মে’ মাহৰ
মাজভাগৰ কেইটামান দিনত ভাৰতৰ বিভিন্ন স্থানত যেন জুইহে জ্বলিছিল– তাপমাত্ৰা প্ৰায় ঊনপঞ্চাছ ডিগ্ৰীলৈ উঠিছিল৷ পাকিস্তানৰ মহেঞ্জোদাৰোত
তাপমাত্ৰাই পঞ্চাছ ডিগ্ৰী অতিক্ৰম কৰি গৈছিল৷ মানুহৰ কথা বাদেই, কাজিৰঙা
ৰাষ্ট্ৰীয় উদ্যানৰ বন্যজীৱবোৰেও আনকি পানী খাবলৈ নোপোৱা অৱস্থাৰ সম্মুখীন হৈছিল৷
এনে হৈছিল (বা খুব সঘনে হৈ আছে? এই লেখা প্ৰকাশ হোৱাৰ দুদিন পূৰ্বে ৰাজধানী দিল্লীৰ তাপমাত্ৰা হৈছিল প্ৰায় তেপন্ন ডিগ্ৰী!) কিয়?
কিয় আজিকালি
বছৰৰ যিকোনো সময়তে কৃষ্ণচূড়া ফুলে? কিয় আজিকালি বছৰৰ সকলো সময়তে
ঋতুবিশেষতহে উৎপাদন হোৱা পাছলি বা ফলমূল বজাৰত উভৈনদী হৈ থাকে?
এনে কিয়বোৰৰ
উত্তৰ এটাই– মানুহৰ কৰ্ম৷ মানুহৰ কৰ্মই ক্ৰমশঃ নৈসৰ্গিক প্ৰকৃতিক বিকৃত কৰিছে,
নষ্ট
কৰিছে৷ কেৱল ৰাস্তা-ঘাট, ঘৰ-দুৱাৰ সাজিবলৈকেতো মানুহে হাজাৰ
হাজাৰ বছৰ ধৰি গঢ-বন কাটি আহিছে, পাহাৰ খহাই আহিছে, নৈৰ
বুকু খান্দি আহিছে৷ মানুহৰ বাহিৰে আন কোনো জীৱই পৃথিৱীৰ নৈসৰ্গিক চৰিত্ৰৰ ওপৰত
ইমান অত্যাচাৰ চলোৱা নাই৷
অথচ, আচৰিত
কথা এয়ে যে জাগতিক কাম-কাজক লৈ খুব ব্যস্ত লোকসকলে অনুকূল প্ৰাকৃতিক পৰিৱেশত সকলো
কাম-কাজৰপৰা মুক্ত হৈ কিছু সময় নৈসৰ্গিক প্ৰকৃতিৰ মাজত নিজকে বিচাৰি চায়৷ বিশেষকৈ
পশ্চিমীয়া সমাজত এনে অনুশীলন বহু পুৰণি৷ নৈসৰ্গিক প্ৰকৃতিৰে অংশ মানুহ৷ কিন্তু আন
আন প্ৰাকৃতিক জীৱবোৰতকৈ দ্ৰুতগতিত মগজুৰ বিকাশ হোৱাৰ ফলস্বৰূপে মানুহ ক্ৰমশঃ
কৃত্ৰিম হ’বলৈ আৰম্ভ কৰিলে আৰু লাহে লাহে প্ৰকৃতিবিৰোধীও হৈ উঠিল৷ কিন্তু মানুহৰ
চিন্তা-চেতনাক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰি আছে প্ৰকৃতিয়েই৷ সেয়েহে কৃত্ৰিমতাই
মানুহক আমনি লগায়৷ তেনে অৱস্থাতে মানুহ আকৌ সাময়িকভাৱে হ’লেও প্ৰকৃতিৰ প্ৰেমিক হৈ
উঠিব খোজে৷
ইউৰোপ, আমেৰিকা,
অষ্ট্ৰেলিয়া
আদি দেশ-মহাদেশৰ মানুহে প্ৰকৃতিৰ মাজত নিৰৱতাৰ সন্ধান কৰে, আত্মোপলব্ধিৰ
কাৰণে ধ্যান কৰিব খোজে৷ সেয়েহে তেনে দেশবোৰত যিমানেই গগনচুম্বী আট্টালিকা নাথাকক,
