আমাৰ সময়ৰ অসমীয়া কবিসকলৰ ভিতৰত অনুভৱ তুলসীৰ মাজতে নান্দনিকতা আৰু দাৰ্শনিকতাৰ অতুলনীয় সমন্বয় সাধিত হৈছিল। যোৱা জুলাই সংখ্যা ‘অন্যযুগ’ত কবি অনুভৱ তুলসীৰ দুটা কবিতা প্ৰকাশ পাইছিল৷ পহিলা জুলাইৰ ৰাতিপুৱা আলোচনীখন প্ৰকাশ পোৱাৰ প্ৰায় ছঘণ্টামানৰ পাছতেই তেওঁ আমাক হতচকিত কৰি বিদায় মাগিলে ইহজগতৰ পৰা৷ আৰু আমি এতিয়া বুকুত শিল এটা থৈ তেওঁৰ বিষয়ে ‘অতীত কালত’ লিখিবলৈ ওলাইছোঁ৷
যোৱা শতিকাৰ শেষ
দশকত যিকেইজন কবিয়ে আমাক প্ৰতিশ্ৰুতিৰে মোহাচ্ছন্ন কৰি ৰাখিছিল সেই কেইজনৰ ভিতৰৰে
এজন আছিল অনুভৱ তুলসী৷ সেই সময়ত আমাৰ দৃষ্টি আকৰ্ষণ কৰোঁতা কবিসকলৰ ভিতৰত অনুভৱ
তুলসীৰ কাব্যানুশীলনে এটা বিশেষ বাটেদি উধাবলৈ সক্ষম হৈছিল৷ এটা নিজা কাব্যভাষাৰ
অধিকাৰী হ’বলৈ তেওঁ অধ্যৱসায় কৰিছিল, প্ৰকাশভঙ্গীৰ
বেলিকা নিজা মাটিৰ গোন্ধত লেও দি বিদেশী আৰু একান্ত নিজা অৱধাৰণা পোহৰাই তুলিছিল; মাজে মাজে তেওঁৰ সময়ানুক্ৰমিকভাৱে বেছি আগ বঢ়া যেন লগা (অসমীয়া কবিতাৰ
বেলিকা) কাব্যকৌশলে পাঠকক বিমোৰতো পেলাইছিল যদিও তাৰ মাজত নিজৰ ভাষাটো, মাটি আৰু মানুহৰ প্ৰতি থকা অশেষ ভাল পোৱা আৰু শ্ৰদ্ধাহে যে নিহিত হৈ আছে সেয়াও
পাঠকে উপলব্ধি কৰিব পৰাকৈ সততাৰ পৰিচয় দিছিল৷ সাধাৰণ কবিতা-পাঠক হিচাপে আমি ক’ব
খুজিছোঁ, তেওঁৰ কবিতাৰ প্ৰকাশ কৌশল মাজে মাজে জটিলতাপূৰ্ণ
হৈছিল ঠিকেই; কিন্তু বহু কবিৰ
ক্ষেত্ৰত হোৱাৰ দৰে সেয়া চমক বা গিমিক সৃষ্টি কৰি চলি থকাৰ কৌশল নিশ্চিতভাৱে
নাছিল৷
প্ৰথমে এষাৰ কথা
উল্লেখ কৰা প্ৰয়োজনীয় বুলি অনুভৱ হয়৷ সাম্প্ৰতিক কালৰ বহু কবি-সমালোচকৰ দৃষ্টিত
অনুভৱ তুলসীৰ কবিতা অবোধ্য, জটিলৰো জটিল (এই
মন্তব্য ব্যক্তিগত কথোপকথনৰ আধাৰত)৷ এনে দৃষ্টিভঙ্গী যদি সযত্ন অনুধাৱনৰ পাছত ওপজে,
তেন্তে ক’বলগীয়া একো নাথাকে৷ কিন্তু শেহতীয়া ভোগবাদী জগতৰ ‘ইজী-এভ্ৰিথিং’ প্ৰৱণতাই
জন্ম দিয়া ‘অধ্যয়নবিমুখ পঢ়ুৱৈ’ৰ এনে মনোভঙ্গী অসমীয়া সাহিত্যৰ ভৱিষ্যতৰ হকে অতি
