অন্যযুগ/


নতুন বছৰৰ চিন্তা

নতুন বছৰ বোলা ধাৰণাৰ উৎসৱ এটা বছৰেকৰ মূৰে মূৰে আহে আৰু প্ৰায় সকলো যোত্ৰবান মানুহেই আনন্দ-বিনোদন কৰাৰ সুবিধা ল’লে৷ নতুন বছৰটো কিন্তু কাহানিও নতুন হৈ ৰৈ থকা নাই, নাথাকেও৷ তথাপি, মানুহৰ সৃষ্টিশীল সৌন্দৰ্যকামী, মঙ্গলকামী মনে সকলোৰে মঙ্গল কামনা হোৱাকৈ আনন্দ কৰেই; কাৰণ ফূৰ্তিপানী অকণ খোৱাৰ উপলক্ষ্য এটা অন্ততঃ লাগে! মন কৰাসকলে কৰিছে যে আজিকালি অন্ততঃ অসমত ফূৰ্তিৰ অন্যতম অংগ হৈছে সুৰা আৰু গাহৰিৰ মাংস৷ এনেকুৱা মন্তব্যও মদ গাহৰিৰ মাংস নোখোৱাসকলে শুনিবলগীয়া হয় : ‘তোমালোক বৰ ব’ৰ দেই! ফূৰ্তি কৰিবও নাজানা!!’ কিমধিকম্‌!!

নতুন বছৰটোৱে ব্যক্তিগত জীৱন তথা সমাজ জীৱনলৈ শান্তি-সমৃদ্ধি-সম্প্ৰীতি আদি মানুহে কল্পনা কৰি ভাল পোৱা ভালৰো ভাল কথাবোৰ আহি সকলোৰে সুখৰ জোল বোৱাই দিয়কহি বুলি কামনা কৰা হয়৷ উৎসৱমুখৰ উস্মাৰে উচ্ছাৰণ কৰা হয় এনে কিছুমান আপাত কাব্যিক অথচ অৰ্থহীন তথা ভৱিত¸ব্যহীন বাক্য : ৰ) নতুন বছৰে আটাইলৈকে কঢ়িয়াই আনক সোণালী সুদিন; ২) নতুন বছৰতে অৱসান হওক দুঃস্বপ্নৰ দিনলিপি৷ ইত্যাদি৷

এনে বাক্য উচ্চাৰণৰ সময়ত ইহঁতক বৰ অৰ্থপূৰ্ণ যেন লাগে যদিও নতুন বছৰটো পুৰণি হৈ গৈ থাকি যেতিয়া নতুনকৈ আৰু এটা নতুন বছৰ আৰম্ভ হ’বৰ হয়, তেতিয়া উভতি চালে এনে বাক্যবোৰে আমাক জিভা উলিয়াই, চকু টেলেকা কৰি আমাক সিঞাৰে৷ কাৰণ, এনে বাক্যবোৰক অৰ্থহীন অথবা তাৎপৰ্যহীন কৰি তোলাসকল আন কোনো নহয়; সেইসকল মানুহেই– জীৱশ্ৰেষ্ঠ! কুকুৰ-মেকুৰী আদি জীৱ-জন্তুৰ বছৰৰ ধাৰণাই নাই, নতুন-পুৰণিতো দূৰৰ কথা৷ এতেকে ইহঁতক ইতিকিং কৰাৰ সাহসো কোনেও কৰিব নোৱাৰে– জীৱশ্ৰেষ্ঠ মানুহেও!

আচলতে উপৰি উক্ত ধৰণৰ বাক্যৰ বেঁকা অৰ্থ এটাও হয় : আয়ুস কমি অহাৰ অনুপাতে কৰিব নোৱাৰা কামৰ তালিকাখন দীঘল হৈ যোৱাৰ যিটো স্বাভাৱিক প্ৰক্ৰিয়া, তাকে যেন ওলগনি জনোৱা হয়! অৱশ্যে যিহেতু মানুহ আশাবাদী, এতেকে বাকী থকা জীৱনৰ অংশটোৰ সফল-প্ৰশান্ত অগ্ৰগতি কামনা কৰাটোও মানৱীয় দুৰ্বলতা বুলিয়ে চিহ্নিত হয় আৰু এই দুৰ্বলতাৰ বাবেই মানুহে জীৱনক অৰ্থপূৰ্ণ কৰি তুলিবলৈ যত্ন কৰে বুলিও ভবা হয়৷

