(পূৰ্ণাংগ নাটক)
নাট্যকাৰ –ড০ জ্যোতিপ্ৰসাদ শইকীয়া
চৰিত্ৰসমূহ :
১) বেদনাথ বৰুৱা : বয়স আনুমানিক 80 বছৰৰ উৰ্ধ্বৰ৷
২) সুৰজিৎ : বয়স প্ৰায় ৪০-৪৫ বছৰ
৩) ধনীৰাম : বয়স প্ৰায় ৪৫-৫০ বছৰ
৪) সত্য : বয়স প্ৰায় ৪৫-৫০ বছৰ
৫) বিদ্যা : বয়স প্ৰায় ৩০-৩৫ বছৰ
৬) নিৰদা : বয়স প্ৰায় ৭০ৰ উৰ্দ্ধৰ
৭) পলী : বয়স প্ৰায় ৩০-৩৫ বছৰ
৮) দেৱী : বয়স প্ৰায় ১০-১২ বছৰ
বি.দ্ৰষ্টব্য: নাট্যকাৰৰ অনুমতি অবিহনে নাটকৰ সংলাপ আৰু দৃশ্যৰ সাল-সলনি কৰিব নোৱাৰিব৷ -নাট্যকাৰ
প্ৰথম দৃশ্য
মঞ্চ মুকলি হোৱাত down light zone ত নিৰদাই
এখন টুলত বহি এটা ফ্ৰকৰ ফটাখিনি চিলাই থাকে৷ (Music) (Top Light) কেইছেকেণ্ডমানৰ পাছত
ভিতৰৰ পৰা বেদনাথ বৰুৱা ওলাই আহে৷ (direction)
বেদ
বেদনাথ
– নিৰদা, কি কৰিছা?
নিৰদা
– দেৱীৰ ফ্ৰকটো চিলাইছো৷
বেদনাথ-
বেছিকৈ ফাটিল নেকি?
নিৰদা
– কাঁটা তাঁৰে হাতৰ কাষলতিৰ সিয়নীটো এৰোৱাই পেলালে৷
বেদনাথ
– এই ফ্ৰকটোকেনো তাই কিমান নিপিন্ধে?
নিৰদা
– পলীয়ে এইটোকে তাইক পিন্ধিবলৈ দিয়ে৷ নিপিন্ধিলে খং কৰে৷
বেদনাথ
– তথাপি!
নিৰদা
– ভয় !
বেদনাথ
– ভয়?
নিৰদা
– অঁ ভয়! চোলাটো দেখিলেই দেৱীৰ বুকুখন কঁপি উঠে৷ ক’ৰবালৈ যাবলগীয়া হ’লেই পলীয়ে তাইক
এইটোকে পিন্ধিবলৈ কয়৷ নিপিন্ধিলেই বকনি আৰম্ভ কৰে৷
বেদনাথ
– তাইৰ জানো বেলেগ চোলা নাই?
নিৰদা
– এইটো পলীয়ে বিয়াৰ পাছতে দেৱীলৈ আনিছিল৷ এটাই চোলা তাইলৈ কিনিছিল৷ এতিয়া দেৱীয়ে এইটোকে
সদায় পিন্ধিব লাগে৷ পৃথিৱীখনক তাই যে কিনি দিয়া জনাব লাগে৷ এবাৰ ভাবিছিলো, ফ্ৰকটো বাৰে
বাৰে ফাটে যেতিয়া পেলাই দিওঁ!
বেদনাথ
– সেইটো ভুল নকৰিবা নিৰদা৷ ফটাখিনি চিলাই দিয়া, তাই পিন্ধক৷ নহ’লে চোলাটো পলীয়ে দেখা
নাপালে, দেৱীকে ফটা চোলা বুলি ভাবিব৷
নিৰদা-
কি?
বেদনাথ
– অঁ (Music)
বুইছা
নিৰদা, আমি স্কুলত পঢ়োতে এটা কবিতা পঢ়িছিলো, A Torn Shirt
I
have a torn shirt
I
want to auction
Have
sewn and kept carefully
If
you want to wear it
You
are most welcome
নিৰদা
– আপোনাৰ এতিয়াও কবিতাটো মনত আছে!
বেদনাথ – কিয় নাথাকিব? মইতো আজিৰ যুগৰ ছাত্ৰ নাছিলোঁ৷ হয় বা নহয় বুলি টিক মাৰি নম্বৰ গোটাম (Music) হে’ৰা, মই বেদনাথ মাষ্টৰ৷ মোৰ ক্লাছত ল’ৰা-ছোৱালীবোৰে কি বুজি নোপোৱাকৈ আছিল? অৱশ্যে ৰিটায়াৰ হোৱা কুৰি বছৰ পাৰ কৰিলো, কিন্তু পাহৰিবলগীয়াবোৰ এতিয়াও পাহৰা নাই৷
নিৰদা
– কিছুমান কথা পাহৰিব ময়ো পৰা নাই৷ দিন বহুত বাগৰিল৷ সময়ৰ কাঁটাডাল কিমান যে ঘূৰিল৷
কিন্তু সেই কোলাহল, সেই চিঞৰ জানো পাহৰিব পাৰিম? (Music)
বেদনাথ
– নিৰদা !
