মানুহ আৰু অমানুহ অৰ্থাৎ পশু-পক্ষীৰ মাজত কোনো
প্ৰভেদ নাই, এইষাৰ কথা
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে কোন কাহানিবাতে কৈ গৈছে৷ মানুহৰ সমাজত ঘাইকৈ ধৰ্মক লৈ
পৃথকতাবাদৰ বিপৰীতে প্ৰায় একে কথাকে কৈ গৈছে আজান ফকীৰে ‘মোৰ মনত ভেদ ভাব নাই অ’
আল্লা’, ‘হিন্দু কি
মুছলমান, একে আল্লাৰ
ফৰমান’ বুলি৷ মহামানৱ মহাত্মা গান্ধীয়েও ভাৰতৰ সমাজ-জীৱনৰ দুটা ঘাই ধৰ্মমতত
বিশ্বাসী লোকসকলৰ মাজৰ প্ৰভেদ দূৰীকৰণাৰ্থে, হিন্দু সমাজত থকা স্পৃশ্য-অস্পৃশ্যৰ ধাৰণা
নোহোৱা কৰিবৰ উদ্দেশ্যে এক প্ৰকাৰ জাগৰণ সৃষ্টি কৰিছিল৷
সিদিনা হঠাতে আমাৰ মাজৰ পৰা নোহোৱা হোৱা শিল্পী
জুবিন গাৰ্গে কোনো জনজাগৰণৰ পথেৰে মানুহৰ সৈতে মানুহৰ, পশু-পক্ষীৰ সৈতে মানুহৰ প্ৰভেদ নোহোৱা কৰিবলৈ
যত্ন কৰা নাছিল৷ তেওঁ নিজৰ জীৱনত নিৰৱে এনে কিছুমান কাম কৰি গৈছিল যিবোৰে তেওঁৰ
শাৰীৰিক অবৰ্তমানৰ লগে লগে এক সমাজ বিপ্লৱৰ ৰূপ ধাৰণ কৰা দেখা গৈছে৷ জুবিন গাৰ্গে
নিজৰ জীৱনত অনুশীলন কৰি অহা বহুখিনি প্ৰসঙ্গ এই কেইদিনত সমাজত চৰ্চা হৈছে৷
সেইখিনিৰ আধাৰত এই মুহূৰ্তত কিছু পৰ্যবেক্ষণ আৰু চিন্তা আগ বঢ়াব খুজিছোঁ৷
জুবিন গাৰ্গ অতুলনীয় প্ৰতিভাধৰ সঙ্গীত শিল্পী
আছিল, নিজে গীত লিখিছিল আৰু আন
বহু সঙ্গীতজ্ঞৰ ধাৰণাৰ অতীত সুৰ সৃষ্টি কৰিছিল৷ তেওঁৰ গায়কীও আছিল অতুলনীয়৷ তেওঁ
অভিনয় কৰিছিল, নিজে চিনেমা পৰিচালনা কৰাৰ উপৰি নায়কৰ চৰিত্ৰত অভিনয় কৰিছিল, সঙ্গীত পৰিচালনাও কৰিছিল৷ তেওঁ স্পষ্টভাষী আছিল,
নিজৰ ৰাজনৈতিক দৰ্শন
সমাজবাদ বুলি সকলো স্থানতে তেওঁ ঘোষণা কৰিছিল, নিজৰ মাতৃভূমি অসমৰ প্ৰতি তেওঁৰ মন-প্ৰাণ আছিল
উৎসৰ্গিত৷ তেওঁ বিভিন্ন ভাষাত (বহুতে চল্লিছটা ভাষা বুলি কৈছে) আঠত্ৰিছ হাজাৰ গীত
গাইছিল ... ইত্যাদি ইত্যাদি তেওঁৰ প্ৰতিভাৰ বিবিধ দিশ সম্প্ৰতি সৰ্বত্ৰ চৰ্চিত
হৈছে৷
এতিয়া জুবিন গাৰ্গৰ ব্যক্তিত্বৰ আন কিছুমান
দিশলৈ লক্ষ্য কৰিব খুজিছোঁ৷ তেওঁ সৰুৰে
পৰাই আছিল কিছু ব্যতিক্ৰমী ধৰণৰ উৎপতীয়া৷ তেওঁৰ এই স্বভাৱটো পিছে আছিল নিৰ্দোষ৷
