অলপতে অসমত
বিধান সভাৰ নিৰ্বাচন হৈ গ’ল৷ অহা চাৰি মে’-ত ভোটগণনা হ’ব আৰু তাৰ পাছৰে কোনোবা
এদিন নতুনকৈ এখন চৰকাৰ হ’ব৷ গণতন্ত্ৰত এইবোৰ তেনেই স্বাভাৱিক কথা৷
কিন্তু আমাৰ
চকুৰ সম্মুখতে কিছুমান অস্বাভাৱিক ঘটনা ঘটি আছে যিবোৰক লৈ আমি অকণো চিন্তিত নহওঁ৷
অথচ সমগ্ৰ সমাজখনকে চিন্তাত পেলাব পৰাকৈ এনে কিছুমান ঘটনা আমাৰ চকুৰ আগতে ঘটি আছে৷
তাৰে এটা ঘটনা
হৈছে, একোটা ৰাজনৈতিক দলে একোটা সমষ্টিত পঞ্চম, ষষ্ঠ অথবা সপ্তম
বাৰলৈকে একেজন লোককে প্ৰাৰ্থিত্ব প্ৰদান কৰাটো৷ অসমত অন্ততঃ যোৱা পঁচিছ বছৰে
পাঁচখন বিধান সভাই সম্পূৰ্ণ সময় অতিবাহিত কৰিছে৷ এনে অৱস্থাত কোনোবা এটা সমষ্টিত
একেজন লোকেই একেটা দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰি থকাৰ অৰ্থ এনেকুৱা নহয় জানো যে সেই
সমষ্টিত ৰাইজক বিধান সভাত প্ৰতিনিধিত্ব কৰিব পৰা নেতাৰ সৃষ্টি হোৱা নাই?
এতিয়া কথা হ’ল,
যিসকল
লোকে ‘ৰাজনীতি কৰে’ সেইসকলে সততে ৰাজ্যখনক, দেশখনক বিকাশৰ
পথেৰে আগ বঢ়াই নিয়াৰ কথা কয়৷ যিসকলে নিজৰ সমষ্টি এটাৰ মানুহক আগবঢ়াই নি নতুন
নতুন নেতৃত্ব দিব পৰা লোক সৃষ্টি কৰিব নোৱাৰে সেইসকলে দেশখনক বা ৰাজ্যখনকনো
কেনেদৰে আগ বঢ়াই নিব কোৱাটো কঠিন৷
বহুতো
নেতাই বক্তৃতা দিওঁতে প্ৰসঙ্গক্ৰমে কয়, ‘আজিৰ
পৰা পাঁচ দশকৰ পূৰ্বে আপোনালোকে কাঠৰ দলঙেৰে যাতায়াত কৰিবলগীয়া হৈছিল৷ আজি
আপোনালোকে পকী দলঙেৰে অহা-যোৱা কৰিছে৷’ এই ধৰণৰ কথাৰেই যিসকল নেতাই দেশৰ উন্নতিৰ
প্ৰমাণ দিবলৈ যায় সেইসকলে প্ৰকৃততে উন্নতিৰ সংজ্ঞা জানে নে নাজানে সন্দেহ হয়৷ কাৰণ,
সাম্প্ৰতিক
সময়ৰ বিশ্বৰ উন্নতিক এশ শতাংশ নিয়ন্ত্ৰণ কৰিছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই৷ আজিৰ
পৰা পঞ্চাছ বছৰৰ পূৰ্বে এখন দেশে আন এখন দেশ আক্ৰমণ কৰিবলৈ স্থলসেনা ব্যৱহাৰ
কৰিছিল৷ আজিকালি স্থলসেনাৰ ভূমিকা হৈ পৰিছে গৌণ৷ তাৰ বিপৰীতে গাইডেড্ মিছাইল,
গাইডেড্
ড্ৰ’ন আদিয়েহে আজিৰ তাৰিখত যুদ্ধৰ গতি-প্ৰকৃতি নিয়ন্ত্ৰণ কৰে ৷ তাতকৈও অধিক
শক্তিশালী যুদ্ধ সাম্প্ৰতিক সময়ত অৰ্থনৈতিক অৱৰোধ৷ এই ধৰণৰ কথা-কাণ্ডৰ প্ৰতি
চকু-কাণ নিদিয়াকৈ কেৱল কেঁচা ঘৰ- পকীঘৰ, বাঁহৰ দলং-পকী দলং আদিৰে উন্নয়নৰ ধাৰণা
কৰিবলৈ যোৱাটো বাতুলামিৰহে পৰিচায়ক৷
