অন্যযুগ/


ফটাচোলাৰ ৰং

 (পূৰ্ণাংগ নাটক)

নাট্যকাৰ –ড জ্যোতিপ্ৰসাদ শইকীয়া


চতুৰ্থ দৃশ্য

 

মঞ্চৰ up mid zone অত বেদনাথ বৰুৱা আৰু নিৰদাই close range-অত বহি থাকে৷ মঞ্চৰ মধ্যভাগত পোহৰ পৰাৰ লগে লগে দুয়োকে দেখা যায়৷ (ভায়’লিন বা বাঁহীত কৰুণ সুৰ ভাহি উঠে)

নিৰদা – সঁচাকৈয়ে কৰো বুলিয়েই নিজৰ মতে কামবোৰ কৰি পেলালে তাই৷ (Music)     কেনেকৈ ইমান নিষ্ঠুৰ হ’ব পাৰে?

বেদনাথ – পাৰে নিৰদা৷ পৃথিৱীখন নিষ্ঠুৰ মানুহেৰে ভৰি আছে৷ জীৱন দান দিয়া মানুহ যিমান আছে, জীৱন ধ্বংস কৰি দিয়া মানুহো সিমানেই আছে৷

নিৰদা – আলমাৰিত থকা কাপোৰবোৰে জয়াৰ স্মৃতিবোৰ লৈ ফুৰিছিল৷ তাইলৈ মনত পৰিলেই সযত্নে সজাই থোৱা কাপোৰবোৰ চাইছিলোঁ৷

বেদনাথ – নিৰদা!

নিৰদা – দেৱীয়ে কেতিয়াবা মাকৰ চাদৰখনকে মেৰিয়াই মাকৰ উম লৈছিল৷ (Music)     সৰুতে কইনা কইনা খেলিছিল৷

বেদনাথ – বহুত সপোন আছিল জয়াৰ! দেৱীক তাই গান গাবলৈ শিকাব! অভিনয় কৰিবলৈ শিকাব৷ সকলো সপোন মাথো কেইটামান ছেকেণ্ডতে শেষ হৈ গ’ল৷ পাষণ্ডবোৰে নিজৰ অস্তিত্ব জাহিৰ কৰিবৰ বাবে য’তে ত’তে ত্ৰাসৰ সৃষ্টি কৰে, মানুহ হত্যা কৰে! বৰ ঘিণ লাগে সিহঁতলৈ৷ ধুনীয়া মনৰ মানুহজনী পাষণ্ডবোৰৰ বলি হ’ল ৷ (Music)    

নিৰদা – মৃত্যুৰ পাছত তাইৰ ধুনীয়া মনটোৰ স্মৃতিখিনিও নোহোৱা কৰি পেলালে ৷ (Music/sad) জয়াই ৰুই থৈ যোৱা শেৱালিজোপাও তাই (পলীয়ে) কাটি পেলালে৷

বেদনাথ – ভাল মানুহবোৰক জীয়াই থাকিবলৈতো নিদিয়েই, স্মৃতিবোৰকো শেষ কৰি পেলাব বিচাৰে৷ বেয়া মনৰ মানুহেৰেই পৃথিৱীখন ভৰি আছে৷ ল’ৰা-ছোৱালীবোৰক ইংৰাজীৰ ক্লাছত পঢ়োৱা মনত পৰে –

His path is dark, his end

is cold

A trail of ruin, a story

Untold

He’s a master of deceit

And lies

A bad man, with a heart

That denies …!

বেয়া মানুহ বুইছা৷ এইবোৰ সকলো বেয়া মানুহ৷ এই বেয়া মানুহবোৰে ভাল মানুহৰ

স্মৃতিবোৰকো মোহাৰি পেলাব বিচাৰে৷

(এনেতে বাহিৰৰ দুৱাৰত নক কৰে)

বেদনাথ – কোন? (বাহিৰৰ পৰা মাতে “আমি”)

বেদনাথ – দুৱাৰখন জপাইহে থৈছোঁ৷ হুকটো মৰা নাই৷ আহক সোমাই আহক! (সত্য আৰু বিদ্যা সোমাই আহে)   

