নাতিশীতোষ্ণ
জলবায়ুৰ ঠাই হিচাপে অসমৰ সৰ্বত্ৰ সকলো সময়তে অনেক গছ-বন গজে৷ এনে গছ-বনবোৰৰ বহুত
সুকাঠী বা ফলৱতী আৰু আন কিছুমান আওকাঠী তথা অপতৃণ৷ গছ-বন প্ৰাকৃতিকভাৱেই গজে,
নিজৰ
সুবিধা অনুসৰি৷ মানুহৰ সুবিধাজনক কোন ঠাইত
গজিব লাগে গছে নাজানে৷ আচলতে পৃথিৱীৰ মাটি-পানী আদি সকলোতে মানুহতকৈ বেছি
অধিকাৰ আছে গছৰহে৷ মানুহেহে গছ কাটি বিভিন্ন নিৰ্মাণৰ উদ্দেশ্যে পৰিকল্পনা কৰাৰ
ফলত গছ গজিবলৈ ঠাই নোহোৱাৰ নিচিনা অৱস্থা এটা হৈছে৷ অৱশ্যে পৃথিৱীৰ সকলো দেশৰ মাটি
একে নহয় আৰু জলবায়ুৰো প্ৰভেদ আছে৷ সেই বাবেই সকলো দেশৰ সকলো অঞ্চলৰ মাটিতে একেদৰেই
যিকোনো গছ-গছনি নগজে৷
সি যি
নহওক, গছবোৰ সুকাঠী নে আওকাঠী সেয়াও মানুহেই নিৰ্ণয় কৰে৷ বিশেষকৈ
কৃষিসভ্যতাৰ আৰম্ভণিৰে পৰাই গছ-গছনিবোৰৰ মাজৰে মানুহৰ বাবে দৰকাৰী আৰু অদৰকাৰী এই
দুই ভাগত ভাগ কৰা হ’ল [তাৰ উপৰি গছ-গছনিৰ বহুতো ভাগ আছে]৷ কৃষকসকলে বিভিন্ন ধৰণৰ
মানুহৰ কাৰণে দৰকাৰী গছ কেনেকৈ ৰুব লাগে, অদৰকাৰী তথা অপকাৰী গছবোৰ কেনেকৈ
নিয়ন্ত্ৰণ কৰিব লাগে তাৰ উপায় উলিয়াইছিল নিজৰ অভিজ্ঞতাৰ আধাৰত৷ পিছে বৰ্তমান আমাৰ
অসমত কৃষিকৰ্মত নিয়োজিত মানুহৰ সংখ্যা দুখ লগাকৈ কমি অহা দেখা গৈছে৷ নিজৰ পথাৰৰ
ভাতমুঠিতকৈ যেন দোকানৰ পৰা কিনি অনা চাউলৰ ভাতকেইটা অধিক মূল্যবান– এনে এক ধাৰণা
লাহে লাহে অসমীয়া মানুহৰ মনত গঢ় লৈ উঠিছে৷ কৃষিৰ সৈতে সম্পৰ্ক নোহোৱাৰ কাৰণেই
লাহে লাহে আমাৰ মানুহে গছ-বনৰ সৈতে সম্পৰ্কও হেৰুৱাই পেলাইছে৷
সেয়েহে,
মন
কৰিব লগীয়াকৈ আজিকালি নিজৰ চৌহদটো চাফ-চিকুণকৈ ৰাখিবলৈ যত্ন কৰাৰ বাহিৰে আমাৰ
প্ৰায়বোৰ মানুহেই নিজৰ পদূলিৰ মূৰটোকে আনকি চাফ-চিকুণ কৰি ৰাখিব লাগে বুলি নজনা
হৈছে৷ এনে হোৱাৰ মূলতে কি? মানুহে গছ চিনি নাপায় কাৰণে হাবি চাফা
কৰোঁতে দৰকাৰী গছ-বন কটা যোৱাৰ ভয়ত এনে ঘটনা ঘটিছেনে? নাই ঘটা৷ আচলতে
মানুহে নিজৰ চৌহদটোৰ বাহিৰত সেইবোৰ নেদেখা হৈছে৷
নাতিশীতোষ্ণ
অঞ্চলৰ মাটিত যেনেকৈ নানান অপতৃণ গজে তেনেকৈয়ে এনে অঞ্চলৰ মানুহৰ মনতো নানান
অপচিন্তাই বাহ লয়৷ তেনে চিন্তাই মানুহক নিজৰ চৌহদটোৰ বাহিৰে আন ক’লো লেতেৰা-ময়লা
বা হাবি-বন দেখিবলৈ নিদিয়ে৷ কোনোবাই তেনে হাবি-বন দেখিলে দৰকাৰ হ’লে সেইবোৰ চাফা
কিয় কৰা নাই বুলি আন্দোলনকে কৰিব, কিন্তু কোৰ-কটাৰী একোখন হাতত লৈ সেইখিনি
চাফা কৰিবলৈ নিজে আগ বাঢ়ি নাহে৷
আচলতে
আমাৰ স্বভাৱটো বৰ বিচিত্ৰ৷ ক’ৰবাত যদি কিবা কাৰণত লেতেৰা কাগজ-পত্ৰ কেইখনমান পৰি
থাকিল, সেইকেইখন কোনেও বুটলি নিনিয়ে৷ বৰং সেইখিনিৰ ওপৰতে আন জাবৰ-জোথৰ
কিছুমানো পেলাবহিহে৷ তাতে কিছুমানে পেলাওক তামোল-পাণৰ পিকো! দিন যোৱাৰ লগে লগে সেই
