শক্তিৰ অধিষ্ঠাত্ৰী
দেৱী দুৰ্গাৰ বাৰ্ষিক পূজা সমাগত৷ এই পূজাত আমাৰ দেশৰ প্ৰায়বোৰ অঞ্চলতে মানুহ আনন্দত
আত্মহাৰা হয়৷ বিশাল বজাৰ এখনে সাধাৰণ মানুহৰ কষ্টোপাৰ্জিত ধনৰ একনা-দুৱনাকৈ হাজাৰ হাজাৰ
কোটি টকা উপাৰ্জন কৰে৷ সৰ্বসাধাৰণ উপান্ত হ’বলগীয়াকৈ উদ্যাপন কৰা এই পূজাত শ্ৰদ্ধা-ভক্তিতকৈ
প্ৰদৰ্শনকামিতা তথা আনন্দ-বিনোদনৰহে পয়োভৰ অধিক হোৱা দেখা যায়৷
পিছে এই যে দেৱী
দুৰ্গা, যাক শক্তিৰ দেৱী বুলি কোৱা হয়; এই দেৱীগৰাকী মূলতঃ একাধিক জনগোষ্ঠীয় সমাজৰ
দেৱীহে৷ এই দেৱীগৰাকীক ঐতিহাসিক পৰিক্ৰমাত আৰ্য বা শ্ৰেষ্ঠ (যিসকলে জনজাতীয় বা জনগোষ্ঠীয় লোকসকলতকৈ
নিজকে শ্ৰেষ্ঠ বুলি দাবী কৰিছিল বা এতিয়াও কৰে!) লোকসকলে নিজৰ এগৰাকী দেৱীৰূপে গ্ৰহণ
কৰিলে (তেনে কৰি জনগোষ্ঠীয় সমাজখনক স্বীকৃতি দিয়া বুলিও ভাবিলে!)৷ এতেকে এইগৰাকী দেৱীৰ
বাৰ্ষিকভাৱে উদ্যাপন কৰা পূজা-উৎসৱৰ বতৰত অসম তথা উত্তৰ-পূব ভাৰতৰ জনগোষ্ঠীয় লোকসকলৰ
সমাজখনলৈ জুমি চাবলৈ মন গৈছে৷ এই সময়ত জগতৰ প্ৰতিখন জনগোষ্ঠীয় সমাজেই মুখামুখি হ’বলগীয়া
এক বাস্তৱ সমস্যা হৈছে বিশ্বায়ন৷ গতিকে ইয়াত বিশ্বায়নৰ প্ৰেক্ষাপটত উত্তৰ-পূব ভাৰতৰ
জনগোষ্ঠীসমূহৰ সাম্প্ৰতিক অৱস্থা সম্পৰ্কে এক বিহঙ্গম দৃষ্টিপাত কৰিবলৈ যত্ন কৰা হৈছে৷
যোৱা শতিকাৰ শেষৰ
দশকত আৰম্ভ হোৱা বজাৰভিত্তিক বিশ্বায়ন বোলা নতুন জীৱন প্ৰণালীটোৱে জগতৰ সকলোৰে জীৱন
যাত্ৰাৰ পদ্ধতি সলনি কৰি পেলালে৷ বিশ্বায়নক প্ৰকৃততে কৃত্ৰিমভাৱে সৃষ্টি কৰা প্ৰলোভনেৰে
নিৰ্মিত এক বজাৰভিত্তিক জীৱন প্ৰণালী বুলি ক’ব পাৰি৷ এই শতিকাত যেনিবা বিশ্বায়নৰ গতি
দ্ৰুততৰ হৈ উঠিল ইণ্টাৰনেট বোলা আভাসী তথা সৰ্বগ্ৰাসী দ্ৰুত সংযোগ ব্যৱস্থাৰ সংযোজনৰ