সত্য +বিদ্যা – নমস্কাৰ৷

বেদনাথ – নমস্কাৰ৷

নিৰদা – বহক

বিদ্যা – বহক বুলি ক’ব নালাগে৷ বহাঁ বুলি ক’লেই হ’ব৷

নিৰদা – হ’ব৷ বহাঁ ! (নিৰদা ভিতৰলৈ সোমাই যায়)

বেদনাথ – মই পিছে চিনি পোৱা নাই৷

সত্য – মোক চিনি নাপাব ৷ মই বৰকৈ আগত নাথাকোঁ৷ ইয়াক পিছে সকলোৱে চিনি পায়৷ বিদ্যাভূষণ শৰ্মা৷ টি.ভি-ত চেহেৰাটো ওলায়েই থাকে৷

বেদনাথ – টি.ভি-ত চাকৰি কৰাঁ?

সত্য – নহয়।

বেদনাথ – চিৰিয়েলত অভিনয় কৰাঁ?

সত্য – নহয়।

বেদনাথ – তাৰমানে সেই টক্‌ শ্ব’বোৰত ওলাই থাকাঁ?

সত্য – ঠিক ধৰিছে বৰদেউতা৷ ই যেতিয়া টক্‌ শ্ব’বোৰত ভাগ লয়, কঁপাই দিয়ে৷

বেদনাথ – মানে?

বিদ্যা – যুক্তিৰে সকলোকে থকা-সৰকা কৰি দিওঁ।

বেদনাথ – থকা-সৰকা …?

সত্য – মানে অন্যবোৰক ই কথা ক’বলৈ সুবিধাকে নিদিয়ে৷ ই যেতিয়া চিঞৰি চিঞৰি কথা ক’বলৈ আৰম্ভ কৰে, বাকীবোৰ ফুচ্‌ হৈ পৰে ৷ (Music)

বেদনাথ – বুজিলোঁ৷ চিঞৰাৰ প্ৰতিযোগিতা৷ Uncivilized discussion.

বিদ্যা – মানে?

বেদনাথ – মনত পৰিছে৷ যুক্তিতকৈ যুদ্ধপ্ৰিয় মানুহৰ আলোচনা৷ হেৰা, মই ইংৰাজীৰ শিক্ষক আছিলোঁ৷ ল’ৰা-ছোৱালীবোৰক বহুত কথা খৈছিলোঁ৷ এবাৰ এখন তৰ্ক-প্ৰতিযোগিতাৰ বিচাৰকৰ ভাষণত কৈছিলোঁ – Some people don’t argue, they just talk while others are listening. তুমি চাগৈ সেই শুনাসকলৰ মাজত নাই৷ Anyway – কোৱাঁচোন কিয় আহিলা?

সত্য – মই দেখোন চিনাকি দিয়াই নাই৷ মই সত্য৷ মানে সত্যধৰ সাউদ৷

বেদনাথ – আপুনি মানে তুমি যে সদাগৰ মই গম পাইছোঁ৷

সত্য – সদাগৰ!

বেদনাথ – সাউদ৷

সত্য – বাঃ আপুনিও ভাল জমনি কৰে৷ ৰসাল (হাঁহে – Direction)।

বিদ্যা – আমি শক্তিশালীভাৱে কথা কওঁ বাবে ৰসবোৰ দেৰিকৈ বুজোঁ৷

বেদনাথ – চিঞৰিলে চকুহাল জাপ খাব বা বেছিকৈ মেল খাব৷ এইবোৰ স্বাভাৱিক৷ এতিয়া মূল কথাটো কোৱাঁ৷

সত্য – আমি ‘স্বদেশ’ৰ পৰা আহিছোঁ৷

বেদনাথ – তোমালোকে যে বিদেশৰ পৰা অহা নাই মই বুজি পাইছোঁ৷ কোৱাঁ-

বিদ্যা – নহয় বৰদেউতা৷ স্বদেশ এটা সংগঠন৷ জাতীয় সংগঠন৷

বেদনাথ – জাতীয় সংগঠন৷

সত্য – জাতিৰ সভ্যতা, সংস্কৃতি, ঐতিহ্য ৰক্ষাৰ বাবে কাম কৰা সংগঠন।

বেদনাথ – জাতি, ভেটি, মাটি ৰক্ষা …

বিদ্যা – আমি জাতিক শোষণ কৰা শক্তিবোৰৰ বিৰুদ্ধে মাত মাতো৷ আমাৰ সভ্যতা-সংস্কৃতি নিৰাপদ কৰিব বিচাৰোঁ! দেশ আৰু জাতি প্ৰেম আমাৰ শ্ল’গান৷

বেদনাথ – আৰু?

