অন্যযুগ/


সম্পাদকীয়

শৈক্ষিক কৰণীয়, জাতীয়তা আদিৰ প্ৰসঙ্গত ছাত্ৰসমাজক লৈ কিছু চিন্তা


        দেশে স্বাধীনতা অৰ্জন কৰাৰ পাছৰ বছৰবোৰতো অসমৰ জাতীয় জীৱন অনেকটা বিষয়ক কেন্দ্ৰ কৰি অস্থিৰ আৰু অনিৰাপদ হৈ আছে৷ বিভিন্ন কাৰণত অসমীয়া জাতীয় সত্তাৰ ভৱিষ্যৎ অন্ধকাৰ হোৱাৰ আশঙ্কাত ভুগি দলে দলে মানুহে সময়ে সময়ে বিভিন্ন আন্দোলনৰ নামত নিজা নিজা পথ আৰু কৌশলেৰে নিজৰ অস্তিত্ব প্ৰতিপন্ন কৰিবলৈ যত্ন কৰি আহিছে৷ এটা কথা নিশ্চিতভাৱে সত্য যে নিজৰ জাতিটোৰ সুৰক্ষাৰ দিশটোৱে সৰ্বাধিক গুৰুত্ব পোৱা উচিত৷ বিশেষকৈ অসমীয়াৰ দৰে ক্ষুদ্ৰ অস্তিত্বসম্পন্ন আৰু সমস্যসংকূল জাতি একোটাৰ ভৱিষ্যতৰ বিভিন্ন আশঙ্কাবোৰৰ উপৰি একোটা নতুন আশঙ্কা আহি পৰিলে নিজৰ সুৰক্ষাৰ প্ৰশ্নত সকলো আতঙ্কগ্ৰস্ত হোৱাটো স্বাভাৱিক৷

        সাম্প্ৰতিক সময়ত যিবোৰ বিষয়ক লৈ বিভিন্ন চৰ্চা, বাতৰি, উৰাবাতৰি আদি চলি আছে সেইবোৰক প্ৰেক্ষাপটত লৈ ছাত্ৰসমাজৰ ভূমিকা সম্পৰ্কে সামান্য ক’ব খুজিছোঁ৷

        প্ৰথমে জনাই ল’ব খুজিছোঁ যে আমি ছাত্ৰসমাজৰ শুভাকাংক্ষী৷ নিজকে আজিও ছাত্ৰ বুলিয়ে ভাবোঁ আৰু শ্ৰেণীকোঠাত নিজৰ ছাত্ৰসকলকো বন্ধুজ্ঞানেই কৰোঁ৷ বিভিন্ন সময়ত বিভিন্ন ছাত্ৰ সংগঠনক তেওঁলোকে বিচৰা দিহা-পৰামৰ্শও দিবলৈ যত্ন কৰোঁ৷