ফলত৷ এই বিশ্বায়নে বিশেষভাৱে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে জনগোষ্ঠীসমূহ হাজাৰ বছৰীয়া
পৰম্পৰাগত জীৱন শৈলী৷ অধিকাৰ হেৰুৱাই পূৰ্বপুৰুষৰ ভূমিৰ পৰা স্থানান্তৰিত হোৱা, আধুনিক
শিক্ষা আহৰণৰ সুবিধাৰ যোগেদি সাংস্কৃতিক খহনীয়াৰ সম্মুখীন হোৱা, অৰ্থনৈতিকভাৱে প্ৰান্তীয়কৰণৰ
বলি হোৱা, হাজাৰ বছৰ জুৰি ভোগ কৰি অহা প্ৰাকৃতিক সম্পদৰ ওপৰত হঠাতে আনে প্ৰতিষ্ঠা কৰা
অধিকাৰ আৰু তদজনিত শোষণৰ বলি হোৱা, তথাকথিত¸ উন্নয়ন প্ৰকল্প প্ৰতিষ্ঠাৰ নামত তেওঁলোকৰ
চিৰ পৰিচিত মুকলি নৈসৰ্গিক পৰিৱেশৰ অৱক্ষয় তথা নিজা সম্প্ৰদায়ৰে জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তন
অসহায়ভাৱে লক্ষ্য কৰি থাকিবলগা হোৱা, আধুনিক চিকিৎসা আদি সা-সুবিধা লাভ কৰাৰ নামত হাজাৰ
বছৰীয়া স্বাস্থ্যসেৱাৰ লৌকিক বিধি-ব্যৱস্থাৰ ক্ৰমশঃ বিলুপ্তি ঘটা আদি বিশ্বায়নে জনগোষ্ঠীয়
জীৱনলৈ অনা বহুমুখী অভিশাপৰ কিছুমান উদাহৰণ৷ বিশ্বায়নে তথ্য আহৰণ আৰু সংৰক্ষণৰ সুবিধা
দিছে, নতুন অৰ্থনৈতিক উন্নতিৰ সম্ভাৱনা মুকলি কৰিছে, উন্নত শিক্ষা আৰু স্বাস্থ্যসেৱাৰ
সুবিধা আনি দিছে আৰু সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰা সংৰক্ষণ কৰাৰ লগতে বিশ্বৰে দৰ্শক-শ্ৰোতাৰ
সম্মুখতত প্ৰচাৰৰ পথ আদিও প্ৰশস্ত কৰিছে৷ কিন্তু এই প্ৰতিটো সম্ভাৱনাই জনগোষ্ঠীসমূহৰ
পৰম্পৰাগত জনগোষ্ঠীয় চৰিত্ৰটোৰ প্ৰতিয়ে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে৷ এনে প্ৰত্যাহ্বানৰ
সম্মুখীন হ’বলৈ তথা এইবোৰৰ সৈতে মোকাবিলা কৰিবলৈ জনজাতীয় অধিকাৰ সুৰক্ষিত কৰা, বহনক্ষম
উন্নয়ন নিশ্চিত কৰা আদি বিবিধ নীতি-আইন প্ৰণয়ন কৰা হৈছে৷ কিন্তু এইসমূহে জনগোষ্ঠীসমূহক
প্ৰকৃত সুৰক্ষা দিবনে তথা তেওঁলোকক সবল কৰি তুলিবনে (ৰাখিবনে)?
