অন্যযুগ/


জাতীয় জীৱন, জাতীয় সমস্যা আৰু জাতীয় কৰ্তব্য

অসমীয়া জাতীয় জীৱন, অসমীয়া জাতীয় সংস্কৃতি, অসমীয়া জাতীয় স্বাৰ্থ, অসমৰ জাতীয় সংগঠন... এনেকৈ বহুত জাতীয় অভিধাজড়িত প্ৰসঙ্গ অনবৰতে, প্ৰায় প্ৰতি দিনেই অসমীয়া সংবাদ মাধ্যম নাইবা সামাজিক ইলেক্‌ট্ৰনিক মাধ্যমত পোৱা যায়৷ সামাজিক ইলকেট্ৰনিক মাধ্যমত আজিকালি ‘জাতীয়’ শব্দটোৰ ব্যৱহাৰ সৰ্বাধিক ৷ লক্ষ্য কৰি থকাসকলে মন কৰে যে অসমত সম্প্ৰতি ‘জাতীয়’ সংগঠনৰ সংখ্যা কমেও তিনিকুৰি হ’ব ৷

এতিয়া প্ৰশ্ন হয়, এই ‘জাতীয়’ সংগঠনসমূহে অসমৰ কাৰণে, অসমৰ জনসাধাৰণৰ কাৰণে কি কৰিব খুজিছে ? জাতীয় সংগঠনসমূহে সমাধান কৰিব পৰাকৈ অসমৰ জাতীয় সমস্যাবোৰ নো কি কি ? ঐতিহাসিকভাৱে জাতীয় সংগঠনসমূহে আজি পৰ্যন্ত কোনকেইটা জাতীয় সমস্যাৰ সমাধান উলিয়াবলৈ সক্ষম হৈছে ? ইমানবোৰ ‘জাতীয় সংগঠনে’ অসম আৰু অসমৰ জনসাধাৰণৰ উন্নতি আৰু কল্যাণৰ কাৰণেই যিহেতু কাম কৰি আহিছে, গতিকে এই সময়ত অসমৰ জনসাধাৰণৰ অৱস্থা দেখোন খুব স্বস্তিদায়ক হ’ব লাগিছিল ৷ 

কিন্তু আশা কৰা ধৰণে একো হোৱা নাই ৷ গতিকে বেলেগ এটা প্ৰশ্ন উত্থাপন হোৱা উচিত ৷ প্ৰশ্নটো হৈছে–

অসমৰ জাতীয় জীৱনৰ ঘাই বিশেষত্বটো কি ? স্বাভাৱিক উত্তৰটো হৈছে অসমীয়া মূলতে এটা কৃষিজীৱি জাতি ৷ আমাৰ জাতিটোৰ ভিতৰুৱা বিভিন্ন জনগোষ্ঠীৰ জীৱনৰ বিশেষকৈ সাংস্কৃতিক দিশবোৰ ফঁহিয়াই চালেও এইটো উত্তৰকে পোৱা যায়৷ কৃষিজীৱিতাও এক ধৰণৰ শ্ৰমজীৱিতাই (যদিও কাৰখানাত কৰা শ্ৰম আৰু খেতিৰ পথাৰত কৰা শ্ৰমৰ মাজত আকাশ-পাতালৰ পাৰ্থক্য আছে) ৷ খেতিয়কৰ শ্ৰমৰ সৈতে জড়িত হৈ থাকে সৃষ্টিশীলতা আৰু নিজৰ জীৱনৰ সৈতে সম্পৃক্ত আশা-আকাংক্ষা, উত্তৰণমুখিতা ৷ কাৰখানাৰ শ্ৰমিকৰ বাৰে কৰণীয়খিনি কেৱল মজুৰিৰ বিনিময়ত কৰিবলগীয়াহে; তাত নিজৰ উশাহ-নিশাহৰ সম্পৰ্ক নাথাকে ৷ 

জাতৰি পিতা বুলি সকলোৱে কোৱা (কিন্তু কিমানে নিজৰ ‘জাতিটোৰ পিতা’ বুলি উপলব্ধি কৰে সন্দেহজনক) মহাত্মা গান্ধীয়ে বৃহত্তৰ ভাৰতীয় সমাজ-জীৱনৰ পৰিপ্ৰেক্ষাতো এই সাধাৰণ সত্যটোকে উপলব্ধি কৰিছিল ৷ অৱশ্যে তেওঁৰ হাতেৰে সূতা কাটি কাপোৰ বৈ পিন্ধি জাতিটো স্বাৱলম্বী হোৱাৰ সপোনটো কাৰিকৰীভাৱে বাস্তৱসন্মত নাছিল ৷ সেইটো এটা পৃথক প্ৰসঙ্গ ৷ 

