অন্যযুগ/


দুজন ‘জিনিয়াছ’ৰ দুটা টোকাবহী— এজন গণিতজ্ঞ, আনজন সংগীতজ্ঞ

  পৰমানন্দ মহন্ত

     বি'থ'ফেন                      ৰামানুজন

সংগীত আৰু গণিতৰ সম্পৰ্ক দীৰ্ঘদিনীয়া৷ জনামতে, গ্ৰীক পণ্ডিত পায়থাগৰাছেই (আনুমানিক ৫৮০ খৃ.পূ.) পোনতে সংগীতৰ স্বৰবিলাকৰ মাজৰ সম্পৰ্ক সংখ্যাৰ অনুপাতত প্ৰকাশ কৰিব পাৰি বুলি ঠাৱৰ কৰিছিল৷ সংখ্যা আৰু সাংগীতিক স্বৰৰ এই সম্পৰ্কক তেওঁ আনকি মহাজাগতিক গাঁথনিলৈও সম্প্ৰসাৰিত কৰিছিল, আৰু প্ৰথম তিনিটা ৰাশি ১,,-ৰ সহায়েৰে গ্ৰহবোৰৰ অৱস্থানৰ অনুপাত পাব পাৰি বুলি অনুমান কৰিছিল৷ গ্ৰহ, নক্ষত্ৰ আদিয়ে নিজৰ ঘূৰ্ণনশীল অৱস্থাৰ কাৰণে মহাজাগতিক সংগীত (music of the space) সৃষ্টি কৰে বুলিও কৈছিল৷ আমাৰ বিষ্ণু ৰাভায়ো জানো গোৱা নাছিল, ‘বিশ্বৰে ছন্দে ছন্দে নাচা বুলি? ছন্দ মিলাই নচা মানে তাল-মান মিলোৱা, আৰু তাল মিলাবলৈ লোৱা মানেই সময়ৰ জোখ৷ আৰু জোখ মানেনো কি, গণিতেই নহয় জানো? ই যি কি নহওক, আধুনিক যন্ত্ৰসংগীতৰ যন্ত্ৰসমূহৰ উন্নীতকৰণত গণিতৰ ব্যৱহাৰ অপৰিহাৰ্য৷ গণিতৰ বিশাল পৰিধিৰ পৰা সংগীতৰ ক্ষেত্ৰখননো সাৰি যায় কেনেকৈ? আনহাতে, গণিতক আটাইতকৈ বিমূৰ্ত বিজ্ঞান বোলাৰ দৰে সংগীতৰো বিমূৰ্ততা সকলো কলাৰ শীৰ্ষত৷ দুয়ো ক্ষেত্ৰতে সাংকেতিক চিহ্নৰ সহায়েৰে সকলো ভাব-চিন্তা প্ৰকাশ কৰা হয়  সম্পূৰ্ণ সাৰ্বজনীন সাংকেতিক চিহ্ন৷ সেয়েহে ৱাল্টাৰ পেটাৰ নামৰ এজন লেখকে কৈছিল সকলো কলাই সংগীতৰ অৱস্থা পাবলৈ হেঁপাহ কৰে (all arts aspire to the condition of music), যেনেকৈ পায়থাগোৰাছে কৈছিল সংখ্যাই বিশ্ব-ব্ৰহ্মাণ্ডখন চলায় (Number rules the Universe) আৰু আইনষ্টাইনে কৈছিল— ‘‘গণিতেহে প্ৰাকৃতিক বিজ্ঞানক নিৰাপত্তা দিয়ে’’, অৰ্থাৎ ইবিলাক বিজ্ঞানৰ শুদ্ধতাৰ নিশ্চিতি গণিতেহে দিব পাৰে৷