জনগোষ্ঠীসমূহৰ কিছুমান বিশেষত্ব আছে৷ সেইবোৰৰ ভিতৰত প্ৰথমেই ভাষাৰ কথা ক’ব পাৰি৷ ভাষাই এটা জনগোষ্ঠীক আন এটা জনগোষ্ঠীৰ পৰা পৃথক কৰি দেখুউৱাত এটা গুৰুত্বপূৰ্ণ চিহ্নক হিচাপে কাম কৰে৷ উত্তৰ-পূব ভাৰতৰ বিচিত্ৰ জনগোষ্ঠীয় সমাজখন এক বিশাল ভাষিক বৈচিত্ৰ্যৰো ভঁৰাল৷ কাৰণ, এই ভৌগোলিক অঞ্চলটোৰ প্ৰতিটো গোটৰ প্ৰায়ে নিজা সুকীয়া ভাষা কিম্বা উপভাষা আছে৷ আকৌ, জনগোষ্ঠীয় পৰিচয়ৰ বিভিন্ন গোটক পৃথক কৰা অন্য এটা দিশ হৈছে তেওঁলোকৰ সমাজত চলি অহা বিভিন্ন সাংস্কৃতিক প্ৰথা আৰু উদ্যাপনৰ পদ্ধতি, ৰীতি-নীতি আৰু পৰম্পৰা৷ আনহাতে আদান-প্ৰদানৰ জৰিয়তে পাৰস্পৰিকভাৱে আটায়ে ভোগ কৰা পৰম্পৰা একোটা জনগোষ্ঠীৰ বিশেষ পৰিচয়৷ এই অনুশীলনৰ জৰিয়তে শক্তিশালী জনগোষ্ঠীয় বান্ধোন আৰু সামাজিক সংহতি এক ঐতিহাসিক সত্যৰূপে চিহ্নিত হৈছে৷
প্ৰতিটো জনগোষ্ঠীৰে
বিভিন্ন ঐতিহাসিক আখ্যান আছে আৰু তেওঁলোকৰ সমাজ পৰিচালনাত সামূহিক স্মৃতিৰ এক বিশেষ
গুৰুত্ব দেখা যায়৷ এনে আখ্যানসমূহৰ ভিতৰত নিজৰ গোষ্ঠীটোৰ উৎপত্তি সম্পৰ্কীয় মিথ আৰু
পূৰ্বপুৰুষৰ কাহিনীসমূহ অন্যতম৷ এইবোৰে তেওঁলোকৰ জাতিগত পৰিচয় গৌৰৱেৰে বহন কৰাত যথেষ্ট
অৰিহণা যোগায়৷ সামূহিক স্মৃতিয়ে তেওঁলোকক পৰম্পৰাগতভাৱে ঐক্যৱদ্ধ হৈ থকাত প্ৰেৰণা যোগাই
আহিছে৷ আনহাতে তেওঁলোকৰ পাৰস্পৰিক আত্মীয়তাৰ প্ৰতিষ্ঠা আৰু সেইখিনি বহন কৰি যোৱাত পূৰ্বপুৰুষৰ
সংযোগ এক মৌলিক বিশেষত্ব৷ এই বিশেষত্বয়ো তেওঁলোকৰ জনগোষ্ঠীয় পৰিচয়ৰ এক শক্তিৰূপে কাম
কৰি আহিছে৷ তেওঁলোকৰ সামাজিক সংগঠনৰ বেলিকাও আত্মীয়তা, বংশ, বংশৰ গাঁথনি সৰ্বোচ্ছ বুলি
গৃহীত হৈ আহিছে৷ জনগোষ্ঠীসমূহে প্ৰায়ে নিজৰ ভৌগোলিক অৱস্থানৰ ওপৰত ভিত্তি কৰি নিজৰ
চিনাকি দিয়ে৷ ই তেওঁলোকৰ আঞ্চলিক স্বকীয়তাৰ বিশেষত্ব প্ৰদৰ্শন কৰে৷ প্ৰতিটো জনগোষ্ঠীৰে
বহু থূলৰ পূৰ্বপুৰুষৰ উৎপত্তিও দূৰৈৰ কোনোবা অঞ্চলৰ পৰা কৰা প্ৰব্ৰজনৰ কাহিনীৰ সৈতে
জড়িত, যিয়ে তেওঁলোকৰ জাতিগত পৰিচয়ক প্ৰভাৱিত কৰে৷ সামাজিকভাৱে বহুতো জনগোষ্ঠীয় সম্প্ৰদায়
