ভাৰত
চৰকাৰে ২০০৪ চনৰ পৰা ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিবলৈ আৰম্ভ
কৰিছিল।এই স্বীকৃতিৰ উদ্দেশ্য হৈছে এই ভাষাসমূহ হেৰাই যোৱাৰ পূৰ্বেই মূল্যৱান
ঐতিহ্য হিচাপে এইবোৰক প্ৰচাৰ কৰি শক্তিশালী কৰা। ২০২৪ চনৰ ৩ অক্টোবৰত ভাৰতৰ
ধ্ৰুপদী ভাষা হিচাপে পাঁচটা ভাষাক স্বীকৃতি প্ৰদান কৰে। সেইকেইটা ভাষা হৈছে ক্ৰমে মাৰাঠী, পালি, প্ৰাকৃত,
অসমীয়া
আৰু বাংলা। ২০২৪ চন পৰ্যন্ত ভাৰতত ধ্ৰুপদী
ভাষা বুলি গণ্য কৰা ছটা ভাষা আছিল ক্ৰমে তামিল, তেলুগু, মালয়ালম,
সংস্কৃত,
কানাড়া আৰু ওডিয়া।
এতিয়া
প্ৰশ্ন হৈছে, চৰকাৰে স্বীকৃতি দিয়া এই ধ্ৰুপদী ভাষানো কি? প্ৰসঙ্গটোক লৈ
বহুতে বহু ধৰণৰ টুলুঙা মন্তব্যও প্ৰকাশ কৰা দেখা যায়। প্ৰকৃততে ভাৰতবৰ্ষৰ দৰে
বহুভাষিক দেশ এখনত প্ৰাদেশিক ভাষাবোৰৰ উপযুক্ত সংৰক্ষণ, ব্যৱহাৰ কৰোঁতাৰ সংখ্যা
বৃদ্ধি আদি সাম্প্ৰতিক সময়ত অতি গুৰুত্ব প্ৰদান কৰিবলগীয়া বিষয়। বিশেষকৈ ১৯৯০ চনৰ
পৰৱৰ্তী ভাৰতবৰ্ষত ইংৰাজীৰ দৰে ভাষাৰ আগ্ৰাসনৰ ফলত ভাৰতীয় প্ৰাদেশিক ভাষাবোৰ এক
প্ৰকাৰ অস্তিত্বৰ সংকটত ভুগিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়। এনে পৰিস্থিতিত উপযুক্ত
তথা ফলপ্ৰসূ ভাষা-পৰিকল্পনা অতিশয় আৱশ্যকীয় হৈ পৰে। এনে বহু দিশ বিৱেচনাৰ পাছতহে
ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰণালয়ে নিৰ্বাচিত ভাষাবিশেষক
ধ্ৰুপদী মৰ্যাদা প্ৰদান কৰিবলৈ উদ্যোগ গ্ৰহণ কৰে।
কেন্দ্ৰীয়
চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ে ভাষা এটাক ধ্ৰুপদী বুলি ঘোষণা কৰাৰ বাবে কিছুমান
চৰ্ত নিৰ্দিষ্ট কৰি লৈছে। এনে চৰ্তবোৰ ২০০৪ চনৰপৰা ২০২৪ চনলৈ কেইবাবাৰো সলনিও কৰা
হৈছে। তথাপি সাম্প্ৰতিক সময়ত এনে চৰ্তবোৰৰ কেইটামান এনে ধৰণৰ-
ক) ভাষাটোৰ লিপিৱদ্ধ ইতিহাস বা প্ৰাচীন গ্ৰন্থ যিবোৰ কমেও ১৫০০-ৰপৰা ২০০০ বছৰ ধৰি লিপিৱদ্ধ হৈ আহিব লাগিব।
খ) ভাষাটোত প্ৰাচীন সাহিত্য বা গ্ৰন্থ যথেষ্ট পৰিমাণে আছে যিবোৰক প্ৰজন্মৰ পাছত প্ৰজন্ম মূল্যৱান ঐতিহ্য বুলি গ্ৰহণ কৰি অহা হ’ব লাগিব।
গ) ভাষাটোত জ্ঞানমূলক গ্ৰন্থ আছে, যেনে কাব্যৰ উপৰি (মন কৰিবলগীয়া যে প্ৰাচীন সাহিত্যৰ সৰহ অংশই কাব্য) গদ্যত লিখিত গ্ৰন্থ, লগতে প্ৰত্নতাত্ত্বিক প্ৰমাণ- শিলালেখ আদি থাকিব লাগিব।
ঘ) প্ৰাচীন কালৰ ভাষা আৰু সাহিত্য আধুনিক কালৰ ভাষা আৰু সাহিত্যৰ ৰূপৰ পৰা বেলেগ হ’ব লাগিব। ইত্যাদি।
ভাষা
এটাক ধ্ৰুপদী হিচাপে স্বীকৃতি দিয়াৰ ফলত কিছুমান সুবিধা সৃষ্টি হ’ব পাৰে যেনে-
ক) নিয়োগৰ সা-সুবিধা বৃদ্ধি,
খ) শৈক্ষিক আৰু গৱেষণাৰ ক্ষেত্ৰৰ লগতে আৰ্কাইভিং, অনুবাদ,
