটা মানৱতাবাদী আৰু দাৰ্শনিক সৃষ্টি৷

‘‘লক্ষণ ৰেখাৰ সিপাৰে’’ গল্পটো গভীৰ মানৱীয়, সামাজিক আৰু নৈতিক সংকটক কেন্দ্ৰ কৰি গঢ় লৈ উঠা সংবেদনশীল সৃষ্টি৷ এই গল্পটো মূলতঃ ব্যক্তিগত দুখ-বেদনাৰ মাজেদি সমাজ, ৰাষ্ট্ৰীয় ক্ষমতা, আইন-ব্যৱস্থা আৰু মানৱীয়তাৰ মাজৰ অদৃশ্য সীমাৰেখাডালক উন্মোচন কৰিছে৷ শীৰ্ষকটোৱেই গল্পটোৰ কেন্দ্ৰীয় ভাব স্পষ্ট কৰে যে আইনৰ, ক্ষমতাৰ আৰু সামাজিক ধাৰণাৰ এডাল ‘‘লক্ষণ ৰেখা’’ আছে; যিডাল পাৰ হ’লেই মানুহ ‘‘আপোন’’ৰ পৰা ‘‘পৰ’’ হ’বলৈ বেছি পৰ নালাগে৷

গল্পটোৰ কেন্দ্ৰত আছে ইলা নামৰ এগৰাকী সাধাৰণ, গৰ্ভৱতী, যন্ত্ৰণাগ্ৰস্ত নাৰী, যাৰ স্বামী প্ৰশান্ত এজন পুলিচ বিষয়া৷ প্ৰশান্ত গুলীবিদ্ধ হৈ অচেতন অৱস্থাত মেডিকেল কলেজত ভত্তিৰ্ হোৱাটো কাহিনীৰ বাহ্যিক কাণ্ড যদিও, মূল সংঘাতটো গঢ় লৈ উঠিছে ইলাৰ মানসিক জগতত৷ স্বামীৰ জীৱন-মৃত্যুৰ সংকট, গৰ্ভস্থ সন্তানৰ দায়িত্ব, সমাজৰ অস্থিৰ পৰিস্থিতি –এই সকলোবোৰে ইলাক এক চূড়ান্ত মানসিক পৰীক্ষাৰ সন্মুখীন কৰাইছে৷

গল্পটোত মেডিকেল কলেজৰ চাৰ্জিকেল ৱাৰ্ড এক প্ৰতীকী স্থান৷ এই ৱাৰ্ডটো জীৱন আৰু মৃত্যুৰ সীমান্ত, আশাৰ আৰু অনি(য়তাৰ মাজৰ এলেকা৷ ইয়াতে একে ঠাইতে আছে ‘‘আইনৰ পক্ষ’’ৰ প্ৰশান্ত আৰু ‘‘আইনৰ সিপাৰৰ’’ গুলীবিদ্ধ ডেকাজন৷ বাহ্যিকভাৱে দুয়ো আহত, দুয়ো অচেতন, দুয়ো মানুহ৷ কিন্তু সমাজ আৰু ৰাষ্ট্ৰীয় দৃষ্টিত তেওঁলোক সম্পূৰ্ণ ভিন্ন৷ এজন ৰক্ষক, আনজন ‘‘অপৰাধী’’৷ এই বৈষম্যই গল্পটোৰ কেন্দ্ৰীয় দিশ৷

ইলাৰ চৰিত্ৰটোৱে গল্পটোক বিশেষ মৰ্মস্পৰ্শী কৰি তুলিছে৷ তেওঁ কেৱল এজন পুলিচ বিষয়াৰ পত্নী নহয়; তেওঁ এগৰাকী কন্যা, ভগ্নী, পত্নী আৰু মাতৃত্বৰ মুখামুখি হোৱা নাৰী৷ শৈশৱতেই পিতৃ-মাতৃ হেৰুৱাই জীৱনৰ কষ্ট বুজি পোৱা ইলাই জীৱনক প্ৰত্যাহ৩ান হিচাপে গ্ৰহণ কৰিছে৷ প্ৰশান্তৰ সৈতে তেওঁৰ সম্পৰ্ক সমবেদনা, সহযাত্ৰা আৰু পাৰস্পৰিক সাহসেৰে গঢ় লৈ উঠা৷ সেয়ে প্ৰশান্তৰ আঘাত ইলাৰ বাবে কেৱল শাৰীৰিক সংকট নহয়; ই তেওঁৰ সমগ্ৰ অস্তিত্বক কঁপাই তোলা মানসিক সংকট৷

