অন্যযুগ/


মায়ং : ঐতিহ্য, ঐতিহ্যবোধ আৰু ভৱিষ্যত


 

প্ৰাচীন কালৰে পৰা অসমক এই অঞ্চলৰ বাহিৰৰ মানুহে এক ৰহস্যময় অঞ্চল বুলি ধাৰণা কৰি আহিছে৷ একাধিক ভাৰতীয় গ্ৰন্থত এনে ধাৰণাৰ প্ৰমাণ আছে৷ যোগিনীতন্ত্ৰকালিকা পুৰাণবৃহদ্‌গৱাক্ষ  আদি তন্ত্ৰ-মন্ত্ৰৰ পুথি ইয়াতে ৰচিত হোৱাটোৱে এনে ধাৰণাৰ বিস্তাৰত নিশ্চিতৰূপে প্ৰভাৱ পেলাইছিল৷

অসমৰ ভিতৰৰে একাধিক স্থানৰ ৰহস্যময় বিশেষত্ব  সম্পৰ্কেও আন আন অঞ্চলত পৰম্পৰাগতভাৱে চৰ্চিত হৈ আহিছে৷ সাম্প্ৰতিক সময়ৰ মৰিগাঁও জিলাৰ মায়ং বোলা বৃহৎ অঞ্চলটোও তেনে ৰহস্য আৰু আকৰ্ষণেৰে ভৰা৷ এনে আকৰ্ষণৰ মূল কাৰণ হৈছে অঞ্চলটোৰ লোকসকলৰ মাজত পৰম্পৰাগতভাৱে ব্যাপক ৰূপত কৰা তন্ত্ৰ-মন্ত্ৰৰ অনুশীলন৷ স্বাভাৱিকভাৱেই তন্ত্ৰৰ আৰম্ভণি লোককলাৰূপেই হয়৷ তাতে সময়ৰ ধৰ্মীয় প্ৰলেপ পৰেস্থানীয় উপাদান ক্ৰমে ক্ৰমে বাঢ়ি আহি একোখন ঠাইৰ তন্ত্ৰ বিশিষ্ট হৈ উঠে৷ মায়ঙৰ ক্ষেত্ৰতো কথাটো এনেকুৱাই৷ অঞ্চলটোৰ সৰ্বাধিক সংখ্যক লোকে চৰ্চা নকৰাহ’লে ইয়াৰ তন্ত্ৰবিদ্যাই এনে খ্যাতি অৰ্জন নকৰিলেহেঁতেন৷

সৌ সিদিনালৈকে অসমৰ আন আন ঠাইৰ মানুহে মায়ঙৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰাতকৈ ভয়হে কৰিছিল বেছি৷ মায়ঙলৈ গ’লে তাৰ স্থানীয় লোকৰ সৈতে কিবা মতান্তৰ হ’লেই অসুবিধাত পেলাব বুলিহে ধাৰণা কৰিছিল৷ কথিত আছে যে মায়ঙৰ মানুহে বহি থকা পীৰাখন তপিনাত লগাই দিছিল এৰুৱাব নোৱৰাকৈকেৰাহীত উতলি থকাৰ পৰা কাৱৈমাছে জীৱন লাভ কৰি জঁপিয়াই বাহিৰ ওলাইছিল ইত্যাদি৷

পিছে মায়ঙত কেৱল যে ভূত-প্ৰেতৰ ধাৰণাৰ ওপৰত নিৰ্ভৰশীল ক’লাযাদুৰে চৰ্চা হৈছিল তেনে নহয়৷ এই বৃহত্তৰ অঞ্চলটোত অনেক বনৌষধিৰ প্ৰয়োগ সম্পৰ্কে যুগ যুগ ধৰি পৰীক্ষা-নিৰীক্ষা চলিছিল যাৰ অৱশিষ্ট এতিয়াও আছেগৈ৷ দৈনন্দিন জীৱন যাপনত মানুহে সম্মুখীন হোৱা স্বাস্থ্য তথা আন আন বিষয়ক সমস্যাত মায়ঙৰ মানুহে নিৰ্ভৰ কৰিছিল কেৱল তন্ত্ৰ-মন্ত্ৰ আৰু বনৌষধিৰ ওপৰতে৷