ঐতিহাসিকভাৱে জনগোষ্ঠী, দল বা গোটৰ নেতৃস্থানীয় ব্যক্তিৰ (মুখিয়াল) শাসনৰ অধীনত আছিল
(আৰু এতিয়াও আছে)৷
পিছে অতি সাম্প্ৰতিক সময়ত আধুনিক আৰ্থ-সামাজিক প্ৰত্যাহ্বান, যেনে অজ্ঞাত কাৰোবাৰ দ্বাৰা সম্পদৰ নিয়ন্ত্ৰণ, হঠাতে আহি পৰা উন্নয়ন আৰু আধুনিক সা-সুবিধাই জনগোষ্ঠীসমূহৰ ঐতিহাসিক গোষ্ঠীগত পৰিচয়ত প্ৰভাৱ পেলাইছে আৰু বিবিধ ধৰণৰ সংঘাতৰ আশঙ্কা সৃষ্টি কৰিছে৷ আধুনিক ৰাষ্ট্ৰৰ ৰাজনৈতিক গতিবিধিৰ সৈতে জনগোষ্ঠীয় লোকসকল বাধ্য হৈয়ে জড়িত হ’বলগীয়া হৈছে আৰু, ফলস্বৰূপে তেওঁলোকৰ পৰম্পৰানুসাৰে চলি অহা গোষ্ঠীগত পৰিচয়ৰ সংকটৰ লগত আধুনিক ৰাজনীতিত বৰ্তাই ৰাখিবলগীয়া নিজা গোষ্ঠীগত পৰিচয়ৰ এক সংঘাত সৃষ্টি হৈছে৷ এনে সংঘাতত আধুনিকতাৰ ওচৰত গোষ্ঠীগত পৰম্পৰা আদিয়ে উপায়ান্তৰ হৈ ক্ৰমে ক্ৰমে নিজকে নিঃশেষ হ’বলৈ এৰি দিয়া দেখা গৈছে৷ জনগোষ্ঠীসমূহে নিজৰ সাংস্কৃতিক পৰিচয় ৰক্ষা আৰু অধিক আত্মশাসন লাভৰ বাবে প্ৰায়ে স্বায়ত্তশাসিত পৰিষদ বিচাৰে৷ কিছু সংখ্যক জনগোষ্ঠীক স্বায়ত্তশাসনৰ অধিকাৰো প্ৰদান কৰা হৈছে৷ কিন্তু জনগোষ্ঠীসমূহৰ পৰম্পৰাগত ব্যৱস্থাটো আছিল আত্মশাসনৰহে, আধুনিক গণতন্ত্ৰ-অভিহিত স্বায়ত্তশাসন নহয়৷ নতুন স্বায়ত্তশাসনৰ ব্যৱস্থাটোত জনগোষ্ঠীসমূহৰ ঐতিহাসিকভাৱে চলি অহা আত্মশাসন ব্যৱস্থাৰ চিন-মোকামেই নাই৷
আধুনিক কালত ৰাজনৈতিক
গতিশীলতাৰ ক্ষেত্ৰত, বিশেষকৈ সংখ্যকেন্দ্ৰিক ব্যৱস্থাৰে ক্ষমতা দখল কৰাৰ ক্ষেত্ৰত গোষ্ঠীগততাও
এটা উল্লেখযোগ্য কাৰক হৈ পৰা দেখা যায়, কিন্তু এই ব্যৱস্থাটো আধুনিক ৰাষ্ট্ৰব্যৱস্থাৰ তথা সেই ব্যৱস্থাৰ অংশস্বৰূপ কােনো দল বা গোট কিংবা ব্যক্তিৰ প্ৰতিহে দায়ৱদ্ধ, জনগোষ্ঠীটো (বা বোৰ)ৰ প্ৰতি দায়ৱদ্ধ নহয়৷ সেয়ে জনগোষ্ঠীয় সম্প্ৰদায়সমূহে
প্ৰায়েই নিজৰ সম্পদ আৰু অধিকাৰ ৰক্ষাৰ বাবে ৰাষ্ট্ৰ আৰু প্ৰভাৱশালী গোটসমূহৰ বিৰুদ্ধে
গোষ্ঠীগত দাবী আৰু আন্দোলনত লিপ্ত হ’বলগীয়া হয়৷