পিছে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ দিন ধৰি কেন্দ্ৰত অধিস্থিত চৰকাৰ বা ৰাজ্যসমূহৰ চৰকাৰসমূহে সমান গুৰুত্বৰে নিজৰ জাতীয় জীৱনৰ পৰম্পৰাগত বিশেষত্ব, নিজৰ অঞ্চলৰ ভৌগোলিক বিশেষত্ব, নিজৰ অঞ্চলৰ জনগাঁথনিগত বিশেষত্ব তথা সমস্যাসমূহ অনুধাৱন কৰিবলৈ সক্ষম নহ’ল ৷ এই লেখাত আমি অসমৰ প্ৰসঙ্গতে সীমাৱদ্ধ থাকিম ৷ অসমৰ গোপীনাথ বৰদলৈৰ দিনৰেপৰা সাম্প্ৰতিক সময়লৈকে কেনো এখন চৰকাৰেই ৰাজ্যখনৰ বাবে উপযুক্ত এটা কৃষিনীতি গঢ়ি তুলিব নোৱাৰিলে ৷ ফলস্বৰূপে ৰাজ্যখনৰ কৃষি আৰু পশুপালন, খাদ্য আৰু অসামৰিক যোগান, সমবায়, হস্ততাঁত আৰু ৰেচম, উদ্যোগ আৰু বাণিজ্য, জলসম্পদ আৰু মীন আদি বিভিন্ন বিভাগে বছৰৰ পাছত বছৰ ধৰিও ৰাইজখনক কোনো প্ৰকাৰেই উন্নতিৰ পথত আগ বঢ়াবলৈ বা অৱনতিৰ পৰা ৰক্ষা কৰিবৰ উদ্দেশ্যে ঢোকা দিবলৈ সক্ষম নহ’ল ৷ দৰাচলতে এই আটাইবোৰ বিভাগৰ মাজত পাৰস্পৰিক সম্পৰ্কহীনতাৰ কাৰণেই ৰাজ্যখনৰ ৰাইজে মন থাকিলেও কোনো প্ৰকাৰে নিজা উদ্যোগত কৃষিকৰ্ম, কৃষিভিত্তিক ক্ষুদ্ৰ উদ্যোগ, ৰেচম শিল্প, মীন পালন আদি ক্ষেত্ৰত পৰিকল্পিতভাৱে আগ বাঢ়িবলৈ সক্ষম নহ’ল ৷

কাৰ্যক্ষেত্ৰত হ’ব লাগিছিল কি ? আমি উপৰি উক্ত একো বিষয়ৰে বিশেষজ্ঞ নহওঁ যদিও বিশ্বাস কৰোঁ যে বাস্তৱৰ ভিত্তিত উচিত পৰিকল্পনা কৰিব জানিলে, কাম কৰাৰ বেলিকা আন্তৰিকতা থাকিলে, কৰ্মদক্ষতা অৰ্জন কৰিবলৈ কষ্ট কৰিব জানিলে অসমীয়া বোলা মানুহমুঠিক স্বাৱলম্বী কৰি তুলিব নোৱৰা একো কাৰণ নাই ৷ 

পৰিকল্পনাটো হ’ব লাগে সাধাৰণভাৱে এনেকুৱা –

ৰাজ্যৰ জনসংখ্যা অনুপাতে এদিনত কিমান খাদ্যসামগ্ৰী লাগে সেইটো অংকৰ উত্তৰ উলিওৱাটো হয়তো বৰ টান কাম নহয় ৷ একেদৰে ৰাজ্যখনৰ কৃষি উপযোগী মাটি কিমান, কিমান মাটিত বাৰিষাৰ ধানখেতি আৰু কিমানত খৰালিৰ ৰবিশস্য কৰিব পৰা যায় সেইটোও জৰীপ কৰি উলিয়াব পাৰি ৷ তেনেদৰেই জলাহ আৰু পিটনি অঞ্চল মুঠতে কিমান, কিমান দ মাটিত বানপানী আদিৰ কাৰণে খেতি কৰিব পৰা নাযায় আদিও নিৰ্ণয় কৰিব পাৰি ৷ একেদৰে চোমনি, চাহ বাগিচা আদিৰ ৰূপত কিমান মাটি আছে এই জৰীপো হোৱা উচিত ৷ তাৰ পাছতে আহিব কেনে কৃষিৰ বাবে উপযুক্ত মাটিৰ আশে-পাশে কেনে কৰ্মকুশল লোকৰ বসতি আছে সেইটো বিচাৰি উলিওৱা ৷ এনে অধ্যয়নৰ ফলস্বৰূপে লাভ কৰা তথ্যখিনিৰ আধাৰত বছৰটোৰ বাবে প্ৰয়োজনীয় শস্যখিনি উৎপাদন কৰাৰ এক দীৰ্ঘম্য়াদী পৰিকল্পনা হাতত ল’ব  নোৱাৰিনে ?