গণিত আৰু সংগীতৰ সম্পৰ্কে এনে ভাব মনলৈ আহিল দুয়োটা ক্ষেত্ৰত ক্ষণজন্মা দুগৰাকী অতীৱ প্ৰতিভাশালীৰ অনুপম জীৱন অনুধাৱন কৰি৷ এওঁলোক হৈছে, এজন ঊনৈছ শতিকাৰ সংগীত জগতৰ অপ্ৰতিদ্বন্দ্বী প্ৰতিভা লুড্ভিগ্ফান বেফেন, আৰু আনজন কুৰি শতিকাৰ গণিতশাস্ত্ৰৰ অপাৰ বিস্ময় উদ্ৰেককাৰী গণিতজ্ঞ এছ. ৰামানুজন৷ দুয়োজনৰ জীৱনত অনেক কথাত অনেক মিল দেখি অভিভূত নোহোৱাকৈ থাকিব নোৱাৰি৷ জাৰ্মানিৰ বন চহৰত ১৭৭০ চনৰ ১৬ ডিচেম্বৰত জন্ম হৈছিল বেফেনৰ৷ প্ৰায় এশ বছৰৰ পাছত ১৮৮৭ চনৰ ২২ ডিচেম্বৰত উপজিছিল ৰামানুজন তামিলনাডুৰ কুম্বাকোনাম নামৰ সৰু চহৰখনত৷ দুয়োজনৰ জীৱনত মাতৃৰ প্ৰভাৱ অপৰিমেয় হয়তো ৰামানুজনৰ ক্ষেত্ৰত অলপ বেছিকৈয়ে৷ দুয়োগৰাকীয়েই বাল্যকালৰ পৰা নিজৰ নিজৰ বিষয়ত গভীৰ ৰাপ দেখুৱাই নহয়, অনৱৰত নিজৰ নিজৰ ভাবনা-চিন্তাক লৈয়ে দুয়োজন বিভোৰ আছিল৷ সৰুকালত বেফেনে ঘৰৰ খিৰিকীৰে ৰাইন নৈৰ সিপাৰৰ পৰ্বতমালালৈ চাই থাকোঁতে যি তন্ময়তা ওচৰ-চুবুৰীয়াই মন কৰিছিল, ঘৰৰ পিৰালিত মাটিত চিলঠ লৈ লেপেটা কাঢ়ি বহি বহি অংক কৰি থাকোঁতে লগৰীয়াই ওচৰতে খেলি থকাৰ কথা ৰামানুজনে‍ গমেই পোৱা নাছিল৷ দুয়োজনেই বিশ্বাস কৰিছিল এক অদৃশ্য শক্তিয়েহে যেন তেওঁলোকক নিজৰ নিজৰ ক্ষেত্ৰলৈ টানি নিছিল৷ সেয়েহে আন সকলো কথালৈ কাণ নিদি দুয়ো ব্যস্ত আছিল এজনে নতুন সুৰৰ সৃষ্টি কৰি, আৰু আনজনে গণিতৰ সূত্ৰ উলিয়াই৷ আচৰিত কথা যে ৰামানুজনে‍ গণিতত যি কৰিছিল নিৰ্দিষ্ট সূত্ৰ এটাৰ যিমান সম্ভৱ প্ৰসাৰ খটুৱাই নতুন নতুন ক্ষেত্ৰলৈ সম্প্ৰসাৰণ, বেফেনৰ সংগীতেও একেদৰেই এটা দুটা সুৰৰ পৰাই অপূৰ্ব সামঞ্জস্য গঢ়ি আৰু অসামান্য দক্ষতাৰে আগেয়ে নুশুনা সংগীতৰ লয় সৃষ্টি কৰিছিল৷ পাশ্চাত্য সংগীতত মানুহৰ দুঃখ, বেদনা আশা, আনন্দ, সাহস, শৌৰ্যৰ প্ৰকাশ খটুৱাই সংগীতৰ নতুন ধাৰাৰ জন্ম দিছিল৷ বিফেনৰ সংগীতৰ ধাৰা অনুসৰণ কৰিয়েই ঊনৈছ শতিকাৰ শ্ৰেষ্ঠ সংগীতকাৰসকলে ৰোমাণ্টিক যুগৰ সমৃদ্ধিশালী সংগীত সৃষ্টি কৰিলে৷ দুয়োজনৰ শেষৰ বছৰকেইটা বেমাৰ আজাৰত অতিক্ৰান্ত হৈছিল, ৰামানুজনে যক্ষ্মাৰোগত ভুগিছিল, আৰু বেফেনে ভুগিছিল ঘাইকৈ ড্ৰপ্সিৰ পৰা, ভৰি ফুলি গৈছিল৷ বিষত তৎ নোপোৱা হৈছিল৷ ইয়াৰ মাজতো ৰামানুজনে ৰচনা কৰিছিল এনে কিছুমান গাণিতিক সূত্ৰ আৰু এটা প্ৰবন্ধ, যাৰ কাৰণেই তেওঁৰ গাণিতিক প্ৰতিভা চিৰস্মৰণীয় হৈ ৰলহেঁতেন বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছিল৷ নকলেও হ, এই আৱিষ্কাৰে গাণিতিক অধ্যয়নৰ নতুন বিষয় এটা মুকলি কৰিলে৷ একেদৰেই, শেষৰ বছৰটোতে বেফেনেও ৰচনা কৰিলে তেওঁৰ কেইবাটাও কালজয়ী সংগীত৷

