অন্যযুগ/


স্বচ্ছতা-অস্বচ্ছতা : কিছুমান পুৰণি চিন্তা

 

একবিংশ শতিকাৰ পোন্ধৰটা বছৰ অতিক্ৰম কৰাৰ পাছত আমাৰ দেশৰ প্ৰধান মন্ত্ৰীজনে হঠাৎ উপলব্ধি কৰিছিল যে দেশখনৰ মানুহখিনি চাফ-চিকুণকৈ থাকিব লাগে৷ এনেয়ে ভাবি চালে ই বৰ শলাগনিযোগ্য বিৱেচনা৷ কিন্তু মঙ্গল গ্ৰহত মানুহৰ উপনিৱেশ প্ৰতিষ্ঠা কৰাৰ বিষয়ে চিন্তা-চৰ্চা হোৱা তথ্য-প্ৰযুক্তিৰ জয়জয়কাৰৰ এনে দিনত চাফ-চিকুণকৈ থাকিব লাগে বুলি অনুভৱ কৰাটো আৰু তাকে লৈ লাখ লাখ কোটি টকাৰে আঁচনি ঘোষণা কৰিবলগীয়া হোৱাটো এক প্ৰকাৰে আচৰিত হ’বলগীয়া কথা৷

আচৰিত হোৱাৰ কিছুমান কাৰণ সেই সময়তে আমাৰ চকুত পৰিছিল৷ সেইখিনিৰে কিছু আছিল এনে ধৰণৰ -

ক) স্বচ্ছতা অভিযানৰ অংশ হিচাপে বিভিন্ন ৰাজনৈতিক নেতা, চৰকাৰৰ মুৰব্বী, প্ৰশাসনিক বিষয়া আদিয়ে হাতত সোঁতা-বাঢ়নি লৈ ফ’টো উঠি ডাঙৰ ডাঙৰ হ’ৰ্ডিঙত সেই ফ’টো ওলোমাই ৰখাটো কেনে ধৰণৰ স্বচ্চতা আমি আজিও বুজিব নোৱাৰিলোঁ৷ কাৰণ তেনে হ’ৰ্ডিং নিৰ্মাণত ব্যৱহাৰ হোৱা সামগ্ৰীসমূহ স্বচ্চতাৰ পৰিপন্থী, পৰিৱেশ প্ৰদূষণৰ প্ৰত্যক্ষ কাৰক৷

খ) অভিযানৰ অংশ হিচাপেই বিভিন্ন চৰকাৰী কাৰ্যালয়-প্ৰতিষ্ঠান আৰু আৱাসৰ চৌহদৰ বেৰত বিভিন্ন চিত্ৰাঙ্কন কৰা হ’ল৷ এনে অঙ্কনত ব্যৱহৃত সামগ্ৰীবোৰে প্ৰৰিৱেশ অনুকূল নহয়৷ তেনে বহু চিত্ৰ আজিৰ তাৰিখত (সেই অভিযান আৰম্ভ হোৱাৰ এঘাৰ বছৰৰ পাছত) অপৰিচ্ছন্নতাৰ স্মাৰক হৈহে উঠিছে৷

গ) বহু লোকে স্বচ্ছতা অভিযানৰ অংশ হিচাপে আজিৰ দিনতো মাজে-সময়ে বজাৰে-সমাৰে ঝাৰু মাৰিছে ঠিকেই৷ কিন্তু ঝাৰু মাৰি গোটোৱা জাবৰবোৰ কি কৰা হৈছে সেইটো কোনেও লক্ষ্য কৰা নাই৷ ঝাৰু মৰাৰ ফ’টোবোৰ পিছে ছ’চিয়েল মেডিয়াত খুব সুন্দৰভাৱে উপস্থাপন কৰি প্ৰচাৰ কৰা হৈ আহিছে৷

গ) ঝাৰু মৰা সম্পন্ন হৈছে৷ পাছ মুহূৰ্ততে সেই ঠাইত বিভিন্ন অপকাৰী পেলনীয়া সামগ্ৰী পেলোৱাৰপৰা ৰাইজ বিৰত হোৱা নাই৷ তাৰ মানে সকলো শ্ৰেণীৰ মানুহক চাফ-চিকুণ হৈ ৰোৱাৰ বিষয়ে এই অভিযানে সজাগ কৰি তুলিব পৰা নাই৷

