অন্যযুগ/


সমালোচনা সম্পৰ্কে কিছু পৰ্যৱেক্ষণ


        কেৱল সাহিত্যৰ ক্ষেত্ৰতে সীমাৱদ্ধ নহয় যদিও সমালোচনা বুলিলে কেৱল গুণ-দোষ নিৰূপণৰ বাবে লিখিত নথি হিচাপে অনুশীলন কৰা সাহিত্যৰ ক্ষেত্ৰখনলৈকে প্ৰথমে চকু যায়৷ অৱশ্যে সাধাৰণভাৱে আমাৰ সমাজখনে সমালোচনাক কেনেকৈ গ্ৰহণ কৰে তাৰ বিষয়ে ধাৰণা কৰিবলৈ ‘সমালোচনা মানেই নিন্দা’ জাতীয় বিশ্বাসেই যথেষ্ট৷ পিছে আমি এইখিনিতে মন কৰিব লাগিব যে সমালোচক মানেই হাতত কাকত-কলম লৈ লিখিবলৈ বহি থকা এবিধ মানুহ নহয়৷ 

        সমালোচকৰ প্ৰয়োজন কিহত? সমাজখনৰ বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন সম্ভাৱনা আৰু নেতিবাচকতা অথবা দুৰ্বলতা প্ৰদৰ্শন কৰা৷ হয়, সমালোচনা বস্তুনিষ্ঠ নহয়গৈ৷ ব্যক্তিনিষ্ঠ হ’লেও সমালোচকে নিজৰ দৃষ্টিভঙ্গীৰে নিজৰ দখলত থকা ক্ষেত্ৰখন পৰ্যৱেক্ষণ কৰে আৰু নিজৰ অভিজ্ঞতা ৰাজহুৱা কৰে৷ সুস্থ মানসিকতাৰ লোকে তেনে সমালোচকৰ মতামত হৃদয়ঙ্গম কৰি পৰৱৰ্তী কাম-কাজত অধিক পাৰদৰ্শিতা দেখুৱাবলৈ প্ৰেৰণা বিচাৰি লয়৷ কিন্তু কিছু সংখ্যক ব্যক্তিয়ে সমালোচনাৰ কঠোৰ অংশক সহ্য কৰিব নোৱাৰে আৰু উভতি সমালোচককে সমালোচনাৰ লক্ষ্য কৰি লয়৷

        যোৱা কিছু বছৰত অসমৰ সমাজ-সংস্কৃতিৰ জগতত সমালোচনাৰ নামত এনে কিছু হতাশাজনক অনুশীলন চলিব ধৰিছে যে জাতিটোৰ ভৱিষ্যতৰ কথা চিন্তা কৰা লোক মাত্ৰেই উদ্বিগ্ন হৈ উঠিছে৷ বিশেষকৈ সাহিত্যৰ ক্ষেত্ৰত, গ্ৰন্থৰ বজাৰত নিজকে জনপ্ৰিয় লেখক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ কত যে কৌশল অৱলম্বন কৰা হৈছে! বহু সময়ত লেখকৰ মনোবৃত্তি এনেকুৱা – ‘মোৰ লেখাবোৰ কোনোবাই সমালোচনা কৰাটো মই বিচাৰোঁ৷ কিন্তু সেই সমালোচকে মোক ভাল লেখক বুলি সিদ্ধান্ত দিয়াটোহে মোৰ অভীপ্সিত, মোৰ লেখাৰ দোষ-দুৰ্বলতা দেখুৱাবলৈ মই তেওঁক অধিকাৰ দিয়া নাই৷’ সাম্প্ৰতিক সময়ত অসমীয়া সাহিত্যৰ প্ৰায় সৰহ অংশতে এনে মানসিকতাৰ পয়োভৰ দেখা গৈছে৷ কোনো লেখক বিশেষক অনাহক প্ৰশংসাৰে উপচাই দিব খোজা সমালোচকৰ জন্মদিন পৰ্যন্ত উদ্‌যাপনৰ ব্যৱস্থা কৰি তেনে লেখকে নিমখৰ ধাৰ মৰাৰ উদাহৰণো সৃষ্টি হৈছে৷ আনহাতে সমালোচনা সহ্য কৰিব নোৱাৰি ইজন-সিজনলৈ ফোন কৰি উষ্মা প্ৰকাশ কৰা, কাকত-আলোচনীত বেনামী চিঠি লিখা আদি সাম্প্ৰতিক অসমৰ সুলভ ঘটনা হৈ পৰিছে৷ 