কিন্তু বয়স বঢ়াৰ সমান্তৰালভাৱে তেওঁৰ প্ৰতিভায়ো যেতিয়া তেওঁৰ পৰিচয়ৰ এটা বিশেষ
পৰিমণ্ডল গঢ়ি তুলিলে তেতিয়াৰ পৰা তেওঁৰ তথাকথিত গুণমুগ্ধ অথবা সহযোগীসকলে তেওঁৰ
সেই নিৰ্দোষ উৎপতীয়া স্বভাৱটোক অনুকৰণ কৰিবলৈ গৈ মাজে মাজে উদ্ভণ্ডালিলৈ পৰিণত
কৰিছিল৷ তেওঁ প্ৰায়ে কৈছিল, ‘মোৰ লগত থাকিলেই,
মোৰ নিচিনাকৈ কথা ক’বলৈ
যত্ন কৰিলেই কোনো জুবিন গাৰ্গ হ’ব নোৱাৰে৷’ তেওঁৰ যি জীৱন দৰ্শন সেয়া তেওঁৰ
প্ৰতিভাৰ পৰিপূৰক আছিল৷ তেওঁৰ দৰে সততা আৰু সাহসৰ পৰিচয় খুব কম সংখ্যক লোকেহে
দিবলৈ সক্ষম হয়৷ নিজে যিটো শুদ্ধ বুলি ভাবোঁ সেইটোকে প্ৰকাশ কৰিবলৈ আমি প্ৰায়ে
সাহস নকৰোঁ; ইয়াত আমাক আমাৰ
সমাজ, আমাৰ পৰিয়াল আদি বিভিন্ন
বিষয়ে বাধা দিয়ে৷ তেওঁ কিন্তু তেনে ভয় নকৰিছিল৷ কথা ক’বৰ পৰত তেওঁ শব্দ বিচাৰি
ফুৰাও নাছিল, ভব্য আচৰণো কৰা
নাছিল– সাধাৰণ মানুহে যি ভাষাত কথা কয় সেই ভাষাতে (বহু সময়ত সমাজৰ দৃষ্টিত
অশ্ৰাব্য শব্দও ব্যৱহাৰ কৰি) তেওঁ আনুষ্ঠানিক কথা-বাৰ্তাও কৈছিল৷ সম্ভৱতঃ সেয়ে
ভব্য আচৰণ কৰা কৃত্ৰিম অভিজাতসকলক বাদ দি তেওঁৰ কথাবোৰ মানুহৰ অন্তঃস্থলীত প্ৰৱেশ
কৰিছিল৷ আধুনিক গণতন্ত্ৰৰ দুৰ্নীতি, আমোলাতন্ত্ৰৰ জটিলতা আদিক সমালোচনা কৰিবলৈ তেওঁ কাহানিও কুণ্ঠিত হোৱা নাছিল৷
দুৰ্গতজনৰ প্ৰতি সাধ্যানুসৰি সহায়ৰ হাতখন মেলি দিছিল তেওঁ– সেই দুৰ্গতজন সদায়ে
মানুহ নাছিল, কুকুৰ-মেকুৰী-সাপ-কাছ
আদিয়েও তেওঁৰ আগ্ৰহ আৰু মৰমৰ অংশ লাভ কৰিছিল৷
ব্যতিক্ৰমী জুবিন গাৰ্গৰ মৃত্যুৱেও বহু
ব্যতিক্ৰমী ঘটনা সংঘটিত কৰিছে৷ তেওঁৰ
মৃত্যুৰ পাছত ইছলাম ধৰ্মৰ ধৰ্মীয় শিক্ষানুষ্ঠান মাদ্ৰাছাতো শোকসভাত তেওঁৰ সঙ্গীত
বজোৱা হৈছে (মাদ্ৰাছাত সঙ্গীতৰ আনুষ্ঠানিক পৰিৱেশন নিষিদ্ধ বুলিয়ে জানি আহিছোঁ)৷
আকৌ, ইছলামৰ ধৰ্মীয় নেতা
মৌলৱীৰ মুখত জুবিন গাৰ্গৰ মৃত্যুত হিন্দু শাস্ত্ৰ ‘গীতা’ৰ ‘ধৰ্মসংস্থাপনাৰ্থায়
সম্ভৱামি যুগেযুগে’ৰ দৰে শ্লোক শুনিবলৈ পোৱাটোও নিশ্চিতভাৱে বিৰল ঘটনা৷ যি ইছলামত
মূৰ্তি বা প্ৰতিকৃতিৰ ধাৰণা নাই, সেই ইছলামধৰ্মী
লোকে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সম্মুখত ‘কোৰান’ পাঠ কৰি থকাও দেখা গ’ল এই কেইদিনত৷