ঙ) স্বচ্ছ ভাৰত অভিযানৰ যোগেদি ঘাইকৈ চহৰ অঞ্চলৰ শুকান ঠাইবোৰত ঝাৰু মৰা হৈছে৷ কিন্তু নলা-নৰ্দমা, খাল-পুখুৰীবোৰ সকলোৱে আওকাণ কৰি গৈছে৷ বহু সময়ত ওখ ঠাইত ঝাৰু মাৰি খাল-পুখুৰী, নলা-নৰ্দমা আদিতে পেলনীয়াবোৰ পেলোৱা হৈছে৷ এনে জলাহ ঠাইবোৰ কেনেকৈ চাফ-চিকুণ কৰা হ’ব তালৈ কাৰো চিন্তা নাই৷

উপৰি উক্ত প্ৰসঙ্গকেইটাক অতি সামান্য উদাহৰণ হিচাপেহে দাঙি ধৰা হৈছে৷ প্লাষ্টিক-প’লিথিনেই ভাৰতবৰ্ষ লেতেৰা হোৱাৰ অন্যতম কাৰণ৷ সময়ে সময়ে চৰকাৰীভাৱে প’লিথিন ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা লক্ষ্য কৰোঁ৷ কিছুদিনৰ পাছত আকৌ আগৰ দৰেই অৰাজকতা সৃষ্টি হয়৷ প্ৰশ্ন হৈছে, প’লিথিন ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰাতকৈ প’লিথিন উৎপাদন বন্ধ কৰাৰ ব্যৱস্থা লোৱা নহয় কিয়? সম্প্ৰতি জাবৰৰ মাজত ডাঙৰ ডাঙৰ প’লিথিনৰ মোনাবোৰহে আমাৰ চকুত পৰে৷ কিন্তু গুটখা-জৰ্দাৰ পেকেট, টফি-মৰটন মেৰিওৱা এক-ডেৰ ইঞ্চি আকাৰৰ প’লিথিনবোৰ চকুত নপৰে যদিও সেইবোৰে কেনে মাৰাত্মক প্ৰদূষণ সৃষ্টি কৰিছে সি চিন্তনীয়৷ বিভিন্ন পৰ্যায়ৰ নিৰ্বাচন (পঞ্চায়ত, বিধান সভা, লোকসভা, পৌৰ নিকায় আদি), বিভিন্ন সংগঠনৰ সভা-সমিতি, শিক্ষানুষ্ঠানত অনুষ্ঠিত পৰীক্ষা-নিৰীক্ষা আদিক উপলক্ষ্য হিচাপে লৈ বিভিন্ন ব্যক্তি আৰু সংগঠনে প্ৰচাৰ কৌশল হিচাপে বিভিন্ন পতাকা, বেনাৰ-প’ষ্টাৰ আদি ৰাজহুৱা স্থানত আঁৰে৷ সময়ত সেইবোৰ আঁতৰ কৰাৰ দায়িত্ব কিন্তু কোনেও নলয়৷

