অন্যযুগ/


মৃত্যুৰ সদাগৰবোৰ আৰু মানৱৰ ভৱিষ্যত

 

২০১৪ চনৰ পৰা ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত ৰাজনৈতিক আৰু সামৰিক সংঘাত চলি আহিছে আৰু ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীৰ পৰা ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে স্পষ্ট ৰূপত সামৰিক অভিযান আৰম্ভ কৰে৷ যোৱা তিনি বছৰৰো অধিক কাল এই দুইখন দেশে পৰস্পৰৰ বিৰুদ্ধে যুঁজি আহিছে৷ তাৰো পূৰ্বে যোৱা শতিকাৰ প্ৰথমাৰ্ধত দুখনকৈ বিশ্বযুদ্ধৰ ভয়াৱহতাৰ পৰা শিক্ষা নলৈ আমেৰিকাৰ উদ্যোগত ভিয়েটনামত সামৰিক অভিযান চলিছিল, ইৰাক, যেমেন আৰু আফগানিস্তান আদি দেশতো চলিছিল৷

এইবোৰৰ উপৰি একোখন দেশে আন একোখন চুবুৰীয়া দেশক নানা প্ৰকাৰে অপকাৰ কৰিবলৈ বিচাৰি কিছুমান পৰোক্ষ সামৰিক অভিযান চলোৱাও দেখা যায়৷ উদাহৰণস্বৰূপে আমাৰে চুবুৰীয়া পাকিস্তানে বিভিন্ন সময়ত ভাৰত আৰু আফগানিস্তানত সামৰিক কাৰ্যকলাপ চলাবলৈ গোপনে সন্ত্ৰাসবাদী সংগঠন কিছুমান গঢ়ি তোলা, সেইবোৰক প্ৰশিক্ষণ দি বিভিন্ন ধৰণৰ প্ৰযুক্তিগত সা-সুবিধাৰে পৰিপুষ্ট কৰি, গোপনে চুবুৰীয়া দেশত প্ৰৱেশ কৰাই বিভিন্ন স্তৰৰ লোকক হত্যা কৰাই আহিছে৷ এনে হত্যাৰো দুটা প্ৰকাৰ আছে– প্ৰত্যক্ষ আৰু পৰোক্ষ৷ প্ৰত্যক্ষ হত্যাত সন্ত্ৰাসবাদীবোৰে আগ্নেয়াস্ত্ৰৰে পোনে পোনে মানুহক হত্যা কৰে৷ পৰোক্ষ হত্যাত মানুহৰ শৰীৰ আৰু মগজুত সিহঁতে ৰাগিয়াল দ্ৰব্য আৰু চিন্তা-চৰ্চা সুমুৱাই দিয়ে৷ এনে ৰাগিৰ ভিতৰত বিভিন্ন বৈষয়িক সা-সুবিধা, প্ৰলোভন, ড্ৰাগ আৰু ধৰ্মীয় উন্মাদনাক ধৰিব পাৰি৷

মন কৰিবলগীয়া কথা এয়ে যে একোখন দেশে আন একোখন দেশত সামৰিক আক্ৰমণ চলাওঁতে একোটা মুহূৰ্তৰ ভিতৰতে খৰচ হয় বহু কোটি ধন৷ কাৰণ একোখন যুদ্ধবিমানৰ কেইটামান ঘণ্টাৰ উৰণ মানেই বহু কোটি ধনৰ খৰচ, তাৰ জৰিয়তে বিপক্ষৰ উদ্দেশ্যে প্ৰক্ষেপ কৰা একোটা মিছাইলৰ মূল্যও বহু কোটি টকা৷ এনে অৱস্থাত দেশ একোখনে মুহূৰ্তৰ ভিতৰতে কেৱল মানুহক হত্যা কৰা আৰু মানুহৰে সা-সম্পত্তি ধ্বংস কৰাৰ উদ্দেশ্যে কিমান ধন খৰচ কৰে ভাবি আচৰিত হ’বলগীয়া হয়৷