অপকাৰী৷ সমকালীন তথাকথিত সাহিত্য-সংস্কৃতিৰ গৱেষণাৰ ক্ষেত্ৰত দেখা দিয়া প্ৰাতিষ্ঠানিক
বিস্মৃতি (institutional forgetting) আৰু পুনৰালোচনাবাদৰ (revisionism) কৱলৰপৰা আমাৰ পাঠক-সমালোচকৰ
মনোজগৎখন মুক্ত কৰিব পৰাকৈ অনুভৱ তুলসীৰ কবিতা কিন্তু বিষয়-ভাব-ৰূপ সকলো দিশৰ পৰাই
নতুন আছিল৷
কিন্তু অসমীয়া
‘অধ্যয়নবিমুখ সমালোচক’সকলৰ তুলাচনীতো তেওঁৰ কবিতা বাৰ্ষিকভাৱে আগ বঢ়োৱা সামান্য
সাহিত্য অকাদেমি বঁটাটোৰ বাবে যোগ্য হৈ উঠিব নোৱাৰিলে৷
অন্তৰৰ অন্তৰতম
আহ্বান শুনিবলৈ পাৰ্যমানে চেষ্টা কৰি সেই আহ্বানক দিয়া ভাষিক ৰূপকে তেওঁ কবিতা
বুলি ভাবিছিল৷ তেওঁ মনৰ গভীৰলৈ গৈ ভিতৰত ক্ৰিয়াশীল হৈ থকা বহুমাত্ৰিক কাৰকবোৰ উপলব্ধি
কৰিবলৈচেষ্টা কৰিছিল৷ কবি বা আন কৰো পৰা কবিতা বিষয়ক পৰামৰ্শ বিচাৰি নোযোৱাটো কবি
এজনৰ কাৰণে দৰকাৰী অনুশীলন বুলিও তেওঁ বিশ্বাস কৰিছিল (এনে অনুশীলনে কবিৰ সংযম বৃদ্ধি কৰে)৷ নিজৰ ভাষা
পৰম্পৰাৰ পূৰ্বজ বা সমসাময়িক আন কবিৰ দৰে নিলিখিবলৈ পাৰ্যমানে যত্নপৰ হৈছিল তেওঁ৷
কবিতা লিখাৰ আগতে নিজ ভাষাৰ কবিতাৰ ভিতৰলৈ গৈ অধ্যয়ন কৰা অত্যন্ত জৰুৰী বুলিও তেওঁ
বিশ্বাস কৰিছিল৷ প্ৰকৃতিৰ মাজত নিয়মিতভাৱে কিছুপৰ অতিবাহিত কৰি প্ৰকৃতিৰ স্বৰূপ
উপলব্ধি কৰিবলৈ প্ৰয়াস কৰিছিল তেওঁ৷ কবিতা কিয় লিখিব লাগে বা নালাগে তাৰ সপক্ষে বা
বিপক্ষে যুক্তিপূৰ্ণ উত্তৰ বিচাৰি চোৱাটো তেওঁৰ মতে অতি দৰকাৰী (যিটো কথা অনুজ কবিলৈ ৰাইনাৰ
মাৰিয়া ৰিল্কেই লিখিছিল)৷ আত্ম নিবৃত্ত আৰু আত্মমগ্ন হোৱাটোও এজন কবিৰ বাবে
অতি জৰুৰী বুলি তেওঁ বিশ্বাস কৰিছিল৷ তেওঁ দৃশ্যমানৰ আঁৰত থকা সত্তাৰ সন্ধান
কৰিবলৈ যত্নকৰিছিল৷ তৰল প্ৰকাশভঙ্গীৰ পৰা ‘যথাসম্ভৱ হাত সাৰি থাকিবলৈ’ চেষ্টা
কৰিছিল তেওঁ৷ ভাষাৰ জীৱন্ত ৰূপটোৰ চৰ্চাই কবিতাক নতুন ৰূপ কিছুদূৰলৈ হ’লেও দিব
পাৰে বুলি তেওঁ বিশ্বাস কৰিছিল আৰু নিজে কবিতাৰ মাজেদি সেই যত্ন কৰিছিল৷ বস্তু বা