গল্পটোৰ এটা গুৰুত্বপূৰ্ণ দিশ হ’ল ‘‘আইন’’ আৰু ‘‘মানৱতা’’ৰ দ্বন্দ্ব৷ বিজয় নামৰ পুলিচ চিপাহীজেন কোৱা কথাষাৰ বিশেষভাৱে তাৎপৰ্যপূৰ্ণ–‘‘সেইটো ৱাৰ্ডলৈ নাযাব৷ ছাৰৰ লগত হোৱা গুলীয়াগুলীত সেই ডেকাজনেও গুলী খাইছে, তাক গ্ৰেপ্তাৰ কৰা হৈছে৷ আপুনি তালৈ গ’লে কোনোবাই সন্দেহ কৰিব৷”

কি সন্দেহ?” তাই আচৰিত হৈ সুধিলে৷

মানে– মানে সেই ডেকাজন আনটো পক্ষৰ৷ সেইবাবেই কৈছেঁা৷”

বিজয়ে কোৱা কথাষাৰে এই দ্বন্দ্ব স্পষ্ট কৰে– আনটো ৱাৰ্ডৰ গুলীবিদ্ধ ডেকাজন ‘‘আনটো পক্ষৰ’’, সেয়ে ইলাই তালৈ গ’লে সন্দেহ হ’ব পাৰে৷ এইখিনিতে গল্পকাৰৰ প্ৰশ্ন–মাথো পক্ষ সলনি কৰাৰ বাবেই আঘাতপ্ৰাপ্ত মানুহ এজন মানুহ নোহোৱা হৈ যায় নেকি? এই প্ৰশ্নটো গল্পটোৰ কেন্দ্ৰীয় দিশ৷

গল্পটোত উল্লিখিত বুঢ়ীগৰাকী আনটো ৱাৰ্ডত থকা গুলীবিদ্ধ ডেকাজনৰ মাক৷ এই বুঢ়ীগৰাকী গল্পটোৰ আটাইতকৈ শক্তিশালী মানৱীয় চৰিত্ৰ৷ তেওঁৰ কান্দোন, অসহায় অৱস্থা আৰু কথাবোৰে ‘‘শত্ৰু’’ বুলি চিহ্নিত কৰা পক্ষটোকো মানুহ হিচাপে সমব্যথ¹ কৰি তুলিছে৷ ইলা আৰু এই বুঢ়ীগৰাকীৰ মুখামুখি হোৱা দৃশ্যই গল্পটোৰ শীৰ্ষকটোৰ তাৎপৰ্য বহন কৰে৷ ইলাই অনুভৱ কৰে– মাকৰ দুখৰ কোনো পক্ষ নাথাকে৷ এই মুহূৰ্ততেই ইলাই মানৱীয়তাৰ দিশে অৰ্থাৎ ‘‘লক্ষণ ৰেখাৰ সিপাৰে’’ আগবাঢ়ি যায়৷

গল্পটোৰ অন্তিম অংশটো বিশেষভাৱে¸ তাৎপৰ্যপূৰ্ণ৷ ইলাই গৰম পানীৰ কথা কৈ বুঢ়ীগৰাকীক সহায় কৰিবলৈ আগবাঢ়ি যায়৷ এইটো কেৱল সহানুভূতি নহয়; ই এক নৈতিক সিদ্ধান্ত৷ আইনীভাৱে তেওঁ হয়তো সাৱধান থাকিব লাগিছিল, কিন্তু মানৱীয়তাৰ দৃষ্টিৰে তেওঁ মাতৃ এগৰাকীৰ কষ্ট অস্বীকাৰ কৰিব নোৱাৰিলে৷ এই ক্ষুদ্ৰ কিন্তু তাৎপৰ্যপূৰ্ণ দিশটো হ’ল–মানৱতা আইনতকৈও ঊদ্ধৰ্ত৷

শৈলীগত দিশৰ পৰা গল্পটো সংযত, বাস্তৱবাদী আৰু সংলাপমুখী৷ কোনো অতিনাটকীয়তা নাই, কিন্তু অন্তৰ্দহন গভীৰ৷ স্মৃতিচৰণ, বৰ্তমান আৰু আশংকাৰ সংমিশ্ৰণে কাহিনীৰ গতি স্বাভাৱিক কৰি ৰাখিছে৷