এই কথাৰ আধাৰতে যদি আমি পৃথিৱীৰ দেশবোৰৰ আৰ্থিক অৱস্থালৈ লক্ষ্য কৰোঁ তেন্তে দেখিম যে পৃথিৱীৰ আটাইতকৈ সমৃদ্ধিশালী তথা ক্ষমতাশালী বুলি আটায়ে গণ্য কৰা আমেৰিকা যুক্তৰাষ্ট্ৰ দেশখনেই পৃথিৱীৰ সৰ্বাধিক ঋণগ্ৰস্ত দেশো (২০২৪ চনৰ ছেপ্তেম্বৰ মাহত প্ৰকাশিত তথ্য অনুসৰি)৷ দেশখনৰ সৰ্বমুঠ সম্পদৰ ১৮.৪৪ শতাংশ ঋণত পোত খাই আছে৷ এই তালিকাত আমাৰ দেশ ভাৰত আছে ২৩ নম্বৰ স্থানত৷ ভাৰতৰ সৰ্বমুঠ সম্পদৰ ৪.৬৩ শতাংশ ঋণত পোত খাই আছে৷ আমাৰ চুবুৰীয়া পাকিস্তানৰ স্থান এই তালিকাত ৫৮ নম্বৰত যদিও দেশখনৰ অৱস্থা আমাতকৈ শোচনীয়৷ কাৰণ পাকিস্তানৰ সৰ্বমুঠ সম্পদৰ ১৯.৩৩ শতাংশ ঋণত পোত খাই আছে৷ অৱশ্যে আমাৰ আন এখন চুবুৰীয়া দেশ চীন এই তালিকাত ১২ নম্বৰ স্থানত থাকিলেও দেশখনৰ অৱস্থা আমাতকৈ উন্নত৷ কাৰণ চীনদেশৰ সৰ্বমুঠ সম্পদৰ কেৱল ২.৯৩ শতাংশহে ঋণৰ ওপৰত নিৰ্ভৰশীল৷ ভাৰতৰ বন্ধুৰাষ্ট্ৰ যদিও সময়ে সময়ে ৰহস্যময় ভূমিকা গ্ৰহণ কৰা যুদ্ধবাজ দেশ ৰাছিয়া এই তালিকাত আছে ৩৫তম স্থানত৷ দেশখনৰ মুঠ সম্পদৰ ৬.৬২ শতাংশ ঋণৰ জৰিয়তে আহৰণ কৰা সম্পদ৷

এই তথ্যখিনি এইবাবেই তুলি ধৰা হৈছে যে এই দেশবোৰে ঋণগ্ৰস্ত হৈও নিজকে আনক ইচ্চা কৰিলেই মাৰি পেলাব পৰাকৈ শক্তিশালী বুলি প্ৰমাণ কৰিবলৈ উন্মুখ হৈ থাকে৷ বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰে পৃথিৱীৰ সকলো দেশৰে অভিভাৱক বুলি জ্ঞান কৰে৷ এই উদ্দেশ্যে আমেৰিকাই পৃথিৱীৰ আশীখনৰো অধিক দেশত ৭৫০ টাতকৈও অধিক সামৰিক শিৱিৰ গঢ়ি তুলিছে৷ এই যে দেশবোৰ, যিবোৰে আমেৰিকাক নিজৰ ভূমিত সামৰিক আন্তঃগাঁথনি গঢ়িবলৈ দিছে, এইবোৰ কিয় বাধ্য হৈছে? এই দেশবোৰৰ বিভিন্ন দুৰ্বলতা দূৰীকৰণৰ আশ্বাস আমেৰিকাই প্ৰদান কৰিছে আৰু মানুহৰ চকুত পৰাকৈ কিছু কৰিছেও৷ কিন্তু এই দেশবোৰত সামৰিক ছাউনি পতাৰ বিনিময়তআমেৰিকাই যিখিনি উন্নয়নমূলক কাম কৰি দিছে সেইখিনি পিছে বিনামূলীয়া নহয়; সেইধিনি ঋণহে৷ অৰ্থাৎ, আমেৰিকাই মাছৰ তেলেৰেই মাছ ভাজি আহিছে৷