বস্তুপুঞ্জৰ অনুপুঙ্খ সুদীৰ্ঘ সময় ধৰি নিৰীক্ষণ কৰাটো তেওঁৰ মতে কবিৰ এটা অৱশ্য
কৰ্তব্য৷
অনুভৱ তুলসীৰ কবিতাৰ শৰীৰী অৱয়ব
সাধাৰণতে যৌগিক (বহুতে ভবাৰ দৰে জটিল নহয়)৷ অনুভৱ তুলসীৰ
কাব্যদৃষ্টিৰ গভীৰত যিয়েই নাথাকক, অসমীয়া মানুহৰ
নৈমিত্তিক জীৱন-যাত্ৰাৰ চিৰ পৰিচিত দৃশ্য বা বস্তুপুঞ্জক তেওঁ কেতিয়াও উপেক্ষা কৰা
নাছিল৷ পাঠকৰ মগজুক দোলা দিয়াৰ পূৰ্বেই তেওঁ হৃদয়বৃত্তিক আলোড়িত কৰিবলৈ সক্ষম হয়৷
এনে হোৱাৰ মূলতে তেওঁৰ অন্তৰাত্মাত প্ৰোথিত হৈ থকা নিজৰ মাটি-মানুহৰ উপলব্ধিৰ
প্ৰয়াস এটা ক্ৰিয়াশীল হৈ থকা বুলি বুজিব পাৰি৷ অনুভৱ হয়, কবি তুলসীয়ে নিজৰ কাব্য-অভিজ্ঞতাক ভৌতিক (physical) ৰূপ দিয়া আৰম্ভ
কৰাৰ লগে লগে মগজু অস্তমিত হয়, ভাবনা সম্বলিত
স্নায়ুতন্ত্ৰইহে সেই সময়ত স্ৰষ্টাজনক অন্তজ্ঞাৰ্নেৰে (intuition) উদ্বেলিত কৰি ৰাখে৷
এই অন্তজ্ঞাৰ্নৰ কাৰণেই তেওঁৰ মানসিক যন্ত্ৰণাও এক প্ৰকাৰে অপাৰ্থিৱ– পাৰ্থিৱ
যন্ত্ৰণাৰে যি নিমিলে৷
তেওঁৰ বহু কবিতাতে ইচ্ছাকৃত অসংলগ্নতা মন কৰিবলগীয়া৷
এইবোৰত বিষয়-বিষয়ান্তৰৰ মাজত কিছু শূন্যতা সৃষ্টি কৰা হৈছে৷ কবিৰ অভিজ্ঞতা যিদৰে লোকোত্তৰ (transcendental) আৰু বহুস্তৰবিশিষ্ট (multilayered), সেইদৰে কবিতাৰ ভাষাও গতানুগতিক গদ্যতকৈ কৌশলী, গভীৰ আৰু ব্যঞ্জনাক্ষম৷ ইয়াত আছে মানুহৰ জীৱনৰ সামগ্ৰিক ধাৰাবাহিকতা
পৰ্যবেক্ষণ কৰি তাৰ আধাৰত আৱিষ্কাৰ (discover, invention নহয়) কৰা সত্য৷ খ্ৰীষ্টীয় নৱম
শতিকামানৰ ভাৰতীয় আলংকাৰিক আনন্দৱৰ্ধনৰ গ্ৰন্থ ‘ধ্বন্যালোক’ত ধ্বনিক কাব্যৰ আত্মা
বুলি দাবী কৰা হৈছিল৷ এই ধ্বনি উচ্চাৰণগত কৰ্ণগোচৰ ধ্বনি নহয়৷ এই ধ্বনি মানস
গোচৰহে৷ অৰ্থাৎ ই অৰ্থ-তাৎপৰ্য তথা ৰসময়তাৰ লগত সম্পৰ্কিত৷ ইংৰাজী কবিতাৰ ক্ষেত্ৰত
প্ৰায়ে উল্লেখ কৰা objective corelative-অকো বহুদূৰ ধ্বনিৰ
সৈতে ৰিজাব পাৰি৷ তেওঁৰ এক বিশেষ ধৰণৰ গদ্যভঙ্গী আছে যাৰ ফলত বৰ্ণনাই প্ৰায়েই