যিমানেই
ঔদ্যোগিক প্ৰতিষ্ঠান নাথাকক, প্ৰকৃতিক প্ৰকৃতি কৰি ৰাখিবলৈ সেইবোৰ
দেশৰ মানুহৰ যত্ন প্ৰশংসনীয়৷ সেয়েহে ঘণ্টাৰ পাছত ঘণ্টা নিৰৱ-নিস্পন্দ হৈ তেওঁলোকে
শুনিবলৈ যত্ন কৰে প্ৰকৃতিৰ নিফুট সঙ্গীত৷ মানুহৰ সাময়িক উপস্থিতিৰ কাৰণে প্ৰকৃতিৰ
মাজত বাস কৰাসকলে যাতে কোনো কাৰণতে আমনি নাপায় তাক লৈও তেওঁলোকে খুব সচেতনতা
অৱলম্বন কৰে৷ ভুৰিভোজন কৰিবলৈ তেওঁলোক নৈসৰ্গিক প্ৰকৃতিৰ মাজলৈ নাযায়৷
দেখাক দেখি আমাৰ
মানুহেও খৰালি কাল আৰম্ভ হোৱাৰ লগে লগে ঘৰৰপৰা আঁতৰি পাহাৰতলিলৈ বা নৈৰ পাৰলৈ
ফুৰিবলৈ যোৱা আৰম্ভ কৰিছিল৷ লাহে লাহে তাতে যোগ হ’ল নৈসৰ্গিক প্ৰকৃতিৰ মাজত
খাদ্যদ্ৰব্যৰ অভাৱ নহ’বলৈ সকলো গোটাই-পিটাই লৈ যোৱাৰ ব্যৱস্থা এটা যাক ইংৰাজী
পিকনিক শব্দৰ সমাৰ্থক হিচাপে বনভোজ বুলি কোৱা হয়৷ পিছে আনক অনুসৰণ কৰিবলৈ গৈ
সম্প্ৰতি আমাৰ ৰাইজে বনভোজ শব্দটোক অপমান কৰাৰ দৰে পৰিস্থিতি এটা সৃষ্টি হোৱা দেখা
গৈছে৷ আমাৰ বনভোজ বোলা কাৰবাৰটো হয়গৈ এখন মেলা আয়োজন কৰাৰ দৰে৷ মাছে-মঙহে ডগৰি উগাৰি
খোৱাৰ ব্যৱস্থাটোৱেই হয়গৈ ইয়াৰ মূল লক্ষ্য৷ শেহতীয়া কিছু বছৰত যেনিবা তাতে যোগ
হৈছে অপৰিমিত সুৰাপানো৷ তদুপৰি প্ৰকৃতিৰ পৰিৱেশ যে প্ৰাকৃতিক কৰি ৰখাটো মানুহৰ
দায়িত্ব হোৱা উচিত তাক লৈও আমাৰ মানুহৰ কাহানিও মূৰ কামোৰণি হোৱা নাই৷
সেয়েহে অসমৰ
প্ৰায়বোৰ বনভোজস্থলী ভোজভাত খাই পেলাই থৈ যোৱা প্লাষ্টিকৰ বাচন, সুৰাৰ
বটল, খাব নোৱাৰি পেলাই থৈ যোৱা খাদ্য, বমি, বিষ্ঠা
আদিৰে নৰক সদৃশ৷ পেলনীয়া সামগ্ৰীৰ ব্যৱস্থাপনা যে মানুহৰ ‘মানুহ’
পৰিচয়ৰ এটা গুৰুত্বপূৰ্ণ অংশ সেইটো উপলব্ধি কৰিবলৈ আমাৰ ৰাইজ নাৰাজ৷ ফলস্বৰূপে কি
হৈছে, কোনোবাই এৰি অহা এৰেহাৰ ওপৰতে আকৌ আন কোনোবাই ৰন্ধা-বঢ়া কৰি
গোগ্ৰাসে খাদ্য গ্ৰহণ কৰিছে৷
কেৱল খাদ্যতে
সীমাৱদ্ধ থাকিলে ভালেই আছিল৷ বনভোজ আমাৰ বহুতৰে কাৰণে হৈ উঠে অপৰিমিত সুৰাপানৰ এক
সুযোগ৷ ফলস্বৰূপে অপৰিচিত স্থানত সুৰাপান কৰি আত্মনিয়ন্ত্ৰণ হেৰুৱাই পাহাৰৰ