আমাৰ চুবুৰীয়া পাকিস্তানৰ অৱস্থাটো আৰু পুতৌজনক৷ কাৰণ, আমেৰিকান ৰূপীৰ মূল্য সম্প্ৰতি ইমানেই কম হৈছে যে এক আমেৰিকান ডলাৰৰ বিপৰীতে প্ৰায় ২৭০ পাকিস্তানী ৰূপী (২৭ জুন, ২০২৫) খৰচ কৰিবলগীয়া অৱস্থা হৈছে৷ (ভাৰতীয় মুদ্ৰাৰো অৱস্থা ভাল নহয়৷ এক আমেৰিকান ডলাৰৰ বিপৰীতে ২৭ জুন, ২০২৫ তাৰিখত ভাৰতীয় টকা প্ৰায় ৮৫.৪৯ পাকিস্তানী খৰচ কৰিবলগীয়া অৱস্থা হৈছে৷) অথচ, এনে অৱস্থাতো, ইজৰাইলে লেবানন আৰু ইৰাণ আক্ৰমণ কৰোঁতে পাকিস্তানে নিজে গা পাতি লৈ ভাবুকি প্ৰদান কৰিছে যে ইজৰাইলৰ উদ্দেশ্যে পাৰমাণৱিক বোমা প্ৰক্ষেপ কৰিবলৈ তেওঁলোক সাজু হৈ আছে৷ ভাৰতৰ কাশ্মীৰৰ পেহলগামত পাকিস্তানে পৃষ্ঠপোষকতা কৰা সন্ত্ৰাসবাদীয়ে চলোৱা অমানৱীয় হত্যাযজ্ঞৰ প্ৰতিশোধকল্পে ভাৰতে যেতিয়া পাকিস্তান অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ শিবিৰবোৰ আক্ৰমণ কৰিছিল তেতিয়াও পাকিস্তানে একে ভাবুকিয়েই প্ৰদান কৰিছিল৷ তাৰ পাছতে ভাৰতৰ সামৰিক ছাউনিসমূহ লক্ষ্য কৰি পাকিস্তানে বিভিন্ন প্ৰকাৰে আকাশী আক্ৰমণ চলাইছিল যি আক্ৰমণ এশ শতাংশই ভাৰতে প্ৰতিহত কৰিছিল৷ তাৰ পাছত ভাৰতে পাকিস্তানৰ আকাশী সামৰিক অভিযানৰ কেন্দ্ৰস্থলসমূহ লক্ষ্য কৰি আক্ৰমণ চলাই এঘাৰটা আকাশী সামৰিক ঘটি ধ্বংস কৰিছিল৷ তাৰ পাছতে পাকিস্তানে ভাৰতৰ সামৰিক বাহিনীৰ ভৰিত ধৰি আক্ৰমণ বন্ধ কৰাইছিল যদিও শেষত ৰাজপথত মিছিল উলিয়াই যুদ্ধৰ বিজয়োৎসৱ পালন কৰিছিল! দেশখনৰ দায়িত্বপ্ৰাপ্ত মন্ত্ৰীজনে কৈছিল যে তেওঁলোকে ভাৰতৰ তিনি / পাঁচ / ছয়খনকৈ যুদ্ধবিমান ধ্বংস কৰিছে! (ইফালে তেওঁলোকে নিজৰ ক্ষতিগ্ৰস্ত সামৰিক বিমান ঘাটিসমূহত টাৰ্পলিনেৰে ঢাকনি লগাইেছ!)  তেওঁ আৰু কৈছিল যে ভাৰতত তেজৰ নৈ বোৱাবলৈ তেওঁলোক সম্পূৰ্ণৰূপে সাজু হৈ আছে! এনে বক্তব্যৰ আঁৰত থকা ভূ-ৰাজনৈতিক কৰ্মকাণ্ডবোৰো তাৎপৰ্যপূৰ্ণ আছিল৷ কাৰণ ১৯৬০ চনৰ ছেপ্টেম্বৰ মাহত ভাৰত আৰু পাকিস্তানৰ মাজত সিন্ধু আৰু তাৰ উপনদীসমূহৰ পানীৰ অধিকাৰক লৈ ভাৰত আৰু পাকিস্তান চৰকাৰৰ মাজত যিখন যুক্তি হৈছিল, সেই চুক্তিখন পেহলগামৰ অমানুষিক ঘটনাৰ লগে লগেই ভাৰতে অমান্য কৰিবলৈ ঘোষণা কৰিছিল৷ পাকিস্তান এনে এখন দেশ যি দেশত সিন্ধু নদীৰ পানী নহ’লে খোৱাতো বাদেই, ধোৱা-পখলা কৰিবলৈও পানীৰ অভাৱ হয়৷ এতিয়া ভাৰতে আকৌ হাজাৰ কোটি টকা খৰচ কৰিব– সিন্ধু নদীৰ পানী বন্ধ কৰি পাকিস্তানৰ কোটি কোটি মানুহৰ জীৱনযাত্ৰা কঠিন কৰি তুলিবলৈ৷ সিফালে পাকিস্তানে এতিয়াও হুংকাৰ দিবলৈ বন্ধ কৰা নাই যে ভাৰতে সিন্ধুৰ পানীৰ প্ৰৱাহ বন্ধ কৰিলেই ভাৰতত তেজৰ নৈ ব’ব! এই যে দেশবোৰৰ মাজৰ পাৰস্পৰিক ভূ-ৰাজনৈতিক সম্পৰ্ক– বন্ধুত্ব নাইবা শত্ৰুতাৰ, এইবোৰৰ সৈতে পিছে সাধাৰণ মানুহবোৰৰ বিশেষ একো সম্পৰ্ক নাই৷ তথাপি দেশনেতাবোৰৰ ৰাজনৈতিক চিন্তা-চৰ্চাৰ ফলস্বৰূপে প্ৰায়ে সাধাৰণ মানুহৰ জীৱনলৈহে নামি আহে অকাল মৃত্যু আৰু সম্পদৰ ধ্বংসলীলা৷