পিছে জীৱন কেতিয়া অৰ্থপূৰ্ণ হয়? যেতিয়া প্ৰয়োজন শূন্য হয়, তেতিয়াহে৷ অতি দুখলগা সত্য এইটোৱেই যে মানুহ কেতিয়াও প্ৰয়োজন শূন্য হৈ নপৰে৷ সি বৈষয়িক সম্পদ আহৰণৰ দিশতে হওক বা মহান অৰ্থত নিজকে প্ৰকৃতি তথা মানুহৰ সেৱাত নিয়োগ কৰাৰ দিশতে হওক৷ তথাপি নতুন বছৰ উপলক্ষ্যে আমি ইজনে সিজনৰ মঙ্গল কামনা কৰোঁ৷ নেতিবাচক দৃষ্টিৰে ইয়াৰ এটা বেলেগ প্ৰৱণতাও আছে : ‘আনৰ মঙ্গল কামনা কৰিলেহে আনে মোৰ মঙ্গল কামনা কৰিব!’ শেহতীয়াকৈ এই ধৰণৰ মানসিকতাই হৈ উঠিছে সুলভ৷

সদ্যহতে বহুতৰ ক্ষেত্ৰত প্ৰতিযোগিতা লক্ষ্য কৰা গৈছে : কোনে কিমানটা ‘নিউ য়েৰ উইছ’ কৰা মেছেজ পঠালে আৰু কিমানটা নিজে আনৰ পৰা পালে! দুবছৰ মানৰ পূৰ্বলৈ মেছেজৰ ঠাইত আছিল গ্ৰীটিং কাৰ্ড (Greeting Cards)৷ প্ৰশ্ন হ’ল, এনে মানসিকতাত সঁচাকৈয়ে কাৰোবাৰ কল্যাণ কামনা নিহিত হৈ থাকে নে? যদি থাকেই, তেনেহ’লে একত্ৰিছ ডিচেম্বৰৰ দিনা শুভকামনাৰ আদান-প্ৰদান কৰা বন্ধুদ্বয়ৰ মাজত এক জানুৱাৰীৰ দিনাই দ্বন্দযুদ্ধ হৈ মূৰ ফলাফলি হয় কিয়?

আচলতে ‘দেখাক দেখি উঠিল গা, কেঁতুৰিয়ে বোলে মোকো খা’ বুলি আনৰ চংভাও আয়ত্ত কৰি তাৰ সহায়ত নিজকে আধুনিক বুলি জাহিৰ কৰিবলৈ গ’লে তাত নিজৰে ফোঁপোলামি (Hollowmanship) প্ৰকাশ পায়৷ এনেকৈ আয়ত্ত কৰা আধুনিকতা আচলতে আধুনিকতা নহয়৷ আধুনিকতাৰ এটা উচ্ছতৰ দাৰ্শনিক মাত্ৰা আছে৷ আধুনিকতা কাৰ্য-কাৰণ সম্পৰ্ক আধাৰিত যুক্তিবাদ, বিজ্ঞানমনস্কতা, সুস্থ সামাজিক সম্পৰ্ক ৰক্ষা তথা দায়িত্বজ্ঞান, ধৰ্মনিৰপেক্ষতা আদিৰ সৈতে সম্পৰ্কিত৷ দামী মটৰ গাড়ী এখন কিনি চলালেই নহ’ব, লগতে সেই গাড়ীখন চলোৱা বাট-পথবোৰৰ উন্নতি হ’বও লাগিব৷ সেই বাটেদি যোৱা বাটৰুৱাসকলক আমনি নকৰি (পাৰিলে সহায় কৰি) নিজে আগবাঢ়ি যোৱাৰ আনন্দটো আমি সামগ্ৰিকভাৱে আজিলৈকে অনুমানেই কৰিব পৰা নাই৷ আমি জ্ঞাপন কৰা শুভেচ্ছাৰ বিনিময়ত নিজে দামী গাড়ীখন কিনিব পৰা হোৱাৰ প্ৰাৰ্থনা এটাহে যেন প্ৰচ্ছন্ন হৈ থাকে৷ কথাটো এনেকুৱা : ‘সকলো মৰক, মই যাতে ৰক্ষা পৰোঁ৷’

বছৰেকৰ বিহুৰ দিনা অসমীয়া মানুহে ইজনে সিজনক ওলগ জনোৱাৰ যিটো নিয়ম আছিল সেইটো আজিকালি স্কুলীয়া ল’ৰা-ছোৱালীৰ বিহুৰ বিষয়ক ৰচনাখনৰহে এদনীয়া সম্পত্তি হ’ল৷ আজিৰ সময়ত পত্নীয়ে স্বামীক বিহুৰ দিনা গামোচা এখনো দিব নোৱাৰে, কিন্তু বিশ্ববিখ্যাত ‘থাৰ্টি ফাৰ্ষ্টৰ পাৰ্টিত নিজহাতে গিৰীয়েকক বিলাতী সোমৰস পান কৰাব পাৰে৷ শুনিছোঁ, সাধাৰণতকৈও আগবাঢ়ি অসাধাৰণভাৱে ‘আধুনিক’ হ’ব খোজাসকলৰ পত্নীয়ে পতিক বা পতিয়ে পত্নীক এনেকুৱা উপলক্ষ্যত ৰাতিটোৰ কাৰণে নতুন পত্নী এগৰাকী বা পতি এজনো উপহাৰ দিয়াৰ নিয়ম প্ৰচলিত হৈছে৷ অৰ্থাৎ শৰীৰ থকালৈকে ভোগ কৰাঁ, উপভোগ কৰাঁ!