নিৰদা
– আকৌ যেন একেখিনি কোলাহল৷ একেখিনি চিঞৰ৷ (Music), দূৰৰ পৰা বিকট চিঞৰ এটা ভাঁহি আহে৷
নাৰীৰ কণ্ঠ৷ ভয় আৰু শংকাত নিৰদাই পতি বেদনাথ বৰুৱাক সাবটি ধৰে৷ নিৰদাৰ চকুত চকুপানী৷
কেই ছেকেণ্ডমান নিস্তব্ধতা৷)
বেদনাথ
– নিৰদা৷ তুমি সেই চিঞৰটো পাহৰিব পৰা নাই কিয়?
নিৰদা – পাহৰিব নোৱৰাৰ বাবেই বাৰে বাৰে দেৱীৰ ফটা ফ্ৰকটো মই চিলাবলৈ বিচাৰো৷ (Music) মই চিলাই থাকিম৷ যিমানবাৰ ফাটে, সিমানবাৰ চিলাম৷ দেৱীয়ে বাৰে বাৰে পিন্ধিব৷ এই ফ্ৰকটো নিপিন্ধাৰ বাবেই যাতে তাই একেটা চিঞৰকে মাৰিব নালাগে৷ আমি মাকৰ দৰে তাইকো হেৰোৱাব নোৱাৰো৷ (Music)
(দেৱী সোমাই আহে)
দেৱী
– আইতা!
নিৰদা
– দেৱী ( direction)
দেৱী-
আইতা, তুমি আকৌ মোৰ ফটা ফ্ৰকটো চিলাবলৈ ল’লা৷ মই কিন্তু এইটো কেতিয়াও নিপিন্ধো!(music)
নিৰদা +
বেদনাথ বৰুৱা – দেৱী৷
দেৱী-
অ’ আইতা, ককা৷ মই আৰু এই ফটা ফ্ৰকটো কেতিয়াও নিপিন্ধো৷ বাৰে বাৰে ফাটিব৷ বৰে বাৰে চিলাবা৷
নাই! মই আৰু নিপিন্ধো৷
নিৰদা
– তেনেকৈ নক’বা দেৱী৷ নাপায়৷
দেৱী
– কিয় নাপায়৷
বেদনাথ – মাৰাই মনত কষ্ট পাব৷ এই ফুটফুটীয়া ফ্ৰকটো তেওঁ বৰ হেঁপাহত কিনিছিল৷
দেৱী- নাই, মই ফটা ফ্ৰকটো নিপিন্ধো৷
নিৰদা – মই চিলাই দিছোঁ দেৱী৷
দেৱী-
চিলাই দিলেও নিপিন্ধো৷
বেদনাথ-
জেদ নধৰিবা দেৱী৷ এই ফুটফুটীয়া ফুল থকা ফ্ৰকটোৰে তোমাক বৰ ধুনীয়া লাগে৷
দেৱী-
চোলাটোলৈ মোৰ ভয় লাগে ককা৷
বেদনাথ
– ভয়?
দেৱী
– চোলাটো নিপিন্ধিলে মায়ে চিঞৰে, পিন্ধিলে মোৰ চিঞৰিবলৈ মন যায়!
নিৰদা+বেদনাথ
– দেৱী!
(নিৰদা
আৰু বেদনাথে দেৱীক সাবটি ধৰে৷ তিনিও freeze হয়৷(music)লাইট লাহে লাহে কমি আহেঁ সকলো
freeze হয়৷
***
দ্বিতীয়
দৃশ্য
(বেদনাথ
বৰুৱাই বাতৰি কাকত পঢ়ি থাকে৷ ভিতৰৰ কোঠাৰ পৰা পলী ওলাই আহে)
পলী
– দেউতা
বেদনাথ
– কোৱা বোৱাৰী!
পলী
– বলাই আহিব৷ তাক অকণমান সহায় কৰি দিব৷
বেদনাথ
– কি সহায়?
পলী
– পদূলিটো চাফা কৰিব
বেদনাথ
– পদূলি চাফা?
পলী-
শেৱালিজোপা কাটিবলৈ কৈছোঁ৷ ডাল-পাতবোৰ যাতে য’তে ত’তে নেপেলাই, অকণমান চাব৷
বেদনাথ
– কিন্তু শেৱালিজোপা কিয় কটোৱাব বিচাৰিছা?
পলী
– ফুলবোৰ পৰি পদূলিটো সদায় লেতেৰা কৰে৷
বেদনাথ
– ফুলবোৰে লেতেৰা কৰে?
পলী
- Summerত শুকান পাত, winter ত ফুলবোৰ – পদূলিটো চাব নোৱৰা হৈ থাকে৷
বেদনাথ
– শেৱালিজোপা কাটি পেলালে জানো ভাল হ’ব বোৱাৰী?
পলী
– কিয়?