সত্য – অন্যায়ৰ বিৰুদ্ধে যুঁজো৷

বিদ্যা – আন্দোলন কৰোঁ, প্ৰতিবাদ কৰোঁ, সভা পাতোঁ৷

বেদনাথ – আৰু Round Table Meeting কৰি চাগৈ চাহ-ভাতৰ জুতিও লোৱাঁ৷

সত্য – এইবোৰ সংগ্ৰামৰ অংশ৷ আন্দোলন হ’লে আলোচনা হ’বই লাগিব৷ (Music) অৱশ্যে মোৰ দৰে অলপ বয়স হোৱা সকলেহে আলোচনাৰ নেতৃত্ব লওঁ৷ বুদ্ধি-ভৰসা দিওঁ৷

বেদনাথ – মানে বুদ্ধিজীৱী৷

সত্য – মানুহে কয়৷ ইছে আমি নিজেই নকওঁ৷ গণতন্ত্ৰ বিশ্বাস কৰোঁ যেতিয়া, আলোচনা কৰি কামবোৰ কৰাৰ পথ বিচাৰোঁ৷

বিদ্যা – এতিয়াও আলোচনাৰ মৰ্মেই আপোনাৰ ওচৰলৈ আহিলোঁ৷

বেদনাথ – কোৱাঁচোন ৷

সত্য – সন্ত্ৰাসৰ বলি হোৱা শ্বহীদসকলৰ স্মৃতি যুগমীয়া কৰিবৰ বাবে আমি কিছু দক্ষেপ ল’বলৈ বিচাৰিছোঁ৷

বেদনাথ – মানে মোৰ বোৱাৰীজনীৰ…

সত্য – হয়৷

বেদনাথ – তাইতো শ্বহীদ নহয়৷ দেশৰ বাবে মৰা নাই৷ তাইক সন্ত্ৰাসবাদী তথা পাষণ্ড কিছুমানে হত্যা কৰিলে৷ বিনা দোষত৷

সত্য – সেইবাবেই আমি তেওঁক শ্বহীদ ঘোষণা কৰিব বিচাৰিছোঁ৷

বিদ্যা – চৰকাৰে তেওঁক সুৰক্ষা দিব নোৱাৰিলে৷

বেদনাথ – চৰকাৰে কি সুৰক্ষা দিব?

বিদ্যা – দিব লাগিব৷ প্ৰতিজন মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়াৰ দায়িত্ব চৰকাৰৰ৷

বেদনাথ – হেৰা মানুহবোৰৰ জ্ঞান-বুদ্ধি নোহোৱা হ’লে চৰকাৰে কৰিব কি? তাতে চৰকাৰতো মানুহেই বনায়! জনতাই মূৰ্খক ৰজা বনালে, সেই ৰজাক দোষ দি থাকিলে কি হ’ব? বাৰু, জয়াৰ স্মৃতি কি দৰে ৰক্ষা কৰিবা?

সত্য – আমি নগৰৰ চমুৱা চাৰিআালিৰ কাষত জয়া বৰুৱাৰ এটা স্মৃতি সৌধ বনাম৷

বিদ্যা – মানে এটা প্ৰতিমূৰ্তি।

বেদনাথ – বুজি পাইছোঁ ডেকাল’ৰা৷ স্কুলত ল’ৰা-ছোৱালীবোৰক statue কি কৈছিলো? A figure of a person that is made of stone or metal and usually put in a public place নহয় জানো?

সত্য – হয়, হয়৷ আপুনি  ইংৰাজীৰ  মাষ্টৰ আছিল৷ ভুল ক’বনে?