সামগ্ৰিকভাৱে, ‘‘লক্ষণ ৰেখাৰ সিপাৰে’’ কেৱল এটা ৰাজনৈতিক বা সামাজিক গল্প নহয়; ই এক মানৱীয়তাৰ কাহিনী৷ এই গল্পটোৰ ঘটনাক্ৰমে দেখুৱাই দিয়ে যে সমাজে টানি দিয়া সীমাৰেখাডাল কাগজত স্পষ্ট হ’লেও হৃদয়ত ধৰি ৰখা সিমান সহজ নহয়৷ যেতিয়া দুখ একে হয়, যেতিয়া কান্দোন একে হয়, তেতিয়া ‘‘আপোন-পৰ’’, ‘‘আইনৰ পক্ষ-অপৰাধীৰ পক্ষ’’ এই সকলোবোৰ বিভাজন অৰ্থহীন হৈ পৰে৷ এইফালৰ পৰা ‘‘লক্ষণ ৰেখাৰ সিপাৰে’’ এক শক্তিশালী নৈতিক আৰু মানৱীয় দৃষ্টিভংগীৰ গল্প৷

‘‘তেজে ধোৱা সপোন’’ গল্পটো শিশুমনৰ অভিজ্ঞতাৰ জৰিয়তে হিংসা, কৌতূহল আৰু বাস্তৱৰ নিষ্ঠুৰ সংঘাতক গভীৰ মানসিক স্তৰত উদঘাটন কৰা এটা শক্তিশালী আধুনিক গল্প৷ এই গল্পটোত গল্পকাৰে কাহিনীতকৈও অধিক গুৰুত্ব দিছে এজন কিশোৰৰ মানসিক গঠন, তাৰ সপোন-বাস্তৱৰ বিভ্ৰান্তি আৰু আকস্মিক আঘাতৰ ফলত হোৱা মানসিক পৰিবৰ্তনক৷

গল্পটোৰ আৰম্ভণিত সঞ্জীৱৰ সপোন আৰু চিনেমাৰ প্ৰতি আকৰ্ষণে এটা বিশেষ ভূমিকা লৈছে৷ গুলী, সংঘৰ্ষ, নায়কৰ দুঃসাহসিক দৃশ্য –এইবোৰ সঞ্জীৱৰ বাবে কেৱল উত্তেজনাপূৰ্ণ বিনোদন মাথোন৷ সপোনত দেখা গুলীয়াগুলী, চিনেমাৰ দৃশ্যবোৰে তাৰ কিশোৰ মনত হিংসাক এক ৰোমাঞ্চকৰ অভিজ্ঞতা হিচাপে প্ৰতিষ্ঠা কৰিছে৷ এইখিনিতে গল্পকাৰে স্পষ্ট কৰি দেখুৱাইছে যে আধুনিক সমাজত শিশু-কিশোৰে গণমাধ্যম আৰু চিনেমাৰ জৰিয়তে হিংসাক কেনেদৰে স্বাভাৱিক আৰু আকৰ্ষণীয় ৰূপত গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে৷

ৰঞ্জিতৰ চৰিত্ৰটোৱে সঞ্জীৱৰ কৌতূহলক আৰু অধিক উচতাই দিয়ে৷ ৰঞ্জিত পঢ়া-শুনাত সঞ্জীৱতকৈ পিছপৰা হ’লেও তাক বাস্তৱ অভিজ্ঞতাই অভিজ্ঞ কৰি তোলে৷ ক্লাৱ, চিনেমা, মদ, চাহেব-মেম –এইবোৰ ৰঞ্জিতৰ দৃষ্টিত সঞ্জীৱৰ বাবে একপ্ৰকাৰৰ নিষিদ্ধ আৰু ৰহস্যময় জগত৷ সঞ্জীৱৰ ভিতৰত জন্ম লোৱা এই আগ্ৰহে সমাজৰ এক বৃহৎ সমস্যাৰ প্ৰতিফলন ঘটাইছে, য’ত শিশু মন সঠিক দিক্‌নিৰ্দেশনা নাপাই কৌতূহলৰ বশৱৰ্তী হৈ বিপথে পৰিচালিত হয়৷

গল্পটোৰ কেন্দ্ৰীয় সংঘাতটো আহে যেতিয়া সঞ্জীৱে বাস্তৱত ক্লাৱত হোৱা গুলীয়াগুলীৰ সাক্ষী হয়৷ এই দৃশ্যটো গল্পকাৰে অতি শক্তিশালী আৰু সংযত ভাষাৰে বৰ্ণনা কৰিছে৷ প্ৰথমতে সঞ্জীৱে ঘটনাটো নাটক বা চিনেমাৰ দৰে অনুভৱ কৰিছিল৷ এই অংশটো অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ ইয়াত সপোন আৰু বাস্তৱৰ সীমাৰেখা সম্পূৰ্ণৰূপে নোহোৱা হৈ যায়৷ শিশুমনৰ বাবে চিনেমাৰ হিংসা আৰু বাস্তৱৰ হিংসাৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰাটো সহজ নহয়– এই মনস্তাত্ত্বিক সত্যটোৱেই গল্পটোত উন্মোচিত হয়৷