বেদনাথ
– সেইজোপা জয়াই ৰুইছিল৷ তাই বৰ আদৰ যত্ন লৈছিল৷
পলী
– এতিয়া জয়াও নাই, কোটকোৰাজোপাও নাই৷
(পলী
ওলাই যাবলৈ লৈ পুনৰ বেদনাথৰ কাষলৈ আহে)
দেউতা,
যিবোৰ মানুহ এইখন পৃথিৱীত নাই, সেইবোৰ মানুহৰ নামবোৰ সঘনাই লৈ থাকিলে মই বেয়া পাওঁ৷
মৰি ভূত হোৱা মানুহবোৰৰ কথা পাতিলে ঘৰত অশান্তি হয়৷ শেৱালিৰ গোন্ধ ল’বলৈ দিনে-ৰাতিয়ে
ভূত অহা কথাটো মই পছন্দ নকৰো৷ (music)(পলী
ওলাই যায়৷ বেদনাথ বৰুৱাই মঞ্চত কেইছেকেণ্ডমান পায়চাৰী কৰে৷ পুনৰ চকীখনত বহে৷ হঠাৎ ক’ৰবাৰ
পৰা জয়াৰ মাতটো ভাঁহি আহে)
জয়াৰ
মাত (SIq)
“দেউতা,
শেৱালি পুলিটো ক’ত ৰুম? পদূলিটোৰ সোঁফালে ৰুই থওঁ৷ অহা-যোৱা কৰোঁতে পুলিটো দেখি থাকিম”
(music)
[জয়াৰ
মাত শুনি বেদনাথ শংকিত হয়৷ (direction)]
বেদনাথ
– তোমাৰ পুলিটো
(এনেতে
নিৰদা সোমাই আহে)
নিৰদা
– কাৰ পুলি?
বেদনাথ
– জয়াৰ
নিৰদা
– জয়াৰ? এইবোৰ আপুনি কি কৈছে?
বেদনাথ
– মই ঠিকেই কৈছোঁ নিৰদা৷ কিয় মনত নাই?
নিৰদা
– কি ?
বেদনাথ
– শেৱালিফুলৰ পুলিটো৷ সেই যে ৰঘুনাথৰ ঘৰৰ পৰা জয়াই শেৱালিৰ পুলিটো আনি পদূলিত ৰুইছিল৷
মোক যে চিঞৰি চিঞৰি সুধিছিল – দেউতা, শেৱালি পুলিটো ক’ত ৰুম?
নিৰদা
– আপুনি এইবোৰ কি কৈছে?
(বেদনাথ
বৰুৱা নিৰদাৰ কাষ চাপি আহে৷ দুয়ো মঞ্চৰ সোঁফালে down light zone ত থিয় হয়) (music)
বেদনাথ
– তুমি পাহৰিলা নেকি? বহাগৰ শেষৰ দিন এটাত যে জয়াই ৰঘুনাথৰ ঘৰৰ পৰা শেৱালি ফুলৰ পুলি
এটা আনি পদূলিত ৰুইছিল (M/sad)
তাই যে কৈছিল – আমাৰ ঘৰৰ পদূলিতে এজোপা শেৱালি হ’ব৷ শেৱালি ফুলৰ গোন্ধে ঘৰৰ ভিতৰে-বাহিৰে আমোলমোলাই থাকিব৷ দেৱীয়ে থুনুক-থানাক খোজেৰে পদূলিৰ মাটিৰ দলিচাত পৰি থকা শেৱালিফুলবোৰ এপাহ এপাহ কৰি তাইৰ কণমানি আঙুলিকেইটাই বুটলি বুটলি কুঁকিত ভৰাব৷ (M/sad)
নিৰদা
– সেইবোৰ কথা পাহৰি যাওক৷
বেদনাথ
– কেনেকৈ পাহৰিম? কিছুমান কথা জানো পাহৰিব পাৰি? সেই পাষণ্ডবোৰে বোমাবোৰ দিওঁতে আমাৰ
দৰে মানুহবোৰৰ সুখ আৰু সপোনবোৰৰ কথা জানো ভাবিছিল? কি ভুল আছিল মোৰ স্নেহৰ বোৱাৰীজনীৰ?
কি ভুল আছিল দেৱতুল্য কণমানি নাতিনীজনীৰ?
নিৰদা
– হ’ব সেইবোৰ এৰক! ভিতৰলৈ ব’লক৷
বেদনাথ
– কষ্ট পাওঁ নিৰদা৷ বৰ কষ্ট পাওঁ৷ পদূলিৰ শেৱালিফুলজোপাৰ সুগন্ধতে জয়াৰ পৱিত্ৰ, পৰিষ্কাৰ
মনটো বিচাৰি পাওঁ৷ শেৱালি ফুলবোৰৰ পাহিবোৰৰ দৰেই তাইৰ মনটো পৰিষ্কাৰ আছিল৷ এতিয়া পলীয়ে
শেৱালিজোপাকো কাটি পেলোৱাৰ সিদ্ধান্ত ল’লে৷
নিৰদা
– পলীক …
বেদনাথ
– গছজোপা নাকাটিবলৈ ক’লোঁ তাই নুশুনে৷ তাইক জানো জগৰ লগাব
পৰা তোমাৰ বা মোৰ সামৰ্থ্য আছে!