        পিছে প্ৰশ্ন হৈছে, অসমীয়া সাহিত্যৰ সাম্প্ৰতিক সময়ৰ সমালোচনা কেনে পৰ্যায়ৰ বা কেনে চৰিত্ৰৰ? অপ্ৰিয় হ’লেও সত্য যে বৰ্তমান সময়ৰ অসমীয়া সাহিত্য সমালোচনাৰ সৰ্বাধিক অংশই ফৰমাইচি নাইবা অনুৰোধ ৰক্ষাৰ বাবে কৰা কাম৷ খুব কম অংশতহে পৰিকল্পিতভাৱে জাতীয় সাহিত্যৰ উন্নতিৰ স্বাৰ্থত সমালোচনা লিখা দেখা যায়৷ আনহাতে বহু সমালোচনা হৈছে চৰ্বিতচৰ্বন৷ বিষয়ৰ পৰিচয় দিয়াতে আমাৰ বহু সমালোচনা সীমাৱদ্ধ৷ বহু সমালোচনাৰ পৰিসৰ কেৱল লেখাৰ প্ৰশংসা কৰাতে সীমিত হৈ থাকে৷ প্ৰকাশভঙ্গীৰ বিশ্লেষণ, ভাষাপ্ৰয়োগৰ কৌশল, মনস্তত্ত্ব অধ্যয়ন আদি দিশবোৰ বৰ্তমান সময়ৰ অসমীয়া সাহিত্য সমালোচনাত প্ৰায়ে অনুপস্থিত৷

        অসমীয়া সাহিত্য সমালোচনাৰ সামগ্ৰিক মান উন্নত নোহোৱাৰ কাৰণ কি? সমালোচনা কৰে কোনে? সাহিত্য গ্ৰন্থৰ প্ৰকাশকসকলৰ গ্ৰন্থ সমালোচনাৰ কিবা সংগঠিত ব্যৱস্থা আছেনে? কেৱল সাহিত্য সমালোচনাৰ সংগঠিত ব্যৱস্থা আছেনে? নাই৷ ফলস্বৰূপে যিসকলে বৰ্তমান সাহিত্য সমালোচনাত জড়িত হৈ আছে তেওঁলোকে প্ৰায়েই নিজে পঢ়া কিতাপসমূহৰ পৰিচয়মূলক টোকা বা প্ৰবন্ধ লিখাতে দায়িত্ব সামৰি আছে৷ তেওঁলোকক দোষ দিব নোৱাৰি, কাৰণ পেছাগতভাৱে তেওঁলোক সমালোচক নহয়৷ বৰং তেওঁলোকে কৰি থকাখিনিৰ কাৰণে তেওঁলোকক ধন্যবাদহে দিব লাগিব৷ কিন্তু অধ্যয়নৰ সীমাৱদ্ধতা যিহেতু সকলোৰে থাকে, গতিকে এই সমালোচকসকলে সামগ্ৰিকভাৱে অসমীয়া সাহিত্যৰ গতি-প্ৰকৃতি উপলব্ধি কৰিবগৈ নোৱাৰে৷ তদুপৰি, অসমীয়া সাহিত্যৰ সমালোচকসকলৰ সৰহ সংখ্যকেই ভাষা-সাহিত্যৰ শিক্ষকতাৰ লগত জড়িত৷ গতিকে সাহিত্যৰ শ্ৰেণীৰ ছাত্ৰসকলৰ সম্মুখত পৰীক্ষামুখী দৃষ্টিভঙ্গীৰে পাঠদান কৰাৰ মানসিকতাটো প্ৰায়বোৰ সমালোচনাতে লক্ষ্য কৰা যায়৷

        সৰ্বোপৰি, কিছু বছৰৰ পূৰ্বতে বিশ্ববিদ্যালয় অনুদান আয়োগে কলেজ-বিশ্ববিদ্যালয়ৰ শিক্ষকসকলৰ বাবে প্ৰকাশনৰ বিপৰীতে মূল্যাঙ্ক প্ৰদানৰ আৰু সেই মূল্যাঙ্কৰ আধাৰত চাকৰিৰ পদোন্নতিৰ যি ব্যৱস্থা প্ৰৱৰ্তন কৰিলে তাৰ ফলত বহু লোকে খালৈতে বৰশী টোপাই সমালোচক হিচাপে নিজকে প্ৰতিষ্ঠা কৰাও দেখা গৈছে৷ আনহে নালাগে এই ব্যৱস্থাটোৰ ওপৰঞ্চি ফল হিচাপে একোজন বিশেষ লোকে খালৈতে জুলুকি বাই ‘অসমীয়া সাহিত্যৰ বুৰঞ্জী’ও প্ৰণয়ন কৰা দেখা গৈছে৷ খবৰ ৰখা লোকে জানে যে এবিলাকৰ দৰে সংস্থাই ৰাজ্যখনৰ সাহিত্য জগতৰ আটাইখিনি পণ্ডিত লোকৰ পৰিশ্ৰমেৰে ছটা খণ্ডত সামৰি ‘অসমীয়া সাহিত্যৰ বুৰঞ্জী’ প্ৰণয়ন কৰিছে৷ এনে কাৰ্যকো বৃদ্ধাঙ্গুষ্ঠ প্ৰদৰ্শন কৰা লোকৰ জন্ম হৈছে কেৱল বিশ্ববিদ্যালয় অনুদান আয়োগৰ এই নিয়মটোৰ ফলতেই৷ বহু প্ৰকাশকেও ছাত্ৰ-ছাত্ৰীসকলৰ আগলৈ শ্ৰমসাধ্য তথা বিজ্ঞানসন্মত সাহিত্যৰ বুৰঞ্জীৰ গ্ৰন্থ আগ বঢ়াই দিয়াৰ পৰিৱৰ্তে এনে তথ্য-কোষ ধৰণৰ গ্ৰন্থ আগ বঢ়াই দিয়ে৷ আনহে নালাগে বহু শিক্ষকেও এনে তথ্যকোষ ধৰণৰ সাহিত্যৰ বুৰঞ্জী পুথি হাতত লৈ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰে৷