কিন্তু যেতিয়া সঞ্জীৱ উপলব্ধি কৰে যে পৰি থকা ল’ৰাবোৰ সঁচাকৈয়ে মৰি গৈছে, তেতিয়াই তাৰ মনত এক গভীৰ মানসিক অভিঘাত ঘটিছে৷ তাৰ শৰীৰ কঁপিবলৈ ধৰিছে, চেতনা লোপ পাইছে, পৃথিৱীখন ঘূৰি থকা যেন লাগিবলৈ লৈছে৷ এই শাৰীৰিক প্ৰতিক্ৰিয়াবোৰ আচলতে তাৰ মানসিক যন্ত্ৰণাৰ বাহ্যিক প্ৰকাশ৷ ইয়াত গল্পকাৰে দেখুৱাইছে যে বাস্তৱৰ হিংসা কোনোকাৰণতেই বিনোদন হ’ব নোৱাৰে; ই শিশুমনত স্থায়ী আতংক, ভয় আৰু অসুৰক্ষাৰ অনুভূতি জন্ম দিয়ে৷

পেহীয়েকৰ চৰিত্ৰটো গল্পটোৰ এক মানৱীয় আশ্ৰয়ৰ প্ৰতীক৷ গুলীয়াগুলীৰ পাছত সঞ্জীৱৰ চিঞৰ, পেহীয়েকৰ বুকুত লুকাই কান্দি উঠা দৃশ্যই গল্পটোক এক আবেগঘন সমাপ্তি দিয়ে৷ ‘‘মই আৰু কেতিয়াও এনেকুৱা চিনেমা চাওঁ বুলি নকওঁ’’–এই বাক্যটো সঞ্জীৱৰ মানসিক ৰূপান্তৰৰ ঘোষণা৷ সপোনৰ জগতত যাক সি ৰোমাঞ্চ বুলি ভাবিছিল, বাস্তৱত তাক সি তেজে ধোৱা দুঃস্ব›Ÿ হিচাপে অনুভৱ কৰে৷

গল্পটোৰ শিৰোনাম ‘‘তেজে ধোৱা সপোন’’ সম্পূৰ্ণৰূপে সাৰ্থক বুলিব পাৰি৷ সপোনে যি উত্তেজনা, ৰোমাঞ্চ আৰু কৌতূহলৰ জন্ম দিছিল, বাস্তৱত সি তেজ, মৃত্যু আৰু আতংকৰ মাজত ভাঙি চুৰমাৰ হৈ গৈছে৷ এই শিৰোনামৰ মাজতেই গল্পটোৰ মূল বক্তব্য নিহিত হৈ আছে– হিংসাক সপোন বা বিনোদন হিচাপে লোৱাৰ ফল অত্যন্ত ভয়ংকৰ হ’ব পাৰে৷

‘‘তেজে ধোৱা সপোন’’ শিশু মনৰ মনস্তত্ত্ব, গণমাধ্যমৰ প্ৰভাৱ আৰু হিংসাৰ সামাজিক বাস্তৱতাৰ এক গভীৰ সমালোচনামূলক গল্প৷ গল্পকাৰ মতে সপোনৰ জগত আৰু বাস্তৱৰ মাজৰ সীমাৰেখা যেতিয়া শিশু মনত ধূসৰ হৈ যায়, তেতিয়াই মানসিক আঘাত অনিবাৰ্য হয়৷ এই গল্পটোৱেই পাঠকক ভাবিবলৈ বাধ্য কৰে যে আমি শিশুসকলক যি দেখুৱাইছোঁ, যি শিকাব খুজিছোঁ তাৰ ভিত্তিতেই শিশুৰ মানসিক জগতখন গঢ় লৈ উঠে৷