নিৰদা
– কিন্তু তাই জানো এইখন ঘৰৰে নহয়!
বেদনাথ
– হয়৷ তাই এতিয়া এসময়ৰ প্ৰখ্যাত ইংৰাজীৰ শিক্ষক বেদনাথ বৰুৱাৰ বোৱাৰী৷ (Music) জয়াৰ
অবৰ্তমানত কণমানি দেৱীক লালন-পালন কৰিবৰ বাবে, মাতৃত্বৰ স্নেহৰ অভাৱ নহ’বৰ বাবে আমিয়েই
ঘৰলৈ বোৱাৰী হিচাপে আনিলোঁ৷ কিন্তু …
নিৰদা
– হ’ব মনে মনে থাকক৷
বেদনাথ
– মনে মনে থাকিবলৈ দেখোন মনেই নাযায়।
(এনেতে
দেৱী সোমাই আহে)
দেৱী
– ককা, আইতা! আমাৰ পদূলিমুখৰ শেৱালিফুলৰ গছজোপা বোলে কাটি পেলাব?
নিৰদা
– তোমাক কোনে ক’লে?
দেৱী
– মাহীদেৱে৷
বেদনাথ
– পলীয়ে তোমাকো ক’লে নেকি?
দেৱী
– শেৱালিজোপা কিয় কাটিব ককা? মোক শেৱালিজোপাৰ ডালবোৰ কাটি পেলোৱাৰ পাছত পদূলিটো ভালদৰে
সাৰি পৰিষ্কাৰ কৰি থ’বলৈ কৈছে৷
বেদনাথ
– কি? গছ কাটিবলৈ অহা বলাইক মাথোঁ মোকেই সহায় কৰিবলৈ কোৱা নাই৷ এই অকণমানিজনীকো দায়িত্ব
দি থৈ গৈছে৷
দেৱী
– ককা! শেৱালিজোপা নাকাটিবলৈ কোৱাচোন৷ গছজোপা মই বৰ ভালপাওঁ৷ শেৱালি ফুলবোৰো ভাল লাগে৷
(Music) তোমালোকেই দেখোন কৈছিলা, শেৱালিজোপা মায়ে ৰুইছিল৷ মাৰ বৰ মৰমৰ আছিল৷
বেদনাথ
– শেৱালিফুল৷ দেৱী, ফুল ময়ো বৰ ভালপাওঁ৷ কোনে কৈছিল পাহৰিলোঁ –
A
flower blooms in every moment. Flowers are the music of the earth. The earth
laughs in flowers.
মই
বিশ্বাস কৰোঁ, শেৱালিজোপাই এদিন অকৌ প্ৰাণ পাব৷ আকৌ ফুলিব৷ আকৌ সুগন্ধি বিলাব৷
(বেদনাথ,
নিৰদা আৰু দেৱী একেটা ফ্ৰেমতে ৰ’ব৷ লাইট লাহে লাহে হ্ৰাস পাব৷ (Music) সকলো freeze
হ’ব৷
***
তৃতীয়
দৃশ্য
[মঞ্চৰ
down right zone ত দেৱীয়ে মাহীমাক পলীৰ কেইযোৰমান ছেণ্ডেল/ জোতা চাফা কৰি থাকে৷)
(Music)
- (Direction) কেই ছেকেণ্ডমানৰ পাছত
সুৰজিৎ ভিতৰৰ পৰা ওলাই আহে৷]
সুৰজিৎ
- দেৱী! (Music / sad)তুমি এইবোৰ কি কৰিছা?
দেৱী
– জোতাকেইযোৰ চাফা কৰিছোঁ৷
সুৰজিৎ
- তুমি …
দেৱী
– মাহীদেউৰ জোতা৷
সুৰজিৎ
- এইবোৰ কৰিবলৈ তোমাক কোনে কৈছে দেৱী!
দেৱী
– মাহীদেৱে-
সুৰজিৎ
- পলীয়ে!!(Music) কিন্তু!
দেৱী
– একো নহয় দিয়া দেউতা৷
সুৰজিৎ
- তোমাৰ জানো স্কুল নাই?
দেৱী
– আছে
সুৰজিৎ
- তেন্তে?
দেৱী
– দেউতা৷ কামটো দেখোন হ’লেই! জোতাকেইযোৰত লাগি থকা ধূলিখিনিহে মোহাৰি দিছোঁ৷
সুৰজিৎ
- Home work বোৰ কৰিলা?
দেৱী
– কৰিম৷ পাছবেলাৰ ক্লাছত ভাগৱতী বাইদেৱে Home workবোৰ চেক কৰিব৷ চাৰিটা অংক! মই টিফিন
টাইমত কৰিব অৰিম৷
সুৰজিৎ
- টিফিন টাইমত !!
দেৱী
– হৈ যাব দেউতা !
(দেৱীয়ে
জোতাকেইযোৰ আৰু ফটা কাপোৰখন লৈ ভিতৰলৈ সোমাই যায়৷ ভিতৰৰ পৰা পলী ওলাই আহে)
সুৰজিৎ
- পলী
পলী
– তুমি ইয়াত কি কৰিছা?