ওপৰৰপৰা পৰি বা সলিল-সমাধিস্থ হৈ বহু লোকে অকালতে মৃত্যুবৰণো কৰাৰ খবৰ ওলায়৷
ৰাস্তাত সুৰাপান কৰি যানবাহন চলোৱাৰ ফলতো বহুতেই সংঘটিত কৰে অনাকাংক্ষিত দুৰ্ঘটনা৷
ফলত বনভোজৰ বতৰ মানেই কিছুমান অকাল মৃত্যুৰ খবৰৰো আশংকা৷
অসমৰ প্ৰকৃতিক
বিনন্দীয়া ৰূপতে ৰাখিবলৈ আমাৰ বনভোজস্থলীসমূহৰ দাঁতি-কাষৰীয়া অঞ্চলবোৰৰ ৰাইজৰ
সজাগতা খুব প্ৰয়োজনীয় আছিল৷ কিন্তু যিহেতু তেনে অঞ্চলবোৰ সাধাৰণতে কিছু দূৰৱৰ্তী,
সেয়েহে
যোগাযোগ ব্যৱস্থাকে ধৰি বিভিন্ন কাৰণত সেইবোৰ ঠাইৰ ৰাইজো পিছপৰা৷ সেই ৰাইজকে
যথোপযুক্ত প্ৰশিক্ষণৰ যোগেদি তেওঁলোকৰ অঞ্চললৈ অহা বনভোজ দলবোৰক প্ৰকৃতিক বিনষ্ট
কৰাৰপৰা বিৰত ৰখাৰ উপায় উলিয়াব পৰা গ’লহেঁতেন৷ মনত পৰিছে, এবাৰ
তিনিচুকীয়াৰ মাগুৰি বিলত নাৱেৰে গৈ থাকোঁতে নাৱৰীয়াজনে বাৰে বাৰে কৈছিল, ‘খোৱাবস্তুৰ
পেকেটবোৰ নাৱতে থৈ দিব৷ বিলৰ পানীত নেপেলাব কিন্তু৷’
এনে উদাহৰণ
বিভিন্ন স্থানত ওলাব৷ কিন্তু এনে ক্ষুদ্ৰ পৰিসৰৰ ভাল কামবোৰক বৃহৎ পৰিসৰৰ নিয়মৰ
ৰূপ দিবলৈ আমি প্ৰশাসনিকভাৱে আজিও উপযুক্ত হৈ উঠিব নোৱাৰিলোঁ৷
এই আজব দেশত কাৰ
কথা কোনে শুনে?
গতিকে অসমৰ
বনভোজস্থলীসমূহৰ দাঁতি-কাষৰৰ বৌদ্ধিকভাৱে পিছপৰা ৰাইজেও কেৱল নিজৰ আৰ্থিক অৱস্থা
টনকিয়াল কৰাৰ কথা ভাবি বনভোজৰ দিনকেইটাত সেই স্থানবোৰত অস্থায়ী বেপাৰ আৰম্ভ কৰি
দিয়ে– ঘাইকৈ সুৰা আৰু তাৰ লগত ব্যৱহাৰ কৰিব পৰা খুচুৰা সামগ্ৰী কিছুমানৰ৷ তেনে
অৱস্থাত সুৰাৰসিকসকলক পায় কোনে?
ছমাহমানৰ পূৰ্বে
পাচিঘাটলৈ গৈছিলোঁ৷ চিয়াং ব্ৰিজৰ তলত দেখিছিলোঁ শতাধিক বনভোজৰ দল৷ আচৰিত কথা,
সেইদিনা
তাত থকা সকলো বনেভাজৰ দলেই আছিল অসমৰ৷ এই যে অসমৰ বিভিন্ন স্থানৰপৰা গৈ চিয়াঙৰ
পাৰত বনভোজ খাই হাজাৰ হাজাৰ মানুহ ঘৰলৈ ঘূৰি আহিছে আৰু দৈনন্দিন কামৰ মাজত বুৰ
গৈছে। তেওঁলোকৰ এজনমানে বাৰু ভাবি চাইছেনে– তেওঁলোকে বনভোজ খাই পাৰটো লেতেৰা কৰি
থৈ অহা নদীখনৰ নাম কি? এনে কথাবোৰ তেওঁলোকে বাৰু ভাবি চায়নে? তেওঁলোকে যে এই বিশ্বজগতৰ আটাইতকৈ ৰহস্যময়
নদীখনৰ পাৰতে বনভোজ খাই আহিল?