        মাজে মাজে অসমৰ বিশেষকৈ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজে অনিৰ্দিষ্ট কাললৈ শ্ৰেণীবৰ্জনৰ কাৰ্যসূচী হাতত লৈ আন্দোলন ঘোষণা কৰা দেখা যায় [দুবছৰমানৰ পূৰ্বে যি হৈছিল৷ এতিয়াও তেনে কিবা আন্দোলনৰ কুৰুং কাৰাং কৰা শুনি আছোঁ]৷ এনে অৱস্থাত আমাৰ মনত কিছু সন্দেহ সৃষ্টি হৈছে৷ প্ৰথম কথা, ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত বহু ছাত্ৰই ব্ৰিটিছৰ অধীনস্থ শিক্ষানুষ্ঠান ত্যাগ কৰিছিল৷ তেনে ছাত্ৰৰ কাৰণে কিছুমান জাতীয় শিক্ষানুষ্ঠান গঢ় লৈ উঠিছিল৷ কিন্তু প্ৰায় চাৰিটা দশকৰ পূৰ্বৰ বিদেশী খেদাৰ নামত হোৱা আন্দোলনৰ সময়তে চৰকাৰী শিক্ষানুষ্ঠানৰ শ্ৰেণীবৰ্জন কৰি বহু ছাত্ৰই বহুমূলীয়া শিক্ষাবৰ্ষ হেৰুৱাইছিল৷ তেনে কিছুমান ছাত্ৰৰ শিক্ষাজীৱন তাতেই সমাপ্ত হোৱাৰ উদাহৰণ আছে৷ কিন্তু সেই সময়ৰ তেনে ছাত্ৰদলক নেতৃত্ব দিয়া বহু লোকে নিজকে সমাজত বৰলোক হিচাপে প্ৰতিষ্ঠাও কৰিলে৷ পিছে হাজাৰজনৰ বলিদানৰ বিনিময়ত একোজনে জীৱন-জীৱিকাৰ সুৰক্ষা লাভ কৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য হ’ব নোৱাৰে৷ আমি ভবা নাই যে বৰ্তমান অসমৰ ছাত্ৰসমাজে আৰম্ভ কৰা শ্ৰেণীবৰ্জন আন্দোলন দীৰ্ঘম্যাদী হ’ব৷ কিন্তু পূৰ্বৰ তুলনাত বৰ্তমান আমাৰ শিক্ষাব্যৱস্থালৈ অভাৱনীয় পৰিৱৰ্তন আহি পৰিছে৷ সাম্প্ৰতিক সময়ৰ ষান্মাষিক শিক্ষা ব্যৱস্থাত একোজন শিক্ষাৰ্থীয়ে কাৰ্যতঃ এটা পাঠ্যক্ৰমৰ বাবে সময় পায় তিনিমাহমানহে৷ এই তিনিমাহৰ ভিতৰতে দুটাকৈ আভ্যন্তৰীণ পৰীক্ষাত অৱতীৰ্ণ হোৱা, মৌখিক পৰীক্ষাত অৱতীৰ্ণ হোৱা, ব্যৱহাৰিক কাৰ্যাৱলী সুকলমে সম্পন্ন কৰা, ক্ষেত্ৰ অধ্যয়ন আদি কৰি যাৱতীয় প্ৰতিৱেদন দাখিল কৰাকে ধৰি অনেক কাম কৰিবলগীয়া হয়৷ তদুপৰি শ্ৰেণীত উপস্থিতিৰ হাৰ অনুসৰিহে একোজন শিক্ষাৰ্থীয়ে মূল পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ পায় বা নাপায়৷ এনে অৱস্থাত একোটা দিনৰ অনুপস্থিতিয়েই একোজন শিক্ষাৰ্থীৰ কাৰণে অপূৰণীয় ক্ষতি হিচাপে বিৱেচিত হ’ব পাৰে৷

        এনে অৱস্থাত আজিৰ শিক্ষাৰ্থীয়ে কেনে পদক্ষেপ গ্ৰহণ কৰি নিজৰ শিক্ষাজীৱনৰ কোনো ক্ষতি নোহোৱাকৈয়ে সমান্তৰালকৈ দেশৰ সেৱাত আত্মনিয়োগ কৰি যাব পাৰে তাৰ নতুন কৌশল উলিয়াব লাগিব৷ জগতখনৰ পৰিৱৰ্তন হৈছে৷ গতিকে আন্দোলন, প্ৰতিবাদ আদিৰো পৰিৱৰ্তন হ’বই লাগিব৷ এসময়ত শিক্ষাৰ্থীয়ে বিভিন্ন কাৰণত শিক্ষাজগতৰ কতৃৰ্পক্ষক তেওঁলোকৰ কাৰণে পতা পৰীক্ষা নিৰ্ধাৰিত সময়তকৈ পিছুৱাবলৈও আন্দোলন কৰিছিল, কতৃৰ্পক্ষও বাধ্য হৈছিল৷ তাৰ ফলত কি হ’ল? সময় মতে শিক্ষাজীৱন সমাপ্ত কৰি কৰ্মক্ষেত্ৰত নামি পৰাৰ সুবিধা তেওঁলোকে হেৰুৱাইছিল৷