বুঢ়ামায়ংৰজামায়ং আদিকৈ মৰিগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা এটা পাহাৰনৈ আৰু বিলেৰে সমৃদ্ধ এটা বিস্তৃত অঞ্চল মায়ং৷ ইয়াৰ গাতে লাগি আছে পবিতৰা অভয়াৰণ্য৷ প্ৰকৃতিয়ে মুক্তহস্তে সজোৱা এই অঞ্চলতে আছে বিঘ্নহন্তা গণেশ দেৱতাৰ শিলত কটা সৰ্ববৃহৎ মূৰ্তিটোকাছশিলা পাহাৰৰ ওপৰত আছে প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা এটা শিলৰ বৃহৎ কাছৰ প্ৰতিৰূপআছে এছিয়া মহাদেশৰ আটাইতকৈ দীঘল শিলালিপিখনো৷ এনে সমৃদ্ধ অঞ্চলটো পিছে এতিয়াও প্ৰায় অৱহেলিত৷ যি তন্ত্ৰবিদ্যাই মায়ঙক জগতজোৰা খ্যাতি প্ৰদান কৰিছে সেই বিদ্যাৰ সংৰক্ষণৰ অৰ্থে কোনো পৰিকল্পিত পদক্ষেপ আজিকোপতি গ্ৰহণ কৰা হোৱা নাই৷ এই বিদ্যাক কেন্দ্ৰত ৰাখি মায়ঙক সজাই তুলিব পাৰি সাংস্কৃতিক পৰ্যটনৰ এক সম্ভাৱনাপূৰ্ণ স্থানৰূপে৷

মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ডক্টৰ উৎপল নাথকে ধৰি স্থানীয় কেইজনমান লোকে বহু যত্ন কৰি মাযঙৰ তন্ত্ৰ-মন্ত্ৰ পৰম্পৰাক সাবটি এটা যাদুঘৰ নিৰ্মাণ কৰিছে৷ কিন্তু পঁুজিৰ অভাৱত তেওঁলোকে সপোনক দিঠকত ৰূপান্তৰ কৰিব পৰা নাই৷ ২০২৪ চনত মৰিগাঁও জিলা প্ৰশাসনে তেতিয়াৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ নেতৃত্বত ‘মায়ং ইন্দ্ৰজাল যাদু মহোৎসৱ’ নামেৰে এটি দিন উদ্‌যাপন কৰিছিল৷ কিন্তু পৰৱৰ্তী বছৰত ইয়াৰ পুনৰুদ্‌যাপন নহ’ল৷ ই নিশ্চিতভাৱে জিলাখনৰ পৰিচালনাৰ নেতৃত্বত থকা আয়ুক্তজেন গুৰুত্ব দিয়া-নিদিয়াৰে ফল৷ উক্ত উৎসৱৰ স্মৃতিগন্থ ‘ইন্দ্ৰজাল’ত প্ৰকাশিত এক শুভেচ্চা-বাৰ্তাত অসমৰ মুখ্যমন্ত্ৰীয়ে সাংস্কৃতিক পৰ্যটনক্ষেত্ৰ হিচাপে মায়ঙৰ ভৱিষ্যত সম্পৰ্কে কিছু চিন্তা ব্যক্ত কৰিছিল৷ কিন্তু সাম্প্ৰতিক সময়লৈকে প্ৰসঙ্গটো কোনো পৰিকল্পনাৰ অধীনলৈ অহা নাই৷

আমি মন কৰিছোঁঅসম চৰকাৰৰ পৰ্যটন বিভাগে মৰিগাঁও জিলাতেই  স্বৰ্গপুৰীসদৃশ বিলাসী ৰিজৰ্ট ‘ৰাইন’ এণ্ড ৰিভাৰ’ নিৰ্মাণ কৰিচল্লিছজনকৈ কৰ্মচাৰীৰে সুন্দৰকৈ পৰিচালনা কৰি আহিছে৷ একে ধৰণৰ এক অভিলাষী প্ৰকল্প মৰিগাঁৱৰ মায়ঙৰ ঐতিহ্যক লৈ চৰকাৰে অচিৰেই গ্ৰহণ কৰক৷ এনে প্ৰকল্পই কেৱল মায়ং অঞ্চলটোকে যে সমৃদ্ধ কৰিব তেনে নহয়৷ অসমৰ অৰ্থনীতিকো এনে প্ৰকল্পই সমৃদ্ধ কৰিব৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