অন্যযুগ/


শৃঙ্খলা আৰু শৃঙ্খলাহীনতা

 

আমাৰ মানুহবোৰৰ হৈছে কি? সকলো ক্ষেত্ৰতে ইমান অৰাজকতাই পুলি-পোখা মেলিছে কিয়?

সৌ সিদিনা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰম্ভণিৰ দিনা কোনোবা সাংবাদিকে কিছু সংখ্যক পৰীক্ষাৰ্থীক তেওঁলোকৰ পৰীক্ষা সম্পৰ্কীয় দৃষ্টিভঙ্গীৰ খবৰ লৈছিল৷ পৰীক্ষাৰ্থীসকলৰ সৰহ সংখ্যকেই পৰীক্ষাৰ প্ৰতি দেখুৱাইছিল চৰম অৱজ্ঞাৰ ভাব৷ দুজনমানৰ মুখৰ ভাষা আছিল চূড়ান্ত অসংযত৷ সিদিনা পৰীক্ষাগৃহত অনৈিতক উপায়েৰে উত্তৰ লিখাত বাধা  দিবলৈ গৈ বহিঃনিৰীক্ষকৰ দ্বায়িত্বত থকা এজন অধ্যাপকে ৰাইজৰ ৰোষত পৰি সম্প্ৰতি জীৱন-মৃত্যুৰ টনা-আঁজোৰাৰ মাজত যুঁজি থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।

যি সময়ত আমাক চৰকাৰীভাৱে কৈ থকা হৈছে যে চলিত শতিকাটো ভাৰতবৰ্ষৰ, সেই সময়ত ভাৰতবৰ্ষৰ যুৱ সমাজৰ এই অধঃপতনে আমাক প্ৰকৃততে কেনে এক ভৱিষ্যতৰ সপোন দেখুৱায়? যি ব্যক্তিয়ে সামাজিক আচৰণ মানি চলিব নাজানে, যি ব্যক্তিয়ে নিজৰ ভৱিষ্যত সম্পৰ্কত কোনো পৰিকল্পনা নকৰে বা ভৱিষ্যত সজাবলৈ যত্ন নকৰে সেই ব্যক্তিয়ে বাৰু সমাজ-জীৱনক, দেশখনক কেনেদৰে সমৃদ্ধ কৰিব বুলি আশা কৰা যায়? কেৱল ‘আমাৰ জাতিৰ সোণালী অতীত আছে, আমি নিজৰ জাতিক ৰক্ষা কৰিম, দেশক ৰক্ষা কৰিম, দেশখনক পৃথিৱীৰ প্ৰথম স্থানত উপনীত কৰিম’ বুলি ডিঙিৰ সিৰ ফুলাই উচ্চগ্ৰামত চিঞৰিলেই সেইবোৰ কৰিব পৰা নাযায় বুলি আমি কাহানিকৈ উপলব্ধি কৰিব পাৰিম?

আচলতে আমাৰ সামগ্ৰিক মানসিকতাত এক প্ৰকাৰ বেপৰোৱা, উদণ্ড আৰু ভৱিতব্য সম্পৰ্কে চিন্তা, শঙ্কা বা দ্বিধাহীন নেতিবাচক শক্তিয়ে ক্ৰিয়া কৰি আছে৷ সেইবোৰেই আমাৰ সামাজিক আচৰণত প্ৰতিফলিত হৈ আহিছে৷ এনে আচৰণবোৰনো কেনেকুৱা?

ৰাজহুৱা পৰিৱহন ব্যৱস্থাত, ধৰি লওক আপুনি এখন বাছত উঠি দীঘলীয়া যাত্ৰা এটি আৰম্ভ কৰিছে আৰু  কাষৰে এজন যাত্ৰীয়ে উচ্ছগ্ৰামত গান শুনিবলৈ আৰম্ভ কৰি দিছে৷ কথা হ’ল, বাছখনৰ সকলো যাত্ৰীৰে সেই সময়ত গান শুনাৰ মানসিকতা আছেনে নাই সেইটো বিষয়ক লৈ সেই গান বজোৱাজন চিন্তিত নহয়৷ অথবা ফোনযোগে চিঞৰি চিঞৰি কাৰোবাৰ লগত ব্যক্তিগত কথা পতাজনেও চিন্তা নকৰে যে তেওঁৰ কথাখিনিয়ে আন কাৰোবাক আমনি কৰিবও পাৰে! ৰে’লৰ যাত্ৰাৰ প্ৰসঙ্গ নুলিওৱাই ভাল৷