আন এটা সাদৃশ্যও দেখা গ জীৱনৰ এটা সময়ত দুয়োগৰাকীয়েই আত্মহত্যাৰ কথা ভাবিছিল!

আকৌ, দুয়োজনে সৰুতেই বসন্ত ৰোগত ভুগিছিল, যাৰ কাৰণে দুয়োৰে মুখমণ্ডলত বসন্তৰ দাগ ৰৈ গৈছিল৷

১৯২০ চনৰ ২২ এপ্ৰিলত মুঠেই বত্ৰিছ বছৰ বয়সত ৰামানুজনৰ দেহাৱসান হয়৷ সেয়েহে এই বছৰৰ এপ্ৰিল মাহত ৰামানুজনৰ মৃত্যু শতবাৰ্ষিকী উদ্যাপন কৰাৰ পাছত এতিয়া সমগ্ৰ বিশ্বই ডিচেম্বৰ মাহত সংগীতজ্ঞগৰাকীৰ জন্মবাৰ্ষিকীৰ আঢ়ৈশ বছৰীয়া জয়ন্তী উদ্যাপন কৰিবলৈ গৈ আছে৷

এতিয়া আহোঁ দুয়োগৰাকীৰে জীৱনত মিল থকা আন এটা বিষয়লৈ৷ এয়া ল তেওঁলোক দুয়োজনৰে ব্যক্তিগত টোকাবহী৷ এই দুই ব্যতিক্ৰমী প্ৰতিভাশালী ব্যক্তিৰ টোকাবহীৰ টোপোলাকেইটা সংগীত আৰু গণিতৰ ক্ষেত্ৰত একক আৰু আপুৰুগীয়া৷ ৰামানুজনৰ তিনিটা টোকাবহীৰ কথা তেওঁৰ জীৱনকালতে চৰ্চিত হৈছিল৷ কিয়নো তেওঁৰ টোকাবহীৰ পৰা উদ্ধৃত কৰা কেইখিলামান পাত অধ্যয়ন কৰিয়েই ইংলেণ্ডৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ প্ৰখৰ অন্তৰ্দৃষ্টিসম্পন্ন গণিতৰ অধ্যাপক জি.এইছ.হাৰ্ডিয়ে (১৮৭৭-১৯৪৭)  ৰামানুজনৰ অপৰিশীলিত প্ৰতিভা উপযুক্ত পৰিশীলনৰ অভাৱত মৰহি যায় বুলি ভয় কৰি ৰামানুজনক ততাতৈয়াকৈ ইংলেণ্ডলৈ আনিবলৈ খৰখেদা লগালে৷ হাৰ্ডিৰ সযত্ন তত্ত্বাৱধানত ৰামানুজনৰ প্ৰতিভাৰ বিস্ময়কৰ স্ফুৰণ এতিয়া ইতিহাস হৈ পৰিল৷ পৰাধীন ভাৰতৰ নিচেই সৰু চহৰ এখনত ওপজা অসাধাৰণ প্ৰতিভাৰ অধিকাৰী এগৰাকী লোকক বিভিন্ন বাধা-নিষেধ নেওচি বিচাৰি উলিয়াই তেওঁৰ প্ৰতিভাক সঠিক দিশত গঢ় দিয়া কুৰি শতিকাৰ বৌদ্ধিক ইতিহাসৰ ই এক ৰোমাঞ্চকৰ ঘটনা বুলি পৰিগণিত হৈছে৷ এই ক্ষেত্ৰত ৰামানুজনৰ টোকাবহীয়েই হাৰ্ডিৰ সহায় আৰু সাৰথি হৈছিল৷