দেখা গৈছে যে বিশ্বায়নৰ ফলস্বৰূপে আৰম্ভ হোৱা বৃহৎ পৰিসৰৰ উন্নয়ন প্ৰকল্প, খনন, প্ৰাকৃতিক সম্পদ আহৰণৰ বাবে কিছুমান বহুজাতিক কোম্পানীয়ে ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত জনগোষ্ঠীয় সম্প্ৰদায়সমূহক নিজৰ পৰম্পৰাগত ভূমিৰ পৰা স্থানান্তৰিত কৰিছে৷ তথাকথিত মূলসুঁতিৰ আধুনিক সমাজৰ সৈতে সংস্পৰ্শ বৃদ্ধি পোৱা আৰু বিশ্ব-সংস্কৃতিৰ নামত আগ বঢ়া প্ৰলোভনযুক্ত বাণিজ্যিকীকৰণৰ প্ৰভাৱৰ ফলত জনজাতীয় ভাষা, পৰম্পৰা, আৰু অনন্য জ্ঞান ব্যৱস্থাৰ ক্ষতি হৈছে৷ বৃহৎ উদ্যোগৰ মালিক পক্ষৰ মাজত হোৱা প্ৰতিযোগিতা আৰু জনগোষ্ঠীসমূহৰ পৰম্পৰাগত জীৱিকা ৰক্ষাৰ প্ৰতিযোগিতাত পৰাজিত হৈছে জনগোষ্ঠীসমূহ আৰু তেনে ক্ষেত্ৰত অজ্ঞতাজনিত কাৰণত জনগোষ্ঠীয় সম্প্ৰদায়সমূহে প্ৰায়ে আৰ্থিক অসুবিধাৰ সন্মুখীন হৈছে, যাৰ ফলত দৰিদ্ৰতা আৰু ঋণৰ পৰিমাণ বৃদ্ধি পাইছে৷ এই ঋণো বিশ্বায়ন নামৰ কৌশলী বজাৰ-নিয়ন্ত্ৰিত ব্যৱস্থাৰে ফল৷
জনগোষ্ঠীয় লোকসকলৰ বাসস্থান সাধাৰণভাৱেই নৈসৰ্গিক প্ৰকৃতিৰ ৰম্যপুৰী৷ সাম্প্ৰতিক সময়ত প্ৰায়ে বিশ্বব্যাপ্ত চাহিদাৰ দ্বাৰা পৰিচালিত বণিক কোম্পানীসমূহে ৰাষ্ট্ৰৰ অনুমতি লৈ জনগোষ্ঠীয় লোকসকলৰ বাসস্থলীত প্ৰাকৃতিক সম্পদৰ অনুসন্ধানৰ নামত চলোৱা শোষণৰ ফলত জনজাতীয় সম্প্ৰদায়সমূহে নিজৰ জীৱিকা আৰু সাংস্কৃতিক পৰম্পৰা ৰক্ষাৰ বাবে নিৰ্ভৰশীল প্ৰাকৃতিক পৰিৱেশ ধ্বংস হোৱাৰ উপক্ৰম কৰিছে৷ অনেক বাহ্যিক প্ৰভাৱ আৰু ভৌগোলিক তথা সাংস্কৃতিক স্থানচ্যুতিৰ প্ৰৱাহে জনগোষ্ঠীয় সম্প্ৰদায়ৰ সামাজিক গাঁথনি, সংহতি, পৰম্পৰাগত শাসন ব্যৱস্থাতো ক্ৰমশঃ ব্যাঘাত জন্মাইছে৷ জনগোষ্ঠীয় লোকসকলে প্ৰায়ে গুণগত শিক্ষা আৰু স্বাস্থ্যসেৱাৰ দৰে অত্যাৱশ্যকীয় সেৱাৰ পৰ্যাপ্ত সুবিধাৰ অভাৱত ভুগি অহা দেখা গৈছে, যিবোৰ তেওঁলোকৰ মংগল আৰু সামাজিক গতিশীলতাৰ বাবে অতি গুৰুত্বপূৰ্ণ৷
বিশ্বায়নে জনগোষ্ঠীয় সম্প্ৰদায়সমূহক বিশাল তথ্য নেটৱৰ্কত প্ৰৱেশ কৰাৰ সুযোগ প্ৰদান কৰাৰ ফলত তেওঁলোকৰ মাজত সজাগতা বৃদ্ধি পাইছে আৰু দক্ষতা বিকাশ আৰু শিক্ষাৰ সুযোগ বৃদ্ধি পাইছে৷ লগতে ৰাষ্ট্ৰই সমৰ্থন কৰা যুগৰ উপযোগী নতুন নতুন অৰ্থনৈতিক উদ্যম আৰু বজাৰৰ উত্থান ঘটিছে, যাৰ ফলত জনগোষ্ঠীয় উদ্যোগী লোকসকলে তেওঁলোকৰ সাংস্কৃতিক শিপাক সন্মান জনাই নতুন ব্যৱসায় আৰু জীৱিকাৰ বিকাশৰ সুযোগো লাভ কৰিছে৷
