যোৱা
তিনিটা দশক জুৰি অসমৰ সমাজ জীৱনলৈ ভালেমান পৰিৱৰ্তন আহিছে৷ বিশেষকৈ খেৰ-বাঁহৰ
ঘৰবোৰ পকী ঘৰলৈ ৰূপান্তৰিত হৈছে, গাঁৱে-ভূঞে ৰাস্তা-ঘাটবোৰ ভাল হৈছে,
বিজুলী
সৰবৰাহৰ ব্যৱস্থা পূৰ্বতকৈ উন্নত হৈছে ইত্যাদি৷ এনে পৰিৱৰ্তনবোৰৰ সমান্তৰালকৈ আন
এক প্ৰকাৰ পৰিৱৰ্তনো ঘটিছে অসমৰ সমাজ জীৱনত৷ সেয়া হৈছে, সাধাৰণতে
দৈনন্দিন জীৱনত দৰকাৰ হোৱা সাধাৰণ কামবোৰ কৰিব জনা স্থানীয় লোকৰ সংখ্যা দ্ৰুতগতিত
কমি অহাটো৷ এনে হোৱাৰ বিভিন্ন কাৰণ নি(য় আছে৷ কিন্তু মন কৰিব লাগিব যে এনে কামবোৰ
নোহোৱাকৈও থকা নাই৷
কিন্তু
কৰিছে কোনে?
নগৰে
চহৰে অজস্ৰ পকীঘৰৰ নিৰ্মাণ হৈ আছে৷সেইসমূহত লাখৰ ঘৰত শ্ৰমিকে কাম কৰি আছে৷ এই
শ্ৰমিকসকলৰ সৰহভাগেই বহিৰাগত [দেশী-বিদেশীৰ কথা আমি নাজানো]৷ তদুপৰি চুলি কটা,
জোতা-চেণ্ডেল-ছাতি-টৰ্চলাইট
মেৰামতি কৰা, ৰিক্সা-ঠেলা চলোৱা, পানীপুৰি-ফুচকা-ম’ম’
আদি প্ৰস্তুত কৰি বিক্ৰী কৰা, বৈদ্যুতিক ক্ষেত্ৰৰ বিভিন্ন কাম কৰা,
টিউব
ৱেল স্থাপন আৰু পানীৰ মটৰকে ধৰি বিভিন্ন কাম কৰাৰ ক্ষেত্ৰত থলুৱা অসমীয়া মানুহৰ
সংখ্যা দুখলগাকৈ কম৷ আনহে নালাগে জেওৰা-জপনা বোৱা, বতৰত দৰকাৰী
গছপুলি ৰুই আপদাল কৰা, বাৰীৰ অপতৃণ চাফা কৰি দৰকাৰী গছ-বন প্ৰতিপাল
কৰা, শাক-পাচলিৰ খেতি কৰা আদি কামতো সাম্প্ৰতিক সময়ত অসমীয়া থলুৱা লোকৰ
সংখ্যা অতিকৈ কম৷ চহৰ অঞ্চলবোৰত প্ৰায় প্ৰতি ৰাতিপুৱাতেই হাজাৰৰ ঘৰত কাম বিচাৰি
গাঁও অঞ্চলৰ পৰা আহি ভিৰ কৰা স্বঘোষিত শ্ৰমিকসকলৰো কৰ্মদক্ষতা প্ৰায় শূন্য! অথচ
এনে শ্ৰমিকসকলে কৰা ধনৰ দাবীটো বেছ আমোদজনক৷
এনে
হোৱাৰ আন যিমান কাৰণেই নাথাকক, প্ৰথম আৰু প্ৰধান কাৰণটো হৈছে অসমীয়া
মানুহৰ কৰ্মবিমুখিতা৷ মাজতে যোৱা শতিকাৰ শেষৰ দুটা দশকত এক প্ৰকাৰ ফোপোলা
জাতীয়তাবাদৰ শ্লোগানত উদ্বুদ্ধ হৈ ধানখেৰৰ জুইৰ দৰে জ্বলি উঠা কৰ্মসংস্কৃতিৰ
বিপ্লৱৰ ফলস্বৰূপে দুই-এক অসমীয়া যুৱকে ওপৰৰ কামবোৰৰ মাজৰে দুই-এটা কৰিবলৈ আৰম্ভ
কৰাৰ কথা আমি জানো৷ অৱশ্যে সেই জাতীয়তাবাদী উত্থান আছিল এক প্ৰকাৰ ছদ্মবেশী
জাতীয়তাবাদ৷
এতিয়ালৈ
অৱশ্যে জগতখন সেই যোৱা শতিকাৰ শেষৰ দশকদুটাৰ তথাকথিত জাতীয়তাবাদৰ পৃথিৱী হৈ থকা