উপযুক্ত
নেতৃত্বৰ ধাৰণাটোৱে অৰ্থক্ষমতাৰে ক্ষমতাশালী হোৱা বাবে নেতৃত্বৰ দায়িত্ব লাভ কৰা
ব্যৱস্থাটোক সমৰ্থন নকৰে৷ কিন্তু উপযুক্তজন বঞ্চিত হৈ অনুপযুক্ত ব্যক্তি
জনপ্ৰতিনিধি হোৱাৰ ফলত আমাৰ সমাজখনে প্ৰকৃততে একোকে নাপায়৷ আজি কিছুদিনৰ পূৰ্বে
বিধান সভা নিৰ্বাচনত প্ৰাৰ্থিত্ব নাপাই অসন্তোষ ব্যক্ত কৰা এজন ব্যক্তিক লৈ এটা
ৰাজনৈতিক দলৰ এজন ক্ষমতাশীল নেতাই মন্তব্য কৰিছিল, ‘তেওঁ অসন্তোষ
কৰিব নালাগে৷ তেওঁক ৰাজ্যসভালৈ পঠাম৷’ এনে মন্তব্যৰ মাজত এখন সমাজৰ মঙ্গলৰ কাৰণে
কাম কৰিবলৈ এজন যোগ্য ব্যক্তিক আগ বঢ়াই দিয়াৰ পৰিৱৰ্তে এজন ব্যক্তিৰ অসন্তুষ্টি
দূৰীকৰণৰ যত্নহে ফুটি উঠে৷ এনেকুৱা ঘটনাৱলীৰ যোগেদি কি ফুটি উঠে? সমাজখনৰ
উন্নয়নৰ হকে ৰাজনৈতিক দল একোটাৰ আঁচনি নে পৰিকল্পনা? নে তেওঁলোকৰ
নিজৰ মানুহ কিছুমানৰ হাততে চিৰদিন ৰাজনৈতিক ক্ষমতা কুক্ষিগত কৰি ৰখাৰ পৰিকল্পনা?
আমেৰিকা আৰু
ইজৰাইলে ইৰান আক্ৰমণ কৰাৰ সমান্তৰালভাৱে ইন্ধনৰ মূল্যবৃদ্ধি হোৱাত কোনো সাংবাদিকে
এজন নেতাক প্ৰশ্ন সুধিছিল৷ উত্তৰত নেতাজনে কৈছিল, ‘সেইটো মই কেনেকৈ
জানিম? মই গেছ কোম্পানীৰ মালিক নে মোৰ গেছ চিলিণ্ডাৰৰ দোকান আছে!’ এই যে
নেতাজনৰ কথাষাৰ, ই বহুতকে হাঁহিৰ খোৰাক যোগালে যদিও আমাৰ
ৰাজনৈতিক সাক্ষৰতাৰ প্ৰতীক হৈছে এনে নেতা বোলোৱা লোকসকলেই!
অসম বিধান সভাৰ
একালৰ এজন বিধায়ক ঘটনাক্ৰমে মন্ত্ৰী হৈছিল৷ তেওঁৰ সমষ্টিৰ এটা অঞ্চলত দুবৃত্তই
অগ্নিসংযোগ কৰি বহুতৰে ধৰ-দুৱাৰ জ্বলাই দিছিল৷ ক্ষতিগ্ৰস্ত ৰাইজে চৰকাৰৰ পৰা
সাহায্য কিম্বা ক্ষতিপূৰণ বিচাৰি আৱেদন জনাইছিল৷ সেই আৱেদনৰ স্থানীয় বিধায়ক হিচাপে
সেইজন ব্যক্তিয়েই টোকা দিছিল এইবুলি, ‘দিছ মেন হাউছ ফায়াৰ ইজ ট্ৰু!’ অৰ্থৎ এই
মানুহজনৰ ঘৰত জুইলগাটো সত্য!
বেচেৰাই ইংৰাজী
নাজানিছিল কিন্তু এজন মন্ত্ৰী হৈ অসমীয়াত টোকা দিয়াটো তেওঁ সন্মানহানিকৰ হ’ব বুলি
ভাবিছিল৷
এই উদাহৰণটো কিয়
দিয়া হ’ল?
প্ৰকৃততে
ব্যতিক্ৰমক বাদ দি এনেকুৱা ব্যক্তি কিছুমানকে ৰাজনৈতিক দলবোৰে অজ্ঞাত কাৰণত
প্ৰাৰ্থীৰূপে মনোনীত কৰি আহিছে আৰু আমিও আমাৰ প্ৰশাসকৰূপে সদায়ে নিৰ্বাচিত কৰি
আহিছোঁ৷ অৰ্থাৎ ৰাজনৈতিক দিশত আমাৰ দেশখনত কাৰো কোনো পৰিকল্পনা নাই৷