‘‘বিপন্ন সময়’’ গল্পটো আধুনিক সমাজত ক্ৰমাৎ ঘনীভূত হোৱা অসুৰক্ষা, নৈতিক অৱক্ষয় আৰু সামূহিক উদাসীনতাৰ প্ৰতিনিধি৷ এই গল্পটোত গল্পকাৰে কোনো এটা বৃহৎ ঘটনাক কেন্দ্ৰ কৰি কাহিনী আগবঢ়োৱা নাই; বৰঞ্চ দৈনন্দিন জীৱনত ঘটি থকা বহু সৰn-বৰ ঘটনাৰ সমষ্টিৰ জৰিয়তে ‘‘বিপন্ন সময়’’ৰ এখন সামগ্ৰিক ছবি আঁকিছে৷ ক্ষুদ্ৰ ক্ষুদ্ৰ ঘটনা সমষ্টিয়ে মিলি সমাজখনৰ ভিতৰছোৱা ভাঙোনমুখী, ভীতিগ্ৰস্ত মানসিকতা আৰু মানৱীয় মূল্যবোধৰ সংকট যে কঢ়িয়াই আনে সেয়া গল্পকাৰে সূক্ষ্মভাৱে উপস্থাপন কৰিছে৷

গল্পটোৰ আৰম্ভণিৰ পৰাই গল্পকাৰে এটা গুৰুত্বপূৰ্ণ মানসিক অৱস্থা স্পষ্ট কৰি দিছে৷ সেয়া হৈছে অভ্যস্ত সামূহিক উদাসীনতা৷ চোৰ, ডকাইতি, লুণ্ঠন, অপহৰণ আদিৰ খবৰবোৰ আৰম্ভণিতে কথক চৰিত্ৰই ‘‘তুচ্ছ’’ বুলি ভাবি গুৰুত্ব নিদিয়ে৷ এই মনোভাৱটো এখন সমাজৰ সামগ্ৰিক মানসিক অৱস্থাৰ প্ৰতিনিধি৷ ঘটনা এটাৰ পাছত আনটো ঘটে, কিন্তু মানুহে সিহঁতক পৃথক পৃথক ঘটনা হিচাপে লৈ সামূহিক সংকটটো বুজিবলৈ ব্যৰ্থ হয়৷ এই উদাসীনতাই ক্ৰমাৎ বিপদক ঘৰৰ পৰা চুবুৰীলৈ আৰু শেষত নিজৰ সন্তানলৈকে কঢ়িয়াই আনে৷

গল্পটোত অপৰাধৰ ধৰণসমূহ ক্ৰমাৎ ভয়াবহ হৈ উঠা দেখা যায়– প্ৰথমে লুটপাত, তাৰ পাছত ডকাইতি, তাৰ পাছত নাৰী নিৰ্যাতন আৰু ক্ৰমায়ে শিশু-কিশোৰীসকলৰ ওপৰতো ইয়াৰ প্ৰভাৱ বিস্তাৰ হোৱা আশংকা ঘনিভূত হয়৷ এই ক্ৰমবিকাশে সমাজখনৰ নৈতিক উত্থান-পতনৰ গ্ৰাফডাল স্পষ্ট কৰি দিয়ে৷ বিশেষকৈ গাভৰুসকলৰ ওপৰত হোৱা নিৰ্যাতনৰ ঘটনাবোৰে গল্পটোক গভীৰ সামাজিক ব্যথাৰে ভৰাই তুলিছে৷ এই ঘটনাবোৰ কেবল মাত্ৰ বাতৰি নহয়; ই প্ৰতিটো পৰিয়ালৰ বাবে কঢ়িয়াই অনা সম্ভাৱ্য আশংকা৷

গল্পটোৰ অন্যতম শক্তিশালী দিশ হৈছে পিতৃ-চৰিত্ৰৰ মানসিক পৰিৱৰ্তন৷ আৰম্ভণিতে তেওঁ আনৰ সমস্যাক লৈ নিৰ্লিপ্ত আছিল৷ কিন্তু যেতিয়া অপৰাধত ‘‘ভাল ঘৰৰ ল’ৰা’’, ‘‘কলেজত পঢ়া যুৱক’’ জড়িত বুলি শুনে, তেতিয়া তেওঁৰ নিজৰ ল’ৰাটোলৈ মনত পৰে৷ ইয়াত গল্পকাৰে দেখুৱাইছে যে সমাজৰ সংকটক মানুহে তেতিয়াহে গুৰুত্ব দিয়ে যেতিয়া সেই সংকটে ব্যক্তিগত পৰিসৰত প্ৰৱেশ কৰে৷ এই আত্মকেন্দ্ৰিক সচেতনতা আধুনিক মধ্যবিত্ত সমাজৰ এক নিৰ্মম বাস্তৱ৷