নাই৷ ৰাজনৈতিক জাতীয়তাবাদক প্ৰকাৰান্তৰে অসমৰ ৰাইজে নাকচেই কৰিছে৷ মানুহে বুজি
উঠিছে যে কেৱল কৰ্মক্ষেত্ৰৰ দক্ষতাইহে ব্যক্তি একোজনক নিজৰ সময়ৰ পৃথিৱীখনৰ উপযুক্ত
কৰি ৰাখে৷ সেয়ে সাম্প্ৰতিক পৃথিৱীত দক্ষতা বা ‘স্কিল’ শব্দটোৰ গুৰুত্ব অতি বেছি৷
এনে
পৰিৱেশ-পৰিস্থিতিত অসমৰ এজন জনপ্ৰিয় তথা দায়ৱদ্ধ শিল্পী মানস ৰবীনে এদল দক্ষ কৰ্মী
প্ৰস্তুত কৰি তুলিছে৷ ‘ৰবীন আৰ্মি’ বুলি নামকৰণ কৰা এইদল কৰ্মীক প্ৰথমে গুৱাহাটীত
আৰু তাৰ পাছত পৰ্যায়ক্ৰমে অসমৰ বিভিন্ন স্থানত সেৱা আগ বঢ়াব পৰাকৈ প্ৰস্তুত কৰি
তোলা হৈছে৷ ই নিঃসন্দেহে সন্তোষজনক আৰু প্ৰশংসনীয় সময়োপযোগী উদ্যোগ৷ সময়োপযোগী
এইবাবেই বোলা হৈছে যে এই কৰ্মীবাহিনীক এনে কিছুমান কামৰ বাবে প্ৰস্তুত কৰি তোলা
হৈছে যিবোৰ কামক উপাৰ্জনক্ষম কৰ্মৰ উদং ক্ষেত্ৰ বুলি ইতিপূৰ্বে কোনেও ভবাই নাছিল
যেন লাগে৷ উদাহৰণস্বৰূপে, গাড়ীৰ মালিক অথচ নিঃসঙ্গ-অথৰ্ব কোনোবা
এজন জ্যেষ্ঠ নাগৰিকে ৰবীন আৰ্মিক ফোন কৰি ফুৰিবলৈ যাবলৈ মন যোৱা বুলি খবৰ দি
অনুৰোধ জনালেই ৰবীন আৰ্মিয়ে তেখেতৰ ওচৰলৈ এনে এজন দায়িত্বশীল অনুজ্ঞাপত্ৰধাৰী
গাড়ীচালকক পঠাই দিব যিজনেসেই নিঃসঙ্গ বৃদ্ধ বা বৃদ্ধাক কেৱল এজন বিশ«াসী
গাড়ীচালকৰে নহয় এজন আত্মীয়ক লগ পোৱাৰো অভিজ্ঞতা প্ৰদান কৰিব৷ একেদৰেপুত্ৰ-কন্যাৰ
ব্যস্ততাৰ হেতু নিঃসঙ্গ পিতৃ-মাতৃক কৃত্ৰিমভাৱে হ’লেও বিকল্পৰূপী পুত্ৰ-কন্যাৰ
সান্নিধ্য লাভৰ সুযোগো ৰবীন আৰ্মিয়ে আগ বঢ়োৱাৰ বিষয়ে সামাজিক মাধ্যমযোগে প্ৰচাৰ
হৈছে৷
এই
যে ৰবীন আৰ্মিৰ উদ্যোগটো, সি আচলতে এই সময়ৰ আটাইতকৈ দৰকাৰী দাবী৷
বিশেষকৈ ‘অসমীয়া মানুহ’ বোলা সংশ্লেষিত বিবিধ জাতি-জনগোষ্ঠীৰে সমৃদ্ধ হোৱা
‘অসমীয়া’ বোলা জাতিটোৰ ক্ষেত্ৰত৷ যোৱা ১৮৭২ চনৰ পৰা ৰাজনৈতিকভাৱে ‘অসমীয়া’
জাতীয়তাবাদক ধ্বংস কৰিবলৈ ব্ৰিটিছ প্ৰশাসকৰ সৈতে ওচাম অসমীয়াবিৰোধী অসমীয়া শক্তিয়ে
যি সুদূৰপ্ৰসাৰী পৰকিল্পনা কৰিছিল সেই পৰিকল্পনা সম্প্ৰতি প্ৰায় সমাপ্তিৰ ফালে আগ
বাঢ়িছে৷ এনে অৱস্থাত ‘কুকুৰাৰ ডিঙি’ ছিঙি ‘অসম তথা উত্তৰ পূৰ্বাঞ্চল’ক এখন