সাৱধানী ইতিবাচক
দৃষ্টিৰে চাবলৈ হ’লে বিশ্বায়নে জনজাতিসকলৰ বাবে তেওঁলোকৰ অনন্য সাংস্কৃতিক ঐতিহ্য,
ভাষা আৰু কলা-কৃতিক বিশ্বব্যাপ্ত দৰ্শক-শ্ৰোতাৰ সম্মুখত প্ৰচাৰ কৰিবলৈ এখন মঞ্চ প্ৰদান
কৰে, যাৰ ফলত অধিক বুজাবুজি আৰু প্ৰশংসাৰ পৰিৱেশ সৃষ্টি হয়, কিন্তু সূক্ষ্মভাৱে লক্ষ্য
কৰিলে বুজা যায় যে এনে ব্যৱস্থাৰ দ্বাৰা জনগোষ্ঠীয় সংস্কৃতি ক্ৰমশঃ সংৰক্ষণৰ পৰ্যায়লৈহে
গতি কৰিছে, ই জনগোষ্ঠী একোটাৰ গোষ্ঠীয় জীৱনত অৱশ্যপালনীয় অনুশীলন হৈ ৰোৱা নাই৷
আধুনিক স্বাস্থ্যসেৱাৰ সুবিধা আৰু স্বাস্থ্যৰক্ষা সম্পৰ্কীয় তথ্য লাভ কৰাৰ সুবিধা লাভ কৰিলে জনগোষ্ঠীয় জনসংখ্যাৰ সামগ্ৰিক স্বাস্থ্যৰ মান উন্নত হোৱা বুলি ক’ব পাৰি৷ অৱশ্যে এই মানৰ উন্নয়নত যোগাযোগ ব্যৱস্থাৰো সমান গুৰুত্ব আছে৷ ই যিমানেই ইতিবাচক নহওক কিয়, জনগোষ্ঠীয় স্বকীয়তা ৰক্ষণৰ দিশত ক’ব পাৰি যে একে সময়তে এই সুবিধাবোৰে পৰম্পৰাগত জনগোষ্ঠীয় চিকিৎসা প্ৰণালীকো বিনষ্ট কৰিছে৷ জনগোষ্ঠীয় সম্প্ৰদায়বোৰে তেওঁলোকৰ পৰম্পৰাগত জ্ঞান আৰু পদ্ধতিসমূহৰ সহায় লৈ তেওঁলোকৰ পৰিৱেশতন্ত্ৰ আৰু তেওঁলোকৰ সংস্কৃতি দুয়োটাকে সুৰক্ষিত কৰিব পৰাকৈ বহনক্ষম উন্নয়নৰ আৰ্হি গ্ৰহণ কৰিবলৈ যত্ন কৰিলে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ জনগোষ্ঠীসমূহৰ স্বকীয়তা ৰক্ষা পৰিব বুলি আশা কৰিব পাৰি৷
বিশ্বায়নে উত্তৰ-পূব
ভাৰতৰ বিভিন্ন জনগোষ্ঠীয় সম্প্ৰদায়সমূহৰ বাবে সুযোগ আৰু প্ৰত্যাহ৩ান দুয়োটা কঢ়িয়াই
আনিছে, যাৰ ফলত সাংস্কৃতিৰ পণ্যীকৰণ, পাশ্চাত্ত্যৰ সংস্কৃতি গ্ৰহণ, আৰু বজাৰ-নিয়ন্ত্ৰিত
তথাকথিত ক্ৰয় ক্ষমতাৰ উন্নয়নৰ জৰিয়তে পুৰুষাণুক্ৰমিকভাৱে বসতিভূমিৰ সৈতে বিচ্ছিন্নতা,
ইণ্টাৰনেটৰ বিভিন্ন মঞ্চৰ জৰিয়তে সাংস্কৃতিক প্ৰসাৰ, শিক্ষা আৰু স্বাস্থ্যসেৱাৰ উন্নত
সুবিধা, আৰু কিছুমান থূলৰ বাবে অৰ্থনৈতিক লাভৰ সুযোগো আনিছে৷ মূল প্ৰভাৱসমূহৰ ভিতৰত
আছে সংকৰ সাংস্কৃতিক ৰূপৰ জৰিয়তে পৰম্পৰাগত পৰিচয় হেৰুৱা আৰু পৰিৱৰ্তিত সামাজিক গাঁথনি,