বেদনাথ – ভুল নকওঁ বাবেই আৰু এটা শুদ্ধ কথা ক’ব বিচাৰিছোঁ৷

বিদ্যা+সত্য – কওক৷

বেদনাথ – শুনা! জয়াৰ প্ৰতিমূৰ্তিটো তোমালোকে কাৰ পইচাৰে বনাবা? লাখ টকা লাগিব৷ কেইবা লাখো৷ ইয়াৰ বাবে তোমালোকে বেপাৰ-বাণিজ্য কৰি খোৱা মানুহবোৰৰ পৰা দাবী-হুমকি দি পইচা তুলিবা৷

বিদ্যা – আমি ৰাইজৰ দান-বৰঙণিহে ল’ম৷ এটা জাতীয় সংগঠনে সৎ কাম এটাৰ বাবে সহায়হে বিচাৰিব৷

সত্য – আপুনি দাবী-হুমকি বুলি নক’ব আকৌ!

বেদনাথ – কিয় নক’ম? জয়াৰ প্ৰতিমূৰ্তিটো বনোৱাৰ নামত ধন ঘটাৰ ৰাষ্টা মুকলি কৰিবলৈ দিব নোৱাৰোঁ৷ এইবোৰ সঁচা কথা, সকলোৱে জানে৷ মাথো ভয় আৰু শংকাৰ বাবে প্ৰকাশ নকৰে৷ চান্দাৰ ভৰ সহ্য কৰিব নোৱাৰি এইখন দেশত মানুহ মানসিক ৰোগী হোৱাৰ উদাহৰণ আছে৷ উন্নয়ন স্থবিৰ হোৱাৰ তথ্য আছে৷ (Music)

বিদ্যা – আপুনি ভুল কথা কৈছে?

সত্য – আমাৰ সংগঠন তেনেকুৱা নহয়৷ আমি সমাজৰ কল্যাণৰ বাবে কাম কৰোঁ৷ এনেকৈ নক’ব৷

বেদনাথ – ক’ম৷ আৰু শুনা৷ এই প্ৰতিমূৰ্তিবোৰ যে প্ৰতিষ্ঠা কৰাঁ, প্ৰতিষ্ঠা কৰাৰ দিনা জাকজমকীয়াকৈ এটা অনুষ্ঠানো পাতাঁ৷ ডাঙৰ মানুহ মাতি আনি উন্মোচন কৰোৱাঁ৷ উদাত্ত কণ্ঠৰে ভাষণ দিয়াঁ – কিন্তু কিছুদিনৰ পাছত মূৰ্তিটো চাফা কৰি ৰাখিবলৈ মানুহৰ অভাৱ হয়৷ চৰাই-চিৰিকতিৰ মলে প্ৰতিমূৰ্তিটোৰ অৱয়ব সলনি কৰি পেলায়৷ মই জয়াৰ পৱিত্ৰ মুখখন লেতেৰা কৰাটো নিবিচাৰোঁ৷

বিদ্যা – আপুনি কিছুমান বৰ অদৰকাৰী কথা কৈছে৷

সত্য – অসত্য কথা কৈছে৷

বেদনাথ – অপ্ৰিয় সত্য কথাবোৰ শুনিবলৈ কষ্ট হয়৷ অদৰকাৰী যেন লাগে৷ কিন্তু এয়াই সত্য৷ (Music) জাতীয় সংগঠনৰ নামত স্বয়ং জনসাধাৰণকে পণবন্দী কৰা, ত্ৰাসৰ সৃষ্টি কৰি প্ৰতিবাদৰ নামত উদ্ভণ্ডালি কৰা দাবী-ধমকিৰে চান্দা তুলি কৰ্মসংস্কৃতি ধ্বংস কৰা উদাহৰণৰ জানো অভাৱ হৈছে?

বিদ্যা – আপুনি যদি বুঢ়া নহ’লহেঁতেন, শিক্ষক নহ’লহেঁতেন…

বেদনাথ – তেন্তে কি কৰিলাহেঁতেন? তোমালোকে জানো বয়সস্থ মানুহ আৰু শিক্ষকক সন্মান কৰি পাইছা?