গল্পটোৰ শ্ৰেষ্ঠ আৰু আটাইতকৈ মৰ্মস্পৰ্শী অংশটো হৈছে শিশুকন্যাই ‘‘ভাল বাতৰি কাকত’’ বিচৰাৰ মুহূৰ্তটো৷ শিশুটিয়ে ‘‘চাফা-লেতেৰা’’ৰ কথা কোৱা নাইকৈছে ‘‘বেয়া ছবি নথকা’’ বাতৰি-কাকতৰ কথা৷ এই সংলাপটোৱেই গল্পটোৰ নৈতিক কেন্দ্ৰবিন্দু৷ ইয়াত গল্পকাৰে দেখুৱাইছে যে সমাজৰ হিংস্ৰতা, মৃত্যু আৰু নিৰ্যাতনৰ ছবিয়ে শিশু মনকো অশান্ত কৰি তুলিছে৷ বাতৰি কাকতত প্ৰকাশিত মৃতদেহৰ ছবি, গুলীচালনা, হত্যা –এইবোৰ কেবল বাতৰি নহয়; ই ভৱিষ্যৎ প্ৰজন্মৰ মানসিক জগতত ভীতি, বিভ্ৰান্তি আৰু নিৰাপত্তাহীনতাৰ বীজো ৰোপণ কৰিছে৷

শিশুটোৰ নিৰ্দোষ প্ৰশ্নৰ সন্মুখত কথক চৰিত্ৰৰ নিৰুত্তৰতা গল্পটোৰ সৰ্বাধিক শক্তিশালী সমাপ্তি৷ ইয়াত কোনো উপদেশ নাই, কোনো শ্লোগান নাই –মাত্ৰ এটা ‘‘অস্ফুট আৰ্তনাদ’’৷ এই আৰ্তনাদ কেৱল এজন পিতৃৰ নহয়; ই এখন সমাজৰ আৰ্তনাদ হৈ ধৰা দিছে৷

ভাষাশৈলীৰ দিশৰ পৰা গল্পটো সহজ, কথোপকথনভিত্তিক আৰু বাতৰি-লিখন শৈলীৰ সৈতে মিল থকা৷ এই শৈলীয়ে কাহিনীটোক অধিক বাস্তৱ আৰু বিশ্বাসযোগ্য কৰি তুলিছে৷ নাটকীয়তা নোহোৱাকৈ, সাধাৰণ কথাৰে সমাজৰ গভীৰ সংকট দেখুৱাব পৰাটো গল্পকাৰৰ অন্যতম কৃতিত্ব৷

‘‘বিপন্ন সময়’’ এই সময় এই সমাজৰ গল্প৷ গল্পটো আমাৰ অসাৱধানতা, নৈতিক দায়িত্বহীনতা আৰু ভবিষ্যৎ প্ৰজন্মৰ প্ৰতি আমাৰ ব্যৰ্থতাৰ এক তীব্ৰ সমালোচনা৷ সমাজখন কেতিয়া সঁচাকৈ ‘‘বিপন্ন’’ হয়– যেতিয়া শিশুৱে ‘‘ভাল বাতৰি কাকত’’ বিচাৰিব লগা পৰিৱেশৰ সৃষ্টি হয় –এই গভীৰ সত্যটোৱেই গল্পটোৰ মূল বক্তব্য৷

‘‘হদয়ৰ ভাষা’’ গল্পটো নগৰীয়া জীৱন আৰু গাঁৱৰ পৰম্পৰাগত জীৱনৰ মাজৰ সূক্ষ্ম সংঘাতক অতি সংবেদনশীলভাৱে প্ৰকাশ কৰা এক উৎকৃষ্ট সাহিত্যকৃতি৷ এই গল্পটোত মূলতঃ প্ৰজন্মগত ব্যৱধান, সংস্কৃতি-বোধৰ ব্যৱধান আৰু মানুহে মানুহৰ লগত আত্মিক সংযোগ স্থাপনৰ অন্তৰ্নিহিত শক্তিৰ কাহিনী৷