কথাটো এনেকুৱা দহ বছৰ নৌহওঁতেই স্কুলৰ শিক্ষকে ৰামানুজনৰ ব্যতিক্ৰমী গাণিতিক পাৰদৰ্শিতাৰ কথা গম পাইছিল৷ স্কুলৰ ওপৰ শ্ৰেণীৰ ছাত্ৰই তেওঁৰ পৰা গণিত শিকিছিল৷ কলেজৰ ছাত্ৰ এজনে তেওঁক দিয়া এছ.এল.নিৰ ত্ৰিকোণমিতি‍খনৰ সকলো তেৰ বছৰ বয়সতে আয়ত্ত কৰিছিল৷ স্কুলৰ শেষৰ শ্ৰেণীত থাকোঁতেই ইংলেণ্ডৰ গণিতৰ শিক্ষক জৰ্জ শ্বুব্ৰিজ কাৰৰ বিশুদ্ধ আৰু প্ৰায়োগিক গণিতৰ প্ৰাথমিক ফলাফলসমূহৰ সাৰাংশ’ (A Synopsis of the Elementary Results in Pure and Applied Mathematics) নামৰ কিতাপখন তেওঁৰ হাতত পৰে৷ কিতাপখনৰ প্ৰায়বোৰ সূত্ৰকে তেওঁ প্ৰমাণ কৰাই নহয়, কিছুমান সূত্ৰৰ পৰা আন নতুন সূত্ৰ কিছুমানো উদ্ভাৱন কৰিলে৷ এই সকলো ১৯০৪-০৭ চনৰ ভিতৰত তেওঁ টোকাবহীখনত টুকি ৰাখিলে৷ এই টোকাবহীৰ প্ৰায় ২০০ পৃষ্ঠাত তেওঁ নিজেই উদ্ভাৱন কৰা অনেক জটিল গণিতৰ সূত্ৰও পোৱা গল৷ ইয়াৰে কিছুমান সূত্ৰ আন গণিতজ্ঞই বহু আগতেই উলিয়াই থৈছিল, কিন্তু প্ৰায়বোৰ সূত্ৰ ৰামানুজনে নিজৰ উপায়েৰে উদ্ভাৱন কৰিছিল৷ তেওঁৰ জীৱনকালত মুঠতে তিনিখন টোকাবহী তেওঁৰ লগত আছিল৷ মৃত্যুৰ পাছত আন এখন টোকাবহীও পোৱা গ এইখনক হেৰাই পোৱা টোকাবহী’ (The lost Notebook) বুলি কোৱা হয়৷ এই শেহতীয়া টোকাবহীখন ৰামানুজনৰ মৃত্যুৰ পাছত তেওঁৰ বাসগৃহত পোৱা কাগজৰ ভিতৰত থকা৷ হাৰ্ডিৰ অনুৰোধত তেওঁলৈ কাগজবোৰ পঠিয়াই দিয়া হৈছিল৷ এটা সময়ত কাগজখিনি গৈ কেম্ব্ৰিজৰ ট্ৰিনিটি কলেজৰ লাইব্ৰেৰি পালেগৈ৷ ইয়াতে ১৯৭৮ চনত আমেৰিকান গণিতজ্ঞ জৰ্জ এন্দ্ৰুৱে‍ বহীখনৰ মোল বুজি ইয়াত সন্নিৱিষ্ট সূত্ৰসমূহৰ অধ্যয়ন আৰম্ভ কৰিলে৷ এই গৱেষণাই আন গুৰুত্বপূৰ্ণ গাণিতিক আৱিষ্কাৰ সম্ভৱ কৰি তুলিলে৷ ৰামানুজনৰ মৃত্যুৰ অৰ্ধশতিকাৰ পাছতো তেওঁৰ টোকাবহী গৱেষকৰ গৱেষণাৰ বিষয়বস্তুৰ ভাণ্ডাৰ হৈয়েই আছে! এই হেৰাই পোৱা টোকাবহীখনৰ আৱিষ্কাৰ এগৰাকী গণিতজ্ঞই বেফেনৰ দশম ছি‍ম্ফনিৰ আৱিষ্কাৰৰ লগত তুলনা কৰিছে৷

আকৌ বেফেনৰ লগত ৰামানুজনৰ সাদৃশ্য! 