নিজকে নাস্তিক বুলি ঘোষণা কৰা জুবিন গাৰ্গৰ প্ৰতি কোনো লোকৰ ধৰ্মান্ধ প্ৰতিক্ৰিয়া
দেখা নগ’ল৷ ইপিনে ভিক্ষা কৰি জীৱন যাপন কৰা লোকে, শাৰীৰিকভাৱে অক্ষম লোকেও ঘণ্টাৰ পাছত ঘণ্টা
অপেক্ষা কৰি জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত চাকি একোগছি জ্বলোৱা, ফুল এপাহ দিয়াৰ দৃশ্য নিশ্চয় ঐতিহাসিক আছিল৷ আনহে
নালাগে ৰাজপথত বাস কৰা মানসিকভাৱে বাধাগ্ৰস্ত লোকেও জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত
বন্তি জ্বলোৱা দেখা গ’ল এইকেইটা দিনত৷ তেওঁ প্ৰকৃতিপ্ৰেমী আছিল বুলি আমি জানিছিলোঁ,
কিন্তু আচৰিত কথা যে গৰু,
ঘোঁৰা, কুকুৰ, কাউৰী, বান্দৰ আদিয়েও
তেওঁৰ বিয়োগৰ কথা গম পাইছিল৷ নহ’লেনো তেওঁৰ প্ৰতিচ্ছবিৰ সম্মুখত এনে জন্তুবোৰেও
শান্তিপূৰ্ণভাৱে ভিৰ কৰেহিনে! এই উদাহৰণবোৰেই আমাক দেখুৱাই গ’ল, জুবিন গাৰ্গ প্ৰকৃততে কি এক শক্তি আছিল,
আছিল কি এক সম্ভাৱনা৷
তেওঁৰ মৃত্যুৱে অসম আৰু অসমীয়াৰ চৰিত্ৰ
সম্পৰ্কে সমগ্ৰ বিশ্বকে অৱগত কৰিলে৷ সমগ্ৰ অসমৰ প্ৰায় চাৰে তিনিকোটি মানুহে
জাতি-ধৰ্ম-সম্প্ৰদায়-ভাষা নিৰ্বিশেষে শিল্পীগৰাকীক শেষ শ্ৰদ্ধা জনাবলৈ ওলাই আহিল৷
আপোনা আপুনি স্তব্ধ হৈ পৰিল ৰাজ্যখনৰ স্বাভাৱিক জনজীৱন৷ আনকি দিনহাজিৰা কৰিহে ঘৰ
চলোৱা লোকসকলো কামৰ পৰা বিৰত থাকিল৷ লক্ষ লক্ষ মানুহ ৰাজবাটলৈ ওলাই আহি মৰমৰ
শিল্পীগৰাকীৰ বিয়োগত নিজৰ দুখ প্ৰকাশ কৰিলে৷ এই ইতিবাচকতাৰ মাজতো দেখা গ’ল যে কিছু
সংখ্যক কম বয়সীয়া লোকে শোক প্ৰকাশৰ নামত যথেষ্ট উদ্ভণ্ডালিও কৰিলে৷ এই কথা প্ৰমাণ হৈছিল
তেতিয়া যেতিয়া ভূটানৰ ৰজাৰ প্ৰতিনিধিয়ে জুবিন গাৰ্গৰ নশ্বৰ দেহত শ্ৰদ্ধা তৰ্পণ
কৰিছিলহি৷ লক্ষ লক্ষ জনতাৰ সমাৱেশ যদিহে নিৰৱতাপূৰ্ণ হ’লহেঁতেন তেন্তে সেয়া প্ৰকৃত
শোকৰ ফলত হোৱা বুলি প্ৰমাণ হ’লহেঁতেন৷ কিন্তু শোকগ্ৰস্তসকলৰ মাজৰ পৰা যেতিয়া মাজে
মাজে বিকট কিৰিলি একোটা ভাহি আহিছিল তেতিয়া অনুভৱ হৈছিল যে আমি যেন বুকুৰ আপোনজনৰ
বিয়োগত শোকগ্ৰস্ত হোৱাৰ পৰিৱৰ্তে বিকৃত আনন্দ-উৎসৱ কৰিবলৈহে তাত সমবেত হৈছিলোঁ!