গল্পটোৰ আৰম্ভণিতে কথক চৰিত্ৰই নিজৰ বাবাৰ প্ৰতি থকা দায়িত্ববোধ আৰু সংকোচৰ দ্বন্দ্ব স্পষ্টভাৱে প্ৰকাশ কৰিছে৷ উদ্যোগ নগৰীৰ যান্ত্ৰিক, নিয়মানুৱৰ্তী জীৱন ধাৰাৰ মাজত গাঁৱৰ সহজ-সৰল জীৱনত অভ্যস্ত দেউতাকক সুখী কৰিব নোৱাৰিব বুলি তেওঁ আশংকাত ভূগিছে৷ এই ভাবনাই নগৰীয়া মধ্যবিত্ত শিক্ষিত মানুহৰ সাধাৰণ মানসিকতা প্ৰতিফলিত কৰিছে– য’ত বাহ্যিক স্বাচ্ছন্দ্য থাকিলেও মানৱীয়তাৰ অভাৱ ঘটিছে৷ কোম্পানীৰ কোৱাৰ্টাৰ, বিদ্যুৎ-পানীৰ সুবিধা থাকিলেও ‘‘কিবা এটা নথকাৰ’’ অনুভৱে এই জীৱনক শূন্য কৰি তোলে৷

গাঁৱৰ ঘৰ, বাৰী, গছ-গছনি, বাঁহ, মৰিশালি আদিৰ বৰ্ণনাৰ জৰিয়তে গল্পকাৰে দেউতাকৰ জীৱনৰ সৈতে মাটিৰ, স্মৃতিৰ আৰু বংশানুক্ৰমৰ গভীৰ সম্পৰ্ক দেখুৱাইছে৷ দেউতাকজনে প্ৰতিজোপা গছৰ ইতিহাস মনত ৰাখে– কোনজোপা গছ কোন সময়ত ৰোৱা হয়, কোনজোপা কাৰ জন্মৰ লগত জড়িত– ই দেউতাকৰ জীৱনৰ সময়বোধ আৰু মানৱীয় অনুভৱৰ প্ৰতীক৷ ইয়াৰ বিপৰীতে নগৰীয়া জীৱনত সময় মানে কেৱল ঘড়ীৰ কাটাৰ সৈতে দৌৰ৷ এই দ্বৈততাৰ মাজতে গল্পটোৰ মূল সংঘাত নিহিত হৈ আছে৷

দেউতাকে ‘‘মোক শেষত ইয়াতেই থবিহি’’ বুলি কোৱা কথাষাৰে গল্পটোক এক গভীৰ অস্তিত্বমূলক স্তৰত লৈ যায়৷ মৃত্যু সম্পৰ্কীয় এই সহজ স্বীকাৰোক্তিয়ে দেউতাকৰ জীৱনৰ প্ৰাকৃতিস্থ আৰু আত্মস্থতাক প্ৰকাশ কৰে, যি নগৰীয়া মানুহৰ মৃত্যুভীতি, কৃত্ৰিমতা আৰু অস্বীকাৰৰ সৈতে সম্পূৰ্ণ বিপৰীত৷ এই মুহূৰ্তত কথক চৰিত্ৰৰ মন গধুৰ হৈ উঠে– ই তেওঁৰ ভিতৰৰ অপৰাধবোধ আৰু আত্মসমালোচনামূলক সূচনা৷

নগৰত দেউতাকৰ উপস্থিতিয়ে গল্পটোত নতুন দিশ উন্মোচন কৰিছে৷ কলনিৰ সামাজিক নিয়ম, অঘোষিত সীমা, ভোগবাদী মানসিকতা আৰু গোপন অৰ্থনৈতিক স্বাৰ্থবোৰ দেউতাকৰ সহজ প্ৰশ্নৰ মুখামুখি হৈ অস্বস্তিকৰ হৈ উঠে৷ দেউতাৰ জাত-পাত, বংশ, গাড়ী কেনা-বেচা আদিৰ প্ৰশ্ন নগৰীয়া সমাজৰ বাবে ‘‘অনুচিত’’ যদিও গাঁৱৰ সমাজত ই স্বাভাৱিক৷ এইখিনিতে গল্পকাৰে আধুনিকতাৰ ভণ্ডামি আৰু গাঁৱৰ সৰলতাক মুখামুখি কৰি এক সূক্ষ্ম সামাজিক সমালোচনা আগবঢ়াইছে৷

দেউতাৰ বাবে সকলোতকৈ ডাঙৰ সংকটটো হৈছে– কাৰ লগত কি কথা পাতিব? নগৰীয়া জীৱনত ‘‘কি নাপাতিব লাগে’’ তাৰ তালিকা দীঘল, কিন্তু ‘‘কি পাতিব লাগে’’ তাৰ কোনো স্পষ্ট নিৰ্দেশনা নাই৷ এই সংগতিহীনতাই দেউতাকক এক মানসিক একাকীত্বৰ মুখামুখি কৰিছে, যিটো কথক চৰিত্ৰই গভীৰভাৱে উপলব্ধি কৰে৷