আৰু দৈনিক ওলোৱা লক্ষ লক্ষ মদৰ বটল! সেইবোৰৰ কথালৈ বাৰু কাৰো দৃষ্টি আকৰ্ষণ নকৰোঁ৷

স্বচ্চতা মানে কেৱল চকুৰে দেখা ঠাইবোৰ চাফা কৰি ৰখাকে নুবুজায়৷ আমাৰ নগৰে চহৰে থকা খাদ্যৰ হোটেলবোৰত কি মানৰ খাদ্য পৰিৱেশন কৰা হয় সেইটোও স্বচ্চতা সম্পৰ্কীয় সজাগতাৰ বিষয় হোৱা উচিত৷ একেদৰে চৰকাৰী-বেচৰকাৰী কাৰ্যালয়বোৰত পুৰণি কাগজ-পত্ৰ ৰখাৰ যি ব্যৱস্থা সিও স্বচ্চতা অভিযানৰ আওতালৈ অহা উচিত৷ আকৌ, গাড়ী-মটৰৰ ইঞ্জিনে সৃষ্টি কৰা প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে বিশেষ ধৰণৰ ব্যৱস্থা লোৱা উচিত৷ সম্প্ৰতি কিন্তু এই বিষয়টো একেবাৰে উপেক্ষিত বিষয় হৈ আছে৷ চৰকাৰে কোনো বেচৰকাৰী এজেণ্টক দায়িত্ব দি থৈছে, মটৰ আদি পৰীক্ষা কৰি প্ৰদূষণ সৃষ্টি নকৰাৰ প্ৰমাণ পত্ৰ দিবৰ কাৰণে৷ তেনে প্ৰমাণ পত্ৰ আছে নে নাই সেইটোহে সময়ে সময়ে যান-বাহন আৰক্ষীয়ে পৰীক্ষা কৰে; কাগজখনক কি লিখা থাকে সেয়া নাচায়ো আৰু সম্ভৱতঃ বুজিও নাপায়৷ এই ব্যৱস্থাটো অতি সোনকালে নোহোৱা কৰা প্ৰয়োজন৷ লগতে এষাৰ কথা৷ প্ৰদূষণ কেৱল গাড়ী-মটৰৰ ইঞ্জিনে উলিয়াই দিয়া ধোঁৱাই সৃষ্টি নকৰে, একে সময়তে ইঞ্জিনৰ শব্দয়ো কৰে, পোহৰেও কৰে৷ আমাৰে দুৰ্ভাগ্য যে ছাইলেঞ্চাৰ আঁতৰাই তীব্ৰ শব্দ সৃষ্টি কৰি পথচাৰীৰ মনত আশঙ্কা সৃষ্টিকাৰী মটৰ চাইকেল আৰোহী কিছুমানে আমাৰ চকুৰ আগতে বীৰত্ব প্ৰদৰ্শন কৰি থাকে অথচ সেই কাৰ্য যে প্ৰদূষণৰ কাৰক আমি বুজিয়ে উঠা নাই৷

আন এটা দিশলৈ চকু দিওঁ৷ আমাৰ শাক-পাচলি আৰু মাছ-মঙহৰ বজাৰখন কিমান স্বচ্চ বাৰু? শাক-পাচলিৰ খেতিত প্ৰয়োগ কৰা কীটনাশকবোৰ কিমান স্বাস্থ্যৰ বাবে উপকাৰী? এইবোৰ দিশ স্বচ্চ ভাৰত অভিযানৰ পৰিধিৰ ভিতৰত সোমাবনে?

প্ৰসঙ্গান্তৰলৈ নগৈও ক’ব খুজিছোঁ, আমাৰ মনোজগতত স্বচ্ছতা-চিন্তা সম্পৰ্কীয় ধাৰণাটো স্পষ্ট নোহোৱা পৰ্যন্ত স্বচ্ছ ভাৰত অভিযান ঝাৰু অভিযান হৈয়ে ৰৈ যাব৷ আভিধানিকভাৱে স্বচ্ছতা মানে ইফালৰপৰা সিফাললৈ দেখি থকাকৈ ফটফটীয়া৷ কিন্তু সাম্প্ৰতিক সময়ত স্বচ্ছতা অভিযানে সম্মুখৰখিনিহে দেখা পাইছে; অন্তৰালৰখিনি নেদেখা পৰ্যন্ত সেইটো ফাল চাফা হৈছেনে লেতেৰা হৈয়ে আছে সেইটো কোনেও নাজানিব৷

কেইদিনমানৰ পূৰ্বে অসমৰ কোনোবা এজন বিধায়কে কোনোবা ৰাজহুৱা ঠাইত ঝাৰু মৰাৰ ফ’টো এখন ছ’চিয়েল মেডিয়াত দেখিহে এই পুৰণি কথাখিনি মনত পৰিল৷ কাৰণ সেই ব্যক্তিজনে ঝাৰু মৰা ঠাইত কাৰ্পেট পাৰি থোৱা আছিল আৰু তেওঁ ধৰি থকা ঝাৰুটাৰৰ আগত একো আৱৰ্জনা নাছিল!

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