 এনে অৱস্থাত আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰপৰা ভৱিষতৰ দিনত সৃষ্টি হ’বলগীয়া সমালোচকসকল কেনে হ’বগৈ ভাবিলেই মনত আশঙ্কা সৃষ্টি হয়৷

আমাৰ দেশৰ ৰাজনৈতিক ক্ষেত্ৰত সমালোচনাই প্ৰায়েই বোকা ছটিওৱা-ছটিৰ ৰূপ গ্ৰহণ কৰে৷ সাধাৰণতে ৰাজনৈতিক দলবোৰৰ বিশেষ বিশেষ¸ আদৰ্শ থাকে– কোনোবাটো সমাজৰ কাৰণে মঙ্গলজনক, কোনোবাটো সমাজৰ কাৰণে ক্ষতিকাৰক অথচ দলৰ কাৰণে মঙ্গলজনক৷ তেনে একোটা দলৰ কোনোবা একোটা দিশ সমালোচনা কৰিলেই তেনে সমালোচকক আন কোনোবা দলৰ প্ৰতিনিধি বা মুখপাত্ৰ বুলি ঘোষণা কৰি গৰিহণা দিয়াৰ দৰে ঘটনাও অনেক৷ জনগোষ্ঠীয় বিষয়ৰ ক্ষেত্ৰতো কথা একেই৷ সাধাৰণতে এনে বিষয় বৰ কম যাৰদ্বাৰা সকলো জনগোষ্ঠীকে সন্তুষ্ট কৰিব পাৰি৷ এনে অৱস্থাত এটা জনগোষ্ঠীৰ স্বাৰ্থত আঘাত হানিবলগীয়া হোৱাটো আমাৰ সমাজত সমালোচক এজনৰ কাৰণে সময়ে সময়ে জীৱন-মৰণৰ কথা হৈ পৰাও দেখা যায়৷ একে কথাই খাটে অৰ্থনৈতিক ক্ষেত্ৰতো৷ অৰ্থনৈতিক বিকাশ নামৰ শব্দদ্বয়ৰ সৈতে যিসকলৰ গাখীৰ-গুড়ৰ সম্পৰ্ক, সেইসকলে মানুহৰ বৃহত্তৰ স্বাৰ্থ, পৰিৱেশ ৰক্ষা, জৈৱ বৈচিত্ৰ্য,  গোলকীয় উষ্ণতা বৃদ্ধি, কৃত্ৰিম বানপানী, পৃথিৱীৰ ভৱিষ্যত আদি শব্দৰ সৈতে প্ৰায়ে বিৰোধীৰ সম্পৰ্ক ৰাখি চলে৷ গতিকে পৰিৱেশ ৰক্ষাৰ্থে কোনোবাই কিবা এষাৰ ক’লেই সেইষাৰ আৰ্থিক উন্নয়নৰ বিপক্ষে গুচি যায়৷ ফলস্বৰূপে এনে কথাবিলাক হৈ পৰেগৈ সহিব নোৱৰা সমালোচনা৷ এনে সমালোচনাৰ ফলস্বৰূপে সমালোচকৰ কাৰাবাস আদি দণ্ড হোৱাৰো উদাহৰণ প্ৰচুৰ৷ শেহতীয়াকৈ ৰাছিয়াৰ স্বেচ্ছাচাৰী ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক মুকলিকৈ সমালোচনা কৰাৰ কাৰণেই এগৰাকী চেলিব্ৰিটি মডেলৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই এনে উদাহৰণকে দাঙি ধৰিছে।