অভিধানগত অৰ্থক অতিক্ৰম কৰি যায়৷ গভীৰ বোধি আৰু অনুশীলনজাত সম্ভাৱনাৰ উপলব্ধিৰে তেওঁ চিৰপৰিচিত শব্দবোৰৰে সুপ্ত শক্তিক জাগ্ৰত কৰি
তুলিবলৈ সক্ষম হৈছে ঘাইকৈ শব্দসমূহৰ অপৰম্পৰাগত বিন্যাসেৰে৷ এনে বিন্যাস সাৰ্থক
কবিসকলৰ বাবে একোটা অন্তৰ্দাহী যন্ত্ৰণাৰ দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেদিহে সম্ভৱ হৈ
উঠে৷ সঁচা কবিৰ হাতত সাধাৰণ শব্দমালাৰ গদ্যও কিদৰে অসাধাৰণ অৰ্থ আৰু তাৎপৰ্যৰে
মহীয়ান হৈ উঠে সেইটো অনুভৱ কৰিবলৈ অৱশ্যে পঢ়ুৱৈ সমাজো দীক্ষিত হ’বৰ প্ৰয়োজন আছে৷
এই প্ৰসঙ্গত অনুভৱ তুলসী আৰু সমসাময়িক পাঠক সমাজৰ মাজত অৱশ্যে এখন অদৃশ্য দেৱালো
আছে৷ এই দেৱালখনৰ উপস্থিতি ঘাইকৈ কবিৰ অধ্যয়ন আৰু পৰ্যৱেক্ষণৰ সূক্ষ্মতা তথা
পাৰ্থক্য আৰু সৰহ সংখ্যক অসমীয়া মানুহৰ অধ্যয়নবিমুখিতা কিংবা জিজ্ঞাসাহীনতা বুলিও
ন দি ক’ব পাৰি৷ সময়ে এই অদৃশ্য বাধা আঁতৰ কৰিব বুলি অৱশ্যে কবিতাৰ প্ৰেমিক মাত্ৰেই
আশাবাদী৷
তেওঁ কেৱল নিজা এক
কাব্যভাষাকে আহৰণ কৰি এৰা নাই, কাব্যনিৰ্মাণৰো এটা
নিজা কৌশলৰ অধিকাৰী হৈ উঠিছে৷ প্ৰকাশৰ শৈলীৰ দিশত তেওঁ নিজে এটা স্কুল বুলি
পৰিগণিত নহ’লেও ভৱিষ্যতে যে নহ’বগৈ তেনে সিদ্ধান্ত ল’বৰ পৰ এতিয়াও হোৱা নাই৷
কবিতকৈ কবিতাৰ বয়স বেছি৷ আৰু, অনুভৱ তুলসীৰ
বয়সতকৈ তেওঁৰ কবিতাৰ বয়স তুলনামূলকভাৱে তেওঁৰ সমসাময়িক আন কবিসকলৰ ব্যক্তি আৰু
সৃষ্টিৰ বয়সৰ পাৰ্থক্যতকৈ বেছি৷ সেয়েহে অগ্ৰজ সমালোচকসকলৰ মতেই তেওঁৰ কবিতা
‘প্ৰাজ্ঞ, সুস্থিৰ, লক্ষ্যভেদী, ৰহস্যময়, এতিহ্যসন্ধানী আৰু
সাংকেতিক৷’ তেওঁৰ কবিতাৰ স্বৰূপ তেওঁৰে ভাষা ধাৰ কৰি বুজাব পাৰি ‘জলমগ্ন
দৃশ্যাৱলী’ বুলি৷ সকলোখিনি ফটফটীয়া, অথচ একোকে যেন
নেদেখি৷ আপাত দৃষ্টিত ফকৰামিৰ নিচিনাকৈ তেওঁ কবিতাৰ যোগেদি কথা ক’বলৈ যায়, কিন্তু সেই বক্তব্যৰ মাজত সামৰি থয় আৰু উপলব্ধিৰ অন্তৰতম সত্যক আৰু সত্যৰ