সুৰজিৎ
- কি কৰিছা মানে?
পলী
– টেবুলত ব্ৰেকফাষ্ট ৰেডী কৰি ৰাখিছোঁ, খাবলৈ যোৱা নাই৷ মই ৰৈ ৰৈ খাই দিলোঁ৷
সুৰজিৎ
- ভালেই কৰিলা৷
পলী
– আজি পিছে ৰুটিকেইখন ভাল নাপাবা৷ দেৱীয়ে ভালকৈ আটাবোৰ মঠিব নোৱাৰে৷
সুৰজিৎ
- তুমি দেৱীক আটা মঠিবলৈ দিছা?
পলী
– অঁ, পিছে কি হ’ল? আটা মঠিবলৈহে দিছোঁ, পাহাৰ কাটিবলৈ দিয়া নাই নহয়!
সুৰজিৎ
- এই সৰু ছোৱালীজনীক তুমি ৰাতিপুৱা অকণমান পঢ়িবৰ বাবে সময় দিবহে লাগে৷ দেৱীক তুমি ৰাতিপুৱাই
আটা মঠিবলৈ, জোতা চাফা কৰিবলৈ দিছা৷ তাইৰ জানো এটা ভৱিষ্যৎ নাই?
পলী
– ঘৰৰ দুই-এখন কাম কৰিলেই তাইৰ ভৱিষ্যৎ ধ্বংস নহয়৷ হাড়ভঙা কাম কৰিবলৈ কোৱা নাই নহয়৷
(Music/Hard) আচলতে তোমাৰ কি হৈছে সুৰজিৎ! আজি কিছুদিনৰ পৰা তোমাক সলনি হোৱা দেখিছোঁ৷
সুৰজিৎ
- পলী!
পলী
– দেৱীক কিবা এটা কাম কৰিবলৈ দিলেই তোমাৰ বেয়া লাগে৷ মাক পাকঘৰটো চম্ভালিবলৈ ক’লেও
তোমাৰ বুকু কঁপে৷ আচলতে তোমাৰ কি হৈছে?
সুৰজিৎ
- মাৰ বয়স হৈছে৷ এই বয়সত পাকঘৰ চম্ভালি থকাটো ভাল কথা নহয়৷
পলী
– ভাল কথানো কি? মায়ে কি আগতে পাকঘৰ চম্ভালা নাছিল?
সুৰজিৎ – চম্ভালিছিল৷ কিন্তু এতিয়া মায়ে পাকঘৰ চম্ভালিব পৰাকৈ শক্তিশালী হৈ থকা নাই৷
পলী
– কুকাৰত চাউল, দাইলকেইটা পাতি দিলে হাড় নাভাগে৷ (Music)তুমি দেখিছোঁ মা আৰু দে্যতাক
একো কাম কৰিবলৈ নিদি অবতৰত কোমোৰা গেলিবলৈ দিয়া দি গেলিবলৈ দিবা৷
আৰু
ময়োতো এইখন ঘৰৰ কাম কৰা কামলা নহয়৷ পুৱাৰ পৰা ৰাতিলৈকে পাকঘৰৰ পৰা গাড়ীৰ গেৰেজলৈকে
চম্ভালি থাকিম৷
সুৰজিৎ
- তুমি এইবোৰ কি কৈছা পলী৷ মা-দেউতাক এতিয়া জিৰণি লাগে৷ দুয়োৰে বয়স হৈছে৷ বৃদ্ধত্ব
প্ৰাপ্তিৰ সময়খিনি কিমান যন্ত্ৰণাদায়ক, তুমি জানো অনুভৱ কৰিব পাৰিবা? (Music) ৰোগ-ব্যাধিয়ে শৰীৰটোক চাৰিওফালৰ পৰা হেঁচা মাৰি ধৰে৷
জৰাগ্ৰস্ত! (Music)
পলী
– যদি মায়ে আৰু দেৱীয়ে দুই-এখন কাম কৰিলে তোমাৰ অসুবিধা হয় alternative
arrangement কৰা৷
সুৰজিৎ
- মানে?
পলী
– Simple দুজনী কাম কৰা মানুহ বন্দোৱস্ত কৰা৷
[পলী
সোমাই যায়৷ (Music) সুৰজিৎ down left zone ললৈ লাহে লাহে যায়৷ সুৰজিৎ চিন্তাক্লান্ত
হয়৷ ভিতৰৰ পৰা নিৰদা ওলাই আহে]
নিৰদা
– পলীৰ কথাবোৰ মই ভিতৰৰ পৰাই শুনিলোঁ৷
সুৰজিৎ
- মা (Music)
নিৰদা
– তই চিন্তা নকৰিবি৷ আমি বুঢ়া হোৱা নাই নহয়(Music)।
সুৰজিৎ
- মা (Music)!
নিৰদা
– পাকঘৰটো চম্ভালিব পৰা শক্তি মোৰ এতিয়াও আছে৷ এই সৰু কথাটোকে ডাঙৰ নকৰিবি৷ চা, মোৰ
হাত-ভৰিবোৰ ধুনীয়াকৈ চলি আছে৷ মাজে মাজেহে সিৰাবোৰে টানি ধৰে৷ তাৰ বাদে মোৰনো কিহৰ সমস্যা?