সত্য – হেৰি৷ আমি এটা সং কামতহে ইয়ালৈ আহিছিলোঁ৷ পাৰি দিয়া নাৰিকলেৰে মূৰত আঘাত কৰিবলৈ নিবিচাৰিব৷ (Music) প্ৰতিমূৰ্তি বনাবলৈ মানুহৰ অভাৱ হোৱা নাই৷ আপোনাৰ অন্যজনী বোৱাৰী পলীয়ে দেউতাৰ পেঞ্চনৰ পইচাৰে প্ৰতিমূৰ্তি বনোৱাৰ দায়িত্ব ল’ব পাৰে বুলি কোৱা বাবেহে আহিছিলো৷

বেদনাথ – কি? (Music) strange

বিদ্যা – স্বদেশৰ মহিলা গোটৰ নেত্ৰীগৰাকীৰ কথা শুনিহে আপোনাৰ কাষ চাপিছিলোঁ৷

বেদনাথ – মই কেতিয়া ক’লোঁ মোৰ পেঞ্চনৰ পইচাৰে জয়াৰ প্ৰতিমূৰ্তি বনাব বিচাৰিছোঁ বুলি?

সত্য – সেইবোৰ আপোনালোকৰ ঘৰৰ কথা৷ (Music)  বিদ্যা, ব’ল আমি যাওঁ৷

বিদ্যা – বহুত হজম কৰিলোঁ৷ আপোনাৰ বোৱাৰী জয়া বৰুৱাক লৈ আমি concern নহয়৷ আমি এটা প্ৰতিমূৰ্তি সাজিব লাগে, সাজিম৷ আমাক পইচা দিয়া মানুহৰ অভাৱ হোৱা নাই৷ (সত্য আৰু বিদ্যা ওলায় যায়)

বেদনাথ – সাজিবা৷ যদি পাৰাঁ গোটেই পৃথিৱীখনৰ মানুহৰে প্ৰতিমূৰ্তি সাজাঁ৷ কিন্তু মোৰ সৎ, নিৰ্মল বোৱাৰী জয়াৰ আত্মাটোক লৈ বেপাৰ কৰিবলৈ দিব নোৱাৰোঁ৷ (খঙত) তঁহতেই দেশখন শেষ কৰিলি৷ সংগঠনৰ নামত দেশ আৰু জাতিক পংগু কৰাৰ ব্যৱস্থা কৰিলি৷ তহঁত গণতন্ত্ৰৰ প্ৰকৃত Pressure Group নহয়৷ তহঁত ভোগৰ পৃথিৱীত দপদপাব বিচৰা একোটাহঁত লেতেৰা এককোষী জীৱ৷

(ক্ষোভ আৰু খঙত বেদনাথ ভাগৰি পৰে৷ নিৰদা সোমাই আহে৷ [Music Progression)]

নিৰদা – আপোনাৰ কি হৈছে?

বেদনাথ – খং উঠিছে৷ বহুত দিনৰ মূৰত তেজবোৰ উথলি উঠিছে (Music) । জাতীয় সংগঠনে জয়াৰ প্ৰতিমূৰ্তি সাজি ধন ঘটাৰ বাট মুকলি কৰিব বিচাৰিছে৷ (ক্ষোভত) আৰু কি জানা নিৰদা?

নিৰদা – আপুনি!

বেদনাথ – পদূলিত জয়াই ৰোৱা শেৱালিজোপা কাটি পেলোৱা, আলমাৰীত সযতনে সাঁচি থোৱা জয়াৰ কাপোৰবোৰ ধনীৰাম বোলা বেপাৰীটোক বিক্ৰী কৰি দিয়াগৰাকীয়ে জয়াৰ প্ৰতিমূৰ্তি বনাবলৈ পৰামৰ্শ দিয়ে৷

বেদনাথ – ‘স্বজাতি’ ৰ নাৰী সংগঠনৰ নেত্ৰী পলী বৰুৱাই সিহঁতক পঠাইছিল৷ মোৰ পেঞ্চনৰ পইচা বিচাৰি সিহঁত আহিছিল৷ পেঞ্চনৰ পইচাৰে প্ৰতিমূৰ্তি বনাব৷ ছিঃ কি নিলাজ !

(বেদনাথ ভাগৰি পৰা দেখি নিৰদা কাষ চাপি যায়৷ দুয়ো এটা zoom ত অৱস্থান কৰাৰ লগে লগে লাইট কমি আহে৷ দুয়ো freeze হয়) (Music)


(আগলৈ)

    

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