সংশ্লিষ্ট বিভাগে ৰাস্তা-ঘাট বহল কৰিছে আৰু সেই নতুনকৈ বহলোৱা অংশত হয় যান-বাহন ৰখোৱাৰ ব্যৱস্থা হৈছে, নহয় তাতে নতুনকৈ কোনোবাই চুচুক-চামাককৈ বজাৰ পতা আৰম্ভ কৰিছে৷ আৰু কিছুদিনৰ পাছত সেই অস্থায়ী বজাৰখনেই স্থায়ীৰূপ লাভ কৰিছে৷ তেন্তে সেই ৰাস্তা বহলোৱা কামটো অৰ্থপূৰ্ণ হ’লগৈ জানো? আকৌ, ৰাস্তাৰ অংশ একোটা দখল কৰি বজাৰ পতাসকলে বজাৰৰ পেলনীয়া সামগ্ৰী পেলাই গোটেই অঞ্চলটো দূষিত কৰি পেলোৱাটোক লৈও কাৰো কোনো চিন্তা-চৰ্চা নাই৷

ৰাস্তাত যান-বাহন ৰখাৰ ফলত হোৱা অসুবিধাৰ পৰা মুক্ত হ’বলৈ সংশ্লিষ্ট বিভাগ একোটাই ৰাস্তাৰ তেনে অংশত প্লাষ্টিকৰ খুঁটি একোশাৰী  থিয় কৰাই তাত ‘যান-বাহন ৰখাব নোৱৰা ব্যৱস্থা’ কৰাও দেখিছোঁ৷ তেনেকুৱা শাৰী শাৰী খুঁটি থকা অংশত দেখোন গাড়ী-মটৰ চলাবই নোৱাৰি! তেনেহ’লে? তেনেকৈ যান-বাহন ৰখোৱাৰ ব্যৱস্থা নিয়ন্ত্ৰণ কৰাৰ ফলত কাৰ কি লাভ হৈছে?

আগৰ নেতাসকলে নিজকে ৰাইজৰ সেৱক বুলি ভাবিছিল আৰু তেওঁলোকৰ আচৰণ আছিল নম্ৰ, কথা-বতৰা আছিল পৰিশীলিত৷ সেয়ে ৰাইজেও তেনে নেতাক ৰ’ল মডেল বুলি গ্ৰহণ কৰিছিল৷ আজিকালিৰ প্ৰায় সংখ্যক নেতাই নিজকে ৰাইজৰ মালিক বুলি ভাবে আৰু ৰাইজখনক নিজৰ বহতীয়া বুলি ভাবি সেইমতেই কথা কয়৷ একোজন নেতাৰ কথা-বতৰা শুনি এনে লাগে যেন সমাজখনক বিভাজন ঘটাই নিজকে গুৰুত্বপূৰ্ণ ব্যক্তিৰূপে প্ৰতিষ্ঠা কৰি ৰখাই তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্য৷

এইবোৰ প্ৰকৃততে শৃঙ্খলাহীনতাৰে উদাহৰণ নহয়নে? এইবোৰ অনুশাসনহীনতাৰ উদাহৰণ নহয়নে?

এই সৰু সৰু বিষয়বোৰ উপেক্ষা কৰোঁতে কৰোঁতে আমাৰ সমাজখন ভিতৰৰ পৰা ঘুণে খাই একেবাৰে শেষেই কৰিবৰ উপক্ৰম হৈছে৷ এতিয়াও যদি আমাৰ চকু মুকলি নহয় তেন্তে ভৱিষ্যতে নি(য় অসমীয়া বোলা কোনো জাতি পৃথিৱীত নাথাকিবগৈ৷


ৰফিকুল হোছেইন : শ্ৰদ্ধাৰ্ঘ্য

লাহে লাহে যেন সৃষ্টিশীল মানুহবোৰ আঁতৰি গৈছে আৰু আমাৰ সমাজখনলৈ লাহে লাহে মাহে মাহে বছৰে বছৰে মৰুভূমিৰ আগমন ঘটিছে! এই মৰুভূমি বৌদ্ধিক দৈন্যৰ, এই মৰুভূমি মানসিক সম্পৰ্কহীনতাৰ। সৌ সিদিনা হঠাতে কবি-নাট্যকাৰ-পৰিচালক ৰফিকুল হোছেইনো আমাৰ মাজৰ পৰা আঁতৰি গল।

ৰফিকুল হোছেইন এজন প্ৰকৃত, অকৃত্ৰিম মানুহ আছিল। এনে মানুহ আজিৰ সমাজত দুৰ্লভ হৈ পৰিছে। অন্যযুগ পৰিয়ালৰ হৈ ৰফিকুল হোছেইনৰ স্মৃতিত গভীৰ শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰিছোঁ।

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