অতঃ এব, যি বুজা গ’ল, সেই ফকৰাটোৱেই শুদ্ধ– ‘ভিনি মাটি বেচবা পাৰে, বাই কিন্তু ঘিঁ-ভাত খায়’ বা ‘ভিনি মাটি বেচবা পাৰে, বাই কিন্তু সুখে আছে!’ যুদ্ধ লাগিল ইজৰাইল আৰু ইৰাণৰ মাজত, তাতে সোমালহি আমেৰিকা৷ এটা সময়ত যুদ্ধখনে ভয়াৱহ পৰিণতিৰ ফালে যোৱাৰ ইঙ্গিত দি হঠাতে বন্ধ হৈ গ’ল– ঘোষিত হ’ল যুদ্ধবিৰতি ৷ তাৰ পাছত তিনিওখন দেশেই নিজকে বিজয়ী বুলি ঘোষণা কৰিলে! ভাৰত-পাকিস্তানৰ সংঘাতৰ ক্ষেত্ৰতো একেই দৃশ্যপট ৷ আমেৰিকা মাজতে সোমালহি আৰু ক’লে যে তেওঁলোকে ভাৰত-পাকিস্তানক যুদ্ধবিৰতিৰ বাবে সৈমান কৰালে৷ সেই আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে শান্তিৰ নোবেল বঁটা পাব লাগে বুলি পাকিস্তানৰ সেনাৰ সৰ্বাধিনায়ক অসীম মুনিৰে স্বয়ং গৈ আমেৰিকাৰ মাটিত থিয় হৈ ঘোষণা কৰি যথেষ্ট টকা-পইচা, সহানুভূতি আদিও ভিক্ষাৰূপে অৰ্জন কৰি আহিল৷ কিন্তু তাৰ দুদিন পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ইৰাণত বাংকাৰ ব্লাষ্টাৰ বোমাৰে ভয়াৱহ আক্ৰমণ চলালে৷

এইবোৰ প্ৰকৃততে কি আমি বুজি নাপাওঁ৷ আমি আমাৰ দেশখন প্ৰাণভৰি ভাল পাওঁ৷ কিন্তু আমি আন দেশৰ মানুহবোৰকো বেয়া নাপাওঁ৷ সকলো দেশৰে নিৰীহ সৰ্বসাধাৰণে জী থকাৰ অধিকাৰ পাব লাগে৷ প্ৰত্যক্ষ বা পৰোক্ষভাৱে সাধাৰণ লোকৰ জীৱনৰ অধিকাৰ অনাহকতে কাঢ়ি হৈ ৰাজনীতি-কূটনীতি কৰা মৃত্যুৰ সদাগৰসকলক ইতিহাসে কাহানিও ক্ষমা কৰা নাই৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