সুস্থিৰতম উপলব্ধিক৷ সেয়েহে তেওঁৰ কবিতাক তেওঁৰ সমসাময়িক বহু কবিৰ কবিতাতকৈ আগ
বঢ়া বুলিব পাৰি৷
অনুভৱ তুলসীৰ কবিতাৰ বিষয়বস্তুৰ বিচিত্ৰতা আৰু
ব্যাপ্তিৰ প্ৰসঙ্গ উঠিব পাৰে৷ ব্যক্তিগত স্তৰৰ আনুভূতিক বিভিন্ন বিষয়ৰপৰা ব্যাপক
স্তৰৰ মানৱিকতা পৰ্যন্ত তেওঁৰ কবিতাৰ বিষয়বস্তুৰ সমাৰোহ৷ আচলতে জগতৰ কোনো লেখকৰে
লেখাৰ বিষয় বুলি পৃথকে চিনাক্ত কৰিব লগীয়া একো নাথকে; জাগতিক সকলো বিষয়েই সাহিত্য-শিল্পৰ বিষয়৷ কেৱল সকলো বিষয়ে সকলো লেখক-শিল্পীকে
সমানে জোঁকাৰিব নোৱাৰে৷ অনুভৱ তুলসীক বিভিন্ন সময়ত বিবিধ বিষয়ে অনুভৱ কৰাইছে
জাগতিক সত্যৰ বিবিধ স্তৰৰ অস্তিত্বক৷ এই অস্তিত্বৰ অনুভৱত যি সূক্ষ্ম মননশীলতা আছে
সেয়া পিছে কবিয়ে ঢাকি ৰাখিছে এক ধৰণৰ ধেমেলীয়া প্ৰকাশভঙ্গীৰ পৰ্দাৰে৷ তেওঁৰ কবিতাৰ
মাজত সমাজ-বাস্তৱতাৰ প্ৰতি ব্যঙ্গাত্মক দৃষ্টিভঙ্গীটো বৰ প্ৰখৰ, অন্তৰ্সঞ্চাৰী৷ উদাহৰণ হিচাপে ‘মানুহ খোৱা মানুহ’ কবিতাত বানপানীজনিত মানুহৰ
দুৰ্ভোগ আৰু কবি-দৃষ্টিৰ স্পষ্ট অভিব্যক্তি দেখা যায়৷ কবিতাটোৰ শেষৰ শাৰীত কোৱা
হৈছে, সৰু মানুহৰ খঙাল বান ক্ষন্তেকতে শুকায়৷ ইয়াত বিশেষকৈ
অসমীয়া মানুহৰ ধান খেৰৰ জুইৰ নিচিনা খন্তেকীয়া আৱেগক আঘাত কৰা হৈছে৷ সেই বুলি
মানুহৰ সম্ভাৱনা সম্পৰ্কে তেওঁ নিৰাশাবাদী নহয়৷ কাৰণ তেওঁ কৈছে, সৰু সৰু মানুহ সৰু সৰু নদী লগ লাগি / বৰ লুইত হ’লে বৰ লুইতেৰে আহিলে দুকুল টকা বান / ডাঙৰ মানুহৰ ডাঙৰ আঁচনি উটি
যাব পাৰে / তল যাব পাৰে সান্দহ খোৱা বালি৷ অৱশ্যে সৰু মানুহৰ আৱেগ খন্তেকতে নোহোৱা হোৱাৰ আৰ্থসামাজিক কাৰণো অনেক৷ পিছে
কবিৰ ব্যঙ্গৰ উদ্দেশ্য আছে, তেনে কাৰণবোৰ
নোহোৱা কৰিবলৈ যত্ন নকৰাটো – যাৰ অৰ্থ যন্ত্ৰণাকে জীৱনৰ সাৰ বুলি ভাবি এচামে
আনচামক চিৰদিন শোষণৰ সুযোগ দি থকাৰ কোনো অৰ্থ থাকিব নোৱাৰে৷ আন এটা কবিতা ‘আমাৰ
শাৰদীৰ মাক’তো কবি তুলসীৰ ঐতিহ্য-জিজ্ঞাসা সমকালীন সমাজ-বাস্তৱতাৰে সংশ্লিষ্ট হৈ