ঠাইখন লাহে লাহে পেলনীয়া বস্তুৰে ভৰি কদৰ্য হৈ উঠে৷
এনে
ঘটনা যে অসংগঠিত স্তৰত হৈছে তেনে নহয়৷ সংগঠিতভাৱেও এনে ঘটনা ঘটি আছে৷ আমাৰ বজাৰ
অঞ্চলবোৰেই এই কথাৰ প্ৰমাণ৷ মাছ-মঙহৰ বজাৰবোৰৰ পেলনীয়া বস্তুবোৰ, চুলি
কটা চেলুনৰ পেলনীয়া চুলিবোৰ, দোকানৰ পৰা প্ৰতিদিনেই প্ৰায় সকলোৰে ঘৰলৈ
অহা প’লিথিনৰ মোনাবোৰৰ পৰিণতি কি হয়? সেইবোৰৰ ব্যৱস্থাপনাৰ কিবা বিষয়ে আমি গম
পাওঁনে? নাপাওঁ৷ সেইবোৰৰ বিষয়ে যে আমি গম পাব খোজা উচিত, এইটোও
আমাৰ মনত নেখেলায়৷ যিদৰে আমাৰ সম্মুখতে পৰিস্কাৰ ঠাই এখনত অপৰিস্কাৰ বস্তু পেলাই
দিলে বাধা দিয়া উচিত বোলা ধাৰণাটোও আমাৰ মনত নেখেলায়৷
মানুহৰ
সভ্যতাৰ পত্তন ঘটি আগ বাঢ়িল যেতিয়া, এতিয়া আৰু উভতি যাব নোৱাৰি৷ এতেকে মানুহে
গছ-গছনিৰ সৈতে সহাৱস্থান কৰাই বাঞ্ছনীয়৷ পৃথিৱীৰ বহু আগ বঢ়া দেশেই বহুদিনৰ
পূৰ্বেই এই সত্য উপলব্ধি কৰিছে আৰু সেইমতেই মানৱনিৰ্মিতি আৰু গছ-বনৰ সুন্দৰ
সহাৱস্থান আজিৰ তাৰিখত বহু দেশতে লক্ষ্য কৰা যায়৷ কিন্তু আমাৰ দেশৰ মানুহে এই সত্য
উপলব্ধি কৰিবলৈ আৰু বা কেই হাজাৰ বছৰ লাগিব সি অনিশ্চিত৷ বহু আগ বঢ়া দেশত পেলনীয়া
সামগ্ৰীৰ সুন্দৰ ব্যৱস্থাপনাৰে নানান ইতিবাচক কাৰ্য সম্পাদন কৰিছে৷ উদাহৰণস্বৰূপে
জাপানে পেলনীয়া সামগ্ৰীৰে কৃত্ৰিম মাটি প্ৰস্তুত কৰি সাগৰ পুতি নিজৰ কাৰণে
ব্যৱহাৰযোগ্য ভূমিৰ পৰিমাণ বৃদ্ধি কৰিছে৷ বহু মৰুময় দেশে পেলনীয়া দ্ৰব্যৰে কৃত্ৰিম
গছ-গছনি সৃষ্টি কৰি নিজা নিজা চহৰৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ লগতে ছাঁৰ ব্যৱস্থাও
কৰিছে৷
আমি
সেইবোৰ নকৰোঁ৷ আমাৰ মস্তিষ্ক তেনে সৰুসুৰা কামৰ কাৰণে নহয়৷ আমি কৰিবলৈ বহুতো কাম
আছে৷ উদাহৰণস্বৰূপে আমি পৰচৰ্চা কৰিবই লাগিব– লাগিলে তেনে চৰ্চাৰ সৈতে আমাৰ দূৰ
পৰ্যন্ত সংযোগ নাথাকিবও পাৰে৷ আমি দেশ-ৰাজ্যৰ ৰাজনীতি সম্পৰ্কে পাতলীয়া কথা পাতি
বিশেষজ্ঞৰ দৰে নিজৰ মতামত প্ৰকাশ কৰিবই লাগিব, কোন ভাল আৰু কোন
বেয়া ৰায়দান দিবই লাগিব৷ লগতে আমি যদি কোনোবা সময়ত কাৰোবাক ভাল বুলি ধৰি লওঁ
তেন্তে তেনেজনে বা তেনে দলে কাহানিও বেয়া কাম কৰিব নোৱাৰেই বুলিও ধৰি ল’ব লাগিব৷
আমি নিজকে ভাল বুলি প্ৰমাণ কৰিবলৈ আনক বেয়া বুলি প্ৰমাণ কৰিব খুজিবই লাগিব৷ আমি আমাৰ দুৰ্বলতা ঢাকিবলৈ আনৰ দুৰ্বলতা বিচাৰি
ফুৰিবই লাগিব৷ আমি নিজকে বেলুনৰ নিচিনাকৈ ফুলাই আনৰ সম্মুখত দেখনিয়াৰ কৰি ৰাখিবলৈ
যত্ন কৰিবই লাগিব৷ আমি অনবৰতে কেৱল ক্ৰয় কৰিবলৈ উদ্গ্ৰীৱ হৈ থাকিবই লাগিব...
ইত্যাদি৷
কিমধিকমিতি!
এতেকে,
আমাৰ
মগজুবোৰ অপতৃণই ছানি ধৰা নাই বুলি বিশ্বাস কৰোঁ কেনেকৈ?