গল্পটোৰ শ্ৰেষ্ঠতা আৰু দৰ্শনমূলক গভীৰতা প্ৰকাশ পাইছে শেষৰফালে৷ ভাষা নাজানা চুববা ৰাওৰ ল’ৰাটোৰ সৈতে দেউতাকৰ হাঁহি-মুখৰ সংলাপহীন সংযোগে গল্পটোৰ কেন্দ্ৰীয় বক্তব্য প্ৰদান কৰে৷ ইয়াৰ জড়িয়তে গল্পকাৰে প্ৰমাণ কৰি দিছে যে মানুহে মানুহে সংযোগ স্থাপন কৰিবলৈ শব্দ বা ভাষাৰ প্ৰয়োজন নহয়; আন্তৰিকতা, মৰম আৰু হৃদয়ৰ অনুভৱেই যথেষ্ট৷ ‘‘ককা-নাতি’’ৰ সম্পৰ্কৰ এই নীৰৱ সম্পৰ্কই সকলো সামাজিক, ভাষাগত আৰু সাংস্কৃতিক সীমা অতিক্ৰম কৰিছে৷

‘‘হদয়ৰ ভাষা’’ মূলতঃ মানুহৰ অন্তৰ্নিহিত মানৱীয় শক্তিৰ জয়গাথা৷ ই প্ৰতিপন্ন কৰিছে যে যান্ত্ৰিক আধুনিকতাৰ মাজতো হৃদয়ৰ ভাষা নষ্ট হোৱা নাই৷ গল্পটোৱে পাঠকক আত্মসমালোচনাৰ সুযোগ দিছে– আমি সুবিধা, নিয়ম আৰু ভদ্ৰতাৰ নামত কিমানখিনি মানৱীয়তা হেৰুৱাই পেলাইছোঁ? এই প্ৰশ্নটোৰ উত্তৰেই গল্পটোৰ চিৰন্তন প্ৰাসংগিকতা৷

কমলা বৰগোহাঁইৰ গল্পসমূহ আধুনিক অসমীয়া সমাজৰ গভীৰ মানসিক আৰু সামাজিক বাস্তৱতাৰ দলিল৷ তেওঁৰ গল্পত ব্যক্তি আৰু সমাজ সদায় একেডাল সূতাতে বান্ধ খাই থাকে৷ ৰাজনৈতিক অস্থিৰতা, হিংসা, বিভাজন, ক্ষমতাৰ অপব্যৱহাৰ আৰু নৈতিক ভণ্ডামিয়ে কেনেদৰে ব্যক্তিৰ মনত গভীৰ ক্ষত সৃষ্টি কৰে, সেয়া গল্পকাৰে সংযত আৰু সূক্ষ্ম শৈলীৰে প্ৰকাশ কৰিছে৷ এই দুখ-বেদনাবোৰ ব্যক্তিগত যেন লাগিলেও আচলতে সেয়া সমাজৰ সামূহিক অসুখৰেই প্ৰতিফলন৷ একেদৰে তেওঁৰ গল্পসমূহত কেৱল হতাশাৰ প্ৰতিফলন ঘটা নাই৷ অন্ধকাৰ আৰু আতংকৰ মাজতো কমলা বৰগোহাঁইয়ে মানৱীয়তাৰ পোহৰত বাটত দেখুৱাই দিছে৷ মাতৃত্ব, সহানুভূতি, শিশুমনৰ নিৰ্দোষতা আৰু হৃদয়ৰ ভাষাই তেওঁৰ গল্পত আশা আৰু বিশ্বাসৰ আধাৰ গঢ়ে৷ এই আশা সংযত আৰু গভীৰ মানৱীয় অনুভৱৰ পৰা উদ্ভৱ হোৱা৷

এই কাৰণেই কমলা বৰগোহাঁইৰ গল্পসমূহ কেৱল এটা সময় বা বিশেষ সামাজিক পৰিস্থিতিত সীমাৱদ্ধ নহয়৷ ই সময় অতিক্ৰম কৰা এক মানৱীয় অনুসন্ধান, য’ত আধুনিক মানুহৰ ভয়, নিঃসংগতা, দ্বন্দ্ব আৰু আশাৰ কাহিনী একেলগে ধৰা পৰে৷ সেয়েহে তেওঁৰ গল্পসমূহ সদায়েই প্ৰাসংগিক হৈ থাকিব৷

 ***

ফোন : ৭০০২৯-৬৬১৯৯ 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