যেনে খাচীয়া-জয়ন্তীয়া পাহাৰৰ ঐতিহাসিক মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ অৱনতি৷ এই সংস্কৃতিৰ
অনুশীলনসমূহৰ সংৰক্ষণৰ বাবেও প্ৰচেষ্টা চলোৱা হৈছে৷
সাম্প্ৰতিক সময়ত
পৃথিৱীত সকলো বিষয়কে বাণিজ্যিক মূল্যৰেহে মূল্যায়ন কৰা হয়৷ শিক্ষানুষ্ঠান এখনৰো সফলতা
নিৰ্ণয় কৰা হয় সেই শিক্ষানুষ্ঠানৰ পৰা ওলাই যোৱা কিমানজন শিক্ষাৰ্থীয়ে জীৱন-জীৱিকাৰ
উপায় লাভ কৰিছে৷ এইটো দিশৰ পৰা জনগোষ্ঠীয় সমাজ একোখনৰ বাবে সম্ভাৱনাৰ এক বাগধাৰা ৰচনা
কৰা হৈছে এনেকৈ, ‘আমাজনৰ দৰে অনলাইন প্লেটফৰ্মৰ সহায়ত জনজাতীয় সম্প্ৰদায়ক নিজৰ থলুৱা
সামগ্ৰীসমূহ বিশাল গ্ৰাহকৰ আগত বিক্ৰী কৰিবলৈ সক্ষম হয়, আয় বৃদ্ধি কৰিব আৰু নিজৰ সংস্কৃতি
প্ৰচাৰ কৰিব পাৰে৷’
বিশ্বায়নে কিছুমান জনগোষ্ঠীয় জনসংখ্যাৰ স্বাস্থ্যসেৱা আৰু শিক্ষাৰ মান তথা সা-সুবিধা বৃদ্ধি কৰি তেওঁলোকৰ সামগ্ৰিক জীৱন ধাৰণৰ মান বৃদ্ধি কৰিছে আৰু সামাজিকভাৱে উচ্চ (অথবা শোষক) শ্ৰেণীৰ শোষণৰ পৰা হাত সাৰিব পৰা কৰি তুলিছে৷ ইণ্টাৰনেট আৰু বিভিন্ন গণমাধ্যমে জনজাতীয় সংস্কৃতিক তেওঁলোকৰ ভৌগোলিক পৰিসীমাৰ বাহিৰত প্ৰসাৰ কৰিবলৈ বিবিধ প্ৰকাৰে সহায় কৰে৷ কিন্তু সাম্প্ৰতিক দ্ৰুত পৰিৱৰ্তনশীল জগতখনত ক্ষুদ্ৰ জনগোষ্ঠীসমূহৰ ক্ষতি সম্পৰ্কে মূৰ ঘমাবলৈ কোনো শক্তিশালী গোটেই ৰাজি নহয়৷ সকলো শক্তি আৰু ক্ষমতাৰ অধিকাৰীয়েই কেৱল বিবিধ সুন্দৰ শ্লোগানৰ আধাৰ লৈ নিজা নিজা মুনাফা লুটাৰ প্ৰতিহে আগ্ৰহী৷ সেয়ে আধুনিক বিশ্বত খিলঞ্জীয়া বা ভূমিপুত্ৰসকলৰ সাংস্কৃতিক বৈশিষ্ট্য ৰক্ষাৰ প্ৰসঙ্গত প্ৰায়েই কোৱা হয়– যে বিশ্বায়নে থলুৱা জনগোষ্ঠীসমূহৰ স্বকীয় পৰিচয় বিকাশৰ কাৰণে আগতে নভবা ধৰণৰ নতুন মঞ্চ এখন লাভ কৰিছে৷ কিন্তু প্ৰকৃত চিত্ৰখন তেনেকুৱা নহয়৷