        পঢ়া-শুনা বজাই ৰাখিও আন্দোলন কৰাৰ বহুতো পথ খোলা আছে৷ প্ৰতিবাদৰ চিন হিচাপে ক’লা বেজ পৰিধান কৰিও পাঠগ্ৰহণ কৰিব পাৰি৷ শ্ৰেণীৰ আগে-পিছে প্ৰতিবাদী সভাও পাতিব পাৰি৷ বিভিন্ন প্ৰসঙ্গত সমৰ্থন বা বিৰোধ প্ৰমাণ কৰিবলৈ স্বাক্ষৰ সংগ্ৰহ অভিযান আদিও চলাই যাব পাৰি৷ মনত ৰাখিব লাগিব যে পৃথিৱীৰ আগ বঢ়া শক্তিবোৰে সৰু সৰু জনবহুল অঞ্চলবোৰত অশান্তি সৃষ্টি কৰিবলৈ সুবিধা বিচাৰি থাকে যাৰ ঘাই উদ্দেশ্য কৰ্মক্ষেত্ৰ আৰু বজাৰ দখল কৰাটো৷ আমাৰ ল’ৰা-ছোৱালীক কৰ্মবিমুখ কৰি তুলি আনে আমাৰ জীৱিকাৰ উপায়বোৰ দখল কৰিবলৈ বেছিপৰ নালাগিব, যদিহে আমি সাৱধানে আগ নাবাঢ়োঁ৷

        এতিয়া প্ৰতিযোগিতা সমগ্ৰ দেশব্যাপি৷ এনে অৱস্থাত আমাৰ ল’ৰা-ছোৱালী সময় মতে যোগ্য হৈ নুঠিলে বাহিৰৰ ল’ৰা-ছোৱালীয়ে আমাৰ মুখৰ আগৰ বঢ়া ভাত কাঢ়ি খালেহিও আমি একো কৰিবগৈ নোৱাৰিম৷

        জাতীয়তাবোধ সকলো মানুহৰে অন্তৰত কম-বেছি পৰিমাণে থাকেই৷ সেয়া নিশ্চিতভাৱে বুকুৰ মাজত অনুভৱ কৰা বিষয়৷ নিজৰ মাত-কথা, সাংস্কৃতিক বিশেষত্ব পাহৰি বা উপেক্ষা কৰি ৰাজপথত জাতীয়তা ৰক্ষাৰ আন্দোলন নুশুৱায়৷ জাতীতাবোধৰ অন্তৰ্নিহিত শক্তি পোত খাই থাকে ঐতিহ্যবোধজনিত¸ স্বাভিমান৷ এনে স্বাভিমান আজিৰ তাৰিখত কিমান অসমীয়া ছাত্ৰ-ছাত্ৰীয়ে অনুভৱ কৰে সন্দেহজনক৷ কাৰণ সাম্প্ৰতিক সময়ৰ সৰহ সংখ্যক স্কুলীয়া ছাত্ৰ-ছাত্ৰীকে জাতীয় ইতিহাসৰ শিক্ষা দিয়া নহয়৷ উদাহৰণস্বৰূপে ছ্যুকাফা, শ্ৰীমন্ত শঙ্কৰদেৱ, লাচিত বৰফুকন, চিলাৰায় আদিয়ে অসমীয়া সমাজ-জীৱনক কেনেভাৱে চহকী কৰি থৈ গৈছে সেয়া খুব কম সংখ্যক ছাত্ৰ-ছাত্ৰীৰহে অৱগত৷ এনে অৱস্থাত আৰু পঞ্চাছ বা এশ বছৰৰ পাছত ‘অসমীয়া’ বোলা জাতীয় সত্তাৰ চৰিত্ৰ কেনে হ’ব সেয়া অনুমান কৰিবলৈ টান নহয়৷