এইবোৰ কথা মনলৈ
আহিছিল বাৰে বাৰে, কাৰণ চিয়াঙৰ পাৰত মই অসমৰ মানুহৰ অনেক অতপালি
দেখিছিলোঁ যিবোৰ আছিল সম্পূৰ্ণ প্ৰকৃতিবিৰোধী৷
সেইদিনা চিয়াঙৰ
পাৰত হাজাৰ হাজাৰ মানুহৰ সমাগম হৈছিল৷ কোনো মানুহ শান্ত-সমাহিত নাছিল, কিন্তু
চিয়াং আছিল গুৰুগম্ভীৰ৷ প্ৰথমে চিয়াঙৰ পানী এচলু শিৰত লৈছিলোঁ, মনৰ
সমস্ত সন্মানেৰে সন্মানিত কৰিছিলোঁ চিয়াঙক– শিৰত তুলি লৈ৷ তাৰ পাছত চিয়াঙৰ পাৰে
পাৰে ৰাজবাটে ৰাজবাটে গৈছিলোঁ, শুনিবলৈ যত্ন কৰিছিলোঁ বিশ্বতপা চিয়াঙৰ
অন্তৰ্লীন সঙ্গীত (চিয়াং নদীৰ এক অনন্য ৰহস্যময় সঙ্গীত আছে- যি পানীৰো নহয়, বতাহৰো
নহয়।)৷ মাজে মাজে ৰৈছিলোঁ, শুনিবলৈ যত্ন কৰিছিলোঁ, চিয়াঙে
কিবা ক’ব নেকি? মানুহে বিভিন্ন কাৰণত সৃষ্টি কৰা কোলাহলে বাৰে
বাৰে আক্ৰান্ত কৰিছিল আমাৰ নিবিড় সম্পৰ্কক– শুনিবলৈ দিয়া নাছিল একোকে৷
সুৰাপায়ীসকলৰ
বিকৃত ভাবনা দেখি সেইদিনা স্তব্ধ হৈ গৈছিলোঁ৷ মানুহৰ ৰুচিবোধৰ নাম-নিচানেই তাত
নাছিল৷ উচ্চগ্ৰামৰ অনুভাষ যন্ত্ৰত বাৰে বিংকৰা গান বজাই সৈ মানুহবোৰে নাছিছিল,
নাচৰ
নামত বিকৃত ভাবনাৰ প্ৰকাশ ঘটাইছিল৷ তেনেসকলৰ ভিতৰত সৰহ আছিল উতনুৱা ডেকাচাম৷
এনে অভিজ্ঞতাৰ
ফলত আমাৰ মনত প্ৰশ্ন জাগে, মানুহে বাৰু কেৱল নিজৰ কথাকে কিয় ভাবে?
মানুহে
কিয় ভাবিব নোৱাৰে যে ‘মোতকৈ বেলেগে পৃথিৱীক ভবা, উপলব্ধি কৰা,
আহৰণ
কৰিব খোজা, আত্মসাৎ কৰিব খোজা কোনোবা মানুহো থাকিব পাৰে!’
মানুহে কিয় নাভাবে যে জগতখন কেৱল মানুহৰ কাৰণেই নহয়? প্ৰকৃতিৰ মাজত
দিন একোটা কটাবলৈ গৈ আমি বাৰু প্ৰকৃতিকে ধৰ্ষণ কৰা নাইনে?
অলপতে এগৰাকী
সহকৰ্মীয়ে বেছ আত্মবিশ্বাসেৰে কৈছিল, ‘মই ভাবোঁ যে আমি মানুহবোৰ এইখন পৃথিৱীৰ
জীৱ নহয়৷ আমি ঘটনাক্ৰমে আহি ক’ৰবাৰপৰা আহি ইয়াত থাকি গ’লোঁ৷’ তেওঁ তেনেকৈ কোৱাৰ
কাৰণ জানিব খোজাত ক’লে, ‘চাওক, মানুহৰ বাহিৰেআন
সকলো জীৱই এইখন পৃথিৱীৰ প্ৰকৃতি জগতৰ সৈতে মিলি থাকিব পাৰিলে, আমি
কিন্তু নোৱাৰিলোঁ৷ আমাক কাপোৰ লগা হ’ল, খাদ্য আমি ৰান্ধিহে খাব পাৰিলোঁ,
থাকিবলৈও
ঘৰৰ দৰকাৰ হ’ল– আমি প্ৰাকৃতিক পৰিৱেশতে থাকিব নোৱাৰিলোঁ৷ এইবোৰ বাৰু কাৰণ নহয়নে?’
তেওঁৰ
কথাত সুৰ মিলাই আন এজনে ক’লে, ‘হেৰৌ, পৃথিৱীখন আমাৰ
নিজৰ হোৱাহ’লে আমি জানো ইয়াৰ ক্ষতি কৰিলোহেঁতেন? পৃথিৱীখন আমাৰ
নহয় বুলি জানো কাৰণেইতো আমি যিমান পাৰোঁ সিমান পৃথিৱীৰ অনিষ্ট সাধন কৰিছোঁ আৰু
এতিয়া পৃথিৱীক ধ্বংসৰ পথলৈ আগ বঢ়াই দি আমি আকৌ আমাৰ বাবে এখন নতুন, বেলেগ
বসতিযোগ্য পৃথিৱীৰ সন্ধানত নামি পৰিছেঁ!’
মানুহৰ প্ৰাণহানি (আন জীৱ-জন্তুৰ প্ৰাণহানিক বাৰু আমি কোনো ধৰণৰ হানি বুলি নধৰোঁৱেই!) হোৱাকৈ প্ৰচণ্ড গৰম আৰু প্ৰৱল বৃষ্টিপাত-ধুমুহা আদিয়ে আমাৰ জগতখন (যদিও গ্ৰীষ্ম-বৰ্ষা আদিও জগতৰে অংশ) নষ্ট(!) কৰাৰ সময়ত আমি বাৰু মনত পেলাওঁনে, আমি আমাৰ জগতখনৰ কিমান ক্ষতি কৰিছোঁ?