বেফেনৰ পিয়ানৰ প্ৰতি ধাউতি দেখি পাঁচ বছৰ বয়সৰে পৰাই তেওঁৰ সংগীতজ্ঞ পিতৃয়ে তেওঁক পিয়ানবাদনৰ শিক্ষা দিবলৈ ললে৷ শিক্ষক হিচাপে কাঢ়া পিতৃপ্ৰদত্ত শাৰীৰি‍ক শাস্তি খায়ো পিয়ানত সুৰ তুলি সুমধুৰ সংগীত সৃষ্টি কৰি সৰুতেই বেফেন আপোন পাহৰা হৈছিল৷ তেওঁক সংগীতৰ ওজা শিক্ষকৰ হতুৱাই সংগীত শিক্ষা দিওৱাৰ ব্যৱস্থা কৰা হল আৰু সেয়েহে প্ৰায় দহ বছৰ বয়সতে স্কুলীয়া শিক্ষা সাং কৰি তেওঁ একাণপটীয়াকৈ সংগীতৰ শিক্ষা লবলৈ সুবিধা লাভ কৰিলে৷ সাত বছৰ বয়সতে তেওঁ ৰাজহুৱাকৈ সংগীত পৰিৱেশন কৰি সংগীতপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিছিল৷ বাৰ বছৰ বয়সৰে পৰাই ৰাজসভাৰ অৰ্গেন বজাবলৈ অনুমতি পোৱা বেফেনক দুবছৰৰ পাছতে সহকাৰী অৰ্গেনবাদক হিচাপে নিযুক্তি দিয়ে তেওঁ অৰ্কেষ্ট্ৰা দলৰো ভায়লাবাদক  আছিল৷ বনৰ তেতিয়াৰ শাসকগৰাকীয়ে বেফেনক সংগীতৰ শিক্ষা লবলৈ তেতিয়া ভিয়েনাত বাস কৰা প্ৰসিদ্ধ সংগীতজ্ঞ উল্ফগাং আমেডিয়াছ মৎচাৰ্টৰ (Wolfgang Amadeus Mozart) ওচৰলৈ পঠিয়ায় তেওঁৰ সোতৰ বছৰ বয়সত৷ পিছে দুটামান পাঠ লওঁতেই মাতৃৰ অসুখৰ খবৰ পাই বেফেন ভিয়েনাৰ পৰা গুচি আহিবলগা হল৷ বনত থকা কালত তেওঁ সংগীতৰচনা প্ৰকাশ কৰিছিল, যিবোৰ আছিল পশ্চিমীয়া সংগীতৰ বিভিন্ন যন্ত্ৰৰ কাৰণে সুৰ সৃষ্টি কৰি কৰা বিভিন্ন ৰূপৰ সাংগীতিক ৰচনা নাটা, ষ্ট্ৰিং কোৱাৰ্টেট, ছি‍ম্ফনি আদি সংগীত ৰচনাৰ  বিভিন্ন ৰূপ৷ ঘাইকৈ পিয়ানৰ কাৰণে ৰচনা কৰা আৰম্ভণি‍ৰ সাংগীতিক ৰচনাসমূহেই শ্ৰোতাৰ মন মুহিছিল৷ ভিয়েনাত প্ৰখ্যাত সংগীতজ্ঞ হাইড্‌নৰ তলত শিক্ষা লবলৈ ১৭৯২ চনত তেওঁ ভিয়েনালৈ আহে আৰু শিক্ষা সমাপ্ত হোৱাৰ পাছতো তেওঁ চমৎকাৰ পিয়ানবাদন আৰু ইতিমধ্যে সৃষ্টি কৰা নতুন নতুন সংগীতৰচনাৰ প্ৰতি ভিয়েনাবাসীয়ে দেখুওৱা আগ্ৰহৰ কাৰণে ভিয়েনাতে থাকি সংগীতৰ চৰ্চা কৰিবলৈ ললে৷ ত্ৰিছ বছৰ নৌহওঁতেই বেফেন সেই