(Music)
সুৰজিৎ
- মা, তোমালোকৰ এতিয়া বয়স হৈছে৷ তোমাৰ হাত-ভৰিৰ বিষ৷ কঁকালৰ বিষ…
নিৰদা
– এস্ কঁকালৰ বিষনো কাৰ নাই … (এনেতে বাহিৰৰ পৰা ধনীৰাম সোমাই আহে)
ধনী ৰাম – ঠিক কৈছে খুড়ীদেউ, কঁকালৰ বিষনো কাৰ নাই? (Mood Change) সোমাই আহিলোঁ, দৰ্জা দুফাল৷ নক্ কৰিবলগীয়া বা কলিংবেল টিপিবলগীয়া নহ’ল৷ Anyway কি কৈছিলোঁ – কঁকালৰ বিষ৷ ৰামায়ণ আৰু মহাভাৰতৰ সেই আইকেইগৰাকীক বাদ দি বৰ্তমান সকলোৰে কঁকালৰ বিষ৷ মোৰ গৰাকীৰো৷ পিছে মই বৰকৈ ডাক্তৰে দিয়া পিল খাবলৈ নিদো৷ তপত শিলেৰে সেক ল’বলৈহে কওঁ৷
সুৰজিৎ
- হ’ব তোমাৰ তপত শিলৰ সেকৰ কথা বাদ দিয়া৷ কিয় আহিলা কোৱা?
ধনীৰাম – ক’ম৷ কিন্তু কঁকালৰ বিষৰ কাৰণটো মানুহে জানিব লাগে৷ আপোনালোকেই কওকচোন কোন চাৰিঠেঙীয়া জীৱই থয়ৈ থিয়ৈ খোজকাঢ়ে, দৌৰে?
নিৰদা
– মানে?
ধনীৰাম
– খুড়ীদেউ! আমি মানুহবোৰে দুটা ভৰিক দুখন হাত বুলি কৈ ভালপাওঁ৷ কওঁ দুখন হাত দুটা ভৰি৷
(Direction) কিন্তু নহয়৷ আচলতে চাৰিটা ভৰি৷ আগৰ দুটা লাহী আৰু চুটি৷ সেয়ে আমি এনেদৰেহে
খোজকাঢ়িব লাগে৷ (Direction) এইটোহে স্বাভাৱিক৷ চাৰিটা ভৰিৰ ওপৰত ভেজা দি খোজ দিলে ক’ত
কঁকাল থাকিব, ক’ত বিষ থাকিব? (Music)
নিৰদা
– বুজিলোঁ, তুমি ভাল ৰস দিব পাৰাঁ৷ ৰসাল৷
ধনীৰাম
– নহয় খুড়ীদেউ৷ দেখাবোৰ একো শুদ্ধ নহয়৷ মই ৰসাল নহয়৷ আধাকেঁচা৷ কিয় কম নেকি?
নিৰদা
– নালাগে কিয় আহিছা, ইয়াৰ লগতে পাতাঁ৷
(নিৰদা
সোমাই যায়)
ধনীৰাম
– এ, খুড়ীদেৱে নুশুনিলে৷
সুৰজিৎ
- মোৰো শুনিবলৈ সময় নাই, কিয় আহিছা কোৱাঁ?
ধনীৰাম – ক’ম৷ কিন্তু কোৱাখিনিও মোৰ নহয়৷ দৈ টেকেলিৰ ওপৰৰ দৈখিনি চোবাব নোৱৰা বগা শিলৰ দৰেই লাগে৷ ফটফটীয়া, কথাটো জানো সঁচা৷
সুৰজিৎ
- তুমি আহিছা কিয়?
ধনীৰাম – ক’ম! কথা একেটাই৷ মোৰ নামটো ধনীৰাম, ইছে পকেটত ধন নহয়, হিচাপৰ খাটাহে থাকে৷ বেপাৰী! মোক বাইদেৱে মাতিছিল৷
সুৰজিৎ
- বাইদেউ? মানে …
ধনীৰাম
– মানে চাৰিটা ইংৰাজী দুটা অসমীয়া৷
সুৰজিৎ
- কি?
ধনীৰাম
– ৱাৰ্ড ফ’ৰ৷ হাউছ নাম্বাৰ টু জিৰ’ নাইন৷ বাইলেণ্ড ফাইব৷ ব্লেক কালাৰৰ গেট, শ্বট ধেলাইৰ
ঘৰ, ৰাইটত৷ আহিবি – এতিয়া কওক, এঘাৰটা ইংৰাজী, পাঁচটা অসমীয়া শব্দ কৈ মোক জানো মাতি
থৈ অহা নাছিল?
সুৰজিৎ
- ইমানবোৰ পকাব নালাগে, চিধা-চিধি কোৱাঁ৷
ধনীৰাম-
ঠিক৷ ময়ো চিধা-চিধি যোৱা আৰু কোৱা মানুহ৷ তেৰা-বেঁকা নাই৷ শব্দৰো হিচাপ কৰোঁ – এঘাৰ
ইংৰাজী, পাঁচ অসমীয়া৷ বেপাৰী যে৷ বাইদেউক মাতক৷
সুৰজিৎ
- (পলীক মাতে) পলী!