ধানখেতিৰ উপযোগী মাটিখিনিত বছৰেকত অন্ততঃ তিনিটা খেতি কৰিব পৰাকৈ যদি নিৰৱচ্ছিন্ন বিদ্যুৎ যোগান (সৌৰশক্তিৰ কথাও বিদ্যুতৰ বিকল্প হিচাপে ভাবিব লাগে) আৰু কৃত্ৰিম জলসিঞ্চনৰ ব্যৱস্থা কৰিব পৰা হয় আৰু উৎপাদিত সামগ্ৰীসমূহ চৰকাৰীভাৱে নিৰূপিত উপযুক্ত দৰত বিক্ৰী কৰাৰ নিশ্চয়তা প্ৰদান কৰা হয় তেন্তে নিশ্চয় কৰ্মকুশল অসমীয়া ডেকাল’ৰাই খেতিৰ প্ৰতি আগ্ৰহ প্ৰকাশ নকৰাকৈ নাথাকিব ৷ একে ধৰণৰ ইতিবাচক উদ্যোগ ৰবিশস্যৰ ক্ষেত্ৰতো ল’ব পাৰি ৷

কৃষিৰ বাবে অনুপযোগী দ মাটি, বিল, পিটনি, জলাহ অঞ্চলবোৰ পৰিকল্পিতভাৱে সুৰক্ষিত কৰি মীন পালনৰ ব্যৱস্থা কৰিব নোৱাৰি জানো ? মীন পালনৰ সমান্তৰালভাৱে সেইবোৰ ঠাইত উন্নত জাতৰ হাঁহ পুহিবও পাৰি ৷ এনে মাছ আৰু মঙহৰ বজাৰ-দৰো চৰকাৰীভাৱে নিৰূপিত হ’ব লাগে যাতে নিয়োজিত লোকসকলে কোনো কাৰণতে লোকচান ভৰিবলগীয়াত নপৰে ৷

ৰেচম আৰু বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰতো পৰিকল্পনা কৰি কপাহ, এড়া গছ আৰু এড়ী, চোম গছ আৰু মুগা খেতি কৰিব পাৰি বুলি ইতিমধ্যে তেনে খেতিত একাণপটীয়াকৈ লাগি থকা লোকসকলে প্ৰমাণ কৰি আহিছে ৷ কিন্তু তেনে লোকসকলে আজিকোপতি বিক্ষিপ্তভাৱেহে কাম কৰি আছে ৷ গতিকে তেওঁলোকে কৰা উৎপাদনৰ এখন সুসংগঠিত বজাৰ নাই আৰু পণ্যসমূহৰ মূল্যৰো একো নিৰ্দিষ্ট মাপকাঠি নাই ৷ এসময়ত এপ’ল্‌ নামৰ অসমীয়া মানুহে জন্ম দিয়া কোম্পানীটোৱে বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত অসমত এক প্ৰকাৰ বিপ্লৱৰে সূচনা কৰিছিল ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে কাৰোবাৰ ভুলৰ পৰিণতিত কোম্পানীটো প্ৰায় নিঃচিহ্ন হ’ল ৷ 

অসমৰ প্ৰায়বোৰ কৃষিভিত্তিক উদ্যোগেই সাফল্যৰ ভৰপক অৱস্থাতে বন্ধ হৈ যোৱাটো বৰ উদ্বেগজনক বিষয় ৷ ইয়াৰ মূল কাৰণ সম্ভৱতঃ সাৰ্থক উত্তৰাধিকাৰী প্ৰস্তুত কৰিব নোৱৰাটোৱেই ৷ কোনো অঞ্চলৰ বিশেষ ধৰণৰ উদ্যোগ একোটাৰ প্ৰতিষ্ঠাত এচাম লোকৰ যি সপোন জড়িত হৈ থাকে সেই সপোন পৰৱৰ্তী সময়ৰ কাৰ্যকৰ্তাসকলে হৃদয়ঙ্গম কৰিব নোৱৰাটো বৰ আক্ষেপৰ বিষয় ৷ আচলতে সময় থাকোঁতেই জ্যেষ্ঠ প্ৰজন্মটোৱে কণিষ্ঠ প্ৰজন্মৰ লোকক মানসিকভাৱে পৰম্পৰাগত সপোনটোৰ সৈতে সম্পৃক্ত কৰি তুলিবলৈ যত্ন কৰা উচিত ৷ নতুনসকলেও পুৰণিসকলৰ সপোনক নতুন কাৰিকৰীৰে আগ বঢ়াই নিয়াত আত্মোৎসৰ্গা কৰা উচিত ৷ ইয়াৰ বাবে সময়ে সময়ে বিভিন্ন উদ্যোগৰ কৰ্মকৰ্তাসকলক সঞ্জীৱিত কৰি তুলিব পৰা পাঠ্যক্ৰম আৰম্ভ কৰিব লাগিব ৷

ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ (২ জুন, ২০২২) তথ্য অনুসৰি গোৱা আৰু ছিকিমৰ দৰে কেৱল পৰ্যটনক্ষেত্ৰৰ ওপৰত নিৰ্ভৰ কৰা ৰাজ্য সম্প্ৰতি জনমূৰি আয়ৰ দিশত ক্ৰমে প্ৰথম আৰু দ্বিতীয় স্থানত আছে ৷ টেলেঙ্গানা নামৰ সৌ সিদিনা জন্ম হোৱা ৰাজ্যখনৰ চৰকাৰে কৃষকক প্ৰতি হেক্টৰ ভূমিৰ সফল কৃষিকৰ্মৰ বিনিময়ত কৃষকসকলক আৰ্থিক সহযোগিতা আগ বঢ়ায়৷ আমাৰ কৃষকসকলে তেনে সহায় পাবলৈ সক্ষম নহয় কিয়? কৃষিপ্ৰধান ৰাজ্য হৈও অসমৰ মানুহে খাদ্য-বস্ত্ৰৰ বাবে সদায়ে আনৰ হাতলৈ মুখলৈ চাই থাকিবলগীয়া হোৱাৰ বিপৰীতে টেলেঙ্গানাৰ জনমূৰি আয় সম্প্ৰতি অসমত (অসমৰ স্থান আঠাইছ নম্বৰত টেলেঙ্গানাৰ স্থান ষষ্ঠ ৷ তেত্ৰিছখন ৰাজ্যৰ ভিতৰত৷ শেষৰ ফালৰপৰা ছয় নম্বৰত৷)-কৈ লক্ষণীয়ভাৱে বেছি ৷ এই তিনিখন ৰাজ্যৰ তুলনাত অসমৰ সম্পদ কিন্তু বহুত বেছি৷ কৃষি, জলসম্পদ, প্ৰাকৃতিক তথা ঐতিহাসিক পৰ্যটনক্ষেত্ৰ, তৈল উদ্যোগ, চাহ উদ্যোগ, কয়লা উদ্যোগ আদি এশ এবুৰি সম্পদেৰে চহকী হোৱা সত্তেও অসম আজিৰ তাৰিখত এশ এটা সমস্যাৰে আক্ৰান্ত ৰাজ্য ৷ পাঞ্জাব-বিহাৰ-পশ্চিমবঙ্গৰ কৃষকে যিমান পৰিশ্ৰমৰ বিনিময়ত ফচল আহৰণ কৰে অসমৰ মাটিত সিমান কষ্ট নকৰিলেও হয় ৷ তথাপি অসমীয়া মানুহে আন ৰাজ্যৰপৰা চাউল নিকিনাকৈ বছৰটো চলিব নোৱাৰে ৷ ই নিশ্চিতভাৱে লাজৰ বিষয় ৷ পিছে ইয়াক লাজৰ বিষয়ৰপৰা অনুপ্ৰেৰণাৰ বিষয়লৈ পৰিৱৰ্তিত কৰিবলৈ যত্ন নিশ্চিতভাৱে কৰিব পাৰি ৷ ভূ-সম্পদ, বতৰ আদিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথমে অসমীয়াই কৃষি আৰু কৃষিভিত্তিক উদ্যোগৰ ক্ষেত্ৰত আগ বাঢ়িবলৈ যত্ন কৰিব লাগিব ৷ ভৌগোলিক আৰু জলবায়ৱীয় বিশেষত্বৰে যিহেতু অসম কৃষিৰ বাবে উপযুক্ত, গতিকে ইয়াত কৃষিকে গুৰুত্ব দিবই লাগিব ৷ কৃষিৰ ফালে পিঠি দি অন্যান্য তথাকথিত আধুনিক বিষয়েৰে অসমীয়া জাতিক উন্নতিৰ সোপানেৰে আগ বঢ়াব পৰা নাযাব ৷ অসমৰ জাতীয় সংগঠনসমূহেও কেৱল ৰাজপথত আন্দোলন কৰাৰ পথ পৰিত্যাগ কৰি সংগঠিত ৰূপত কৃষিকাৰ্যত মনোনিৱেশ কৰিবৰ সময় হৈছে ৷ ৰাজ্যখনৰ উন্নতিৰ ক্ষেত্ৰত নিজৰ একো অৱদান (input) আগ নবঢ়োৱাকৈ কেৱল সমস্যা কিছুমান উল্লেখ কৰি সেইবোৰ কোনোবাই (চৰকাৰে) সমাধান কৰি দিয়াৰ দাবীৰে আন্দোলন কৰি সামগ্ৰিকভাৱে জাতীয় জীৱনক সমৃদ্ধ কৰিব পৰা নাযায় ৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