যি সময়ত অসমৰ সৰহসংখ্যক মানুহৰ জীৱনত দাৰিদ্ৰ্য, ৰোগ-ব্যাধি, কথাই পতি ৰাজপথলৈ ওলাই আহি প্ৰাপ্যৰ কাৰণে আন্দোলন কৰাটোৱেই হৈ পৰিছে অশোভনীয় ভাগ্যলিপি, সেই সময়ত অসমতে বিশ্ববিখ্যাত গ্ৰেগ’ৰিয়ান নতুন বছৰৰ আদৰণী মহোৎসৱৰ নামত বিক্ৰী হৈছে কেইবা কোটি টকাৰো বিলাতী সুৰা৷ অসমৰ মানুহে নিজে তৈয়াৰ কৰা পানীয় খাইছিল, সি শ্ৰমজীৱী কৃষক ৰাইজক দিছিল এই ঠাইৰ বায়ু-পানীয়ে দাবী কৰা ধৰণে কৰ্ম-উদ্দীপনা৷ অসমৰ ৰাইজে ৰঙীন পানীয় কিনি খোৱা নাছিল৷ এতিয়া ৰাইজৰ টকা-পইচা হৈছে, চৰকাৰী ব্যৱস্থায়ো সা-সুবিধা কৰি দি ৰাজ্যৰ আৰ্থিক অৱস্থা সুস্থিৰ কৰিবলৈ যত্ন কৰিছে৷ এতেকে ৰাইজে কিনি-কুটি খাইছে৷ অসমৰ বাহিৰৰ ৰাইজৰ টকা-পইচা কম কাৰণে অসমৰ ৰাইজে তেওঁলোকক ধনী কৰিছে৷ আগৰ অসমীয়াই চাউল-আলুগুটি-দাইল-পিঁয়াজ পাঞ্জাব, নাগপুৰ আদিৰ পৰা আনি খোৱা নাছিল৷ আজিকালি ফৰেইনৰ বস্তুৰ আদৰ বেছি কাৰণে আমি সেইটো কৰি অসমৰ বাহিৰৰ মানুহক দেখুৱাইছোঁ৷ এতিয়া যেনিবা বিহাৰ-ৰাজস্থান-গুজৰাট আদিক অভিধানে দিয়া অৰ্থ মতে সঁচা ফৰেইন কৰি তোলাৰ বিপ্লৱো চলিছে৷ ভাল হৈছে৷ সৰ্ব দিশত জয় জয় ময় ময়৷ এনে জয় জয় ময় ময় অসম দেশ নতুন বছৰটোত যে ৰামৰাজ্য বা স্বৰ্গৰাজ্য হৈ পৰাৰ দৰে যাদুকৰী পৰিৱৰ্তন এটা হৈ নপৰিব, তাৰো কোনো নিশ্চয়তা নাই৷ পিছে তেনে পৰিৱৰ্তন যদি ৰাতিটোৰ ভিতৰতে ঘটি যায় তেতিয়া কি হ’ব কল্পনা কৰিব পাৰি এনেকৈ : অসমত কোনেও আন্দোলন নকৰাকৈয়ে বিচৰাটো পায়৷ অসমত কোনো দল-সংগঠন, ব্যক্তিগত লাভালাভৰ অংকক কেন্দ্ৰ কৰি নচলে আৰু অসম্ভৱ দাবী নকৰে৷ অসমত কোনো কামতে দুৰ্নীতি বা কেলেংকাৰী নহয়৷ অসমৰ কোনো বেকাৰ ডেকা ল’ৰাই দামী বাইক চলাই, দামী (সুৰাতকৈও) নিচা খাই আওহতীয়া ঠাইত ৰাতি এপৰলৈ জুম বান্ধি নাথাকে৷ অসমৰ ল’ৰা-ছোৱালীৰ ভৱিষ্যত সুৰক্ষিত কৰিব পৰাকৈ আমাৰ শিক্ষা ব্যৱস্থা সুস্থ আৰু গতিশীল৷ অসমৰ বাৰ্ষিক প্ৰাকৃতিক দুৰ্যোগ (বানপানী আদি) নোহোৱা হ’ল আৰু বিদ্যুৎ সৰবৰাহ অহৰ্নিশে হৈ থকা হ’ল৷ অসমৰ কোনো মানুহে আনৰ কথা বেয়াকৈ নাপাতে, পাতিবলগীয়াও নাই৷ ইত্যাদি৷ সপোনবোৰ বাস্তৱো কৰিব পাৰি যদিহে আমি চিন্তা-চচাৰ্বোৰো নতুন বছৰবোৰৰ নিচিনাকৈ নতুন কৰিব পাৰোঁ৷

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