পৰিছে৷ সমষ্টিৰ দুখক ইয়াত কবিয়ে মমত্বৰে উপলব্ধি কৰিবলৈ যত্ন কৰিছে৷ তেওঁ এনে এটা
সমাজ-ব্যৱস্থাৰ অংশীদাৰ, য’ত থাকি অসহায়তা
প্ৰকাশ কৰি নিজকে ব্যঙ্গ কৰাৰ বাহিৰে আন একো উপায় নাই৷ কবি ইয়াত বিমোৰ, বিমূঢ়৷ কিম্বদন্তি বা পুৰাকথা, লৌকিক প্ৰথা আদিৰ
সৈতে ইয়াত সাধাৰণ মানুহৰ জীৱন-যন্ত্ৰণাক একাকাৰ কৰি ৰচনা কৰা হৈছে কম্প’জিশ্যনৰ
দৰে এই কবিতাটো৷ নৈসৰ্গিক প্ৰকৃতিয়েও ইয়াত বিভিন্ন চিত্ৰাভাসৰ মাজেদি বাঙ্ময় ৰূপ
লাভ কৰিছে৷ ইয়াতো কবিৰ ব্যঙ্গাত্মক সুৰটো আছে : উশাহ থাকে মানে উজাবা৷ এনে বহু
লক্ষণ লক্ষ্য কৰি আমাৰ অনুভৱ হয়, চুবুৰীয়া ভাষাৰ
কাব্য সমালোচক মাণিক দাসে এনেয়ে কোৱা নাই : অনুভব তুলসীর কবিতা প্ৰাজ্ঞ, সুস্থিৰ, লক্ষভেদী, রহস্যময়, ঐতিহ্যসন্ধানী ও
সাংকেতিক৷ এবং পুরোটাই কল্পনা ও বোধের যাত্ৰা৷
ইতিপূৰ্বে ইঙ্গিত
দি অহা হৈছে যদিও পুনৰ ক’ব খোজোঁ যে প্ৰকৃতপক্ষে অসমীয়া সাহিত্য-সংস্কৃতিৰ জগতে
এতিয়াও খবৰ নোপোৱা সংস্কৃতি অধ্যয়নৰ নবীনতম আদৰ্শ আৰু সমীক্ষামূলক বাগ্বিধি
বিশ্লেষণ (Critical Discourse Analysis) তত্ত্বৰ আলমত অনুভৱ তুলসীৰ কবিতাৱলী অধ্যয়ন কৰিলে
সমাজ-বাস্তৱৰ অনেক খবৰ পোৱা যাব৷ কাৰণ তেওঁৰ কবিতাৰ বাগ্বিধি অতি শক্তিশালী অৰু
বিচিত্ৰ৷
কবি তুলসীৰ কবিতাৰ
কিছু দুৰ্বলতাও নথকা নহয়৷ পিছে মানুহজন হঠাতে নোহোৱা হোৱাৰ পাছতে তেওঁৰ কবিতাৰ দেষ
খোচৰাটো কোনো সুস্থ মানুহৰ পৰিচয় নহ’ব৷
শাৰীৰিক অনুপস্থিতি
সত্তেও কবি অনুভৱ তুলসীক আমি কবিতাৰ মাজত সদায়ে অনুভৱ কৰি থাকিম৷
একে সময়তে আমাৰ
সাহিত্য-সংস্কৃতি সমন্বিতে সমাজ জীৱনক সৰ্বতোপ্ৰকাৰে সমৃদ্ধ কৰা ক্ষণজন্মা অসমীয়া
অধ্যাপক বসন্ত কুমাৰ ভট্টাচাৰ্য আৰু ভাৰতবৰ্ষৰ ভৌগোলিক সীমা অতিক্ৰমি বিশ্বৰ
বিভিন্ন মঞ্চত উত্তৰ-পূব ভাৰতৰ নাট্যশৈলীৰ প্ৰচাৰেৰে নিজে এক বিশাল নাট্যবৃক্ষ হৈ
উঠা ৰতন থিয়ামদেৱৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰিছোঁ৷