সময়ৰ সৰ্বশ্ৰেষ্ঠ সংগীতকাৰ মৎচাৰ্ট আৰু হাইড্‌নৰ সমকক্ষ বুলি স্বীকৃত হল৷ পিছে একে সময়তে তেওঁ কাণেৰে কম শুনা হ সংগীতশিল্পীৰ কাৰণে বধিৰতা অতি দুৰ্ভাগ্যজনক৷ বেফেন হতাশগ্ৰস্ত হৈ পৰিছিল, মানুহৰ লগ-সংগ প্ৰায় ত্যাগ কৰিছিল৷ কিন্তু সংগীত সৃষ্টি তেওঁৰ বাবে ইমান গুৰুত্বপূৰ্ণ আছিল যে সকলো নেওচি সংগীতৰ সাধনাত তেওঁ মনপুতি লাগিল৷ মৃত্যু পৰ্যন্ত তেওঁ বিভিন্ন ৰূপৰ অতি ওখ খাপৰ সাংগীতিক ৰচনাৰে সংগীতজগতখনক সমৃদ্ধ কৰি থৈ গল৷ সম্ভৱ বধিৰ হোৱাৰ পাছৰ পৰাই তেওঁ সৰু টোকাবহী এখনত মনলৈ অহা সাংগীতিক চিন্তা-ভাবনাবোৰ টুকি থবলৈ লৈছিল আনেক সময়ত একেটা সুৰকে বিভিন্ন ধৰণে সজাই-পৰাই নতুন ৰূপ দিয়াৰ পৰীক্ষাবিলাকো টোকাবহীতেই লিপিবদ্ধ কৰিছিল৷ এনেকুৱা ভালেমান সাংগীতিক টোকাবহী তেওঁৰ মৃত্যুৰ পাছত উদ্ধাৰ কৰা হয়৷ ইয়াৰ পৰা সংগীতৰ গৱেষকসকলে বেফেনৰ সংগীতৰচনা প্ৰক্ৰিয়াটোৰ সম্পৰ্কে আৰু তেওঁৰ সংগীতসৃষ্টিৰ লগত জড়িত কৌশলসমূহৰ বিষয়ে জানিবলৈ সুবিধা পাইছে৷ সাংগীতিক ক্ষেত্ৰখনত এই টোকাবহীকেইখন অতি মূল্যৱান বুলি বিবেচিত৷ আন এবিধ টোকাবহীও বেফেনে ব্যৱহাৰ কৰিছিল৷ বিশেষকৈ শেষৰ পোন্ধৰ বছৰ তেওঁ কাণেৰে নুশুনা হোৱাৰ ফলত তেওঁৰ লগত আলাপ-আলোচনাৰ সুবিধাৰ্থে তেওঁ দৰ্শনাৰ্থীক টোকাবহীত লিখিবলৈ কৈছিল৷ এনে টোকাবহী ১৩৯ টা পোৱা গৈছে৷ সেই সময়ৰ সামাজিক, ৰাজনৈতিক আদি বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰা এই টোকাবহীবোৰো এতিয়া গৱেষকৰ সমল হৈ পৰিছে৷

এয়াই থোৰতে এই দুই প্ৰতিভাৰ বিশেষ বিশেষ টোকাবহীৰ চমু ইতিহাস৷

   

(২০২০ চনৰ ১৬ ডিচেম্বৰত বেফেনৰ জন্মৰ অঢ়ৈশ বছৰীয়া জয়ন্তী উপলক্ষে এই চমু লেখাৰে সংগীতজ্ঞগৰাকীলৈ আৰু এই বছৰৰে এপ্ৰিল মাহত ৰামানুজনৰ মৃত্যুৰ শতবাৰ্ষিকীত গণিতজ্ঞগৰাকীলৈ শ্ৰদ্ধা নিৱেদন কৰিছোঁ)  

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