        আজিৰ তাৰিখত প্ৰায় সকলো অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীয়েই কম-বছি পৰিমাণে কেৰিয়াৰক লৈ ব্যস্ত হোৱা দেখা যায়৷ কিন্তু বিশেষকৈ উচ্ছ শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ-ছাত্ৰীসকল কেৱল সম্মুখত থকা নিৰ্দিষ্ট পাঠ্যক্ৰমক লৈয়ে ব্যস্ত থাকে৷ সেই পাঠ্যক্ৰম পঢ়ি পৰীক্ষা দি ভাল নম্বৰ কেইটামান অৰ্জন কৰাতেই তেওঁলোকৰ কৰ্তব্য সীমাৱদ্ধ৷ কেৰিয়াৰ সম্পৰ্কে তেওঁলোকক শিক্ষানুষ্ঠানৰ কতৃৰ্পক্ষইহে সা-সুবিধা কৰি দিবলগীয়া অৱস্থা৷ বিদেশৰ উচ্ছ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলে কিন্তু নিজা উদ্যোগতে কেৰিয়াৰ ক্লাব কিছুমান গঢ়ি তোলে৷ তেনে ক্লাবত ৰুচি আৰু অৰ্হতা অনুসৰি শিক্ষাৰ্থীসকলক নিৰ্দিষ্ট কেৰিয়াৰৰ দিশত আগ বাঢ়ি যোবাৰ সুযোগ প্ৰদান কৰা হয়৷ আমাৰ ছাত্ৰসমাজৰপৰাও আমি বাৰু এনে কিছুমান সুদূৰপ্ৰসাৰী ইতিবাচক পদক্ষেপ আশা কৰিব নোৱাৰোঁনে?

        আজিকালি সমগ্ৰ দেশৰ লগতে অসমৰ ছাত্ৰসমাজে প্ৰায়েই উচ্ছ শিক্ষানুষ্ঠান একোখনৰ বিভিন্ন সমিতি, চ’ৰা, কোষ আদিত প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা লাভ কৰে৷ তেনেকৈ সুবিধা লাভ কৰা প্ৰতিনিধিস্থানীয় ছাত্ৰ বা ছাত্ৰীগৰাকীৰ যোগেদি কিন্তু শিক্ষানুষ্ঠানৰ শৈক্ষিক বা আন আন দিশৰ উত্তৰণৰ ক্ষেত্ৰত ছাত্ৰসমাজৰপৰা একো প্ৰস্তাৱ লাভ কৰা নাযায়৷ আমাৰ ছাত্ৰসমাজ কিন্তু তথ্য-প্ৰযুক্তিৰ যুগৰ মানুহ হিচাপে পুৰণি প্ৰজন্মতকৈ বৌদ্ধিকভাৱে আগ বঢ়া হোৱা উচিত আৰু তেওঁলোক যে আগ বঢ়া, তাৰ প্ৰমাণ তেওঁলোকৰ চিন্তাবৃত্তিৰ সামাজিক ব্যৱহাৰৰ জৰিয়তে প্ৰদৰ্শিত হোৱা উচিত৷

        আমি ভাবোঁ, সমাজ আৰু দেশৰ কাৰণে ছাত্ৰ সমাজৰ অনেক কৰণীয় আছে আৰু তেওঁলোকে অতীজৰেপৰা বিভিন্ন প্ৰকাৰে সেৱা আগ বঢ়াই আহিছে৷ কিন্তু তেওঁলোকে ভাবি চোৱা উচিত হ’ব যে তেওঁলোকৰ বয়স সদায়ে একে নাথাকে আৰু সদায়ে তেওঁলোক পিতৃ-মাতৃ বা অভিভাৱকৰ অধীনতে নাথাকে৷ তেওঁলোকে নিজৰ লগতে ঘৰ একোখনৰ দায়িত্ব ল’বগৈ লাগিব৷ তাৰ কাৰণে সময়ৰ সমান্তৰালকৈ তেওঁলোকে নিজকে উপযুক্ত কৰি তুলিবও লাগিব৷ সমাজ একোখনক সকলো দিশৰপৰা সুস্থভাৱে নেতৃত্ব দিব পৰাকৈ শিক্ষা-দীক্ষা আহৰণ কৰাটোও ব্যক্তি এজনে সমাজৰ প্ৰতি থকা দায়ৱদ্ধতাৰে পৰিচায়ক৷ বৈদান্ত দৰ্শনততো কৈয়ে থৈছে, ‘নিজলৈ অঁটাৰ পাছতহে আনক দিলে সেয়া ফলপ্ৰসূ হয়৷’ নিজকে উপযুক্ত ৰূপত গঢ়ি তোলাৰ দায়িত্ব (সাময়িকভাৱে হ’লেও) এৰি সমাজখনৰ সুৰক্ষা দিব পৰা যাব নে নাযায় সি সন্দেহৰ বিষয়৷ 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