বৃহত্তৰ কল্পিত বিদেশী ৰাষ্ট্ৰৰ অংশ কৰি তুলিবলৈ সকলো ধৰণৰ প্ৰস্তুতি এতিয়া প্ৰায়
তুঙ্গত৷
এনে
প্ৰয়োজন আমাৰ দেশৰ ‘ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০’-ৰ পৰিকল্পনাকাৰী বিশেষজ্ঞসকলেও
নি(য় উপলব্ধি কৰিছিল৷ সেয়েতো তেওঁলোকে অন্ততঃ আন পৰ্যায়বোৰক এৰি [স্নাতক
পৰ্যায়তেতো প্ৰথমে স্পষ্টকৈ ‘ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০’-ৰ প্ৰয়োগ আৰম্ভ হৈছিল]
স্নাতক পৰ্যায়ত ‘স্কিল এনহাঞ্চমেণ্ট ক’ৰ্ছ’ বুলি একোটা বিষয় সৃষ্টি কৰিছিল৷ পিছে
বিড়ম্বনাৰ বিষয় এয়ে যে ছাত্ৰ-ছাত্ৰীয়ে যি
‘স্কিল এনহাঞ্চমেণ্ট ক’ৰ্ছ’ পঢ়ে সেই পাঠ্যক্ৰমৰ পৰীক্ষা হয় নিৰ্দিষ্ট সময়ৰ
ভিতৰত উত্তৰ লিখিবলগীয়া হোৱা একোখন প্ৰশ্নকাকতৰ৷ এতেকে ছাত্ৰ-ছাত্ৰীয়ে একো
কৰ্মদক্ষতা আহৰণ নকৰাকৈ কেৱল নিৰ্দিষ্ট সময়ৰ ভিতৰত উত্তৰ লিখিবলগীয়া প্ৰশ্নকাকতখনৰ
আধাৰতে স্নাতক ডিগ্ৰী অৰ্জন কৰিবলৈ যৎপৰোনাস্তি যত্ন কৰি আহিছে৷ ইতিমধ্যে অসমত
‘ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০’-ৰ অধীনৰ প্ৰথমটো স্নাতক শিক্ষাৰ্থীৰ দল ডিগ্ৰী হৈ
বহিৰ হ’বৰ সময় হৈছে৷ এনে সময়ত আমি পৰম উদ্বেগেৰে এটা প্ৰশ্ন উত্থাপন কৰিব খুজিছোঁ :
অসমৰ বিশ্ববিদ্যালয়সমূহে স্নাতক পৰ্যায়ত চলাই থকা ‘স্কিল এনহাঞ্চমেণ্ট ক’ৰ্ছ’ নামৰ
বিষয়টোৰ বাস্তৱিক গুৰুত্ব কি?
আমি
আশা কৰোঁ, সম্প্ৰতি বাঢ়ি অহা ‘স্বায়ত্তশাসিত মহাবিদ্যালয়’ৰ ধাৰণাৰ আধাৰত
‘স্বায়ত্তশাসিত মহাবিদ্যালয়’সমূহে স্থানীয় প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ
শিক্ষাৰ্থীৰ কাৰণে প্ৰকৃত ‘স্কিল এনহাঞ্চমেণ্ট ক’ৰ্ছ’ প্ৰস্তুত কৰে যেন৷
কেৱল
কেইটামান ঘণ্টাৰ বাবে সম্মুখীন হোৱা এখন প্ৰশ্নকাকতে কোনো শিক্ষাৰ্থীৰ ‘স্কিল’ৰ
পৰীক্ষা ল’ব নোৱাৰে৷ তেনেকৈ পৰীক্ষা লোৱা স্কিলে বাস্তৱিক জীৱনৰ বাবে প্ৰয়োজনীয়
কোনো স্কিলৰ প্ৰয়োজন পূৰণ কৰিব পাৰে বুলি আমি বিশ্বাস নকৰোঁ৷ আমি গুৰুত্বসহকাৰে
উপলব্ধি কৰিব পাৰিব লাগিব যে ‘স্কিল’ নোহোৱা কোনো মানুহ ভৱিষ্যতৰ পৃথিৱীত জাতি
হিচাপে বাচি নাথাকিব৷