বিশ্বায়নৰ ফলত খিলঞ্জীয়া সংস্কৃতিৰ অৱনতি ঘটিছে আৰু পাশ্চাত্ত্যৰ বিবিধ সমাজৰ জীৱনশৈলী আৰু মূল্যবোধ গ্ৰহণ কৰাৰ ফলত কিছুমান অনন্য সাংস্কৃতিক উপাদান নোহোৱা হৈ পৰিছে৷ বিশ্বায়নৰ জৰিয়তে পৰম্পৰাগত সাংস্কৃতিক পদ্ধতি আৰু কলাসমূহ বাণিজ্যিকীকৰণ কৰা হৈছে, সাংস্কৃতিক উপাদানসমূহ বিশ্ব বজাৰৰ বাবে কেৱল ‘উৎপাদন’ হৈ পৰাৰ লগে লগে ইয়াৰ প্ৰামাণিকতা আৰু তাৎপৰ্য হ্ৰাস পাইছে৷ বজাৰ আৰু বহুজাতিক কোম্পানীসমূহৰ সম্প্ৰসাৰণে পৰম্পৰাগতভাৱে জনগোষ্ঠীসমূহক তেওঁলোকৰ অধিকাৰত থকা হাজাৰ বছৰীয়া ভূমি বিচ্ছিন্ন কৰি পেলাইছে, ফলত জনগোষ্ঠীয় জনসংখ্যাৰ নিৰাপত্তা আৰু জীৱিকাৰ ওপৰত প্ৰভাৱ পৰিছে৷ বিশ্বায়নে জনগোষ্ঠীয় সমাজৰ পৰম্পৰাগত সামাজিক গাঁথনি, (যেনে গাৰো আৰু খাচীৰ দৰে জনজাতিৰ পৰম্পৰাগত মাতৃতান্ত্ৰিক ব্যৱস্থা)ক বিঘ্নিত কৰি সামাজিক বিশৃংখলতাৰো সৃষ্টি কৰিছে৷ বিশ্বায়নে প্ৰদান কৰা সুবিধা সকলোৰে কাৰণে একে নহয়, মধ্যবিত্ত শ্ৰেণী আৰু ক্ষমতাৰ দালালসকলৰ এটা অংশ অধিক লাভৱান হোৱাৰ বিপৰীতে জনজাতীয় জনসংখ্যাৰ গৰিষ্ঠসংখ্যকে বঞ্চনা আৰু বৈষম্য বৃদ্ধিৰ সন্মুখীন হ’ব পাৰে৷
এনে পৰিস্থিতিত উত্তৰ
পূব ভাৰতৰ জনগোষ্ঠীসকলৰ স্বাৰ্থ ৰক্ষাৰ উদ্দেশ্যে সজাগতা আৰু সংৰক্ষণৰ প্ৰচেষ্টা হিচাপে
পৰম্পৰা আৰু আধুনিকতাৰ মাজত ভাৰসাম্য ৰক্ষা কৰাত কেইটামান বিষয় খুবেই গুৰুত্বপূৰ্ণ৷
এনেবোৰ দিশত কাম কৰি আহিছে কেইটামান চৰকাৰী আৰু বেচৰকাৰী সংস্থা-সংগঠনে৷ সেইখিনিৰ ভিতৰত
উল্লেখযোগ্য হৈছে ক্ৰমে 1. State-level
Tribal Research Institutes like The Assam Institute of Research for Tribals and
Scheduled Castes, 2. Academic centers like the Arunachal Institute of Tribal
Studies, 3. The North Eastern Council (NEC) suhports cultural projects, 4. The
Ministry of Culture offers grants through schemes like the Zonal Cultural
Centres (ZCC’s), 5. Central Institute of Himalayan Culture Studies, 6. Centre
for North East Studies and Policy Research, 7. The National Mission on
Monuments and Antiquities (NMMA), 8. Ministry of Tribal Affairs and the
Ministry of Culture, 9. Don Bosco Centre
for Indigenous Cultures (DBCIC) actively promote and preserve the diverse
indigenous cultures of the region.