ধনীৰাম
– পলী নামৰ মহিলাসকল বা ছোৱালীবোৰ বৰ কোমল অন্তৰৰ হয়৷
সুৰজিৎ
- তুমি দেখোন সৰ্বজ্ঞানী
ধনীৰাম
– পলি মানে পলম! পলমবোৰ জানো শিল হ’ব পাৰে?
(পলী
ওলাই আহে)
পলী
– অ, তুমি আহিলা?
ধনীৰাম
– হয় ধনী, মানে ধনীৰাম দাস
পলী
– বস্তুবোৰ কেনেকৈ নিবা?
ধনীৰাম
– বস্তাত ভৰাই ল’ম৷ চাইকেলৰ যিখনহে কেৰিয়াৰ, ডেকাতে দুজন পেছেঞ্জাৰ কঢ়িয়াইছিলোঁ৷
পলী
– কিন্তু বস্তুবোৰ চাব লাগিব৷ দৰ-দামৰ কথাও আছে৷ তুমি Sunday Morning অহা হ’লে ভাল
আছিল৷
সুৰজিৎ
- কিহৰ দৰ-দাম?
ধনীৰাম
– সকলোৰে৷
সুৰজিৎ
- সকলো মানে?
পলী
– পুৰণা বস্তু৷
সুৰজিৎ
- তাৰমানে তুমি পুৰণা বস্তু বিক্ৰী কৰিব বিচাৰিছা?
ধনীৰাম
– পুৰণা লোহাৰ-লংকৰ নহয়৷ Second hand Market ৰ মালহে৷
সুৰজিৎ
= তাৰ মানে?
পলী
– আলমাৰী আৰু ট্ৰাংকত থকা পুৰণা কাপোৰবোৰ৷
সুৰজিৎ
- কি?
পলী
– পুৰণা কাপোৰবোৰে আলমাৰীটো অদৰকাৰী কৰি পেলাইছে৷ ট্ৰাংক দুটাত কিমান যে অদৰকাৰী বস্তু৷
কিছুদিনৰ পাছত সকলো নিগনিৰ আহাৰ হ’ব৷ Unnecessary.
সুৰজিৎ
- পুৰণা কাপোৰ বুলি তুমি কোনবোৰক ক’ব বিচাৰিছা?
ধনীৰাম
– পুৰণা, এবাৰ, দুবাৰ, দহবাৰ পিন্ধা৷ সঁচা কথা কওঁ, শুনিছোহে৷ সঁচা-মিছা নাজানো! কমল
হাছান. অমিতাভ বচ্ছনে এবাৰ পিন্ধা কাপোৰবোৰেই পুৰণা৷ ছিৰিয়েলৰ Actor বোৰে দুবাৰ পিন্ধাবোৰ
পুৰণা, সেইফালৰ পৰা আপোনালোকে দহ-বাৰবাৰ পিন্ধা কাপোৰবোৰক পুৰণা বুলি ধৰিব পাৰি৷
সুৰজিৎ
- তুমি মনে মনে থাকা৷ অদৰকাৰী কথা নক’বা৷ আমাৰ ঘৰত কোনো পুৰণা কাপোৰ নাই৷
ধনীৰাম
– সকলো নতুন
সুৰজিৎ
- অঁ, কিছুমান বস্তু সদায় নতুন৷ কিছুমান বস্তু কোনোদিন পুৰণা নহয়৷
পলী
– কিন্তু, মই এওঁক পুৰণা কাপোৰবোৰ লৈ যাবলৈ মাতিছোঁ৷
ধনীৰাম
– মাতিছিল৷ ঠিকনা দিছিল ৱাৰ্ড নাম্বাৰ ফ’ৰ, হাউছ নাম্বাৰ টু জিৰ’ নাইন …
সুৰজিৎ
- হ’ব তুমি এতিয়া ওলাই যোৱাঁ৷ এইটো ঠিকনাৰ এইটো ঘৰলৈ তোমাৰ অহাৰ কোনো দৰকাৰ নাই৷
ধনীৰাম
– হ’ব তেন্তে! কিন্তু খুড়ীদেউৰ কঁকালৰ বিষটোৰ খবৰ ল’বলৈ এবাৰ আহিম৷
সুৰজিৎ
- নালাগে৷ কাৰোবাৰ যদি মগজুত বিষ আৰু সেই বিষৰ বাবে কোনোবা যদি জড় হয়, তেতিয়া মাতিম৷
যোৱাঁ৷
ধনীৰাম
– হ’ব৷ আলমাৰীত নিগনিয়ে কুটা কাপোৰবোৰ নিবলৈ মাতিলেও আহিম৷ ঠিকনাটো জানিলোৱেই৷ আলোচনাটো
কৰি লওক৷ দিনটো ক’ব, মই আহি যাম৷
পলী
– Sunday মৰ্ণিঙত আহিবা৷
সুৰজিৎ
- নালাগে
ধনীৰাম
– হ’ব৷ আহিম আৰু নাহিম৷ কথা পাতক৷ পাল্লা যিটোৰেই ভাৰী হ’ব, সেইটোৱেই কৰিম৷ আহিম বা
নাহিম! (Music)
(ধনীৰাম
ওলাই যায়)
পলী
– তুমি তেওঁক তেনেকৈ পঠাই দিব নালাগিছিল৷
সুৰজিৎ
- কিয়?