অৱশ্যে আনন্দৰ নামত এনে বিকৃত মানসিকতা
প্ৰদৰ্শন কৰাটো ব্যতিক্ৰমক বাদ দি অসমীয়া মানুহৰ স্বাভাৱিক চৰিত্ৰই হৈ পৰিছে৷ এনে
চৰিত্ৰ প্ৰকাশ পায় বনভোজৰ থলীসমূহত, বিহু-পূজা আদিৰ জনসমাৱেশত৷ আনহে নালাগে ছিঙ্গাপুৰৰ য’ত জুবিন গাৰ্গৰ
দুৰ্ঘটনাটো হৈছিল, তাত উপস্থিত থকা
অসমীয়াকেইজনেও একে ধৰণৰ বিকৃত আনন্দই প্ৰকাশ কৰিছিল বুলি সামাজিক মাধ্যমত উৰি ফুৰা
ভিডিঅ’বোৰত প্ৰমাণ হৈছে৷ সুস্থ মানসিকতাৰ লোক অৰণ্য, পাহাৰ, নদী বা সাগৰৰ বুকুলৈ যায় শান্তি বিচাৰি, নিৰৱতাৰ সৈতে কথা পাতিবলৈ, প্ৰকৃতিক উপলব্ধি কৰিবলৈহে৷ অসমীয়া মানুহেহে
প্ৰকৃতিৰ শান্তি বিঘ্নিত কৰা দেখা যায়৷ একেদৰেই আপোনজনৰ মৃতদেহ সম্মুখত লৈ অসমীয়া
মানুহৰ কিছুমানে বিকৃত উন্মাদনা প্ৰকাশ কৰা দেখা যায়৷ ই নিশ্চিতভাৱে এটা জাতিৰ
সুস্থ জাতীয়তাৰ লক্ষণ হ’ব নোৱাৰে৷
তেওঁৰ আকস্মিক মৃত্যু ঘটিছে বিদেশত, অস্বাভাৱিক৷ বহুতৰ সন্দেহ, তেওঁক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে৷ বিদেশত
ঘটা ঘটনাক লৈ তদন্ত কৰোঁতে নিশ্চিতভাৱে ভালেমান অসুবিধা থাকিব৷ দুখনকৈ দেশৰ আইন-আদালতৰ
পাকচক্ৰত নিশ্চয় সত্য প্ৰকাশ হওঁতে সময় ল’ব বা সত্য প্ৰকাশ নহ’বও৷ ই অসম কলাজগতৰ সৈতে জড়িত লোকসকলৰ বাবে উদ্বেগ আৰু দুঃচিন্তাৰ বিষয়৷
অসমত ইতিপূৰ্বে ঘটা বহু অস্বাভাৱিক মৃত্যুৰ
ঘটনাৰ তদন্তৰ কৰুণ তথা ৰহস্যময় পৰিণতি আমি দেখি আহিছোঁ৷ সাধাৰণ মানুহৰ ক্ষেত্ৰত প্ৰায়ে আইনৰ
সুৰুঙাৰে অপৰাধী সাৰি যোৱাটো অসমত যেন আজিকালি অতি সাধাৰণ আৰু সকলোৱে মানি ল’ব পৰা
ঘটনা হৈ পৰিছে৷ এতিয়া জুবিন গাৰ্গৰ দৰে মানুহৰ অস্বাভাৱিক মৃত্যুৰ তদন্তৰ
ক্ষেত্ৰতো যাতে তেনে নহয় তাকে প্ৰতিজন অসমীয়াই কামনা কৰে৷