একেবাৰে বিপজ্জনক সমালোচনাবিধ সম্পৰ্কিত মানুহৰ ধৰ্মবিশ্বাসজনিত পৰম্পৰাৰ সৈতে৷ ধৰ্মবিশ্বাস ভেদে মানুহৰ নৈতিকতা বেলেগ, আচৰণ বেলেগ বেলেগ, খাদ্য-অখাদ্য, সাজপাৰকে ধৰি অনেক কথাই বেলেগ৷ বহু শ বা হাজাৰ বছৰ জুৰি আচৰণ কৰি অহা একোটা ধৰ্মপন্থা সময়ৰ লগে লগে কিছু পৰিমাণে সলনি হয় অৱধাৰিতভাৱেই৷ কিছুমান ধৰ্মৰ মানুহে নিজৰ ধৰ্মৰ মানুহখিনিৰ মাজত পৰম্পৰাগতভাৱে সোমাই পৰা অপকাৰী অনুশীলন কিছুমান আঁতৰ কৰিবলৈ যত্ন কৰে৷ তেনে লোকে আকৌ নিজৰ ধৰ্মপৰম্পৰাৰ মানুহৰপৰাই প্ৰতিৰোধৰ সম্মুখীন হয়৷ তথাপি তেনে অৱস্থাত কোনোৰকম সমালোচকজন ৰক্ষা পৰে৷ পিছে কোনো কোনো ধৰ্মমতৰ লোকসকলে নিজৰ মাজত পৰম্পৰাগতভাৱে থকা সকলো কথাকে শিলৰ ৰেখা বুলি গণ্য কৰে৷ তেনে ধৰ্মমতৰ সংস্কাৰৰ বাবে তেওঁলোকে কাৰোপৰাই কোনো ধৰণৰ পৰামৰ্শ গ্ৰহণ কৰিব নোখোজে৷ তেনে এক ধৰ্মপন্থাক যদি আন কোনোবা ধৰ্মপন্থাৰ লোকে বাট দেখুৱাবলৈ আগ বাঢ়ি আহিল, তেন্তে তেওঁৰ সৰ্বস্ব শেষ হোৱা বুলি অনুমান কৰিব পাৰি৷ কাৰণ, পৃথিৱীৰ সৰ্বাধিক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে ধৰ্মবিশ্বাসক কেন্দ্ৰ কৰিয়েই৷

প্ৰভুত্বসম্পন্ন লোকৰ পোহনীয়া সমালোচক এবিধো আছে৷ তেওঁলোকে সদায়ে নিজৰ প্ৰভুৰ ন্যস্তস্বাৰ্থৰ কাৰণে কাম কৰে৷ তেওঁলোকৰ জীৱন আৰু জগত সম্পৰ্কীয় কোনো নিজা দৃষ্টিভঙ্গী নাথাকে, চিন্তাশক্তিও নাথাকে৷ কিন্তু তেওঁলোকৰ থাকে প্ৰকাশভঙ্গী৷ কেনেদৰে প্ৰভুৱে কথাষাৰ কোৱা ভাল হ’ব সেইখিনি সজাই পৰাই দিয়াটো তেওঁলোকৰ নৈমিত্তিক কাম৷ অথবা প্ৰভুৱে কোৱা কথাখিনি কেনেকৈ তেল-নিমখ সানি সুন্দৰকৈ ৰান্ধি উলিয়াব, সেইটো তেওঁলোকৰ কাম৷ আমাৰ সমাজৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰভুত্বসম্পন্ন ব্যক্তিৰ হাতৰ মুঠিত এনে সমালোচক ভালে সংখ্যক থাকে৷

এনে সমালোচকৰো বিপদ নোহোৱা নহয়৷ যি সমাজৰ স্বাৰ্থক জলাঞ্জলি দি এইসকলে নিজৰ মালিকৰ হৈ কথা কয় বা লিখে সেইখন সমাজেও এনে লোকৰ স্বাৰ্থৰ প্ৰতি খাতিৰ নাৰাখে৷ সমাজখনৰ কাৰণে যিসকলে ইতিবাচক চিন্তা-চৰ্চা কৰে সেইসকলে সমাজখনৰপৰাও ইতিবাচক প্ৰতিক্ৰিয়াই পায়৷ নেতিবাচক চিন্তা-চৰ্চা কৰাসকললৈ সমাজে কি ৰাখিব? নিশ্চিতভাৱে নেতিবাচক বিচাৰ৷ কাৰণ, নিউটনে আৱিষ্কাৰ কৰাৰ পূৰ্বৰেপৰাই সত্য তেওঁৰ তৃতীয় গতিসূত্ৰটো : প্ৰত্যেক ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে৷ বিভিন্ন সামাজিক ক্ষেত্ৰত সমালোচনাক লৈ হোৱা প্ৰতিক্ৰিয়া সমালোচকৰ জীৱনকালতে শেষ হৈ নাযায়৷ তেওঁৰ মৃত্যুৰ পাছলৈকে তেনে প্ৰতিক্ৰিয়া প্ৰতিধ্বনিত হৈ থাকে৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