প্ৰকাশন,
আৰু
ডিজিটেল মাধ্যমত ন ন কৰ্মক্ষেত্ৰ সৃষ্টি,
গ) ছাত্ৰ-ছাত্ৰীৰ বাবেও অধ্যয়নৰ ন ন ক্ষেত্ৰৰ সৃষ্টি।
ঘ) এনে ধ্ৰুপদী ভাষাসমূহ অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বৃত্তি
আৰু জলপানিৰ ব্যৱস্থা।
ঙ) আধুনিক তথা ডিজিটেল মাধ্যমত প্ৰাচীন গ্ৰন্থসমূহৰ সংৰক্ষণৰ
ব্যৱস্থা।
চ) প্ৰাচীন গ্ৰন্থসমূহৰ প্ৰণালীৱদ্ধ তালিকাকৰণ আৰু সংৰক্ষণৰ যোগেদি ভৱিষ্যত
প্ৰজন্মৰ বাবে সুলভ কৰি তোলাৰ ব্যৱস্থা।
ছ) ধ্ৰুপদী ভাষা একোটাৰ ঐতিহাসিক আৰু সাংস্কৃতিক তাৎপৰ্যৰ প্ৰসাৰৰ
ব্যৱস্থা।
এতিয়া
কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত এই ধ্ৰুপদী বুলি স্বীকৃতিপ্ৰাপ্ত
ভাষাসমূহৰ সৈতে জড়িত বহুমুখী কামৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সিদ্ধান্ত
গ্ৰহণ কৰিছে।প্ৰতিটো স্বীকৃত ভাষাৰ অৰ্থপূৰ্ণ গৱেষণাৰ হকে গৱেষণা কেন্দ্ৰও প্ৰতিষ্ঠাৰ
উদ্যোগ গ্ৰহণ কৰিব বুলি চৰকাৰীভাৱে ঘোষণা কৰা হৈছে। শেহতীয়াকৈ স্বীকৃত ভাষাকেইটাক
বাদ দি তামিল, তেলুগু, মালায়ালাম, কন্নড় আদি ভাষাৰ কাৰণে সেই সেই ভাষা ব্যৱহাৰ
কৰা ৰাজ্যকেইখনে ইতিমধ্যেই বহুকোটি টকা খৰচ কৰি বহু গুৰুত্বপূৰ্ণ উদ্যোগ গ্ৰহণ কৰা
দেখা গৈছে। এতিয়া নতুনকৈ স্বীকৃত ভাষাকেইটাৰ বাবে সংশ্লিষ্ট ৰাজ্যসমূহৰ চৰকাৰে
কেন্দ্ৰীয় চৰকাৰৰ সহযোগত কেনে উদ্যাগ গ্ৰহণ কৰে সেইটো নিশ্চয় লক্ষ্যণীয় হ’ব।
প্ৰসঙ্গক্ৰমে
কৈ থোৱাটো উচিত হ’ব যে ভাষা একোটাক কোনো চৰকাৰী নথিপত্ৰই জীয়াই
ৰাখিব নোৱাৰে। ভাষা জী থাকে মানুহৰ মুখত। সাম্প্ৰতিক সময়ত অসমতঅসমীয়াভাষী লোকৰ
সংখ্যাটো দিনক দিনে কমি আহিছে। বিভিন্ন কাৰণত প্ৰাথমিক পৰ্যায়ৰপৰাই অনা অসমীয়া
মাধ্যমৰ বিদ্যালয়ত ল’ৰা-ছোৱালীক পঢ়ুৱাবলৈ অসমীয়া মানুহে ভালপোৱা
হৈছে। মৌখিকভাৱে নিজৰ মাতৃভাষাটো ব্যৱহাৰৰ বেলিকাও অসমীয়াভাষী লোকৰ সচেতনতা দুখ
লগাকৈ কমি অহা পৰিলক্ষিত হৈছে।বিভক্তিৰ ব্যৱহাৰ দুখলগাকৈ ভাধাগ্ৰস্ত হৈছে, ইংৰাজী
তথা হিন্দী বাক্যচয়নৰ শৈলী এটা (কোন হয়? মই কমল হয়।)
নিজে নজনাকৈয়ে অসমীয়া মানুহে গ্ৰহণ কৰি লৈছে, অসমীয়া গায়ক-গায়িকাৰ মুখত ‘ফ’
ধ্বনিটো ইংৰাজী ‘এফ্’ আখৰে বুজোৱা ধ্বনিলৈ সলনি হৈছে,
অসমীয়া গীত একোটা ‘ৰোমান লিপি’ৰে লিখি সেই গীত
মঞ্চত পৰিৱেশন কৰা ‘অসমীয়া গায়ক-গায়িকা’ৰ সংখ্যা
বাঢ়িছে। তিনিশ ক’পি অসমীয়া গ্ৰন্থ ক্ৰয় কৰিবলৈ প্ৰায়
ডেৰকোটিতকৈও অধিক অসমীয়াভাষী লোকৰ সমাজখনত বছৰ বছৰ সময়ৰ প্ৰয়োজন হৈছে। এনে অৱস্থাত
ধ্ৰুপদী অসমীয়া ভাষাৰ ভৱিষ্যত কেনে হ’বগৈ বুলি এটা ভয়াৱহ প্ৰশ্নই আমাক আমনি
কৰি আছে।