পলী
– কিয় মানে? মই পুৰণা কাপোৰবোৰ তেওঁ বিক্ৰী কৰি আলমাৰিটো খালী কৰিব বিচাৰিছিলোঁ
সুৰজিৎ
- আলমাৰিটোৱে তোমাক কি দিগদাৰ দিছে?
পলী
– আলমাৰিটোৱে নহয়৷ তাত থকা কাপোৰবোৰে…
সুৰজিৎ
- সেইবোৰ কাৰ কাপোৰ তুমি জানা?
পলী
– জানো বাবেই কৈছোঁ৷ সেই বাবেই সেই কাপোৰখিনিয়ে মোক অশান্তি দিয়ে৷ এই কাপোৰবোৰতে শব্দ
শুনো, আৰু সেই শব্দবোৰতে মই চটফটাই থাকোঁ৷
সুৰজিৎ
- সেইখিনি কাপোৰ বিক্ৰি কৰিব লগা বা দলিয়াই পেলাই দিব লগা নহয়৷ সেই কাপোৰখিনিতে এটা
স্মৃতি আছে৷
পলী
– সেই স্মৃতিখিনিকে মই মোহাৰি পেলাব বিচাৰোঁ (Music)।
সুৰজিৎ
- পলী! (খঙত)
পলী
– মই আৰু জয়া নামৰ সেই মৃত মানুহজনীৰ অস্তিত্ব এই ঘৰখনত নিবিচাৰোঁ৷ She is dead.
সুৰজিৎ
- Death ends a life, but it does not end a relationship.
পলী
– কিন্তু এই পুৰণা সম্পৰ্কই এটা নতুন সম্পৰ্ক নষ্ট কৰিবলৈ বিচৰাটো মই মানি ল’ব নোৱাৰোঁ৷
সুৰজিৎ
- মই জয়াৰ মৰমৰ কাপোৰবোৰ, সম্পদবোৰ আঁতৰাই পেলাব নোৱাৰোঁ৷
পলী
– নোৱাৰিবাই৷ কাৰণ পুৰণা কাপোৰৰ লগতে পুৰণা চিন্তায়ো তোমাৰ মগজুটোক খুলি খুলি খাই আছে৷
সুৰজিৎ
- কি বকিছা? জয়া মোৰ ছোৱালী দেৱীৰ মাক৷ মোৰ প্ৰথম পত্নী৷
পলী
– তেন্তে মই কি ?
সুৰজিৎ
- তুমিও মোৰ পত্নী৷ সকলো জনাৰ পাছত তুমি এইবোৰ কি কথা সুধি আছা?
পলী
– নহয় ৷ মই তোমাৰ Room mate, Permanent Room mate.
সুৰজিৎ
- পলী!
পলী
– যিবোৰ স্মৃতিয়ে মোক মাথোঁ Room mate হিচাপে create কৰিব বিচাৰে, সেই সকলোবোৰ স্মৃতি
মই মচি পেলাবলৈ বিচাৰোঁ৷
সুৰজিৎ
- দেৱীকো??
পলী
– প্ৰয়োজন হ’লে … (Music)
(উচাট
মাৰি পলী সোমাই যায়)
সুৰজিৎ
- (খঙ আৰু ক্ষোভত) পলী!!
(দেৱীয়ে
স্কুলৰ বেগ লৈ য়ুনিফৰ্ম পিন্ধি ওলাই আহে৷ দেউতাক সুৰজিতৰ কাষত ৰোৱাৰ লগে লগে
Middle low zone ত দুয়োকে light-এ জিলিকাব)
দেৱী
– দেউতা ৷
সুৰজিৎ
- মই তোমাৰ ফুটফুটীয়া ফটা ফ্ৰকটো পেলাই দিম৷ তোমাৰ আইতাক আৰু সেই ফটা চোলা / ফ্ৰকটো
বাৰে বাৰে চিলাবলৈ দিব নোৱাৰোঁ৷ (Music) আলমাৰিটোত
থকা কাপোৰবোৰ এদিন তুমি পিন্ধিব লাগিব৷
দেৱী
– দেউতা (উচুপি কান্দে) (Music)
সুৰজিৎ
- জয়াৰ সপোনটো তুমিয়েই পূৰণ কৰিব লাগিব৷ ঘৰখনৰ সকলো দুৰ্গন্ধ তুমিয়েই নাইকিয়া কৰিব
লাগিব৷ তুমিয়েই জয়াই ৰুই থৈ যোৱা শেৱালিজোপা হ’ব লাগিব৷ শুভ্ৰ শেৱালি, ধুনীয়া, সুগন্ধি
… (Music)
(লাহে
লাহে light কমিব৷ দুয়ো freeze হ’ব)
***
(আগলৈ)
